Home Blog Page 189

‘আজিৰ কবিতা’ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি ।Poem

'আজিৰ কবিতা'ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি
'আজিৰ কবিতা'ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি

Poem । ওড়িশাৰ সম্বলপুৰত দুদিনীয়া কাৰ্যসূচীৰে ‘আজিৰ কবিতা, অসম’ৰ উদ্যোগত আৰু সম্বলপুৰৰ সাহিত্য-সামাজিক অনুষ্ঠান ‘কলম’ৰ সহযোগত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱ’২০২৫ৰ বন্তি প্ৰজ্জ্বলেনেৰে শুভাৰম্ভণী কৰে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সুশান্ত কুমাৰ দাসে। ‘কলম’ৰ সভাপতি মঃ তফিজুল হুচেইনৰ সভাপতিত্বত আৰু ‘আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড° উমা চৰণ পাটি, বিশিষ্ট ওড়িয়া কবি, অধ্যাপক প্ৰদীপ কুমাৰ পাণ্ডা, আজিৰ কবিতাৰ মুখ্য সম্পাদক ড° ভৱেশ দাস, লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিভৱন সংৰক্ষণ সমিতিৰ আহবায়ক, ইতিহাসবিদ দীপক পাণ্ডা, আজিৰ কবিতাৰ সম্পাদক তথা মেজাংকৰি প্ৰকাশনৰ সচিব বিনয় চলিহা।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, বিশিষ্ট লেখক, শিল্পী কুমাৰ দীপক দাসে সঞ্চালনা কৰা দ্বিতীয় সত্ৰৰ অনুষ্ঠানত বিশিষ্ট অনুবাদক, লেখক নৱকুমাৰ মিশ্ৰই কৰা ‘বুঢ়ী আইৰ সাধু’ৰ ওড়িয়া অনুবাদ ‘বুৰী মাৰো গপ্পো’ উন্মোচন কৰে ফকিৰমোহন বিশ্ববিদালয়ৰ অৱসৰী অধ্যাপক ড° হৰিচন্দ্ৰ বেহেৰাই। অনুষ্ঠানত অধ্যাপক বেহেৰাই অসমীয়া ভাষা সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ বিপুল অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে৷ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই অসম চৰকাৰৰ সহযোগত গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত সোনকালেই বেজবৰুৱাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷







অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক পেঞ্চনাৰ কৰুণাকান্ত ৰায়ে উত্তৰ ভাৰতীয় ভাষাসমূহৰ মাজত থকা মিলৰ বিষয়ে গৱেষণা পত্ৰ পাঠ কৰে৷ অনুষ্ঠানত এটি অসমীয়া সমবেত সংগীত পৰিবেশন কৰে আজিৰ কবিতাৰ সদস্যা শাশ্বতী শৰ্মা,ৰুণু চহৰীয়া ডেকা আৰু অনামিকা ৰায় হাজৰিকাই।


দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ‘লক্ষ্মীনাথ বেজবৰুৱা আৰু সম্বলপুৰৰ স’তে অসমৰ ভাষা-সাহিত্যৰ সম্পৰ্ক’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। দ্বিতীয় সত্ৰত ওড়িশা,অসম, পশ্চিমবংগ, ত্ৰিপুৰা,কেৰেলা, দিল্লী, সম্বলপুৰ আদি বিভিন্ন ৰাজ্যৰ ডেৰ শতাধিক কবিৰ কবিতা পাঠেৰে ড° ভৱেশ দাসৰ সঞ্চলনাত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। তাৰ পিছতে গ্ৰন্থ উন্মোচনী সভাত ‘আজিৰ কবিতা’ আৰু ‘মেজাংকৰি’ আলোচনীৰ সম্বলপুৰ সাহিত্য উৎসৱ দুটি উন্মোচন কৰে বিশিষ্ট ওড়িয়া কবি অমৰেশ বিশ্বাল আৰু সাহিত্যিক প্ৰধানে। অন্যান্য সাতখনকৈ কবিতা আৰু ভিন্ন বিষয়ক গ্ৰন্থ ক্ৰমে শাশ্বতী শৰ্মাৰ ‘আঘোন উজায় এই বাটে’, ৰুণু চহৰীয়া ডেকাৰ ‘অনুভৱৰ কৰণি’, ৰঞ্জি শইকীয়া ডেকাৰ ‘বিষণ্ণ স্বৰলিপি’, ক্ষীৰা শইকীয়া ডেকাৰ ‘আশাবোৰ আছে বাবেই’, অনামিকা ৰায় হাজৰিকাৰ ‘ত্ৰিভূজ সুন্দৰী-২’, ড° ভৱেশ দাসৰ ‘মেডিকেল টুৰিজম! আৰু বিনয় চলিহাৰ ‘ধান হালধীয়া ৰ’দ’। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় হিন্দী কাকণ প্ৰজ্ঞা মেইলৰ সম্পাদক অৰুণ কুমাৰ বৰ্মন, আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাংবাদিক, সমাজকৰ্মী ৰত্নজ্যোতি দত্ত, বিশিষ্ট ওড়িয়া কবি ড° প্ৰদীপ পাণ্ডা, অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধক্ষ্য ভাৰত ভূষণ মহন্ত, বিশিষ্ট হিন্দী অনুবাদক, কবি ড° গীতা দত্ত চহৰীয়া, কবি-সাংবাদিক সূৰ্য পাণিগ্ৰাহী, বিশিষ্ট কবি-লেখক ড° অনুপমা বিশ্বাল, ‘কলম’ৰ সম্পাদক ক্ষেত্ৰমনি বিভাৰ আদি। অনুষ্ঠানত কবিতা- সাহিত্য, সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ১২ গৰাকী বিশিষ্ট ব্যক্তিলৈ আজিৰ কবিতাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান প্ৰদান কৰা হয়! সম্বলপুৰৰ দীপক পাণ্ডালৈ সমন্বয় সংহতি বঁটা, তফিজুল হুছেইন (সাহিত্য সংহতি বঁটা), ধৰণীধৰ মিশ্ৰ (কাব্য কেশৰী বঁটা), অসমৰ প্ৰেমদা চহৰীয়ালৈ কাব্যৰত্ন বঁটা, ওড়িয়া অনুবাদক নৱকুমাৰ মিশ্ৰলৈ কথা সৌৰভ বঁটা, অনিতা দেৱী (সাহিত্য সৌৰভ), ৰবিন কুমাৰ চেতিয়া (কবিকণ্ঠ বঁটা), চন্দ্ৰমা শৰ্মা (কাব্য নন্দিনী বঁটা), স্নেহা জোনাক দত্ত (কাব্যশ্ৰী বঁটা), হিন্দী অনুবাদক ড° গীতা দত্ত চহৰীয়া (কাব্য মহীয়সী বঁটা), ধৰ্মকান্ত বৰুৱা (কাব্যসূৰ্য বঁটা) আৰু মেঘমালা সূত্ৰধাৰলৈ কাব্য সৌৰভ বঁটা প্ৰদান কৰা হয়! অনুষ্ঠানৰ মাজতে আজিৰ কবিতাৰ সদস্যবৃন্দৰ দ্বাৰা পৰিবেশিত বিহুনৃত্যৰে সাহাত্যানুৰাগী শ্ৰোতা দৰ্শকক আমোদ প্ৰদান কৰা হয়। শেষত অসম আৰু ওড়িশাৰ শিল্পী সকলে গীত-মাত পৰিবেশন কৰে। আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা আৰু কলমৰ সভাপতি তফিজুল হুছেইনে সাহিত্য উৎসৱত উপস্থিত সকলো অতিথি তথা সতীৰ্থক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। দুয়োদিনৰ অনুষ্ঠানৰ শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ সম্বলপুৰৰ মাটিত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি মৰা হয় বুলি ‘আজিৰ কবিতা’ তথা ‘মেজাংকৰি’ৰ সম্পাদক বিনয় চলিহাই জনাইছে।

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

Brahmaputra । চীনৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন ডলাৰৰ এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ খবৰে ভাৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশত জলবিজ্ঞানী, পৰিৱেশবিদ আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বহুতে আশংকা কৰিছে যে ভূ-ৰাজনৈতিক উত্তেজনাৰ সময়ত পানীৰ প্ৰবাহ সলনি হোৱাৰ সম্ভাৱনাই অঞ্চলটোৰ বাবে বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

