Home Blog Page 186

India-Pakisan War: ‘শূন্য সহনশীলতা’: ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান
India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ হিচাবে ভাৰতে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ ব্ৰিটিছ বিদেশ মন্ত্ৰী ডেভিদ লেমীৰ সৈতে আলোচনা কৰে। আলোচনাত জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতি বজাই ৰাখিছে।(India-Pakisan War)


শুকুৰবাৰে জয়শংকৰে ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদ প্ৰতিহতক কৰাৰ ক্ষেত্ৰত ভাৰতে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত জয়শংকৰে কয়, “আজি বিয়লি ব্ৰিটেইনৰ বৈদেশিক সচিবৰ সৈতে ফোন কল কৰিছিলোঁ। আমাৰ আলোচনা সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল, যাৰ বাবে শূন্য সহনশীলতা থাকিব লাগিব।”যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কেইবাজনো লোক আহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা হয়।

উল্লেখ্য বুধবাৰে পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাৰে পাকিস্তানৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিৰ সমূহত আক্ৰমণ চলায় হৈছে। পাকিস্তানৰ ড্ৰ’ন আক্ৰমণক “কাৰ্যকৰীভাৱে নিষ্ক্ৰিয়” কৰা হৈছে । যুদ্ধবিৰতি উলংঘাৰ উপযুক্ত সঁহাৰি দিয়া হৈছে। এডিজি পিআইয়ে লগতে উল্লেখ কৰে যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সফল প্ৰতিশোধ বুধবাৰে পুৱতি নিশা আৰম্ভ হোৱা অপাৰেচন সিন্দুৰৰ অধীনত সশস্ত্ৰ বাহিনীয়ে কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ নিষ্ক্ৰিয় কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় সেনাই এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আই বি)ৰ কাষত বৃহৎ পৰিসৰৰ কাউণ্টাৰ ড্ৰ’ন অভিযানৰ সময়ত ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰিছিল ।

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ
Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ।(Airports)

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এই জৰুৰী নিৰ্দেশনা।

নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ।

দেশৰ ৩২টা অসামৰিক বিমানবন্দৰ ১৪ মে’ৰ মাজ নিশালৈকে সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ভাৰতীয় অসামৰিক বিমান প্ৰাধিকৰণৰ।

বিমান বন্দৰকেইটা হৈছে- উধমপুৰ, আমবালা, অমৃতসৰ, অৱন্তীপুৰা, ভাথিন্দা, ভূজ, বিকানেৰ, ছণ্ডীগড়, হালৱাৰা বিমানবন্দৰ আৰু হিন্দন, জয়ছালমেৰ, জম্মু, জামনগৰ, যোধপুৰ, কান্দলা, কংগৰা, কেছড়, কিষাণগড়, কুল্লু মানালী, লেহ, লুধিয়ানা, মুন্দ্ৰা বিমানবন্দ আৰু নালিয়া, পাঠানকোট, পাটিয়ালা, পোৰবন্দৰ, ৰাজকোট, ছিমলা, শ্ৰীনগৰ, ঠৈছে, উত্তৰলাই বিমানবন্দৰ।

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া
Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

আজি পুৱা পাকিস্তানে(Rajouri News) ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সময়তে জম্মু-কাশ্মীৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া নিহত হয়। নিহত ব্যক্তিগৰাকী জম্মু-কাশ্মীৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত। নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ কুমাৰ থাপা। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰকাশ কৰিছে এই তথ্য।

বিজেপি নেতা ৰবিন্দৰ ৰাইনাই কয় যে ৰাজকুমাৰ কুমাৰ থাপাৰ মৃত্যুত গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁ আছিল অতি সাহসী বিষয়া যিয়ে পৰম আন্তৰিকতাৰে জাতি আৰু সমাজৰ সেৱা কৰিছিল।

২৬ জন নিৰীহক হত্যা কৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত লক্ষ্যভিত্তিক আক্ৰমণ চলোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ অসামৰিক অঞ্চলসমূহত সীমান্তৰ সিপাৰৰ পৰা তীব্ৰ গুলীচালনাৰ সন্মুখীন হৈছে।

