Home Blog Page 190

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war
প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

৬মে’ ২০২৫ঃ India-Pakistan war । পশ্চিম নলবাৰী অঞ্চলৰ বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁৰালৰ নিয়মীয়া কাৰ্যসূচী দেওবৰীয়া চ’ৰাৰ ৩৩৩ সংখ্যক বৈঠক যোৱা ৪ মে’ (দেওবাৰে)তাৰিখে অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি সিদিনা গ্ৰন্থৰ আদান-প্ৰদানৰ পাছতে ‘ফিব’নাচ্চি সংখ্যা’ সম্পৰ্কে গণিতৰ পাঠদান কৰাৰ লগতে সাধাৰণ জ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । সহযোগ কৰে সুশীল মালাকৰ, বীৰেন বৰ্মন, অংগৰাজ বৰ্মন, হিতেন শৰ্মা আদিয়ে । প্ৰতিযোগিতাৰ উচ্চশাখাত প্ৰথম স্থান অধিকাৰ কৰে মৃগাংশু মেধি আৰু অভিনৱ নাৰায়ণ শৰ্মাৰ দলে । মধ্যশাখাত প্ৰথম হয় নেইনা শৰ্মা আৰু তৃষাংগী তালুকদাৰৰ দল । আনহাতে নিম্নশাখাত শীৰ্ষস্থান দখল কৰে হিয়া কাকতি আৰু তিনাশ্ৰী দাসৰ দলে ।

ইয়াৰ পাছতে ‘ভাৰত-পাকিস্তান সংঘাত’ সম্পৰ্কে বক্তব্য প্ৰদান কৰি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে এই সংঘাতৰ বীজ ৰোপিত হৈছিল এই উপমহাদেশত মুছলিম লীগৰ জন্ম আৰু উত্থানৰ জৰিয়তে । ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ সমান্তৰালভাৱে জন্মলাভ কৰা পাকিস্তানে কাশ্মীৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ভাৰত আক্ৰমণ কৰে আৰু কাশ্মীৰৰ এটা বৃহৎ অংশ দখল কৰি লয় । পুনৰ ১৯৬৫ চনত আৰু বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হয় । ১৯৯৯ চনত হয় কাৰ্গিল যুদ্ধ । ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰেই সীমান্তত উত্তেজনা আৰু সংঘাত অব্যাহত আছে । কেতিয়াবা এই সংঘাতেও যুদ্ধৰ ৰূপ ল’ব খোজে । ভাৰতৰ বাবে অন্যতম ডাঙৰ সমস্যা হ’ল সীমান্তৰ সিপাৰৰ পাকিস্তানৰ মাটিত চলি থকা ভাৰতবিৰোধী সন্ত্ৰাসবাদীসকল । এইসকলক লালন-পালন কৰে আৰু প্ৰশিক্ষণ দিয়ে পাকিস্তানে । পাকিস্তান চৰকাৰ, পাকিস্তানী সেনা আৰু পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আইৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা এই কাৰ্যকলাপৰে শেহতীয়া ৰূপ হ’ল কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ওপৰত নাৰকীয় আক্ৰমণ । আন এগৰাকী বক্তা, ছেবাৰ অৱসৰী বিষয়া, শিক্ষাবিদ হৰিনাৰায়ণ দাসে কয় যে হিন্দু-মুছলমান বুলি কথা নাই, সকলো ধৰণৰ সন্ত্ৰাসবাদক আমি গৰিহণা দিব লাগে আৰু ভাৰত চৰকাৰে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিব লাগে ।