তথাপিও, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক নিৰাশ্বাসজনক বক্তব্য প্ৰদান কৰি কয়, “মই তৎক্ষণাত চিন্তিত নহয়, কাৰণ ব্ৰহ্মপুত্ৰ এখন প্ৰবল নদী আৰু ই একক উৎসৰ ওপৰত নিৰ্ভৰশীল নহয়।” গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে তেওঁ কয় যে এই প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত এতিয়াও স্পষ্টতা নাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী অৰুণাচল, ভূটান আৰু স্থানীয় বৰষুণৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে।

উল্লেখযোগ্য যে, এই প্ৰকল্পত চীনে তিব্বতৰ নিয়িংচি চহৰত পাঁচটা কেছকেড জলবিদ্যুৎ কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে, যাৰ মাধ্যমে বছৰি ৩০০ বিলিয়ন কিলোৱাট/ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদনৰ লক্ষ্য ৰখা হৈছে। এই প্ৰকল্পটো ভূ-ভৌগোলিকভাৱে অতি সংবেদনশীল অঞ্চলত স্থাপন হ’ব, যিখন অঞ্চল ভূমিকম্প আৰু অধিক বৰষুণৰ বাবে জনাজাত।

চীনৰ এই প্ৰচেষ্টাক লৈ যিমানেই উদ্বেগ থাকক, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে বান্ধসমূহৰ প্ৰভাৱ সন্দৰ্ভত বিজ্ঞানীমহলতো বিভক্ত। “যদি সোঁত বিঘ্নিত হয়, তেন্তে পানী কম হ’ব পাৰে আৰু জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হ’ব পাৰে। কিন্তু আন দিশত ই বানৰ সংকট হ্ৰাস কৰাৰ সুবিধাও আনিব পাৰে,” তেওঁ মন্তব্য কৰে।

ভাৰত-চীনৰ মধ্যত এই ইস্যুটোৰ সমাধানৰ বাবে ২০০৬ চনত গঠিত ‘এক্সপাৰ্ট লেভেল মেকানিজম’ (ELM) নামৰ এক বিশেষজ্ঞ পৰ্যায়ৰ আলোচনা মঞ্চ চলি আছে। এই মঞ্চৰ জৰিয়তে দুই দেশৰ মাজত জলবিজ্ঞান সংক্রান্ত তথ্য ভাগ-বতৰা কৰা হয়। ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত হোৱা বৈঠকতো এই ইস্যুটোৰ ওপৰত আলোচনা হৈছিল।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মই নিশ্চিত যে কেন্দ্ৰ চৰকাৰে চীনৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বা শীঘ্ৰেই আলোচনা কৰিব। তেওঁলোকে উন্নত বিচাৰ আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।”

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত, মনৰ অনুভৱ কাৰো সৈতে নকৰে প্ৰকাশ!

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত
Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত

জ্যোতিষৰ মতে (Zodiac Signs) এজন ব্যক্তিৰ ৰাশিয়ে তেওঁৰ স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিভিন্ন ৰাশিৰ মানুহৰ স্বভাৱ বেলেগ হয়। জ্যোতিষৰ মতে কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ লোক অন্তৰ্মুখী প্ৰকৃতিৰ। ইচ্ছা কৰিলেও এইসকল লোকসকৰ মন কথা কোনেও জানিব নোৱাৰে। এই মানুহবোৰ লাজুকীয়া, স্বভাৱতে অন্তৰ্মুখী।

কৰ্কট ৰাশিঃ


কৰ্কট ৰাশিৰ আটাইতকৈ বিশেষ কথাটো হ’ল তেওঁলোকৰ আনৰ সৈতে মিলিবলৈ বহু সময় লাগে। এই লোকসকল প্ৰকৃত বন্ধুত্ব গঢ়ি তোলাৰ লগতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাত বিশ্বাস কৰে।

বৃশ্চিক ৰাশিঃ

জ্যোতিষৰ মতে বৃশ্চিক ৰাশিৰ লোকসকল স্বভাৱতে অতি ৰহস্যময়। এই লোকসকলে নিজৰ মনৰ কথা ক’বলৈ বৰ লাজ কৰে। নিজৰ মতামত নিজৰ মাজতে ৰখা এই মানুহবোৰ কোনো কথা কোৱাতকৈ সন্মুখৰ মানুহজনক নিৰীক্ষণ কৰাত বেছি পাকৈত।

