Home Blog Page 1937

আজি বিশ্ব হাত ধোৱা দিৱস : বিশ্ব হাত ধোৱা দিৱস অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী…

বিশ্ব হাত ধোৱা দিৱস অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী

“বিশ্ব হাত ধোৱা দিৱস” এই চাৰিটা শব্দ শুনাৰ লগে লগে যেন সকলো মানুহে একমুহুৰ্তৰ বাবে ভাবিবলৈ বাধ্য হয়। মানৱ জীৱনৰ সকলো দিশতে আমাৰ শৰীৰৰ এই হাত দুখনে মুখ্য ভূমিকা পালন কৰে। হাত দুখন পৰিস্কাৰকৈ ৰাখিৱ পাৰিলে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। কিন্তু আমি এই কথাটো আমাৰ জীৱনত গ্ৰহন কৰি লোৱাৰ ক্ষেত্রত প্ৰায়ে উদাসীন মনোভাৱ প্ৰদৰ্শন কৰোঁ।

বিশ্ব স্বাস্থ্য সংস্থাই মানৱ জাতিক ৰোগৰ পৰা মুক্ত কৰি ৰখাৰ বাবে সদায় সক্ৰিয়ভাৱে কাম কৰি আছে। ২০০৮ চনৰ ১৫ অক্টোবৰ তাৰিখৰ পৰা সমগ্ৰ বিশ্বই “বিশ্ব হাত ধোৱা দিৱস” পালন কৰি আহিছে। এই দিৱসৰ তাৎপৰ্য হ’ল- বিশ্বব্যাপী সকলো জনগনক হাত ধোৱাৰ প্ৰতি সজাগ কৰা আৰু হাত ধোৱা কাৰ্যৰ প্ৰতি আগ্ৰহ জন্মোৱা। কিন্তু বহুতো লোকে এই বিষয়টো জানিও অনুকৰণ নকৰে যিটো আমাৰ সমাজৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে।
বিশ্ব হাত ধোৱা দিৱসৰ প্ৰতি সকলো স্তৰৰ জনগনক সজাগ কৰি তোলাটো আমাৰ প্ৰধান কৰ্তব্য। এইক্ষেত্রত অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক সকলোৰ বহুতো কৰণীয় থাকে।

সৰু ডাঙৰ সকলো ছাত্র-ছাত্রীক এই বিষয়টো বিদ্যালয়ত শিক্ষক সকলে আৰু ঘৰত অভিভাৱক সকলে অৱগত কৰোৱা উচিত। বিদ্যালয়ত মধ্যাহ্ন ভোজন খোৱাৰ সময়ত প্ৰত্যেকজন শিক্ষকে বিষয়টো পৰ্যবেক্ষন কৰা উচিত। খোৱাৰ আগত আৰু পিছত ছাঠ-ছাত্রীয়ে হাত দুখন পৰিস্কাৰকৈ ধুইছে নাই যদি ধোৱা নাই তেতিয়াহ’লে কেনেকৈ ধুৱ লাগে শিকাই দিব লাগে। হাত কেইখন চাবোনৰে ভালকৈ ফেন উঠাই আঙুলিৰ মাজৰ অংশ তথা নখৰ তলৰ অংশও ধুই দেখুৱাব লাগে। ছাত্র-ছাত্রীয়ে খেলি ভাল পাই। গতিকে খেল-ধেমালি কৰোঁতে হাত বা আঙুলিৰ নখত মাটি লাগি থকাটো একো অস্বাভাৱিক নহয়।


সৰু সৰু ল’ৰা-ছোৱালীৰ লগতে আমাৰ গাঁও সমূহত জেষ্ঠ্য লোক সকলোৰ ক্ষেত্রটো হাত ধোৱা বিষয়টোৰ প্ৰতি সচেতনাৰ অভাৱ দেখা যায়। বহু সময়ত শৌচ কৰ্ম কৰাৰ পিছটো ভালদৰে হাত দুখন ধোৱা নহয়। নিজে সচেতন নোহোৱাৰ বাবে তেওঁলোকে শিশু সকলোকো সচেতন কৰিব নোৱাৰে। ফলস্বৰূপে, পেটৰ বিষ, ডায়েৰিয়া, কলেৰা, কৃমিৰ আক্ৰমণ আদি ৰোগে দেখা দিয়ে। ভাৰতৰ দৰে উন্নয়নশীল তথা অনুন্নত ৰাষ্ট্ৰবোৰত এই সমস্যাটোৱে গা কৰি উঠা পৰিলক্ষিত হৈছে। এই দেশবোৰত শিশুৰ মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।

