Home Blog Page 195

Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

ডিব্ৰুগড় বিশ্ববিদ্যালয় নিৰ্বাচন
ডিব্ৰুগড় বিশ্ববিদ্যালয় নিৰ্বাচন

আজিৰ (Dibrugarh University)ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। নাহৰৰ দেশত পুৱাভাগৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়াৰ। বিশ্ববিদ্যালয়ৰ ১৬ টা পদৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱাৰ ছাত্ৰ সভাৰ এই নিৰ্বাচনত বিশ্ববিদ্যালয়ৰ ৫৫০০শ ছাত্ৰ – ছাত্ৰীয়ে ভোটদান সাব্যস্ত কৰিব।

আজি অনুষ্ঠিত হোৱা এই নিৰ্বাচনত তৰ্ক বিভাগত বিজয় বৰা আৰু ফুটবল বিভাগত ৰিয়া দাস বিনা প্ৰতিদ্বন্দিতাৰে বিজয় সাব্যস্ত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হোৱাৰ বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচন প্ৰক্ৰিয়া বিয়লি দুই বজালৈকে চলিব। ইয়াৰ পিছতেই আবেলি ৩.০০টা পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ভোটদানৰ অন্তত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সেইয়াৰ পৰৱৰ্তী সময়ত কব পৰা যাব।

Dergaon News: পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ

পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ
পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ

দেৰগাঁৱত ভয়ানক অঘটন। (Dergaon News) পোহনীয়া হাতীৰ গছকত মৃত্যু হাতীৰ মালিকৰ। মৃত লোকজন মলাই কুমাৰ গাঁৱৰ কেশৱ বৰা। আঘাতপ্ৰাপ্ত হ’ল আন দুজন। ইয়াৰে আঘাতপ্ৰাপ্ত এজন হ’ল হাতীটোৰ মাউত। জানিবপৰা মতে কিছুদিন ধৰি হাতীটোক ৰাখি থোৱা হৈছিল দেৰগাঁৱৰ ভিতৰুৱা এক নিৰিবিলি পৰিৱেশৰ মাজত।

বুধবাৰে বিয়লিৰ ভাগত মাউতসহ গৰাকীয়ে নিবলৈ আহিছিল হাতীটো। হঠাতে হাতীটোৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে হাতীটোৰগৰাকী কেশৱ বৰাক।

ইতিমধ্যে কেশৱ বৰাক মৃত ঘোষণা কৰে চিকিৎসকে। আনজন গুৰুতৰ ভাৱে আহত জীতেন কৰ্মকাৰ নামৰ যুৱকজনক
যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আঘাতপ্ৰাপ্ত হাতীটোৰ মাউত বুমনি গগৈৰ চিকিৎসা দেৰগাঁৱৰ চিকিৎসালয়ত চলি আছে।

World Bamboo Day 2025: আজি বিশ্ব বাঁহ দিৱস…

World Bamboo Day 2025: আজি বিশ্ব বাঁহ দিৱস
World Bamboo Day 2025: আজি বিশ্ব বাঁহ দিৱস

আজি বিশ্ব বাঁহ দিৱস। বাঁহে সমৃদ্ধ কৰিছে অসমৰ (World Bamboo Day 2025) জনজীৱন। বাঁহ আমাৰ সমাজ আৰু সংস্কৃতিত এক অপৰিহার্য সামগ্রী। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাই শিখৰ চোৱাৰ সময়তো বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পর্ক ।বাঁহৰ অবিহনে অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ নির্মাণ অসম্ভৱ।

বাঁহৰ পৰা প্ৰস্তুত কৰিব লগা পাঁচ হাজাৰ কোটিটকীয়া নুমলীগড়ৰ ইথানল উদ্যোগে বৃহৎ সম্ভাৱনীয়তা কঢ়িয়াই আনিছে অসমৰ বাঁহ আৰু বাঁহৰ খেতিলৈ

গ্রাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰপৰা আৰম্ভ কৰি ঘৰৰ খূঁটা, মূধৰ মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা, টমাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ (ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম সম্পূর্ণ হ’লেই বাঁহৰ প্রয়োজন কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয় ।

ৰাজ্যখনত দুটাকৈ কাগজ কল বন্ধ হৈ যোৱাৰ পাছত বহুতো বাঁহ খেতিয়ক আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰাজ্যত প্ৰতিষ্ঠা হোৱা নতুন ইথান’ল প্ৰকল্পই এই লোকচান হ্ৰাস কৰাৰ লগতে বাঁহ খেতি উৎসাহিত কৰিব।