মীন ৰাশিঃ

মীন ৰাশি লোকে নিজৰ পৃথিৱী সৃষ্টি কৰে য’ত তেওঁলোকে কাকো আহিবলৈ নিদিয়ে। সকলো নিজৰ দৃষ্টিকোণৰ পৰা চায় আৰু মানুহৰ লগত সহজে মিলিব নোৱাৰে। নিজৰ মাজতে সুখী হৈ থাকে। তেওঁলোকে কেতিয়াও নিজৰ অনুভৱ আনৰ লগত ভাগ-বতৰা নকৰে। এইসকল লোক স্বভাৱত অতি শান্ত।

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা
Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

মেৰাপানীৰ নেঘেৰিবিলত উপস্থিত (Shrinkhal Chaliha) বীৰ লাচিত সেনা। বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত “দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱাল” বুলি মন্তব্য শৃংখল চলিহাৰ। সন্দেহজনক লোকৰ বসতি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে, বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। ভোটৰ ৰাজনীতিৰ স্বাৰ্থত চৰকাৰে হাত সাবটি বহি থাকিলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাটো খাটাং।

উজনি অসমত সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন কৰিছে শৃংখল চলিহাই। বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত আজি উপস্থিত হৈ বীৰ লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰূদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে। সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে ২ নং নেঘেৰিবিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমান লোকৰ অৱস্থিতি লক্ষ্য কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শৃংখল চলিহাই অসমত বাংলাদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমানৰ তথা পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে। ইফালে শৃংখল চলিহাই কৰা এক গুৰুত্বপূৰ্ণ মন্তব্য অনুসৰি মিঞা মুছলমানৰ বাবেই খিলঞ্জীয়া গৰীয়া, মৰিয়া লোকসকল অস্তিত্বৰ সংকটত পৰিছে। শৃংখল চলিহাই অহা সাত দিনৰ ভিতৰত নেঘেৰিবিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়।

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!
Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

শাওণ মাহত বহু লোক (Sawan 2025) উপবাসে থাকে, উপবাসে থকাসকলৰ নিশ্চয়কৈ উপবাসৰ সময়ত কিবা এটা লঘু আৰু সোৱাদযুক্ত খাদ্য খাবলৈ মন যায়। উপবাসৰ সময়ত খাব পৰা পাতলীয়া সোৱাদযুক্ত আহাৰ সমূহৰ বিষয়ে জানো আহক।

উপবাসৰ সময়ত খাব পাৰে এবিধ বিশেষ পৰঠা। এই পৰঠা বনাবলৈ কি কি লাগে জানি লওঁ আহক-

এই সুস্বাদু পৰঠা বনাবলৈ প্ৰয়োজন হ’ব চেগু, সিজোৱা আলু, নিমখ, কেঁচা জলকীয়া, ঘিউ আৰু ধনীয়া।

এই পৰঠা প্ৰস্তুত কৰিবলৈ প্ৰথমে ৫ ঘণ্টামান চেগুখিনি পানীত তিয়াই থ’ব লাগে আৰু তাৰ পিছত চালনীৰ সহায়ত পানীখিনি নিষ্কাশন কৰিব লাগে।

এতিয়া এটা ডাঙৰ বাটিত কোমল চেগু, সিজোৱা আলু আৰু নিমখ মিহলাই ল’ব। এতিয়া এই মিশ্ৰণত ৰাজগিৰাৰ আটা মিহলাই হাতৰ সহায়ত গুড়ি কৰি ল’ব।

গুড়ি কৰা আটাগুৰিখিনি কিছু সময় একাষৰীয়াকৈ ৰাখি, ভালদৰে ফুলিলে তাৰ পৰা ঘূৰণীয়া পৰঠা বনাই কেৰাহীত ঘিউৰ সৈতে ভাজিব। উপবাসৰ সময়ত দৈৰ লগত এনে পৰঠা আপুনি উপভোগ কৰিব পাৰে।

Saiyaara: ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল ‘Saiyaraa’, ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন
Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

মোহিত সুৰীৰ ‘ছাইয়াৰা’ ছবিখনত (Saiyaara) আহান পাণ্ডে আৰু অনিত পদ্দাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনে মুকলি দিনৰ পৰাই বক্স অফিচত জোকাৰণি তুলিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ছবি ছাইয়াৰাই মাত্ৰ তিনিদিনতে ঐতিহাসিক উপাৰ্জন কৰি এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে।

