Home Blog Page 185

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

হাঁহচৰা টাই একাডেমীৰ উদ্যোগত (Hahchara News) আৰু হাঁহচৰা কেন্দ্ৰীয় মে-ডাম -মে -ফি, আটাছু পূব হাঁহচৰা আঞ্চলিক সমিতি, মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাৰ সহযোগত ২১ জুলাইৰ পৰা ২৭ জুলাই ২০২৫ লৈ আয়োজন কৰা টাই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। ২৭ জুলাইত দিনটোত হাহঁচৰা টাই একাডেমীৰ সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে চাও অনুপ বৰপাত্ৰগোঁহাই, আদৰণি ভাষণ আগবঢ়াই টাই একাডেমীৰ অধ্যক্ষ চাও ভৰত চন্দ্ৰ চেতিয়াই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা শিশু সাহিত্যক বুলু চেতিয়া, সমাজকৰ্মী অনন্ত চেতিয়া, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন চেতিয়া, নবীন বৰপাত্ৰগোঁহাই, সমাজ সেৱিকা শিখা প্ৰিয়া গগৈ। এই মুকলি সভাত মুখ্য প্ৰশিক্ষক মানচাও সুশীল ফুকন সম্বৰ্ধনা জনাই।

হাঁহচৰা টাই একাডেমীৰ সাংস্কৃতিক সম্পাদক চাও মৃদুল পংকজ বৰগোহাঁই আঁতধৰা অনুষ্ঠানৰ উপস্থিত থাকে সাংবাদিক ধুব্ৰু গগৈ, সাংবাদিক জয়ন্ত চেতিয়া, সীমান্ত দত্ত, বিপুল বৰুৱা, ইন্দ্ৰ বৰুৱা, গৌতম কোঁছ, অৰুন গগৈ , সুৰভী বৰ পাত্ৰ গোহাঁই, সবিতা বৰুৱা আদি কৰি বহ সংখ্যাক অভিভাৱক অভিভাকা উপস্থিত থাকি সভাৰ সৌস্থৱ বৃদ্ধি কৰে।
ছাত্ৰ-ছাত্ৰী সকলে প্ৰশিক্ষণ লোৱা বাৰে ৰহনীয়া সাংস্কৃতিক গীত, নৃত্য পৰিৱেশন কৰি দিনটোৰ জীপাল কৰি তুলে।
সদৌ শেষত টাই একাডেমীৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত

Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত
Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত

উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ (Sansad Ratna Awards) বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে। সংসদ ৰত্ন বঁটাৰে সন্মানিতসকলৰ ভিতৰত আছে ভৰত্ৰুহৰী মাহতাব (বিজেপি, ওড়িশা), এন.কে.প্ৰেমাচন্দ্ৰন (বিপ্লৱী সমাজবাদী পাৰ্টি, কেৰালা), সুপ্ৰিয়া চুলে (এনচিপি-এছপি, মহাৰাষ্ট্ৰ), আৰু শ্ৰীৰাং আপ্পা বাৰ্ণ (শিৱসেনা, মহাৰাষ্ট্ৰ)কে ধৰি সোতৰজন সংসদ। তেওঁলোকৰ “সংসদীয় গণতন্ত্ৰলৈ অসাধাৰণ আৰু সামঞ্জস্যপূৰ্ণ অৱদান”ৰ বাবে এই বঁটা আগবঢ়াইছে এটা বেচৰকাৰী সংস্থাই । এই সন্মানত চাৰিটা বিশেষ জুৰী বঁটাও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে একেৰাহে তিনিটা কাৰ্যকালত সংসদীয় গণতন্ত্ৰলৈ তেওঁলোকৰ ধাৰাবাহিক অৱদানক স্বীকৃতি দিয়ে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে কয় যে স্বীকৃতি পোৱা আন সাংসদসকল হৈছে ৰবি কিষাণ (বিজেপি), নিশিকান্ত ডুবে (বিজেপি), অৰবিন্দ সাৱন্ত (শিৱ সেনা-ইউবিটি), স্মিতা উদয় ৱাঘ (বিজেপি), নৰেশ ম্হাস্কে (শিৱসেনা), বৰষা গাইকৱাদ (কংগ্ৰেছ), মেধা কুলকাৰ্ণী (বিজেপি), প্ৰবীণ পেটেল (বিজেপি), বিদ্যুৎ বৰাণ মাহাটো (বিজেপি), দীনেশ শৰ্মা (বিজেপি), দিলীপ শইকীয়া (বিজেপি), পি.পি. চৌধুৰী (বিজেপি), মদন ৰাথোৰ (বিজেপি), চি.এন. আন্নাদুৰাই (ডি এম কে)।সমিতি শাখাত ভৰত্ৰুহৰী মাহতাবৰ অধ্যক্ষতাত স্থায়ী বিত্ত সমিতি আৰু ড০ চৰণজিৎ সিং চান্নী (কংগ্ৰেছ)ৰ অধ্যক্ষতাত কৃষি সম্পৰ্কীয় স্থায়ী সমিতিক তেওঁলোকৰ প্ৰতিবেদনৰ মানৰ বাবে স্বীকৃতি দিয়া হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰাইম পইণ্ট ফাউণ্ডেচনে আয়োজন কৰা সংসদ ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি এনে বঁটাই সাংসদসকল আৰু অধিক সক্ৰিয়তাৰে কাম কৰাত অনুপ্ৰাণিত কৰিব বুলি কয়।

