No menu items!
Home Blog Page 196

Kedarnath Mandir: আজি ভক্তৰ মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ, প্ৰথমবাৰৰ বাবে অসমৰ জাপিৰে সজোৱা হৈছে কেদাৰনাথ মন্দিৰ

Kedarnath Mandir: আজি ভক্তৰ মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ
Kedarnath Mandir: আজি ভক্তৰ মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

৬ মাহৰ পিছত কেদাৰনাথ ধাম মুকলি, কেদাৰনাথ মন্দিৰৰ দুৱাৰ খোলাৰ বাবে ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। (Kedarnath Mandir) শুভ সময়ত বাবা কেদাৰনাথ ধামৰ দুৱাৰ মুকলি, হেলিকপ্টাৰে ফুলৰ পুষ্পবৰষুণ।শুকুৰবাৰে পুৱা ০৭:০০ বজাত ভক্তৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মন্দিৰ চৌহদত উপস্থিত হৈ সকলো ভক্তক আদৰণি জনায়।

উত্তৰাখণ্ডত অৱস্থিত বিশ্ববিখ্যাত তীৰ্থস্থান কেদাৰনাথ ধামৰ দুৱাৰ পূজা-অৰ্চনাৰে ভক্তৰ বাবে মুকলি কৰা হয়। এতিয়া ভক্তসকলে অহা ছমাহলৈ বাবা কেদাৰৰ দৰ্শন কৰিব পাৰিব।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ উপলক্ষে কয়, “আপোনালোক সকলোকে বাবাৰ এই পৱিত্ৰ স্থানলৈ আদৰণি জনাইছো আৰু অভিনন্দন জনাইছো। আজি এই শুভ মুহূৰ্তটো আহি পালে যিটোৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ, দেশ আৰু বিশ্বৰ পৰা ইয়ালৈ অহা আমাৰ সকলো ভক্তৰ যাত্ৰা মসৃণ, নিৰাপদ হ’ব লাগে আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে, গতিকে আমি ২০২৫ চনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলোঁ…”

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আৰু কয়, “আজি আমিও ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত পূজা কৰিছো। আজি সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ দৰে বিষয় যিবোৰ আমাৰ সন্মুখত আছে, বাবাই আমাৰ প্ৰধানমন্ত্ৰীক শক্তি দিব আৰু পহলগামত এনে ঘটনা সংঘটিত কৰা শত্ৰু, অসুৰবোৰ ধ্বংস হ’ব…”

আনহাতে ৪ মে’ত খোল খাব বদ্ৰীনাথ ধামৰ দুৱাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে অসমৰ জাপিয়ে আটকধুনীয়াকৈ সজোৱা হৈছে বাবা কেদাৰনাথ ধাম।

CHESS: গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং

CHESS: গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং
CHESS: গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং

গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈ, ৰিষভ কুমাৰ,(CHESS) চায়াঙ্ক ঠাকুৰিয়া, আৰাধ্যা ভৰদ্বাজ আৰু আদিত্য দেৱক ফিডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা মে, ২০২৫ চনৰ ফিডে ৰেটিং তালিকা অনুসৰি ঋষভ কুমাৰৈ ১৬৪১ ৰেটিং লাভ কৰাৰ বিপৰীতে চায়েঞ্চ ঠাকুৰিয়াই ১৫০১ ৰেটিং লাভ কৰিছে। আৰাধ্যা ভৰদ্বাজ আৰু আদিত্য দেবে ১৪৫৭ আৰু ১৪৫৬ ৰেটিং পইণ্ট লাভ কৰিছে।

এই খেলুৱৈসকলক ২৬মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় শকটম মুকলি আন্তঃৰাস্ত্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা ২০২৫ ত প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হয়।

ফিডে প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ তত্ত্বাৱধানত ঋষভ , চায়াঙ্ক, আৰাধ্যা, আৰু আদিত্যই গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষন গ্ৰহন কৰি আছে।

গুৱাহাটী দবা একাডেমীৰ হৈ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে ঋষভ, চায়াঙ্ক, আৰাধ্যা আৰু আদিত্যক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

PANCHAYAT ELECTIONS 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

PANCHAYAT ELECTIONS 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ
PANCHAYAT ELECTIONS 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচন।(PANCHAYAT ELECTIONS 2025)

পুৱা ৭.৩০ বজাৰ পৰা ১৪ জিলাত আৰম্ভ ভোটগ্রহণ।

প্রথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি ল’ব ZPCৰ ২১৬ খন আসন।

১৪খন জিলাত APৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন।

দলীয় প্রতীকবিহীনভাৱে ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হ’ব নির্বাচন।