হাত দুখনে যে আমাৰ শৰীৰত প্ৰধান ভূমিকা গ্ৰহন কৰে এই বিষয়টো সকলো সময়তে সজাগ কৰিব লাগে। বিগত কোভিড-১৯ সংক্ৰমণৰ সময়টো হাত দুখন পৰিস্কাৰকৈ চাবোনেৰে ধোৱাৰ বিষয়ে কোৱা হৈছিল। সেই সময়ত বহুতে এন্টিবায়োটিক চাবোন ব্যৱহাৰ কৰাৰ কথাও কৈছিল। কিন্তু গৱেষনা কৰি পোৱা গৈছে যে এন্টিবায়োটিক চাবোন শৰীৰৰ বাবে ক্ষতিকাৰক হোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত হৈ থকা চাবোন ব্যৱহাৰ কৰাৰ ওপৰতেই বেছিকৈ গুৰুত্ব দিছিল। “বিশ্ব হাত ধোৱা দিৱস”ত সকলোৱে অংশগ্ৰহন কৰি নিজৰ স্বাস্থ্যৰ লগতে আনকো স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তোলো আহক।

লেখক কমলেশ কাঞ্চন

আইচিচি টি-২০ বিশ্বকাপত ১৬জন অধিনায়কে একেলগে চেল্ফি লোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল…

আইচিচিয়ে টি-২০ বিশ্বকাপ ২০২২ আৰম্ভ হোৱাৰ ঠিক আগতে দুখন ফটো শ্বেয়াৰ কৰিছে। সকলো ১৬ টা দলৰ অধিনায়কসকলক একেলগে দেখা যায়।

টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এটা দিন বাকী আছে। প্ৰথম (যোগ্যতা অৰ্জনকাৰী) ৰাউণ্ড মেচবোৰ অক্টোবৰৰ 16 তাৰিখৰ পৰা আৰম্ভ হ’ব। ইয়াৰ ঠিক আগতে, সকলো 16 টা দলৰ অধিনায়কসকলে বিশ্বকাপ ট্ৰফীৰ সৈতে এটা ফ্ৰেমত উপস্থিত হৈছে। আইচিচিয়ে এই ছবিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে, অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চেও সকলো অধিনায়কৰ সৈতে এখন চেল্ফি তুলিছে।

প্ৰথম খন ছবিত, যোৱা টি-২০ বিশ্বকাপৰ ফাইনেলিষ্ট অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ অধিনায়কসকল ট্ৰফীৰ আটাইতকৈ ওচৰত বহি আছে। এই দুজন অধিনায়কৰ ঠিক পিছফালে, যোৱাবাৰৰ ছেমি ফাইনেলিষ্ট পাকিস্তান আৰু ইংলেণ্ডৰ অধিনায়কসকলে স্থান লাভ কৰিছে। ছবিখনত, ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা বাওঁফালে বহি আছে।

আইচিচিয়ে তেতিয়া ছচিয়েল মিডিয়াত এৰন ফিঞ্চৰ দ্বাৰা তোলা এখন চেলফি শ্বেয়াৰ কৰিছে। ইয়াত, ৰোহিত শৰ্মাক ফিঞ্চৰ ঠিক পিছফালে থিয় হৈ থকা দেখা গৈছে। সকলো অধিনায়কৰ মুখত হাঁহি আছে।

শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে, ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায় । শীতত ছালৰ যত্নৰ কেইটামান সহজ উপায় জানো আহক…

আকৌ শীত। এই শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায়। আপুনিও বাৰু এনেবোৰ সমস্যাত ভোগে নেকি ? যদি হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ আমি যদি নিয়মীয়াকৈ প্রাকৃতিক উপাদানেৰে অলপ পৰিচর্যা কৰো, তেন্তে এনেবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিম। গতিকে এই শীতত আপোনাৰ এই সমস্যাবোৰ দূৰ কৰি কেনেকৈনো আপোনাৰ সৌন্দৰ্য্যক ধৰি ৰাখিব।

ছাল
ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন। বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব। স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব।

আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়। তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব। তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ’ব।