আনহাতে ‘অনুশীলন’ শীৰ্ষক কিতাপৰ আলোচনাত প্ৰসিদ্ধ লেখিকা জুৰি বৰা বৰগোহাঞিৰ ‘ভোক’ নামৰ উপন্যাসখনৰ বিষয়ে কয় দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰি লেখিকা বৰগোহাঞিয়ে কয় যে মূলতঃ সমাজৰ নিম্নবৰ্গৰ মহিলাই জীৱন-যাতনাৰ বাবে দেহৰ ব্যৱসায় কৰিবলগীয়া হয় । আমি আলোচনা কৰিব নিবিচৰা এই ব্যৱসায় কিন্তু পৃথিৱীৰ প্ৰাচীনতম ব্যৱসায় । তেওঁলোকো আমাৰ সমাজৰে অংগ । ‘ভোক’ উপন্যাসখনত এচাম ক্ষুধাতুৰ নাৰীয়ে নিজৰ ক্ষুধা নিবাৰণৰ কাৰণে কেনে পৰ্যায়লৈ যাব পাৰে, সেই পটভূমিত লিখা হৈছে । এইখন অশ্লীল উপন্যাস নহয় । ই সমাজ-বাস্তৱৰ এক প্ৰতিফলন । প্ৰসংগক্ৰমে লেখিকাগৰাকীয়ে ক্ষেত্ৰ-অধ্যয়ন কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু উপন্যাসখন পঢ়ি বিভিন্নজনে প্ৰকাশ কৰা মনোভাৱো ব্যক্ত কৰে ।

আনহাতে সিদিনা ড০ হীৰেন গোহাঁই, প্ৰতিভাৰ পৰিক্ৰমা, সমসাময়িক মূল্যায়ন নামৰ গ্ৰন্থখন দান কৰে গ্ৰন্থখনৰ সম্পাদক উমেশ গোস্বামীয়ে । লগতে দুলীয়াজানৰ দিলীপ কুমাৰ বৰাই আগবঢ়োৱা ধনেৰে দহগৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক দুইদিস্তাকৈ বহীৰ পাত প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী গজেন কলিতাই আগবঢ়োৱা ধন আৰু প্ৰেৰণা পুথিভঁৰালে পতা বিহুৰ ৰাহি ধনেৰে ক্ৰয় কৰা ৩৫ খন চকী প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে পুথিভঁৰালৰ পৰিচালক মামণি দেৱী, লতিকা দেৱী, অমলেশ ডেকা, অভিনৱ নাৰায়ণ শৰ্মা, নিবন্ধকাৰ মনোৰঞ্জন দাস আদি ।
প্ৰেৰক, দিগন্তবৰ্মন।

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU
বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

৬ মে’ ২০২৫: BIHU । বন্তি জ্বলাই মাংগলীক ধ্বনিৰে ৫ মে’ত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন হৈ যায়। লাইখুটা স্থাপন কৰে কেন্দ্ৰীয় বিহুৰ আজীৱন উপদেষ্টা গোপিকানন্দ শইকীয়া আৰু খগেন বৰাই। উল্লেখ্য যে বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে ৷ ২৯, ৩০, ৩১ ব’হাগ অৰ্থাৎ ১৩, ১৪, ১৫ মে’ত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বোকাখাত ষ্টেচন ক্লাব, সন্মিলিত যুৱ সংঘ, মধ্য বোকাখাত বিহু সন্মিলন, নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনৰ যৌথ উদ্যোগত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ, ২০২৫ ৰ ব্যাপক আয়োজন চলি আছে। বোকাখাত কেন্দ্ৰীয় বিহুতলীত আয়োজন কৰা বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা ২৯ ব’হাগ অৰ্থাৎ ১৩ মে’, মঙলবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰ মুখ্য উত্তোলক কৰিব বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী অতুল বৰাই ৷ সমান্তৰালকৈ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা আন ৫০ খন পতাকাও উত্তোলন কৰা হ’ব ৷ ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্যসূচীৰ মুখ্য তৰ্পক হিচাবে তৰ্পন কৰিব উদযাপন সমিতিৰ আজীৱন উপদেষ্টা দিলীপ শইকীয়া আৰু গোপিকানন্দ শইকীয়াই ৷

পুৱা ১০ বজাত সকলো জাতি-জনগোষ্ঠীৰ লোককৃষ্টিৰে বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৷ দিনৰ ১১ বজাত কেন্দ্রীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষার্থীক মানপত্র প্রদান কৰিব উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ বিয়লি ৩ বজাত সদৌ অসম ভিত্তিত হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণী ২০২৫ প্রতিযোগিতাৰ শুভাৰম্ভ আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা ৩০ ব’হাগ, ১৪ মে’, বুধবাৰে পুৱা ৫ বজাত গোলাঘাট জিলা ভিত্তিত ল’ৰা আৰু ছোৱালী উভয় শাখাত ‘মাৰাথন’ প্রতিযোগিতা উদ্বোধন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা উত্তম শইকীয়াই ৷ পুৱা ১০ বজাত শিশুসকলৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দিনৰ ১১ বজাত মহিলাসকলৰ বিশেষ অনুষ্ঠানৰ লগতে গোলাঘাট জিলা ভিত্তিত মহিলাৰ জাতীয় সাজপাৰ আৰু পুস্পসজ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷

বিয়লি ৩ বজাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়া আৰু বোকাখাতৰ বিশিষ্ট নাগৰিকৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত প্ৰথম সাংস্কৃতিক সন্ধ্যাত স্থানীয় নিৰ্বাচিত আৰু আমন্ত্ৰিত শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী আস্থাজিতাই গীত পৰিৱেশন কৰিব ৷ ৩১ ব’হাগ, ১৫ মে’, বৃহস্পতিবাৰে অন্তিম দিনা পুৱা ১০ বজাত গোলাঘাট জিলা ভিত্তিত অসমীয়া নিৰ্বাচিত গীতত একক আৰু দলীয় সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি ৫ বজাত সোণালী জয়ন্তী উদযাপন উপলক্ষে প্ৰকাশ কৰি উলিওৱা অমৰ শৰ্মাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকর্ষণ হিচাবে থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ ‘গীতৰ শৰাই’ ৷ লগতে কেন্দ্ৰীয় বসন্ত উৎসৱত প্ৰথম স্থান লাভ কৰা হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণীয়ে বিহু প্ৰদৰ্শন কৰিব ৷ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ সন্দৰ্ভত ৯৩৬৫০০৩৬০৯, ৭০০২১০৮১৪৩ আৰু ৮৬৩৮৩৯৪৩০৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া আৰু মুখ্য সম্পাদক ৰাজীৱ বৰাই জানিবলৈ দিছে। অনুষ্ঠানটোলৈ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠান সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ আহ্বায়ক জনাইছে।

উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati

উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati
উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati

৫ মে’২০২৫: North Guwahati । উত্তৰ গুৱাহাটী অভয়পুৰ কলেজ নগৰত চাইনী ড্যান্স একাডেমী নামৰ এখন নৃত্য বিদ্যালয় মুকলি কৰা হয়। অৰূপ দাসে আতঁধৰা অনুষ্ঠানত বিদ্যালয় খনৰ দ্বাৰ মুকলি কৰে নৃত্য প্ৰশিক্ষক কঙ্কন চৌধুৰীয়ে। এই বিদ্যালয় খনত সপ্তাহত দুটা দিন আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বিদ্যালয় খনৰ মুখ্য তত্বাৱধায়ক হিচাপে থাকিব বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা জণকল্যাণ বাতৰি কাকতৰ মুখ্য সম্পাদক কুমুদ নাথ।

বিদ্যালয় খনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি দৈনিক অসম কাকতৰ উত্তৰ গুৱাহাটীৰ সংবাদ দাতা ৰূপক ডেকাই সাম্প্ৰতিক পৰিস্থিতিত এই বিদ্যালয় খনে এক মুখ্য ভুমিকা পালন কৰিব বুলি উল্লেখ কৰে কিয়নো বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মৰ লৈ এক ডাঙৰ অভিশাপ কঢ়িয়াই আনিছে।এই বিদ্যালয় খনে শিক্ষাৰ্থী সকলক নৃত্যৰ লগতে সমাজক সুস্থিৰ ভাবে আগবঢ়াই নিবলৈ সক্ষম হব উল্লেখ কৰে। সাংবাদিক কৌশিক ডেকাই বক্তব্যত এই বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্য লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। উত্তৰ গুৱাহাটীৰ কলেজ নগৰৰ দৰে এক কেন্দ্ৰীয় স্হানত এই বিদ্যালয় খন স্হাপন হোৱাটো অতিকৈ ভাল খবৰ বুলি সাংবাদিক গৰাকীয়ে উল্লেখ কৰে। সাংবাদিক উৎপল তামুলীয়ে এই নৃত্য বিদ্যালয় খনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সাংস্কৃতিক কৰ্মী কুমুদ নাথৰ তত্বাৱধানত বিদ্যালয় খনে এক সুন্দৰ গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নৃত্য শিল্পী মিতালী দাসৰ লগতে,পিংকী চৌধুৰী, টিংকু শ‌ইকীয়া আৰু ক্ষীৰদা নাথৰ উপৰিও বহু বিশিষ্ট ব্যক্তি। মুকলি অনুষ্ঠানৰ শেষত বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে নৃত্য পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election
ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election