১৪ জিলাত ১২,৯১৬ টা ভোটকেন্দ্র ইয়াৰে ৪৪,৬৬,৯৮৪ জন পুৰুষ ভোটাৰ মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ গৰাকী।

আনহাতে তৃতীয় লিংগৰ ভোটাৰ আছে ১৬৪ গৰাকী।

প্রথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে – তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্রীভূমি জিলাত।

পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ: নিয়ন্ত্ৰণ ৰেখাত তীব্ৰ উত্তেজনা, ভাৰতক বিচলিত কৰিবলৈ পাকিস্তানৰ মিছা প্ৰচাৰ । Pahalgam Terror Attack:

পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ: নিয়ন্ত্ৰণ ৰেখাত তীব্ৰ উত্তেজনা, ভাৰতক বিচলিত কৰিবলৈ পাকিস্তানৰ মিছা প্ৰচাৰ । Pahalgam Terror Attack:
পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ: নিয়ন্ত্ৰণ ৰেখাত তীব্ৰ উত্তেজনা, ভাৰতক বিচলিত কৰিবলৈ পাকিস্তানৰ মিছা প্ৰচাৰ । Pahalgam Terror Attack:

নতুন দিল্লী/ইছলামাবাদ, ১ মে’২০২৫:Pahalgam Terror Attack । কাশ্মীৰৰ পহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰপৰাধ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত-পাকিস্তান সীমান্তত পুনৰ এক ভয়ংকৰ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হৈছে। নিয়ন্ত্ৰণ ৰেখা (LoC) সংলগ্ন অঞ্চলসমূহত উভয় দেশৰ সেনাই মোতায়েন বৃদ্ধি কৰিছে।

পাকিস্তানৰ চৰকাৰী মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈকে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ সচেষ্ট হৈ পৰিছে। তেওঁলোকে দাবী কৰিছে যে ভাৰতীয় সেনাৰ সীমান্ত পাৰ হোৱাৰ আক্রমণ যিকোনো সময়তে সম্ভৱ, আৰু এই সন্দৰ্ভত বিশ্ব সমাজক হস্তক্ষেপৰ আবেদন জনাইছে।

ইয়াৰ বিপৰীতে, পাকিস্তানৰ কুখ্যাত গুপ্তচৰ সংস্থা ISI আৰু ISPR-এ ভাৰতৰ প্ৰতিচ্ছবি ক্ষুণ্ণ কৰিবলৈ সামাজিক মাধ্যমত এক ব্যাপক মিছা প্ৰচাৰ অভিযান চলাইছে। ISI-পৃষ্ঠপোষিত ছচিয়েল মিডিয়া হেণ্ডলসমূহে ভাৰতীয় গোপন সংস্থা RAWৰ পৰা “লীক” হোৱা বুলি দাবী কৰা এটা জাল নথিপত্ৰ অনলাইনত ভাইৰেল কৰি দিছে।

এই জাল প্ৰচাৰৰ লক্ষ্য হৈছে পহেলগাম আক্ৰমণৰ পিছফালে পাকিস্তানৰ সন্ত্ৰাসপুষ্ট গোপন ষড়যন্ত্র ঢাকিবলৈ ভাৰতক দায়ী কৰা। তেওঁলোকে এই আক্ৰমণৰ আঁৰত ভাৰতীয় ষড়যন্ত্র থকা বুলি দাবী কৰিছে আৰু ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰি অভিযান চলাব বুলি মিছা বাতৰি প্ৰচাৰ কৰিছে।

এই মিছা প্ৰচাৰ অচিৰেই অনলাইন নেটিজেন আৰু ভাৰতীয় হেণ্ডলসমূহৰ দ্বাৰা উন্মোচিত হয়। বহুজনাই প্ৰমাণসহ দেখুৱাইছে যে এই তথ্যসমূহ প্ৰথমে ‘The Resistance Front (TRF)’ নামৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হৈছিল, যিয়ে পহেলগাম আক্ৰমণটো সংঘটিত কৰিছিল।

TRF হৈছে ISI আৰু আল-কায়েদাৰ পৃষ্ঠপোষকতাত চলি থকা এক সন্ত্ৰাসবাদী সংগঠন, যিয়ে আগতে বহুতো আক্ৰমণৰ দায় স্বীকাৰ কৰিছে। এটা X হেণ্ডলে মন্তব্য কৰে, “যদি মিছা প্ৰচাৰৰ কোনো ৰূপ থাকিলেহেঁতেন, তেন্তে এই ISPR আৰু সন্ত্ৰাসবাদী সংগঠনৰ যৌথ অপচাৰ প্রচেষ্টাই হ’ব!”

