Home Blog Page 1931

নাজিৰাৰ নামতিত শোকাৱহ পথ দূৰ্ঘটনা , ডাম্পাৰৰ খুণ্ডাত থিতাতে নিহত বাইক আৰোহী

আজি দিনৰ প্ৰায় এঘাৰ বজাত নাজিৰাৰ নামতিত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয় । নাজিৰাৰ দিশৰপৰা আহি থকা
AS04-BC 5447 নাম্বাৰৰ ডাম্পাৰ খনে একে দিশৰ পৰা যোৱা ASO4Q – 8140 নম্বৰৰ বাইকেৰে নামতিৰ টিঙিৰীপাম কঁহাৰ গাঁৱৰ মুকুল চেতিয়া ওৰফে মহেন্দ্ৰ নামৰ লোকজনে নাজিৰা দিশৰ পৰা নিজা ঘৰলৈ গৈ থকা অৱস্থাত নামতিত ডাম্পাৰ খনে তীব্ৰ বেগত খুণ্ডা মাৰে । ডাম্পাৰ খনৰ খুণ্ডাত বাইক আৰোহী মুকুল চুতীয়া নিলগত চিটিকি পৰে আৰু থিতাতে নিহত হয় । খবৰ পাই নামতিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰাৰ লগতে নিহত মুকুল চুতীয়াৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

শীতকালত হোৱা অসুখৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ জানো আহক…

শীত আহিলেই শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে নাকৰ খচ্‌খচনি বাঢ়ি যায়। পুৱা সুস্থ হৈ থকা মানুহজনেও আবেলিলৈ উপৰ্যুপৰি হাঁচি মাৰি তত্‌ নোপোৱা হয়। এনে সময়ত প্ৰায়ে উশাহ-নিশাহ লোৱাত কষ্ট হয়, নাকেৰে পানী ওলায়, লগতে গাটোত জ্বৰ জ্বৰ ভাৱ দেখিবলৈ পোৱা যায়। এনেকুৱা বাৰু কিয় হয় ? সাধাৰণতে ঋতু পৰিৱর্তনৰ আৰম্ভণিতে চর্দি-কাহ বা কমন কল্য বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। কমন কল্য মূলতঃ ভাইৰাছৰ পৰা হয়। এলাৰ্জিৰ পৰাও হয়। শীতকালত এলাৰ্জিৰ মূল কাৰণ হ’ল ধোঁৱা। এই সময়ত বায়ুমণ্ডল গধুৰ হৈ থাকে। গধুৰ হোৱাৰ বাবেই দূষিত বতাহ বেছি ওপৰলৈ যাব নোৱাৰে। ফলত এই দূষিত বতাহ থাকে নাকৰ সমতলত। গতিকে যিমানবাৰ উশাহ লোৱা হয়, সিমানবাৰ ধূলি মিশ্ৰিত বতাহ নাকেৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে।

শীতকালত শিশুসকল প্রায়ে পানীলগা জ্বৰ, এলাৰ্জী আৰু হাঁপানী আৰু ভাইৰাছজনিত পাতল পায়খানাৰ দ্বাৰা আক্রান্ত হোৱা দেখা যায়। এনে ধৰণৰ অসুখ-বিসুখবোৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদৰ শিশুৰোগ বিভাগৰ বিশেষজ্ঞ ডা: চামিউল এহছান হুছেইনক। শীতকালীন শিশুসকলে সমুখীন হোৱা সমস্যাৰ বিষয়ে জানিবলৈ বিচৰাত তেখেতে কৈছিল—

বতৰৰ পৰিৱৰ্তনৰ লগে লগে হঠাৎ শীতৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশুসকল প্ৰায়ে পানীলগা জ্বৰত আক্রান্ত হোৱা দেখা যায়। এই ৰোগ সাধাৰণতে ভাইৰাছৰ সংক্ৰমণৰ ফলত হয়।

