Home Blog Page 193

Salt: নিমখে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! নিমখৰ প্ৰতিকাৰৰ বিষয়ে জানক

Salt: নিমখে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! নিমখৰ প্ৰতিকাৰৰ বিষয়ে জানক
Salt: নিমখে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! নিমখৰ প্ৰতিকাৰৰ বিষয়ে জানক

নিমখ অবিহনে খাদ্যৰ সোৱাদ নহয়। (Salt) নিমখ এনেকুৱা এটা বস্তু যিটো পৃথিৱীৰ প্ৰতিটো ঠাইতে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে জ্যোতিষ আৰু বাস্তু শাস্ত্ৰতো নিমখক যথেষ্ট গুৰুত্ব দিয়া হৈছে। নিমখৰ প্ৰতিকাৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। ইয়াৰ লগতে নেতিবাচকতা, ৰোগ, ঋণ আৰু দৰিদ্ৰতাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। জ্যোতিষত নিমখ চন্দ্ৰ আৰু শুক্ৰৰ লগত সম্পৰ্কিত।

নিমখৰ প্ৰতিকাৰ-

নিমখৰ এনে বহু প্ৰতিকাৰ আছে যিয়ে এজন ব্যক্তিৰ বহু সমস্যা দূৰ কৰিব পাৰে। ধনৰ নাটনি হওক বা ঘৰুৱা বিবাদেই হওক।

ঘৰত যদি প্ৰতিদিনে কাজিয়া হয়, তেন্তে গ্লাছৰ সৰু বাটি এটাত নিমখ ভৰাই শোৱা কোঠাত ৰাখিব। ই নেতিবাচক শক্তি আঁতৰাই ঘৰলৈ শান্তি কঢ়িয়াই আনিব।

ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ পানীত এচামুচ নিমখ দি সপ্তাহত দুবাৰকৈ মজিয়া মচিব লাগে। মনত ৰাখিব যে এই প্ৰতিকাৰ দেওবাৰ আৰু বৃহস্পতিবাৰে নকৰিব।

যদি টকা ঘৰত নাথাকে তেন্তে গ্লাছৰ বাটি এটাত অলপ নিমখ লৈ তাত চাৰি-পাঁচটা নহৰু ৰাখিব। তাৰ পিছত ঘৰৰ এটা চুকত ৰাখক। ইয়াৰ ফলত ঘৰখন সমৃদ্ধিশালী হৈ থাকিব।

যদি আপুনি সঘনাই অসুস্থ হৈ থাকে, তেন্তে শুই থকাৰ সময়ত মূৰৰ ওচৰত কাঁচৰ বাটি এটাত নিমখ ৰাখিব। মাজে মাজে নিমখ সলনি কৰি থাকিব।

মিত্ৰতাৰ ধৰ্ম পালন কৰিলে কোনো সমস্যাই উদ্ভৱ নহ’লেহেতেন: অতুল বৰা – ATUL BORA

মিত্ৰতাৰ ধৰ্ম পালন কৰিলে কোনো সমস্যাই উদ্ভৱ নহ’লেহেতেন: অতুল বৰা - ATUL BORA
মিত্ৰতাৰ ধৰ্ম পালন কৰিলে কোনো সমস্যাই উদ্ভৱ নহ’লেহেতেন: অতুল বৰা - ATUL BORA

ATUL BORA । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ (অগপ)-ত তৃণমূল কৰ্মীসকলৰ ক্ষোভ প্রকাশ পাইছে। বিশেষকৈ, যিসমষ্টিত বিজেপিৰ বিধায়ক আছে, তাত অগপৰ নেতা-কৰ্মীসকল সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে তৃণমূল কৰ্মীসকলে।

এই অভাৱ-অভিযোগ আৰু আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তে যোৰহাটত তৃণমূল কৰ্মী আৰু জিলা নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। যোৰহাট জিলা অগপ কাৰ্যালয়ত মাজুলী আৰু যোৰহাট জিলাৰ অগপ নেতৃত্ব তথা ভাতৃ সংগঠনৰ সৈতে বৈঠকত অংশ লৈ অতুল বৰাই কয় —
“যিদৰে এটা পৰিয়ালৰ ভিতৰত মৰম বেছিকৈ পোৱা-কমকৈ পোৱা সদস্যৰ মাজত মনোমালিন্য হয়, ঠিক তেনেকুৱাই অগপৰ ভিতৰতো হৈছে। এই ক্ষোভ আমাৰ পাৰিবাৰিক সমস্যা, আমি এটা পৰিয়াল। সেইমতে সমাধান বিচাৰিব লাগিব।”

মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে — “মিত্ৰতাৰ ধৰ্ম যদি সকলোৱে মানি চলিলেহেতেন, তেতিয়া এই সমস্যাবোৰ উদ্ভৱ নহ’লেহেতেন। যিসমষ্টিত বিজেপিৰ বিধায়ক আছে, তাত অগপ কৰ্মীসকলে কি সুবিধা পাইছে আৰু অগপ বিধায়ক থকা সমষ্টিত বিজেপি কৰ্মীসকলে কিদৰে আছে, তাৰ তথ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সভাপতি দিলীপ শইকীয়ালৈ দিয়া হ’ব।”

সভাপতি বৰাই ঘোষণা কৰে যে এই ধৰণৰ সমস্যা সমাধানৰ বাবে তেওঁ ধারাবাহিকভাৱে দলীয় কৰ্মীসকলৰ সৈতে বৈঠক চলাই থাকিব। তেওঁ লগতে কয় —
“মই ১১ বছৰ ধৰি অগপৰ সভাপতি। দলৰ কৰ্মীসকলৰ ত্যাগক মই স্বীকাৰ কৰোঁ। দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ আগবাঢ়ি যাব। বিশেষকৈ যুৱপ্ৰজন্মই অভিজ্ঞতা আহৰণ কৰি নিজকে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু কৰিব লাগে।”

এই বৈঠক আৰু মন্ত্ৰী অতুল বৰাৰ মন্তব্যক ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাক-ভূমিত গুৰুত্বপূৰ্ণ বুলিয়ে মন্তব্য কৰিছে ৰাজনৈতিক মহলে।

ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ গুৱাহাটী আগমন: কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ বাবে নতুন যুঁজৰ সূচনা । Rahul Gandhi

ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ গুৱাহাটী আগমন: কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ বাবে নতুন যুঁজৰ সূচনা । Rahul Gandhi
ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ গুৱাহাটী আগমন: কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ বাবে নতুন যুঁজৰ সূচনা । Rahul Gandhi


Rahul Gandhi । অসমলৈ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ অংশ হিচাপে গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছৰ দুজন শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। তেওঁলোকক গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত আন্তৰিকভাৱে আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) সভাপতি গৌৰৱ গগৈ। বিমান বন্দৰত উপস্থিত নেতা-কৰ্মীৰ উচ্ছ্বাসে পৰিবেশ উখল-মাখল কৰি তোলে।

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা পৰাই আদৰণি জনোৱা হয় ৰাহুল গান্ধী আৰু খাৰ্গেক। লগতে জাতি-জনগোষ্ঠীয় গীত-নৃত্যৰে আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে কৰা হয় সঁহাৰি প্ৰদান।

বিমান বন্দৰৰ পৰা গুৱাহাটী মহানগৰীৰ কিৰণশ্ৰী হোটেললৈ ৰাওনা হয় কংগ্ৰেছৰ শীৰ্ষ নেতাদ্বয়। হোটেলত অনুষ্ঠিত হৈছে দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটী (PAC) আৰু জ্যেষ্ঠ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকে দলৰ সকলো বিধায়ক, সাংসদ আৰু জিলা কংগ্ৰেছ সভাপতি।

বৈঠকৰ অন্তত অনুষ্ঠিত হ’ব জাতি-জনগোষ্ঠীয় বিভিন্ন নেতাৰ সৈতে মত-বিনিময় সভা।

এই সন্দৰ্ভত গৌৰৱ গগৈয়ে স্পষ্ট কৰে – “এইবাৰ সংখ্যালঘুৰ স্বাভিমান, সুৰক্ষা আৰু আৱেগৰ বাবে কংগ্ৰেছ দলে দৃঢ় যুঁজ লড়িব। অসমত সমষ্টিগত অধিকাৰ আৰু ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ সদায় জনগণৰ কাষত থাকিব।”

Ramayana In Pakistan: পাকিস্তানত ৰামায়ণ প্ৰচাৰঃ ৰাম-সীতা-লক্ষ্মণ কোন হ’ল?

