Home Blog Page 189

Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা

Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা
Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা

হে শ্বহীদ তোমাক প্ৰণাম।(Dinesh Kumar Sharma)

পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ।

পুঞ্চত পাকিস্তানৰ গোলাবৰ্ষণত ছহিদ ভাৰতীয় জোৱান দীনেশ কুমাৰ শৰ্মা।

বুধবাৰে নিশা মৃত্যু হয় ভাৰতীয় সেনাৰ ৫ ফিল্ড ৰেজিমেণ্টৰ জোৱানজনৰ।

দেশজুৰি শোকৰ ছাঁ।

‘OPERATION SINDOOR’ৰ পাছত LoCত অপ্ৰৰোচিত গোলাবৰ্ষণ পাকিস্তানৰ৷

বুধবাৰে নিশা মৃত্যু হয় ভাৰতীয় সেনাৰ ৫ ফিল্ড ৰেজিমেণ্টৰ জোৱানজনৰ৷

watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে

watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে
watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে

সফলতাৰ বাটত অগ্ৰসৰ হ’বলৈ যে(watermelon farming)পৰিশ্ৰম আৰু একাগ্রতাৰ নিতান্তই প্ৰয়োজন সেয়া পুনৰবাৰ প্ৰমাণিত কৰিছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰী তথা নগাঁৱৰ ভোটাইগাঁও নিবাসী, সমাজকৰ্মী অশোক কুমাৰ বৰাই। “মন কৰিলেই ছন, বাকৰি মাটিতে ধন”- অসমীয়া এই আপ্তবাক্যষাৰকে সৰোগত কৰি বৰাই গাঁওখনৰে গেৰেকী পথাৰৰ ধান খেতি উপযোগী মাটিতে যোৱা বছৰ তৰমুজ খেতি কৰি যথেষ্ঠ লাভবান হৈছিল। তেওঁ জনোৱা মতে, ২০২৪ বৰ্ষত দুবিঘা মাটিত তৰমুজ খেতি কৰি ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাত এইবাৰো প্রায় ৩ বিঘা মাটিত কৰিছে ‘সৰস্বতী’ প্ৰজাতিৰ তৰমুজ খেতি। এইবাৰ বৰ্তমানলৈকে তেওঁ ৫০ কুইণ্টলতকৈও অধিক পৰিমাণৰ তৰমুজ বিক্ৰী কৰিছে আৰু ৪০ কুইণ্টল মান বিক্ৰী কৰিব পৰা যাব বুলি জানিবলৈ দিছে।

যি সময়ত নৱ প্ৰজন্মৰ এচাম অসমীয়া লোকে কৃষিকৰ্মলৈ পিঠি দি চৰম হা-হুমুনিয়াহেৰে দিন নিয়াইছে সেই সময়তে পথাৰৰ মাটি ক্ৰয় কৰি তিনি বছৰমান পূৰ্বে এখন মনোৰম কৃষিফাৰ্ম গঢ়ি তুলি এইগৰাকী লোকে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এইবেলি তৰমুজৰ উপৰি প্ৰায় এবিঘা মাটিত তেওঁ কৰিছে মাইক্ৰ প্ৰজাতিৰ জলকীয়া। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গোবৰ সাৰ ব্যৱহাৰ কৰি তৰমুজ, জলকীয়াৰ উপৰি কিছু পৰিমানে জিকা, ৰঙালাও, কোমোৰা, তিহু, অমিতাকে ধৰি বিভিন্ন পাচলিৰ খেতিও কৰিছে। স্থানীয় কিছু সংখ্যক যুৱকেও বিভিন্ন সময়ত বৰাৰ কৃষিকৰ্মত সহযোগ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। বৰাৰ কৃষি ফাৰ্মত আছে দুটাকৈ বৃহৎ আকাৰৰ পুখুৰী আৰু দুয়োটা পুখুৰীতে আছে বিভিন্ন প্ৰজাতিৰ মাছ।