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ৰ শিৰোনাম দখল কৰিব ছানী লিয়নে
Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ৰ শিৰোনাম দখল কৰিব ছানী লিয়নে

নৱেম্বৰ মাহত অৰুণাচল (Siang Festival 2025) প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত অনুষ্ঠিত হ’বলগীয়া ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে।

২৯ নৱেম্বৰত ছানী লিয়নে এই উৎসৱত অংশগ্ৰহণ কৰি উত্তৰ-পূব ভাৰতৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান উদযাপনত ৰাষ্ট্ৰীয় চৰ্চা কৰিব।(Sunny Leone)

ছানী লিয়নে কয়, ‘মই ২৯ নৱেম্বৰত পাছিঘাটত লাইভ প্ৰদৰ্শনৰ বাবে যাম। আপোনালোক সকলোকে মোৰ সৈতে নৃত্য আৰু উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো।

নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ছিয়াং উৎসৱত অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়, পৰম্পৰাগত প্ৰদৰ্শন, স্থানীয় আতিথ্য আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰদৰ্শন কৰা হয়।

প্ৰতি বছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ছিয়াং উৎসৱত অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়।

এইবাৰ ছানী লিয়নৰ অংশগ্ৰহণে উৎসৱটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?
Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

বলীউডৰ প্ৰবীণ (Anupam Kher) অভিনেতা অনুপম খেৰে ইচ্ছা কৰিলে বহু ঘৰ কিনিব পাৰে। কিন্তু, তেওঁ থাকে ভাড়াঘৰত। কিয় ঘৰ কিনা নাই অভিনেতাগৰাকীয়ে আজি এই বিষয়ে জনাম আপোনালোকক।

বলীউডৰ অভিনেতা অনুপম খেৰৰ ছবি ‘তনভি দ্য গ্ৰেট’ৰ বাবে বৰ্তমান বাতৰিৰ শিৰোনামত আছে। প্ৰায়লোকে ছবিখনৰ প্ৰশংসা কৰিছে যদিও ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰিব পৰা নাই। এই ছবিখনৰ পৰিচালক অনুপম খেৰ নিজেই।

এটা প’ডকাষ্টৰ সময়ত অনুপম খেৰে কয় যে তেওঁ এতিয়াও ভাড়াঘৰত থাকে। অভিনেতাগৰাকীয়ে কৈছিল যে তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালত কোনো ধৰণৰ বিবাদৰ পৰা হাত সাৰিবলৈ তেওঁ ভাড়াঘৰত থাকে।