শীতত শুকান ছালৰ গৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়। জলবায়ুত ময়শ্বাৰাইজাৰৰ অভাৱৰ হেতুকে শুকান ছাল আৰু অধিক শুকান হৈ পৰে। এই ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে গাখীৰৰ সৰ ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব। টোনাৰ হিচাপে গোলাপজলৰ লগত অকণমান মাখন ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা ময়শ্বাৰাইজাৰ হিচাপে পকা অমিতা আৰু মৌজোলৰ মিশ্রণ ব্যৱহাৰ কৰিব পাৰে। মাজে সময়ে বিশুদ্ধ নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে। লেপন হিচাপে এচামুচ মটৰ দাইলৰ বেচন, চাৰি টোপাল অলিভ অইল আৰু দুচামুচ কণীৰ হালধীয়া অংশ মিহলাই লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে শুকান ছাল লাহে লাহে স্বাভাৱিক হোৱাৰ লগতে উজ্জ্বল হ’ব।

মিশ্র ছালত আকৌ দুই ধৰণৰ ছাল মিলিত হৈ থাকে। কপাল, নাক আৰু থুঁতৰিৰ অংশ তেলেতীয়া, যাক আমি ‘T-Zone’ বুলি মানো আৰু মুখৰ বাকী অংশ স্বাভাৱিক বা শুকান ছাল হয়। এনেকুৱা ছালৰ গৰাকীৰ ক্ষেত্ৰত যি অংশ তেলেতীয়া, তাত তেলেতীয়া ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ আৰু যি অংশ স্বাভাৱিক হয় তাত স্বাভাৱিক বা শুকান ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। লেপনৰ ক্ষেত্ৰত ‘T- Zone’ত তেলেতীয়া ছালৰ লেপন আৰু বাকী অংশত স্বাভাৱিক বা শুকান ছালৰ লেপন লগাব লাগে।

আমাৰ মুখখনৰ গোটেই সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত। গতিকে ইয়াৰ পৰিচৰ্য্যৰ খুবেই প্রয়োজন। বিশেষকৈ এই শীতৰ সময়ছোৱাত। এই সময়ত ওঁঠযুৰিৰ যতন নল’লে ওঁঠযুৰু ফাটি যায়। কিছুমান ওঁঠ ক’লা পৰি সৌন্দর্য স্নান হোৱা দেখা যায়। গতিকে শীতকালত ওঁঠৰ পৰিচর্যা কৰাটো খুবেই প্রয়োজন।

শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেঁচা গাখীৰ খুবেই কাৰ্যকৰী। কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব।


শীতকালত সপ্তাহত দুদিন গুলপীয়া ৰঙৰ গোলাপৰ পাহিৰ লগত গাখীৰ মিহলাই এটা লেপন তৈয়াৰ কৰি ১৫/২০ মিনিটমানৰ বাবে ওঁঠৰ লগাবচোন। গোটেই শীতকালত আপোনাৰ ওঁঠযুৰি নিমজ আৰু উজ্জ্বল হৈ থাকিব।
এই সময়ত বহুতৰে ওঁঠ ক’লা পৰা দেখা যায়। এনেকুৱা হ’লে নিয়মীয়াকৈ কেইটোপালমান নেমুৰ ৰসৰ লগত মৌজোল মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হ’ব।
শীতকালত ওঁঠত বাদামৰ তেল লগালে ওঁঠৰ ছাল ভালে থাকে।
শীতৰ সময়ছোৱাত ওঁঠত ভাল কোম্পানীৰ ময়শ্বাৰাইজাৰ লগাব লাগে। অথবা ঘৰুৱাভাৱে যদি আপুনি মইষ্ট কৰি ৰাখিব বিচাৰে, তেন্তে ওঁঠত মৌজোল লগাব।
দিনৰ ভাগত যেতিয়া লিপ্‌ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্‌ষ্টিকহ ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে।

শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ।

শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি। শীতকালত প্রায় সকলোৰে ভৰিৰ গেৰুৱা ফটা দেখা যায়। কিছুমানৰ গেৰুৱা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গেৰুৱা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায়। কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গেৰুৱা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো।