সময়ত সৌৰশক্তি চলিত মেচিনেৰে পুখুৰী আৰু কৃষি ভূমিত পানী দিয়াৰ ব্যৱস্থাও কৰি লোৱা হৈছে। তেওঁ জনোৱা মতে, যোৱাবাৰ জহা আৰু বৰা ধানৰ খেতিও কৰিছিল আৰু এইবাৰো তৰমুজ খেতিৰ অন্তত ধান খেতিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ইফালে, পোৱালি সহ ৩৫ টাৰো অধিক ছাগলী, একুৰিৰো অধিক হাঁহ, কুকুৰা, পাৰ পালনেৰে নিজকে যথাৰ্থতে এগৰাকী সফল কৃষক তথা পশু পালক হিচাপেও প্ৰমাণিত কৰি সমাজলৈ এক শুভ বার্তা বহন কৰিছে। উল্লেখ্য যে তেওঁৰ এই কৃষি ফাৰ্মখনত বিগত দুটা বছৰে ভাগৱত পাঠ অনুষ্ঠিত কৰি অহাত এক নান্দনিক পৰিৱেশে শ শ ভক্তপ্ৰাণ লোকক সন্মোহিত কৰিবলৈ সক্ষম হৈছে।

Masood Azhar: ময়ো মৰি যোৱা হ’লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু

Masood Azhar: ময়ো মৰি যোৱা হ'লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু
Masood Azhar: ময়ো মৰি যোৱা হ'লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু

‘ময়ো মৰি যোৱাই ভাল আছিল’ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যুৰ পিছত সি দিয়া মন্তব্য এয়া। পৰিয়ালক হেৰুৱাই অনুশোচনাত দগ্ধ হৈ পৰিছে এতিয়া মহছুদ আজহাৰ।(Masood Azhar)

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছে ভাৰতে। আজি পুৱাৰ ভাগত ভাৰতে পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে। এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।

অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ বাহাৱালপুৰত জইছ-ই-মহম্মদৰ মূল ঘাটি মাৰ্কাজ চুভান আল্লাহৰ ওপৰত ভাৰতীয় বাহিনীয়ে চলোৱা আক্ৰমণত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হৈছে। খবৰ অনুসৰি এই আক্ৰমণত মাছুদ আজহাৰৰ পত্নী, পুত্ৰ আৰু জ্যেষ্ঠ ভগ্নীকে ধৰি সমগ্ৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হয়।

ভাৰতীয় সেনাৰ এই কাৰ্যত মৌলানা কাচিফ আৰু তেওঁৰ পৰিয়াল, মৌলানা আব্দুল ৰাউফৰ ডাঙৰ কন্যা, নাতি আৰু চাৰিটা সন্তানৰ লগতে আপ্পা ছৌদি আৰু তেওঁৰ পৰিয়ালকো হত্যা কৰা হয়। সমগ্ৰ পৰিয়ালটোক হত্যা কৰাৰ পিছত মাছুদ আজহাৰে ক’লে যে মইও মৰি যোৱা হ’লে ভাল আছিল।

পঞ্জাৱৰ ভাৱালপুৰত জেইছ-ই-মহম্মদৰ হেড কুৱাটাৰ আছিল পৰিয়ালটো। সেই হেড কুৱাটাৰ টোকে উৰুৱাই দিয়ে ভাৰতীয় সেনাই।সেই হেড কুৱাটাৰৰ পৰাই আজমল কাছাব,হাফিছ ছৈয়দ দৰে সন্ত্ৰাসক প্ৰশিক্ষণ দিছিল।

Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া

Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া
Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া

পাকিস্তানত ভাৰতে বিমান আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনা আৰু সেনাই এখন সংবাদমেল অনুষ্ঠিত কৰে। য’ত বিমান আক্ৰমণৰ সৈতে জড়িত তথ্য দিয়া হৈছিল। (Vyomika Singh and Sophia Qureshi) এই তথ্য কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডোৰ ব্যোমিকা সিঙে দিছে। এই দুগৰাকী মহিলাৰ কিমান শিক্ষা আৰু কিমান অভিজ্ঞতা আছে জানো আহক।

কৰ্ণেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাৰ চিগনেল কৰ্পছৰ এগৰাকী সজ্জিত বিষয়া। বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় সেনাৰ এটা দলৰ কামাণ্ড কৰা প্ৰথমগৰাকী মহিলা বিষয়া তেওঁ। ২০১৬ চনত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বহিঃৰাজ্যৰ সামৰিক অনুশীলন ‘এক্সাৰচাইজ ফৰ্চ ১৮’ত ভাৰতীয় দলটোক নেতৃত্ব দিছিল। বিশেষ কথাটো হ’ল অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত তেওঁ আছিল একমাত্ৰ মহিলা সেনাপতি।

কৰ্ণেল কুৰেশ্বিৰ ঘৰ গুজৰাটৰ আৰু তেওঁ জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী।

উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ বায়ুসেনা যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ শৈশৱৰ সপোনৰ পৰা। স্কুলীয়া দিনৰ পৰাই তেওঁৰ উৰাজাহাজ চলাবলৈ মন গৈছিল। তেওঁৰ নামৰ অৰ্থ – “ব্যোমিকা,” আকাশৰ সৈতে জড়িত – তেওঁৰ আকাংক্ষাক আৰু অধিক গঢ় দিছিল। ব্যোমিকা মানে আকাশত বাস কৰা বা আকাশৰ কন্যা।

তেওঁ নেচনেল কেডেট কৰ্পছ (এনচিচি)ত যোগদান কৰি আৰু পিছলৈ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰি নিজৰ লক্ষ্যত উপনীত হয়। পৰিয়ালৰ ভিতৰতে সশস্ত্ৰ বাহিনীত যোগদান কৰা প্ৰথমজন ব্যক্তি। ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰি ২০১৯ চনৰ ১৮ ডিচেম্বৰত উৰণ শাখাত স্থায়ী কমিচন লাভ কৰে।

কৰ্ণেল কুৰেশ্বিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান (পিকেঅ’)ৰ সৈতেও ছবছৰ সেৱা আগবঢ়াইছে, য’ত কংগোত ৰাষ্ট্ৰসংঘৰ মিছনত উল্লেখযোগ্য কাৰ্যকাল (২০০৬)ও আছে। তেওঁ এবাৰ তেওঁৰ শান্তিৰক্ষা কৰ্তব্যক সংঘাতৰ অঞ্চলত যুদ্ধবিৰতি নিৰীক্ষণ কৰা আৰু মানৱীয় প্ৰচেষ্টাক সমৰ্থন কৰা বুলি অভিহিত কৰিছিল। তেওঁ সেই কাৰ্যক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে আৰু সশস্ত্ৰ বাহিনীৰ আন মহিলাসকলক “দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰি সকলোকে গৌৰৱান্বিত কৰিবলৈ” উৎসাহিত কৰে।

উইং কমাণ্ডাৰ সিঙে ২৫০০ ঘণ্টাৰো অধিক সময় উৰা মাৰিছে। তেওঁ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি কিছুমান কঠিন ভূখণ্ডত হেলিকপ্টাৰ উৰুৱাইছে।

Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল, অসমৰ ২০ টা স্থানত আজি মক ড্ৰিল

Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল
Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল

দেশত বাজিছে যুদ্ধৰ দামামা।(Mock Drill)পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গৰজি উঠিব পাৰে ভাৰতৰ কামান। ১৯৭১ চনত পাকিস্থানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল। ১৯৭১ চনৰ পিছত ভাৰতে পুনৰ অসামৰিক প্ৰতিৰক্ষাৰ অনুশীলনৰ মকড্ৰিল কৰিব আজি। এইবাৰো ভাৰতৰ লক্ষ্য পাকিস্তানেই। আজি দেশৰ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব অসামৰিক প্ৰতিৰক্ষা অনুশীলন ৷ এই আখৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে মঙলবাৰে পুৱা অনুশীলন সন্দৰ্ভত অনুষ্ঠিত কৰে বিশেষ বৈঠক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ৭ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুশীলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে গৃহ সচিবে ৷

অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতি বৃদ্ধিৰ প্ৰয়াসত আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি মূল্যায়ন আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব বৈঠক । গাঁও পৰ্যায়লৈকে এই অনুশীলনৰ পৰিকল্পনা কৰা হৈছে ।এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ মুখ্য সচিব আৰু অসামৰিক প্ৰতিৰক্ষাৰ মুৰব্বীসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে ।৫ মে’ত কেন্দ্ৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অহা এখন পত্ৰত মকড্ৰিলৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ সমান্তৰালকৈ কেইবাখনো ৰাজ্যক ফলপ্ৰসূ অসামৰিক প্ৰতিৰক্ষাৰ বাবে নিজৰ অনুশীলন চলাবলৈ নিৰ্দেশ দিয়া হৈছিল ।পত্ৰখনত কোৱা হৈছে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ৭ মে’ত দেশৰ ২৪৪ খন শ্ৰেণীভুক্ত অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন আৰু আখৰা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ।মকড্ৰিলৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে ক্ৰমে- বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা, হটলাইন কাৰ্যকৰী কৰা, আই এ এফৰ সৈতে ৰেডিঅ’ যোগাযোগৰ সংযোগ, নিয়ন্ত্ৰণ কক্ষ আৰু ছায়া কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা, শত্ৰুতাপূৰ্ণ আক্ৰমণৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰিবলৈ নাগৰিক প্ৰতিৰক্ষাৰ দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকক প্ৰশিক্ষণ দিয়া আৰু দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ ব্যৱস্থা কৰা ।