অনুপম খেৰে কয়, ‘তেওঁ নোহোৱাৰ পিছত তেওঁৰ পৰিয়ালে কোনো বিসংগতি নোহোৱাকৈ জীৱন যাপন কৰাটো বিচাৰে। অৱশ্যে তেওঁ সম্পত্তি এৰিলে পৰিয়ালটোৱে বিতৰ্ক কৰিব। তেওঁ ক’লে, ‘যেতিয়া কোনো ব্যক্তি গুচি যায় বা মৃত্যু হয়, তেতিয়া তেওঁৰ সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা থাকে। টকা বিতৰণৰ ক্ষেত্ৰত বিবাদ কম। বৃদ্ধ মানুহক দেখিছো আৰু কথা পাতিছো। তেওঁলোকৰ কাহিনীবোৰ বৰ বেদনাদায়ক। কাৰোবাক পুতেকে ঘৰৰ পৰা বাহিৰলৈ ওলিয়াই দিয়ে; কোনোবাই তেওঁৰ সম্পত্তিৰ ওপৰত চহী কৰিবলৈ বাধ্য কৰা হৈছে। মোৰ ঘৰত এনেবোৰ নহয়।’

অভিনেতাগৰাকীৰ নেট ৱৰ্থ কোটি টকা। খবৰ অনুসৰি তেওঁ এখন ছবিৰ বাবে ৩ৰ পৰা ৪ কোটি টকা লয় আৰু তেওঁৰ মুঠ সম্পত্তি প্ৰায় ৪০৫ কোটি টকা বুলি খবৰ পোৱা গৈছে। তেওঁ বছৰি প্ৰায় ৩০ৰ পৰা ৪০ কোটি টকা উপাৰ্জন কৰে।

Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি?

Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি?
Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি?

ৰুটি আৰু ভাত একেলগে খোৱাটো স্বাস্থ্যৰ (Roti and Rice) বাবে ক্ষতিকাৰক হ’ব পাৰে। ভাত আৰু ৰুটি পুষ্টিকৰ বুলি কোৱা হয়। কিন্তু ভাত আৰু ৰুটি একেলগে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে আটা আৰু চাউল দুয়োবিধতে প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। যদি ভাত আৰু ৰুটি একেলগে খোৱা হয়, তেন্তে পাচনতন্ত্ৰই হজম কৰিবলৈ বহুত কষ্ট কৰিব লগা হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত বদহজম, গেছ, এচিডিটি আৰু উচ্চ ৰক্তশৰ্কৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ৰাতিৰ আহাৰত যদি ভাত আৰু ৰুটি একেলগে খায় তেন্তে ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ টোপনিৰ সমস্যা, ৰাতিপুৱা পেট গধুৰ অনুভৱ হ’ব পাৰে।

ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক-
বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ৰুটি-ভাত একেলগে খোৱাটো অধিক বিপদজনক। ৰুটি আৰু ভাত দুয়োটাৰে গ্লাইচেমিক ইনডেক্স বেছি, দুয়োটা একেলগে খালে ব্লাড চুগাৰৰ মাত্ৰা হঠাতে দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে আপুনি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিলে দুয়োটা একেলগে নাখাব।

ভাত খালে কি হয়?
প্ৰতিটো পুষ্টিকৰ খাদ্যই শৰীৰৰ উপকাৰ কৰে। কিন্তু বহু সময়ত এনেকুৱাও হয় যে আপুনি দৈনিক যি খায় সেয়া পুষ্টিকৰ বুলি ভাবি, সেই খাদ্যই আপোনাক অসুস্থ কৰি তুলিব পাৰে। ভাতৰ ক্ষেত্ৰতো একে। ভাতে শৰীৰক তৎক্ষণাত শক্তি প্ৰদানৰ কাম কৰে, ভাত সোনকালে হজম নহয়। কিন্তু বেছিকৈ ভাত খালে ওজন বৃদ্ধি, ব্লাড চুগাৰৰ সমস্যা হ’ব পাৰে।

ৰুটি খালে কি হয়?

