Home Blog Page 186

Dr. L. Murugan: ছবিঘৰত গোপনে কৰিব নোৱাৰিব ছবিৰ ৰেকৰ্ডিং

Dr. L. Murugan: ছবিঘৰত গোপনে কৰিব নোৱাৰিব ছবিৰ ৰেকৰ্ডিং
Dr. L. Murugan: ছবিঘৰত গোপনে কৰিব নোৱাৰিব ছবিৰ ৰেকৰ্ডিং

সৃষ্টিশীল খণ্ডত ডিজিটেল (Dr. L. Murugan) পাইৰেচিৰ বিৰূপ প্ৰভাৱৰ বিষয়টোক লৈ চৰকাৰ অধিক সচেতন হৈছে৷ এই গুৰুতৰ বিষয়টোৰ সমাধানৰ বাবে তলত দিয়া সংস্কাৰসমূহ ৰূপায়ণ কৰা হৈছে৷ ২০২৩ চনত চৰকাৰে চিনেমাট’গ্ৰাফ এক্ট, ১৯৫২ সংশোধন কৰি ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা অন্তৰ্ভুক্ত কৰে৷ সংশোধনীসমূহৰ ভিতৰত আছে নূ্যনতম ৩ মাহৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা, ৩ বছৰৰ কাৰাদণ্ড আৰু অডিট কৰা মুঠ উৎপাদন ব্যয়ৰ প্তণ পৰ্যন্ত জৰিমনা বিহিব পাৰি৷

চিনেমাট’গ্ৰাফ আইনৰ ৬এএ আৰু ৬এবি ধাৰাত অকতৃৰ্ত্বশীলভাৱে ছবিৰ ৰেকৰ্ডিং আৰু প্ৰচাৰ নিষিদ্ধ কৰা হৈছে৷ চিনেমাট’গ্ৰাফ আইনখনৰ নতুনকৈ সংযোজন কৰা ধাৰা ৭ [১বি][ii] অনুসৰি চৰকাৰক পাইৰেটেড কণ্টেণ্ট সন্দৰ্ভত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় তথা কেন্দ্ৰীয় চলচ্ছিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডক কপিৰাইট থকা বা অনুমোদিত ব্যক্তিৰ পৰা অভিযোগ গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে, লগতে এনে বিষয়ৰে জড়িত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ পাইৰেচিবিৰোধী কৌশল শক্তিশালী কৰাৰ লগতে সমন্বিত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন আন্তঃ মন্ত্ৰণালয় সমিতি গঠন কৰা হৈছে৷

বিশ্ব অডিঅ’ ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট ২০২৫১ সময়ত ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে যুঁজিবলৈ কাৰিকৰী সমাধান বিকশিত কৰাৰ বাবে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ ডিজিটেল পাইৰেচিৰ ভাবুকি ৰোধ কৰিবলৈ আৰু ভাৰতৰ মনোৰঞ্জন পৰিৱেশতন্ত্ৰৰ অখণ্ডতা ৰক্ষাৰ বাবে চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে জড়িত হৈ কাম কৰি আছে৷ এই তথ্য তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড॰ এল মুৰুগানে ৰাজ্যসভাত দাখিল কৰে৷

পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ ACE Instituteৰ

পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ ACE Instituteৰ
পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ ACE Instituteৰ

পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক (ACE Institute) পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে বিভাগীয় প্রাক্তন বিষয়াৰ দ্বাৰা প্ৰশিক্ষণৰ কাৰ্যসূচী।

পশুপালন বিভাগৰ ক্ষেত্ৰ-সহায়কৰ পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে এইচ ইন্সটিটিউটে এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰিছে। গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হ’বলগীয়া এই সাতদিনীয়া প্ৰশিক্ষণৰ আসনৰ সংখ্যা সীমিত।

শিক্ষাগত অর্হতা হ’ব লাগিব ন্যূনতম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীর্ণ হ’ব লাগিব। বয়স ১৮ৰ পৰা ৩০ বছৰ হ’ব লাগিব। দূৰণিৰ প্ৰাৰ্থীসকলৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হৈছে ০৩-০৮-২০২৫। আনহাতে আসন সংৰক্ষণৰ বাবে আজিয়ে যোগাযোগ কৰক – 99547-11442, 88221-92050, 87618-97127 নম্বৰত।