২০২৫ চনৰ আটাইতকৈ চৰ্চিত আৰু চমকপ্ৰদ হিট ছবি হিচাপে পৰিগণিত হোৱা মোহিত সুৰীৰ ‘Saiyara’ ছবিখনে মুক্তিৰ দিনৰে পৰা বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ৰোমান্টিক থ্ৰিলাৰ ছবি ‘ছাইয়াৰা’ই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আহান পাণ্ডে আৰু অনিত পদ্দাৰ ৰোমান্টিক ছবিখনে প্ৰথম চাৰিদিনতে ১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এচিনেমাখন ছুপাৰহিট হোৱাৰ কেইটামান কাৰণ জানো আহক-

ছাইয়াৰা ছবিখনৰ হিট হোৱাৰ কাৰণ হৈছে পৰিচালনা। ‘আশিকি ২’ৰ পৰিচালক মোহিত সুৰীয়ে পৰিচালনা কৰিছে এই ছবিখন। ইতিমধ্যে তেওঁৰ সংগীতৰ ৰোমান্টিক চিনেমাৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছে। ‘মাৰ্ডাৰ ২’, ‘আৱাৰাপন’, ‘ৰাজ’, ‘হামাৰী আধুৰী কাহানী’ আৰু ‘এক ভিলেইন’ আদি ছবি পৰিচালনা কৰিছিল মোহিত সুৰীয়ে। গতিকে মহোতি সুৰী কোন হয়তো আপোনালোকে ভালদৰে চিনিব পাৰিছে। সেইবাবে ‘ছাইয়াৰা’ মুক্তি পোৱাৰ আগতেই এই চিনেমাখন ছুপাৰহিট হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ বাহিৰেও ছাইয়াৰাৰ গীতবোৰ অতি ৰোমাণ্টিক। ছবিখনৰ সমান্তৰালকৈ গীতসমূহেও মুক্তিৰ পূর্বে অনুৰাগীৰ মাজত প্রভাৱ পেলাইছে৷ লগতে ছবিখনৰ গীতসমূহ ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল। আনহাতে ছবিখনৰ টাইটেল গীত ‘ছাইয়াৰা’ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ছবিখনৰ সংগীতত আছে সচেত-পৰমপাৰা, মিথুন, বিশাল মিশ্ৰ, আৰু তনিষ্ক বাগচি।

Aashiqui 2 ৰ পিছত বলীউডত দেখা গৈছে এক ৰোমান্টিক কাহিনী। এনে পৰিস্থিতিত আহন পাণ্ডে আৰু অনিত পদ্দা অভিনীত এই ছবিখনৰ কাহিনীয়ে দৰ্শকে ভাল পাইছে।

আহান পাণ্ডেৰ এই ছবিখনে মুঠ সংগ্ৰহত ৯.৪০ কোটি টকা সংগ্ৰহ কৰিছে। আনহাতে ছবিখনে আগতীয়াকৈ ২১ কোটি টকা উপাৰ্জন কৰিছিল।

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?
Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

উপ ৰাষ্ট্ৰপতি পদৰ পৰা (Jagdeep Dhankhar) পদত্যাগ জগদীপ ধনখড়ৰৰ। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনড়ৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে দেশৰ ৰাজনীতিত আৰম্ভ হৈছে জল্পনা-কল্পনা। উপ-ৰাষ্ট্ৰপতি পদৰ পদত্যাগৰ পিছত তেওঁৰ কাম কোনে চোৱাচিতা কৰিব, চৰকাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব? পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব পাৰে, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল চৰকাৰে কাৰোবাক উপ-ৰাষ্ট্ৰপতি বনাব পাৰিব নে ইয়াৰ আঁৰত কিবা নীতি-নিয়ম থাকিবনে?

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা সাংবিধানিক বিশেষজ্ঞ বিৰাগ গুপ্তাই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে জগদীপ ধনড়ৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে আৰু সেয়া মানি লোৱা হৈছে। এতিয়া ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব ল’ব। পদত্যাগ, মৃত্যু বা স্বাস্থ্যজনিত কাৰণতেই হওক, পদত্যাগ কৰা ব্যক্তিকে ধৰি এনে সকলো পৰিস্থিতিৰ বাবে সংবিধানত বিধান আছে বুলিও তেওঁ কয়। এতিয়া একে নিয়ম প্ৰযোজ্য হ’ব।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ যাদৱে কয় যে মই স্পষ্টকৈ কওঁ যে তেওঁৰ পদত্যাগে কোনো ডাঙৰ সাংবিধানিক সংকটৰ সৃষ্টি নকৰে, কাৰণ সাংবিধানিক কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ ওপৰত। কিন্তু মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদ কেতিয়াও খালী হৈ থাকিব নোৱাৰে। সংবিধানত ইয়াৰ ব্যৱস্থা আছে। উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগ বা তেওঁৰ কাৰ্যকালৰ আন কোনো অভাৱনীয় পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব গ্ৰহণ কৰে।

জগদীপ ধনখড়ৰ পদত্যাগৰ পাছত সাংবিধানিক নীতি-নিয়ম অনুযায়ী নির্বাচন আয়োগে শীঘ্রে নতুন উপ-সভাপতিৰ নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰিব৷ তেতিয়ালৈকে হৰিবংশ নাৰায়ণ সিঙে ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্ব ল’ব। সংবিধানৰ ৬৬ আৰু ৬৮ নং অনুচ্ছেদৰ অধীনত এই প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ হ’ব, যাতে কোনো সাংবিধানিক সংকটৰ সৃষ্টি নহয়।

উপ-ৰাষ্ট্ৰপতি পদ খালী হ’লে নিৰ্বাচনৰ সময় আৰু নতুন উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পৰ্কে নিয়ম-নীতি থাকে। য’ত যদি উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ বাবে খালী পদৰ সৃষ্টি হয়, তেন্তে কাৰ্যকাল শেষ হোৱাৰ আগতেই নতুন নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব। যদিহে পদটো হঠাৎ খালী হয় অৰ্থাৎ মৃত্যু, পদত্যাগ, অপসাৰণ বা আন কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হয়, তেতিয়া খালী হোৱাৰ পিছত যিমান পাৰি সোনকালে নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব।

সাধাৰণতে দুমাহৰ ভিতৰত নতুন উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে। এনে পৰিস্থিতিত এতিয়া নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব। ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ পিছত এতিয়া চৰকাৰে ২০ ছেপ্টেম্বৰৰ ভিতৰত (প্ৰায় ৬০ দিন) নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগিব।

National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?

National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?
National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?

গৰমৰ দিনলৈ অপেক্ষা কৰা কাৰণ যেন এটাই, (National Mango Day 2025) সেয়া হৈছে আম। যাতে আমি আমৰ দৰে ৰসাল ফলৰ সোৱাদ ল’ব পাৰো, কিন্তু আম বেছিকৈ খালে মুখত পিম্পল হ’ব পাৰে বুলি মনত এটা ভয়ো থাকে বহুতৰে।

প্ৰতি বছৰে ২২ জুলাইত ৰাষ্ট্ৰীয় আম দিৱস পালন কৰা হয়। ভাৰতত আমক ‘ফলৰ ৰজা’ বুলি কোৱা হয়। আমি আম কাটি, চুহি, মিঠা ব্যঞ্জন বনাই বহু ধৰণে খাওঁ। কিন্তু আম ভাল পোৱাৰ পিছতো খাই থাকোঁতে মানুহৰ মনত এটা ভয় থাকে যে যদিহে বেছিকৈ আম খাই তেন্তে মুখত ব্ৰণৰ সমস্যা হ’বলৈ আৰম্ভ হ’ব পাৰে।

যদি আপুনি বেছিকৈ আম খায় তেন্তে সামগ্ৰিক খাদ্যৰ গ্লাইচেমিক লোড যথেষ্ট বৃদ্ধি পায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে যকৃতে আই জি এফ-১ হৰম’ন নিৰ্গত কৰে। যিয়ে ছালত উপস্থিত চেবাচিয়াছ গ্ৰন্থিবোৰক উদ্দীপিত কৰি চেবাম উৎপন্ন কৰে।

আনহাতে গৰমত ঘাম ওলোৱাৰ বাবে ছিদ্ৰ বন্ধ হৈ যায় আৰু যদি আপোনাৰ ব্ৰণৰ সংবেদনশীল ছাল থাকে, তেন্তে এই অতিৰিক্ত চেবামে ব্ৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে। “

আমৰ বাকলিত কিছুমান ভিন্ন যৌগ থাকে, যেনে ৰেচ’ৰচিনল আৰু উৰুছিঅ’ল, যিয়ে ছালত এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

বজাৰৰ পৰা আম অনাৰ পিছত ভালদৰে ধুই তাৰ পিছত পানীত তিয়াই থৈ দিব লাগে। তাৰ পিছত বাকলি গুচাই সীমিত পৰিমাণে খাব লাগে।

এয়া এগৰাকী বিখ্যাত ডায়েটিচিয়ান তথা পুষ্টিবিদৰ মন্তব্য।

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball
অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

গুৱাহাটী , ২১ জুলাই । Roll Ball । ১৯ ৰ পৰা ২১ জুলাই লৈ কামৰুপ মেট্ৰো জিলা ৰোল বল সংস্হাৰ উদ্যোগত দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় অষ্টম আন্তঃজিলা চাম- জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপ । আজিৰ সামৰনিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম পুলিচৰ এ আই জি পি প্ৰনৱজ্যোতি গোস্বামী জেষ্ঠ্য সাংবাদিক প্ৰনয় বৰদলৈ , কীমৰুপ ৰোল বল সন্থাৰ সভাপতি প্ৰিয়তনু বৰুৱা , অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন ।


অসম ৰোলবল সন্থাৰ সম্পাদক জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ – লৰা শাখাৰ ফাইনেলত কামৰূপে ডিব্ৰুগড়ক ১১-৯ গলত উত্তেজনাপুৰ্ন খেলত পৰাস্ত কৰে। তৃতীয় স্হান দখল কৰে – কামৰূপ মেট্ৰো ।
ছোৱালী শাখাত গুৱাহাটী য়ে কামৰূপক ১৩-৭ গলত পৰাস্ত কৰি বিজয়ী হোৱাৰ বিপৰীতে কামৰুপ মেট্ৰো তৃতীয় হয়।
শ্ৰেষ্ঠ খেলুৱৈ হয় টাচী ৰুংটা ড্ৰষথি দেৱী, ড্ৰুবি মহন্ত, সুশাংকৰ বৰা, জৈষ্নৱ শৰ্মা, কুসাগ্ৰ গগৈয়ে।

Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল

Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল
Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল

সামাজিক মাধ্যমত নিজৰ বস্ত্ৰ, (Urfi Javed) অলংকাৰ আৰু বিতৰ্কৰ বাবে ভাইৰেল হৈ থকা অভিনেত্ৰী তথা মডেল উৰ্ফী জাভেদৰ বৰ্তমান অৱস্থা দেখিলে আচৰিত হ’ব আপুনি। সামাজিক মাধ্যমত চৰ্চা হৈছে যে উৰ্ফিৰ ধুনীয়া মুখ আৰু ওঁঠজুৰি আৰু অধিক ধুনীয়া কৰিবলৈ গৈ ভয়ংকৰ ৰূপ ল’লে। লিপ ফিলাৰ কৰাৰ পিছতে উৰ্ফী জাভেদৰ গোটেই মুখ মণ্ডল ফুলি উঠি। উৰ্ফিক বৰ্তমান দেখিবলৈ আচহুৱা লাগিছে। উৰ্ফীৰ এনে অৱস্থা দেখি আচম্বিত হৈ পৰিছে তাইৰ অনুৰাগী তথা সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল।

উৰ্ফীৰ এনে চেহেৰাৰ বাবে একাংশ অনুৰাগী চিন্তাত পৰিছে, বহুতে পৰামৰ্শও দিছে লগতে কিছুমানে উৰ্ফীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ছ’চিয়েল মিডিয়াত এতিয়া উৰ্ফী জাভেদৰ এনে মুখমণ্ডলৰ ফটো ভাইৰেল হৈ পৰিছে।


মুঠতে ক’বলৈ গ’লে অধিক মাত্ৰ কোনো ক্ষেত্ৰতেই ভাল নহয় সেয়া লাগিলে খোৱা, শোৱা নাইবা সৌন্দৰ্য। অৱশ্যে উৰ্ফিৰ এনে মুখমণ্ডলৰ ৰহস্যৰ প্ৰকৃত খবৰ এতিয়াও পোহৰলৈ অহা নাই।