ৱাৰ্ডেন সেৱা, অগ্নিনিৰ্বাপক, উদ্ধাৰ অভিযান আৰু ডিপো পৰিচালনাকে ধৰি অসামৰিক প্ৰতিৰক্ষা সেৱাৰ সক্ৰিয়কৰণ আৰু সঁহাৰি পৰীক্ষা কৰা, দুৰ্ঘটনাজনিত ব্লেকআউট ব্যৱস্থা ৰূপায়ণৰ মূল্যায়ন কৰা আৰু খালী কৰাৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা আদিও এই উদ্দেশ্যসমূহৰ অন্তৰ্গত ৷গৃহ মন্ত্ৰালয়ে বিগত ২ মে’ত দুৰ্বল অঞ্চল আৰু জিলাৰ অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল । তদুপৰি মন্ত্ৰালয়ে দেশৰ মুঠ ২৯৫ খন দুৰ্বল চহৰ আৰু জিলা চিনাক্ত কৰিছে, য’ত শান্তিৰ সময়ত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰাটো প্ৰয়োজন ।দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলাইছিল। এনে সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ লাইট বা তেনে ধৰণৰ পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া দিছে। ১৯৭১ চনতো ভাৰতে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টতে আঘাঘণ্টা ধৰি সকলো লাইট নুমাই দি মকড্ৰিল কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা অনুসৰি সকলো ৰাজ্যকে অহা ৭ মে’, বুধবাৰে যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন নিৰ্দেশ দিয়া হৈছে্ ৷চৰকাৰী তথ্য অনুসৰি দেশৰ মুঠ ২৪৪ খন জিলাৰ ২৫৯ স্থানত হ’ব এই মকড্ৰিল। আনহাতে অসমৰ মুঠ ২০ টা স্থান ক্ৰমে বঙাইগাওঁ, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত হ’ব মকড্ৰিল।পেহলগাম নৰসংহাৰৰ পিছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে৷

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

Operation Sindoor: 'অপাৰেচন সিন্দুৰ' নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
Operation Sindoor: 'অপাৰেচন সিন্দুৰ' নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

‘OPERATION SINDOOR’ৰ নামকৰণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ (Operation Sindoor)

পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰাৰ ক’ডনেম আছিল এই ‘OPERATION SINDOOR’।

‘অপাৰেচন সিন্দুৰ’ত কি কি হ’ল-


২. প্রধানমন্ত্রী মোদীয়ে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিছিল অপাৰেচন সিন্দুৰ


৩. অপাৰেচন সিন্দুৰ পূৰ্বৰ ছাৰ্জিকেল স্ট্রাইকতকৈ অধিক ফলপ্রসূ


৪. এপষেক পূৰ্বেই পৰিকল্পনা কৰা হৈছিল এই আক্রমণ


৫. পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত আক্ৰমণ


৬. ১২টা সন্ত্রাসবাদী নিহত হৈছে, আহতৰ সংখ্যা প্রায় ৫৫ জন


৭. ভাৰত ভূমিৰ পৰা লক্ষ্য নিৰ্দিষ্ট ড্ৰোণেৰে ভাৰতৰ আক্ৰমণ


৮. অপাৰেচন সিন্দুৰৰ হিৰ’ লইটাৰিং মিউনিচন ছিষ্টেম অর্থাৎ LMS


৯. পাকিস্তানৰ ৪৫ কিলোমিটাৰ ভিতৰলৈ গৈ আক্ৰমণ


১০. অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানত আলোড়ন

Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, বৰ্তমান পাকিস্তানৰ হাহাকাৰ অৱস্থা

Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

দোভাগনিশা পাকিস্তানৰ ওপৰত আক্ৰমণ ভাৰতৰ। অপাৰেশ্যন সিন্দূৰ নামেৰে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ। ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক বায়ুসেনাৰ।(Pakistan PM Shehbaz Sharif)বৰ্তমান পাকিস্তানৰ পৰিৱেশ হাহাকাৰ।


