Home Blog Page 191

Shah Rukh Khan: আঘাতপ্ৰাপ্ত শ্বাহৰুখ খানঃ ৩০ দিন থাকিব জিৰণিত, চিকিৎসা কৰা হ’ব আমেৰিকাত

Shah Rukh Khan: আঘাতপ্ৰাপ্ত শ্বাহৰুখ খানঃ ৩০ দিন থাকিব জিৰণিত
Shah Rukh Khan: আঘাতপ্ৰাপ্ত শ্বাহৰুখ খানঃ ৩০ দিন থাকিব জিৰণিত

শ্বাহৰুখ খানে তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিং কৰি আছিল, (Shah Rukh Khan) একচন ছিন কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় কিং খান। এই দুৰ্ঘটনা সংঘটিত হৈছে মুম্বাইৰ গোল্ডেন টবেকো ষ্টুডিঅ’ত। বৰ্তমান তেওঁক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খান নিজৰ দলৰ সৈতে চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছে। চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰৰ পিছত প্ৰায় এমাহ জিৰণি ল’বলৈ পৰামৰ্শ দিছে। ইয়াৰ পূৰ্বেও তেওঁ বহুবাৰ ষ্টাণ্ট কৰি থাকোঁতে এনে পেশীৰ আঘাত পাইছে কিং খান। সুস্থ হৈ উঠিলে তেওঁ পুনৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব। বৰ্তমান এমাহ ধৰি ছবিখনৰ শ্বুটিং বন্ধ কৰা হৈছে বুলি কোৱা হৈছে। আঘাত বৰ গুৰুতৰ নহয়, কিন্তু পেশীৰ সৈতে জড়িত, সেইবাবে তেওঁ কিছু জিৰণি লোৱাৰ প্ৰয়োজন।

Surabhi Das: ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত, নিটেশ তিৱাৰী পৰিচালিত “ৰামায়ণ”ত অভিনয় সুৰভি দাসৰ

Surabhi Das: ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত, নিটেশ তিৱাৰী পৰিচালিত “ৰামায়ণ”ত অভিনয় সুৰভি দাসৰ
Surabhi Das: ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত, নিটেশ তিৱাৰী পৰিচালিত “ৰামায়ণ”ত অভিনয় সুৰভি দাসৰ

তিনিখন বলিউডৰ ছবিত অভিনয় কৰি আছে অসমৰ সুসন্তান তথা জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে।(Surabhi Das)

তাৰে এখন হৈছে ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত ছবি ৰামায়ণ।

আৰু দুখনৰ নাম প্ৰকাশ কৰা নাই বৰ্তমানলৈকে।

সুৰভি অভিনীত বিগ বাজেটৰ ছবিখন নিতেশ তিৱাৰীয়ে পৰিচালনা কৰিছে।

ছবিখনৰ সংগীত কৰিছে হনছ জিম্মাৰ আৰু এ আৰ ৰহমানে।

বিগত তিনিবছৰে ৰাষ্ট্ৰীয় টেলিভিচনত অভিনয় কৰি আছে সুৰভিয়ে।

ৰাষ্ট্ৰীয় টেলিভিচনত অবিনয় কৰা পূৰ্বে সুৰভিয়ে অসমীয়া চিৰিয়েল আৰু মিউজিক ভিডিঅ’, নাটকত অভিনয় কৰি অভিনয় জগতত ভৰি দিছিল।

Donald Trump: ‘অপাৰেচন সিন্দুৰ’ক লৈ ট্ৰাম্পৰ নতুন দাবী, ‘চাৰি-পাঁচখন যুদ্ধবিমান ধ্বংস হ’ল’।

Donald Trump: ‘অপাৰেচন সিন্দুৰ’ক লৈ ট্ৰাম্পৰ নতুন দাবী, ‘চাৰি-পাঁচখন যুদ্ধবিমান ধ্বংস হ’ল’।
Donald Trump: ‘অপাৰেচন সিন্দুৰ’ক লৈ ট্ৰাম্পৰ নতুন দাবী, ‘চাৰি-পাঁচখন যুদ্ধবিমান ধ্বংস হ’ল’।

পেহেলগামৰ হিংসাত্মক ঘটনাৰ পিছত ৭-১০ (Donald Trump) মে’ত ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰা বুলি পুনৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব বিগত দুমাহত প্ৰায় বহুবাৰ দাবী কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ দাবী কৰে যে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দুয়োখন দেশৰ সংঘাতত কমেও চাৰি-পাঁচখন যুদ্ধ বিমান ধ্বংস হৈছিল। কিন্তু পেহেলগামৰ হত্যাকাণ্ডৰ পাছত ৭-১০ মে’ত ভাৰত-পাকিস্তান সংঘাতত কোনখন দেশৰ পৰা কিমানখন বিমান ধ্বংস হৈছিল সেই সন্দৰ্ভত ট্ৰাম্পে একো কোৱা নাছিল।

শুকুৰবাৰে ৰিপাব্লিকান পাৰ্টিৰ চিনেটৰ আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ সদস্যসকলৰ বাবে অনুষ্ঠিত হোৱা ৰাতিৰ আহাৰত ট্ৰাম্পে কয়, “আমি বহু যুদ্ধ বন্ধ কৰি দিলোঁ। আৰু ই যথেষ্ট গুৰুতৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কি চলি আছিল। যুদ্ধ বিমান গুলীয়াই পেলোৱা হৈছিল। চাৰি-পাঁচখন। কিন্তু মই ভাবো যে পাঁচখন জেট বিমান আচলতে ধ্বংস হৈছিল। দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশে যুদ্ধ কৰিছিল। আচলতে এয়া আছিল এক নতুন ধৰণৰ যুদ্ধ।”

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ইয়াৰ বাবে পাকিস্তানক দোষাৰোপ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰতিশোধমূলক অভিযানত ভাৰতীয় সেনাই ৬ মে’ৰ মাজনিশা পাকিস্তানক আক্ৰমণ কৰে। কেতবোৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে ভাৰতীয় সেনাই। ইয়াৰ পিছত পাকিস্তানেও প্ৰতিশোধ লয়। চাৰিদিন ধৰি দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত আছিল। ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। এই যুদ্ধবিৰতি দুয়োখন দেশৰ সামৰিক বাহিনীৰ সামৰিক অভিযান সঞ্চালক প্ৰধান (DGMO) পৰ্যায়ত পাৰস্পৰিক আলোচনাৰ ভিত্তিত কৰা হৈছিল।

অৱশ্যে উল্লেখযোগ্যভাৱে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কথা প্ৰথম ঘোষণা কৰিছিল ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ কেইবাবাৰো দাবী কৰিছে যে দক্ষিণ এছিয়াৰ দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত যুদ্ধবিৰতিত তেওঁৰ কৃতিত্বআছিল। অৱশ্যে ইছলামবাদে ট্ৰাম্পৰ ক্ৰেডিট মানি লৈছিল যদিও নতুন দিল্লীয়ে তেওঁৰ দাবী মানি লোৱা নাছিল। এই সংঘাতৰ সময়ত পাঁচখন ভাৰতীয় যুদ্ধ বিমান ধ্বংস হোৱা বুলি দাবী কৰিছিল পাকিস্তানে। ভাৰতীয় সেনা প্ৰধান জেনেৰেল অনিল চৌহানে কৈছিল যে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ আক্ৰমণত ভাৰতীয় যুদ্ধ বিমান ধ্বংস হৈছিল। অৱশ্যে কিমান যুদ্ধবিমান ধ্বংস হৈছিল সেই কথা তেওঁ কোৱা নাই।

Sawan 2025: শাওণত শিৱৰ আশীৰ্বাদত ৫ ৰাশি লোকৰ বাঢ়িব উপাৰ্জন! এই পাঁচ ৰাশি কি কি ?