এনে ৰোগত প্রথমতে শিশুৰ জ্বৰ উঠাৰ লগতে নাকেৰে পানী ববলৈ আৰম্ভ কৰে। ফলত শিশুটোৱে যথেষ্ট কষ্ট পায়। সেয়েহে এনে হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামর্শ লোৱা উচিত।

শিশুৰ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱাৰ বাবে বেক্টেৰিয়া নামৰ মাৰাত্মক বীজাণুৱে আক্ৰমণ কৰাৰ ফলত শিশুটি নিউম’নিয়া ৰোগত আক্রান্তও হ’ব পাৰে।

এনে হ’লে শিশুটিক ঠাণ্ডাৰ পৰা বচাই ৰাখিব লাগে। সন্ধিয়া সময়ত বাহিৰলৈ শিশুটিক উলিয়াই নিব নালাগে, খালী ভৰিৰে মাটি বা পকাত খোজকাঢ়িব দিব নালাগে আৰু হাত-ভৰি মোজাৰে ঢাকি ৰাখিব লাগে।

ঠাণ্ডা দিনত শিশুসকলৰ হাঁপানী ৰোগৰ মাত্রা বুলি পায়। এনে হ’লে শিশুক সোনকালে চিকিৎসালয়লৈ লৈ আনিব লাগে আৰু নবেলাইজ্‌ড পদ্ধতিৰে চিকিৎসা কৰাব লাগে। শীতকালত শিশুসকল প্ৰায়ে ৰোটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে পাতলা পায়খানাৰ মাত্রা বাঢ়ি যায়। এই ৰোগ এজনৰ পৰা আন এজনলৈ সংস্পৰ্শৰ দ্বাৰা বিয়পে। সেয়েহে শিশুৰ যত্ন লওঁতে বা খাদ্য ৰান্ধোতে হাত ভালদৰে চাবোনেৰে ধুই ল’ব লাগে। পিতৃ-মাতৃ বা শিশুৰ যত্ন লোৱা ব্যক্তিগৰাকীয়ে নিজৰ চাফ-চিকুণৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এই ৰোগ প্রথমে জ্বৰ আৰু আৰু বমিৰে আৰম্ভ হয় আৰু পাছলৈ পাতল পায়খানা হয়। পাতল পায়খানা হোৱাৰ ফলত শৰীৰত পানী আৰু লোণৰ পৰিমাণ কমি গৈ শৰীৰ দুর্বল হয়।

এনেদৰে দুৰ্বল হৈ সময়োপযুক্ত চিকিৎসাৰ অভাৱত কেতিয়াবা শিশু মৃত্যুমুখতো পৰে। সেয়ে শৰীৰত পানী আৰু লোণৰ পৰিমাণ অটুট ৰাখিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত অ’ আৰ এছ বা ঘৰত থকা লোণযুক্ত পানী খুৱাব লাগে আৰু পলম নকৰি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

শীতকালত শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে প্রায়ে চর্দি-জ্বৰ আৰু কাহত ভোগা দেখা যায়। এনে সময়ত হোৱা এই সমস্যাসমূহৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতাল ছয়মাইল চৌদহত নাক-কাণ আৰু ডিঙি বিভাগৰ বিশেষজ্ঞ ডাঃ মিকলু সেনাপতিক। তেওঁ আমাক জনায় যে,

শীতকালৰ আগমন হোৱাৰ লগে লগে বীজাণুৰ সংক্ৰমণৰ পৰিমাণো বাঢ়ি যায়। ফলত ঠাণ্ডা লগাৰ বাবে শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে কাহ-চর্দি আৰু জ্বৰত ভুগিবলৈ লয়। সেয়েহে এই সময়ছোৱাত শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰাখিব লাগে। আনহাতে যিমানদূৰ সম্ভৱ ঠাণ্ডা বস্তুৰ পৰিমাণ কমাই গৰম বস্তু খোৱাৰ চেষ্টা কৰিব লাগে। সম্ভৱ হ’লে শৰীৰটোক জিৰণি দিয়াটো ভাল। ঠাণ্ডাৰ দিনত গ্ৰীষ্মতকৈ মূৰৰ বিষ বেছি হয়। চর্দি-কাহ-জ্বৰ আদি বেছিকৈ হয় বাবে প্রায়ভাগে মূৰৰ বিষত ভোগে।