সপ্তাহত দুদিনকৈ এটা পাত্ৰত কুহুমীয়া গৰম পানীত শ্বেম্পু আৰু বডি অইল মিহলাই ভৰি দুখন ১০ মিনিটমান জুবুৰিয়াই ৰাখিব। তাৰপিছত কোমল ব্ৰাছেৰে গেৰুৱাৰ লগতে গোটেই ভৰিখন ঘঁহিব। পিউমিক ষ্ট’নৰ সহায়ত ভৰিৰ গেৰুৱা লাহে লাহে ঘঁহিব। তাৰপিছত ভৰি দুখন শ্বেম্পু পানীৰ পৰা তুলি পুনৰ বেলেগ কুহুমীয়া পানীৰে ধুই পেলাব। এইবাৰ উন্নতমানৰ ফুটকেয়াৰ লোচন লগাব। গেৰুৱা ফটাৰ পৰা হাত সাৰিব পাৰিব। মাজে মাজে ভৰি দুখনত চাৰি চামুচ চাউলৰ গুড়ি, অকমান পুৰৈ শাকৰ ৰস আৰু নেমুৰ ৰস একেলগে মিহলাই ১০ মিনিট ৰাখি ধুই পেলাব। গেৰুৱা ফটা দূৰ হোৱাৰ লগতে ভৰিৰ সৌন্দর্য অটুট থাকিব। ৰাতি শোৱাৰ আগতে ভৰি দুখনত গোলাপজল আৰু সম পৰিমাণৰ গ্লিচাৰিণ মিহলাই ভৰিত লগাবচোন! মেজিকৰ নিচিনা কাম কৰিব।

ভৰি ফটাৰ পৰা দূৰত থাকিবলৈ হ’লে আমি কিছুমান সাধাৰণ নিয়ম মানি চলা উচিত।

ভৰি বুলি অৱজ্ঞা নকৰি ভৰিত কেতিয়াও সাধাৰণ/সস্তীয়া ক্রীম ব্যৱহাৰ নকৰিব। সদায় সূতাৰ মোজা ব্যৱহাৰ কৰিব। প্রতিদিনে মোজ ব্যৱহাৰৰ পিছত ধুব লাগে অর্থাৎ সদায় পৰিষ্কাৰ মোজা পিন্ধা উচিত।

এই ভৰি দুখনেই কঢ়িয়াই ফুৰে আমাৰ শৰীৰৰ গোটেই ভৰ। গতিকে ইয়াক কেতিয়াও অৱজ্ঞা নকৰিব। আৰু এটা কথা, এই নিয়মবোৰ মানি চলিলে আপুনি আৰু কেতিয়াও ভৰি ফটা ঢাকিবলগীয়া নহ’ব।

লেখিকা: প্ৰণামী দাস অধিকাৰী।

পাকিস্তানত‌ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৫০ জন হিন্দুয়ে ভাৰতৰ যোধপুৰত প্ৰৱেশ কৰিলে বিনা অনুমতিত…

পাকিস্তানত বাস কৰা হিন্দুসকলৰ ধৰ্মীয় অত্যাচাৰৰ বাবে বিচলিত হৈ তেওঁলোকে নিজৰ ঘৰ, ঘৰ, ব্যৱসায় এৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ ধৰ্মীয় ভিছাত ভাৰতত উপস্থিত হয়।

চুবুৰীয়া দেশ পাকিস্তানত বৰষুণ আৰু বানপানীয়ে এনেধৰণৰ ধ্বংসযজ্ঞ চলাইছে যে তাত খাদ্যৰ অভাৱও আছে। মুদ্ৰাস্ফীতি আকাশচুম্বী হৈ আছে। ইফালে, ধৰ্ম্মীয় অত্যাচাৰৰ আশংকা আছে। হিন্দু প্ৰব্ৰজনকাৰীসকলে ধৰ্মীয় ভিছাৰ জৰিয়তে ভাৰতৰ হৰিদ্বাৰ ত উপস্থিত হৈছিল, য’ৰ পৰা তেওঁলোকে পাকিস্তানলৈ উভতি আহিব লাগিছিল, কিন্তু তেওঁলোক সকলোৱে কালকা এক্সপ্ৰেছত উঠি যোধপুৰ ৰেল ষ্টেচন পাইছিল।

তথ্য পোৱাৰ লগে লগে ৰে’ল আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহ ষ্টেচনত উপস্থিত হয়, তেতিয়ালৈকে সকলো পাক স্থানচ্যুত লোক তাৰ পৰা ওলাই আহি তেওঁলোকৰ আত্মীয়ৰ স্থানত উপস্থিত হয়। নিৰাপত্তা সংস্থাসমূহ ঘটনাস্থলীত উপস্থিত হৈছে আৰু এই পৰিয়ালবোৰক সোধা-পোছা কৰিছে।