Ramayana In Pakistan: পাকিস্তানত ৰামায়ণ প্ৰচাৰঃ ৰাম-সীতা-লক্ষ্মণ কোন হ'ল?
Ramayana In Pakistan: পাকিস্তানত ৰামায়ণ প্ৰচাৰঃ ৰাম-সীতা-লক্ষ্মণ কোন হ'ল?

পাকিস্তানৰ কৰাচীৰ আৰ্টছ কাউন্সিলত একাংশ মুছলমান শিল্পীয়ে মঞ্চস্থ কৰিলে ৰামায়ণ। পাকিস্তানৰ কৰাচী চহৰত (Ramayana In Pakistan) ‘মৌজ’ নামৰ নাট্যদল এটিয়ে ৰামায়ণৰ আধাৰত এখন নাটক উপস্থাপন কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

কৰাচী কলা পৰিষদত মঞ্চস্থ কৰা এই নাটকখনে যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

বিশেষ কথাটো হ’ল এই নাটকখনত শিল্পীসকলে নিজৰ অভিনয় আৰু অধিক উন্নত কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিও ব্যৱহাৰ কৰিছিল।

খবৰ অনুসৰি পৰিচালক যোহেশ্বৰ কাৰেৰাই “ৰামায়ণ” মঞ্চায়ন কৰি কয় যে তেওঁ কেতিয়াও নেতিবাচক প্ৰতিক্ৰিয়া বা নিৰাপত্তাৰ চিন্তাৰ আশা কৰা নাছিল।

তেওঁ আৰু কয়, নাটকখনৰ উপস্থাপনত ইতিবাচক সঁহাৰি লাভ কৰিছে, সামগ্ৰিক উপস্থাপন আৰু ব্যক্তিগত অভিনয় দুয়োটাকে প্ৰশংসা কৰে দৰ্শকে।

snake in Sawan month: শাওণ মাহত সাপ দেখাৰ অৰ্থ কি, পৰিয়ালৰ বাবে শুভ নে অশুভ ?

snake in Sawan month: শাওণ মাহত সাপ দেখাৰ অৰ্থ কি, পৰিয়ালৰ বাবে শুভ নে অশুভ ?
snake in Sawan month: শাওণ মাহত সাপ দেখাৰ অৰ্থ কি, পৰিয়ালৰ বাবে শুভ নে অশুভ ?

শাওণ মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। (snake in Sawan month) কোৱা হয় যে এই পবিত্ৰ মাহটোত তেওঁ সমগ্ৰ পৰিয়ালসহ পৃথিৱীত ফুৰিবলৈ আহে। তেওঁ ডিঙিত হাৰ হিচাপে সাপ পিন্ধে, যাৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক সংকেত দিয়ে যিয়ে ভয়ৰ পৰা পলাই নাযায়, সদায় আপোনাক নিয়ন্ত্ৰণত ৰাখে। এনে অৱস্থাত শাওণ মাহত যদি সাপ এহাল দেখা পায় তেন্তে ইয়াৰ অৰ্থ কি জানেনে?

জ্যোতিষ শাস্ত্ৰৰ মতে শাওণ মাহত যদি সাপ দেখা যায় তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি সাপ ভগৱান শিৱৰ প্ৰতীক। সেইবাবেই শাওণত সাপ দেখাৰ অৰ্থ হ’ল ভগৱান শিৱ আপোনাৰ সন্মুখত উপস্থিত হৈছে।

শাওণত সাপ দেখাটো ভগৱান শিৱৰ কৃপাৰ চিন। ইয়াৰ পৰা দেখা যায় যে ভগৱান শিৱই আপোনাৰ ভক্তি আৰু পূজাত সন্তুষ্ট আৰু আপোনাক আশীৰ্বাদ দিব বিচাৰিছে।

শাওণত সাপ দেখাৰ অৰ্থ এইটোও যে আপোনাৰ ইচ্ছা পূৰণৰ সময় ওচৰ চাপিছে। ভগৱান শিৱই আপোনাৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব, পৰিয়ালৈ সুখ কঢ়িয়াই আনিব।

বহু বিশ্বাস অনুসৰি শাওণত বগা সাপ দেখাটো হঠাৎ আৰ্থিক লাভৰ লক্ষণ বুলি গণ্য কৰা হয়।