Sawan 2025: শাওণত শিৱৰ আশীৰ্বাদত ৫ ৰাশি লোকৰ বাঢ়িব উপাৰ্জন!
Sawan 2025: শাওণত শিৱৰ আশীৰ্বাদত ৫ ৰাশি লোকৰ বাঢ়িব উপাৰ্জন!

শাওণ মাহ শিৱৰ অতি বিশেষ মাহ। (Sawan 2025) এইবাৰ শাওণ মাহত মালব্য ৰাজযোগ, বুঢ়াদিত্য ৰাজযোগ আৰু গজকেছাৰী ৰাজযোগ গঠন হ’বলৈ ধৰিছে। এই ৰাজযোগসমূহৰ শুভ প্ৰভাৱ বৃষ-মিথুন ৰাশিকে ধৰি ৫টা ৰাশিৰ ওপৰত পৰিব। এই লোকসকলৰ উপাৰ্জন বাঢ়িব, তেওঁলোকে বহুত খ্যাতি লাভ কৰিব আৰু শিৱৰ আশীৰ্বাদ লাভ কৰিব।২/৭

২৪ বছৰ পূৰ্বে শাওণ মাহত এনে মহাযোগ গঠন হৈছিল। এইবাৰ ২০২৫ চনৰ শাওণ মাহত এই সকলোবোৰ যোগ গঢ় লৈ উঠিছে, যাৰ বাবে এই মাহটো অতি বিশেষ হৈ পৰিছে। কোন কোন ৰাশিৰ বাবে শুভ জানি লওঁ আহক-

বৃষ ৰাশি-
শাওণত বৃষ ৰাশিৰ লোকৰ সুখ হ’ব। উপাৰ্জন বাঢ়িব। ভগৱান শিৱৰ আশীৰ্বাদত জীৱনত উন্ন্তি লাভ লাভ কৰিব। আপুনি সকলো দিশতে উপকৃত হ’ব। ধন-সম্পত্তিৰ সুখ পাব।

মিথুন ৰাশি-
গজকেছাৰী ৰাজযোগে মিথুন ৰাশিৰ লোকক বিশেষ সুবিধা প্ৰদান কৰিব। এই লোকসকলে উপাৰ্জনৰ ভাল সুযোগ পাব। ধন-সম্পত্তি, সমৃদ্ধি আৰু সন্মান লাভ কৰিব। কেৰিয়াৰত স্বীকৃতি পাব। জীৱনত সুখ পাব।

কৰ্কট ৰাশি-শাওণত কৰ্কট ৰাশিয়ে লাভ কৰিব আৰ্থিক সুবিধা। হঠাতে টকা পাব পাৰে। আপোনাৰ পত্নীৰ লগত ভাল সম্পৰ্ক থাকিব। ভ্ৰমণলৈ যাব পাৰিব।

বৃশ্চিক ৰাশি-
মালব্য ৰাজযোগে বৃশ্চিক ৰাশিৰ লোকক ঘৰ আৰু বাহনৰ সুখ দিব। বস্তুগত আৰাম বৃদ্ধি পাব। আপুনি ৰাজসুখ উপভোগ কৰিব। অবিবাহিত মানুহে নিজৰ আকাংক্ষিত জীৱন সংগী পাব। আৰ্থিক অৱস্থা সুদৃঢ় হ’ব।

ধনু ৰাশি-

গজকেছাৰী ৰাজযোগে ধনু ৰাশিৰ লোকক ধন আৰু উচ্চ পদবী প্ৰদান কৰিব। আনক সহায় কৰাত আপুনি আগবাঢ়ি যাব। আপুনি ধৰ্মৰ প্ৰতি প্ৰৱল হ’ব। পুৰণি সমস্যাবোৰ নাইকিয়া হৈ যাব। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে।

Koliabar press club: প্ৰত্যাহ্বান আৰু জটিলতাৰ মাজত সাংবাদিকৰ সামগ্ৰীক নিৰাপত্তাৰ আহ্বানেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

প্ৰত্যাহ্বান আৰু জটিলতাৰ মাজত সাংবাদিকৰ সামগ্ৰীক নিৰাপত্তাৰ আহ্বানেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
Koliabar press club: প্ৰত্যাহ্বান আৰু জটিলতাৰ মাজত সাংবাদিকৰ সামগ্ৰীক নিৰাপত্তাৰ আহ্বানেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

আজিৰ দিনত প্ৰত্যাহ্বানৰ সন্মুখীন (Koliabar press club) হোৱা অন্যতম বৃত্তি হৈছে সাংবাদিকতা। এসময়ৰ সেৱা এতিয়া বৃত্তি লৈ পৰিৱৰ্তন হৈছে যদিও এই বৃত্তি কিমান সুৰক্ষিত? দহৰ মাজত আনৰ কথাকে বাতৰিৰ মাজেৰে নিৰবাচ্ছিন্নভাৱে বিলাই থকা সংবাদকৰ্মীসকলে এদিন নিজৰ কথাও ক’ব বিচাৰে, ৰাইজক জনাব বিচাৰে নিৰপত্তাহীন সংবাদকৰ্মীৰ বাতৰি সংগ্ৰহৰ জটিলতা আৰু প্ৰত্যাহ্বানৰ কথা।


এনেবোৰ বিষয়েই আলোচিত হ’ল কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত। সংবাদ আৰু সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী। সেয়ে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অভিধা দিয়া হৈছে। সংবাদকৰ্মীসকলে সমাজৰ বাবে সত্য, নিৰপেক্ষ তথ্য প্ৰেৰণ কৰি ৰাইজক সচেতন কৰে। তেওঁলোকে সামাজিক অন্যায়, দুৰ্নীতি আৰু প্ৰশাসনিক ত্ৰুটিসমূহ উন্মোচন কৰি সুশাসন বলৱৎ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কলিয়াবৰ প্ৰেছ ক্লাবে দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু সাংবাদিকসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। এই অনুষ্ঠানে সংবাদকৰ্মীসকলৰ মাজত ঐক্য আৰু পেছাদাৰী দক্ষতা বৃদ্ধিতো অৰিহণা যোগাই আহিছে।


মধ্য অসমৰ অন্যতম সক্ৰিয় সাংবাদিক অনুষ্ঠান কলিয়াবৰ প্ৰেছ ক্লাৱৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু একাদশ দ্বি- বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে সামৰণি পৰে। বৃহস্পতিবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ শুকুৰবাৰৰ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয়। কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৰ্তমান সময়ৰ সাংবাদিকতাৰ বিষয়ে উল্লেখ কৰি কয় – সাংবাদিকসকল সমাজৰ একো-একোজন নিষ্ঠাবান সৈনিক। সাংবাদিক সকলে সমাজখনক সঠিকভাৱে আগুৱাই নিয়াত ব্ৰতী হোৱা উচিত। কিন্তু বৰ্তমান সময়ত ইয়াৰ বিপৰীত অৱস্থা এটা প্ৰত্যক্ষ কৰা যায়। ইয়াৰ বাবে কেৱল সাংবাদিকসকল জগৰীয়া নহয়। সাধাৰণ পাঠক, শ্ৰুতা-দৰ্শক, বাতৰি প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই সামগ্ৰীকভাৱে বিষয়টো অৱলোকন কৰা উচিত।


সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে কয় যে, ‘সম্প্ৰতি সমগ্ৰ বিশ্বত ছপা মাধ্যমৰ বাতৰি কাকতৰ পাঠকৰ সংখ্যা কমিছে। বিশেষকৈ বাতৰি কাকতৰ প্ৰতি যুৱচামৰ আকৰ্ষণ কমিব ধৰিছে। বহু পাঠকে অনলাইন বাতৰি কাকত পঢ়িবলৈ বেছি পচন্দ কৰে। বিশ্বৰ বহু প্ৰতিষ্ঠিত ছপা সংবাদ প্ৰতিষ্ঠানত তলা উলমিছে। ক’ভিড মহামাৰীৰ পিছত অসমত বাতৰি কাকতৰ সংখ্যা যাথেষ্ট হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি ড০ বৰকটকীয়ে কয় – ই অতি উদ্বেগৰ বিষয়।’


একেদৰে, সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড০ ভাৰতী ভড়ালীয়ে ৰামায়ণ, মহাভাৰতৰ দিনৰ লগতে নাৰদ মুনিৰ সাংবাদিকতাৰ প্ৰসঙ্গ উল্লেখ কৰি কয় – এসময়ত সাংবাদিকতা সেৱা আছিল। বৰ্তমান বৃত্তিলৈ ৰূপান্তৰিত হৈছে সাংবাদিকতা। সেয়েহে ইয়াতো বৃত্তিগত দায়বদ্ধতা আহি পৰে। তদুপৰি, “সাংবাদিকৰ আৰ্থিক নিৰাপত্তা নাই” বুলি উল্লেখ কৰি ড০ ভড়ালীয়ে কয় – “ডিজিটেল সংস্কৰণৰ চাহিদা বঢ়া আৰু ৰাজহ হ্ৰাস হোৱাৰ লগে-লগে সংবাদ মাধ্যমসমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সংবাদ মাধ্যমৰ ওপৰত আস্থা ৰাখিও ক’ব লাগিব তেওঁলোকে কোৱা বিষয় সঠিকভাৱে বিশ্লেষণ কৰিব লাগিব। নহ’লে জনসাধাৰণ বিভ্ৰান্ত হ’ব আৰু মহাভাৰতৰ দ্ৰোণাচাৰ্যৰ দৰে অৱস্থা হ’ব। আন চৰকাৰী-বেচৰকাৰী বৃত্তিৰ দৰে সংবাদকৰ্মীৰ আৰ্থিক ৰক্ষা কৱচৰ প্ৰয়োজন। এই ক্ষেত্ৰত সংবাদকৰ্মীসকলে নিজৰ প্ৰাপ্য সমূহৰ সঠিক উপস্থাপনৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব।”


আনহাতে, কলিয়াবৰ প্ৰেছ ক্লাৱৰ সম্পাদক গৌতম বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘টুন্- ৰুং- ডাম্’ বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক উপেন্দ্ৰ বৰকটকীক। এই বঁটাত আছে গামোচা, চেলেং, স্মাৰক, মানপত্ৰ আৰু মাননি। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি বিপুল হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা সভাত স্মৃতিগ্ৰন্থ ‘টুন্- ৰুং- ডাম্’ উন্মোচন কৰি বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কয় – স্মৃতিগ্ৰন্থই একোটা অনুষ্ঠানৰ ইতিহাস সজীৱ কৰি ৰাখে।


সভাত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, শিক্ষাসেৱী শিৱৰঞ্জন মহন্ত, নগাঁও জিলা জন-সংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, কলিয়াবৰ সমজিলাৰ আৰক্ষী বিষয়া বিপুল চেতিয়া, কলিয়াবৰৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিল্পা দত্তই অংশগ্ৰহণ কৰে। এই সভাতেই বৃহস্পতিবাৰে অনুষ্ঠিত বাতৰি লিখা আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। সভাৰ আৰম্ভণিতে সমবেত সংগীত আৰু সভাৰ মাজত নৃত্য-গীত পৰিৱেশন কৰা হয়।

Artists protest: ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ প্ৰতিবাদ

Artists protest: ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ প্ৰতিবাদ
Artists protest: ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ প্ৰতিবাদ

আজি গুৱাহাটী ৰবীন্দ্ৰ ভৱনত শিল্পী সমাজৰ একত্ৰিত প্ৰতিবাদ।(Artists protest)

বিগত তিনি বছৰে বন্ধ হৈ থকা ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিয়াৰ দাবী।

গীতে মাতে উত্তাল ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ।

পুৰণি ৰবীন্দ্ৰ ভৱন ঘূৰাই দিয়াৰ দাবী চৰকাৰক।

প্ৰস্তাৱিত ৰবীন্দ্ৰ ভৱনৰ অভিলাষী প্ৰকল্প লাচিত ঘাটলৈ স্থানান্তৰ কৰাৰ দাবী শিল্পী সমাজৰ।

ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন উপযুক্তভাবে মেৰামতি কৰি নাটক আদি প্ৰদৰ্শনৰ বাবে মুকলি কৰি দিয়াৰো দাবী।

Bengaluru School receive bomb threat: বেংগালুৰুৰ ৪০খন বিদ্যালয়লৈ ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি

Bengaluru School receive bomb threat: বেংগালুৰুৰ ৪০খন বিদ্যালয়লৈ ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি
Bengaluru School receive bomb threat: বেংগালুৰুৰ ৪০খন বিদ্যালয়লৈ ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি

শুকুৰবাৰে পুৱা বেংগালুৰু (Bengaluru School receive bomb threat) চহৰৰ ৰাজৰাজেশ্বৰীনগৰ, কেঙেৰী, পূব আৰু মধ্য বেংগালুৰুৰ প্ৰায় ৪০খন ব্যক্তিগত বিদ্যালয়ে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছে। যাৰ ফলত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষক গভীৰভাৱে চিন্তিত হৈ পৰিছে। ভাবুকিমূলক ইমেইলবোৰ “ৰোডকিল” নামৰ একাউণ্টৰ পৰা প্ৰেৰণ কৰা হৈছে, য’ত দাবী কৰা হয় যে শ্ৰেণীকোঠাসমূহত ক’লা প্লাষ্টিক বেগৰ ভিতৰত TNT বিস্ফোৰক ৰখা হৈছে। ইমেইলত লেখা আছিল, “তোমালোকৰ শেষৰ প্ৰতিজনক মই এই পৃথিৱীৰ পৰা নাইকিয়া কৰি পেলাম, এটাও বাচি নাথাকিব,”।