Assam Weather: ৰাজ্যত প্ৰখৰ ৰ’দ-বিৰাট গৰম, ঠায়ে ঠায়ে বৰষুণ-ধুমুহাৰ তাণ্ডৱ

Assam Weather: ৰাজ্যত প্ৰখৰ ৰ’দ-বিৰাট গৰম
Assam Weather: ৰাজ্যত প্ৰখৰ ৰ’দ-বিৰাট গৰম

বিহালী সমষ্টিৰ অন্তৰ্গত (Assam Weather) ৰাংছালী সোণাৰিস্থিত শংকৰদেৱ শিশু নিকেতনৰ বিস্তৰ ক্ষতি সাধন৷ উল্লেখ্য, এজাক ধুমুহাত বিহালীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাংছালী জনতাত বিদু্যতৰ তাঁৰ ছিঙি লণ্ড-ভণ্ড, জামুৱনী প্ৰাথমিক বিদ্যালয়ত প্ৰকাণ্ড গছ পৰি বৃহৎ ক্ষতি সাধন কৰে৷ আনহাতে, শংকৰদেৱ শিশু নিকেতনখনৰ গৃহত গছ পৰি ক্ষতি সাধন হয়৷ উল্লেখ্য যে বিদ্যালয়ৰ চাৰিওফালে থকা বৃহৎ গছবোৰৰ ডালসমূহ কাটিবলৈ বিগত সময়ত বন বিভাগৰ পৰা অনুমতি বিচৰা হৈছিল, কিন্তু বন বিভাগে অনুমতি প্ৰদান নকৰিলে৷এই ঘটনা সংঘটিত হোৱাত বিদ্যালয়ৰ কতৃৰ্পক্ষই ক্ষোভ প্ৰকাশ কৰিছে যে এই ধুমুহাজাক দিনৰ ভাগত বিদ্যালয়ত পাঠদানৰ সময়ত অহা হ’লে বিপদ অনিবাৰ্য, গতিকে বিদ্যালয়ৰ কতৃৰ্পক্ষ কাতৰ প্ৰাৰ্থনা যাতে বন বিভাগে এই গছৰ ডালসমূহ কাটিবলৈ অনুমতি প্ৰদান কৰি এই কণ কণ শিশুসকলক সুৰক্ষা প্ৰদান কৰে৷ এইদৰে মন্তব্য প্ৰকাশ কৰিছে বিদ্যালয় কতৃৰ্পক্ষই৷


ধুমুহাত বিস্তৰ ক্ষতি নাগ্ৰীজুলি চাহ বাগিচাত। তামুলপুৰ জিলাৰ নাগ্ৰীজুলি অঞ্চলত যোৱানিশা অহা প্ৰলয়ংকৰী ধুমুহাই নাগ্ৰীজুলি চাহ বাগিচাৰ বিভিন্ন প্ৰান্তত প্ৰভূত ক্ষতিসাধন কৰে৷ স্থানীয় সূত্ৰৰ খবৰ মতে প্ৰলয়ংকৰী ধুমুহাই শ্ৰমিকৰ পকা, কেঁচা ঘৰ, ষ্টাফ কোৱাৰ্টাৰ, ফেঞ্চিং, সৌৰ ফেঞ্চিং, ইলেক্টিªকেল লাইন আদিৰ বিস্তৰ ক্ষতিসাধন কৰে৷
ৰহাত ধুমুহাত ভাগিল গছ ৰাষ্ট্ৰীয় পথ বন্ধ, কেইবা ঘণ্টা বন্ধ যাতায়াত।