আনহাতে যদি আপুনি কেৱল ৰুটি খায়, তেন্তে ভাততকৈ ভাল ৰুটি। ৰুটিত আঁহ থাকে, ৰুটি খোৱাৰ পিছত আপোনাৰ বহু সময়লৈকে পেট ভৰি থকা অনুভৱ কৰে। ৰুটিত প্ৰটিন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম থাকে, যিয়ে আপোনাৰ পাচনতন্ত্ৰ উন্নত কৰে। ইয়াৰ ফলত শৰীৰত শক্তি পোৱা যায়। আনহাতে ৰুটিয়ে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

এতিয়া আপুনি হয়টো ভাবিছে যে যদি ৰুটি আৰু ভাত একেলগে নাখায়, তেন্তে কি খাব? বিশেষজ্ঞসকলৰ মতে, সুস্বাস্থ্যৰ বাবে মানুহে দিনটোত এবাৰ ভাত আৰু দিনটোত এবাৰ ৰুটি খাব লাগে।

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !
American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে।(American Airlines)

এইবাৰ ঘটনাৰ স্থান হৈছে আমেৰিকা।

এইবাৰ আমেৰিকাৰ এয়াৰলাইঞ্চৰ বিমানত জুই লাগে।

উৰণৰ সময়তে বিমানখনৰ লেণ্ডিং গিয়াৰত জুই লাগে।

ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত হয় এই ঘটনা।

লগে লগে ৰাণৱেত ৰখাই দিয়া হয় বিমানখনৰ উৰণ।

ক্ৰু মেম্বাৰসহ সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰিল ১৭৯গৰাকী যাত্ৰীৰ।

ডেনভা পৰা মিয়ামি অভিমুখী আছিল বয়িং 737 বিমানখন।

লেণ্ডিং গিয়েৰৰ বিজুতি ঘটি জ্বলি উঠিল যাত্ৰীবাহী বিমানখন।

Biswanath News: অসম সাহিত্য সেৱা মঞ্চৰ দ্বিতীয় দ্বি-বাষিক অধিৱেশন সম্পন্নঃ বিশ্বনাথত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা

Biswanath News: বিশ্বনাথত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা
Biswanath News: বিশ্বনাথত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা

অসম সাহিত্য সেৱা মঞ্চৰ দ্বিতীয় (Biswanath News) দ্বি-বাৰ্ষিক অধিৱেশনখনিত ৭৬সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অসমৰ জনপ্ৰিয় লেখক তথা ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। অসম সাহিত্য সেৱা মঞ্চৰ উদ্যোগত আৰু চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিশ্বনাথৰ বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি জীতেন ভাগৱতী, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ চিন্তামণি শৰ্মা, ড’ দিলীপ বৰা, ড’ চাৰু চহৰীয়া, ড’ প্ৰীতি বৰা শৰ্মা, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা , বসন্ত বৰা, ৰতন ভূঞা, পুলক হাজৰিকা, আমিৰ খান জগতাৰ সিং, বিনিত ঝাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু সংবাদ সেৱী উপস্থিত থাকে।

অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ড:কিশোৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মোৰ আবেগেই মোৰ কবিতা নামৰ কাব্য গ্ৰন্থ খনৰ লগতে প্ৰেম বৈষ্ণৱৰ বিৰাল তপ্স্বি উন্মোচন কৰে ৰঞ্জু হাজৰিকাই। উপন্যাসিক নিজৰা গগৈৰ উপন্যাস জীৱন নদীৰ সাকৈনয়া উন্মোচন কৰে ড: কিশোৰ হাজৰিকাই। দৃষ্টি আলোচনী খন উন্মোচন কৰে ৰঞ্জু হাজৰিকাই। মৃদুলা বৰুৱাৰ কবিতা পুথি অনুভৱৰ বাৱ ছিটা উন্মোচন কৰে ডঃ চাৰু চহৰীয়াই। কংকনা মহন্তৰ অনুভৱৰ দলিচাত উন্মোচন কৰে ড’ প্ৰীতি বৰা শৰ্মাই।কবিতা পুথি এই সভাতেই ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাক অদ্বিতীয় ৰহস্য সম্ৰাট উপাধিৰে বিভূষিত কৰা হয়। ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক প্ৰেম বৈষ্ণবে। অনুষ্ঠানৰ আঁত ধৰে দীপিকা ফুকনে।অনুষ্ঠানত ড: মৰমী বৰঠাকুৰ মুখ্য প্ৰশাসক পূজা প্ৰেম বৈষ্ণৱ আদিয়ে বক্তব্য আগবঢ়ায়।

শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰালৈ । Sivasagar

শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা ল'লে প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাই । Sivasagar
শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা ল'লে প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাই । Sivasagar

২৬জুলাইঃ Sivasagar । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পঞ্চবিংশ তম কেন্দ্রীয় প্রতিষ্ঠা দিৱস | অনুষ্ঠানৰ আৰম্ভনিতে চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় | অসমৰ সাম্প্রতিক প্রেক্ষাপট জাতীয়তাবাদৰ অনুকূলে নহয় | ৰাজনৈতিক কাৰকৰ লগতে ৰাজনীতিয়ে সৃষ্টি কৰা সামাজিক অসহিষ্ণুতাই আমাৰ পুৰাতন ঐক্যত ভাঙোনমুখী চিন্তাৰ উন্মেষ ঘটাইছে |

আমি যেন পাহৰি গৈছোঁ, আমি অসমীয়া সত্তাটোৰে পাৰস্পৰিক সংপৃক্ত | যোৱা শুক্ৰবাৰ আৰু শনিবাৰে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱসত সংবাদজ্যোতি বঁটা গ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে প্ৰাগ নিউজৰ উজনি অসম ব্যুৰ’ চীফ তথা ৰাজ্যখনৰে এগৰাকী বিশিষ্ট সাংবাদিক উৎপল বৰাই | ভাষণত জাতীয়তাবাদৰ এগৰাকী কণ্ঠ হিচাপে পৰিচিত সাংবাদিক গৰাকীয়ে লগতে উল্লেখ কৰে যে সাম্প্রতিক জটিল সন্ধিক্ষণৰ মাজেৰে গতি কৰা অসমীয়া জাতিয়ে স্ব-সত্তাটোৰে উজ্জীৱিত হ’বলৈ সাংবাদিক আৰু সংবাদ-মাধ্যমে একেটা সুঁতিৰে আগবাঢ়িব লাগিব | সহযাত্রী হৈ জাতীয়তাবাদৰ শক্তিশালী পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগিব | কিন্তু শ্রুতিকটু আৰু দৃষ্টিকটু ভাৱে আমি যেন ক’ৰবাত আঁত হেৰুৱাই পেলাইছোঁ | জাতীয় সত্তাটোৰ পৰিৱৰ্তে আমি যেন ক’ৰবাত আৰু কোনোবাখিনিত শাসকযন্ত্ৰটোৰ প্ৰত্যক্ষ অথবা পৰোক্ষ স্তাৱকলৈ পৰিণত হৈছোঁ |

আমি পাহৰি পেলাইছোঁ আমি মাটি আৰু জাতিৰ প্ৰতিহে দায়বদ্ধ হোৱাটো উচিত | চৰকাৰ আহিব আৰু যাব | কিন্তু জাতি আছিল আৰু অনাদি অনন্তকাললৈ থাকিব লাগিব বুলি মন্তব্য কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে লগতে কয় যে এনেদৰে থাকিলে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে আমি বৰলুইতৰ দুয়োপাৰে আশা নকৰা বহু পৰিৱৰ্তন দেখিম | আমাক আহত আৰু আশাহত কৰা বহু দুখজনক পৰিৱৰ্তনৰ আমি সাক্ষী হ’ম, যিটো জাতিৰ বাবে হ’ব অত্যন্ত দুর্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় | শিৱসাগৰৰ যুৱদলত ৰাজেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত স্মৃতিগ্রন্থ ‘মুক্তি জননী’ উন্মোচন কৰে ‘দৈনিক জনমভূমি’ কাকতৰ উপ-সম্পাদক মনজিৎ কাশ্যপে | স্মৃতিগ্রন্থ উন্মোচন কৰি তেওঁ কয় যে এটা অনুষ্ঠানৰ বাবে এখন স্মৃতিগ্রন্থ দলিলস্বৰূপ, য’ত অনুষ্ঠান এটাৰ ইতিহাস চিৰদিন লিপিবদ্ধ হৈ থাকে | গতিকে স্মৃতিগ্রন্থ প্ৰকাশ কৰাটো অতি জৰুৰী | আনহাতে অনুষ্ঠানৰ আঁত ধৰে স্মৃতিগ্ৰন্থৰ সম্পাদক নাজিম আহমেদে | মুকলি সভাতে বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনায় | বন্তি প্রজ্বলন কৰে শিক্ষাবিদ, সমাজকর্মী ত্রিশূল শইকীয়াই |