পাকিস্তানত বাস কৰা হিন্দুসকলৰ ওপৰত হোৱা ধৰ্মীয় অত্যাচাৰৰ বাবে বিচলিত হৈ তেওঁলোকে তেওঁলোকৰ ঘৰ, ঘৰ, ব্যৱসায় এৰি তেওঁলোকৰ সন্মান আৰু পৰিয়ালৰ সদস্যসকলৰ জীৱন ৰক্ষা কৰিবলৈ ধৰ্মীয় ভিছাত ভাৰতত উপস্থিত হয়। ইয়াৰ সৈতে, তেওঁলোকে ইয়াত বাস কৰিবলৈ আৰম্ভ কৰে। এনে বহুতো হিন্দু পাক প্ৰব্ৰজনকাৰীয়ে ভাৰতত নাগৰিকত্ব গ্ৰহণ কৰিছে। বহুতো হিন্দু পাক প্ৰব্ৰজনকাৰীও উভতি গৈছে।

চিআইডি আৰু চোৰাংচোৱা চোৰাংচোৱা সংস্থাৰ বাবে সমস্যা হৈ পৰা 50 জনীয়া দলটোৰ ধৰ্মীয় ভিছা হৈছে 25 দিন। একে সময়তে, যোধপুৰক এই ভিছাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই দলটোৰ ৫০ জন লোক আইনীভাৱে গৌৰত উপস্থিত হৈছে। এনে পৰিস্থিতিত, চোৰাংচোৱা সংস্থাই এই দলটোত অহা সকলো লোকক প্ৰশ্ন কৰি আছে।

তেওঁলোক সকলোৱে ৫০ জনলোকৰ এটা দলত ধৰ্মীয় ভিছাত ভাৰতলৈ আহিছিল যি যোধপুৰৰ গংগানাত পাকিস্তানী প্ৰব্ৰজনকাৰীসকলৰ বসতি আলকোচাৰত উপস্থিত হৈছিল। ভিছা অবিহনে যোধপুৰ পোৱাৰ বিষয়ে তথ্য পোৱাৰ লগে লগে চোৰাংচোৱা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে। সকলো পাক প্ৰব্ৰজনকাৰীক বিচাৰি উলিওৱা হৈছে। তেওঁলোকক প্ৰশ্ন কৰা হৈছে। এই বসতিৰ বাসিন্দাসকলে তেওঁলোকৰ আত্মীয়ৰ ঠাইত বাস কৰি আছে। এগৰাকী ৮০ বছৰীয়া হিন্দু পাক স্থানচ্যুত মহিলা তেওঁৰ পাঁচজন পুত্ৰৰ পৰিয়ালৰ সৈতে ভাৰতীয় ধৰ্মীয় ভিছাত হৰিদ্বাৰত উপস্থিত হৈছিল।

এতিয়া তাই পাকিস্তানলৈ ঘূৰি আহিব নিবিচাৰে। অতীতত পাকিস্তানত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে, বহুতো অঞ্চলত বান পৰিস্থিতি হৈছিল, য’ত সাহায্য আছিল, সেই কচ্ছা ঘৰবোৰ ভাঙি পেলোৱা হৈছিল আৰু মজুৰিও উপলব্ধ নাছিল। “মোৰ জন্ম ইয়াতে হৈছিল। এতিয়া আমি আৰু আমাৰ পৰিয়াল ভাৰতত থাকিম। আমি পাকিস্তানলৈ উভতি নাযাম।

আজি ‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন…

ভদ্ৰলোক এজনে প্ৰত্যেক দিনাই এজন বৃদ্ধাৰ ফল দোকানৰ পৰা আপেল কিনে! প্ৰতিদিনেই আপেল কিনি লোৱাৰ পিছত আপেল এটা হাতত লৈ কয়– আপোনাৰ আপেল বোৰ টেঙা… একেবাৰেই সোৱাদ নাই! এই লওক এটা খাই চাওক… বুলি কৈ নিজে কিনি লোৱা আপেলৰ পৰা এটা আপেল আগবঢ়াই দিয়ে …

আৰু বৃদ্ধাই আপেল খাই যেতিয়াই কয় যে– সোৱাদ ঠিকেই আছে, আপেল মিঠা! তেতিয়াই ভদ্ৰলোক জন সেই স্থানৰ পৰা গুচি যায়…

এদিনাখন ভদ্ৰলোক জনে তেওঁৰ পত্নীক লগত লৈ সেই বৃদ্ধাৰ দোকানৰ পৰা আপেল কিনিবলৈ আহিল আৰু আপেল কিনাৰ পিছত সেই দিনাও সেই একেই কথা ….