ৰহাৰ জোঙাল বলহু গড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যোৱানিশা ভাগি পৰিল পথৰ কাষত থকা এডাল প্ৰকাণ্ড ইউক্লিপটাছ গছ৷ নিশা প্ৰায় দুই বজাত অহা এজাক সামান্য বতাহ-বৰষুণৰ ফলতেই জোঙাল বলহু গড় মীন পামত থকা গছজোপা এনেদৰে চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভাগি পৰে৷ ফলত নিশাৰে পৰা পথৰ ওপৰত আবদ্ধ হৈ পৰে বহু যান-বাহন আৰু সৃষ্টি হয় তীব্ৰ যানজঁটৰ৷ পুৱালৈ ৰাষ্ট্ৰীয় ঘাই পথটো ৱান ৱে কৰি যান-বাহন চলাচল অব্যাহত ৰখা হয়৷ ইপিনে স্থানীয় লোকে আৰক্ষীৰ লগতে বন বিভাগৰ লোকক পুৱাই খবৰ দিয়ে যদিও বন আৰু আৰক্ষীৰ লোক পলমকৈ ঘটনাস্থলীত পুৱা উপস্থিত হৈ গছডাল আঁতৰোৱাৰ ব্যৱস্থা কৰিহে পথটো যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰিবলৈ সক্ষম হয়৷

kangana Ranaut: সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কংগনা ৰানাৱটে, ষ্টাইলিছ বেগ চৰ্চাত কংগনাৰ; বেগৰ দাম জানিলে আচৰিত হ’ব আপুনি

kangana Ranaut: সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কংগনা ৰানাৱটে
kangana Ranaut: সংসদত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কংগনা ৰানাৱটে

বলীউডৰ অভিনেত্ৰী (kangana Ranaut) তথা বিজেপিৰ সাংসদ কংগনা ৰানাউট ধুনীয়া চেহেৰাৰ বাবে বহু জনপ্ৰিয়। শেহতীয়াকৈ সংসদ ভৱনত তেওঁক বিশেষ শৈলীত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। এইবাৰ অভিনেত্ৰীগৰাকীয়ে সংসদ ভৱনলৈ লৈ অহা বিলাসী বেগটো আলোচনাৰ বিষয় হৈ পৰিছে।

চিনেমাতকৈ ৰাজনীতিৰ বাবে বেছি বিখ্যাত কংগনা ৰানাৱট। কংগনা নিজৰ বক্তব্যৰ বাবেই প্ৰায়ে শিৰোনামত থাকে। বৰ্তমান সংসদৰ বৰ্ষাকালীন অধিৱেশনত ব্যস্ত অভিনেত্ৰীগৰাকী।

সংসদলৈ কংগনাই বৰ ধুনীয়া শাৰী পিন্ধি আহিছে। এইবাৰ লাইমলাইটলৈ আহিছে কংগনা ৰানাৱটৰ বিলাসী বেগ। তেওঁৰ বেগৰ দাম লাখ টকা।

কংগনাৰ এইবাৰ সংসদ লৈ অহা বেগৰ মূল্য প্ৰায় ৩.২৫ লাখ। কংগনাৰ ইমান দামী বেগটো দেখি সকলোৱে আচৰিত হৈ পৰে। এনে দামী বেগ কিনাৰ বাবে কংগনাক বহুবাৰ ট্ৰ’ল কৰা হৈছে।

অভিনয়ৰ কথা ক’বলৈ গ’লে কংগনা ৰানাউটক শেষবাৰৰ বাবে দেখা গৈছিল ইমাৰ্জেন্সি ছবিখনত। ছবিখনৰ পৰিচালনা কংগনাই নিজেই কৰিছিল। তাৰ পিছৰ পৰা কংগনাই নিজৰ কোনো প্ৰজেক্টৰ কথা ঘোষণা কৰা নাই।

Health Tips: গা ধোৱাৰ পিছতো ঘামত তিতি যায় নেকি শৰীৰটো, অত্যধিক ঘাম ওলালে কি কৰিব?

Health Tips: গা ধোৱাৰ পিছতো ঘামত তিতি যায় নেকি শৰীৰটো, অত্যধিক ঘাম ওলালে কি কৰিব?
Health Tips: গা ধোৱাৰ পিছতো ঘামত তিতি যায় নেকি শৰীৰটো, অত্যধিক ঘাম ওলালে কি কৰিব?