শীতকালত ভোগা আন এক সমস্যা হ’ল টনছিলাইটিছ। সাধাৰণতে শিশু আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল এই ৰোগত ভোগা দেখা যায়। সংক্ৰমণৰ বাবে এই ৰোগ হয়, আনহাতে শিশু আৰু বৃদ্ধ ব্যক্তিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱাৰ বাবে এই দুই শ্রেণী শীঘ্ৰে আক্রান্ত হয়। সেয়ে চর্দি-জ্বৰ আৰু কাহ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চাইনাছাইটিছ, টনছিলাইটিছত ভূগি থাকিলেও নাকৰ পৰা সংক্রমণ গৈ শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে কাণৰ বিষত ভূগিবলগীয়া হ’ব পাৰে। কেতিয়াবা আকৌ এই বিষ ইমানেই অসহ্যকৰ হৈ পৰে যে অস্ত্ৰোপচাৰো কৰিবলগীয়া হয়।

খুব বেছিকৈ কাহিলে বা খুব বেছিকৈ কথা ক’লে যেনে ৰাজনীতিবিদ, শিক্ষক, গায়ক আদি বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে প্রায়ে কণ্ঠনলীত জোৰ দি কথা ক’বলগীয়া হয় বাবে মাতটো ভাঙি যায় বা বহি যোৱা দেখা যায়। এনেদৰে মাত ভাঙি গ’লে বা বহি গ’লে অলপ ঘনাই ঘনাই গৰমপানী বা লাল চাহ খোৱাৰ লগতে গৰমপানীৰ ভাপ ল’লে সুফল পোৱা যায়। প্রায়ে দেখা যায় এনে ধৰণৰ হ’লে আমি গার্গল কৰো। কিন্তু এনে কৰা উচিত নহয়, কিয়নো গৰমপানীৰে গার্গল কৰিলে কণ্ঠনলীয়ে কষ্ট পায় বা আঘাত পায়। সেয়েহে এনে হ’লে কথা কোৱাটো কমাই দিব লাগে আৰু যিমান পাৰি কণ্ঠনলীক আৰাম দিব লাগে।

ঋতু পৰিৱৰ্তনৰ লগে লগে মানসিকভাৱেও পৰিৱর্তন হয়। এই বিষয়ে জানিবলৈ বিচৰাত জি এন আৰ চি হাস্পতাল ছমাইল চৌহদৰ মনোবৈজ্ঞানিক লাভলী চৌধুৰীয়ে আমাক জনায় যে

‘প্রায়ে দেখা যায় আগৰে পৰা মানসিকভাৱে হতাশাত ভূগি থকা ব্যক্তিসকল ঋতু পৰিৱৰ্তনৰ ফলত শীতকালত বেছিকৈ হতাশাত ভুগিবলৈ আৰম্ভ কৰে। ইয়াক চিজনেল এফেক্টিভ ডিজঅর্ডাৰ বুলি কোৱা হয়। বিশেষকৈ এনে ব্যক্তিসকলে কাম-বন কৰিবলৈ ইচ্ছা নকৰে, কাৰো লগত কথা পাতিবলৈ ইচ্ছা নকৰি অকলে অকলে থাকিবলৈ ইচ্ছা কৰে, কোনো কামতে মনোযোগ নিদিয়ে, সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হয়। অত্যধিক টোপনি যোৱা বা একেবাৰে টোপনি কমি বেছিকৈ ভোক লগা বা একেবাৰে ভোক নলগা আদি লক্ষণবোৰ আপোনাৰ পৰিয়ালৰ কাৰোবাৰ গাত দেখিলে ই ক’থেৰাপিষ্টৰ পৰামর্শ লোৱাটো অতি প্রয়োজনীয়।

