Home Blog Page 1877

কাজিৰঙাত হাতী ছাফাৰী কৰিবলৈ আহোঁত মাজতে খোল খালে হাওদা, অসন্তুষ্ট পৰ্যটক

কাজিৰঙাত হাতী ছাফাৰীত অঘটন। উদ্যানৰ অন্তৰ্ভাগত চলা হাতী ছাফাৰীত খোল খালে হাতীৰ পিঠিত থকা পৰ্যটক বহা আসন৷ আসন খোল খালে যদিও কোনোমতে হাতীৰ পিঠিৰ পৰা সৰি নপৰাকৈ ৰক্ষা পৰিল পৰ্যটক।

আজি পুৱা এই ঘটনা সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত৷ আজি পুৱা বাগৰি বনাঞ্চলত হোৱা ব্যক্তিগত হাতী ছাফাৰীত যোৱা এটা পৰ্যটকৰ দলৰ স’তে সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা৷

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী মহাৰাষ্ট্ৰৰ বিজয় ছাইগল নামৰ পৰ্যটকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, আজি পুৱা তিনিটা হাতীত একেলগে এটা পৰ্যটকৰ দল বাগৰি বনাঞ্চলত প্ৰৱেশ কৰে৷ পৰ্যটকসকলক লৈ হাতী তিনিটা উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাৰ ৫/৬ মিনিট নৌহওঁতেই হঠাতে এটা হাতীৰ আসন খোল খাই পৰ্যটককেইজন হাউলি পৰাৰ উপক্ৰম হয়৷ তেনে অৱস্থাতে কোনোমতে মাউতৰ প্ৰচেষ্টাত পৰ্যটককেইজন ৰক্ষা পৰে।

একে সময়তে পিছে পিছে যোৱা পৰ্যটক বিজয় ছাইগলে বিপদত পৰা পৰ্যটককেইজনক নিজে যোৱা হাতীৰ পিঠিত কোনোমতে উঠাই হাতী ছাফাৰী নকৰাকৈ উভতি আহে৷ উভতি আহি পৰ্যটককেইজনে বন বিভাগক মেইলযোগে অভিযোগ কৰে৷ বিজয় ছাইগলে সংবাদ মাধ্যমৰ আগত কয়, হাতী ছাফাৰীৰ সুৰক্ষাৰ ব্যৱস্থাটোক লৈ তেওঁলোক অসন্তুষ্ট৷

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে৷ ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰি লক্ষীপ্ৰসাদ নামৰ হাতীটোৰ পিঠিৰ পৰা আসন খহি পৰা বুলি জানিবলৈ দি গগৈয়ে কয় লগত যোৱা আন দুটা হাতী ভাগ্যৱতী আৰু চুমমালা৷

লক্ষীপ্ৰসাদৰ পিঠিত ভালকৈ আসন নবন্ধাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দি তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে প্ৰাধিকাৰী গগৈয়ে৷

GMCৰ অভিনৱ প্ৰয়াস; মহানগৰীত ডেংগু-মেলেৰিয়া ৰোধৰ বাবে প্ৰয়াস

গুৱাহাটীটো বিগত কেইদিন মানত দেখা গৈছে কেইবাটাও ডেংগিৰ সক্ৰমন ৷ গুৱাহাটী পৌৰ নিগমে মহৰ উপদ্ৰপ ৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ মহৰ সমস্যা দুৰ কৰাৰ বাবে জিএমচিৰ প্ৰয়াস ৷ নৰ্দমাত এৰিলে বিশেষ মাছ ৷

মহানগৰীত ডেংগু মেলেৰিয়া ৰোধৰ বাবে GMCৰ অভিনৱ প্ৰয়াস। মহানগৰীৰ নদী নলা-নৰ্দমাত মহৰ কনী খোৱাৰ কাৰণে মেলিলে বিশেষ মাছ ৷
গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইখনো জিলাত বৃদ্ধি পাইছে ডেংগিৰ দৰে মহৰ দ্বাৰা হ’ব পৰা ৰোগ ৷ বিশেষকৈ কাৰ্বি আংলং জিলাত বৃদ্ধি পাইছে ডেংগি সংক্ৰমণ ৷ গুৱাহাটীটো বিগত কেইদিন মানত দেখা গৈছে কেইবাটাও ডেংগিৰ সক্ৰমণ ৷