গৰমতে হওক বা ঠাণ্ডাতেই (Health Tips) হওক বহু লোকৰ গা ধোৱাৰ পিছতে ঘাম ওলাবলৈ আৰম্ভ কৰে। গা ধোৱাৰ পিছতে ঘাম ওলোৱাটো স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ বহুতৰ মনত প্ৰশ্ন হয় ? গা ধোৱাৰ পিছত ঘাম ওলোৱাৰ আঁৰৰ কাৰণ জানো আহক।

কেতিয়াবা আমি অতি গৰম বা ঠাণ্ডা পানীৰে গা ধুওঁ। এনে পৰিস্থিতিত শৰীৰৰ ঘাম ওলাব পাৰে যাতে উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে। আচলতে গৰম পানীৰে গা ধুলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। বৰ্ধিত উষ্ণতা স্বাভাৱিক কৰিবলৈ শৰীৰৰ ঘাম ওলায় যাতে অতিৰিক্ত তাপ ওলাই আহিব পাৰে।

বাথৰুমত গা ধুওঁতে কিছুমান মানুহৰ ঘাম ওলায়। ইয়াৰ আঁৰৰ কাৰণ হৈছে ভাল বায়ু চলাচলৰ অভাৱ। এনে পৰিস্থিতিত আৰ্দ্ৰতা আৰু গৰম বৃদ্ধিৰ বাবেও ঘাম ওলাব পাৰে।

শৰীৰত হৰম’নৰ পৰিৱৰ্তন, থাইৰয়ড বা মানসিক চাপৰ বাবে কিছুমান লোকে গা ধোৱাৰ পিছতো ঘাম ওলায়।

যদি আপোনাৰ ছালখন অধিক সংবেদনশীল হয় তেন্তে ছালৰ ছিদ্ৰবোৰ খোলাৰ বাবে গা ধোৱাৰ পিছত অধিক ঘাম ওলাব পাৰে।

হাইপাৰহাইড্ৰ’ছিছও ঘাম ওলোৱাৰ কাৰণ হ’ব পাৰে। এইটো চিকিৎসাজনিত অৱস্থাত শৰীৰে প্ৰয়োজনতকৈ বেছি ঘাম নিৰ্গত কৰে। বিশেষকৈ হাতৰ তলুৱা, ভৰি, বাহুৰ তলৰ পৰা বা গোটেই শৰীৰৰ পৰা। যদি আপোনাৰ প্ৰতিটো ঋতুত আৰু প্ৰতিবাৰে গা ধোৱাৰ পিছত ঘাম ওলায়, তেন্তে ই এই অৱস্থাৰ লক্ষণ হ’ব পাৰে।

অত্যধিক ঘাম ওলোৱাৰ ক্ষেত্ৰত কি কৰিব লাগে জানেনে-

গা ধোৱাৰ বাবে সদায় ঠাণ্ডা বা কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে।

গা ধোৱাৰ সময়ত ভাল বায়ু চলাচলৰ বাবে এক্সজেষ্ট ফেনখন জ্বলাই ৰাখিব লাগে।

গা ধোৱাৰ পিছত গাটো টাৱেলেৰে লাহে লাহে মচিব।

গা ধোৱাৰ লগে লগে গধুৰ বা টান কাপোৰ নিপিন্ধিব।

যদি তাৰপিছতো বেছি ঘাম ওলায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Summer Workshops: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

Summer Workshops: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা
Summer Workshops: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

শুক্ৰবাৰৰ পৰা অসম আদৰ্শ (Summer Workshops) বিদ্যালয় বৰপামত পোন্ধৰদিনীয়া গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালাৰ শুভাৰম্ভ কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে। বিশিষ্ট নাট্যকাৰ মৃণাল গোস্বামীৰ পৰিচালনাত ১৫ দিনীয়া নাটকৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

অসম আদৰ্শ বিদ্যালয় বৰপামৰ অধ্যক্ষা বৰ্ণালী কুৰ্মীয়ে জনোৱামতে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানভাৰতী পাব্লিক স্কুল, ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠ, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু অসম আদৰ্শ বিদ্যালয় বৰপামৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছে।

দ্বিতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈ, মণিদ্বীপা দাস শইকীয়াই, ফিৰোজ খান, পূৰ্ণিমা বৰমূদৈ, আইমণী ভূঞাৰদৰে সদায় ব্যক্তি উপস্থিত থাকে।

উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে… Himanta biswa sarma

উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে… Himanta biswa sarma
উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে… Himanta biswa sarma

উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে…himanta biswa sarma
আজি দিনৰ ভাগত সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়তে তেওঁ উৰিয়ামঘাটত হ’বলগা উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উৰিয়ামঘাটত উচ্ছেদ অভিযান স্থগিত ৰখা হ’ব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে কিয় এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?


