Home Blog Page 1886

নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউনচেলিংৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন…

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে আজি নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়।

কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে উপস্থিত ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত কাউনচেলিং কৰে ৷

গুৱাহাটীৰ প্ৰতিস্থিত “এইম” প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত কেৰিয়াৰ কাউইচেলিংৰ এই প্ৰশিক্ষণ শিৱিৰটো নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে এ.বি.বি. এছ বাংগালোৰৰ বিষয়া শংকৰ মুৰুলীধৰণ,ব্যক্তিগত খণ্ডৰ চিৎকাৰা বিশ্ববিদ্যালয়ৰ উপ প্ৰৱন্ধক

অক্ষয় কুমাৰ,এমবিচন ইন মাইণ্ডৰ প্ৰতিষ্ঠাতা তথা উত পূৱ ভাৰতৰ দায়িত্বৰত বিষয়া চেলিমা জুলফিকৰ লস্কৰ,ডাঃ কিৰণ জি ৰেড্ডী,শংকৰ দেৱদত্ত,অৰিন্দম মুদক,টিংকুমনি বৰা,ডাঃ ৰঞ্জিত সিংৰ লগতে অন্যান্য বহু কেইজনে কেৰিয়াৰ কাউইচেলিংৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে ৷

আজিৰ এই কেৰিয়াৰ কাউইচেলিং প্ৰশিক্ষণ শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বহুকেইখন উচ্চ মানবিশিষ্ট ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কাউনচেলিঙ সকলে অংশগ্ৰহণ কৰে ৷

দিনযোৰা অনুষ্ঠানটিৰ আতঁধৰে নগাঁৱৰ উদীয়মান যুৱতী বৰষা বৰাই ৷ দেশৰ সৰ্ব্বমুঠ ১৫ খনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আজিৰ এই কেৰিয়াৰ কাউনচেলিঙ প্ৰশিক্ষণ শিৱিৰত ৷

বিলাসীপাৰাত আৰম্ভ অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

বিলাসীপাৰাত আৰম্ভ হয় পঞ্চম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপত ২০২২-২৩ বৰ্ষৰ ক্ৰিকেট প্ৰতিযোগিতা।


বিলাসীপাৰা জিলা ক্ৰিকেট সন্থাৰ সহযোগত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল-পথাৰত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।মহকুমাধিপতিয়ে মুকলি কৰা প্ৰতিযোগিতা খনত মুঠ ৯খন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব।


আজিৰ পৰা ৮ জানুৱাৰী ২০২৩ তাৰিখলৈ চলিব এই প্ৰতিযোগিতা।

উল্লেখযোগ্য যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে- মহকুমাটোৰ মুঠ ৯টা ক্ৰিকেট দলে।

আজি এই অনুষ্ঠানত জিলা ক্ৰিকেট সন্থাৰ সভাপতি, সম্পাদক আৰু গুণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

-জহিৰুল ইছলামৰ

দৈনন্দিন বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক জয়দেৱ ডেকালৈ মুক্ত কবি কন্ঠ যুৱ সাংবাদিকতা বঁটা ২০২২

দৈনন্দিন বাৰ্তা কাকতৰ দিপীলাৰ জ্যেষ্ঠ সাংবাদিক জয়দেৱ ডেকাক মুক্ত কবি আন্তৰ্জাতিক মঞ্চই প্ৰদান কৰিলে মুক্ত কবি কন্ঠ যুৱ সাংবাদিকতা বঁটা ২০২২ ৷

টেঙাখাত গ্ৰাম্য পৰ্যটন মেলাৰ স্থলিত উখল মাখল পৰিবেশ

ন-খঙীয়া গাওঁ সুৰক্ষা উন্নয়ন সমিতিৰ উদ্যোগ তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত ন-খঙীয়া বীৰ লাচিত বৰফুকন খেলপথাৰত আগন্তুক ৬-৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হব লগা টেঙাখাত গ্ৰাম্য পৰ্যটন মেলাৰ বাবে ইতিমধ্যে গঠন হোৱা উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