মন্দিৰ বা শিৱলিঙত সাপ মেৰিয়াই থোৱা দেখাটো কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ লক্ষণ হ’ব পাৰে। অদূৰ ভৱিষ্যতে কিছু ভাল খবৰ পোৱাৰ লক্ষণো।

যদি আপুনি শাওণ মাহত ক’ৰবাত মৃত সাপ দেখা পায়, তেন্তে সেয়া আপোনাৰ জীৱনলৈ আহিবলগীয়া সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰি আগন্তুক বিপদ ৰোধ কৰিবলৈ আৰু আপোনাৰ ইচ্ছা পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰা উচিত।

Drinking Water after Dessert: মিঠাই খাই লগে লগে পানী খাই নেকি? এই অভ্যাস হৈ পৰিব পাৰে ৰোগৰ মূল কাৰণ !

Drinking Water after Dessert: মিঠাই খাই লগে লগে পানী খাই নেকি?
Drinking Water after Dessert: মিঠাই খাই লগে লগে পানী খাই নেকি?

সাৱধান! মিঠাই খাই পানী পীয়ে নেকি? (Drinking Water after Dessert) এই অভ্যাস আপোনাৰ পেটৰ বাবে বিপদজনক হ’ব পাৰে? মিঠাই খোৱাৰ পিছত কিয় পানী খাব নালাগে জানো আহক। লগতে পানী খোৱাৰ ফলত শৰীৰত কি প্ৰভাৱ পৰে এই বিষয়েও জানো আহক।

আমি যেতিয়াই মিঠাই খাওঁ তেতিয়া মিঠাই খোৱাৰ পিছতে পানী খাবলৈ মন যায়। কিন্তু এই অভ্যাসে আমাৰ শৰীৰত কি প্ৰভাৱ পেলায় সেই বিষয়ে মানুহে নাভাবে? আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞান দুয়োটাই এই অভ্যাসৰ বিষয়ে সতৰ্ক কৰি দিছে। আপোনাৰ এই সৰু অভ্যাসে ক্ৰমান্বয়ে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে মিঠাই খোৱাৰ পিছত পানী খালে শৰীৰৰ উষ্ণতাৰ ভাৰসাম্য, তেজৰ শৰ্কৰা আৰু হজম শক্তিত প্ৰভাৱ পৰে।

আমি যেতিয়াই মিঠাই খাওঁ তেতিয়াই আমাৰ পেটত থকা পাচক এনজাইম আৰু এচিডে খাদ্য হজম কৰাৰ কাম কৰে। আনহাতে, মিঠাই খোৱাৰ লগে লগে পানী খালে পেটৰ এচিড পাতল কৰাৰ কাম কৰে, যাৰ ফলত হজম প্ৰক্ৰিয়া অতি লেহেমীয়া হয়। যাৰ বাবে বদহজম, গেছ, পেট ফুলা আৰু এচিডিটিৰ দৰে সমস্যা হ’ব পাৰে। লগতে খাদ্য সঠিকভাৱে হজম কৰিবলৈ পেটে অধিক কষ্ট কৰিব লগা হয়।

মিঠাই খোৱাৰ পিছত গ্লুক’জ লাহে লাহে শৰীৰত শোষিত হয়, কিন্তু মিঠাই খোৱাৰ লগে লগে পানী খোৱা হ’লে তেতিয়া গ্লুক’জ পানীৰ লগত দ্ৰুতগতিত শোষিত হয়। ইয়াৰ ফলত হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

খাদ্য বিশেষজ্ঞ আৰু পুষ্টিবিদসকলৰ মতে মিঠাই খোৱাৰ মাত্ৰ ৩০ মিনিটৰ পিছত পানী খাব লাগে। যদি আপুনি মিঠাই খোৱাৰ ৩০ মিনিট পিছত পানী খায়, তেন্তে ইয়াৰ পাচন প্ৰক্ৰিয়াত কোনো বেয়া প্ৰভাৱ নপৰে আৰু শৰীৰৰ উষ্ণতাও ভালে থাকে।