উল্লেখযোগ্যভাৱে, ইমেইলত উল্লিখিত বিদ্যালয়সমূহৰ ভিতৰত এম এছ ধোনি গ্ল’বেল স্কুল, ছেইণ্ট জাৰ্মেইন একাডেমী, বিচপ কটন বয়ছ আৰু গাৰ্লছ স্কুল, দ্য বেংগালুৰু স্কুল, টি আই এছ বি, গিয়াৰ ইনোভেটিভ স্কুল, ডি পি এছ বাংগালুৰু চাউথ, বি এছ ইণ্টাৰনেশ্যনেল স্কুল, বাল্ডউইন গাৰ্লছ হাইস্কুল, ছেইণ্ট জোচেফ ইণ্ডিয়ান হাইস্কুল আৰু ছফিয়া হাইস্কুল অন্তর্ভুক্ত।

ইমেইল পোৱাৰ লগে লগে বোমা নিষ্কাশন দল, কুকুৰ বাহিনী আৰু আৰক্ষীৰ দ্ৰুত সঁহাৰি অনুসৰি সন্দেহজনক বস্তুৰ সন্ধান চলোৱা হয় যদিও এতিয়ালৈকে কোনো বিস্ফোৰক উদ্ধাৰ হোৱা নাই আৰু অভিযান অব্যাহত আছে। এই ঘটনাৰ পূৰ্বে দিল্লীৰ ছেইণ্ট থমাছ, ভাছাণ্ট ভেলী, মাদাৰ’ছ ইণ্টাৰনেশ্যনেল আদি ২৮খন বিদ্যালয়েও একেধৰণৰ VPN আৰু ডাৰ্ক ৱেবৰ জৰিয়তে প্ৰেৰণ কৰা ভাবুকিমূলক ইমেইল লাভ কৰিছিল।

২০২৩ চনৰ ডিচেম্বৰ মাহত বেংগালুৰু আৰু তাৰ আশেপাশে ৭০খন বিদ্যালয়ে এনে ভুৱা ইমেইল লাভ কৰিছিল। কৰ্ণাটকৰ গৃহ বিভাগৰ তথ্য মতে, বিগত তিনি বছৰত ৰাজ্যজুৰি ১৬৯টা ভুৱা বোমাৰ ভাবুকিৰ গোচৰ পঞ্জীয়ন হৈছে, যাৰ ভিতৰত ১৩৩টা কেৱল বেংগালুৰু চহৰত পঞ্জীয়ন কৰা হৈছে আৰু এই সম্পৰ্কত এতিয়ালৈকে ১০জনক গ্ৰেপ্তাৰ কৰা হৈছে।

Divorce: বিবাহ বিচ্ছেদৰ মূল কাৰণ কি ?

Divorce: বিবাহ বিচ্ছেদৰ মূল কাৰণ কি ?
Divorce: বিবাহ বিচ্ছেদৰ মূল কাৰণ কি ?

বিবাহ হৈছে এনে এক (Divorce)পবিত্ৰ বন্ধন, য’ত দুজন মানুহে জীৱনৰ সকলো সুখ-দুখ, আনন্দ-বেদনা, সমৃদ্ধি-অভাৱ সকলোবোৰ একেলগে ভাগ-বাটোৱা কৰি চিৰদিন একেলগে থকাৰ শপত খায়। হিন্দু ধৰ্মত বিবাহক সাতজনমৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয়, য’ত প্ৰেম, বিশ্বাস, সহানুভূতি আৰু পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত এখন সুন্দৰ সংসাৰ গঢ়ি তোলাৰ সপোন দেখা যায়। এই সম্পৰ্ক কেৱল দুজন ব্যক্তিৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই সমাজৰ এক গুৰুত্বপূৰ্ণ ভিত্তি হিচাপে পৰিগণিত হয়। বিবাহৰ জৰিয়তে দুজন মানুহে কেৱল নিজৰ জীৱনৰ সংগী হিচাপে নহয়, এটা পৰিয়াল গঠনৰ মাধ্যমেৰে সমাজৰ এক অংশ হিচাপে নিজৰ দায়িত্ব পালন কৰে।

এই বন্ধনৰ মাধ্যমেৰে সমাজত স্থিতিশীলতা আৰু সমন্বয়ৰ সৃষ্টি হয়, যিয়ে পৰিয়ালৰ প্ৰতিটো সদস্যৰ জীৱনত নিৰাপত্তা আৰু সুখৰ ভাৱ জগাই তোলে। বিবাহৰ এই পবিত্ৰতা আৰু গুৰুত্বৰ বাবেই ইয়াক সমাজৰ মূল ভিত্তি বুলি কোৱা হয়। বিবাহৰ মাধ্যমে দুজন মানুহে একেলগে জীৱনৰ পথত আগবাঢ়ি যায়, পৰস্পৰৰ সপোন আৰু আকাংক্ষাক সমৰ্থন কৰে, আৰু জীৱনৰ প্ৰতিটো মুহূৰ্তত একেৰাহে থকাৰ প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰতিশ্ৰুতিৰ মাধ্যমেৰে তেওঁলোকে কেৱল নিজৰ জীৱনৰ পথ সুগম কৰাই নহয়, সমাজতো এক সুস্থিৰ আৰু সুসংগঠিত গাঁথনিৰ সৃষ্টি কৰে। কিন্তু আজিৰ দিনত এই পবিত্ৰ সম্পৰ্কৰ স্থায়িত্বৰ প্ৰশ্ন উত্থাপিত হৈছে। বিবাহ বিচ্ছেদৰ হাৰ দিনক দিনে বাঢ়ি গৈছে, আৰু এই বিষয়টোৱে সমাজত এক গুৰুত্বপূৰ্ণ আলোচনাৰ জন্ম দিছে। কি কাৰণত এজনী ছোৱালীয়ে বা এজন পুৰুষে নিজৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কটো ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়? এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাটোৱেই এই প্ৰৱন্ধৰ মূল উদ্দেশ্য। বিবাহ বিচ্ছেদৰ ক্ৰমবৰ্ধমান হাৰে সমাজৰ সামগ্ৰিক গাঁথনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ কাৰণসমূহৰ গভীৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা দেখা দিছে।

এগৰাকী ছোৱালী যেতিয়া এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বোৱাৰী হৈ আহে, তেতিয়া তাইৰ বাবে সকলো নতুন হৈ পৰে। নতুন পৰিয়ালৰ সদস্য, তেওঁলোকৰ ৰীতি-নীতি, জীৱনশৈলী আৰু দৈনন্দিন জীৱনৰ পৰিস্থিতিৰ সৈতে তাইক খাপ খুৱাই ল’বলগীয়া হয়। এই সময়ত তাইৰ মনত এক সুন্দৰ সপোন জীপাল হৈ থাকে—নিজৰ স্বামীৰ হাতত হাত ধৰি জীৱনৰ সকলো পৰিস্থিতিৰ মোকাবিলা কৰাৰ সপোন। স্বামীৰ মৰম, বিশ্বাস আৰু সমৰ্থন তাইৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। এই সময়ত স্বামীৰ দায়িত্ব হ’ল তাইক নতুন পৰিৱেশৰ সৈতে পৰিচিত কৰোৱা, তাইৰ মনৰ ভয় আৰু অস্বস্তি দূৰ কৰা, আৰু তাইক এনে এক নিৰাপদ আৰু প্ৰেমময় পৰিৱেশ প্ৰদান কৰা, য’ত তাই নিজকে সুৰক্ষিত আৰু মূল্যৱান অনুভৱ কৰে। এই পৰিৱেশে তাইক নতুন জীৱনৰ সৈতে খাপ খুৱাই লোৱাত সহায় কৰে আৰু তাইৰ মনত এক আত্মবিশ্বাসৰ সৃষ্টি কৰে। তাইৰ বাবে এই নতুন পৰিয়ালৰ সৈতে সমন্বয় স্থাপন কৰাটো এটা জটিল প্ৰক্ৰিয়া, কাৰণ তাইৰ জীৱনৰ পৰা এটা সম্পূৰ্ণ পৰিৱৰ্তন ঘটে।