আজি উদযাপন সমিতিৰ তৎপৰতাত গাৰ্গী চেতিয়াৰ নতৃত্বত গামখাৰু নৃত্য দল ,কল্যাণ বৰবড়াৰ নেতৃত্বত পশ্চিম পানধোৱা সোনোৱাল হুঁচৰী দল ,তুফান সিং ভূমিজৰ নেতৃত্বত পৃথুনগৰ ঝুমুৰ দল ,

কিৰণ সন্দিকৈৰ নেতৃত্বত ন-খঙীয়া ভক্তি প্ৰেৰক দিহানাম দল ,হিমাদ্ৰী সোনোৱালৰ নতৃত্বত দক্ষিণ কপহুৱা গাভৰু লেচেৰী দল ,

ৰিঞ্জুৱানা ৰহমানৰ নেতৃত্বত ভেৰেকীবাম জিকিৰ দল তথা বড়ো মিচিং বিহু দল আদিয়ে অভ্যৰ্থনা সমিতি তথা বহু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উৎসৱমুখৰ পৰিবেশত অনুশীলন কৰা পৰিলক্ষিত হয় ।

– ব্ৰজেন গগৈ

দেৰগাঁৱৰ বাঁহগুৰি উদয়ন জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান…

১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ বাঁহগুৰি উদয়ন জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

১৬,১৭ ডিচেম্বৰৰ বিভিন্ন কাৰ্য্যসূচীৰ সফল সামৰণিৰ পাছত আজি অথাৎ ১৮ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেকে আদিকৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

আজি এই মুকলি সভাতে বিদ্যালয় খনৰ লগত ওতপ্ৰোত ভাবে জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।

দিব্য জ্যোতি কাকতি

পদিনাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

পদিনাৰ উপকাৰিতা :

সাধাৰণতে চাহ,চাটনী বা অন্য ৰন্ধন প্ৰকৰণত প্ৰয়োগ কৰা পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি । কেইবাটাও বৰ্ণসংকৰ প্ৰজাতিত উপলব্ধ এই চিৰসেউজ তৃণজাতীয় গছবিধ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে পোৱা যায় । পদিনাৰ সুগন্ধি আয়ুৰ্ৱেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । সুস্বাস্থ্যৰ বাবে বিভিন্ন প্ৰকাৰে উপকাৰী পদিনাৰ কেইটামান বিশেষ প্ৰয়োগৰ বিষয়ে জানো আহক-

(১) চালাডত পদিনাৰ পাতৰ প্ৰয়োগ কৰাটো স্বাস্থ্যবৰ্ধক । যদি সদায় পদিনাৰ কেইটামান পাত চোবাই খাব পৰা যায়,তেন্তে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়ৰিয়া আদি ৰোগৰ পৰা হাত হাৰিব পাৰি ।

(২) পদিনাৰ ৪-৫ টা পাত লৈ পানীত উতলাৱক আৰু পানীখিনি ঠাণ্ডা হোৱাৰ পাছত ফ্ৰিজত ৰাখক । সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ আঁতৰ হয় ।

(৩) পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয় ।

(৪) পদিনাৰ পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয় । এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদি পলাই যায় ।

(৫) এটা গামলাত পানী লৈ সেই পানীত কেইটোপালমান পদিনাৰ তেল মিহলাই তাত ভৰিকেইটা ৰাখি থলে ভাগৰ নোহোৱা হয় ।

(৬) পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ললে শালমইনা, বিভিন্ন দাগ,মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয় ।

(৭) হঠাতে পেট বিষ হলে পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সৈন্ধৱ লৱণ মিহলাই সেৱন কৰিলে লাভ হয় ।

(৮) যদি কাহ হয়,তেন্তে পদিনা মিহলাই তৈয়াৰ কৰা চাহৰ লগত অকণমান নিমখ দি খালে আৰাম পোৱা যায় ।

(৯) পদিনাৰ পাতৰ সজীৱ ৰস ক্ষয়ৰোগ,অষ্টমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপকাৰী ।