বিশ্লেষকৰ মতে, পাকিস্তানৰ এই ধৰণৰ অপচেষ্টা বিশ্ব ৰাজনীতিত নিজৰ সন্ত্ৰাসপৃষ্ঠপোষক চৰিত্ৰ আৱৰণ কৰিবলৈ কৰা এক ব্যর্থ প্ৰয়াস।

২ মে’ত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন – ৰাজ্যজুৰি সাজু ভোটগ্ৰহণৰ প্ৰস্তুতি । election

২ মে’ত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন – ৰাজ্যজুৰি সাজু ভোটগ্ৰহণৰ প্ৰস্তুতি । election
২ মে’ত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন – ৰাজ্যজুৰি সাজু ভোটগ্ৰহণৰ প্ৰস্তুতি । election

গুৱাহাটী: election । ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২ মে’ তাৰিখে অনুষ্ঠিত হ’ব। নিৰ্বাচনী প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ভোটগ্ৰহণ সুষ্ঠুভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসন, নিৰ্বাচন আয়োগ আৰু সুৰক্ষা বাহিনীয়ে একগোট হৈ কামত লাগিছে। বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন জিলা, উপ-জিলা আৰু ব্লকৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ভোটগ্ৰহণ কৰ্মী, বিষয়া আৰু সুৰক্ষাকৰ্মীসকল।

যোৰহাট:
এইবাৰ যোৰহাট জিলাত ৯২৩টা ভোটগ্ৰহণ কেন্দ্ৰত বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তিনিটা ৰঙৰ বেলেট পেপাৰ—নীলা (জিলা পৰিষদ), কমলা (আঞ্চলিক পঞ্চায়ত) আৰু বগা (গাঁও পঞ্চায়ত)। ৪৪টা মহিলা-চালিত কেন্দ্ৰসহ সকলো কেন্দ্ৰত ছেক্টৰ আৰু পুলিচ ছেক্টৰ অফিচাৰৰ অধীনত ভোটগ্ৰহণ চলিব।

শিৱসাগৰ:
৫ আঞ্চলিক পঞ্চায়ত, ১২ জিলা পৰিষদ আৰু ৮২ গাঁও পঞ্চায়তৰ ৮২০টা ৱাৰ্ডৰ বাবে ৮৫৮ কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। ২,২৯১জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশ লৈছে। জিলা উপায়ুক্তৰ নেতৃত্বত সকলো প্ৰস্তুতি সম্পূৰ্ণ।

মাজুলী:
২০টা গাঁও পঞ্চায়তৰ অধীনত ২১৩ কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। তাৰে ২২টা কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত। চৰ-চাপৰিত থকা কেন্দ্ৰলৈ ইতিমধ্যে পোলিং দলে ৰাওনা হৈছে।

লখিমপুৰ:
এই জিলাত ৮৩ গাঁও পঞ্চায়তৰ ৮৩০ ৱাৰ্ডত ১,০৩৬ কেন্দ্ৰত ভোট গ্ৰহণ হ’ব। ৭.৫৯ লাখ ভোটাৰ ২,৫৬৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ইতিমধ্যে ভোট সামগ্ৰী সংগ্ৰহ কৰি কৰ্মীসকল কেন্দ্ৰলৈ যাত্ৰা কৰিছে।

জোনাই আৰু ডিব্ৰুগড়:
১,১৬৫ কেন্দ্ৰত ৫,৭০০তকৈ অধিক প্ৰিজাইডিং-প’লিং বিষয়া আৰু ছেক্টৰ বিষয়া নিয়োজিত হ’ব। টিংখাং, নাহৰকটীয়া আদি সমষ্টিত নিৰ্বাচনী দল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় জিলাত ৮.৭ লাখতকৈ অধিক ভোটাৰ আছে।

চৰাইদেউ:
মাহমৰা আৰু সোণাৰি সমষ্টিত ৭০টা মহিলা কেন্দ্ৰসহ ৪০০তকৈ অধিক কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে।

সাম্প্ৰতিক এই নিৰ্বাচনত ইভিএমৰ পৰিৱর্তে বেলেট পেপাৰৰ ব্যৱহাৰ, মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ বৃদ্ধি, আৰু নিৰাপত্তাৰ বিশেষ ব্যৱস্থাই বিশেষত্ব বহন কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সফলতা নিশ্চিত কৰিবলৈ প্ৰতিটো জিলা প্ৰশাসনে কটকটীয়া নিৰীক্ষণ আৰু প্ৰস্তুতি গ্ৰহণ কৰিছে।