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !
Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.০। ৫ মে’তো ৪.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি ধাৰাবাহিক ভূমিকম্পৰ পিছত এইটো চতুৰ্থটো ভূমিকম্প।(Earthquake in Pakistan)


নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজি (এনচিএছ)ৰ তথ্য অনুসৰি শনিবাৰে নিশা ১:৪৪ বজাত পাকিস্তানত ৪.০ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই।

সোমবাৰে পাকিস্তান আৰু আফগানিস্তানৰ কিছু অংশত ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছতে শেহতীয়া ভূমিকম্পৰ সৃষ্টি হৈছে।

S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’
S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

ভাৰতৰ বিকশিত(S-400-Barak-8) প্ৰতিৰক্ষা সামৰ্থ্যৰ এক শক্তিশালী প্ৰদৰ্শনত ‘ভাৰতীয় সশস্ত্ৰ বাহিনী’য়ে সীমান্তৰ সিপাৰে থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা ‘অপাৰেশ্যন সিন্দূৰ’ শীৰ্ষক অভিযানটোৰ পিছত পাকিস্তানৰ পৰা চলোৱা কেবাটাও মিছাইল আক্ৰমণ সফলতাৰে বিফল কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ‘এছ-৪০০ ট্ৰাইউমফ প্ৰণালী’, বাৰাক-৮ মিছাইল’, ‘আকাশ’ ভূ-পৃষ্ঠৰ পৰা বায়ু সংভেদী প্ৰতিৰক্ষা প্ৰণালী’ আৰু ‘ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত ‘এণ্টি-ড্ৰোন প্ৰযুক্তি’ অন্তৰ্ভুক্ত থকা এক সমন্বিত পৰিস্থিতিতন্ত্ৰৰ সৈতে ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো সুৰক্ষিত কৰিছে। জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি অহা প্ৰতিটো প্ৰতিকূল মিছাইলকে ধৰা পেলোৱা কথাই ৰাষ্ট্ৰৰ উচিত প্ৰস্তুতিত আলোকপাত কৰাৰ বিপৰীতে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দুৰ্বলতা উন্মোচিত কৰিছে। ভাৰতে প্ৰতিৰক্ষা নিশ্চিত কৰিয়ে থমকি ৰোৱা নাছিল।

‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণেৰে লাহোৰৰ ‘মুখ্য কাৰ্যালয়-৯’ত চীনে যোগান ধৰা বিমান প্ৰতিৰক্ষা প্ৰণালীকো লক্ষ্য কৰি ধ্বংস কৰে আৰু পাকিস্তানী ‘ৰাডাৰ আন্তঃগাঁথনি’ ক্ষতিগ্ৰস্ত কৰে। এই পদক্ষেপসমূহে ২০১৪ চনত আৰম্ভ হোৱা ভাৰতৰ ‘বিমান সুৰক্ষা ৰণনীতি’ৰ এক দশকজোৰা আমূল পৰিৱৰ্তনৰ সমাপ্তিকো চিহ্নিত কৰে। গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহৰ ভিতৰত আছে তিনিটা ‘এছ-৪০০ স্কোৱাড্ৰন’ৰ কাৰ্যকৰী নিয়োজন, ইজৰাইলৰ সৈতে ২.৫ বিলিয়ন ডলাৰৰ ‘বৰাক-৮ মিছাইল চুক্তি’, আৰু থলুৱা ‘আকাশ প্ৰণালী’ আৰু ‘আধুনিক কাউণ্টাৰ-ড্ৰোন প্লেটফৰ্ম’-ৰ একত্ৰীকৰণ।