(১০) পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি,পানীলগা,জ্বৰ আদি ৰোগ উপশম হয় । লগতে নিমুনিয়াৰ দ্বাৰা দেখা দিয়া লক্ষণসমূহো নষ্ট হৈ যায় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

গাঁঠিৰ বিষৰ সমস্যাত ভুগিছে নেকি? কিছুমান বিশেষ যোগাসন কৰাৰ অভ্য়াস গঢ়ি তোলক

বাতবিষ বা বাতবিষৰ বাবে গাঁঠিৰ তীব্ৰ বিষৰ সমস্যা। ঠাণ্ডাৰ দিনত এই বিষ বেছিকৈ বাঢ়ে। বিশেষকৈ যদি আপোনাৰ বয়স বা ওজন বেছি হয়, তেতিয়া হাড়বোৰ দুৰ্বল হৈ পৰে আৰু বিষৰ সমস্যা বাঢ়ি যায়। যদি আপুনি শীতৰ দিনত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে দৈনিক কিছুমান বিশেষ যোগাসন কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

  • পোনে পোনে থিয় হওক। সোঁ ভৰিখন বাওঁফালে বেঁকা কৰি বাওঁ উৰুত ৰাখক।

এতিয়া উশাহ লোৱাৰ সময়ত দুয়োখন হাত ওপৰলৈ তুলি মূৰৰ ওপৰত দুয়োখন হাতৰ তলুৱা সংযোগ কৰি নমস্তে অৱস্থান কৰক।

লাহে লাহে উশাহ এৰি হাত দুখন তললৈ নমাই আনিব। এতিয়া ভৰিখন আঁঠুৰ পৰা আঁতৰাই তললৈ নমাই ৰাখক।

পশ্চিম দিশলৈ গতি

এই যোগাসন কৰিবলৈ পিঠিখন পোন হৈ ভৰি দুখন আগফালৰ ফালে ৰাখি বহিব লাগে।

এতিয়া হাত দুখন ওপৰলৈ তুলি একেলগে উশাহ লওক।

উশাহ এৰি দিওঁতে লাহে লাহে আগলৈ বেঁকা হ’ব।

ডিঙি তললৈ নমাই ভৰি চুবলৈ চেষ্টা কৰক। তাৰ পিছত সাধাৰণ অৱস্থালৈ উভতি যাওক।

ত্ৰিকোনাসন

  • ভৰি দুখন পৃথক কৰি পোনে পোনে থিয় হওক।

লাহে লাহে উশাহ লওক আৰু উশাহ এৰি দিওঁতে শৰীৰটো সোঁফালে হেলনীয়া কৰক। এতিয়া বাওঁহাতখন ওপৰলৈ তুলি পোন কৰি লওক।

  • সোঁহাতখন আঁঠু বা মজিয়াত ৰাখক, থিয় হ’লে সহায় কৰিব।

কিছু সময়ৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। তাৰ পিছত আনফালে এই যোগাসন পুনৰাবৃত্তি কৰক।লওক, তাৰ পিছত হাত দুখন আগলৈ লৈ যাওক, আৰু তাৰ পিছত মেৰুদণ্ড বেঁকা কৰি পোন কৰক।হাত আৰু আঁঠু মাটিত ৰাখিব। লাহে লাহে উশাহ লৈ গৰুৰ ভংগীমালৈ আহক।

তাৰ পিছত উশাহ এটা লৈ পুনৰ এই কাৰ্য্য পুনৰাবৃত্তি কৰক।


নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউনচেলিঙৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়। কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে উপস্থিত ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত কাউনচেলিং কৰে ৷ গুৱাহাটীৰ প্ৰতিস্থিত “এইম” প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত কেৰিয়াৰ কাউইচেলিংৰ এই প্ৰশিক্ষণ শিৱিৰটো নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে এ.বি.বি. এছ বাংগালোৰৰ বিষয়া শংকৰ মুৰুলীধৰণ,ব্যক্তিগত খণ্ডৰ চিৎকাৰা বিশ্ববিদ্যালয়ৰ উপ প্ৰৱন্ধক অক্ষয় কুমাৰ,এমবিচন ইন মাইণ্ডৰ প্ৰতিষ্ঠাতা তথা উত পূৱ ভাৰতৰ দায়িত্বৰত বিষয়া চেলিমা জুলফিকৰ লস্কৰ,ডাঃ কিৰণ জি ৰেড্ডী,শংকৰ দেৱদত্ত,অৰিন্দম মুদক,টিংকুমনি বৰা,ডাঃ ৰঞ্জিত সিংৰ লগতে অন্যান্য বহু কেইজনে কেৰিয়াৰ কাউইচেলিংৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে ৷