আপেল লৈ ঘৰত যোৱাৰ পথত তেওঁৰ পত্নীয়ে কলে– তুমি সেই বৃদ্ধা দোকানিৰ লগত মিছা কিয় কোৱা? মই তো আপেল খাই বুজিলো আপেল বোৰ তো টেঙা নাছিল!

ভদ্ৰলোক জনে কলে– আচলতে মই জানো আপেল বোৰ মিঠা, খুব ভাল আপেল বুলি কিন্তু তুমি দেখিছানে! সেই বৃদ্ধা জনৰ স্বাস্থৰ অবস্থা ভাল নহয়, বহুত কষ্টৰে তেওঁ এমুঠি আহাৰ যোগাৰ কৰে। মই যেনিবা প্ৰতিদিনে মিছা কৈয়ে মোৰ ভাগৰ এটা আপেল তেওঁক দিলোঁ তাতেই মই বহুত সুখী অনুভৱ কৰোঁ।

পিচে এইফালে আপেল বিক্ৰী কৰা বৃদ্ধাৰ কাষতে এজন পাচলি বিক্ৰেতাই এই ঘটনাটো বহু দিনৰ পৰাই লক্ষ্য কৰি আছে, তেওঁ হঠাৎ এদিন কলে– মই প্ৰতিদিনেই লক্ষ্য কৰি আছোঁ আপুনি এই ভদ্ৰলোক জনক নিৰ্দিষ্ট ওজনৰ পাৰা অলপ বেছিকৈ আপেল দিয়ে …

বৃদ্ধাই হাহি মাৰি কলে– মই জানো, তেওঁ প্ৰত্যেক দিনাই মিছা কথা কৈ মোক এটা আপেল খুৱাই থৈ যায়। তেওঁ ভাবিছে মই বুজি নাপাওঁ বুলি! তেওঁৰ প্ৰতি ভালপোৱা ৰক্ষা কৰি ময়ো মোৰ ওজনৰ মাপ কাঠিটো অলপ হেলনীয়া কৰি দিওঁ।।

কিছু মৰম, ভালপোৱা বৰ্ণনা কৰিও বুজাব নোৱাৰি। এইবোৰ টকাৰ বিনিময়তো জুখিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পৰা যায়।এনে আৰৰ ভালপোৱা আমি বহুতকে দিওঁ, হয়তো বহুতৰ পৰাও পাও কিন্তু কোনেও কাকো বুজিবলৈ নিদিওঁ।।

বিঃদ্ৰঃ আব্দুল কালাম ছাৰৰ কিতাপৰ পৰা সংগ্ৰহ

আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰীয় ভাৱে বৰপেটা জিলাত উৎযাপন কৰাৰ উপৰিও, ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধান সভা সমষ্টিৰ উদ্যোগত টেঙাখাতৰ বহুমুখী ‌ভৱনত অনোষ্ঠুতিয়াকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হয় ৷

উক্ত অনুষ্ঠানটোত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুতোল সোনোৱাল, দুলীয়াজান বিধান পৰিষদৰ উপ-সভাপতি তুলতুল হুছেইন, সভাপতি প্ৰবীন দিহিঙ্গীয়া, সম্পাদক হিৰণ্য সোনোৱালকে প্ৰমুখ্যে কৰি বহু সংখ্যক দলীয় কৰ্মকৰ্তা উপষ্ঠিত থাকে।

আনহাতে অনুষ্ঠানত অসম গণ পৰিষদ দলৰ বহু জ্যেষ্ঠ নেতাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত দলটোক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ

পুনৰ হ্ৰাস পালে সোণৰ দাম, কিন্তু ৰূপৰ দাম বাঢ়িল ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান?