শত্ৰুৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে আমি ভালদৰে জানো। পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ প্ৰতিক্ৰিয়া। ভাৰতৰ আক্রমণত ৮ জন নিহত, ৩৫ জন আহত বুলি তথ্য প্রকাশ।

ভাৰতৰ আক্ৰমণত লস্কৰ-ঈ-তৈবাৰ হাফিজ আব্দুল মালিকৰ মৃত্যু মৃত্যু হৈছে। লস্কৰ-ঈ-তৈবাৰ ক’মাণ্ডাৰ বদৰুদ্দিনৰো মুৰিদকেত কৰা ভাৰতীয় সেনাৰ আক্ৰমণত মৃত্যু। আক্ৰমণৰ সময়ত ঘাটিতে আছিল দুয়োগৰাকী, আক্ৰমণত মুদছিৰ নামৰ এটা সন্ত্রাসবাদীও নিহত।

Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ

Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ
Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ

পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ।(Operation Sindoor)

অপাৰেশ্যন সিন্দুৰ নামেৰে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ।

৯টাকৈ সন্ত্রাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক বায়ুসেনাৰ।

ভাৰতে আক্ৰমণ কৰা পাকিস্তানৰ সন্ত্রাসবাদীৰ স্থান সমূহ –


১. ৱহাৱলপুৰৰ মাৰ্কাজ সুভান আল্লা

২. মুদিৰ্কেৰ মাৰ্কাজ তৈবা

৩. ছেৰ্জাল/টেহৰা কালান

৪. শিয়ালকোটৰ মেহমুন জয়া

৫. বৰ্ণালা চহৰৰ ভীমবৰৰ মাৰ্কাজ-এ-আহলে হাদিছ চহৰ

৬. কোটলীৰ মাৰ্কাজ আব্বাছ

৭. কোটলীৰ মাৰ্কাজ ৰাহিল ছাহিদ

৮. মুজফৰাবাদৰ শ্বাহাই নাল্লাহ চাউনি

৯. মুজফৰাবাদৰ মাৰ্কর্কাজ ছেদনা বিল্লাল

মাজনিশা ১ বাজি ৪৪ মিনিটত ভাৰতীয় সেনাই আৰম্ভ কৰিলে এই অভিযান।


এইপর্যন্ত ৩০টাকৈ পাকিস্তানীৰ মৃত্যুৰ আশংকা।

১২ খন চুখয় Su-3MKI, ৮ খন ৰাফেল বিমানেৰে চলাইছিল আক্রমণ।

সীমান্তৰ পৰা ৪৫ কিঃমিঃ ভিতৰত সোমাই ভাৰতৰ আক্ৰমণ পাক অধ্যুষিত কাশ্মীৰকে ধৰি ৯ স্থানত চলিছিল আক্রমণ।

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war
প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

৬মে’ ২০২৫ঃ India-Pakistan war । পশ্চিম নলবাৰী অঞ্চলৰ বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁৰালৰ নিয়মীয়া কাৰ্যসূচী দেওবৰীয়া চ’ৰাৰ ৩৩৩ সংখ্যক বৈঠক যোৱা ৪ মে’ (দেওবাৰে)তাৰিখে অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি সিদিনা গ্ৰন্থৰ আদান-প্ৰদানৰ পাছতে ‘ফিব’নাচ্চি সংখ্যা’ সম্পৰ্কে গণিতৰ পাঠদান কৰাৰ লগতে সাধাৰণ জ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । সহযোগ কৰে সুশীল মালাকৰ, বীৰেন বৰ্মন, অংগৰাজ বৰ্মন, হিতেন শৰ্মা আদিয়ে । প্ৰতিযোগিতাৰ উচ্চশাখাত প্ৰথম স্থান অধিকাৰ কৰে মৃগাংশু মেধি আৰু অভিনৱ নাৰায়ণ শৰ্মাৰ দলে । মধ্যশাখাত প্ৰথম হয় নেইনা শৰ্মা আৰু তৃষাংগী তালুকদাৰৰ দল । আনহাতে নিম্নশাখাত শীৰ্ষস্থান দখল কৰে হিয়া কাকতি আৰু তিনাশ্ৰী দাসৰ দলে ।