এই কেৰিয়াৰ কাউইচেলিং প্ৰশিক্ষণ শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বহুকেইখন উচ্চ মানবিশিষ্ট ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কাউনচেলিঙ সকলে অংশগ্ৰহণ কৰে ৷ দিনযোৰা অনুষ্ঠানটিৰ আতঁধৰে নগাঁৱৰ উদীয়মান যুৱতী বৰষা বৰাই ৷ দেশৰ সৰ্ব্বমুঠ ১৫ খনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আজিৰ এই কেৰিয়াৰ কাউনচেলিঙ প্ৰশিক্ষণ শিৱিৰত ৷

জাহ্নৱী কাপুৰক পুনৰ দেখা গ’ল প্ৰাক্তন প্ৰেমিক শিখৰ পাহাদিয়াৰ সৈতে, ভাইৰেল হৈ পৰিল ভিডিঅ’

জানহৱী কাপুৰক পুনৰ এবাৰ দেখা গ’ল প্ৰাক্তন প্ৰেমিক শিখৰ পাহাদিয়াৰ সৈতে, ভিডিঅ’ ভাইৰেল হৈ পৰিল
জানহৱী কাপুৰ শিখৰ পাহাৰিয়া ভিডিঅ’: দিল্লীৰ এক অনুষ্ঠানত দেখা গ’ল জানহৱী কাপুৰ আৰু শিখৰ পাহাৰিয়া। এই সময়ছোৱাত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে জানহৱী কাপুৰ শিখৰ পাহাৰীয়া ভিডিঅ’: শিখৰ পাহাৰিয়াৰ সৈতে থকা সম্পৰ্কৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে বলীউডৰ অভিনেত্ৰী জানহৱী কাপুৰ। জানিব পৰা গৈছে যে জাহ্নৱী কাপুৰে পুনৰ প্ৰাক্তন প্ৰেমিক শিখৰৰ লগত ডেটিং আৰম্ভ কৰিছে। শনিবাৰে দিল্লীত এক অনুষ্ঠানৰ সময়ত দেখা গৈছিল শিখৰ আৰু ঝনৱীক। ইয়াৰ মাজতে এটা ভিডিঅ’ও ওলাইছে, যিটো ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত ঝনৱী কাপুৰক ষ্ট্ৰেপলেছ ড্ৰেছত দেখা গৈছে। মেচিং ৰঙৰ অভাৰকোট পিন্ধি চুলিখিনি খোলা ৰাখিছে। আনহাতে শিখৰক জিলিকি থকা জেকেট এটা পিন্ধি সুদৰ্শন দেখা গৈছে। ভিডিঅ’টোত দুয়োজনে এজন ব্যক্তিৰ সৈতে কথা পতা দেখা গৈছে। কথা পাতি থাকোঁতে জাহ্নৱী কাপুৰে হাঁহিছে। আনহাতে, শিখৰক হাঁহি থকা দেখা যায়।

শনিবাৰে জাহ্নৱী কাপুৰে ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ কিছুমান ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁক ক’লা গাউন পিন্ধি যথেষ্ট গ্লেমাৰাছ দেখা গৈছিল। এই ছবিবোৰ আছিল গ্ৰেজিয়া ইয়ং ফেশ্বন এৱাৰ্ড ২০২২ৰ। জাহ্নৱীৰ ফটো সন্দৰ্ভত মন্তব্য কৰি বৰুণ ধাৱন, শনয়া কাপুৰ আৰু আব্দুল ৰজিকে প্ৰশংসা কৰে। আনহাতে, শিখৰ পাহাদিয়াই লিখিছে, মা চেৰী। ইয়াৰ অৰ্থ ‘মোৰ প্ৰেয়সী’।শিখৰ পাহাৰিয়া কোন?