শুক্ৰবাৰে, ফিউচাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য (Gold Price Today) পুৱা ৯.১০ বজাত প্ৰতি ১০ গ্ৰামত ৬৫ টকা হ্ৰাস হৈ ৫০,৮১৯ টকা হয়। আজি, ৰূপৰ মূল্য সামান্য বৃদ্ধি দেখা গৈছে। আজি ৰূপৰ মূল্য ৬১ টকা বৃদ্ধি হৈ ৫৭,২০১ টকা হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে। মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণৰ মূল্য আজি ১৪ অক্টোবৰ ২০২২ শুক্ৰবাৰে প্ৰাৰম্ভিক বাণিজ্যত ০.১৩ শতাংশ হ্ৰাস পাইছে। একে সময়তে, আজি এমচিএক্সত ৰূপৰ হাৰ ০.১১ শতাংশ বৃদ্ধি হৈছে। শুক্ৰবাৰে, ফিউচাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য (Gold Price Today) পুৱা ৯.১০ বজাত প্ৰতি ১০ গ্ৰামত ৬৫ টকা হ্ৰাস হৈ ৫০,৮১৯ টকা হয়। আজি, ৰূপৰ মূল্য সামান্য বৃদ্ধি দেখা গৈছে। আজি ৰূপৰ মূল্য ৬১ টকা বৃদ্ধি হৈ ৫৭,২০১ টকা হৈছে।

মিছকল দি সোণৰ দাম বিচাৰ কৰক: আপুনি ঘৰত বহি সোণৰ দাম সহজে জানিব পাৰে। আপুনি কেৱল এই নম্বৰটোত 8955664433 এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য’ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে।এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে: আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। ‘বি.আই.এছ. কেয়াৰ এপ’ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে।

ৰেল কৰ্মচাৰীসকলক দেৱালীৰ উপহাৰ মোডী চৰকাৰৰ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

The Union Minister for Information & Broadcasting, Youth Affairs and Sports, Shri Anurag Singh Thakur holding a press conference on Cabinet Decisions, in New Delhi on July 22, 2021.

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ৰেল কৰ্মচাৰীসকলক দেৱালী উপহাৰ দিছে। বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত চৰকাৰে এই ১১ লাখৰ ভিতৰত ২৭,০০০ তকৈও অধিক লোকক উৎপাদনশীল সংযোগৰ উদগনি দিয়াৰ সিদ্ধান্ত লয়। বৈঠকৰ পিছতে এখন সংবাদমেলত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে এই তথ্য প্ৰদান কৰে।

অনুৰাগ ঠাকুৰে কয় যে ৰে’লৱেৰ ১১.২৭ লাখ কৰ্মচাৰীক উৎপাদনশীলতা-সম্পৰ্কিত ১,৮৩২ কোটি টকাৰ বোনাচ দিয়া হ’ব। এইটো ৭৮ দিনৰ বোনাচ হ’ব আৰু ইয়াৰ সৰ্বাধিক সীমা হ’ব ১৭,৯৫১ টকা। কেন্দ্ৰীয় কেবিনেটে বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক, ২০২২ত অনুমোদন জনাইছে, যিয়ে বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ সংশোধন কৰিব বিচাৰিছে, তেওঁ কয়। ইয়াত ৯৭ তম সংবিধান সংশোধনীৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব।

একে সময়তে, অনুৰাগ ঠাকুৰে এলপিজিৰ মূল্য সম্পৰ্কে কয় যে বিশ্বত এলপিজিৰ মূল্য বৃদ্ধি পাইছে। বহুতো দেশত, মূল্য ৩০০ শতাংশ বৃদ্ধি হৈছে, যাৰ তুলনাত ই এতিয়াও ভাৰতত কম। ২০২০ চনৰ জুনৰ পৰা ২২ জুনলৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল কোম্পানীসমূহে বহন কৰা ২২,০০০ কোটি টকাৰ ব্যয়ক এককালীন অনুদান দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আমি মূল্য স্থিৰ কৰিবলৈ আৰু এই ২২,০০০ কোটি টকাৰ বোজা যাতে ৰাইজৰ ওপৰত নপৰে তাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো।

“পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত চৰকাৰে কেন্দ্ৰীয় কৰ হ্ৰাস কৰিছিল আৰু বিজেপি শাসিত ৰাজ্যসমূহেও হ্ৰাস কৰিছিল আৰু সময়ে সময়ে ভাৰত চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। আমি বাহিৰৰ পৰা তেল আমদানি কৰোঁ আৰু সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ বৰ্ধিত মূল্য কাৰো পৰা লুকাই থকা নাই।