ঐতিহাসিকভাবে এই প্ৰথমবাৰৰ বাবে ভাৰতে সক্ৰিয় যুঁজত ‘ঘূৰন্ত শস্ত্ৰ’ আৰু স্থানীয়ভাৱে নিৰ্মিত ‘হাৰোপ ড্ৰোন’ৰ লগতে লক্ষ্যনিৰ্দিষ্ট ‘স্কাল্প’ আৰু ‘হেমাৰ মিছাইল’ৰে সুসজ্জিত ‘ৰাফেল’ যুঁজাৰু বিমান নিয়োজিত কৰিছিল। এই অগ্ৰগতিসমূহে বাস্তৱ সময়ত ‘জামিং’, ভাবুকি চিনাক্তকৰণ আৰু নিষ্ক্ৰিয়কৰণ সম্ভৱ কৰিব পৰা এক স্থিতিস্থাপক, বহুস্তৰীয় প্ৰতিৰক্ষা নেটৱৰ্কৰ দিশে হোৱা পৰিৱৰ্তনকে প্ৰতিফলিত কৰে। ভাৰতে আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিজৰ আধিপত্য প্ৰদৰ্শন কৰাৰ উপৰি ‘অপাৰেশ্যন সিন্দূৰ’-ৰ জৰিয়তে ‘ভাৰত যে কেৱল নিজৰ আকাশীসীমা ৰক্ষা কৰিবলৈকে সক্ষম নহয়-বৰঞ্চ ই এতিয়া এওঁলোকক নিয়ন্ত্ৰণো কৰে’ বুলি এক স্পষ্ট বাৰ্তাও প্ৰেৰণ কৰিছে।

Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ

Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ
Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে সীমান্তত সৃষ্টি(Nirmala Sitharaman)হোৱা উত্তেজনাৰ মাজতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক তথা বীমা কোম্পানীসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), বিত্ত মন্ত্ৰালয়, চি ই আৰ টি-ইন, আৰ বি আই, আই আৰ ডি এ আই আৰু এন পি চি আইৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা উক্ত বৈঠকত ইণ্টাৰনেট বেংকিং আৰু ইউ পি আইৰ দৰে ডিজিটেল এপ্লিকেচনকে ধৰি বেংকিং খণ্ডৰ কাৰ্যকৰী তথা চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। সীমান্তত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত সকলো বেংক আৰু বীমা কোম্পানীৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বৈঠকত অৱগত কৰে।পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীগৰাকীক জনায় যে সমগ্ৰ বেংকিং ব্যৱস্থাতে চাইবাৰ সুৰক্ষা ব্যৱস্থাসমূহ শক্তিশালী কৰা হৈছে। বৃহৎ পৰিসৰৰ চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বেংকসমূহে এণ্টি-ডিডিঅ’এছ (ডিষ্ট্ৰিবিউটেড ডিনিয়েল-অফ-চাৰ্ভিচ) ব্যৱস্থা ৰূপায়ণ কৰিছে বুলিও জানিবলৈ দিয়ে । প্ৰতিষ্ঠানিক প্ৰস্তুতিৰ বাবে উচ্চ পৰ্যায়ৰ চাইবাৰ সুৰক্ষা আৰু দুৰ্যোগ নিৰ্মূল কাৰ্যসূচী সামৰি মক ড্ৰিল অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁলোকে বিত্তমন্ত্ৰী সীতাৰমণক অৱগত কৰে। তেওঁলোকে লগতে এইবুলি অৱগত কৰে যে ফিছিঙৰ অপচেষ্টাৰ বিষয়টো সক্ৰিয়ভাৱে চোৱাচিতা কৰা হৈছে। লগতে কৰ্মচাৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাটাও আভ্যন্তৰীণ সতৰ্কবাণী জাৰি কৰা হৈছে।


বৈঠকত বেংকৰ বিষয়াসকলে কয় যে তেওঁলোকৰ ছিকিউৰিটি অপাৰেচন চেণ্টাৰ (এছ অ’ চি) আৰু নেটৱৰ্ক অপাৰেচন চেণ্টাৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে আৰু সকলো ক্ষেত্ৰতে হাই এলাৰ্টত জাৰি কৰা হৈছে। এই কেন্দ্ৰসমূহে চিইআৰটি-ইন আৰু ৰাষ্ট্ৰীয় তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰ (এনচিআইআইপিচি)ৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি বাস্তৱ সময়ৰ তথ্য বিনিময় তথা ভাবুকি প্ৰতিৰোধৰ দিহা কৰিছে। বৈঠকত সীতাৰমণে শেহতীয়াকৈ সৃষ্টি হোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু প্ৰত্যাহ্বানমূলক সময়ত অৰ্থনৈতিক স্থিতিশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত বেংকিং আৰু বিত্তীয় খণ্ডৰ জটিল ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।


কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সকলো বেংককে সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে আৰু যিকোনো পৰিস্থিতি বা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কয়। সমগ্ৰ দেশৰ, বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত নাগৰিকসকলৰ বাবে বেংকিং আৰু বিত্তীয় সেৱাৰ নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। শ্ৰীমতী সীতাৰমণে মন্তব্য কৰে যে ভৌতিক আৰু ডিজিটেল দুয়ো প্ৰকাৰৰ বেংকিং সেৱাই কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ কাম কৰিব লাগিব আৰু উদ্ভৱ হোৱা যিকোনো আকস্মিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰীকালীন প্ৰট’কলসমূহ মানি চলিব লাগিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলৰ আশে-পাশে থকা বেংকৰ শাখাসমূহত কাম কৰা বেংক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা সংস্থাসমূহৰ সৈতে ফলপ্ৰসূভাৱে সমন্বয় সাধনৰ জড়িয়তে তেওঁলোকৰ পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বেংকৰ বিষয়াসকলক কয় যে নাগৰিক আৰু ব্যৱসায়ীসকলে যাতে কোনো পৰিস্থিতিত ক্ষতিগ্ৰস্ত নহয় আৰু এটিএমত নিৰৱচ্ছিন্ন নগদ ধনৰ উপলব্ধতা, নিৰৱচ্ছিন্নভাৱে ইউপিআই আৰু ইণ্টাৰনেট বেংকিং সেৱা তথা অত্যাৱশ্যকীয় বেংকিং সুবিধাসমূহ অব্যাহত ৰাখে সেই বিষয়ত অগ্ৰাধিকাৰ দিব লাগিব।

নিৰ্মলা সীতাৰমণে বেংকসমূহক নিজৰ চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু ডাটা চেণ্টাৰৰ নিয়মীয়া অডিট চলাবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে সকলো ডিজিটেল আৰু মূল বেংকিং আন্তঃগাঁথনি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰাখিবলৈ নিয়মীয়া নিৰীক্ষণ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। যাতে যিকোনো চাইবাৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিব পাৰে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বেংকসমূহক মুখ্য কাৰ্যালয়ে মনোনীত কৰা দুজন নিষ্ঠাবান জ্যেষ্ঠ বিষয়াক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে, এজনে চাইবাৰ সম্পৰ্কীয় সকলো বিষয়ৰ ৰিপৰ্ট দিয়াৰ বাবে আৰু আনজন বেংকৰ শাখাসমূহৰ কাম-কাজ আৰু এটিএমত নগদ ধনৰ উপলব্ধতাকে ধৰি কাৰ্যকৰী বিষয়সমূহ নিশ্চিত কৰিব নিয়োগ কৰাৰ কথা তেওঁ কয়। দুয়োগৰাকী নিষ্ঠাবান বিষয়াই যিকোনো ঘটনাৰ বিষয়ে চিইআৰচি- ইন / সংশ্লিষ্ট সংস্থা আৰু ডিএফএছক লগে লগে অৱগত কৰিব লাগিব।এই সন্দৰ্ভত বেংকসমূহক ভাৰতীয় ৰিজাৰ্ভ বেংক, চিইআৰটি-ইন আৰু সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহৰ সৈতে সকলো সময়তে সমন্বয় ৰক্ষা কৰি শক্তিশালী তথা সক্ৰিয় তথ্য বিনিময় প্ৰক্ৰিয়া আৰু সঁহাৰি নিশ্চিত কৰিবলৈ কোৱা হৈছিল। সীতাৰমণে বীমা কোম্পানীসমূহক সময়মতে গ্ৰহাকৰ দাবী নিষ্পত্তি আৰু নিৰৱচ্ছিন্ন গ্ৰাহক সেৱা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৃষ্ঠপোষক বেংকসমূহে এই সময়ছোৱাত আৰ আৰ বিসমূহক ভালদৰে সহায় কৰাটো নিশ্চিত কৰিব লাগে আৰু তেওঁলোকে সন্মুখীন হোৱা যিকোনো সমস্যাৰ বাবে তেওঁলোকক সহযোগ কৰিব লাগে। সীতাৰমণে বৈঠকত লগতে কয় যে ভাৰত চৰকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিৱদ্ধ, দেশৰ বেংকিং আৰু বিত্তীয় ব্যৱস্থা শক্তিশালী তথা স্থিতিস্থাপক কৰি ৰখাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে।