জানিব পৰা মতে শিখৰ পাহাৰিয়া মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ শিণ্ডেৰ নাতি। প্ৰতিবেদন অনুসৰি তেওঁ ঝনৱী কাপুৰ কাপুৰৰ সৈতে ডেটিং কৰিছে। অৱশ্যে কিছু সময়ৰ পাছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল। কৰণ জোহৰে কৰণ ৭ৰ সৈতে তেওঁৰ চেট শ্ব’ কফিত দুয়োৰে সম্পৰ্ক নিশ্চিত কৰিছিল। ইয়াৰ পূৰ্বেও জাহ্নৱী কাপুৰ আৰু শিখৰক মুম্বাইত একেলগে দেখা গৈছে।

ৱৰ্কফ্ৰন্টৰ কথা কওঁতে শেহতীয়াকৈ জানহৱী কাপুৰক দেখা গৈছিল ‘গুড লাক জেৰী’ ছবিত, য’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই চিনেমাখনত ঝনৱী কাপুৰৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল। ইয়াৰ উপৰিও যোৱা মাহত ছবিগৃহত মুক্তি পোৱা মিলি ছবিখনত তেওঁক দেখা গৈছিল। এই ছবিখন প্ৰযোজনা কৰিছিল ঝনৱীৰ পিতৃ বনী কাপুৰে।

আয়ুস বৃদ্ধিকাৰী খাদ্যসমূহৰ বিষয়ে জানো আহক…

মৃত্যুশয্যাত অন্তিম ক্ষণ গণা ব্যক্তিজনেও আশাকৰে—“যদিহে আৰু কিছু সময়ৰ বাবে জীয়াই থাকিব পাৰিলোহেঁতেন’। দৰাচলতে মৃত্যুক কোনেও আঁকোৱালি ল’বলৈ নিবিচাৰে। তথাপি এয়ে নিষ্ঠুৰ সত্য যে, জন্মিলে এদিন মৰিবই লাগিব। পিচে আমাৰ আয়ুস বৃদ্ধি কৰাত কিছু খাদ্যই নিশ্চিতভাৱে সহায় কৰিব পাৰে। এনে কেইবিধমান আয়ুস বৃদ্ধিকাৰী খাদ্যৰ বিষয়ে এই লেখাত উল্লেখ কৰা হ’ল-

  • স্বাস্থ্যৰ পক্ষে এক অন্যতম স্বাস্থ্যকৰ খাদ্য হৈছে আখৰোট। এক গবেষণাত প্রকাশিত তথ্য অনুসৰি যিসকল লোকে সপ্তাহত তিনিবাৰ বা তাতকৈ অধিকবাৰ বাদাম, বিশেষকৈ আখৰোট খায়, তেওঁ জীৱন দুই-তিনি বছৰ অধিক উপভোগ কৰে। তদুপৰি বাদামজাতীয় খাদ্যই কর্কট ৰোগ আৰু হৃদৰোগ প্রতিৰোধতো সহায় কৰে। অন্য এক গৱেষণাত প্রাপ্ত তথ্য অনুসৰি আয়ুস বৃদ্ধি কৰাত চীনা বাদামেও (পিনাট) সহায় কৰে।

