Home Blog Page 1886

‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ভাৰত জোড়ো যাত্ৰা কৰি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে।”-ৰূপজ্যোতি কুৰ্মী

‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ভাৰত জোড়ো যাত্ৰা কৰি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে। চৰকাৰ থাকোতে ৰে’ল সংযোগ, বিমান সংযোগে কৰিব নোৱাৰিলে কংগ্ৰেছে। নৰেন্দ্ৰ মোদী বহু ওপৰত, তেওঁক আৰু কোনেও চুব নোৱাৰে।’’ – এই মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰাই নিজৰ সমষ্টিত কাম কৰিব এৰি ধুবুৰীলৈ গৈছে। ধুবুৰীৰ পৰা নহয়, শদিয়াৰ পৰাহে আৰম্ভ হয় অসম, কংগ্ৰেছে ওলোটাকৈ আৰম্ভ কৰিছে।

ইফালে, মিঞা মিউজিয়াম সন্দৰ্ভত ৰূপজ্যোতি কয়, ‘‘মণিপুৰী নাঙলেৰে ময়ো হাল বাইছিলো সৰুতে। নাঙল অসমীয়াৰ, অসমীয়াৰ স্বাভিমান, মিঞাৰ নহয়। লাচিত বৰফুকনে অসমৰ পৰা মোগল খেদিছিল। অসমীয়া ভাষা মিঞাই জীয়াই ৰাখিব নালাগে, অসমীয়াই নিজে নিজকে ৰক্ষা কৰিব জানে। মিঞাই কিতানী-বালানী কয়, এইবোৰ অসমীয়া নেকি?’’

‘‘অসম মানে অসমীয়া, যিয়েই অসমীয়া বুলি গৰ্ব কৰিব তেওঁহে তিষ্টি থাকিব অন্যথা নহ’ব। মিঞাৰ নীলা, ৰঙা, সেউজীয়া ৰঙৰ লুঙী বাহিৰে আন কি আছে? মিঞাই অসমত বেছি পেক-পেকাই থাকি লাভ নাই।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।

খিলঞ্জীয়াৰ মাজত খোজ কঢ়াৰ সাহস নাই কংগ্ৰেছৰ, মিঞাৰ মাজত খোজ কাঢ়িছে : জয়ন্ত মল্ল বৰুৱা

‘‘ভূপেন বৰাই নিজৰ সমষ্টিত নিৰ্বাচন থাকিলে ধুবুৰীত খোজ কাঢ়ে। ভাৰত জোড়ো নে ভাৰত তোড়ো কি কৰিছে তেওঁলোকেহে জানে। মিঞাৰ মাজত খোজ কাঢ়িছে। খিলঞ্জীয়াৰ মাজত খোজ কঢ়াৰ সাহস নাই। ভীম বৰ দেউৰীৰ হৈ কি কৰিলে, তাৰ উত্তৰ দিব নোৱাৰাৰ বাবেই ধুবুৰীত খোজ কাঢ়িছে।’’ – এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

মন্ত্ৰীগৰাকীয়ে কয়, জিলা এখনলৈ যাওঁতে য’ত সন্দেহযুক্ত নাগৰিক থাকে তালৈহে যায়। মিয়া মিউজিয়াম বনালেও মনে মনে থাকিবলগীয়া হ’ল। কংগ্ৰেছ এতিয়া ৪ নম্বৰ দল। হয়তো এদিন নাইকিয়া হ’ব।

AIUDF দলৰ জন্ম কংগ্ৰেছৰ পৰাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, মিঞাৰ ষড়যন্ত্ৰ বুজি নাপালে খিলঞ্জীয়াৰ বাবে বিপদ হ’ব বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয়, আগ্ৰাসনকাৰীৰ কোনো সংস্কৃতি নাথাকে।

যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীৰ এগৰাকী ছাত্ৰীৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে।

মঙলবাৰে বিয়লি যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীৰ এগৰাকী ছাত্ৰীৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ হয়। যোৰহাট নগৰৰ মাজমজিয়াস্থিত শিক্ষা প্ৰতিষ্ঠানখনৰ সমীপতে থকা এটা ভাড়াঘৰত চিপ লৈ ওলমি থকা থকা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীয়ে  আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত ছাত্ৰীগৰাকী নামৰূপৰ পৰিস্মিতা সোণোৱাল।

অনিতা পি জি নামৰ ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল ছাত্ৰীগৰাকীয়ে। অটমোবাইল বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে মৃত ছাত্ৰীগৰাকী। মঙলবাৰেও শিক্ষানুষ্ঠানলৈ গৈছিল ছাত্ৰীগৰাকী। কিন্তু কি পৰিস্থিতিত পৰি এই চৰম সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে

বিবাহ বিচ্ছেদৰ পিছত মায়োচাইটিছত ভুগিছে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু! প্ৰকৃততে কি এই বিৰল শাৰীৰিক জটিলতা?