৬ এপ্ৰিল,২০২৫ : election । বুধবাৰে অনুষ্ঠিত হ’বলগা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যৰ ১৩ খন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ সমজিলাত ২৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। কিন্তু বঞ্চিত হ’ব ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক কেশৱ মহন্ত। মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা পৰিষদ চতিয়াল-পূৱথৰীয়াত বিজেপি-অগপ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী পণ্যলতা বৰুৱা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

তদ্ৰুপ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী দীপা বৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। আনহাতে, মন্ত্ৰীগৰাকীৰ গৃহ গাঁওসভা তেলীয়া-মৰিয়া (ৱাৰ্ড)ৰ সদস্যগৰাকীও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাত আপাতত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কাৰ্যৰ পৰা বঞ্চিত হ’ল মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে ভোটদান কৰা তেলীয়া গাঁও আঙ্গনৱাড়ী কেন্দ্ৰত এইবাৰ ভোটগ্ৰহণ নহয়। এই সন্দৰ্ভত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – কলিয়াবৰত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত নগৰাকী ৱাৰ্ড চেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। যাৰ বাবে ভোটকেন্দ্ৰ স্থাপন কৰিব লগা নহ’ল।

ফলত আমিও ভোটদান কৰিব লগা নহ’ব। আচলতে আমি ভোটদানৰ পৰা বঞ্চিত হ’লোঁ। কিন্তু কথাটো এনেকুৱা নহয় যে ইয়াত গণতান্ত্ৰিক ব্যৱস্থা নাই। ইয়াৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু প্ৰতিটো ৱাৰ্ডত সাম্ভাব্য প্ৰাৰ্থীসকলে আলোচনা কৰি প্ৰতিদ্বন্দিতা নকৰাকৈ থাকিল। প্ৰতিদ্বন্দিতা নকৰাৰ বাবেহে ভোটদানেৰে নিৰ্বাচিত কৰিবলগা নহ’ল। এফালে আমি দেখিছোঁ, ভোটদান কৰিবলগা হোৱা নাই কিন্তু যিসকল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে তেওঁলোকেও প্ৰতিদ্বন্দিতা কৰিবলৈ বিচৰাসকলৰ লগত যথেষ্ট সমিল-মিলেৰে বুজা-পৰাত উপনীত হ’ল, যিটো অগপ-বিজেপিৰ মিত্ৰতাৰ সুফল বুলি ভাবিছোঁ। মন্ত্ৰীগৰাকীয় এইবাৰ পঞ্চায়ত নিৰ্বাচনত কলিয়াবত সদস্যৰ বাবে ৪১টা ৱাৰ্ডত, দহটা আঞ্চলিক পঞ্চায়ত আৰু দুটা জিলা পৰিষদ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলি জনাই। মন্ত্ৰীগৰাকীৰ গৃহ গাঁও পঞ্চায়তৰ নটা ৱাৰ্ডৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বৰভকতিৰ এটা ৱাৰ্ডত ভোটগ্ৰহণ হ’ব।

চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon

চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon
চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon

চিচিবৰগাঁও ৫ মে’,২০২৫ঃ Chichibargaon । চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কালি এখনি বিদায় সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্র-ছাত্রী সকলক বিদায় জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত এই বিদায় সম্বর্ধনা অনুষ্ঠানত সভাপতিত্ব আগবঢ়ায় মুৰব্বী অধ্যাপক উত্তম কুমাৰ চুতীয়াই । অধ্যাপিকা বৰ্ণালী চুতীয়াই আঁত ধৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় অতিথি অধ্যাপক সমুজ্জ্বল শইকীয়াই ।

সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সম্বন্বয়ক জগন্নাথ চুতীয়াৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হেমন্ত ভূঞায়ে ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে । আনহাতে অসমীয়া বিভাগৰ ছাত্ৰী পৰিস্মিতা ভূঞাৰ নৃত্য আৰু হেমাজ্যোতি চুতীয়াৰ লগতে আন বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে গীত -মাত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে বিদায়ী অগ্ৰজসকলক কেন্দ্ৰ কৰি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতেই বিদায়ী ছাত্ৰ -ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে বিভাগীয় শিক্ষক – শিক্ষয়িত্ৰী সকলে ।

এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সমুজ্জ্বল শ ইকীয়ায়ে । ইয়াৰ পিছতেই অধ্যাপিকা অৰুনিমা ভূঞায়েও আগন্তুক স্নাতক চূড়ান্ত পৰীক্ষাকেন্দ্ৰিক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ইফালে বিদায়ী ছাত্ৰ -ছাত্ৰীসকলকেও বিভাগৰ শিক্ষাগুৰুসকলক একোখনিকৈ ফুলাম গামোছা পিন্ধাই সমজুৱাকৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিভাগৰ আন এজন সহকাৰী অধ্যাপক নয়নমনি মহন্ত দূৰ্ঘটনাজনিত কাৰণ ঘৰত থাকিব লগা হোৱাত ঘৰলৈ গৈ সাক্ষাৎ কৰি আশীৰ্বাদ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে।

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?
Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

বহুতে ভাতৰ লগত নাইবা অন্যান্য খাদ্যৰ লগত কেঁচা নিমখ খায়। (Salt Craving)খোৱাৰ সময়ত ভাতৰ সৈতে কেঁচা নিমখ নহ’লে এচামে খাদ্যৰ সোৱাদ নাপাই। কেঁচা নিমখ খোৱাৰ পৰা যিমানেই অপকাৰ নাথাকক কিয়, বহুতৰে খাদ্যত সদায় নিমখ থাকে। বহুতে দুপৰীয়া ভাজি খাদ্য, চপ, চিংগাৰৰ বাবে হাহাকাৰ কৰে। নিমখ বা নিমখীয়া খাদ্য খোৱাৰ এই ইচ্ছাৰ আঁৰৰ কাৰণ কি? বিশ্বাস কৰা হৈছিল যে শৰীৰত যদি পানী আৰু খনিজ লৱণৰ অভাৱ হয় তেন্তে ইয়াৰ অৰ্থ হ’ব যে শৰীৰে নিমখ খাবলৈ ইচ্ছা নকৰে। কিন্তু সেয়া নহয়। ইয়াৰ আঁৰৰ কাৰণ বেলেগ।

মানুহে কিয় মিঠাইৰ বাবে হাহাকাৰ কৰে সেই সম্পৰ্কে বহু মতামত আছে। কিন্তু ‘নিমখৰ লোভ’ৰ প্ৰকৃত কাৰণৰ ওপৰত গৱেষণা চলি আছে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে নিমখ খোৱাৰ ইচ্ছাৰ এটা কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা। এলড’ষ্টেৰন নামৰ হৰম’ন এটা আছে, যিটো পৰিৱৰ্তন হ’লে নিমখ খোৱাৰ অপ্ৰতিৰোধ্য ইচ্ছাৰ সৃষ্টি হয়। এলড’ষ্টেৰন হৈছে এবিধ ষ্টেৰইড হৰম’ন, যিটো এড্ৰিনেল গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। এই হৰম’নে শৰীৰত ৰক্তচাপ আৰু ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ আন এটা কাম হ’ল শৰীৰে ছডিয়াম শোষণ কৰাত সহায় কৰা, যাৰ বিনিময়ত অতিৰিক্ত পটাছিয়াম প্ৰস্ৰাৱত নিৰ্গত হয়। এই হৰম’নবোৰৰ ভিন্নতাই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, শৰীৰত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু বৃক্কৰ ৰোগ সৃষ্টি কৰিব পাৰে।