1999 । ১৯৯৯ ত পাক সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ আহুতি দিছিল বইটামাৰীৰ বীৰ ছহিদ জোৱান নীলাম্বৰ বৰুৱাৰ মাতৃয়ে কি আহবান কৰিলে !

1999 । ১৯৯৯ ত পাক সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ আহুতি দিছিল বইটামাৰীৰ বীৰ ছহিদ জোৱান নীলাম্বৰ বৰুৱাৰ মাতৃয়ে কি আহবান কৰিলে !
1999 । ১৯৯৯ ত পাক সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ আহুতি দিছিল বইটামাৰীৰ বীৰ ছহিদ জোৱান নীলাম্বৰ বৰুৱাৰ মাতৃয়ে কি আহবান কৰিলে !

৯ মে’ ২০২৫ঃ 1999 । ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ গুলীত দেশৰ বাবে প্ৰাণ আহুতি দিছিল বঙাইগাঁও জিলাৰ বইটামাৰীৰ বীৰ জোৱান ছহিদ নীলাম্বৰ বৰুৱাই । বৰ্তমান সময়ত পুনৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে । পেহেলগামত ২২ এপ্ৰিলত পাক সন্ত্ৰাসবাদীয়ে ২৬ গৰাকীকৈ নিৰীহ পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছত ভাৰত চৰকাৰ কঠোৰ হৈছে ।

ভাৰতে যুদ্ধৰ বাবে সাজু হোৱাৰ লগতে শেহতীয়াকৈ ‘ অপাৰেশ্যন সেন্দুৰ’ ৰ অধীনত পাকিস্তানত আক্ৰমণ চলাই পাক সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি ধ্বংস কৰাৰ লগতে শতাধিক পাক সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছে । এনে সময়ত স্বাভাৱিকতেই পুত্ৰৰ স্মৃতিত আৱেগিক তথা ক্ষোভিত হৈ পৰিছে ছহিদ নীলাম্বৰ বৰুৱাৰ মাতৃ নীলিমা বৈষ্ণৱে । পাক সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ ছহিদ মাতৃয়ে চৰকাৰক আহবান জনাইছে । ভৱিষ্যতে যাতে কোনো মাতৃৰ বুকু শুদা নহয় তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে চৰকাৰক কঠোৰ পদক্ষেপ লোৱাৰ পোষকতা ছহিদ মাতৃৰ ।

উল্লেখ্য যে অঞ্চলটোৰ আমগুৰী গাঁৱৰ প্ৰয়াত অমূল্য বৈষ্ণৱ আৰু নীলিমা বৈষ্ণৱৰ পুত্ৰ নীলাম্বৰ বৰুৱাই দেশ মাতৃৰ সেৱাৰ সংকল্পৰে ১৯৯৭ চনৰ ১৭ জুলাইত এছ এছ বিত জোৱান হিচাপে যোগদান কৰিছিল । কিন্তু মাত্ৰ ২ বছৰ ১ মাহ ৩ দিন দেশমাতৃক সেৱা কৰাৰ সুযোগ পালে বীৰ জোৱানজনে । ১৯৯৯ চনৰ ২০ আগষ্টত কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণত প্ৰাণ বলিদান দিয়ে জোৱান গৰাকীয়ে । অতি কম বয়সতে ছহিদ হ’ব লগা হয় । মৃত্যুৰ পিছত এ এছ বি তথা চৰকাৰে জোৱান গৰাকীক সামৰিক মৰ্যাদা প্ৰদান কৰে । চৰকাৰীভাৱে পৰৱৰ্তী সময়ত পৰিয়ালক সন্মান তথা পেঞ্চন আদিৰ সুবিধা প্ৰদান কৰে । ছহিদ গৰাকীৰ পিতৃৰ কেইবছৰমান পূৰ্বে বিয়োগ ঘটে । মাতৃ গৰাকীয়ে বৰ্তমান বৃদ্ধ অৱস্থাত পুত্ৰৰ স্মৃতি বুকুত কঢ়িয়াই জীৱন যাপন কৰি আছে ।