মুম্বাইত ৱেভছ, ২০২৫ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

মুম্বাইত ৱেভছ, ২০২৫ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI
মুম্বাইত ৱেভছ, ২০২৫ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

১ মে’২০২৫ঃ PM MODI । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

ৱেভছ সন্মিলনত ভাৰতৰ চহকী চলচ্চিত্ৰ ইতিহাসৰ কথা অৱলোকনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে ১৯১৩ৰ ৩ মে’-ত ভাৰতৰ প্ৰথমখন ফিছাৰ ফিল্ম ৰাজা হৰিশ্চন্দ্ৰই মুক্তি লাভ কৰিছিল। ইয়াৰ পৰিচালক আছিল অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতা দাদাছাহেব ফাল্কে। তেখেতে কয় যে মাত্ৰ এদিন পূৰ্বে ফাল্কেৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। বিগত শতিকাত ভাৰতীয় চিনেমাৰ প্ৰভাৱৰাজিত আলোকপাতেৰে এই কলাই ভাৰতৰ সাংস্কৃতিক সত্তাক বিশ্বৰ প্ৰতিটো কোণলৈ সফলতাৰে লৈ গৈছে বুলি উল্লেখ কৰে। তেখেতে ৰাছিয়াত ৰাজ কাপুৰৰ জনপ্ৰিয়তা, কানত সত্যজিৎ ৰায়ৰ বিশ্বজোৰা স্বীকৃতি, আৰআৰআৰ-ৰ অস্কাৰ বিজয়ী সাফল্যৰ কথা ব্যক্তৰে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে কেনেকৈ গ্ল’বেল নেৰেটিভ গঢ়ি তুলিছে, তাত গুৰুত্ব আৰোপ কৰে। তেখেতে গুৰু দত্তৰ চিনেমেটিক কবিতা, ঋত্বিক ঘটকৰ সামাজিক প্ৰতিফলন, সংগীত আশ্চৰ্য্য এ.আৰ. ৰহমান আৰু এছ.এছ. ৰাজামৌলীৰ আশ্চৰ্য্যকৰ কাহিনী কথন শৈলীৰ কথা উল্লেখ কৰে। তেখেতে কয় যে এইসকল শিল্পীয়ে বিশ্বৰ কোটি-কোটি লোকৰ সন্মুখত ভাৰতীয় সংস্কৃতিক জীৱন্ত কৰি তুলিছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতীয় চিনেমাৰ কিংবদন্তিসকলক উদ্যোগটোলৈ তেওঁলোকৰ অৱদানৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই স্মাৰক ডাক টিকট প্ৰকাশৰ জৰিয়তে সন্মান জনোৱা হৈছিল।ভাৰতৰ সৃষ্টিশীল সামৰ্থ্য আৰু বিশ্ব সহযোগিতাৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বছৰ-বছৰ ধৰি তেখেত গেমিং, মিউজিক, চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয় পেছাদাৰীসকলৰ সৈতে জড়িত হৈ আহিছে। তেওঁলোকৰ সৈতে সৃষ্টিশীল উদ্যোগসমূহৰ সন্দৰ্ভত তেওঁৰ বুজাবুজি গভীৰ কৰা ধাৰণা আৰু অন্তৰ্দৃষ্টি সম্পৰ্কে আলোচনা কৰিছে। তেখেতে মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তীৰ সময়ত গ্ৰহণ কৰা এক অনন্য পদক্ষেপৰ কথা কৰে, য’ত ১৫০ খন দেশৰ গায়কসকল একত্ৰিত হৈ প্ৰায় ৫০০-৬০০ বছৰ পূৰ্বে নৰসিংহ মেহতাই ৰচনা কৰা ভজন ‘বৈষ্ণৱ জন টো’ পৰিবেশন কৰিছিল। তেখেতে কয় যে এই বৈশ্বিক কলাত্মক প্ৰচেষ্টাই এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল, বিশ্বখনক একত্ৰিতকৰণেৰে সমন্বয় সাধন কৰিছিল। তেখেতে আৰু উল্লেখ কৰে যে এই সন্মিলনত উপস্থিত কেইবাজনো ব্যক্তিয়ে গান্ধীৰ দৰ্শনক আগুৱাই নি চমু ভিডিঅ’ বাৰ্তাৰে গান্ধী ওৱান ফিফটি পদক্ষেপলৈ অৰিহণা যোগাইছে। তেখেতে কয় যে ভাৰতৰ সৃষ্টিশীল জগতখনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে ইয়াৰ সামূহিক শক্তি ইতিমধ্যে প্ৰদৰ্শন কৰিছে আৰু সেই দৃষ্টিভংগী এতিয়া ৱেভছৰ ৰূপত বাস্তৱায়িত হৈছে। মোদীয়ে ৱেভছ সন্মিলনৰ প্ৰথম সংস্কৰণৰ সাফল্যৰ কথা উল্লেখেৰে কয় যে প্ৰথম মুহূৰ্তৰ পৰাই এই অনুষ্ঠানে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতে এই সন্মিলনৰ পৰামৰ্শদাতা ব’ৰ্ডৰ নিষ্ঠা আৰু প্ৰচেষ্টাক স্বীকাৰৰে ৱেভছক ক্ৰিয়েটিভ উদ্যোগটোৰ এক গুৰুত্বপূৰ্ণ ইভেন্ট হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাত আলোকপাত কৰে। তেখেতে বৃহৎ পৰিসৰৰ ক্ৰিয়েটৰ্ছ চেলেঞ্জ আৰু ক্ৰিয়েট’স্ফিয়াৰ পদক্ষেপৰ কথা কয়। ইয়াত ৬০ খন দেশৰ প্ৰায় এক লাখ ক্ৰিয়েটিভ পেছাদাৰীয়ে অংশগ্ৰহণ কৰিছে। তেখেতে কয় যে ৩২ টা চেলেঞ্জৰ ভিতৰত ৮০০ গৰাকী চূড়ান্ত প্ৰতিযোগীক নিৰ্বাচন কৰা হৈছে। তেখেতে তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি জনাই তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনায়। তেখেতে চূড়ান্ত প্ৰতিযোগীসকলক উৎসাহ জনাই কয় যে তেওঁলোকে এতিয়া বিশ্বৰ ক্ৰিয়েটিভ মঞ্চখনত নিজৰ স্থান লাভৰ এক সুযোগ লাভ কৰিছে।প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱেভছ সন্মিলনৰ সময়ত ইণ্ডিয়া পেভিলিয়নত প্ৰদৰ্শিত ক্ৰিয়েটিভ বিকাশৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেখেতে কয় যে ইয়াত উল্লেখযোগ্য উদ্ভাৱনৰাজি প্ৰদৰ্শিত হৈছে আৰু তেখেতে এই সৃষ্টিসমূহ প্ৰত্যক্ষ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱেভছ বজাৰ পদক্ষেপত আলোকপাতেৰে নতুন ক্ৰিয়েটৰসকলক উৎসাহিতকৰণৰ লগতে উদীয়মান বজাৰসমূহৰ সৈতে সংযোগ স্থাপনৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। তেখেতে শিল্প উদ্যোগটোত ক্ৰেতা আৰু বিক্ৰেতাসকলক সংযোগৰ ধাৰণাটোক প্ৰশংসাৰে কয় যে এনে পদক্ষেপে ক্ৰিয়েটিভ অৰ্থনীতিক শক্তিশালী কৰে আৰু শিল্পীসকলৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটাব।