প্রায়ভাগ ব্যক্তিয়ে ঋতু পৰিৱৰ্তনৰ ফলত হোৱা শীতৰ বাবে দাঁতৰ বিষত ভোগা দেখা যায়। সেয়েহে এনে বিষৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদৰ দন্ত বিশেষজ্ঞ ডাঃ ইন্দিৰা বি চৌধুৰীক। তেখেতে আমাক জনায় যে

‘আগৰে পৰা যদিহে দাঁতৰ সমস্যা যেনে দন্তক্ষয় বা এনামেল ইৰ’চন হৈ থাকে, তেনে ক্ষেত্ৰত ঋতু পৰিৱৰ্তনৰ ফলত লগা ঠাণ্ডা বতাহৰ বাবে বিষ অনুভৱ কৰিব পাৰে। ঠাণ্ডা আহাৰ লগে লগে আমি খোৱা ফলমূলৰ ৰস বা পানীও কমকৈ খাওঁ । ফলত শৰীৰত পানীৰ পৰিমাণ তথা ভিটামিন বিৰ পৰিমাণ কমি যোৱাৰ বাবে ওঁঠ ফাটিবলৈ ধৰে আৰু আংগুলাৰ চিল’চিচ তথা মাউথ আলচাৰ ৰোগত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে ঠাণ্ডা দিনতো ফলৰ ৰস আৰু পানী যথেষ্ট পৰিমাণে খাব লাগে।

লেখিকামামণিগোস্বামী

গোসাঁইগাঁবৰ কচুগাৱঁত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকৰ তলত সোমাই পৰে মটৰ চাইকেল সহ এগৰাকী ছাত্ৰ

ছাত্ৰজন মটৰ চাইকেলেৰে দোতমা কলেজ গৈ থকা সময়তে কচুগাঁৱত ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনা

ছাত্ৰজন গোসাইগাঁৱৰ নবীন নগৰৰ ৰিংছাদ ওৱাৰী বুলি চিনাক্ত কৰা হৈছে

নিজৰ AS16B – 7414 নম্বৰৰ CBZ মটৰ চাইকেল লৈ যোৱা সময়ত বংগ অভিমুখে যোৱা ১০ চকীয়া WB 23 D 7121 নম্বৰৰ ট্ৰাকৰ তলত সোমাই পৰে

ততাতৈয়াকৈ কচুগাওঁ চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা অধিক সংকটজনক হোৱাত বঙাইগাঁও লৈ প্ৰেৰণ কৰে

ছাত্ৰজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে

সোণ, ৰূপৰ মূল্য ! গোটেই সপ্তাহটোৰ বাবে বজাৰৰ অৱস্থা জানক

এই ব্যৱসায়িক সপ্তাহত, সোণৰ মূল্য (Gold price) ৬৮২ টকা হ্ৰাস পাইছে। একে সময়তে, ৰূপৰ মূল্য (Silver Price) ১,৮৬৩ টকা হ্ৰাস পাইছে।