অনুৰাগ ঠাকুৰে কয় যে গুজৰাটৰ দীন দয়াল উপাধ্যায় বন্দৰত পিপিপি মোডৰ অধীনত কণ্টেইনাৰ টাৰ্মিনেল আৰু বহুমুখী কাৰ্গো নিৰ্মাণ কৰা হ’ব, যাৰ বাবে ৫৮৮৩ কোটি টকা ব্যয় হ’ব। ইয়াৰ লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী ঐশ্বৰিক আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৬০০ কোটি টকা অনুমোদন জনোৱা হৈছে। “যোৱা ৭০ বছৰত যি কাম কৰিব লাগিছিল সেয়া হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে লুক ইষ্ট নীতি সলনি কৰি এক্ট ইষ্ট কৰে আৰু ইয়াৰ অধীনত প্ৰধানমন্ত্ৰী ডিভাইন আঁচনিৰ অনুমোদন জনোৱা হৈছে।

ৰাজ্যত ৭ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ, অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ’ব ছয় লাখ লোক

আজি গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমত ৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে বাগিচা অঞ্চলত ১০০খন মডেল ছেকেণ্ডেৰী স্কুলৰ আধাৰশিলাও স্থাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বাগিচা অঞ্চলত চাৰিখন বাগিচাৰ মাজত এখন হাই স্কুল আৰু ১৫খন বাগিচাৰ মাজত এখন কলেজ খোলা হ’ব।
আমাৰ চৰকাৰে ৯৭খন উচ্চ মাধ্যমিক বিদ্যালয়‌ নিৰ্মাণ কৰিছে এবছৰৰ ভিতৰতে। ৭৩৭ শিক্ষক নিযুক্তি দিছে।’’

মুখ্যমন্ত্ৰীয়ে কয়, আজি তিনি হাজাৰ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। ‌অহা বছৰ আৰু ২০০০ কেন্দ্ৰ স্থাপন কৰা হ’ব‌। আনহাতে, অৰুণোদয় আঁচনিত নতুনকৈ ছয় লাখ লোক অন্তৰ্ভুক্ত হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

ৰাষ্ট্ৰপতিৰ সন্মুখত অসমৰ চাহ বাগিচাৰ দীঘলীয়া ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, চাহ জনগোষ্ঠীয় লোকে নিজৰ কলা–সংস্কৃতিক লগত ৰাখি অসমীয়া সংস্কৃতিৰ সৈতে মিলি গৈছে। চাহ বাগিচাৰ ওপৰত বহু ছবিও নিৰ্মাণ হৈছে। ঝুমুৰ আজি অসমৰ সংস্কৃতিৰ এটা অভিন্ন অংশ।

‘‘আমি বাগিচাৰ জীৱনৰ উন্নয়নৰ বাবে কাম কৰি আহিছো। প্ৰায় ৭০ লাখ চাহ জনগোষ্ঠীয় লোকৰ শিক্ষাৰ বাবে আমি কাম কৰিছো। ইতিমধ্যে ৯৭খন হাই স্কুল নিৰ্মাণ হৈছে, ২২খন নিৰ্মাণ হৈ আছে আৰু ১০০খন হ’ব। ১৬ হাজাৰৰ অধিক বাগানৰ শিক্ষাৰ্থী এই বিদ্যালয়সমূহলৈ আহিছে। ৰাজ্যত মেডিকেল কলেজ সমূহত ৩খনকৈ আসন বাগানৰ শিক্ষাৰ্থীৰ বাবে আছে। ২৬ৰ আগত বাগানৰ মাজত কলেজ স্থাপনৰ কামো আমি কৰিম।’’ – ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত ৭ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একোটা কেন্দ্ৰৰ বাবে ২৫ লাখকৈ ব্যয় কৰা হ’ব বা হৈছে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ৯৮৭৯ কোটি টকাৰে পথ নিৰ্মাণ কৰা হৈছ। আৰু বহু পথৰ কাম ৰাজ্যত চলি আছে। নাগালেণ্ডত প্ৰথম ৰে’ল ষ্টেচন ১০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল, ১০০ বছৰ পিছত এতিয়া দ্বিতীয় ষ্টেচন বনাই মুকলি কৰা হৈছে। শক্তি খণ্ডত ৰাজ্যক স্বাৱলম্বী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে।

গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, বাছত এই যন্ত্ৰ থকাটো বাধ্যতামূলক

গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। য’ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। ১ নৱেম্বৰলৈ সময়সীমা কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিভাগৰ।