Home Blog Page 188

Saiyaara Actors: কিমান ধনী ‘Saiyaara’ৰ আহান পাণ্ডে আৰু অনিত পদ্দা ? মুক্তিৰ প্ৰথম সপ্তাহতে ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰিছে ‘Saiyaara’এ

Saiyaara Actors: কিমান ধনী 'Saiyaara'ৰ আহান পাণ্ডে আৰু অনিত পদ্দা ?
Saiyaara Actors: কিমান ধনী 'Saiyaara'ৰ আহান পাণ্ডে আৰু অনিত পদ্দা ?

মুক্তিৰ পিছতে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ‘ছাইয়াৰা’ ছবিখনে। (Saiyaara Actors) ১৮ জুলাইত এই ছবিখন মুক্তি পোৱাৰ মাত্ৰ ৭ দিন হ’ল আৰু এই সাত দিনতে বহুত উপাৰ্জন কৰিছে ছবিখনে। প্ৰথম ৩ দিনতে ছবিখনে বাজেট ঘূৰাই পাইছিল আৰু এতিয়া ১৫০ কোটি অতিক্ৰম কৰিছে। সকলোতে মানুহে আলোচনা কৰিছে। এই ছবিখনে কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰি এতিয়া দ্ৰুতগতিত ২০২৫ চনৰ আটাইতকৈ ডাঙৰ হিট ছবিসমূহৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আহন পাণ্ডে আৰু অনিত পদ্দাৰ এইখন প্ৰথম ছবি যদিও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। কৃশ কাপুৰ নামৰ এজন সংগীত শিল্পী আৰু বাণী বাটৰা নামৰ এগৰাকী শান্ত কবিৰ জীৱনৰ আৱেগিক প্ৰেম কাহিনী ওপৰত আধাৰিত এই ছবিখনৰ কাহিনী। বিশেষকৈ নৱপ্ৰজন্মই এই কাহিনীৰ সৈতে নিজকে অনুভৱ কৰিছে আৰু ছবিখন চোৱাৰ পিছত আৱেগিক হৈ পৰিছে। ছবিখনৰ সফলতাৰ এক ডাঙৰ কাৰণ হ’ল ছবিখনৰ সৰলতা আৰু আৱেগিক কাহিনী।

এতিয়া ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনৰ বাজেট আছিল ৬০ কোটি, মাত্ৰ ৩ দিনতে বাজেট উঠি গৈছিল। চতুৰ্থ দিনটোতে ছবিখনে ১০০ কোটি উপাৰ্জন কৰে আৰু সপ্তম দিনলৈকে ইয়াৰ সংগ্ৰহ ১৫০ কোটি হয়। ‘ছাইয়াৰা’ এতিয়া ২০২৫ চনৰ শীৰ্ষ ৫ খন ব্লকবাষ্টাৰ ছবিৰ ভিতৰত অন্যতম।এই ছবিখনে বক্স অফিচত অভিলেখ ভংগকাৰী আৰম্ভণি কৰিছিল আৰু এতিয়া সকলোতে চৰ্চা চলিছে। এটা কথা স্পষ্ট হৈ পৰিছে যে ছবিখনে ৰাইজৰ অন্তৰত গভীৰভাৱে স্থান লৈছে।

বৰ্তমান বক্স অফিচত চমক কৰি সৃষ্টি আছে আহন পাণ্ডে আৰু অনিতা পদ্দাৰ অভিনীত ছবি ‘ছাইয়াৰা’এ। আপোনালোকে জানেনে এই ছবিখনত অভিনয় কৰা তাৰকা আহন পাণ্ডে আৰু অনিতা পদ্দাৰ সম্পত্তি কিমান।

আপোনালোকক জনাওঁ যে আহান পাণ্ডে ইতিমধ্যে বহুত ধনী। বলীউডৰ অভিনেতা চাংকি পাণ্ডেৰ ভাতৃৰ পুত্ৰ আহান পাণ্ডে। আহান পাণ্ডেৰ মাতৃ ডিয়েন পাণ্ডে এগৰাকী বিখ্যাত লেখিকা, আনহাতে আহান পাণ্ডেৰ ভগ্নী ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী।

আহান পাণ্ডেই ছবিখনৰ পূৰ্বে ইতিমধ্যে বলীউডত কাম কৰি আহিছে। আহন পাণ্ডেই সহকাৰী পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আহানে ৰক অন ২, দ্য ৰেলৱে মেন আৰু মাৰ্দানী ২ৰ দৰে বহু হিট ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰি আহিছে।

আহানে মডেলিংও কৰে। আনকি ছবিখনৰ আগতেও আহান পাণ্ডেই বলীউডত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও আনন্দ পাণ্ডেই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰাও বহুত উপাৰ্জন কৰে। আপোনালোকক কওঁ যে ছবিখন মুক্তি পোৱাৰ আগতেও আহান পাণ্ডেই মাহে ৩০ৰ পৰা ৩৫ লাখ টকা উপাৰ্জন কৰিছিল। আহান পাণ্ডেৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে তেওঁৰ মুঠ সম্পত্তি প্ৰায় ৪১ কোটি টকা যদিও এতিয়ালৈকে আহান পাণ্ডেই নিশ্চিত কৰা নাই।

অনিতা পদ্দাৰ নেট ৱৰ্থ সন্দৰ্ভত কোনো তথ্য দিয়া নাই। কিন্তু খবৰ অনুসৰি অনিতা পদ্দাৰ প্ৰায় ৫০ লাখৰ পৰা ১ কোটি টকাৰ সম্পত্তি বুলি কোৱা হৈছে। অনিতা পদ্দাৰ সম্পত্তি ছাইয়াৰাৰ ছবিৰ পিছত বহু পৰিমাণে বৃদ্ধি পাব পাৰে। কিন্তু অনিতা পদ্দাই নিজৰ সম্পত্তিৰ বিষয়ে একো প্ৰকাশ কৰা নাই।

Tanushree Dutta: জনপ্ৰিয় বলিউদৰ অভিনেত্ৰীয়ে কান্দি কান্দি ক’লে, ‘সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…’

Tanushree Dutta: জনপ্ৰিয় বলিউদৰ অভিনেত্ৰীয়ে কান্দি কান্দি ক'লে, 'সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…'
Tanushree Dutta: জনপ্ৰিয় বলিউদৰ অভিনেত্ৰীয়ে কান্দি কান্দি ক'লে, 'সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…'

‘সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…’ । এসময়ত এইগৰাকী অভিনেত্ৰীয়ে বহু হিট ছবি উপহাৰ দিছিল দৰ্শকক। (Tanushree Dutta)

সামাজিক মাধ্যমত কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে এসময়ত বলিউদত দপদপাই থকা অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী কান্দোনৰ সেই ভিডিঅ’ৰ পিছত আচৰিত হৈছে সকলো। অভিনেত্ৰীগৰাকীয়ে কয় যে মানুহে তেওঁক বহুবাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ভিতৰত আছে বলীউডৰ মাফিয়া গেং। এই মানুহবোৰে মোক সুশান্ত সিং ৰাজপুতৰ দৰে হত্যা কৰিব বিচাৰে। অভিনেত্ৰী গৰাকীৰ এই প্ৰকাশে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে।

এটা মনোৰঞ্জন পৰ্টেলৰ সৈতে কথা পাতি এই কথা প্ৰকাশ কৰে তনুশ্ৰী দত্তই। অভিনেত্ৰীগৰাকীয়ে কয়- ‘মোক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছো। এই বলীউড মাফিয়া অতি বিপদজনক। মোৰ জীৱন বিপদত। ঠিক যেনেকৈ সুশান্তৰ আছিল।’

২০১৮ চনত মেটুৰ সময়ত তনুশ্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে নানা পাটেকাৰে তেওঁৰ লগত বেয়া আচৰণ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে ‘সেইদিনাৰ পৰা আজিলৈকে তেওঁৰ চৌপাশে অহৰহ সন্দেহজনক কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে। কোনোবাই মোক অনবৰতে অনুসৰণ কৰি থাকে আৰু মোক অনবৰতে হাৰাশাস্তি কৰে।

লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে ‘কাইলৈ এই বিষয়ে মই থানাত অভিযোগ কৰিম। কৰ্তৃপক্ষক অনুৰোধ জনাইছো যে এই বিষয়টোক পূৰ্বৰ গোচৰৰ দৰে ব্যৱহাৰ নকৰিব। ইয়াৰ ওপৰত ব্যৱস্থা লওক আৰু মোক ন্যায় লাভ কৰাত সহায় কৰক। তনুশ্ৰীয়ে কয় যে তেওঁৰ পুৰণি গোচৰটো পুনৰ খুলিবলৈ কোৱা নাই। যোৱা কেইদিনমানৰ পৰা যিবোৰ ঘটনা সংঘটিত হৈ আহিছে সেইবোৰৰ ওপৰত ব্যৱস্থা লোৱাটো বিচাৰে তেওঁ। নানা পাটেকাৰৰ বিৰুদ্ধে কথা কোৱাৰ পৰাই মই য’তেই যাওঁ তাতেই মোক অনুসৰণ কৰা হৈছে। মোৰ কেৰিয়াৰ ধ্বংস হৈছে।’

Banana: সাৱধান! সকলোৰে বাবে উপকাৰী নহয় কল!

Banana: সাৱধান! সকলোৰে বাবে উপকাৰী নহয় কল!
Banana: সাৱধান! সকলোৰে বাবে উপকাৰী নহয় কল!

কলক স্বাস্থ্যকৰ ফল বুলি কোৱা হয়। (Banana) কল আঁহ, পটাছিয়াম আৰু শক্তিৰে ভৰপূৰ। কল স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যে কিছুমান মানুহৰ বাবে কল অপকাৰী! আচৰিত যেন লাগিলেও এয়া সঁচা কথা। কিছুমান ৰোগত কল খোৱাটো ক্ষতিকাৰক! যদি আপুনি প্ৰতিদিনে কল খাই, তেন্তে কোনবোৰ কাৰণত কল এৰাই চলিব লাগে জানি লওক-

যিসকল লোকৰ বৃক্ক বিকল বা বৃক্কৰ অন্যান্য সমস্যা আছে আৰু ডায়েলাইছিছ কৰি আছে তেওঁলোকে পটাছিয়ামৰ পৰিমাণ সীমিত কৰিব লাগে। বেছিকৈ কল খালে হাইপাৰকেলেমিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যজনিত গুৰুতৰ সমস্যাও হ’ব পাৰে।

হৰম’নৰ ভাৰসাম্যহীনতা যেনে থাইৰয়ড কম হোৱা বা পিচিঅ’এছ থকা লোকেও বেছিকৈ কল খাব নালাগে।

কলত টাইৰামাইন নামৰ উপাদান থাকে, যিয়ে মাইগ্ৰেইন বা মূৰৰ বিষৰ সূচনা কৰিব পাৰে। যাৰ সঘনাই মূৰৰ বিষ হয় তেওঁলোকে কল খালে সমস্যা বাঢ়িব পাৰে।

যদি পেটৰ সমস্যা আছে, তেন্তে বেছিকৈ কল খোৱাৰ পৰা বিৰত থাকিব লাগে। কলত দ্ৰৱণীয় আঁহ থাকে। বেছিকৈ কল খালে পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজমৰ সৃষ্টি হ’ব পাৰে।

বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET

বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET
বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET

ডিব্ৰুগড়, ২৩ জুলাইঃASSAM CABINET
অসম চৰকাৰৰ কেবিনেটে আজি অনুষ্ঠিত ডিব্ৰুগড় বৈঠকত এক গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। এই ধনৰ মূল লক্ষ্য হ’ল ৰাজ্যৰ শিক্ষাখণ্ডৰ আধুনিকীকৰণ আৰু মান বৃদ্ধিৰ দিশে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, এই ঋণৰ ৯০ শতাংশ অৰ্থাৎ প্ৰায় ২,৪৭৫ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উভতাই দিব, আৰু বাকী ১০ শতাংশ অৰ্থাৎ ২৭৫ কোটি টকা অসম চৰকাৰে নিজে উভতাই দিব।