তেওঁ শাৰীৰিক ভাৱেও কিছু অসুস্থ । কিন্তু ভাৰত-পাক ৰ মাজত যুদ্ধ তথা সংঘৰ্ষৰ বাতৰি শুনিলেই ক্ষোভিত তথা আবেগিক হৈ পৰে মাতৃগৰাকী । বছৰ বছৰ ধৰি এই সমস্যাৰ সমাধান নোহোৱা বাবে বহু নীৰিহই প্ৰাণ আহুতি দিবলগা হোৱা বিষয়টোৱে তেওঁক চিন্তিত কৰে । এই সমস্যাৰ বাবে তেওঁৰ পুত্ৰৰ লগতে আন বহু মাতৃৰ বুকু উদং হ’ল । শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা কঠোৰ পদক্ষেপক তেওঁ সমৰ্থন কৰিছে । পাক সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ কঠোৰ ব্যৱস্থা ল’বলৈ তেওঁ আহবান জনাইছে । লগতে অঞ্চলবাসীয়ে পাহৰিব পৰা নাই ছহিদ নীলাম্বৰ বৰুৱাৰ ত্যাগক । অঞ্চলবাসীয়েও বিচাৰে পাক সন্ত্ৰাসবাদ ৰ অন্ত পৰক- সমস্যা সমাধান হওঁক ।

নিশাৰ ভিতৰতে ত্ৰিভুৱন দেখিলে পাকিস্তানে । India Pakistan War

নিশাৰ ভিতৰতে ত্ৰিভুৱন দেখিলে পাকিস্তানে । India Pakistan War
নিশাৰ ভিতৰতে ত্ৰিভুৱন দেখিলে পাকিস্তানে । India Pakistan War

নতুন দিল্লী/ইছলামাবাদ, ৯ মে’: India Pakistan War । ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ উত্তেজনাৰ মাজত নিশাৰ ভিতৰত পাকিস্তানৰ ছটা চহৰত ভয়ংকৰ বিস্ফোৰণ আৰু আক্ৰমণ সংঘটিত হোৱাৰ খবৰ। লাহোৰ, ইছলামাবাদ, কৰাচী, চিয়ালকোট, বাহাৱালপুৰ আৰু পেছাৱৰত সংঘটিত এই আক্ৰমণসমূহক ভাৰতৰ প্ৰতিশোধমূলক প্ৰত্যুত্তৰ হিচাপে ধৰা হৈছে।

প্ৰতিক্ৰিয়া আৰু ৰাজনৈতিক অস্থিৰতা
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ অস্পষ্ট আৰু বিভ্ৰান্তিকৰ বক্তব্যে বিৰোধিতাৰ সোঁত উৰুৱাইছে। তেওঁ এক ড্ৰোন আক্ৰমণৰ সন্দৰ্ভত কৈছে, “এইটো কাৰিকৰী কথা, মই বুজাব নোৱাৰো”—যি বক্তব্যে প্ৰশ্নৰ সৃষ্টিৰে দেশবাসীক চিন্তিত কৰিছে।

ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই উল্লেখ কৰে যে, পুঞ্চ জিলাত সৰ্বাধিক ক্ষতি আৰু হতাহতিৰ ঘটনা ঘটিছে। তেওঁ পাকিস্তানৰ ড্ৰোন ব্যৱহাৰৰ নিন্দা কৰি কয়—”তেওঁলোকে সাধাৰণ নাগৰিকক লক্ষ্য কৰিছিল, ভাগ্য ভাল যে আমাৰ সেনাই সকলো ড্ৰোন ধ্বংস কৰি পেলালে।”

অসমতো প্ৰভাৱ — বাতিল হ’ল চৰকাৰী আৰু সাংস্কৃতিক অনুষ্ঠান
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ ৪ বছৰ পূৰাৰ অনুষ্ঠান বাতিল কৰাৰ লগতে ১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ বিহু আয়োজকসকলক আহ্বান জনাইছে। তেওঁ স্পষ্টকৈ কয়, “বৰ্তমান সময় উদযাপনৰ নহয়, একতাৰ।”

সেনাৰ সজাগতা আৰু অভ্যন্তৰীণ ব্যৱস্থা
পাঠানকোটত উদ্ধাৰ হৈছে এখন সন্দেহজনক ড্ৰোন। সেনাই জিম্মাত লৈ সমগ্ৰ অঞ্চলত তল্লাশি অভিযান চলাইছে। দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন অনুষ্ঠিত কৰা হৈছে, অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ তত্বাৱধানত।

স্বাস্থ্য আৰু অৰ্থনীতি ক্ষেত্ৰতো সতর্কতা
স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশজুৰি সকলো চিকিৎসা কেন্দ্ৰৰ পৰ্যালোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা কৰ্মচাৰীৰ ছুটী বাতিলৰ নিৰ্দেশ প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত চাইবাৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হৈছে।

ক্ৰীড়াজগততো অস্থিৰতা
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ প্ৰভাৱত IPL 2025 পিছুৱাৰ সম্ভাৱনা। বিসিসিআই শীঘ্ৰে সিদ্ধান্ত ল’ব। ক্ৰীড়া বিশ্লেষকৰ মতে, এই পৰিস্থিতিয়ে বিশ্ব ক্ৰিকেটত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

সীমান্তত চলিছে সেনাৰ অভিযান
৮-৯ মে’ৰ নিশা জম্মুৰ চাম্বা ছেক্টৰত সন্ত্ৰাসবাদীৰ বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা নস্যাৎ কৰিছে BSF-এ। ৭ জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে। এই অনুপ্ৰৱেশক পাক ৰেঞ্জাৰৰ সহায় প্ৰদানৰ অভিযোগ উঠিছে।

এই সমগ্ৰ পৰিস্থিতিয়ে দেখুৱাইছে যে, উপমহাদেশত যিকোনো সময়ত নাটকীয় পৰিৱর্তন সম্ভৱ, আৰু যুদ্ধ-শান্তিৰ মাজত সূতোকণটো অতি জোখমপূৰ্ণভাৱে টান খাই আছে।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বাতিল — কেৱল সংবাদমেলত সীমাবদ্ধ মুখ্যমন্ত্ৰীৰ সম্বোধন । HIMANTA BISWA GOVT 4TH ANNIVERSARY

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বাতিল — কেৱল সংবাদমেলত সীমাবদ্ধ মুখ্যমন্ত্ৰীৰ সম্বোধন । HIMANTA BISWA GOVT 4TH ANNIVERSARY
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বাতিল — কেৱল সংবাদমেলত সীমাবদ্ধ মুখ্যমন্ত্ৰীৰ সম্বোধন । HIMANTA BISWA GOVT 4TH ANNIVERSARY

গুৱাহাটী, ৯ মে’: HIMANTA BISWA GOVT 4TH ANNIVERSARY । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শনিবাৰে (১০ মে’) চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰিব। বিগত তিনি বছৰৰ দৰে এইবাৰো চৰকাৰে আনুষ্ঠানিকভাৱে বৰ্ষপূৰ্তি উদযাপন কৰাৰ সম্ভাৱনা থাকিলেও, দেশৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে যিকোনো ধৰণৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সামাজিক মাধ্যমযোগে সদৰী কৰে যে, চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে কোনোধৰণৰ অনুষ্ঠান অনুষ্ঠিত নহ’ব, কেৱল এখন সংবাদমেলৰ জৰিয়তে তেওঁ ৰাজ্যবাসীক সম্বোধন কৰিব।