কিন্তু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাহিৰেও নিমখ বা নিমখীয়া খাদ্য খোৱাৰ ইচ্ছাৰ আন কাৰণো আছে। যেনে, টোপনিৰ অসুবিধা হ’লে বা অনিদ্ৰা হ’লে নিমখৰ লোভ বৃদ্ধি হ’ব পাৰে। যিসকল লোকে বেছি ঘামচি ওলায়, তেওঁলোকৰ নিমখীয়া খাদ্যৰ প্ৰতি অধিক হেঁপাহ থাকে। অত্যন্ত মানসিক চাপ বা উদ্বেগেও নিমখীয়া খাদ্যৰ প্ৰতি লোভৰ সৃষ্টি কৰিব পাৰে। কিছুমান ৰোগৰ বাবেও এনে কামনাৰ সৃষ্টি হয়। ইয়াৰে এটা হ’ল ‘বাৰ্টাৰ চিণ্ড্ৰম’। এইটো এটা জিনীয় ৰোগ, য’ত এই ৰোগ থকাসকলে শৰীৰৰ পৰা ছডিয়াম সোনকালে হেৰুৱাই, যাৰ ফলত পটাছিয়াম আৰু কেলচিয়ামৰ ভাৰসাম্যহীনতা দেখা দিয়ে। এই চিনড্ৰমৰ ফলত কোষ্ঠকাঠিন্য, বৃক্কত পাথৰ সৃষ্টি হোৱাৰ প্ৰৱণতা অধিক, মাজে মাজে ৰক্তচাপ কম হয়। পুনৰ ‘চিষ্টিক ফাইব্ৰ’ছিছ’ নামৰ ৰোগৰ ক্ষেত্ৰতো ৰোগীয়ে অধিক নিমখ খোৱাৰ ইচ্ছা অনুভৱ কৰে। এই ৰোগত হাওঁফাওঁ আৰু বিপাকীয় ক্ৰিয়া সম্পূৰ্ণৰূপে ধ্বংস হয়।

Mock drills: যুদ্ধ হ’লে কি কৰিব ? হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কি কৰিব…?

Mock drills: যুদ্ধ হ’লে কি কৰিব ?
Mock drills: যুদ্ধ হ’লে কি কৰিব ?

যুদ্ধ হ’লে কি কৰিব? সাধাৰণ নাগৰিকৰ(Mock drills) মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত অনুশীলনৰ নিৰ্দেশ অমিত শ্বাহৰ। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কেইবাখনো ৰাজ্যক জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্রস্তুত হ’বলৈ অনুশীলন চলাবলৈ নির্দেশ দিছে৷ এক প্ৰতিবেদন অনুসৰি সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে। পেহলগামৰ কাণ্ডৰ পিছত পাকিস্তানৰ সৈতে হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যক অনুশীলন চলাবলৈ নিৰ্দেশ দিছে। ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰিছে যে প্ৰধানমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজত প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে। প্ৰসংগক্ৰমে তাৰ কিছু সময়ৰ পিছতে অমিত শ্বাহৰ মন্ত্ৰালয়ে কেইখনমান ৰাজ্যক এই অনুশীলন চলাবলৈ নিৰ্দেশ দিয়ে।গৃহ মন্ত্ৰালয়ে বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন ব্যৱস্থা সক্ৰিয় কৰা, নাগৰিকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ ভূমিকা, হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ দ্ৰুত উদ্ধাৰ অভিযান চলাব আদি বিষয়ৰ ওপৰত অনুশীলন চলাবলৈ অনুৰোধ জনাইছে। প্ৰসংগক্ৰমে দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলায়।

সেই সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ আলোকিত বস্তু বা পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া হৈছিল। সাধাৰণতে যুদ্ধৰ সময়ত শত্ৰুৰ মনোযোগ এৰাই চলিবলৈ বা শত্ৰুৰ বায়ুসেনাক বিভ্ৰান্ত কৰিবলৈ লাইট বন্ধ কৰি বৃহৎ অঞ্চল ব্লেকআউট কৰা হয়। ইতিমধ্যে যোৱা ২২ এপ্ৰিলৰ পৰা সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।দেওবাৰে নিশা ‘ব্লেকআউট’ ড্ৰিলৰ পিছত বাসিন্দাসকল স্বাভাৱিকতে অধিক সতৰ্ক হৈ পৰিছে।পে্হলগামৰ কাণ্ডৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল সন্ত্ৰাসবাদীকে নহয়, সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলকো চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰদান কৰিছে।