দেৱালীৰ আগতে ভাৰতীয় বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ সাপ্তাহিক মূল্য হ্ৰাস পাইছে। এই ব্যৱসায়িক সপ্তাহত, সোণৰ মূল্য (Gold price) ৬৮২ টকা হ্ৰাস পাইছে। একে সময়তে, ৰূপৰ মূল্য (Silver Price) ১,৮৬৩ টকা হ্ৰাস পাইছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েচন (আইবিজেএ)ৰ ৱেবছাইটঅনুসৰি, এই ব্যৱসায় সপ্তাহৰ আৰম্ভণিতে (১০ ৰ পৰা ১৪ অক্টোবৰ) ২৪ কেৰেট সোণৰ হাৰ আছিল ৫১,১২০ টকা, যি শুক্ৰবাৰলৈকে প্ৰতি ১০ গ্ৰামত ৫০,৪৩৮ টকালৈ হ্ৰাস পাইছে। যোৱা এসপ্তাহত, ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫৮,৯৪৯ টকাৰ পৰা ৫৬,০৪২ টকালৈ হ্ৰাস পাইছে।আই.বি.জি.এ.-ৰ দ্বাৰা জাৰী কৰা মূল্যবোৰে বিভিন্ন বিশুদ্ধতাৰ সোণৰ মানক মূল্যৰ বিষয়ে তথ্য প্ৰদান কৰে। এই সকলোবোৰ মূল্য হৈছে প্ৰাক-কৰ আৰু মাচুল প্ৰস্তুত কৰা। আই.বি.জি.এ.-ৰ দ্বাৰা জাৰী কৰা হাৰসমূহ সমগ্ৰ দেশতে সাৰ্বজনীনভাৱে গ্ৰহণ কৰা হয় কিন্তু ইয়াৰ মূল্যত জি.এছ.টি. অন্তৰ্ভুক্ত নকৰে।

যোৱা এসপ্তাহত সোণৰ হাৰ কিমান পৰিৱৰ্তন হৈছে? অক্টোবৰ ১০ – প্ৰতি ১০ গ্ৰামত ৫১,১২০ টকা, অক্টোবৰ ১১ – প্ৰতি ১০ গ্ৰামত ৫০,৭৩৬ টকা, অক্টোবৰ ১২ – প্ৰতি ১০ গ্ৰামত ৫০,৭৫৫ টকা, অক্টোবৰ ১৩ – প্ৰতি ১০ গ্ৰামত ৫০,৮৬৯ টকা, অক্টোবৰ ১৪ – প্ৰতি ১০ গ্ৰামত ৫০,৪৩৮ টকা ।

মিছকল দি সোণৰ দাম বিচাৰ কৰক: আপুনি ঘৰত বহি সোণৰ দাম সহজে জানিব পাৰে। আপুনি কেৱল এই নম্বৰটোত 8955664433 এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য’ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে

এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে: আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। ‘বি.আই.এছ. কেয়াৰ এপ’ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে।গ্ৰাহকসকলে লগে লগে অভিযোগ কৰিব পাৰে যদি এই এপটোত সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি পোৱা যায়। এপটোৱে গ্ৰাহকক তৎক্ষণাৎ অভিযোগ দাখিল কৰিবলৈ তথ্য প্ৰদান কৰিব।

পিতৃ-মাতৃক হেৰুৱাই যোৰহাটত পথাৰৰ মাজৰ উৰুখা পজাত উচুপি আছে পাঁচটা কণমানিয়ে

যোৰহাটৰ এখন পথাৰৰ মাজত থকা বাট-পথহীন এটি জৰাজীৰ্ণ ঘৰত দিন পাৰ কৰিছে পাচটি কণকণ শিশুৱে । পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়েও ঘৰ এৰি গুচি যোৱাত অতিকৈ অসহায় হৈ পৰিছে শিশুকেইটি । 

 বৰ্তমান ১৫ বছৰীয়া বায়েকে কণমানি ভ্ৰাতৃ -ভগ্নীকেইটিৰ দায়িত্ব লবলৈ গৈ থমকি ৰব লগা হৈছে । কণমানি কেইটিক প্ৰয়োজন কিছু সহায়ৰ ।