উচ্ছেদক লৈ আছুৰ স্পষ্ট স্থিতি – ‘বৈধ নাগৰিকক নিজ জিলা বাদে সংস্থাপন অনুচিত’ । AASU CLARIFICATION ON EVICTION

উচ্ছেদক লৈ আছুৰ স্পষ্ট স্থিতি – ‘বৈধ নাগৰিকক নিজ জিলা বাদে সংস্থাপন অনুচিত’ । AASU CLARIFICATION ON EVICTION
উচ্ছেদক লৈ আছুৰ স্পষ্ট স্থিতি – ‘বৈধ নাগৰিকক নিজ জিলা বাদে সংস্থাপন অনুচিত’ । AASU CLARIFICATION ON EVICTION

কলিয়াবৰ, ২৬ জুলাই:AASU CLARIFICATION ON EVICTION । ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই (আছু) নিজৰ স্পষ্ট মত প্ৰকাশ কৰিছে। বিশেষকৈ উৰিয়ামঘাটৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজত আছুৰ সভাপতি উৎপল শৰ্মাই আজিৰে দিনা কলিয়াবৰত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

উৎপল শৰ্মাই কয়, “উৰিয়ামঘাট বুলিয়ে নহয়, অসমৰ সৰ্বত্ৰে সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশীৰ বেদখল চলিছে। উচ্ছেদ হ’বই লাগিব। উৰিয়ামঘাটত উচ্ছেদৰ যোজনা চলাৰ লগে লগে বহু লোক নগাঁৱত সোমাইছে—তেওঁলোকে ক’ৰ পৰা আহিল? যদি তেওঁলোক নগাঁৱৰ, ধিঙ, ৰূপহীৰ, লাহৰিঘাটৰ, তেন্তে তেওঁলোকৰ ঘৰ আছে। যদি ঘৰ আছে, তেন্তে বেলেগ জিলাত ভূমি দখল কিয়?”

তেওঁ সঘনকৈ উল্লেখ কৰে যে, যিসকল ব্যক্তিৰ নিজৰ জিলা বা অঞ্চলত ভূমি আছে, তেওঁলোকে অন্য জিলা বা অঞ্চলত ভূমি দখল কৰি নতুন ভাৰ সৃষ্টি কৰা উচিত নহয়। আছুৰ মতে, “অসম চুক্তিৰ ১০ নং দফাত চৰকাৰী ভূমিৰ অবৈধ দখল উচ্ছেদৰ কথা আছে। সেই অনুসাৰে এই প্ৰক্ৰিয়া চলি থাকিবই লাগিব।”

আছুৰ দাবী অনুসৰি, বৈধ ভাৰতীয় নাগৰিক যিসকল ভূমিহীন, তেওঁলোকক চৰকাৰী নীতি অনুসৰি পুনঃসংস্থাপন দিয়াৰ পক্ষপাতী সংগঠনটি। কিন্তু, উৎপল শৰ্মাৰ ভাষাত, “এক জিলা হেৰুৱাই আন এখন জিলাত পুনৰ সংস্থাপন কৰিলে জনগাঁথনি পৰিৱৰ্তনৰ সম্ভাৱনা থাকে। সেয়ে যিখন জিলাত ভূমি হেৰুৱাইছে, সেইখন জিলাতে সংস্থাপন দিয়াটো উচিত।”