তাইৰ পৰিয়ালৰ সৈতে থকা স্মৃতি, তাইৰ শৈশৱৰ দিনবোৰ, আৰু তাইৰ পূৰ্বৰ জীৱনৰ সৈতে জড়িত সকলো আৱেগ তাইক নতুন পৰিৱেশত স্থায়ী হোৱাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। এই সময়ত স্বামীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁৰ সহযোগিতা আৰু মৰমৰ জৰিয়তে তাই নিজৰ নতুন পৰিচয় গঢ়ি তুলিব পাৰে। কিন্তু বহু ক্ষেত্ৰত দেখা যায়, এই বিশ্বাসৰ সম্পৰ্কত ফাট মেলে। স্বামী-স্ত্ৰীৰ মাজত সৰু সৰু কথাত মতানৈক্য, পৰস্পৰৰ প্ৰতি সন্মানৰ অভাৱ, আৰু আৱেগিক সংযোগৰ কমীৰ ফলত সম্পৰ্কত তিক্ততাৰ সৃষ্টি হয়। এই তিক্ততা ক্ৰমান্বয়ে এনেকুৱা পৰ্যায় পায় যে বিবাহ বিচ্ছেদৰ বাহিৰে আন কোনো পথ মুকলি নাথাকে। এই পৰিস্থিতি কেৱল দুজন ব্যক্তিৰ জীৱনৰ ওপৰতেই প্ৰভাৱ পেলায় নহয়, ই তেওঁলোকৰ সন্তান, পৰিয়ালৰ আন সদস্য আৰু সমাজৰ ওপৰতো গভীৰ ক্ষতৰ সৃষ্টি কৰে।

বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধিৰ এটা প্ৰধান কাৰণ হ’ল পাৰস্পৰিক বিশ্বাসৰ অভাৱ। বিবাহৰ সম্পৰ্ক এটা মজবুত ভিত্তিৰ ওপৰত গঢ় লৈ উঠে, আৰু সেই ভিত্তিৰ মূল উপাদান হ’ল বিশ্বাস। বিশ্বাসৰ এই ভিত্তিৰ ওপৰতেই স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ স্থিতিশীলতা নিৰ্ভৰ কৰে। যেতিয়া স্বামী বা স্ত্ৰীৰ মাজত বিশ্বাসৰ ভাঙন ঘটে, তেতিয়া সম্পৰ্কত নিৰাপত্তাহীনতাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, এজন সংগীৰ অবৈধ সম্পৰ্ক বা পৰকীয়াই সম্পৰ্কত গভীৰ ফাটৰ সৃষ্টি কৰে। বহু ক্ষেত্ৰত দেখা যায়, পুৰুষে কৰ্মক্ষেত্ৰৰ ব্যস্ততা বা আন কোনো অজুহাত দেখুৱাই ঘৰৰ বাহিৰত অবৈধ সম্পৰ্ক গঢ়ি তোলে। এই ক্ষেত্ৰত পত্নীৰ মানসিক অৱস্থাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলত সম্পৰ্কত অশান্তিৰ সৃষ্টি হয়। পত্নীয়ে নিজকে অবহেলিত, নিৰাপত্তাহীন আৰু পৰিত্যক্ত অনুভৱ কৰে, যাৰ ফলত তাইৰ মনত অভিমান, খং আৰু হতাশাৰ জন্ম হয়। এই আৱেগসমূহে তাইক মানসিকভাৱে দুৰ্বল কৰি তোলে, আৰু তাইৰ সম্পৰ্কৰ প্ৰতি আস্থা হেৰাই যায়।

এই নিৰাপত্তাহীনতাৰ ভাৱে তাইৰ জীৱনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰে, যিয়ে তাইক সম্পৰ্কৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। ঠিক তেনেদৰে, কিছু ক্ষেত্ৰত মহিলাৰো এনে আচৰণ দেখা যায়, যিয়ে পৰিয়ালৰ স্থিতিশীলতাক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত সৰু সৰু কথাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ কাজিয়াৰ সৃষ্টি হয়, যিয়ে শেষত সম্পৰ্কক বিচ্ছেদৰ দিশে ঠেলি দিয়ে। বিশ্বাসৰ এই ভাঙন কেৱল আৱেগিক দূৰত্বৰ সৃষ্টি কৰাই নহয়, ই দুয়োপক্ষৰ মাজত পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু সহানুভূতিৰ অভাৱৰ সৃষ্টি কৰে। এই অভাৱে সম্পৰ্কক এনেকুৱা পৰ্যায়লৈ লৈ যায়, য’ত পুনৰ মিলনৰ সম্ভাৱনা নোহোৱা হৈ পৰে। বিশ্বাসৰ অভাৱৰ ফলত স্বামী-স্ত্ৰীৰ মাজত যোগাযোগৰ অভাৱৰ সৃষ্টি হয়, যিয়ে সম্পৰ্কৰ ভিত্তিক দুৰ্বল কৰি তোলে। এই দুৰ্বলতা সময়ৰ সৈতে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়, আৰু বিবাহ বিচ্ছেদৰ সিদ্ধান্তই একমাত্ৰ সমাধান হৈ পৰে।

আৰ্থিক সমস্যাও বিবাহ বিচ্ছেদৰ এক অন্যতম প্ৰধান কাৰণ। আজিৰ দ্ৰুতগতিৰ জীৱনত জীৱন নিৰ্বাহৰ ব্যয় ক্ৰমান্বয়ে বাঢ়ি গৈছে। এনে পৰিস্থিতিত আৰ্থিক স্থিতিশীলতাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য হৈ পৰিছে। যেতিয়া এটা পৰিয়ালত আৰ্থিক অসুবিধাৰ সৃষ্টি হয়, তেতিয়া স্বামী-স্ত্ৰীৰ মাজত মানসিক চাপ বাঢ়ি যায়। আৰ্থিক দায়িত্ব ভাগ-বাটোৱা কৰাৰ ক্ষেত্ৰত মতানৈক্য, সংসাৰৰ খৰচ চলোৱাৰ বাবে পৰস্পৰৰ ওপৰত দোষাৰোপ, আৰু আৰ্থিক স্বাধীনতাৰ নামত দায়িত্বহীনতাই সম্পৰ্কত ফাটৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, যদি এজন সংগীয়ে নিজৰ আৰ্থিক সিদ্ধান্তৰ বিষয়ে আনজনৰ সৈতে মুকলিকৈ আলোচনা নকৰে, তেন্তে অবিশ্বাসৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত দেখা যায়, স্বামী বা স্ত্ৰীৰ মাজত আৰ্থিক স্বচ্ছতাৰ অভাৱৰ ফলত পৰস্পৰৰ প্ৰতি অভিযোগৰ সৃষ্টি হয়।