PM Modi Birthday on Burj Khalifa: ডুবাইৰ বুৰ্জ খালিফাত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উদযাপন

PM Modi Birthday on Burj Khalifa
PM Modi Birthday on Burj Khalifa

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi Birthday on Burj Khalifa) ৭৫ সংখ্যক জন্মদিনত ডুবাইৰ বুৰ্জ খালিফা ভাৰতীয় ত্ৰিৰংগা আৰু তেওঁৰ প্ৰতিচ্ছবিৰে আলোকিত হয়। এই দৃশ্য ভাৰত-ইউ এ ইৰ বন্ধুত্বই নতুন শিখৰত উপনীত হোৱাৰ প্ৰতীক হিচাপে দেখা গৈছে। বিশ্বৰ বহু নেতাইও প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনাই তেওঁৰ নেতৃত্ব প্ৰশংসা কৰে।

বুধবাৰে (১৭ ছেপ্টেম্বৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক জন্মদিন পালন কৰে। এই সময়ছোৱাত ৰাজনীতিবিদ, চলচ্চিত্ৰ জগত, লেখক, বহু সংখ্যক সাধাৰণ লোককে ধৰি দেশৰ লগতে বিশ্বৰ বিশিষ্ট ব্যক্তিসকলে তেওঁক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াতো কেইবাজনো ৰাষ্ট্ৰপতিয়ে পোষ্ট কৰে।

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফা পুনৰবাৰ ভাৰতৰ গৌৰৱৰ প্ৰতীক হৈ পৰিল। বুধবাৰে নিশা (১৭ ছেপ্টেম্বৰ) ডুবাইৰ বুৰ্জ খালিফা ভাৰতীয় ত্ৰিৰংগা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিচ্ছবিৰে আলোকিত কৰা হয়। সংযুক্ত আৰব আমিৰশ্বাহীয়ে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন বিশেষ ধৰণে উদযাপন কৰে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাই বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত ৰঙীন লাইট জিলিকি থকা দেখা গৈছে। ভাৰতীয় ত্ৰিৰংগাও জিলিকি উঠে, আনহাতে পৰম্পৰাগত পোছাক পৰিধান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিও দেখা যায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেৱল ইউ এ ইয়েই নহয় ৰাছিয়া, ইজৰাইল, ইটালী, নিউজিলেণ্ডকে ধৰি বিশ্বৰ বহু দেশৰ নেতা আৰু ৰাষ্ট্ৰপতিসকলেও তেওঁক জন্মদিনৰ শুভেচ্ছা জনায়। সকলোৱে তেওঁৰ নেতৃত্ব আৰু বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান স্থানৰ প্ৰশংসা কৰে। ডুবাইৰ এই দৃশ্যটো কেৱল জন্মদিন উদযাপনৰ বাবেই নহয়, ভাৰত আৰু ইউ এ ইৰ মাজত থকা গভীৰ সম্পৰ্কৰ প্ৰমাণো আছিল।

Good Sleep: বেছি শুৱাটো এলাহ নহয়! গৱেষণাৰ দাবী অনুসৰি পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে মন-মগজু ভালে থাকে।

Good Sleep: বেছি শুৱাটো এলাহ নহয়!
Good Sleep: বেছি শুৱাটো এলাহ নহয়!

আপোনাৰ শৰীৰ আৰু মনটোৰ (Good Sleep) বাবে টোপনি অতি প্ৰয়োজনীয়। কিন্তু কিছুমান মানুহে বেছিকৈ শুই থকাটো এলাহ বুলি ভাবে। অধিক টোপনি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল। বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে অলপ বেছি টোপনিয়ে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। মন আৰু মেজাজ দুয়োটা সতেজ হৈ থাকে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এক প্ৰতিবেদনত কোৱা হৈছে যে টোপনিয়ে মগজুৰ “ডাটা প্ৰচেছিং চেণ্টাৰ” পুনৰ সক্ৰিয় কৰে। ইয়াৰ ফলত মেজাজ উন্নত হয়, মনোযোগ ভালে থাকে আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস পায়।

আমি সকলোৱে জানো যে গভীৰ টোপনি স্বাস্থ্যৰ বাবে ভাল। যিসকলে টোপনি মানেই এলাহ বুলি ভাবে তেওঁলোকে পঢ়ক এই লেখাটো।