আছুৰ সভাপতিগৰাকীয়ে এনেদৰে স্পষ্টকৈ কয় যে, যিসকল লোকৰ অন্য জিলা বা অঞ্চলত ভূমি আছে, তেওঁলোকক উচ্ছেদ কৰি তাৰ পৰা আঁতৰাই পঠিয়াব লাগিব আৰু তেওঁলোকক পুনৰ ভূমি দিয়াৰ কোনো প্ৰয়োজন নাই।

উল্লেখযোগ্য যে, কলিয়াবৰত পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত এছপিএম আইএএছ একাডেমি আৰু কলিয়াবৰ মহাবিদ‍্যালয়ৰ জীৱিকা অন্বেষণ পৰামৰ্শ আৰু সংস্থাপন কোষৰ সহযোগত ইউপিএছচি, এপিএছচি আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়। শুকুৰবাৰৰ দিনা অনুষ্ঠিত হোৱা এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

উৎপল শৰ্মাই কলিয়াবৰ ছাত্ৰ সন্থাৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনাই যুৱ প্ৰজন্মক লক্ষ্য স্থিৰ কৰি আগবাঢ়াৰ আহ্বান জনায়।

নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি । Workshop on Sattriya Dance

নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি । Workshop on Sattriya Dance
নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি । Workshop on Sattriya Dance

Workshop on Sattriya Dance । নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত পাঁচ দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ গম্ভীৰ আৰু উৎসাহপূৰ্ণ সামৰণি পৰে। অসম সত্ৰ মহাসভাৰ স্বীকৃতিপ্ৰাপ্ত নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু সন্মিলিত তিনিআলি সংঘৰ যৌথ উদ্যোগত যোৱা ২২ জুলাইৰ পৰা আৰম্ভ হৈছিল উক্ত কৰ্মশালাখন।

সামৰণি অনুষ্ঠানটো প্ৰবীন নাট্যকৰ্মী ৰজনী কুমাৰ চৌধুৰীয়ে এগছি বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে। অনুষ্ঠানত সভাপতি ৰূপে উপস্থিত থাকে বিপিন চন্দ্ৰ দাস আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে সম্পাদক অনিল চন্দ্ৰ মালী, বৃন্দাৱতী দাস হাইস্কুলৰ প্ৰধান শিক্ষক পবিত্ৰ কুমাৰ দাস, সাংবাদিক মিলন মহন্ত আদি লগতে বহু গণ্যমান্য ব্যক্তি।

কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থীসকলে মাটি আখৰা প্ৰদৰ্শন কৰাৰ লগতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুত্বপূৰ্ণ তত্ত্বসমূহও প্ৰকাশ কৰে। মাত্ৰ চাৰিদিনৰ প্ৰশিক্ষণৰ অন্তত তেওঁলোকৰ পৰিপক্ক আৰু শৃংখলিত প্ৰদৰ্শনে উপস্থিত সকলক মুগ্ধ কৰে।

উপস্থিত সকলোৰে অভিমত অনুসৰি, এই সফলতা কেৱল প্ৰশিক্ষক পংকজ বৰুৱাৰ যাদুকৰী শিক্ষণ পদ্ধতিৰ বাবেই সম্ভৱ হৈছে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়, লগতে বিশিষ্ট অতিথিসকলকো সম্বৰ্ধনা জনোৱা হয়।

গুৰু পংকজ বৰুৱাকো ফুলাম গামোচা, জাপি আৰু শাৰাইৰে বিপুলভাৱে আদৰণি জনোৱা হয়। অনুষ্ঠানটো সুচাৰুভাৱে পৰিচালনা কৰে সাংস্কৃতিক কৰ্মী ৰাতুল হক চৌধুৰীয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় সম্পাদক অনিল চন্দ্ৰ মালীয়ে।

এই ধৰণৰ কৰ্মশালাই পৰম্পৰাগত নৃত্যধাৰাৰ সংৰক্ষণ আৰু নবীন প্ৰজন্মলৈ প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উপস্থিত সকলোৰে মত।