শিশুকেইটিয়ে বসবাস কৰি থকাৰ দৃশ্য আপুনি নিজে প্ৰত্যক্ষ নকৰিলে বুজিব নোৱাৰিব যে জীৱন কিমান সংঘাটপূৰ্ণ ! এখন পথাৰৰ মাজত থকা বাট-পথহীন উৰুখা পজাত জীৱন যুজত ব্ৰতী হ’বলৈ গৈ অতিকৈ অসহায় হৈ পৰিছে কণকণ পাঁচটি শিশু । মালৌ আলিৰ সমীপৰ মনাইমাজি গাঁৱৰ এখন পথাৰৰ মাজতে আজে এই উৰুখা পজাটো । সৰু জৰাজীৰ্ণ ঘৰটোলৈ যাবলৈ নাই কোনো পথ । এই ঘৰটোতে আছে  জ্ঞানশ্ৰী , মিনাক্ষী , গীতাশ্ৰী , জোনালী আৰু হিমান্ত নামৰ পাচটি কণ কণ শিশু । পিতৃহীন শিশুকেইটিৰ মাতৃও কিছুদিন পূৰ্বে ঘৰ এৰি গুচি যোৱাত বৰ্তমান অতিকে অসহায় হৈ পৰিছে শিশুকেইটি । বসবাস কৰিব পৰাকৈ ঘৰটোত কোনো সুবিধাই নাই । অতি লেতেৰা পৰিৱেশৰ মাজত জ্ঞানশ্ৰী নামৰ দশম শ্ৰেণীত পঢ়ি থকা কণমনি কিশোৰীজনীয়ে ৰন্ধা বঢ়া কৰি আহিছে । ঘৰটোত নাই লেট্ৰিন-বাথৰূমৰ সু-ব্যৱস্থা । আছে এটা দমকল । পখিলা খেদি ফুৰা বয়সতে জীৱন যুজত অৱতীৰ্ণ হৈ ভাগৰি পৰা কণমানিকেইটালৈ মনাইমাজি গাঁৱৰ জ্ঞানজ্যোতি মহিলা গাওৰক্ষী বাহিনীৰ মহিলাসকল আৰু ওচৰ চুবুৰীয়া একাংশ লোকে বৰ্তমান সহায়ৰ হাত আগবঢ়াই আহিছে।

কিন্তু কিমান দিনলৈ শিশুকেইটি এনেদৰে থাকিব ! চৰকাৰৰ তৰফৰ পৰা এনে শিশুসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ কোনো উপায় আছেনে ! কণমানিকেইটাৰ সুৰক্ষাক লৈয়ো চিন্তিত হৈ পৰিছে গাঁওবাসী । বৰ্তমান হতাশ , উদাসীন হৈ পৰা কণমানিকেইটাই বিচাৰিছে চৰকাৰৰ পৰা সহায় ।

” আমাৰ থাকিবলৈ বহুত অসুবিধা হৈছে । মোৰ ভাইটি-ভন্টিহতক লৈ এই ঘৰটোত অকলশৰে থাকিবলৈ আমাৰ ভয় লাগে । ওচৰৰে দাদা- বাইদেউসকলে আমাক বহুত সহায় কৰিছে । কিন্তু সদায় এনেদৰে আমাক সহায় কৰি থকাটো সম্ভৱ নহয় । সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছো । আমাক সহায় কৰক । “, এনেদৰে চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে কণমানি জ্ঞানশ্ৰীয়ে ।

বসবাসৰ অনুপযোগী এই ঘৰটোত অভিভাৱকহীন কণমানিকেইটা মুঠেই সুৰক্ষিত নহয় । চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত শিশুকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে ।

Amulৰ পিছত, Mother Dairy এ বৃদ্ধি কৰিলে দাম ! 

আমুলৰ পিছত, মাদাৰ ডেইৰীয়েও গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। দৰাচলতে, দিল্লী-এনচিআৰত গাখীৰ যোগানৰ সৰ্ববৃহৎ যোগানকৰ্তা মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে।

দেৱালীৰ আগতে, সাধাৰণ মানুহে মুদ্ৰাস্ফীতিৰ আন এক আঘাতৰ সন্মুখীন হৈছে। আমুলৰ পিছত, মাদাৰ ডেইৰীয়েও গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। দৰাচলতে, দিল্লী-এনচিআৰত গাখীৰ যোগানৰ সৰ্ববৃহৎ যোগানকৰ্তা মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে।