ৰাজ্যত যোৱা সময়ছোৱাত কেইবাটাও স্থানত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ পৰা চৰকাৰী ভূমি তথা বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা অনুসৰি বহু স্থানত চলাইছে উচ্ছেদ। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰাত উচ্ছেদৰ সময়ত কিছু বিক্ষিপ্ত ঘটনাও পোহৰলৈ আহিছিল।
উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি গোলাঘাটৰ উৰিয়ামঘাটত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। অৱশ্যে আজি দিনৰ ভাগত উৰিয়ামঘাটত উপস্থিত হৈ অঞ্চলটোত উচ্ছেদ সন্দৰ্ভত তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


প্রশাসনে জনোৱা মতে, সীমান্তৰ ৩০ খনতকৈ অধিক গাঁৱত তিনি হাজাৰ বিঘাতকৈ অধিক ভূমিত উচ্ছেদ অভিযান চলোৱা হ’ব। সেই অনুসৰি ২৯ জুলাইৰ পূৰ্বে সেই স্থান খালী কৰিবলৈ বেদখলকাৰীসকলক নিৰ্দেশ দিয়া হৈছিল। প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে অঞ্চলটোত অবৈধভাৱে বাস কৰি থকা বহু লোক টালি-টোপোলা বান্ধি গাড়ীৰে উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পথেৰে সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছিল।
নগাঁও, ধিং, লাহৰিঘাট, ৰূপহী, মৈৰাবাৰী, বটদ্ৰোৱা আদি স্থান সমূহলৈ গাড়ীৰে আজি পুৱাৰে পৰা ৰাওনা হৈছে বহু সংখ্যক লোক । উৰিয়ামঘাট‌ সীমান্তৰ পৰা পলায়ন কৰা এই সন্দেহজনক লোকসকলে যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওঁজান ,চুঙাজান আদিত আশ্ৰয় ল’ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল-সংগঠনসমূহে।


ইফালে আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত পুলক মহন্ত আৰক্ষী অধীক্ষক ৰাজেন সিং, সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া মনোজ দলেৰ লগতে প্ৰশাসনৰ কেইবাজনো বিষয়াৰ উপস্থিতিত বিশেষ ড্ৰোণৰ সহায়ত সীমান্ত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়তে তেওঁ এনেদৰেই সন্দেহযুক্ত নাগৰিক সকলে যদি উৰিয়ামঘাট এৰি যায়, তেতিয়া উচ্ছেদ অভিযান স্থগিত ৰখা হ’ব বুলি সদৰি কৰে।

বিলাসীপাৰা সমজিলা আয়ুক্তৰ সৈতে সাংবাদিক মহলৰ মতবিনিময় সভা । Bilasipara

বিলাসীপাৰা সমজিলা আয়ুক্ত - সাংবাদিক মহলৰ মতবিনিময় সভা । Bilasipara
বিলাসীপাৰা সমজিলা আয়ুক্ত - সাংবাদিক মহলৰ মতবিনিময় সভা । Bilasipara

Bilasipara । সমাজত সজাগতা সৃষ্টিৰে বিলাসীপাৰা সমজিলা খনৰ চৰকাৰী উন্নয়ণৰ ক্ষেত্ৰত সাংবাদিক সকলৰ পূৰ্ণ সহযোগ লাগিব বুলি আজি বিলাসীপাৰা সমজিলা আয়ুক্ত প্ৰীতিৰেখা ডেকাই সহযোগিতা বিচাৰে। বিলাসীপাৰা,চাপৰ,সাপটগ্ৰাম আৰু নায়েৰআলগা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত এখন সভা অনুষ্ঠিত হয় ।তাত নিজৰ কৰ্ম ক্ষেত্ৰৰ পৰিচয় দাঙি ধৰে ।

