অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবছৰো গোগামুখত দিবা-নৈশ প্ৰাইজমাণি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ ৰে’লৱে কলনি খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাৰ কালি মাজনিশা ফাইনেল খেলখনৰ অনুষ্ঠিত হয় ৷ ফাইনেলত গোগামুখ কংকন একাদশে গোগামুখ ডি জে পৱন একাদশক ৭ ৰাণৰ ব্যৱধানত পৰাজিত কৰে ৷
প্ৰতিযোগিতাখনৰ মেন অৱ দ্যা টুৰ্ণামেন্টৰ সন্মান লাভ কৰে কংকন একাদশৰ অংকুৰ সিঙে ৷ মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে ৰাণাৰ আপ দল ডি জে পৱনৰ সমৰ আলিয়ে ৷ উল্লেখনীয় যে যুৱ ব্যৱসায়ী কংকন সেনৰ পৃষ্ঠপোষকতাত কংকন একাদশ ক্ৰিকেট দল গঠন হৈছে ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে ৷ প্ৰতিযোগিতাখন সফল সামৰণি পৰাত সকলো খেলুৱৈ আৰু দৰ্শক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে যুুুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ সভাপতি বলোৰাম টাইদ আৰু সম্পাদক পাপুল দাসে ৷
জ্যোতিষত শনিৰ শুভ প্ৰভাৱ শান্ত কৰিবলৈ বহুতো ব্যৱস্থা কোৱা হৈছে। শনিক ন্যায়প্ৰেমী দেৱতা বুলি কোৱা হয়, এনেদৰে সত্যৰ পথ অনুসৰণ কৰা মানুহে শনিৰ বিশেষ আশীৰ্বাদ পায়। যদি কোনো ব্যক্তি শনিৰ ছাঁত থাকে, তেন্তে তেওঁলোকে নিজৰ জীৱনশৈলী সলনি কৰি তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে।
বিশ্বৰ প্ৰভাৱশালী মুছলমান ব্যক্তিত্বৰ তালিকাত ১৫ নম্বৰ স্থান লাভ কৰিছে মাহমুদ মাদানীয়ে। মাদানীয়ে ১৯৬৪ চনৰ ৩ মাৰ্চত উত্তৰ প্ৰদেশৰ দেওবন্দত ইছলামিক পণ্ডিত আৰু ৰাজনীতিবিদ আছাদ মাদানী নামেৰে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দাদা হুছেইন আহমেদ এজন স্বাধীনতা সংগ্ৰামী আৰু দাৰুল উলুমৰ মুৰব্বী আছিল। মাদানীয়ে দাৰুল উলুম দেওবন্দ ইছলামিক মাদ্ৰাছাত অধ্যয়ন কৰিছিল। ১৯৯২ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ব্যৱসায়িক ক্ষেত্ৰখনত আগবাঢ়ি যায় যদিও কিছু সময়ৰ পিছত তেওঁ সমাজসেৱা আৰু ৰাজনীতিৰ পথত খোজ দিবলৈ আৰম্ভ কৰে।
দীৰ্ঘদিন ধৰি সামাজিক কামৰ লগত জড়িত মৌলানা মেহমুদ মাদানীয়ে ২০০১ চনত গুজৰাটত হোৱা ভূমিকম্পৰ পিছত সাহায্য কামৰ বাবে যথেষ্ট স্বীকৃতি লাভ কৰিছিল। ইয়াত তেওঁ সাহায্য আৰু পুনৰ্বাসনৰ কাম কৰিছিল, যাৰ ফলত তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। ২০০২ চনত জাতি-ধৰ্মীয় হিংসাৰ পিছত জমিয়ত উলেমা-ই-হিন্দে মৌলানা মাহমুদ মাদানীৰ নেতৃত্বত সাহায্য কামৰ অভিযান আৰম্ভ কৰে। এই সাহায্য কামে তেওঁৰ উচ্চতা আৰু অধিক বৃদ্ধি কৰিছিল। ২০০১ চনৰ পৰা ২০০৮ চনলৈ জমিয়ত উলেমা-ই-হিন্দৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।