ইয়াৰ পাছতে ‘ভাৰত-পাকিস্তান সংঘাত’ সম্পৰ্কে বক্তব্য প্ৰদান কৰি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে এই সংঘাতৰ বীজ ৰোপিত হৈছিল এই উপমহাদেশত মুছলিম লীগৰ জন্ম আৰু উত্থানৰ জৰিয়তে । ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ সমান্তৰালভাৱে জন্মলাভ কৰা পাকিস্তানে কাশ্মীৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ভাৰত আক্ৰমণ কৰে আৰু কাশ্মীৰৰ এটা বৃহৎ অংশ দখল কৰি লয় । পুনৰ ১৯৬৫ চনত আৰু বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হয় । ১৯৯৯ চনত হয় কাৰ্গিল যুদ্ধ । ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰেই সীমান্তত উত্তেজনা আৰু সংঘাত অব্যাহত আছে । কেতিয়াবা এই সংঘাতেও যুদ্ধৰ ৰূপ ল’ব খোজে । ভাৰতৰ বাবে অন্যতম ডাঙৰ সমস্যা হ’ল সীমান্তৰ সিপাৰৰ পাকিস্তানৰ মাটিত চলি থকা ভাৰতবিৰোধী সন্ত্ৰাসবাদীসকল । এইসকলক লালন-পালন কৰে আৰু প্ৰশিক্ষণ দিয়ে পাকিস্তানে । পাকিস্তান চৰকাৰ, পাকিস্তানী সেনা আৰু পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আইৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা এই কাৰ্যকলাপৰে শেহতীয়া ৰূপ হ’ল কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ওপৰত নাৰকীয় আক্ৰমণ । আন এগৰাকী বক্তা, ছেবাৰ অৱসৰী বিষয়া, শিক্ষাবিদ হৰিনাৰায়ণ দাসে কয় যে হিন্দু-মুছলমান বুলি কথা নাই, সকলো ধৰণৰ সন্ত্ৰাসবাদক আমি গৰিহণা দিব লাগে আৰু ভাৰত চৰকাৰে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিব লাগে ।

আনহাতে ‘অনুশীলন’ শীৰ্ষক কিতাপৰ আলোচনাত প্ৰসিদ্ধ লেখিকা জুৰি বৰা বৰগোহাঞিৰ ‘ভোক’ নামৰ উপন্যাসখনৰ বিষয়ে কয় দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰি লেখিকা বৰগোহাঞিয়ে কয় যে মূলতঃ সমাজৰ নিম্নবৰ্গৰ মহিলাই জীৱন-যাতনাৰ বাবে দেহৰ ব্যৱসায় কৰিবলগীয়া হয় । আমি আলোচনা কৰিব নিবিচৰা এই ব্যৱসায় কিন্তু পৃথিৱীৰ প্ৰাচীনতম ব্যৱসায় । তেওঁলোকো আমাৰ সমাজৰে অংগ । ‘ভোক’ উপন্যাসখনত এচাম ক্ষুধাতুৰ নাৰীয়ে নিজৰ ক্ষুধা নিবাৰণৰ কাৰণে কেনে পৰ্যায়লৈ যাব পাৰে, সেই পটভূমিত লিখা হৈছে । এইখন অশ্লীল উপন্যাস নহয় । ই সমাজ-বাস্তৱৰ এক প্ৰতিফলন । প্ৰসংগক্ৰমে লেখিকাগৰাকীয়ে ক্ষেত্ৰ-অধ্যয়ন কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু উপন্যাসখন পঢ়ি বিভিন্নজনে প্ৰকাশ কৰা মনোভাৱো ব্যক্ত কৰে ।

আনহাতে সিদিনা ড০ হীৰেন গোহাঁই, প্ৰতিভাৰ পৰিক্ৰমা, সমসাময়িক মূল্যায়ন নামৰ গ্ৰন্থখন দান কৰে গ্ৰন্থখনৰ সম্পাদক উমেশ গোস্বামীয়ে । লগতে দুলীয়াজানৰ দিলীপ কুমাৰ বৰাই আগবঢ়োৱা ধনেৰে দহগৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক দুইদিস্তাকৈ বহীৰ পাত প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী গজেন কলিতাই আগবঢ়োৱা ধন আৰু প্ৰেৰণা পুথিভঁৰালে পতা বিহুৰ ৰাহি ধনেৰে ক্ৰয় কৰা ৩৫ খন চকী প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে পুথিভঁৰালৰ পৰিচালক মামণি দেৱী, লতিকা দেৱী, অমলেশ ডেকা, অভিনৱ নাৰায়ণ শৰ্মা, নিবন্ধকাৰ মনোৰঞ্জন দাস আদি ।
প্ৰেৰক, দিগন্তবৰ্মন।