গুৱাহাটী পৌৰ নিগমে মহৰ উপদ্ৰপ ৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ গুৱাহাটীৰ নলা নৰ্দমাত মেলিছে বিশেষ ধৰনৰ মাছ ৷যি মাছে মহৰ কণী খাই ৰোধ কৰিব মহৰ বংশ বৃদ্ধি ৷ শনিবাৰে পাঞ্জাবাৰীৰ জুৰিপাৰত জিএমচি, স্বাস্থ্য বিভাগে নৰ্দমাত মেলিলে বিশেষ প্ৰজাতিৰ Goppi আৰু Gambosia নামৰ মাছ ৷ যি দুই সপ্তাহৰ ভিতৰত নলা সমূহত থকা মহৰ পোৱালি খাব পৰা হ’ব ৷
৷  মন কৰিবলগীয়া যে বিগত কেইদিন মানত গুৱাহাটীত বৃদ্ধি পাইছে ডেংগিৰ সংখ্যা ৷ যদি জিএমচিৰ এই পদক্ষেপ সফল হয় তেন্তে হয়টো আগন্তুক সময়ত মহৰ পৰা বাচিব গুৱাহাটীবাসী ৷

লিঅ’ এক্সপ’ত উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে মন্ত্ৰী বিমল বৰাই।

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ট্ৰেড ফেয়াৰত অংশগ্ৰহণকৰে মন্ত্ৰী বিমল বৰাই।

বিগত সময়চোৱাৰ দৰে এইবাৰো লিঅ’ এক্সপ’ৰ প্ৰতি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ প্ৰম’চন অৰ্গেনাইজেচনৰ সহযোগত, লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত আয়োজন কৰা এই ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’এক্সপ’ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

এই অনুষ্ঠানে উদ্যোগী ব্যক্তিসকলক তেওঁলোকৰ থলুৱা উৎপাদন সামগ্ৰীসমূহক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ উদ্যমী যুৱক-যুৱতীসকলক ব্যৱসায়িকভাৱে সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই বৃহৎ আয়োজন সাফল্যমণ্ডিত কামনা কৰাৰ লগতে উদ্যোক্তা সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপনকৰে মন্ত্ৰী বিমল বৰাই। এই এক্সপ ট্ৰেড ফেয়াৰ অহা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব ।

ৰঙিয়া নগৰৰ ৩নং ৱাৰ্ডৰ সদাব্যস্ত এটি পথৰ বিধ্বস্ত ৰূপে এতিয়া জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক…

ৰঙিয়া নগৰৰ ৩নং ৱাৰ্ডৰ সদাব্যস্ত এটি পথৰ বিধ্বস্ত ৰূপে এতিয়া জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক।


এই পথটোতে আছে ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়।ৰাইজৰ অভিযোগ অনুসৰি লোক নিৰ্মাণ বিভাগৰ বৰমুৰীয়াসকলৰ লগতে মন্ত্ৰী বিধায়কৰ সঘন আহযাহ থকা এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি লক্ষণীয়।

যাৰ বাবে উক্ত পথটোৰে যাতায়ত কৰা লোকসকল ক্ষোভিত হৈ পৰিছে।উল্লেখযোগ্য যে,ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাই কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিছিল।কিন্তু বৰ্তমানেও পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ’ল।ইতিমধ্যে বিদ্ধস্ত পথটোৰে যাতায়ত কৰা ৰোগীও কেবাবাৰো দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছে।


ৰঙিয়া পৌৰসভাৰ ৩নং ৱাৰ্ডত থকা এই পথটোৰ অধিকাংশ ঠাইতে এজাক বৰষুণ দিলেই পুখুৰী সদৃশ গাতঁ।৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তীৰ্থ নগৰী বৃহত্তৰ হাজোলৈ নিতৌ অহা-যোৱা কৰে শশ লোকে।নামমাত্ৰ মেৰামতি কৰি একাংশ ঠিকাদাৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে পথটি।

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই…

গুৱাহাটীৰ বেটকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত যোৱা কালিৰে পৰা অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাৰ লগতে বহু কেইগৰাকী গণ্য মাণ্য ব্যক্তি । এই এক্সপ ট্ৰেড ফেয়াৰ অহা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব ।

এই অনুষ্ঠানে উদ্যোগী ব্যক্তি সকলক তেখেতসকলৰ থলুৱা উৎপাদন সামগ্ৰী সমূহক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ উদ্যমী যুৱক-যুৱতী সকল ব্যৱসায়িকভাৱে সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰে মন্ত্ৰী গৰাকীয়ে ।

বিগত সময়চোৱাৰ দৰে এইবাৰো লিঅ’ এক্সপ’ৰ প্ৰতি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি দেখি আপ্লুত হৈ‌ পৰিছে । মন্ত্ৰী বিমল বৰাৰ লগতে লিউঅ এক্সৰ উদ্যোক্তা সকল ।অসম চৰকাৰৰ প্ৰম’চন অৰ্গেনাইজেচনৰ সহযোগত, লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত আয়োজন কৰা এই ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’এক্সপ’ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । এই বৃহৎ আয়োজন সাফল্যমণ্ডিত কামনা কৰাৰ লগতে উদ্যোক্তা সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী বিমল বৰায়ে ।

এলন মাস্কৰ প্ৰাক্তন প্ৰেমিকাৰ একাউণ্ট ডিলিট ! চৌদিশে আলোচনা

আজিকালি টুইটাৰৰ সৈতে সম্পৰ্কিত প্ৰায় প্ৰতিটো বাতৰি আলোচনাত আছে। যেতিয়াৰ পৰা এলন মাস্কে টুইটাৰৰ দায়িত্ব গ্ৰহণ কৰিছে, প্ৰতিদিনে নতুন বস্তু আহি আছে। প্ৰথমে শীৰ্ষ মেনেজমেণ্টক আঁতৰোৱা হৈছিল আৰু তাৰ পিছত প্ৰমাণীকৰণৰ বাবে প্ৰতি মাহে ৮ ডলাৰ (৬৬০ টকা) মাচুলৰ ওপৰত প্ৰতিবেদন আহিছে। এতিয়া কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ কথা আছে। ইফালে, আন এটা খবৰ আহিছে যে এলন মাস্কৰ সৈতে সম্পৰ্কত থকা হলিউড অভিনেত্ৰী এম্বাৰ হাৰ্ডে টুইটাৰৰ পৰা নিজকে আঁতৰাই লৈছে।

এইটো এতিয়াও স্পষ্ট নহয় যে এম্বাৰ হাৰ্ডে নিজেই তেওঁৰ টুইটাৰ একাউণ্ট বিলোপ কৰিছে নে টুইটাৰৰ দ্বাৰা আঁতৰাই দিয়া হৈছে। এম্বাৰ হাৰ্ড বা টুইটাৰৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাই। এম্বাৰ হাৰ্ডৰ প্ৰস্থানৰ বিষয়ে অধিক আলোচনা কৰা হৈছে কাৰণ তেওঁ এবছৰতকৈ অলপ বেছি সময় এলন মাস্কৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকৰ বিবাহৰ খবৰ আহিবলৈ আৰম্ভ কৰিছিল, কিন্তু বিয়াখন হোৱা নাছিল।

বলীউৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱান এক জটিল ৰোগত আক্ৰান্ত…

বৰুণ ধাৱান এই মুহূৰ্তত বলীউৰ মূলসুঁতিৰ বাণিজ্যিক চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেতা। শেহতীয়াকৈ তেওঁৰ ‘যুগ যুগ জিয়ো’ ছবিখন মুক্তি পাইছে। ছবিখন বক্স অফিচত যথেষ্ট সফলো হৈছে। ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় ১৩৫ কোটি টকা। বৰ্তমান বৰুণ বলীউডৰ অন্যতম ব্যস্ত অভিনেতা। কিন্তু শেহতীয়াকৈ খবৰ পোৱা গৈছে যে বৰুণ ধাৱান এক জটিল ৰোগত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ জনায় ‘অভিনেতাজনৰ ভেষ্টিবুলাৰ হাইপোফাংচন’ আছে।

সাক্ষাৎকাৰত অভিনেতাজনে কয় যে তেওঁ হঠাতে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। কেৱল সেয়াই নহয়। অভিনেতাজনে কয়, “কোভিডৰ পিছৰ সময়ছোৱাত হঠাতে সকলোৱে সেই নিগনি দৌৰ আৰম্ভ কৰিছিল। মইও তেনে কৰিছিলো। ‘যুগ যুগ জীয়ো’ৰ প্ৰচাৰৰ সময়ত মই এনে অনুভৱ কৰিছিলো যেন মই নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ ওলাইছো। আমি কেবল দৌৰিয়েই ফুৰিছো।”

দৰাচলতে ভেষ্টিবুলাৰ হাইপোফাংচন ৰোগে জীৱনৰ ভাৰসাম্য বিনষ্ট কৰে।  কোভিডৰ পিছৰ সময়ছোৱাত জীৱনৰ এই নিগনি দৌৰত কেতিয়াবা কেতিয়াবা সেই সমস্যাৰ সন্মুখীন হোৱা বহুলোক আছে। তাৰকাসকল সদায় লাইমলাইটত থাকে বুলিয়েই তেওঁলোকৰ জীৱন একেবাৰে মসৃন তেনেকৈ ভবাৰ কোনো কাৰম নাই। তেওঁলোকেও আন দহজনৰ দৰে শাৰীৰিক ৰোগত ভুগিব লগা হয়।

শীঘ্ৰেই ৰৰুণক অমৰ কৌশিক পৰিচালিত ‘ভেৰিয়া’ত দেখা পোৱা যাব। এই ছবিখনত বৰুণক কৃতি শ্যাননৰ সৈতে দেখা যাব। ইয়াৰ উপৰিও বৰুণক ‘বাওৱাল’ত জাহ্নৱী কাপুৰৰ সৈতে দেখা যাব।

হেঙুল থিয়েটাৰৰ মঞ্চত অনবদ্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছে টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেতা ‘নয়নজ্যোতি’য়ে। তিনিটিকৈ চৰিত্ৰতেই দক্ষতা প্ৰদৰ্শন।

টেলিভিচন জগতৰ তেওঁ এজন তেনেই চিনাকি মুখ। অতি শেহতীয়াকৈ মনোৰঞ্জন চেনেল ‘ৰঙ’ত সম্প্ৰচাৰ হোৱা ‘বৰষুণ’ নামৰ ধাৰাবাহিকখনত আবিৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰি অসমৰ ঘৰে ঘৰে চিনাকি হৈ পৰা অভিনেতাগৰাকী হৈছে নয়নজ্যোতি।

কাৰ্বি আংলঙৰ বোকাজানত জন্মলাভ কৰা আৰু পৰৱৰ্তী সময়ত পৰিয়াল সহিতে গোলাঘাটৰ স্থায়ী বাসিন্দা হোৱা নয়নজ্যোতিয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল আলী হাইদৰৰ নাটক ‘অহৈতুক স্বদেশপ্ৰীতি’ৰে। স্কুলীয়া দিনতে এইদৰে অভিনয় আৰম্ভ কৰা নয়নজ্যোতিয়ে বিভিন্ন নাটকত অভিনয় কৰি আহি বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু পৰৱৰ্তী সময়ত গোলাঘাটৰ ডিআৰ কলেজৰ পৰা শিক্ষা সাং কৰি গুৱাহাটীৰ National institute of Fashion and Textile technology, Guwahatiৰ পৰা মডেলিং আৰু গ্ৰুমিঙৰ ডিপ্লমা আৰু SR Film institute, Guwahatiৰ পৰা অভিনয়ৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে। আৰম্ভ কৰে কেমেৰাৰ আগত অভিনয়।

ৰাজেশ ভূঞা পৰিচালিত ভিডিঅ’ ছবি ‘চানেকি’ৰে কেমেৰাৰ সমুখত অভিনয় কৰিবলৈ আৰম্ভ কৰা নয়নজ্যোতিয়ে পৰৱৰ্তী সময়ত ‘তুমি দুচকুত কাজল ল’লে’, ‘পিতা-পুত্ৰ’,’বৈদেহী’,’অৰ্ধাংগিনী’,’আবেলিৰ ৰামধেনু’,’অচিন চিনাকি’,’উৰণীয়া মন’,’নিয়ৰৰ ফুল’,’নেদেখা ফাগুণ’,’অস্তিত্ব’,’অন্তহীন’,’অৱতাৰ’ আদি বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি অসমৰ দৰ্শকৰ প্ৰিয় হৈ পৰে।শেহতীয়াকৈ মনোৰঞ্জন চেনেল ‘ৰঙ’ত সম্প্ৰচাৰ হোৱা ‘বৰষুণ’ নামৰ ধাৰাবাহিকখনত আবিৰ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰি অসমৰ ঘৰে ঘৰে চিনাকি হৈ পৰা অভিনেতাগৰাকী হৈছে নয়নজ্যোতি।

চলিত নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত অভিষেক ঘটাইছে নয়নজ্যোতিয়ে। তিনিখন ভিন্নস্বাদৰ নাটকত তিনিটা ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে নয়নে। নয়নৰ অভিনয়ে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ দৰ্শক তথা অন্য জৰিত লোকসকলকো মোহিত কৰি তোলা দেখা গৈছে। হিমাংশু প্ৰসাদ দাসৰ ‘ৰঘুনাথ’ নাটকত এজন কৰ্তব্য পৰায়ণ দায়িত্বশীল আৰক্ষী বিষয়া, প্ৰনৱ বৰুৱাৰ ‘গোন্ধ’ নাটকত এজন খলনায়ক আৰু ৰাজদ্বীপৰ ‘বুদ্ধদেৱ’ নাটকত এটা অতিকৈ জটিল দ্বৈত চৰিত্ৰত নয়নে যি অভিনয় কৰিছে, সেয়া দৰ্শকে বহুদিনলৈ মনত ৰাখিব। দীৰ্ঘদেহী সুদৰ্শন নয়নজ্যোতিৰ সাৱলীল সংলাপ প্ৰক্ষেপণ, সমতুল শৰীৰ সঞ্চালনে ভ্ৰাম্যমাণৰ মঞ্চতো তেওঁৰ দক্ষতাৰ উমান দিছে। প্ৰথমটো নাট্যবৰ্ষতে কোনো খোকোজা নলগাকৈ তিনিওটা চৰিত্ৰ ৰূপায়ণ কৰাত সফল হৈছে নয়নজ্যোতি।

যিসকল যুৱ অভিনেতাই বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছে সেইসকলৰ ভিতৰত সকলোৰে চকুত পৰাকৈ সুন্দৰ অভিনয় কৰিবলৈ সক্ষম হোৱা এজন হৈছে নয়নজ্যোতি। আশা কৰা হৈছে অনাগত সময়ত নয়নজ্যোতি হৈ পৰিব অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন নিৰ্ভৰযোগ্য অভিনেতা,যাক মূল চৰিত্ৰ হিচাপে লৈ নাট্যকাৰে নাটক ৰচনা কৰিবলৈ বাধ্য হ’ব।

হেঙুল থিয়েটাৰৰ মঞ্চত অনবদ্য অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছে টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেতা নয়নজ্যোতিয়ে। তিনিটিকৈ চৰিত্ৰতেই দক্ষতা প্ৰদৰ্শন।

যিসকল যুৱ অভিনেতাই বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছে সেইসকলৰ ভিতৰত সকলোৰে চকুত পৰাকৈ সুন্দৰ অভিনয় কৰিবলৈ সক্ষম হোৱা এজন হৈছে নয়নজ্যোতি। আশা কৰা হৈছে অনাগত সময়ত নয়নজ্যোতি হৈ পৰিব অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন নিৰ্ভৰযোগ্য অভিনেতা,যাক মূল চৰিত্ৰ হিচাপে লৈ নাট্যকাৰে নাটক ৰচনা কৰিবলৈ বাধ্য হ’ব।

স্বামী আগতে মহিলা, বিয়াৰ আঠ বছৰ পিছত ৰহস্য জানিব পাৰি আৰক্ষীত অভিযোগ পত্নীৰ…

আঠ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে বিবাহিত জীৱনত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, ‘বিকৃত’ যৌনতাই তেওঁক আকৰ্ষিত কৰিছিল। মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ এনে অভিনয় দেখি আচৰিত হৈছিল। অৱশেষত স্বামীয়েই জনাই দিয়ে যে তেওঁ আচলতে লিংগ সলনি কৰি মহিলাৰ পৰা পুৰুষ হৈছিল।

বিয়াৰ ইমান দিন অতিবাহিত কৰাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ স্বীকাৰোক্তিত হতবাক হৈ পৰে। গুজৰাটৰ বদোদৰাত সংঘটিত হৈছে এই ঘটনা।

৪০ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে। তেওঁলোকে ২০১৪ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযোগ কৰা হৈছে যে মহিলাগৰাকীৰ স্বামীয়ে বিবাহৰ সময়ত লিংগ পৰিৱৰ্তনৰ কথা লুকুৱাই ৰাখিছিল।

মহিলাগৰাকীয়ে বুধবাৰে গোত্ৰী আৰক্ষী থানাত তেওঁৰ স্বামী বিৰাজ বৰ্ধনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তেওঁ বিকৃত যৌনতা আৰু প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছে। তেওঁৰ স্বামীৰ পৰিয়ালৰ সদস্যসকলৰ নামো এজাহাৰত উল্লেখ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে ৯ বছৰ পূৰ্বে বিজয় বৰ্ধনৰ সৈতে মেট্ৰিম’নিয়েল ছাইটৰ জৰিয়তে পৰিচয় হৈছিল। মহিলাগৰাকীৰ প্ৰথম স্বামীৰ ২০১১ চনত এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। তেওঁলোকৰ এগৰাকী ১৪ বছৰীয়া কন্যা সন্তানো আছে। তেওঁৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত বিজয়ৰ সৈতে ২০১৪ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকে হনিমুনৰ বাবে কাশ্মীৰলৈ গৈছিল।

মহিলাগৰাকীৰ অভিযোগ যে বিয়াৰ বহু দিনৰ পিছতো তেওঁৰ স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিব বিচৰা নাছিল। তেওঁ বহু অজুহাত দিছিল। এবাৰ জোৰ কৰাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে তেওঁক কৈছিল যে তেওঁ কেইবছৰমান আগতে ৰাছিয়াত সংঘটিত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। সেইকাৰণে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অক্ষম।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে। বাতৰি মতে ইউক্ৰেইনৰ এই অঞ্চলটো এতিয়াও ৰাছিয়াৰ সৈন্যৰ নিয়ন্ত্ৰণত আছে।

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ সৈন্যৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। তেওঁলোক এই আক্ৰমণটোত যথেষ্ট সফল হৈছিল। ইউক্ৰেইনৰ সৈন্যসকলে এতিয়া খেৰছনৰ ফালে আগবাঢ়িছে। ফলস্বৰূপে খেৰছন এক ‘সংঘৰ্ষক্ষেত্ৰ’ অঞ্চলত পৰিণত হৈ পৰিছে।

কেইদিনমান পূৰ্বে খেৰছনত ৰাছিয়াৰ প্ৰশাসনে অঞ্চলটোত অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। তাৰ পিছত বহুলোক গুচি গ’ল যদিও কিছুমান নাগৰিক এতিয়াও তাত আছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ নোভোস্তি-য়ে জনাইছে যে ক্ৰেমলিন পন্থী কৰ্মীসকলৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি পুটিনে কয় যে “খেৰছনত বাস কৰা সকলক আঁতৰাব লাগিব। অসামৰিক লোকসকল ভয়ংকৰ কৰ্মকাণ্ডৰ বলি হোৱাটো উচিত নহয়।”