তেওঁৰ ভাষাত “বন্দুকৰ ট্ৰিগাৰ টানিলে আৰু সেই ষড়যন্ত্ৰত জড়িত – কাকো ৰেহাই দিয়া নহ’ব!” লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি তীব্ৰ সঁহাৰি দিব। মই বিশ্বাস কৰোঁ যে পহলগাম কাণ্ডই প্ৰতিজন ভাৰতীয়ৰ তেজ উতলিবলৈ ধৰিছে।” পহলগাঁও সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও আশ্বাস দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দেওবাৰে দিল্লীত আয়োজিত সাংস্কৃতিক সজাগতা মহোৎসৱত ভাষণ দি ৰাজনাথ সিঙে কয় যে আপুনি আমাৰ প্ৰধানমন্ত্ৰীক চিনি পায়, তেওঁৰ কৰ্মশৈলী আৰু দৃঢ়তাৰ সৈতে সকলোৱে পৰিচিত। “মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আপোনালোকে যি বিচাৰে সেয়া নিশ্চিতভাৱে হ’ব।”


ৰাজনাথ সিঙে লগতে দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে পহলগাঁও আক্ৰমণক তীব্ৰ সঁহাৰি দিয়াটো তেওঁৰ দায়িত্ব। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মোৰ দায়িত্ব হৈছে সীমান্ত সুৰক্ষিত কৰাৰ বাবে সামৰিক বাহিনীৰ সৈতে কাম কৰা আৰু আমাৰ দেশক আক্ৰমণ কৰিবলৈ সাহস কৰাসকলক উপযুক্ত উত্তৰ দিয়া।

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ
pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে(pahalgam terror attack)বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ। জাৰ্মান বিমান সংস্থা লুফথানছাই পাইলটসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিবলৈ কয়। ফলত বিমান সংস্থাটোৰ বিমানসমূহে এছিয়াৰ কেইবাখনো দেশলৈ যাবলৈ অতিৰিক্ত সময় লৈছে। ব্ৰিটিছ এয়াৰৱেজ, ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স, এয়াৰ ফ্ৰান্স আৰু এমিৰেটছৰ দিল্লীলৈ যোৱা বিমানসমূহে পাকিস্তানক বাইপাছ কৰি সামান্য উত্তৰ দিশত ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এয়াৰ ফ্ৰান্সে পাকিস্তানৰ ওপৰেৰে উৰাজাহাজ চলাব নোৱাৰাৰ সিদ্ধান্ত লৈছে। যদিও ব্ৰিটিছ এয়াৰৱেজে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, তথাপিও তেওঁলোকৰ বিমানেও একে কাৰণতে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে বুলি অনুমান কৰা হৈছে। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দেওবাৰে ফ্ৰেংকফৰ্টৰ পৰা দিল্লী অভিমুখে লুফথানছাৰ এখন বিমান ৰাওনা হয়। নিৰ্ধাৰিত সময়ৰ প্ৰায় এঘণ্টাৰ পিছত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে। পথটো চুটি কৰাৰ সুযোগ পোৱাৰ পিছতো বিমানখনে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছি

বিভিন্ন বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলাৰ সিদ্ধান্তই বহুমুখী প্ৰভাৱ পেলাবলৈ গৈ আছে। বিমানে অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰিবলগীয়া হোৱাত ইন্ধনৰ খৰচ বৃদ্ধি পাইছে। ফলত বিমান ভাড়া বৃদ্ধি হ’ব পাৰে। গন্তব্য স্থানত উপস্থিত হোৱাতো পলম হ’ব পাৰে। আনহাতে পাকিস্তানেও তাৰ ফলত লোকচানৰ সন্মুখীন হৈছে। কাৰণ যেতিয়া এখন বিমান এখন দেশৰ আকাশমাৰ্গৰ মাজেৰে আন এটা গন্তব্যস্থানলৈ উৰি যায়, তেতিয়া সেই দেশখনে নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰে, যাক ‘অভাৰফ্লাইট মাচুল’ বোলা হয়। বিমানখনৰ ওজন আৰু সংশ্লিষ্ট দেশত যাত্ৰা কৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।পেহলগাম নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া) বিভিন্ন বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে, ইয়াৰ আঁৰৰ কাৰণ কি?টিছ এয়াৰৱেজ আৰু ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমানে দিল্লীলৈ যোৱাৰ পথত পাকিস্তানক এৰাই চলি কিছু উত্তৰ দিশলৈ ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