মায়োচাইটিছত ভুগি থকা সামান্থা ৰুথ প্ৰভু নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ আন এটা কাৰণৰ বাবে বাতৰিলৈ আহিছে। মায়োচাইটিছ এক নিৰ্দিষ্ট ৰোগ নহয়, কিন্তু বহুতো বিৰল শাৰীৰিক জটিলতাক মায়োচাইটিছ বুলি কোৱা হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী খহি পৰে, পেশীবোৰ দুৰ্বল হৈ পৰে।মায়োচাইটিছৰ মুখ্য লক্ষণবোৰ হৈছে পেশীৰ বিষ আৰু দুৰ্বলতা, যি সময়ৰ সৈতে বৃদ্ধি হয়। এয়াও হ’ব পাৰে যে প্ৰভাৱিত ব্যক্তিজনে কিছু সময় খোজ কঢ়াৰ পিছত অতি দুৰ্বল অনুভৱ কৰিব পাৰে।চিকিৎসকৰ মতে, ডাৰ্মাটোমায়োচাইটিছ, পলিমায়োচাইটিছ, শৰীৰৰ মায়োচাইটিছৰ দৰে সমস্যাৰ ফলত জটিলতা হ’ব পাৰে। ৰিউমেটিক আৰ্থ্ৰাইটিছ এই সমস্যা আৰু জটিলতাৰ কাৰণো হ’ব পাৰে।ভাইৰেল সংক্ৰমণ, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মায়োচাইটিছ হোৱাৰ আশংকাও থাকে। দুৰ্বলতাৰ উপৰিও, এই জটিলতাৰ অন্যান্য লক্ষণবোৰ হৈছে দুৰ্বলতা, ভাগৰ, ছালৰ সংক্ৰমণ, হাতৰ ছাল ডাঠ হোৱা, খোৱা আৰু উশাহ লোৱাত অসুবিধা, খোজ কঢ়াত অসুবিধা, পেশীৰ বিষ। যদি সঠিক সময়ত চিকিৎসা কৰা নহয়, এই লক্ষণ আৰু জটিলতাবোৰ বৃদ্ধি হৈ থাকে।এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিস্তাৰিত ভাৱে জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক।

ব্ৰেইন টিউমাৰ কি? প্ৰাৰম্ভিক লক্ষণবোৰ অতি সামান্য, আওকাণ নকৰিব ! 

আজিৰ সময়ত ব্ৰেইন টিউমাৰ এক গুৰুতৰ সমস্যাত পৰিণত হৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণৰ কথা উল্লেখ কৰি চিকিৎসকে কয় যে এই ৰোগক একেবাৰেই সহজভাৱে লোৱা উচিত নহয়। মূৰৰ সামান্য বিষৰ পৰা আৰম্ভ হয় কিন্তু সময়ৰ লগে লগে এই বিষ বাঢ়িবলৈ আৰম্ভ কৰে। কিছু সময়ৰ পাছত মূৰৰ এই বিষ ইমানেই তীব্ৰ হৈ পৰে যে সহ্যও কৰিব নোৱাৰি। এনে পৰিস্থিতিত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যিটো প্ৰায়ে মনত ৰাখিব লগা হয়। অৰ্থাৎ যদি অনবৰতে মূৰৰ বিষ থাকে, তেন্তে পলম নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

আপুনি জানি আচৰিত হ’ব যে এতিয়াও ব্ৰেইন টিউমাৰৰ কোনো নিৰাময় হোৱা নাই। এই ৰোগৰ তিনিটা পৰ্যায় থাকে। যদি সময়ত এই ৰোগ ধৰা পৰে তেন্তে আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰি। কিন্তু যদি আপুনি ইয়াৰ লক্ষণসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰে তেন্তে সেয়া আপোনাৰ বাবে মাৰাত্মক হ’ব পাৰে।
ব্ৰেইন টিউমাৰ কি?মগজুৰ টিউমাৰত মগজুৰ কলাবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। আপুনি জানে যে মগজুটো অতি কঠিন মূৰৰ খুলিৰ ভিতৰত আবদ্ধ হৈ থাকে। গতিকে মূৰৰ ছালৰ ভিতৰত কলাবোৰৰ বৃদ্ধিয়ে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মগজুৰ টিউমাৰৰ প্ৰকাৰমগজুৰ টিউমাৰ বিভিন্ন প্ৰকাৰৰ। কিছুমান মগজুৰ টিউমাৰ কেন্সাৰমুক্ত। কিছুমান মগজুৰ টিউমাৰ কেন্সাৰ ৰোগ হয়। যদি আপোনাৰ মগজুৰ পৰা মগজুৰ টিউমাৰ আৰম্ভ হয়, তেন্তে ইয়াক প্ৰাথমিক মগজুৰ টিউমাৰ বোলা হয়। যদি ই শৰীৰৰ আন এটা অংশৰ পৰা আৰম্ভ হৈ মগজুলৈ যায়, তেন্তে ইয়াক ছেকেণ্ডাৰী বা মেটাষ্টেটিক ব্ৰেইন টিউমাৰ বোলা হয়।
মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ• প্ৰথমতে স্থায়ী মৃদু মূৰৰ বিষ• সময়ৰ লগে লগে মূৰৰ বিষ বাঢ়ি যায়• মূৰ ঘূৰোৱা, বমি হোৱা• চকুৰ দৃষ্টিশক্তি কমি যোৱা। বা ম্লান দৃষ্টিশক্তি, সকলো দুগুণ দেখা• সকলো সময়তে হাত-ভৰিত অনুভূতি• যিকোনো কথা মনত পেলাবলৈ অসুবিধা হোৱা• কথা কোৱা বা বুজিবলৈ অসুবিধা• শ্ৰৱণ, সোৱাদ বা গোন্ধৰ সমস্যা• মেজাজৰ দোলাচল থকা• লিখা বা পঢ়াৰ সমস্যা• মুখ, হাত বা ভৰিৰ দুৰ্বলতা
ব্ৰেইন টিউমাৰৰ পৰীক্ষাসমূহ : 
• চিটি স্কেন- চিটি স্কেনৰ সহায়ত মগজুৰ ভিতৰৰ সকলো অংশৰ ফটো লোৱা হয়।• এম আৰ আই স্কেন- ব্ৰেইন টিউমাৰৰ সঠিক চিকিৎসাৰ বাবে প্ৰথমে ইমেজিং টেষ্ট কৰা হয়। ইয়াত মগজুৰ গঠনৰ লগত জড়িত সকলো তথ্য ৰেডিঅ’ সংকেতৰ সহায়ত লোৱা হয়। যিটো চিটি স্কেনত পোৱা নাযায়।• এঞ্জিঅ’গ্ৰাফী- এই পৰীক্ষাত ৰং বেজী হিচাপে ব্যৱহাৰ কৰা হয়। ৰংটো আপোনাৰ মগজুৰ কলাত বেজী দিয়া হয়। ইয়াৰ জৰিয়তে চিকিৎসকে জানিব পাৰে যে তেজ কেনেকৈ টিউমাৰটোৰ ওচৰ পাইছে। মগজুৰ অস্ত্ৰোপচাৰৰ সময়ত এই তথ্য অতি গুৰুত্বপূৰ্ণ।• এক্স-ৰে- মগজুৰ টিউমাৰ মূৰৰ খুলিৰ হাড় ভাঙি যোৱাৰ বাবেও হ’ব পাৰে। এক্স-ৰে কৰি মূৰৰ খুলিৰ হাড়ৰ ভাঙন ধৰা পৰে।
ব্ৰেইন টিউমাৰৰ চিকিৎসা১) অস্ত্ৰোপচাৰ- ব্ৰেইন টিউমাৰৰ চিকিৎসা অস্ত্ৰোপচাৰৰ জৰিয়তেহে সম্ভৱ। টিউমাৰৰ আকাৰ সৰু হ’লেহে অস্ত্ৰোপচাৰ কৰিব পাৰি। 
২) ৰেডিয়চন থেৰাপী – এক্স-ৰে বা প্ৰ’টনৰ দৰে ৰেডিয়চন ব্যৱহাৰ কৰি টিউমাৰৰ কলাবোৰ হত্যা কৰা হয়। ইয়াক ৰেডিয়চন থেৰাপী বোলা হয়।
৩) কেমোথেৰাপি – কেমোথেৰাপিত টিউমাৰৰ কলা ধ্বংস কৰিবলৈ ঔষধ ব্যৱহাৰ কৰা হয়।

জেঠীয়ে যদি খাদ্যত মুখ দিয়ে, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজি আমি কেইটামান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা সহজে জেঠীৰ পৰা মুক্তি পাব পাৰে। 

আমাৰ প্ৰত্যেকৰে ঘৰত কম-বেছি পৰিমাণে জেঠী দেখিবলৈ পোৱা যায়। ই এবিধ এনেকুৱা প্ৰাণী যিয়ে আমাৰ প্ৰত্যক্ষ ক্ষতি নকৰে, কিন্তু ইয়াৰ পৰা বহু ৰোগ বিয়পিব পাৰে। তদুপৰি জেঠীয়ে যদি খাদ্যত মুখ দিয়ে, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজি আমি কেইটামান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা সহজে জেঠীৰ পৰা মুক্তি পাব পাৰে। এবাৰ চাওঁ আহক-

 ১. ঘৰৰ পৰা জেঠী আঁতৰাবলৈ কেৰাচিন তেলেৰে ঘৰ, বেলকনি আৰু বেৰ ভালদৰে মচিব লাগে। কেৰাচিন তেলৰ উৎকট গোন্ধে জেঠীৰ লগতে আন পোক-পৰুৱাকো ঘৰৰ পৰা আঁতৰা কৰে।

২. বহুতে হয়তো নাজানে যে ময়ূৰৰ পাখি জেঠী হত্যাকাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি। বহুতে ভাবে যে ঘৰৰ বেৰত ময়ুৰৰ পাখি লগালে জেঠীৰ পৰা পৰিত্ৰাণ পোৱা যায়। যদিও এই বিষয়ত কোনো বৈজ্ঞানিক যুক্তি নাই, তথাপিও বহুতে বিশ্বাস কৰে যে ময়ূৰৰ পাখিয়ে সঁচাকৈয়ে ঘৰৰ পৰা জেঠী আঁতৰাই কৰে।

৩. আপুনি জানি আচৰিত হ’ব যে জলকীয়াৰ গোন্ধও জেঠীয়ে একেবাৰে সহ্য কৰিব নোৱাৰে। আপোনাৰ ঘৰত জেঠী থকা সকলো ঠাইতে জলকীয়াৰ গুড়ি পানীৰ লগত মিহলাই ছটিয়াই দিলে উপকৃত হ’ব।

৪. হালধিৰ তিতা গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে। অলপমান হালধি পানীৰ লগত মিহলাই স্প্ৰে কৰিলে ঘৰৰ পৰা জেঠীবোৰ নোহোৱা হয়।

৫. ঘৰৰ পৰা জেঠী দূৰ কৰিবলৈ কৰ্ফূৰ ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ চুকত কৰ্পূৰ ৰাখিলে ইয়াৰ তিতা গোন্ধৰ বাবে জেঠী আৰু অন্যান্য পোক-পৰুৱাক নোহোৱা কৰিব পাৰে।

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷

 বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ তিনিওখন মেচতে তেওঁৰ ব্যৰ্থতা৷ বেটত ৰাণ নাই কেএল ৰাহুলৰ৷

কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এতিয়াও কে এল ৰাহুলৰ ওপৰত আস্থা ৰাখিছে৷ ইংগিত দিছে যে কাইলৈও বাংলাদেশৰ বিৰুদ্ধে অপেনিং কৰিবলৈ খেলপথাৰত নামিব বেটাৰগৰাকী৷

‘‘ৰাহুল অত্যন্ত ভাল ক্ৰিকেটাৰ৷ মই ভাবো, ৰাহুলে খুব ভাল বেটিং কৰিছে৷ কিন্তু টি টুৱেণ্টিত এইধৰণৰ ঘটনা হ’ব পাৰে৷ অপেনিং কৰা সহজ নহয়৷ এইদৰে কাৰো সমালোচনা কৰা উচিত নহয়৷’’- কে এল ৰাহুল সম্পৰ্কত ৰাহুল দ্ৰাৱিড়ে এইদৰে কয়৷

‘‘এইবাৰৰ বিশ্বকাপ বেটাৰৰ বাবে কঠিন৷ প্ৰস্তুতিমূলক মেচখনত পেট কামিন্স, মিচেল ষ্টাৰ্কৰ বিৰুদ্ধে ৰাহুলে খুব ভাল বেটিং কৰিছিল৷ আশা কৰো পৰৱৰ্তী মেচখনত তেওঁৰ বেটলৈ ৰাণ আহিব৷’’- ৰাহুল দ্ৰাৱিড়ে কয়৷

কেএল ৰাহুলৰ বেটিং শৈলীক প্ৰশংসা কৰি ৰাহুল দ্ৰাৱিড়ে কয় যে সাধাৰণতে কে এল ৰাহুলে বেকফুটত খেলি ভাল পায় আৰু ইয়াত তেওঁ সুখী৷ কে এল ৰাহুলৰ খেলাৰ ধৰণ অষ্ট্ৰেলিয়াৰ পিটচৰ বাবে উপযোগী বুলিও তেওঁ কয়৷

 যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব;নাখাব এই তিনিবিধ বস্তু!

টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ খাদ্য আৰু পানীয়ই মানুহৰ টোপনিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। সেইবাবেই খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ লগত সুস্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, স্তন কেন্সাৰৰ আশংকা, হতাশা আদি সমস্যা হ’ব পাৰে। গতিকে শোৱাৰ আগতে কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

ৰাতি শোৱাৰ আগতে এইবোৰ সেৱন নকৰিব
১) কেফেইনযুক্ত পানীয়ঃ ৰাতি মদ আৰু কেফেইনৰ পৰিমাণ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি এইটোও মনত ৰাখিব লাগে যে টোপনিৰ ধৰণত প্ৰভাৱ পেলোৱা কেফেইন বহু ধৰণৰ খাদ্য আৰু পানীয়ত পোৱা যায়। চাহ, কফি আৰু বিভিন্ন ধৰণৰ শীতল পানীয়ত কেফেইন পোৱা যায়। চকলেট আৰু বিষনাশক ঔষধতো ইয়াক পোৱা যায়। গতিকে ৰাতি শোৱাৰ আগতে এইবিলাক সেৱনৰ পৰা বিৰত থাকিব লাগে।
২) বিলাহীঃ আপুনি জানেনে ৰাতি শোৱাৰ আগত বিলাহী খোৱাটোও টোপনিৰ বাবে ভাল নহয়। কাৰণ বিলাহীয়ে এচিড ৰিফ্লাক্স সৃষ্টি কৰি হজম শক্তিৰ লগত জড়িত সমস্যা বৃদ্ধি কৰিব পাৰে। ৰাতি বিলাহী সেৱন কৰিলে অস্থিৰতা বৃদ্ধি পাব পাৰে আৰু তাৰপাছত আপুনি পৰ্যাপ্ত টোপনি পোৱাৰ সম্ভাৱনা অতি কম হৈ পৰে।
৩) পিঁয়াজঃ বিলাহীৰ বাহিৰেও পিঁয়াজ এনেকুৱা এটা বস্তু, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিঁয়াজে পেটত গেছ তৈয়াৰ কৰাৰ কাম কৰে। এই গেছে আপোনাৰ পেটৰ চাপত প্ৰভাৱ পেলায়, যাৰ ফলত এচিড ডিঙিৰ ফালে ওপৰলৈ যায়। বিশেষকৈ যেতিয়া আপুনি পোন হৈ শুই থাকে। আশ্চৰ্যজনকভাৱে কেঁচা বা সিজোৱা পিয়াঁজ দুয়োটাই এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰাতি শোৱাৰ আগতে যিমান পাৰি পিয়াঁজ খোৱাৰ পৰা বিৰত থাকিব লাগে।

বাস্তুশাস্ত্ৰৰ মতে এলোভেৰা উদ্ভিদে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে ।কেনেকৈ আপুনি এলোভেৰা গছ ৰোপণ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে?

এলোভেৰা উদ্ভিদ আমাৰ দৈনন্দিন বহু কামত ব্যৱহাৰ কৰা হয়। এলোভেৰা গছৰ পৰা তৈয়াৰী জেল ছালৰ যিকোনো সমস্যা সমাধানৰ বাবে অতি উপযোগী। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এলোভেৰা উদ্ভিদে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে বুলি বহুতে হয়তু নাজানে। আজি আমি জানিম যে কেনেকৈ আপুনি এলোভেৰা গছ ৰোপণ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে?

 বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰা গছ যদি ঘৰৰ পূব দিশত ৰোপণ কৰা হয়, তেন্তে ই আপোনাৰ ঘৰৰ বাস্তু উন্নত কৰে। আমাৰ জীৱনৰ বহুখিনি কথাই নিৰ্ভৰ কৰে আমাৰ বাস্তুৰ ওপৰত। পূব দিশত এলোভেৰা গছ ৰোপণ কৰিলে আপোনাৰ আৰ্থিক সৌভাগ্যও উন্নত হোৱাৰ লগতে সুখ- সমৃদ্ধিও বৃদ্ধি হয়। কিন্তু পূব দিশত গছ ৰোপণ কৰিলেই নহ’ব, আন কিছুমান নিয়ম জনাটো প্ৰয়োজন।

 * বাস্তুশাস্ত্ৰৰ মতে পূব দিশ সূৰ্য্যৰ দিশ। আনহাতে গছ ৰোপণ কৰিলে আৰ্থিক বৃদ্ধি হয় আৰু সাংসাৰিক অস্থিৰতা দূৰ হয়। বিশেষজ্ঞসকলে জনোৱা মতে, ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰিলে ঘৰৰ বাসিন্দাসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়। আত্মবিশ্বাস বৃদ্ধিয়ে আৰু কঠিন কামবোৰ সহজ কৰি তোলে।

 * যদি ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰে, তেন্তে উত্তৰ-পূব দিশত কোনো ধৰণৰ গছ ৰোপণ নকৰিব। সেয়েহে ঘৰৰ কেৱল পূব দিশতহে এলোভেৰা গছ ৰোপণ কৰিব লাগে আৰু নিয়মীয়াকৈ ইয়াৰ যত্ন ল’ব লাগে। দেখিব সময়ৰ লগে লগে এলোভেৰা গছৰ প্ৰভাৱত আপোনাৰ সকলো সমস্যা নোহোৱা হৈ পৰিছে।

ঐশ্বৰ্য ৰায়ৰ হীৰাৰ আঙঠিটোৰ দাম কিমান আৰু কোনে উপহাৰ দিয়া? জানেনে ?

ঐশ্বৰ্য ৰায় বচ্ছন মানেই সৌন্দৰ্য আৰু বিলাসৰ প্ৰতীক। যিকোনো অনুষ্ঠানতে সৌন্দৰ্যৰ দেৱীগৰাকীয়ে এটা আঙঠি পিন্ধি থকা দেখা যায়। হীৰাৰ সেই সুদৃশ্য আঙঠিটোৱে ঐশ্বৰ্যৰ ৰূপত সোণত সুৱগা চৰায়।

কিন্তু আপুনি জানেনে আঙঠিটোৰ দাম কিমান? কোনে উপহাৰ দিছিল আঙঠিটো?

ঐশ্বৰ্য আৰু অভিষেকৰ বিয়া হোৱা এক দশকৰো অধিক হ’ল। বিয়াৰ সময়তে অভিষেকে ঐশ্বৰ্যক সেই হীৰাৰ আঙঠিটো উপহাৰ দিছিল। এতিয়াও আঙঠিটো আগৰ দৰেই নতুন হৈ আছে।

বচ্ছন পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত ঐশ্বৰ্যই সুযোগ পালেই আঙঠিটো পিন্ধে। জানিব পৰা মতে, ৫৩ কেৰেট হীৰাৰে তৈয়াৰ কৰা হৈছিল আঙঠিটো। দাম ৫০ লাখ টকা!

সঁচাকৈয়ে ওপৰৱালা জব দেতা হ্যেঁ দেতা থপ্পৰ ফাৰকে। পোৱাই সকলো পায়, নোপোৱাই একো নাপায়।