লগতে অন্যান্য সাংবাদিক সকলৰ লগত চিনাকি হৈ মতবিনিময় কৰে। সভাখনত জ্যেষ্ঠ তথা চৰকাৰী পেঞ্চনাৰ প্ৰাপ্ত সাংবাদিক মোছলেমউদ্দিন আহমেদে বিলাসীপাৰা চহৰৰ চাৰি নং ওৰ্ৱাডত অৱস্থিত আজিৰে পৰা প্ৰায় চল্লিছ- পয়চল্লিছ বছৰ ধৰি বন্ধ হৈ থকা চৰকাৰী বাণিজ্যিক উদোগ কেন্দ্ৰটোৰ পৰা শিক্ষিত আৰু অৰ্ধশিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈ আছে বুলি জনায় ।

তাৰোপৰি বিলাসীপাৰা নগৰ পয়প্ৰণালীৰ পৰা বিশুদ্ধ খোৱাপানীৰ যোগানৰ পৰা প্ৰায় কুৰি বছৰৰ অধিককাল উকলি গল যদিও অধিক সংখ্যক নগৰবাসীয়ে পানী যোগান পোৱাৰ পৰা বঞ্চিত হৈ আছে।ব্যাপকহাৰত কৃষকৰ মৰাপাট উৎপাদন হয় অথচ বিলাসীপাৰা মৰাপাট নিগমৰ পৰা চৰকাৰী মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হোৱা নাই।এই বিষয় কেইটাৰ ওপৰত দৃষ্টি দিবলৈ জৈষ্ঠ্য সাংবাদিক আহমেদে অনুৰোধ জনায়।লগতে অন্যান্য সাংবাদিক সকলে ব্যাপক হাৰত ই-ৰিক্সাৰ চলাচলে পথচাৰী আৰু যান-জোঁট,বিদ্যুৎ বিভাগ,জলসিঞ্চন ব্যৱস্থা,ছাত্র-ছাত্রীৰ বিনামূলীয়া কিতাপ-বহীৰ সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে।বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সভাপতি বাপ্পা সৰকাৰ আৰু সম্পাদক সঞ্জয় শৰ্মাই বিলাসীপাৰা সমজিলা আয়ুক্ত গৰাকীক আদৰণি জনাই শুভেচ্ছাৰ জ্ঞাপন কৰে।

মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ । NARENDRA MODI

মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ । NARENDRA MODI
মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ । NARENDRA MODI

NARENDRA MODI । ২৫ জুলাই দিনটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ বাবে অত্যন্ত ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ হৈ পৰিল। কাৰণ, আজিৰে পৰা মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ।

ইন্দিৰা গান্ধী ভাৰতৰ ইতিহাসত প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ একেৰাহে ৪,০৭৭ দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে সেই অভিলেখ অতিক্ৰম কৰিলে। ২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা মোদীয়ে আজিৰে দিনটোত একেৰাহে ৪,০৭৮ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে।

এইদৰে, একেৰাহে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহৰ ক্ষেত্ৰত মোদীয়ে ইন্দিৰা গান্ধীক আঁতৰাই ইতিহাসত নতুন অধ্যায় ৰচিলে। যদিও তেওঁ এতিয়াও পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিব পৰা নাই। নেহৰুই ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈ একেৰাহে ৬,১৩০ দিন দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্যভাৱে, নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ একমাত্ৰ ৰাজনীতিক যিয়ে ২০০১ চনৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে দায়িত্বত আছে। স্বাধীনোত্তৰ ভাৰতত এই ধৰণে ছটা কাৰ্যকাল ধৰি একনাগৰে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা একমাত্ৰ নেতা মোদীহে।

এই অভিলেখ ভংগৰ জৰিয়তে মোদীয়ে কেৱল ব্যক্তিগত ৰাজনৈতিক উচ্চতাৰ নতুন মুকলি কৰিলে নহয়, বৰঞ্চ ভাৰতীয় ৰাজনৈতিক ইতিহাসতো নিজৰ নাম মজবুতকৈ খোদাই ৰাখিলে।

Alzheimer: ছাইয়াৰা ছবিৰ নায়িকাগৰাকীৰ ৰোগৰ সন্দৰ্ভত WHOৰ ভয়ংকৰ ভৱিষ্যদ্বাণী!