জাৰ্মান বিমান সংস্থা লুফথানছাই পাইলটসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিবলৈ কয়। ফলত বিমান সংস্থাটোৰ বিমানসমূহে এছিয়াৰ কেইবাখনো দেশলৈ যাবলৈ অতিৰিক্ত সময় লৈছে। ব্ৰিটিছ এয়াৰৱেজ, ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স, এয়াৰ ফ্ৰান্স আৰু এমিৰেটছৰ দিল্লীলৈ যোৱা বিমানসমূহে পাকিস্তানক বাইপাছ কৰি সামান্য উত্তৰ দিশত ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এয়াৰ ফ্ৰান্সে পাকিস্তানৰ ওপৰেৰে উৰাজাহাজ চলাব নোৱাৰাৰ সিদ্ধান্ত লৈছে। যদিও ব্ৰিটিছ এয়াৰৱেজে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, তথাপিও তেওঁলোকৰ বিমানেও একে কাৰণতে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে বুলি অনুমান কৰা হৈছে। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দেওবাৰে ফ্ৰেংকফৰ্টৰ পৰা দিল্লী অভিমুখে লুফথানছাৰ এখন বিমান ৰাওনা হয়

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ, ১৯৭১ চনত এনে অনুশীলন চলাইছিল ভাৰতে

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ
Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ

ভাৰতে যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি কৰিছে নেকি?(Mock Drill) এয়াই হৈছে এতিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলত সেই জল্পনা-কল্পনা কেইবাগুণে বৃদ্ধি পালে। পেহলগামৰ আক্ৰমণৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্ক দিনক দিনে অৱনতি ঘটিছে। যোৱা কেইদিনমানৰ পৰা যুদ্ধৰ লক্ষণ দেখা গৈছে। ভাৰতৰ কাম-কাজ চাওক। সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশে সেই জল্পনা-কল্পনা আৰু অধিক বৃদ্ধি কৰে। যুদ্ধৰ জল্পনা-কল্পনাৰ মাজতে সোমবাৰে কেন্দ্ৰই দেশৰ কেইবাখনো ৰাজ্যলৈ নিৰ্দেশ জাৰি কৰে।অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ কেইবাখনো ৰাজ্যক ৭ মে’ বুধবাৰে নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ দিছে।মক ড্ৰিলৰ সময়ত বিমান আক্ৰমণৰ সতৰ্কবাণী ছাইৰেন বজোৱা হ’ব বুলি কোৱা হৈছে।

যুদ্ধকালীন পৰিস্থিতিত নিজকে সুৰক্ষিত কৰিবলৈ সাধাৰণ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰতিৰক্ষা প্ৰশিক্ষণ দিয়া হ’ব। হঠাতে ব্লেকআউট হ’লে কি কৰিব লাগে, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ উদ্ধাৰ অভিযান চলাব লাগে, আৰু বহুতো বিষয়ৰ ওপৰতো প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ পূৰ্বে দেওবাৰে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ব্লেকআউট ড্ৰিল কৰে।ভাৰত-পাক সম্পৰ্কৰ প্ৰেক্ষাপটত, পহলগাঁও আক্ৰমণৰ পিছত এই নিৰ্দেশনা তাৎপৰ্যপূৰ্ণ। ইয়াৰ পূৰ্বে ভাৰতে শেষবাৰৰ বাবে ১৯৭১ চনত এনে অনুশীলন চলাইছিল।কেন্দ্ৰৰ পৰা এই নিৰ্দেশনা কেন্দ্ৰৰ পৰা স্পষ্ট বাৰ্তা বুলি অৱগত মহলে প্ৰকাশ কৰিছে।

Mock drills: অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা, ক’ত ক’ত হ’ব ?

Mock drills: অসমৰ ২০টা স্থানত হ'ব যুদ্ধৰ আখৰা, ক'ত ক'ত হ'ব ?
Mock drills: অসমৰ ২০টা স্থানত হ'ব যুদ্ধৰ আখৰা, ক'ত ক'ত হ'ব ?

৭ মে’ত দেশজুৰি হ’ব মকড্রিল।(Mock drills)

ৰাজ্যলৈ গৃহমন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশ।

অসমতো হ’ব যুদ্ধৰ আখৰা।

যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা।

অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা।

অসমৰ গুৱাহাটী, ডিগবৈ, দুলীয়াজান, তিনিচুকীয়া, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নুমলীগড়, গোলাঘাট, ৰঙিয়া, নামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, তেজপুৰ, বঙাইগাঁও, ধুবুৰী, দৰং, নাজিৰা, উত্তৰ লখিমপুৰত হ’ব মকড্রিল।