  • উদ্ভিদৰ প্ৰ’টিন: এই প্ৰ’টিনে ব্যক্তিৰ আয়ুস বৃদ্ধিত সহায় কৰে। আচৰিত হ’লেও সত্য যে, এসপ্তাহ মাংসবিহীন আহাৰে আমাৰ জীৱনৰ কেইবাটাও সপ্তাহ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। উদ্ভিদ প্ৰ’টিনযুক্ত আহাৰে মূলতঃ এই ক্ষেত্ৰত সহায় কৰে। ভাত, বীন, ছয়াবিন, টফু আদি খাদ্যই মাংসৰ দৰেই শৰীৰত প্ৰ’টিন যোগান ধৰে। তদুপৰি এনে খাদ্যৰ পৰা আমাৰ শৰীৰে ফাইবাৰ, ভিটামিন আৰু মিনাৰেলো লাভ কৰে, যি মাংস খোৱাৰ ফলত পোৱা নাযায়।
  • গাজৰ হৈছে স্বাস্থ্যকৰ খাদ্যসমূহৰ ভিতৰত এবিধ। গাজৰৰ বিভিন্ন গুণৰ কথা বহুতেই জানে। কিন্তু এই কথা আপুনি জানেনে যে গাজৰে জীৱনকাল দীর্ঘ কৰাৰ লগতে ব্যক্তিক দেখনিয়াৰ (আবেদনময়) কৰাতো সহায় কৰে। ইউনিভাৰ্ছিটী অব্‌ গ্লাছগ’ৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি- গাজৰৰ কেৰোটিনয়েডে (যিয়ে গাজৰক উজ্জ্বল কমলা ৰংপ্রদান কৰে) বাৰ্ধক্য প্রক্রিয়াক ধীৰ কৰি তুলিব পাৰে। ইয়ে ব্যক্তিক দেখনিয়াৰ কৰি তোলাত সহায় কৰে।

  • ইউনিভাৰ্ছিটী অব্‌ কপেনহেগেনৰ কৰ্তৃপক্ষৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি নাৰিকলত থকা মিডিয়াম চেইন ফেটি এচিড আৰু স্বাস্থ্যকৰ চৰ্বিয়ে ব্যক্তিৰ ডি এন এক ক্ষতিসাধনৰ পৰা ৰক্ষা কৰে। ই ব্যক্তিৰ মস্তিষ্কৰ বাৰ্ধক্য অৱস্থাক ধীৰ কৰিব পাৰে। দৰাচলতে নাৰিকলে ব্যক্তিৰ মস্তিস্কক তৰুণ তথা চোকা কৰি ৰখাত সহায় কৰে। সেয়েহে নাৰিকলে ব্যক্তিৰ আয়ুস বৃদ্ধি কৰিব পাৰে বুলি গৱেষকসকলে দাবী কৰে।
  • আশ্চৰ্যকৰীভাবে দৈয়েও আমাৰ আয়ুস বৃদ্ধিত সহায় কৰিব পাৰে। দৈ উপকাৰী বেক্টেৰিয়াৰে সমৃদ্ধ। গৱেষকসকলৰ অনুসৰি এনে বেক্টেৰিয়াই ইনফ্লেমেশ্বন বা প্ৰদাহ হ্রাস কৰে। ই ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে তথা ব্যক্তিৰ জীৱনত অন্য কেইটিমান সুস্থ বর্ষ যোগ কৰাত সহায় কৰে।
  • মিঠা আলু: কেন্সাৰ ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলৰ অনুসৰি আয়ুস বৃদ্ধিকাৰী গুণৰ বাবেই মিঠা আলুক

  • আমাৰ খাদ্যাভ্যাসত এবিধ গুৰুত্বপূর্ণ আহাৰৰূপে অন্তৰ্ভূক্ত কৰিব লাগে। তেওঁলোকৰ দাবী মিঠা আলুত পর্যাপ্ত পৰিমাণে এন্থোছায়ানিন থাকে, যিয়ে কর্কট ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে আৰু ব্যক্তিৰ জীৱনকাল বৃদ্ধিত সহায় কৰে। তদুপৰি হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবেও মিঠা আলু অতি উপকাৰী।
  • ডালিম: ডালিমৰ অম্লযুক্ত ৰঙা বীজে মানুহক অমৰত্ব প্ৰদান কৰিব নোৱাৰিলেও দীর্ঘজীৱন প্রদান কৰিব পাৰে। বিজ্ঞানীসকলে গৱেষণাত এই তথ্য লাভ কৰিছে যে, ডালিমত ইউৰোলিথিন এ নামৰ এক যৌগ থাকে, যি বাৰ্ধক্যৰ বিৰুদ্ধে পেশীকোষক সবল কৰি তোলে। সেয়েহে নিয়মিতভাৱে ডালিম খালে আমি সকলোৱে দীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব পাৰো।