এই অভিযোগবোৰ সময়ৰ সৈতে সৰু সৰু কথাৰ পৰা ডাঙৰ মতানৈক্যলৈ পৰিণত হয়, আৰু শেষত সম্পৰ্ক ভাঙি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰ্থিক সমস্যাৰ ফলত স্বামী-স্ত্ৰীৰ মাজত ধৈৰ্য্যৰ অভাৱ হয়, আৰু এই অভাৱে তেওঁলোকৰ সম্পৰ্কত তিক্ততাৰ জন্ম দিয়ে। বিশেষকৈ যেতিয়া দুয়োপক্ষই পৰস্পৰৰ সৈতে আৰ্থিক বিষয়ত সহযোগিতা নকৰে, তেতিয়া সম্পৰ্কৰ ভিত্তি দুৰ্বল হৈ পৰে। এই দুৰ্বলতা ক্ৰমান্বয়ে সম্পৰ্কক এনেকুৱা পৰ্যায়লৈ লৈ যায়, য’ত বিবাহ বিচ্ছেদৰ সিদ্ধান্তই একমাত্ৰ বিকল্প হৈ পৰে। আৰ্থিক সমস্যাৰ প্ৰভাৱ কেৱল স্বামী-স্ত্ৰীৰ মাজতেই সীমাবদ্ধ নহয়, ই পৰিয়ালৰ আন সদস্য, বিশেষকৈ সন্তানৰ জীৱনতো নেতিবাচক প্ৰভাৱ পেলায়। সন্তানৰ শৈক্ষিক আৰু মানসিক বিকাশৰ ওপৰত আৰ্থিক সমস্যাৰ প্ৰভাৱ দীৰ্ঘম্যাদী হ’ব পাৰে।

পাৰস্পৰিক বুজাবুজিৰ অভাৱ বিবাহ বিচ্ছেদৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ। বিবাহৰ পিছত স্বামী-স্ত্ৰীৰ মাজত মুকলি যোগাযোগৰ প্ৰয়োজন। কিন্তু বহু সময়ত দেখা যায়, দুয়োজনে নিজৰ অনুভৱ, চিন্তা বা সমস্যাৰ বিষয়ে পৰস্পৰৰ সৈতে আলোচনা নকৰে। ফলত ভুল বুজাবুজিৰ সৃষ্টি হয়, যিয়ে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা অধিক সময়, মৰম আৰু মনোযোগৰ আশা কৰিব পাৰে। কিন্তু স্বামীয়ে যদি ব্যস্ততাৰ অজুহাত দেখুৱাই তাইৰ প্ৰতি উদাসীন হৈ পৰে, তেন্তে পত্নীৰ মনত অভিমান, খং আৰু হতাশাৰ জন্ম হয়। এই অভিমান আৰু হতাশাই সময়ৰ সৈতে তিক্ততাৰ সৃষ্টি কৰে, যিয়ে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়। ঠিক তেনেদৰে, পুৰুষেও পত্নীৰ পৰা সন্মান, সমৰ্থন আৰু বুজাবুজিৰ আশা কৰে। যেতিয়া এই আশাবোৰ পূৰণ নহয়, তেতিয়া সম্পৰ্কত ফাটৰ সৃষ্টি হয়। এই ফাট ক্ৰমান্বয়ে এনেকুৱা পৰ্যায় পায়, য’ত পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱা নোহোৱা হৈ পৰে। এনে পৰিস্থিতিত বিবাহ বিচ্ছেদৰ সিদ্ধান্তই একমাত্ৰ সমাধান হৈ পৰে। মুকলি যোগাযোগৰ অভাৱে স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে, যিয়ে সম্পৰ্কক দুৰ্বল কৰি তোলে। এই দুৰ্বলতা সময়ৰ সৈতে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়।

পৰস্পৰৰ মাজৰ প্ৰেমৰ অভাৱো বিবাহ বিচ্ছেদৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ। বিবাহৰ প্ৰাৰম্ভিক দিনবোৰত স্বামী-স্ত্ৰীৰ মাজত আকৰ্ষণ আৰু প্ৰেম থাকে। কিন্তু সময়ৰ সৈতে সেই প্ৰেম কমি যায়। বিশেষকৈ সন্তান জন্মৰ পিছত দায়িত্ব বাঢ়ি যোৱাৰ ফলত দুয়োজনে একেলগে সময় কটোৱাৰ সুযোগ কমি যায়। এই সময়ত যদি পৰস্পৰৰ প্ৰতি মৰম, যত্ন আৰু মনোযোগৰ অভাৱ হয়, তেন্তে সম্পৰ্কত একঘেয়ামীতা আৰু দূৰত্বৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত দেখা যায়, এই প্ৰেমৰ অভাৱ পূৰণ কৰিবলৈ এজন সংগীয়ে বাহিৰৰ সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয়। এই অবৈধ সম্পৰ্কই সম্পৰ্কত গভীৰ ক্ষতৰ সৃষ্টি কৰে, যাৰ ফলত বিবাহ বিচ্ছেদৰ পৰিস্থিতি সৃষ্টি হয়। প্ৰেমৰ অভাৱে স্বামী-স্ত্ৰীৰ মাজত আৱেগিক সংযোগৰ কমী ঘটায়, যিয়ে সম্পৰ্কক দুৰ্বল কৰি তোলে। এই দুৰ্বলতাই সময়ৰ সৈতে সম্পৰ্কক এনেকুৱা পৰ্যায়লৈ লৈ যায়, য’ত দুয়োজনে একেলগে থকাটো অসম্ভৱ হৈ পৰে।

প্ৰেমৰ অভাৱৰ ফলত স্বামী-স্ত্ৰীৰ মাজত আৱেগিক দূৰত্বৰ সৃষ্টি হয়, যিয়ে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়। শাৰীৰিক ঘনিষ্ঠতাৰ অভাৱও বিবাহ বিচ্ছেদৰ এক উল্লেখযোগ্য কাৰণ। শাৰীৰিক সম্পৰ্ক কেৱল মানৱ জীৱনৰ এটা প্ৰাকৃতিক প্ৰয়োজনীয়তাই নহয়, ই স্বামী-স্ত্ৰীৰ মাজত আৱেগিক সংযোগৰো এক গুৰুত্বপূৰ্ণ মাধ্যম। যেতিয়া এই ঘনিষ্ঠতাৰ অভাৱ হয়, তেতিয়া সম্পৰ্কত ৰোমাঞ্চৰ কমি যায়, আৰু স্বামী-স্ত্ৰীৰ মাজত দূৰত্ব বাঢ়ি যায়। বিশেষজ্ঞসকলে কয়, ৰোমাঞ্চ আৰু শাৰীৰিক ঘনিষ্ঠতাই সম্পৰ্কক মজবুত কৰি ৰাখে। কিন্তু যেতিয়া এই উপাদানৰ অভাৱ হয়, তেতিয়া সম্পৰ্কত অশান্তি আৰু মতানৈক্যৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, যদি এজন সংগীয়ে শাৰীৰিক ঘনিষ্ঠতাৰ প্ৰতি আগ্ৰহ হেৰুৱায়, তেন্তে আনজন সংগীয়ে নিজকে অবহেলিত আৰু অপমানিত অনুভৱ কৰে। এই অবহেলা আৰু অপমানে সম্পৰ্কত তিক্ততাৰ জন্ম দিয়ে, যিয়ে শেষত বিচ্ছেদৰ পৰ্যায় পায়। শাৰীৰিক ঘনিষ্ঠতাৰ অভাৱে আৱেগিক দূৰত্বৰ সৃষ্টি কৰে, যিয়ে সম্পৰ্কক দুৰ্বল কৰি তোলে। এই দুৰ্বলতা ক্ৰমান্বয়ে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়।

অবাঞ্ছিত বিবাহৰ ক্ষেত্ৰতো বিবাহ বিচ্ছেদৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময়ত পৰিয়ালৰ চাপত বা সামাজিক হেঁচাত নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহ কৰিবলৈ বাধ্য হয়। এনে বিবাহত প্ৰেম আৰু আকৰ্ষণৰ অভাৱ থাকে, যাৰ ফলত সম্পৰ্কটো দীৰ্ঘদিন টিকি নাথাকে। উদাহৰণস্বৰূপে, যদি কোনোবাই বিয়াৰ আগতে আন কাৰোবাক ভাল পায়, কিন্তু পৰিয়ালৰ ইচ্ছাৰ বাবে আন এজনৰ সৈতে বিবাহ কৰিবলৈ বাধ্য হয়, তেন্তে সেই সম্পৰ্কত সুখৰ অভাৱ হয়। এনে পৰিস্থিতিত দুয়োপক্ষৰ মাজত মানসিক অশান্তি বাঢ়ি যায়, আৰু শেষত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লোৱা হয়। অবাঞ্ছিত বিবাহৰ ক্ষেত্ৰত পৰস্পৰৰ প্ৰতি প্ৰকৃত ভালপোৱা আৰু বুজাবুজিৰ অভাৱ থাকে, যিয়ে সম্পৰ্কক দুৰ্বল কৰি তোলে। এই দুৰ্বলতাই সময়ৰ সৈতে সম্পৰ্কক ভাঙি যোৱাৰ পৰ্যায়লৈ লৈ যায়। কম বয়সত হোৱা বিবাহো বিবাহ বিচ্ছেদৰ এক কাৰণ। কম বয়সত বিবাহ কৰিলে বহু সময়ত ব্যক্তিৰ মানসিক পৰিপক্কতা সম্পূৰ্ণৰূপে গঢ় লৈ নুঠে। ফলত বিবাহিত জীঢ়নৰ দায়িত্ব পালন কৰাত অসুবিধা হয়। এনে পৰিস্থিতিত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ ফলত সম্পৰ্কত তিক্ততাৰ সৃষ্টি হয়। কম বয়সত বিবাহ কৰা ব্যক্তিসকলে প্ৰায়ে জীঢ়নৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ প্ৰতি পৰিপক্ক দৃষ্টিভংগীৰ অভাৱত ভুগে। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত অস্থিৰতাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও কিছুমানৰ বিবাহৰ প্ৰতি অনীহা থাকে। তেওঁলোকে বিবাহিত জীঢ়নৰ দায়িত্বৰ বাবে নিজকে প্ৰস্তুত অনুভৱ নকৰে, যাৰ ফলত তেওঁলোকে বিবাহিত জীঢ়নত সুখী হ’ব নোৱাৰে আৰু বিচ্ছেদৰ পথ বাছি লয়।

সামাজিক চাপ আৰু পৰিয়ালৰ হেঁচাও বিবাহ বিচ্ছেদৰ এক কাৰণ। আজিৰ সমাজত বহু সময়ত পৰিয়ালৰ অত্যধিক হস্তক্ষেপৰ ফলত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। শহুৰেকৰ ঘৰৰ পৰা বোৱাৰীৰ প্ৰতি অত্যধিক আশা বা স্বামীৰ পৰিয়ালৰ সৈতে পত্নীৰ সমন্বয়ৰ অভাৱৰ ফলত সম্পৰ্কত জটিলতা সৃষ্টি হয়। শহুৰেকৰ ঘৰৰ সদস্যৰ অত্যধিক হস্তক্ষেপে পত্নীক অস্বস্তিকৰ পৰিস্থিতিত পেলায়, যাৰ ফলত তাইৰ মনত হতাশাৰ সৃষ্টি হয়। ঠিক তেনেদৰে, স্বামীৰ ক্ষেত্ৰতো পৰিয়ালৰ হেঁচাৰ ফলত তেওঁ পত্নীৰ প্ৰতি যথাযথ মনোযোগ দিব নোৱাৰে। এই সকলোবোৰৰ ফলত সম্পৰ্কত তিক্ততাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও সমাজৰ চাপ, যেনে সামাজিক মৰ্যাদা বজাই ৰখাৰ চিন্তা বা আনৰ সৈতে তুলনাৰ মানসিকতাই বিবাহিত জীঢ়নত নেতিবাচক প্ৰভাৱ পেলায়।

এই চাপৰ ফলত স্বামী-স্ত্ৰীৰ মাজত মানসিক দূৰত্বৰ সৃষ্টি হয়, যিয়ে শেষত বিচ্ছেদৰ পৰ্যায় পায়। একেদৰে, মানসিক চাপ আৰু হতাশাও বিবাহ বিচ্ছেদৰ এক গুৰুত্বপূৰ্ণ কাৰণ। আজিৰ দ্ৰুতগতিৰ জীঢ়নত মানুহৰ ব্যক্তিগত জীঢ়নত মানসিক চাপ বাঢ়িছে। কৰ্মক্ষেত্ৰৰ চাপ, আৰ্থিক সমস্যা, পৰিয়ালৰ দায়িত্ব, আৰু সামাজিক প্রত্যাশাৰ ফলত মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৰ পৰে। এই মানসিক চাপে স্বামী-স্ত্ৰীৰ মাজত ধৈৰ্য্যৰ অভাৱৰ সৃষ্টি কৰে। সৰু সৰু কথাতো ডাঙৰ কাজিয়াৰ সৃষ্টি হয়, আৰু এই কাজিয়াবোৰ সমাধান নকৰিলে সম্পৰ্কত তিক্ততাৰ জন্ম হয়। যদি এজন স্বামী কৰ্মক্ষেত্ৰৰ চাপৰ বাবে ঘৰত পত্নীৰ সৈতে পর্যাপ্ত সময় কটাব নোৱাৰে, তেন্তে পত্নীয়ে নিজকে অবহেলিত অনুভৱ কৰে। এই অবহেলাৰ ফলত তাইৰ মনত হতাশা আৰু খংৰ সৃষ্টি হয়, যিয়ে সম্পৰ্কক দুৰ্বল কৰি তোলে। ঠিক তেনেদৰে, পত্নীৰ মানসিক চাপৰ ফলতো তাই স্বামীৰ প্ৰতি উদাসীন হৈ পৰিব পাৰে। এই মানসিক চাপৰ ফলত দুয়োজনৰ মাজত আৱেগিক সংযোগৰ অভাৱ হয়, যিয়ে শেষত বিচ্ছেদৰ পৰ্যায় পায়।

বিবাহ বিচ্ছেদৰ প্ৰভাৱ কেৱল স্বামী-স্ত্ৰীৰ ওপৰতেই নহয়, তেওঁলোকৰ সন্তানৰ ওপৰতো গভীৰভাৱে পৰে। সন্তানৰ বাবে পিতৃ-মাতৃৰ বিচ্ছেদ এটা মানসিক আঘাতৰ সমান। তেওঁলোকে পৰিয়ালৰ স্থিতিশীলতা হেৰুৱায়, আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক বিকাশত নেতিবাচক প্ৰভাৰ পৰে। বহু ক্ষেত্ৰত দেখা যায়, সন্তানে পিতৃ বা মাতৃৰ অভাৱত নিৰাপত্তাহীনতাৰ শিকাৰ হয়। এই নিৰাপত্তাহীনতাই তেওঁলোকৰ শৈক্ষিক আৰু সামাজিক জীঢ়নত প্ৰভাৰ পেলায়। সন্তানৰ মানসিক স্বাস্থ্যৰ ওপৰত বিবাহ বিচ্ছেদৰ প্ৰভাৰ দীৰ্ঘম্যাদী হ’ব পাৰে। তেওঁলোকে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱাৰ অভাৱৰ সাক্ষী হৈ থাকে, যাৰ ফলত তেওঁলোকৰ নিজৰ সম্পৰ্কৰ প্ৰতি আস্থা হেৰাই যায়।

শেষত এটা কথা স্বীকাৰ কৰিবই লাগিব যে, স্বামী-স্ত্ৰীৰ মাজত মুকলি যোগাযোগ, পৰস্পৰৰ প্ৰতি সন্মান, আৰু সময় দিয়াৰ মাধ্যমেৰে সম্পৰ্কক মজবুত কৰি ৰাখিব পাৰি। ইয়াৰ উপৰিও পৰিয়ালৰ হস্তক্ষেপ কমোৱা, আৰ্থিক স্থিতিশীলতাৰ প্ৰতি গুৰুত্ব দিয়া, আৰু প্ৰয়োজন হ’লে পৰামৰ্শদাতাৰ সহায় লোৱাৰ জৰিয়তে বিবাহ বিচ্ছেদৰ সম্ভাৱনা কমাব পাৰি। সংসাৰখন ভালকৈ চলাই নিবলৈ দুয়োজনৰে সহযোগ,এৰাধৰা, বুজাপৰা, প্ৰচেষ্টা সমান গুৰুত্বপূৰ্ণ। যদি এজনে ৯৯% প্ৰচেষ্টা দিয়ে আৰু আনজনে কেৱল উদাসীন হৈ থাকে, তেন্তে সেই সম্পৰ্ক টিকি নাথাকে। সেয়েহে দুয়োজনৰ সমান সহযোগিতা, এৰাধৰা, বুজাপৰাৰ জৰিয়তে বৈবাহিক বন্ধনক চিৰস্থায়ী কৰি সংসাৰখন সুস্থ ভাৱে, নিয়াৰিকৈ ৰাখিব পাৰি।

লেখকঃ হিমাংশু ৰণ্‌জন ভূঞা

Himanta Biswa Sarma: মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ, দুধদানীৰ গাখীৰ খাই জন্ম হোৱা নাই: মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিম বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta Biswa Sarma)
মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিম বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta Biswa Sarma)

মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিম বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta Biswa Sarma)

ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতুত্ত্যৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, পৰিৱৰ্তন হোৱা সম্ভাৱনা নাই, কংগ্ৰেছ পাৰ্টী যেনেকে আছে তেনেকে থাকিব।নতুন কথা কৈ লাভ নাই।খালী ৰাহুল গান্ধীক মই এটা কথাই কৈ থ’ব বিচাৰিছোঁ’-‘মই অসমতে জন্ম হোৱা এজন অসমীয়া’ ‘মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ, দুধদানীৰ গাখীৰ খাই জন্ম হোৱা নাই, ৰাহুল গান্ধীক বুঢ়া আঙুলি’।

Shishu Mahotsav in Chandmari: অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত “গুৱাহাটী শিশু মহোৎসৱ”

Shishu Mahotsav in Chandmari
Shishu Mahotsav in Chandmari

প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু (Shishu Mahotsav in Chandmari) মহোৎসৱৰ অষ্টম দিন। প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভা, স্বকীয় সম্ভাৱনা লৈ আহেঃ পাৰ্থ সাৰথি মহন্ত। শিশু-চেমনীয়াৰ মাজত কলা-সংস্কৃতিৰ কৰ্মশালা।পিতৃ-মাতৃৰ ভিন্নসুৰী অনুষ্ঠানঃ দিহানাম-বিয়ানাম, গীতে-মাতে আনন্দমুখৰ চানমাৰি বাকৰি।

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱ অভিভাৱক সকলৰ ভিন্নসুৰী অনুষ্ঠানেৰে আকৰ্ষণীয় হৈ পৰে ৷ শিশু মহোৎসৱৰে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ৫০ গৰাকীতকৈও অধিক অভিভাৱকে অংশগ্ৰহণ কৰে ৷ বিশেষকৈ পিতৃ-মাতৃ সকলে পৰিৱেশন কৰা গান, নৃত্য, বাদ্য বাদন, একক অভিনয়, দিহানাম, বিয়ানাম আদিয়ে শিশু মহোৎসৱ আনন্দ মুখৰ কৰি তোলে ৷ বিয়লি ৪-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটি উদ্বোধন কৰে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত, বিশিষ্ট স্তম্ভ লেখক, কবি-আবৃত্তিকাৰ পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে গ্ৰীষ্ম বন্ধৰ সময়ত অসম প্ৰকাশন পৰিষদে আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱৰ সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ থাকিব ৷ ইয়াত নাট, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু-চেমনীয়া সকলে সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিছে ৷ এই অভিজ্ঞতাই তেওঁলোকৰ বৌদ্ধিক আৰু মানসিক বিকাশত সহায় কৰিব ৷ তেওঁলোকক সামাজিকতাৰ গূঢ়াৰ্থ অনুধাৱন কৰিবলৈ উদ্বুদ্ধ কৰিব ৷ তেওঁ লগতে কয়—“ প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভা, স্বকীয় সম্ভাৱনা লৈ এই পৃথিৱীলৈ আহে ৷ তেওঁলোকৰ প্ৰতিভাৰ বিকাশ আৰু সম্ভাৱনাক সঠিককৈ প্ৰয়োগ কৰাৰ দায়িত্ব সমাজখনৰ ৷ বিশেষকৈ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ৷ শিশু সকলক ভালদৰে গঢ়ি তোলা মানেই সমাজৰ ভৱিষ্যৎ, দেশৰ ভৱিষ্যৎ সুৰক্ষিত কৰা ৷” তেওঁ শিশু সকলৰ মনত মাতৃভাষাৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ আহ্বান জনাই কয়—“মাতৃভাষাৰ মাজেৰেহে শিশুৰ বৌদ্ধিক-মানসিক বিকাশ সঠিকভাৱে হয় ৷ মাতৃভাষাই জাতিৰ শক্তিশালী পৰিচয় ৷ ” ইপিনে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ যোগভ্যাসত আৰতি হাজৰিকাক সহযোগিতা আগবঢ়ায় প্ৰজ্ঞাশ্ৰী নাথে ৷

যোগাসনৰ পাছত শিশু-চেমনীয়াসকলে বিগত কেইদিনৰ দৰেই নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, সহযোগী শিল্পী ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, পূৰৱী বুঢ়াগোহাঁই, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, ৰাহিল ৰিজুই, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ সংগীত কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৰাজ আহমেদ, দীপক দাস আৰু বিকাশ ৰয়ে ৷ আজি বিয়লিৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিউ গুৱাহাটী আদৰ্শ হাইস্কুলে ৷