ভাল টোপনিৰ উপকাৰিতা-
জাৰ্নেল অৱ স্লিপ ৰিচাৰ্চত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা টোপনিৰ সময়ত বেছি সক্ৰিয় হয়। যিসকল লোকে পৰ্যাপ্ত পৰিমাণে টোপনি লয় তেওঁলোকে ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত অধিক ফলপ্ৰসূ হয়। কিছুমান গৱেষণাৰ মতে আমি ভাল টোপনি পালে আমাৰ ৰক্তচাপ আৰু হৃদস্পন্দন স্বাভাৱিক হৈ থাকে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কমি যায়।

টোপনিৰ অভাৱে এই সমস্যাৰ সৃষ্টি কৰে-
যদি আপুনিও সঘনাই খাদ্য খোৱাৰ অভ্যাসত অসুবিধা পাইছে, তেন্তে ক্ষন্তেক সময়ৰ বাবে বন্ধ কৰক, কিয়নো ইয়াৰ এটা কাৰণ হ’ল টোপনিৰ অপৰ্যাপ্তপৰিমাণ কম। টোপনিৰ অভাৱত ভোক হৰম’ন (ghrelin)ৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত আপুনি সঘনাই ভোক অনুভৱ কৰে। আনহাতে, পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আপোনাৰ বিপাকীয় ক্ৰিয়াত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু ওজন বৃদ্ধিৰ সম্ভাৱনা হ্ৰাস পায়।

বেছি টোপনিৰ অসুবিধা-
কোৱাৰ দৰে যিকোনো বস্তুৱেই বেছি বেয়া। একেদৰে যদি আপুনি দিনটোত ১০-১২ ঘণ্টাতকৈ অধিক সময় শুই থাকে আৰু তথাপিও ভাগৰুৱা অনুভৱ কৰে তেন্তে ই স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। হতাশা, থাইৰয়ডৰ সমস্যা বা টোপনিৰ বিকাৰৰ কাৰণ হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

টোপনিয়ে শৰীৰ আৰু মনক সুস্থ কৰে-
কোনোবাই আপোনাক ক’লে যে টোপনি এলেহুৱাৰ আন এটা শব্দ মাথোঁ, তেতিয়া মুখ ফুটাই কওক, “নাই, ই শৰীৰ আৰু মনৰ নিৰাময় প্ৰক্ৰিয়া!”

Narendra Modi Birthday: প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ

আজি পুৱাৰে পৰা বিলাসীপাৰা (Narendra Modi Birthday) আদৰ্শ চিকিৎসালয়খনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ এটি অনুষ্ঠিত হয়।

শিবিৰটোত প্ৰায় অৰ্ধশতাধিক যুৱকে নিজৰ তেজদান কৰি এনিমিয়া ৰোগত ভূগি থকা ৰোগীৰ হকে বহু দল সংগঠনৰ যুৱকে স্বেচ্ছামূলক ৰক্তদান কৰি সেৱা আগবঢ়ায়।

বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আয়োজন কৰা ৰক্তদান শিবিৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিলাসীপাৰা সমজিলা আয়ুক্ত ড৹ প্ৰীতিলেখা ডেকাই। এই ৰক্তদান শিবিৰটোত ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক Dr.khairuz zaman, বিলাসীপাৰা মডেল হাস্পতালখনৰ চিকিৎসক মোকাদ্দেছ আলী আহমেদ, নাৰ্চ আৰু চিকিৎসাকৰ্মী সকল হাতে-কামে সহযোগীতা কৰে।

Celebs PM Modi Birthday Wish: ৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে

৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে
৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে চেলিব্ৰিটিসকলে

১৭ ছেপ্টেম্বৰ বুধবাৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Celebs PM Modi Birthday Wish) ৭৫ সংখ্যক জন্মদিন। ছ’চিয়েল মিডিয়াত ৰজনীকান্ত, কংগনা ৰানাউট, কমল হাছান, চুনু ছুদ, অনিল কাপুৰ, জেকী শ্ৰফৰ দৰে চেলিব্ৰিটিয়ে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীক।সকলোৱে তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, দেশৰ উন্নতিৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰিছে।

ছুপাৰষ্টাৰ ৰজনীকান্তই প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ দীৰ্ঘায়ু, সুস্বাস্থ্য, আৰু দেশক নেতৃত্ব দিয়াৰ শক্তিৰ কামনা কৰে। প্ৰবীণ অভিনেতা তথা নেতা কমল হাছানেও শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, “প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ সেৱাত সদায় শক্তিশালী আৰু সুস্থ হৈ থাকক।” দক্ষিণ ভাৰতীয় উদ্যোগৰ দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে মোডীক সন্মান আৰু মৰমেৰে সম্ভাষণ জনায়।

অভিনেত্ৰীৰ পৰা সাংসদ হোৱা বিজেপি নেত্ৰী কংগনা ৰানাৱটে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি অভিনন্দন জনাই তেওঁক “ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ আৰু দেশৰ আটাইতকৈ জনপ্ৰিয় নেতা” বুলি অভিহিত কৰে। তেখেতে লিখিছে যে মোদীয়ে “সবকা সাথ, সবকা বিকাশ” মন্ত্ৰ গ্ৰহণ কৰি দেশক এক নতুন দিশ দিছে।

অনিল কাপুৰে টুইট কৰি প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে। অজয় দেৱগনে লিখিছে যে তেওঁৰ নেতৃত্বই প্ৰতিজন ভাৰতীয়ৰ মনত গৌৰৱ আৰু আশাৰ সঞ্চাৰ কৰিছে। সুনীল শ্বেট্টীয়ে কয় যে মোডীৰ কঠোৰ পৰিশ্ৰম আৰু সেৱাৰ মনোভাৱে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে। পৰেশ ৰাৱালে তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। ৰিতেশ দেশমুখেও মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য কামনা কৰে।

তেলেগু ছুপাৰষ্টাৰ ৰাম চৰণে লিখিছে যে মোডীক স্বাস্থ্য আৰু সফলতাৰ আশীৰ্বাদ দিয়া উচিত যাতে তেওঁ দেশৰ সেৱা কৰি যাব পাৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা প্ৰথম সাক্ষাৎকাৰৰ কথা মনত পেলাই নাগাৰ্জুন আকিনেনীয়ে তেওঁক প্ৰেৰণাদায়ক নেতা বুলি অভিহিত কৰে। বিজয় দেৱেৰাকোণ্ডাই মোডীক শুভেচ্ছা আৰু শ্ৰদ্ধা জনায়।

অভিনেতা সোনু ছুদে লিখিছে যে ভৱিষ্যত সলনি কৰাসকলক ইতিহাসে সদায় মনত ৰাখে। তেওঁ প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনাই কয় যে তেওঁৰ শক্তি, সাহস, আৰু স্পষ্ট চিন্তাধাৰাই ভাৰতক এক নতুন যুগলৈ লৈ গৈছে। সোনুৱে প্ৰাৰ্থনা কৰিলে যে তেওঁৰ যাত্ৰা তেওঁৰ দৃষ্টিশক্তিৰ দৰেই নিৰ্ভীক আৰু শক্তিশালী হৈ থাকক। তেওঁৰ বাৰ্তাত মোডীৰ নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাধাৰাৰ প্ৰতি তেওঁৰ সন্মান স্পষ্টভাৱে প্ৰতিফলিত হৈছিল।

PM Modi: মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’, তেওঁৰ ৫ খন স্বাস্থ্য আঁচনিৰ বিষয়ে জানক…

মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’
মেদবহুলতাৰ পৰা মানসিক স্বাস্থ্যলৈকে প্ৰধানমন্ত্ৰীৰ অগ্ৰাধিকাৰ সদায় ‘স্বাস্থ্য’

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (PM Modi) ৭৫ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকাল। বিগত ১১ বছৰত তেওঁ বহু ক্ষেত্ৰত কাম কৰি আহিছে যদিও স্বাস্থ্য ক্ষেত্ৰত তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ ভাৰতৰ স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰি মানুহক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যোগক বিশ্বব্যাপী স্বীকৃতিলৈ আনে আৰু মানুহক ফিট লাইফষ্টাইল গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। ‘ফিট ইণ্ডিয়া মুভমেণ্ট’, ‘আয়ুষ্মান ভাৰত’, ‘পোষণ মাহ’ আদি পদক্ষেপৰ জৰিয়তে দেশত সুস্থ জীৱন-যাপনৰ প্ৰসাৰৰ বাবেও তেওঁ কাম কৰিছিল।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ সংখ্যক জন্মদিন পালন কৰিছে। এই উপলক্ষে তেওঁ “সুস্থ মহিলা, সৱল পৰিয়াল অভিযান” আৰু অষ্টম পুষ্টি মাহ আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলক উন্নত স্বাস্থ্য আৰু পুষ্টিৰ সুবিধা প্ৰদান কৰা।

মেদবহুলতা আৰু জীৱনশৈলী-
প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মেদবহুলতা আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ ভাৰতত ক্ৰমবৰ্ধমান মেদবহুল সমস্যাৰ ওপৰত আলোচনা কৰিছিল। বিশেষকৈ খাব পৰা তেল পৰিহাৰ কৰিবলৈ তেওঁ লোকসকলক জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিজন ব্যক্তিয়ে যদি প্ৰতিমাহে ১০%তকৈ কম তেল খোৱা কৰে তেন্তে মেদবহুলতা আৰু অন্যান্য ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