যিকোনো মিঠাই খোৱাৰ পিছত পিয়াহ লগাটো অতি সাধাৰণ কথা। যদি আপুনি মিঠাই খোৱাৰ পিছত অধিক পিয়াহ অনুভৱ কৰে, তেতিয়া আপুনি সাধাৰণ পানীৰে গাৰ্গল কৰিব পাৰে নাইবা অলপ নিমখীয়া কিবা খাব পাৰে, ইয়াৰ ফলত পিয়াহৰ সমস্যা কম হ’ব পাৰে। পানীৰ সলনি কিছুমান ফল-মূলো খাব পাৰে।

মুঠতে মিঠাই খোৱাৰ লগে লগে পানী খোৱাটো এটা সাধাৰণ অভ্যাস হ’ব পাৰে, কিন্তু ইয়াৰ আঁৰত লুকাই থকা স্বাস্থ্যজনিত বিপদক আওকাণ কৰা উচিত নহয়।

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ
Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ

মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সংবাদমেল।(Himanta Biswa Sarma)

ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।


সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

২০২১ৰ পৰা ২০২৫ৰ ভিতৰত ৰাজ্যত সৰ্বমুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা মাটি বেদখলমুক্ত হৈছে।

Landless নহয় Landlord হৈ আছিল বেদখলকাৰী বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।

কোন জিলাত কিমান ভূমি বেদখলমুক্ত কৰা হৈছে ক’লে মুখ্যমন্ত্ৰীয়ে।

১৭,৯০৫ বিঘা মাটি দখল মুক্ত দৰং জিলাত।

লখিমপুৰত ১৩,৪৮১ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে।

গোৱালপাৰাত ৮,২৪০ বিঘা মাটি দখল মুক্ত হৈছে।

হোজাইত দখল মুক্ত হৈছে ১০,৭৪৯ বিঘা মাটি।

কাছাৰত বেদখলমুক্ত কৰা হৈছে ৭৫৬ বিঘা মাটি।

বঙাইগাঁৱত দখল মুক্ত হৈছে ২৮৫ বিঘা ভূমি।

চিৰাং জিলাত ১,৫৭৩ বিঘা ভূমি দখল মুক্ত হৈছে।

গোলাঘাটত ৮০৮০ বিঘা ভূমি দখল মুক্ত হৈছে।

বৰপেটা জিলাত দখল মুক্ত হৈছে ৪০৮ বিঘা মাটি।

আনহাতে শোণিতপুৰত বেদখলমুক্ত কৰা হৈছে ৩৪,৫২৭ বিঘা ভূমি।

Oil ita super series national tennis: অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছঃ অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

Oil ita super series national tennis: অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি
Oil ita super series national tennis: অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত (Oil ita super series national tennis) গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ টেনিছৰ মুল ৰাউণ্ডৰ খেল সোমবাৰৰ পৰা আৰম্ভ হৈছে৷ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ ৰাষ্ট্ৰীয় ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ আজি চাৰিওটা বিভাগৰে একক শাখাৰ মেচ অনুষ্ঠিত হয়৷ গুৱাহাটীৰ চচলস্থিত সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমদিনা আয়োজক অসমৰ খেলুৱৈয়ে প্ৰত্যাশিত প্ৰদৰ্শনৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷

সোমবাৰে পুৱা হোৱা ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ মৃগাক্ষী চাংমাই, সংস্কৃতি বৰা, ধ্যানা এ মৰং, কৃষ্টি হালৈ আৰু অভিপসা গগৈয়ে নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আনহাতে, ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ আয়ান ৰহমান, অনিৰ্বান ডেকা আৰু চন্দ্ৰ ম’হান্তীয়ে হেলাৰঙে জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷

১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ লগতে আবেলি ১২ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰো একক শাখাৰ মেচ আৰম্ভ হয়৷ কিন্তু বৰষুণে দুঘণ্টা মেচ বিঘ্নিত কৰে৷ পাছত পুনৰ আৰম্ভ হয়৷ সূচী অনুসৰি আজি হ’বলগা সকলো প্ৰথম ৰাউণ্ডৰ মেচ নিশালৈ লাইটৰ পোহৰত অনুষ্ঠিত কৰি সমাপন কৰা হ’ব৷ কাইলৈ পূৱাৰ পৰাই দ্বিতীয় ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷

ইফালে, পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷ একক শাখাৰ লগতে কাইলৈৰ পৰা ডাবলছৰো খেল অনুষ্ঠিত হ’ব

Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?

Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?
Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ এটাই (Nimisha Priya) উপায়, আশা পূৰণ হ’বনে? ১ দিনৰ পিছত য়েমেনত ফাঁচী দিব নিমিষাক।

সমগ্ৰ দেশে কেৰেলাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ জীৱন ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। পৰিয়ালৰ পৰা আৰম্ভ কৰি চৰকাৰলৈকে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছে। বিষয়টো উচ্চতম ন্যায়ালয়ত উপনীত হ’ল যদিও ভাৰত চৰকাৰে আদালতত যি ক’লে তাৰ পাছত ভাৰতীয় পর্যায়ত নিমিষাক বচাবলৈ সকলো আশাৰ অন্ত পৰিল৷ এতিয়া মাত্ৰ এটা বিকল্প বাকী আছে।

১৬ জুলাইত মৃত্যুদণ্ড দিয়া হ’ব নিমিষা প্ৰিয়াক। এতিয়া য়েমেনত মৃত্যুদণ্ড ভয়ত থকা কেৰালাৰ নাৰ্ছ নিমিছা প্ৰিয়াক বচাবলৈ প্ৰায় সকলো আশা শেষ। এই বিষয়ত ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ক সকলো কথা স্পষ্টকৈ কৈছে। সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰটোৱে কয় যে য়েমেনত হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা কেৰালাৰ ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ গোচৰত হস্তক্ষেপ কৰাৰ ক্ষমতা সীমিত। কেন্দ্ৰই ইয়াক “অতি জটিল বিষয়” বুলি অভিহিত কৰি কয় যে ইয়াৰ বাবে অতি কম কূটনৈতিক বিকল্প উপলব্ধ।

ন্যায়াধীশ সন্দীপ মেহতাৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত হাজিৰ হৈ ভাৰতৰ এটৰ্নী জেনেৰেলে কয় যে য়েমেনত কি হৈছে সেইটো জানিব পৰাৰ কোনো উপায় নাই। তেওঁ আৰু কয় যে চৰকাৰে ৰাজহুৱা অভিযুক্তকে ধৰি য়েমেনৰ বিষয়াসকলৰ সৈতে যোগাযোগত আছে আৰু আলোচনা অব্যাহত থকাৰ সময়তে প্ৰিয়াক ফাঁচী দিয়াটো পিছুৱাই দিয়াৰ চেষ্টা কৰিছে।

ভাৰত চৰকাৰে আদালতত কয় যে প্ৰিয়াৰ জীৱন ৰক্ষাৰ একমাত্ৰ ব্যৱহাৰিক বিকল্প এতিয়া কেৱল আপোচহে, যদিহে মৃত য়েমেনৰ নাগৰিকজনৰ পৰিয়ালে ইয়াক গ্ৰহণ কৰিবলৈ সাজু হয়। ১৮ জুলাইত পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰাৰ সময়ত বিচাৰপীঠে নিজৰ আদেশত কয় যে, “পৰৱৰ্তী তাৰিখত পক্ষসমূহে গোচৰৰ অৱস্থাৰ বিষয়ে আদালতক অৱগত কৰিব পাৰে।” কিন্তু তেতিয়ালৈকে হয়তো বহু দেৰি হৈ গৈছে। কাৰণ নিমিষাক ১৬ জুলাইত য়েমেনৰ ৰাজধানী ছানা’ৰ কাৰাগাৰত ফাঁচী দিয়াৰ কথা।

মানুহে এতিয়াও ভাবি আছে যে নিমিষাৰ জীৱন ৰক্ষা কৰিব পৰা কিবা এটা বিকল্প থাকিব লাগিব। গতিকে এতিয়া বাকী থকা একমাত্ৰ বিকল্পটো হ’ল চৰকাৰে উচ্চতম ন্যায়ালয়ক কোৱা কথা – আপোচ মানে ‘ব্লাড মানি’।

‘ব্লাড মানি’ শ্বৰীয়ত আইনত এক বিধান, য’ত মৃতকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দি অপৰাধীৰ শাস্তি ক্ষমা কৰিব পাৰি। বিশেষকৈ অনিচ্ছাকৃত হত্যাকাণ্ডৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। নিমিষাৰ ক্ষেত্ৰত তেওঁৰ পৰিয়াল আৰু ‘ছেভ নিমিষা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল’ই তালালৰ পৰিয়ালক ১০ লাখ মাৰ্কিন ডলাৰ (প্ৰায় ৮.৬ কোটি টকা) আগবঢ়াইছে। কিন্তু এই ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ এতিয়াও সাজু হোৱা নাই তালালৰ পৰিয়াল। একাংশ সূত্ৰৰ মতে, তেওঁলোকে ইয়াক নিজৰ সন্মানৰ প্ৰশ্ন বুলি অভিহিত কৰিছে।