যদিও মুখ্যমন্ত্ৰীয়ে যুদ্ধৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা নাই, তথাপিও ভাৰত-পাকিস্তানৰ সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতিফলন চৰকাৰৰ এই সিদ্ধান্তত প্ৰৱলভাৱে প্ৰভাৱ পেলাইছে বুলি ধৰা হৈছে।

ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে ১০ মে’ৰ পৰা আগন্তুক সকলো বিহুৰ অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰিবলৈ বিহু আয়োজক সমিতিসমূহক অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰীৰ এই আহ্বানত সঁহাৰি জনাই ইতিমধ্যে বহু বিহু কমিটীয়ে নিজৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

এই সময়ত উৎসৱ নহয়, একতাৰ প্ৰয়োজন — এই মনোভাৱৰে ৰাজ্য চৰকাৰে এইবাৰ নিজৰ বৰ্ষপূৰ্তি বেলেগ ধৰণে পালন কৰিবলৈ বাচি লৈছে।

জম্মুত ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা — সীমান্তত আকৌ উত্তেজনা ।Jammu & Kashmir

জম্মুত ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা — সীমান্তত আকৌ উত্তেজনা ।Jammu & Kashmir
জম্মুত ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা — সীমান্তত আকৌ উত্তেজনা ।Jammu & Kashmir

Jammu & Kashmir । জম্মু আৰু কাশ্মীৰত আকৌ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে নিশা জম্মুৰ বহু স্থানত ভয়ংকৰ ড্ৰ’ন আক্ৰমণৰ ঘটনা সংঘটিত হয়। স্থানীয় উৎস অনুসৰি, নিশা প্ৰায় ৫-৬ খন বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত সমগ্ৰ অঞ্চলতে তীব্ৰ আতংক পৰিলক্ষিত হয়। এই আক্ৰমণৰ পিছতে জম্মুত ব্লেক আউট জাৰি কৰা হয় আৰু এয়াৰ ছাইৰেন বজাই জনগণক ঘৰত থকাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে।

ড্ৰ’ন আক্ৰমণৰ লগে লগে এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু সতৰ্কবাণী ঘোষণা কৰা হয়। আনহাতে, কাশ্মীৰৰ কুপবাড়া অঞ্চলৰ পৰা সন্ত্ৰাসবাদীসকলে গুলীবৰ্ষ আৰম্ভ কৰে। এই ঘটনাবোৰে এটা বৃহৎ সামৰিক ষড়যন্ত্ৰৰ সংকেত দিছে বুলি আশংকা প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাসকলে।

উল্লেখযোগ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতৰ সেনাই চলাইছিল ‘অপাৰেশ্যন সেন্দূৰ’। তাৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও মিছাইল নিক্ষেপ কৰে, যদিও সেইবোৰ ভাৰতৰ এয়াৰ ডিফেন্সে সফলতাৰে ধ্বংস কৰে।

ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে পাকিস্তানৰ বহু গুৰুত্বপূর্ণ স্থান — কৰাচী, লাহোৰ, ৰাৱালপিণ্ডি আদিত ড্ৰ’ন আক্ৰমণ চলায়। এই পৰিস্থিতিৰ মাজতে পাকিস্তানে আকৌ জম্মুত নতুনকৈ ড্ৰ’ন আক্ৰমণ কৰাৰ লগতে কাশ্মীৰত গুলীচালনা অব্যাহত ৰাখিছে।

এই আক্ৰমণসমূহত বৰ্তমান পৰ্যন্ত ১৬ গৰাকী নিৰীহ ভাৰতীয়ৰ মৃত্যুৰ খবৰ আহিছে। সীমান্ত অঞ্চলত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ ঘটনাই ভাৰত-পাকিস্তান সম্পর্কত নতুন সংকটৰ সূচনা কৰিছে।