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU
বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

৬ মে’ ২০২৫: BIHU । বন্তি জ্বলাই মাংগলীক ধ্বনিৰে ৫ মে’ত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন হৈ যায়। লাইখুটা স্থাপন কৰে কেন্দ্ৰীয় বিহুৰ আজীৱন উপদেষ্টা গোপিকানন্দ শইকীয়া আৰু খগেন বৰাই। উল্লেখ্য যে বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে ৷ ২৯, ৩০, ৩১ ব’হাগ অৰ্থাৎ ১৩, ১৪, ১৫ মে’ত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বোকাখাত ষ্টেচন ক্লাব, সন্মিলিত যুৱ সংঘ, মধ্য বোকাখাত বিহু সন্মিলন, নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনৰ যৌথ উদ্যোগত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ, ২০২৫ ৰ ব্যাপক আয়োজন চলি আছে। বোকাখাত কেন্দ্ৰীয় বিহুতলীত আয়োজন কৰা বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা ২৯ ব’হাগ অৰ্থাৎ ১৩ মে’, মঙলবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰ মুখ্য উত্তোলক কৰিব বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী অতুল বৰাই ৷ সমান্তৰালকৈ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা আন ৫০ খন পতাকাও উত্তোলন কৰা হ’ব ৷ ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্যসূচীৰ মুখ্য তৰ্পক হিচাবে তৰ্পন কৰিব উদযাপন সমিতিৰ আজীৱন উপদেষ্টা দিলীপ শইকীয়া আৰু গোপিকানন্দ শইকীয়াই ৷

পুৱা ১০ বজাত সকলো জাতি-জনগোষ্ঠীৰ লোককৃষ্টিৰে বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৷ দিনৰ ১১ বজাত কেন্দ্রীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষার্থীক মানপত্র প্রদান কৰিব উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ বিয়লি ৩ বজাত সদৌ অসম ভিত্তিত হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণী ২০২৫ প্রতিযোগিতাৰ শুভাৰম্ভ আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা ৩০ ব’হাগ, ১৪ মে’, বুধবাৰে পুৱা ৫ বজাত গোলাঘাট জিলা ভিত্তিত ল’ৰা আৰু ছোৱালী উভয় শাখাত ‘মাৰাথন’ প্রতিযোগিতা উদ্বোধন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা উত্তম শইকীয়াই ৷ পুৱা ১০ বজাত শিশুসকলৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দিনৰ ১১ বজাত মহিলাসকলৰ বিশেষ অনুষ্ঠানৰ লগতে গোলাঘাট জিলা ভিত্তিত মহিলাৰ জাতীয় সাজপাৰ আৰু পুস্পসজ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷

বিয়লি ৩ বজাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়া আৰু বোকাখাতৰ বিশিষ্ট নাগৰিকৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত প্ৰথম সাংস্কৃতিক সন্ধ্যাত স্থানীয় নিৰ্বাচিত আৰু আমন্ত্ৰিত শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী আস্থাজিতাই গীত পৰিৱেশন কৰিব ৷ ৩১ ব’হাগ, ১৫ মে’, বৃহস্পতিবাৰে অন্তিম দিনা পুৱা ১০ বজাত গোলাঘাট জিলা ভিত্তিত অসমীয়া নিৰ্বাচিত গীতত একক আৰু দলীয় সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি ৫ বজাত সোণালী জয়ন্তী উদযাপন উপলক্ষে প্ৰকাশ কৰি উলিওৱা অমৰ শৰ্মাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকর্ষণ হিচাবে থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ ‘গীতৰ শৰাই’ ৷ লগতে কেন্দ্ৰীয় বসন্ত উৎসৱত প্ৰথম স্থান লাভ কৰা হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণীয়ে বিহু প্ৰদৰ্শন কৰিব ৷ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ সন্দৰ্ভত ৯৩৬৫০০৩৬০৯, ৭০০২১০৮১৪৩ আৰু ৮৬৩৮৩৯৪৩০৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া আৰু মুখ্য সম্পাদক ৰাজীৱ বৰাই জানিবলৈ দিছে। অনুষ্ঠানটোলৈ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠান সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ আহ্বায়ক জনাইছে।