কেৰালাৰ পালাক্কাড জিলাৰ পৰা অহা নিমিষা প্ৰিয়াই ২০০৮ চনত নাৰ্ছ হিচাপে য়েমেনলৈ গৈছিল।তাত চিকিৎসালয়ত কাম কৰিছিল আৰু পিছলৈ ২০১৫ চনত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ সৈতে ক্লিনিক আৰম্ভ কৰিছিল। য়েমেনৰ আইন অনুসৰি বিদেশীক ব্যৱসায় আৰম্ভ কৰিবলৈ স্থানীয় অংশীদাৰৰ প্ৰয়োজন। কিন্তু তলালৰ লগত তাইৰ সম্পৰ্ক অৱনতি ঘটিল। নিমিষাৰ অভিযোগ যে তালালে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিছিল, আৰ্থিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছিল আৰু ভুৱা নথি-পত্ৰৰে নিজকে স্বামী বুলি দাবী কৰি শোষণ কৰিছিল।

২০১৭ চনত নিমিষাই তালালক পাছপ’ৰ্ট ঘূৰাই পোৱাৰ প্ৰয়াসত এনাস্থেচিয়াৰ বেজী দিছিল যদিও ভুল ড’জৰ বাবে তালালৰ মৃত্যু হয়। ইয়াৰ পিছত ২০১৮ চনত নিমিছাক গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়।২০২০ চনত ছানাৰ এখন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে, যিটো ২০২৩ চনত য়েমেনৰ উচ্চতম ন্যায়িক পৰিষদে সমৰ্থন কৰে।

নিমিষাৰ জীৱন এতিয়া তলালৰ পৰিয়ালৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। যদি তেওঁলোকে ক্ষতিপূৰণৰ বাবে সন্মতি দিয়ে, তেন্তে নিমিষাৰ শাস্তি ক্ষমা কৰিব পাৰিব। কিন্তু এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি পোৱা নাই আৰু সময় দ্ৰুতগতিত শেষ হৈ গৈ আছে। ভাৰত চৰকাৰ, নিমিষাৰ পৰিয়াল আৰু সমৰ্থকসকলে সম্ভৱপৰ সকলো চেষ্টা কৰি আছে যদিও পৰিস্থিতি জটিল।

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika
মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

Pijush Hazarika । ক্ষেত্ৰীৰ টোপাতলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ট্ৰাকচালকজনক উদ্ধাৰ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰীকা

ঘটনাৰ বিৱৰণ মতে, মন্ত্ৰী হাজৰীকা নিজ খুড়াকৰ শেষকৃত্য আঁহতগুৰিত সম্পন্ন কৰি গুৱাহাটীলৈ ঘূৰি আহি থকা সময়তে পথত সংঘটিত এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। এজন দায়িত্বশীল ৰাজহুৱা প্ৰতিনিধি হিচাপে তেওঁ নিজ কনভয় ৰখাই আহত চালকজনক উদ্ধাৰৰ বাবে তৎপৰ হয়।

ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত খুন্দ খায় আন এখন ট্ৰাক, যাৰ ফলত চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
মন্ত্ৰী হাজৰীকাই অতি দ্ৰুতভাৱে উদ্ধাৰ কাৰ্যত সহায় কৰি আহতজনক প্ৰাথমিক চিকিৎসাৰ বাবে সোণাপুৰ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰৰ সম্পূৰ্ণ ব্যৱস্থা নিজে পৰ্যবেক্ষণ কৰে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰো নিৰ্দেশ দিয়ে।

এই ঘটনাই মন্ত্ৰী হাজৰীকাৰ দয়ালু আৰু দায়িত্বশীল চৰিত্ৰৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে, যি ৰাইজৰ মাজত প্ৰশংসা আৰু কৃতজ্ঞতাৰ অনুভৱ সৃষ্টি কৰিছে।