মহিলা আৰু শিশুৰ স্বাস্থ্য-
৭৫ সংখ্যক জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব “সুস্থ মহিলা, সৱল পৰিয়াল অভিযান” আৰু অষ্টম পুষ্টি মাহ। এই আঁচনিসমূহৰ লক্ষ্য হৈছে মহিলা, কিশোৰী, শিশুৰ স্বাস্থ্য আৰু পুষ্টি শক্তিশালী কৰা। এই আঁচনিসমূহে মহিলাসকলৰ বাবে স্ক্ৰীনিং সেৱা, ৰক্তহীনতা প্ৰতিৰোধৰ ব্যৱস্থা, আৰু মাতৃ আৰু শিশু স্বাস্থ্য সেৱা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

টিবি ফ্ৰী-
চৰকাৰে ২০২৫ চনৰ ভিতৰত ভাৰতত টিবি নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।এই উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে টিবি মুক্ত ভাৰত অভিযান চলাই আছে, যিয়ে সম্প্ৰদায় আৰু স্বেচ্ছাসেৱকৰ সহায়ত ৰোগীক চিকিৎসা আৰু যত্ন প্ৰদান কৰে।

মানসিক স্বাস্থ্য-
“মন কি বাত” অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সদায় মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ মানসিক স্বাস্থ্যক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে। তেওঁৰ মতে সুস্থ ব্যক্তি কেৱল শাৰীৰিক ব্যক্তি নহয়, সুস্থ মন আৰু সামাজিক জীৱনৰ ব্যক্তিও। তেওঁ যুৱক-যুৱতীসকলক যোগাসন, দৈনিক ব্যায়াম, মানসিক চাপ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

পুষ্টি আৰু খাদ্য-
শিশু আৰু যুৱক-যুৱতীসকলক স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ বিশেষভাৱে জাংক ফুড, তেলীয়া খাদ্য, আৰু ৰিফাইনড আটাৰ সামগ্ৰী পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। পি এম মোদীয়ে বাজৰা আৰু বতৰৰ ফল-মূল খোৱা, খাদ্য সঠিকভাৱে চোবাই খোৱা, ৰ’দত সময় কটোৱা, ভাল টোপনি যোৱা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা…

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ (Bishwakarma Puja)

ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷

দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত পালন কৰা হৈছে পাচেতি মহোৎসৱ৷

পুৱাৰে পৰা খটৰা সত্ৰত যান বাহন সমূহ সুচীকৰণত ব্যস্ত আতৈসকল ৷

এই সুচীকৰণে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পায় বুলি লোকবিশ্বাস ৷

চাৰিদিনীয়াকৈ পালন কৰা পাচেতি মহোৎসৱত প্ৰায় দুই লাখ ভক্তৰ সমাগম হ’ব ৷

লোকে লোকাৰণ্য হৈ পৰিব পাচেতি মহোৎসৱস্থলি ৷

Khunseng Kotoky: ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত (Khunseng Kotoky)পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অবিভক্ত শিৱসাগৰ জিলাৰ এজন কিশোৰে। এইবাৰ সত্ৰীয়া নৃত্যত প্ৰথম স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ বকতালৈ।

৬ পৰা ৯ ছেপ্টেম্বৰত উৰিষ্যাৰ পুৰিত অনুস্থিত হোৱা ভাৰতীয় থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নাট, নৃত্য আৰু সংগীত মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অবিভক্ত শিৱসাগৰ জিলাৰ বকতাৰ এজন কিশোৰে।

পাটসাঁকো বৰভূঞা গাঁৱৰ খুনচেং কটকী নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া এইজন কিশোৰ। মাতৃ ৰস্মি বকল কটকী আৰু পিতৃ সুৰেশ কটকীৰ দ্বিতীয় পুত্ৰ খুনচেং। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱত উৎকল সংস্কৃতিক সংঘ, কটকৰ উদ্যোগত পুৰিৰ অন্নপুৰ্ণা থিয়েটাৰ হলত ৬ৰ পৰা ৯ ছেপ্তেম্বৰলৈ আয়োজিত ৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভুঞা গাওঁৰ কিশোৰ খুনচেং কটকীয়ে সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আগন্তুক নেপালত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে খুনচেং কটকীয়ে।