এই পুঁজিৰ ব্যৱহাৰৰ মূল ক্ষেত্ৰসমূহ হ’লঃ

  • শিক্ষকসকলৰ বিজ্ঞান আৰু অংকৰ বিষয়ত দক্ষতা বৃদ্ধিৰ বাবে বিশেষ প্ৰশিক্ষণ
  • বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ বাবে মেনেজমেণ্ট তথা নেতৃত্ব প্ৰশিক্ষণ
  • বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ ওপৰত গুৰুত্ব বৃদ্ধি
  • বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মান উন্নয়ন আৰু ড্ৰপ-আউট হাৰৰ ৰোধ
  • ৪০০ খন বিদ্যালয় আধুনিক ৰূপে গঢ়ি তুলিবলৈ প্ৰত্যেকখনত ৩-৫ কোটি টকাকৈ ব্যয়
  • ১,৭৩৩ খন অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ বাবে প্ৰতিটোৰে ক্ষেত্ৰত ২৫ লাখ টকাকৈ ব্যয়

এই সিদ্ধান্তে ৰাজ্যৰ শিক্ষাখণ্ডত এক নতুন দিগন্ত উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, এই বিনিয়োগৰ ফলত শিক্ষাৰ গুণগত মান উন্নত হোৱাৰ লগতে পঢ়াশালীত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্রহণ বৃদ্ধি পাব।

ইফালে আজিৰ কেবিনেট বৈঠকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে — জাপানত অসমৰ শিক্ষিত যুৱক-যুৱতীসকলৰ চাকৰিৰ ব্যৱস্থা। এই সম্পৰ্কে ঘোষণা কৰা CMFLIGHT আঁচনিৰ অধীনত ৩০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান আৰু জাপান বা ভাৰতৰ জাপানী কোম্পানীত নিযুক্তিৰ সুযোগৰ ব্যৱস্থা কৰা হৈছে।

মুঠতে, আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এই সকলো সিদ্ধান্তে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰ আৰু যুৱসমাজৰ বাবে এক দীঘলীয়া লাভজনক দিশ স্থিৰ কৰিব বুলি চৰকাৰৰ দৃঢ় বিশ্বাস।

ৰাজ্যৰ যুৱক-যুৱতীলৈ জাপানত চাকৰিৰ সুবর্ণ সুযোগ, ঘোষণা মুখ্যমন্ত্ৰীৰ । Assam Cabinet

ৰাজ্যৰ যুৱক-যুৱতীলৈ জাপানত চাকৰিৰ সুবর্ণ সুযোগ, ঘোষণা মুখ্যমন্ত্ৰীৰ ।

ডিব্ৰুগড়, ২৩ জুলাইঃ
Assam Cabinet । অসম চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষিত যুৱ সমাজৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে যে, এতিয়া অসমৰ যুৱক-যুৱতীসকলৰ বাবে জাপানত চাকৰি কৰাৰ নতুন সুযোগ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, “এডভাণ্টেজ আছাম”ৰ জৰিয়তে চৰকাৰে বিগত কেতিয়াবা ধৰি জাপানৰ বিভিন্ন সংস্থাৰ সৈতে আলোচনা চলাই আহিছিল। সেই আলোচনা সফল হৈ, এতিয়া জাপানৰ তিনিখন প্ৰতিষ্ঠান অসম চৰকাৰৰ সৈতে অংশীদাৰ হৈ জাপানী ভাষা শিক্ষা প্ৰদান আৰু নিযুক্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এই সম্পূৰ্ণ প্ৰক্ৰিয়া জাপান চৰকাৰৰ অনুমতি সাপেক্ষে হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়, “জাপানত নিযুক্তিৰ পাছত অসমৰ যুৱ-যুৱতীসকলে মাহে প্ৰায় ২.৫০ লাখ টকা দৰমহা পাব। এই প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰায় ৩-৪ লাখ টকা খৰচ হয়, যাৰ ভিতৰত অসম চৰকাৰে ১.৫০ লাখ টকা অনুদান হিচাপে আগবঢ়াব। বাকী পৰিমাণ যুৱক-যুৱতীয়ে নিজে বহন কৰিব লাগিব।”

এই আঁচনিখন “চীফ মিনিষ্টাৰ ফ’ৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল’বেল হিউমেন টেলেণ্ট” (CMFLIGHT) নামেৰে পৰিচিত হ’ব। প্ৰথম পৰ্যায়ত ৩০০০ জন যুৱক-যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, যিসকলে বিদেশ নোৱাৰে যাব, তেওঁলোকে ভাৰতত থকা জাপানী কোম্পানীসমূহতো কৰ্মসংস্থাপন লাভ কৰিব পাৰে।

এই পদক্ষেপে অসমৰ যুৱসমাজক বিশ্বজনীন কৰ্মবাজারত আগবঢ়াবলৈ সহায় কৰিব বুলি চৰকাৰৰ আশা।

আছুৰ দাবী: “অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ’ব লাগিব”, জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান । AASU FELICITATION CEREMONY

আছুৰ দাবী: "অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ'ব লাগিব", জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান । AASU FELICITATION CEREMONY
আছুৰ দাবী: "অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ'ব লাগিব", জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান । AASU FELICITATION CEREMONY

AASU FELICITATION CEREMONY । আছুৰ দাবী: “অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ’ব লাগিব”, জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান
নলবাৰীত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত সমীৰণ ফুকনৰ কঠোৰ মন্তব্য, হৰ্ষিতা বৈশ্যৰ শিক্ষাৰ দায়িত্ব ল’ব বুলি ঘোষণা আছুৰ


অসমত বেদখল ভূমিৰ উচ্ছেদ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই (আছু) পুনৰ কঠোৰ অভিমত প্ৰকাশ কৰিছে। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে স্পষ্টভাৱে কয়, “অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ’ব লাগিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বিধিগতভাৱে সম্পাদন হ’ব লাগে। যিসকলে এই উচ্ছেদ প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা কৰে, তেওঁলোকক জাতিৰ পক্ষত থিয় দিবলৈ আহ্বান জনাইছো।”

জাতিগত সংকটৰ প্ৰতি সতৰ্কবার্তা
নলবাৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি সমীৰণ ফুকনে জাতিগত পৰিস্হিতিৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰে। তেওঁ কয়,
“আমি বহুদিন ধৰি কৈ আহিছো—এসময়ত অসমতেই অসমীয়াই অসমীয়াৰ ভগনীয়া হ’ব পাৰে। এই আশংকা এতিয়া বাস্তৱ হৈ পৰিছে। যদি কোনো মিঞাই উচ্ছেদৰ সময়ত দম দিয়ে, সেইটো জাতিৰ বাবেই ভয়ংকৰ। জাতিৰ সংকটৰ সময়ত সকলো জাতি-জনগোষ্ঠীক একত্ৰিত হৈ থকাটো অত্যাৱশ্যক।”

সমীৰণ ফুকনে AIUDF নেতা বদৰুদ্দিন আজমলৰ মন্তব্যৰো প্ৰতিবাদ কৰি কয়, “আজমলৰ শ্ৰুতলিপিত অসমীয়া নচলে, অসমীয়াই যোগ্য প্ৰত্য়ুত্তৰ দিব।”

শিক্ষাৰ দায়িত্ব ল’লে আছুৱে
এই অনুষ্ঠানতে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ঘোষণা কৰে যে, নলবাৰীৰ মৰোৱাৰ কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অৰ্থনৈতিকভাবে দুৰ্বল মেধাবী ছাত্ৰী হৰ্ষিতা বৈশ্যৰ সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব আছুৱে ল’ব। এই পদক্ষেপে আছুৰ সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।

অনুষ্ঠানৰ অন্যান্য দিশ
নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। অনুষ্ঠানত শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

বিশিষ্ট অতিথিসকলৰ ভিতৰত উপস্থিত আছিল অসম জাতীয় বিদ্যালয়ৰ সচিব প্ৰধান ডাঃ নাৰায়ণ শৰ্মা, আছুৰ উপ-সভাপতি ভৱজিত বেজবৰুৱা আদি।

আছুৰ এই দৃঢ়ভাৱে দিয়া মতামত আৰু সামাজিক উদ্যোগৰ প্ৰতি সহানুভূতিশীল দৃষ্টিৰে চাইছে ৰাজ্যবাসীয়ে। জাতিগত সংহতি, ভূমি সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰৰ বাবে এনে পদক্ষেপে অসমীয়া সমাজত এক নতুন আশা জগাইছে।

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA
নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰী, ২৩ জুলাইঃDR BASANTA KUMAR BHATTACHARYA । অসমীয়া সাহিত্যৰ পুৰোধা, নলবাৰী ৰত্ন, সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানে সমগ্ৰ ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। বুধবাৰে পুৱা ৪.৪৫ বজাত, নলবাৰীৰ বিদ্যাপুৰস্থিত নিজৰ বাসগৃহত ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদগৰাকীয়ে।

তেওঁৰ বিয়োগে অসমীয়াত্মা সাহিত্য-সংস্কৃতিৰ জগতখনত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে। নলবাৰীবাসীৰ বাবে এই ক্ষতি এক অভিভাৱক হেৰুৱোৱাৰ সমান।

📖 ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু শিক্ষা

ড৹ ভট্টাচাৰ্যৰ জন্ম ১৯৪২ চনৰ ১ ফেব্ৰুৱাৰী, নলবাৰীত। তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল ১৯৪৭ চনত বালিজাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুল, আৰু ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰি ১৯৫৯ চনত সংস্কৃতত লেটাৰ নম্বৰে প্ৰবেশিকা উত্তীৰ্ণ হয়।

১৯৬১ চনত কটন কলেজৰ পৰা আই.এস.চি পাস কৰা পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও অসুস্থতাৰ বাবে মাঝপথতে শিক্ষা বন্ধ কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৬৪ চনত স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

🕯️ সাহিত্য সমাজত গভীৰ শোক

তেওঁৰ বিয়োগৰ খবৰত নলবাৰী তথা সমগ্ৰ অসমৰ সাহিত্য সমাজ শোকস্তব্ধ। অঞ্চলটোৰ বহু সাহিত্য অনুরাগী, শিক্ষাবিদ, সমাজকৰ্মী আৰু শ্ৰদ্ধাৱান ৰাইজে সাহিত্যাচাৰ্যগৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে।

বিশিষ্ট সাহিত্যিকগৰাকীক ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তেওঁৰ নশ্বৰ দেহ নলবাৰী সাহিত্য সভা আৰু শ্বহীদ ভৱনৰ বাকৰিলৈ লৈ যোৱা হয়, য’ত অসংখ্য গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্ঘ্যৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

সৰল জীৱন, দীপ্ত সাহিত্য–এই দুয়োটাই আছিল ড৹ ভট্টাচাৰ্যৰ পৰিচয়। তেওঁৰ অবদান অসমীয়াৰ মন-প্ৰাণত চিৰস্মৰণীয় হৈ থাকিব।

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য । AGP

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য ( AGP )
বিদ্ৰোহৰ উকমুকনিৰ মাজত দিল্লীত অতুল বৰাৰ স্পষ্ট বক্তব্য, বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰাৰ আহ্বান

নতুন দিল্লী, ২৩ জুলাইঃ
অসম গণ পৰিষদ (অগপ)ত দেখা দিয়া অন্তর্দ্বন্দ্ব আৰু বিদ্ৰোহৰ উকমুকনিৰ মাজতে দিল্লীত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে দলটোৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী অতুল বৰায়ে। সাংবাদিকৰ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে। আমি উজনি অসমৰ বিভিন্ন জিলালৈ গৈছো আৰু দলৰ কৰ্মীসকলৰ লগত মত-বিনিময় কৰিছো। বাকী শেহতীয়াকৈ দুই-এদিনত কি হৈছে মই সঠিকে খবৰ ৰখা নাই।”

মিত্ৰতাৰ ধৰ্ম পালনৰ আহ্বান
বিজেপিৰ সৈতে মিত্ৰতাৰ বিষয়ে মন্তব্য কৰোঁতে অতুল বৰা কয়, “আমি বিচাৰো যে মিত্ৰতাৰ ধৰ্ম সকলোৱে পালন কৰা উচিত। বিজেপিয়েও পালন কৰিব লাগে, আমিও পালন কৰিছো। ঠাইবিশেষে কিছু ঘটনা-পৰিঘটনা হ’ব পাৰে, কিন্তু দলটোৰ শৃংখলা ৰক্ষা কৰাটো প্ৰথম। যোৱা ১১ বছৰত মই কাৰো লগত আপোচ কৰা নাই।”

দলৰ বিদ্ৰোহৰ প্ৰতি দৃষ্টিভংগী
অতুল বৰাই দলৰ শৃংখলা আৰু গঠনতান্ত্ৰিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়,
“দলটো কাৰো পৈতৃক সম্পত্তি নহয়। তৃণমূলৰ আবেগক আমি সন্মান কৰো। কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কেতিয়াবা ডাঙৰ নেতাও আঁতৰি যায়, কিন্তু দলটো ৰাইজৰ তেজেৰে গঢ়া সংগঠন। মই নিজেও নাভাবো যে অগপ কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে।”

তেওঁ লগতে কয়, “দলটোক শৃংখলাবদ্ধ কৰি ৰখাৰ বাবে যিমান কঠোৰ হ’ব লাগে, আমি সিমান কঠোৰ হ’ম। কাৰোবাৰ উচটনিত যোৱাটোও ঠিক নহয়।”

কৃষি সংকটৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা
সাম্প্ৰতিক বানপানী আৰু খৰাং সদৃশ পৰিৱেশ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ বিষয়ে অতুল বৰাই জনায়, “অসম চৰকাৰৰ জ্যেষ্ঠ কৃষি বিষয়াসকলৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভাগীয় বিষয়াৰ সৈতে ব্যাপক আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে যি সমস্যাসমূহ উল্লেখ কৰিছে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হৈছে।” তেওঁ আশা প্ৰকাশ কৰে যে অসমৰ কৃষিসংক্রান্ত সমস্যাসমূহৰ সদ্য সমাধান হ’ব।

বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ
অগপ নেতৃত্ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে দিল্লীত এক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত অতুল বৰাৰ সৈতে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আৰু লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত আছিল।

এই সাক্ষাৎ সন্দৰ্ভত অতুল বৰাই কয়, “অসম গণ পৰিষদে এনডিএ মিত্ৰশক্তিৰ দীৰ্ঘদিনীয়া অংশীদাৰ হিচাপে অসমৰ উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত সদায় আগভাগত আছে।”

দলৰ ভিতৰত অন্তঃকলহৰ মাজতো অতুল বৰাৰ এই মন্তব্যই দলটোক স্থিতিশীলতা আৰু শৃংখলাৰ পথত আগবাঢ়িবলৈ স্পষ্ট সংকেত প্ৰদান কৰিছে বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত।

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনা , স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনাস্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar
উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনাস্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar

নতুন দিল্লী, ২৩ জুলাইঃVice President Jagdeep Dhankhar
৭৪ বছৰীয়া উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আচৰিতভাৱে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত ধনখড়ৰ কাৰ্যকাল ২০২৭ চনলৈকে অৱধাৰিত আছিল। কিন্তু চলিত বৰ্ষাকালীন সংসদীয় অধিৱেশনৰ প্ৰথম দিনটোতে তেওঁ পদত্যাগ কৰে।

ধনখড়ে স্বাস্থ্যজনিত কাৰণ দেখুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু পদত্যাগটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হয়। কিছুমাহ আগতেই তেওঁ দিল্লীৰ AIIMS-ত এঞ্জিওপ্লাষ্টি কৰাইছিল আৰু মাৰ্চ মাহত চিকিৎসালয়তো ভৰ্তি হৈছিল।

তেওঁৰ এই হঠাৎ সিদ্ধান্তলৈ বিৰোধীয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এক্সত প্ৰকাশ কৰা এখন পোষ্টত পদত্যাগক “আশ্চৰ্যজনক” বুলি আখ্যা দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত সন্দৰ্ভত পূৰ্বৰ কোনো তথ্য আছিল নে নাই সেয়া স্পষ্ট কৰিবলৈ দাবী কৰে।

গগৈয়ে কয়,
“তেওঁলোকৰ পূৰ্বৰ তথ্য আছিল নেকি আৰু মসৃণ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে নেকি সেয়া স্পষ্ট কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কাম। উপ-ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত কালি জ্যেষ্ঠ মন্ত্ৰীসকলৰ অনুপস্থিতিয়ে এতিয়া আৰু অধিক তাৎপৰ্য বহন কৰিছে।”

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি ধনখড়ৰ সুস্বাস্থ্য কামনা কৰি কয়,
“শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰূপে দেশ সেৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।”

ধনখড়ৰ পদত্যাগৰ এদিন পিছতে মঙলবাৰে ৰাজ্যসভা উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত সদনৰ পুৱা বৈঠক চলাইছিল। কিয়নো উপ-ৰাষ্ট্ৰপতিয়েই ৰাজ্যসভাৰ অধ্যক্ষ হোৱাৰ বাবেই সাধাৰণতে ধনখড়ে দিনৰ আৰম্ভণিত সদনৰ কাৰ্যবাহী দিশ পৰিচালনা কৰিছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ধনখড়ৰ পদত্যাগ সন্দৰ্ভত এক প্ৰসংগত কয় যে,
“কালি দিনৰ ১২:৩০ বজাত তেওঁ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষতা কৰিছিল, আৰু তাৰ পিছত দুপৰীয়া ১ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিল যাতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু কিৰেন ৰিজিজু সেই বৈঠকত উপস্থিত নহ’ল।”

তেওঁ লগতে উল্লেখ কৰে যে ধনখড় নিয়ম-নীতি আৰু শিষ্টাচাৰৰ ক্ষেত্ৰত অতি সজাগ আছিল, আৰু নিজৰ কাৰ্যকালত এই নিয়মবোৰ অগ্ৰাহ্য হোৱা বুলি উপলব্ধি কৰিছিল।

এই হঠাৎ পদত্যাগৰ পটভূমিত কেন্দ্ৰীয় চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো স্পষ্ট মন্তব্য পোৱা হোৱা নাই। এতিয়া ৰাজনৈতিক মহলত এই পদত্যাগৰ অন্তৰ্নিহিত কাৰণ আৰু সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়ে চৰ্চা অব্যাহত আছে।

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI
ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

XASIPOTIYA PUTHI । ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি
অসমীয়া ধ্রুপদী ভাষাৰ গৰিমা বৃদ্ধি কৰিবলৈ শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ অনন্য পদক্ষেপ
অসমীয়া ভাষাৰ ধ্রুপদী গৰিমাক অধিক মহিমামণ্ডিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। কলাক্ষেত্ৰ সমাজৰ সৌজন্যত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে পাঁচখন অমূল্য সাঁচিপতীয়া পুথি আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য আৰু সাহিত্য-সংস্কৃতিৰ ধাৰাবাহিকতাৰ গতি অধিক দৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, এই পুথিকেইখন অসমৰ বিভিন্ন সত্ৰৰ পৰা সংগ্ৰহ কৰা হয়—

  1. ‘কীৰ্তন ঘোষা’ – মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ পৰা সংগৃহীত, যি মহাপুৰুষ শংকৰদেৱৰ ৰচনা।
  2. ‘আদি দশম’ – শ্ৰীশ্ৰী নৰোৱা কুঁজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীৰ পৰা সংগৃহীত, যি ভাগৱতৰ দশম স্কন্ধৰ ভাবানুবাদ।
  3. ‘নামঘোষা’ – মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ পৰা সংগৃহীত, মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত।
  4. ‘ভক্তি ৰত্নাৱলী’ – তিতাবৰৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীৰ সহায়ত সংগৃহীত, যি বিষ্ণুপুৰী সন্ন্যাসীৰ ৰচনাৰ মাধৱদেৱৰ অনুবাদ।
  5. ‘গীত গোৱিন্দ’ – জয়দেৱৰ সংস্কৃত মূল ৰচনাৰ ওপৰত আধাৰিত কবিৰাজ চক্ৰৱৰ্তীৰ অসমীয়া অনুবাদ; যোৰহাটৰ সুৰেন ফুকনে দান হিচাপে আগবঢ়োৱা।

এই পুথিসমূহ মঙলবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত অসম ভৱনৰ আৱাসিক আয়ুক্তৰ উপস্থিতিত কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি ভৱন সচিবালয়ৰ সচিব দিপ্তী উমাশংকৰৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

সুদর্শন ঠাকুৰে এই পদক্ষেপ সফল কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সকলো সত্ৰ, ব্যক্তিগত দাতাসকল তথা অসম চৰকাৰৰ সকলো স্তৰৰ বিষয়াসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এই অনুষ্ঠান আৰু উদ্যোগে অসমীয়া ধ্রুপদী ভাষাৰ ইতিহাস, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰত অধিক উচ্চতালৈ লৈ যোৱাৰ পথ মুকলি কৰি দিলে।