মাদাৰ ডেইৰীয়ে কৈছে যে ব্যয় বৃদ্ধিৰ বাবে মূল্য বৃদ্ধি কৰা হৈছে। ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৬১ টকাৰ পৰা ৬৩ টকালৈ বৃদ্ধি কৰা হৈছে আনহাতে গৰুৰ গাখীৰ এতিয়া প্ৰতি লিটাৰত ৫৩ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি পাইছে। মূল্য বৃদ্ধি দিল্লী-এনচিআৰ আৰু উত্তৰ ভাৰতৰ আন কিছুমান বজাৰত কৰা হৈছে।

বৰ্ধিত মূল্য আজি ৰাতি ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব।
মাদাৰ ডেইৰীৰ এজন মুখপাত্ৰই শনিবাৰে কয়, “আমি কেৱল ফুল ক্ৰীম আৰু গৰুৰ গাখীৰ প্ৰকাৰৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ সংশোধন কৰি আছো।” মূল্য বৃদ্ধি কাইলৈৰ পৰা অৰ্থাৎ ১৬ অক্টোবৰ, ২০২২তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।

নলবাৰীৰ ককয়াত গুৰু -শিষ্যৰ মহামিলন; গুৰু পূজন -গুৰু বন্দনাৰে ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন

নলবাৰীৰ ঐতিহ্যমণ্ডিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় ৷

দেওবাৰে পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় ৷ অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰায় ৮০ গৰাকী প্ৰাক্তন শিক্ষাৰ্থী আৰু জীৱিত ৯ গৰাকী সেই সময়ৰ শিক্ষাগুৰুৰ লগতে বিদ্যালয়খনৰ বৰ্তমানৰ কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সন্মিলনত স্বনামধন্য কৃতী অৱসৰ প্ৰাপ্ত অধ্যক্ষ ক্ৰমে খলিলুৰ ৰহমান, বীৰেন্দ্ৰ কুমাৰ ঠাকুৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা, নৃপেন্দ্ৰ কুমাৰ ভাগৱতী আদি কেইবাজনো উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ তদুপৰি অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন কুমাৰ ভাগৱতীয়ে সুন্দৰ সংগীত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

উল্লেখ্য যে, ১৯৮৫ শিক্ষাবৰ্ষটোৰ প্ৰায় ৮০ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৯ গৰাকীকৈ স্বনামধন্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আজি ৩৭ বছৰ পাছত একেলগে সমবেত হৈ আবেগবিহ্বল হৈ পৰে। অনুষ্ঠানৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ বৰ্মনে। ইয়াৰ পিছতে পৰেশ ভাগৱতী আৰু সুকুমাৰ শৰ্মাই শ্বহীদ তৰ্পণেৰে প্ৰয়াত শিক্ষাগুৰু আৰু প্ৰয়াত সহপাঠীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে সুভাষ ভট্টাচাৰ্য, কন্দৰ্প বৰ্মন, বাণীকান্ত নাথ আৰু দীপক হালৈয়ে। মন কৰিবলগীয়া যে, ইয়াৰ পাছতেই ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুশীল মজুমদাৰৰ সভাপতিত্বত মুকলি সমাৰোহ অনুষ্ঠিত হয় যিটো অনুষ্ঠানৰ আঁত ধৰে বলভদ্ৰ নাথে।

হাতত কেটেপা লৈ অসম–নাগালেণ্ড সীমান্তত বিধায়ক ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)

হাতত কেটেপা লৈ অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত বিধায়ক ৰূপজ্যোতি কুৰ্মী। পিছে পিছে এদল যুৱক, সকলোৰে হাতত কেটেপা।  পিছে হাতত কেটেপা আৰু এদল যুৱকক লগত লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিহৰ সন্ধানত বালিজান পাহাৰত!