Alzheimer: ছাইয়াৰা ছবিৰ নায়িকাগৰাকীৰ ৰোগৰ সন্দৰ্ভত WHOৰ ভয়ংকৰ ভৱিষ্যদ্বাণী!
Alzheimer: ছাইয়াৰা ছবিৰ নায়িকাগৰাকীৰ ৰোগৰ সন্দৰ্ভত WHOৰ ভয়ংকৰ ভৱিষ্যদ্বাণী!

ছবি গৃগত বহু টকা উপাৰ্জন কৰি থকা (Alzheimer) ছাইয়াৰা চিনেমাত নায়িকাগৰাকীৰ যি ৰোগ আছিল সেই ৰোগৰ বিষয়ে WHO এ ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে।

ছাইয়াৰা চিনেমাখন মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চিনেমা হলৰ ভিডিঅ’। ছবিখন চাই ২০-২৫ বছৰীয়া ল’ৰা-ছোৱালীক কান্দি থকা পৰিলক্ষিত হয়। যদিও এই চিনেমাখন এখন ৰোমান্টিক নাটক, কিন্তু ইয়াত এনে এটা ৰোগৰ কথা কোৱা হৈছে যিয়ে কেৱল ৰোগীয়েই নহয়, তেওঁৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ জীৱন সলনি কৰি পেলায়।

ছবিখনত বাণীৰ চৰিত্ৰত অভিনয় কৰা অনিত পদ্দা এলঝেইমাৰ ৰোগত আক্ৰান্ত হয়, যাৰ বাবে তেওঁ প্ৰেমিকক পাহৰিবলৈ আৰম্ভ কৰে। এইটো এটা প্ৰগতিশীল অৱস্থা, যাৰ ফলত ডিমেনচিয়া হয়। সমগ্ৰ বিশ্বতে ৫.৫ কোটি লোক এই বেমাৰত ভুক্তভোগী। এই ৰোগৰ সন্দৰ্ভত WHO য়ে কৰা ভৱিষ্যদ্বাণীয়ে আপোনাক চিন্তিত কৰিব পাৰে।

ডিমেনচিয়া কি?

ডিমেনচিয়াই আপোনাৰ চিন্তাধাৰা, স্মৃতিশক্তি, যুক্তি, ব্যক্তিত্ব, মেজাজ আৰু আচৰণত প্ৰভাৱ পেলায়। ইয়াত ক্ৰমান্বয়ে আপোনাৰ মগজুৱে কাম বন্ধ কৰিবলৈ আৰম্ভ কৰে। এটা সময় আহে যেতিয়া ৰোগীয়ে নিজৰ পৰিয়াল, ঘৰখন আৰু তেওঁলোকৰ লগত জড়িত প্ৰতিটো স্মৃতি পাহৰিবলৈ আৰম্ভ কৰে। কিন্তু এইটো এই ৰোগৰ কোনো গুৰুতৰ পৰ্যায় নহয়, সমস্যাটো তেতিয়াই হয় যেতিয়া ৰোগীয়ে খাদ্য চোবাই খোৱা, গিলি পেলোৱা আদি মৌলিক কামবোৰো কৰিব নোৱাৰে।

ডিমেনচিয়াৰ কাৰণ-

ডিমেনচিয়াৰ বেছিভাগ ক্ষেত্ৰতে এলঝেইমাৰ ৰোগৰ পৰা আৰম্ভ হয়। এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। মগজুৰ কোষৰ চাৰিওফালে বেলেগ ধৰণৰ প্ৰটিন জমা হোৱাৰ বাবে এই ৰোগ হয়। কিন্তু ইয়াৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইয়াত জীৱনশৈলীৰ অভ্যাস, পৰিৱেশৰ কাৰক আৰু জিনৰ এক সংযুক্ত ভূমিকা আছে।

WHO ৰ ভৱিষ্যদ্বাণী-

ডব্লিউ এইচ অ’ৰ প্ৰতিবেদন অনুসৰি অহা পাঁচ বছৰত ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰত বৃহৎ বৃদ্ধি দেখা পোৱা যাব। এই ৰোগ ২০৩০ চনৰ ভিতৰত ৭.৮ কোটি আৰু ২০৫০ চনত ১৩.৯ কোটি ৰোগীলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।