এয়া চিকাৰ বা আন একো  নহয়। এয়া আচলতে  কেটেপা খেলৰ প্ৰস্ততিহে। অসম স্লিংশ্বট (Slingshot) সন্থাৰ আহ্বানত যোৰহাট শাখাৰ উদ্যোগত  অহা ২৯ আৰু ৩০ অক্টোবৰত  পোন প্ৰথমবাৰৰ বাবে মৰিয়নিৰ বালিজান পাহাৰত অনুষ্ঠিত হ’বলগীয়া Slingshot (কেটেপা) প্ৰতিযোগিতাৰ বাবে প্ৰস্ততি চলাই থকা দেখা গৈছে তেওঁক।

আনহাতে উদযাপন সমিতিৰ সভাপতি হোৱাৰ বাবেই বিধায়ক কুৰ্মীক এনেদৰে হাতত কেটেপা লৈ কেটেপাৰ অনুশীলনত ব্যস্ত হৈ পৰা দেখা গ’ল। বিধায়কগৰাকীয়ে এই প্ৰতিযোগিতাত অসমৰ যুৱক-যুৱতীসকলক অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে এইবিধ খেল শীঘ্ৰে অলিম্পিকত অন্তৰ্ভুক্ত হ’ব বুলি আশা প্ৰকাশ কৰে।

চতিয়া আৰক্ষীৰ জালত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰমজান আলি

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ৰণচালি। আজি আৰক্ষীয়ে চতিয়াৰ নাগশংকৰত ড্ৰাগছসহ এজনক কৰায়ত্ত সক্ষম হয়। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে বালিডোঙাৰ ৰমজান আলি। জানিব পৰা মতে, ধৃত ৰমজানে মটৰ চাইকেলত ড্ৰাগছ লৈ আহি থকা অৱস্থাতে চতিয়া আৰক্ষীয়ে দুটা চাবোনৰ বাকচত কঢ়িয়াই অনা ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে ৷ ৰমজানৰ পৰা জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৩০ গ্ৰাম। আৰক্ষীয়ে ড্ৰাগছ কঢ়িয়াই অনা AS12AD9691 নম্বৰৰ মটৰ চাইকেলখনো জব্দ কৰিছে। ধৃত ৰমজানৰ বিৰুদ্ধে চতিয়া আৰক্ষীয়ে NDPS আইনৰ অধীনত এক গোচৰ ৰুজো কৰি তদন্ত অব্যাহত ৰাখিছে।

দুখীয়াক সহায় কৰাৰ বাবে সাজি উলিয়ালে মটৰ চাইকেল এম্বুলেঞ্চ, এজন মানৱদৰদী লোক

গজেন চন্দ্ৰ কলিতা, এজন মানৱদৰদী লোক। তেওঁৰ ঘৰ দক্ষিণ কামৰূপৰ ধাৰাপুৰৰ ধোপৰতলত। গজেন কলিতাৰ এক চমৎকাৰী উদ্ভাৱন। লোকজনে সাজি উলিয়াইছে এখন মটৰ চাইকেল এম্বুলেন্স। নিজৰ মটৰ ছাইকেলখনৰ লগত ট্ৰলr সংযোগ কৰি মিনি এম্বুলেন্স সাজিছে লোকজনে।

চুবুৰীয়াৰ সহায় হোৱাকৈ বিনামূলীয়াকৈ হাস্পতাললৈ ৰোগী কঢ়িয়াই নিয়ে এইজন গজেন কলিতাই। পেছাত অসম চৰকাৰৰ এটা বিভাগৰ কৰ্মচাৰী তেওঁ। লোকজনৰ এই প্ৰচেষ্টা এতিয়া সৰ্বত্ৰে চৰ্চা।

গজেনে এই বাইক এম্বুলেন্সখনৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰও। তাৰ পাছত মাত্ৰ দুই দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ আহিছে উত্তৰ। বিষয়টো অসম চৰকাৰক গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। এনেদৰে এতিয়া গজেন চন্দ্ৰ কলিতাৰ এই মিনি এম্বুলেঞ্চে ব্যাপক সমাদৰ লাভ কৰিছে।