সৃষ্টিশীলতা আৰু মানৱ অভিজ্ঞতাৰ মাজত গভীৰভাৱে শিপাই থকা সংযোগত আলোকপাতেৰে তেখেতে কয় যে এটি শিশুৰ যাত্ৰা আৰম্ভ হয় মাতৃৰ নিচুকণি গীতৰ জৰিয়তে। এয়া শব্দ আৰু সংগীতৰ সৈতে তেওঁলোকৰ প্ৰথম পৰিচয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে মাতৃয়ে যেনেকৈ সন্তানক লৈ সপোন দেখে, ঠিক সেইদৰে ক্ৰিয়েটিভ পেছাদাৰীসকলেও এটা যুগৰ সপোন দেখে। তেখেতে কয় যে ৱেভছ-ৰ মনোভাৱ হৈছে, এনে দূৰদৰ্শী ব্যক্তিসকলক একত্ৰিত কৰা। যিসকলে স্বকীয় শিল্পৰ জৰিয়তে প্ৰজন্মসমূহক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে।শিল্পী, ক্ৰিয়েটৰ আৰু উদ্যোগৰ নেতাসকলৰ নিষ্ঠাই অনাগত বছৰসমূহত ৱেভছ-ক এক নতুন শিখৰত উপনীত কৰিব বুলি উল্লেখেৰে সামূহিক প্ৰচেষ্টাৰ ওপৰত থকা বিশ্বাসৰ কথা কয়। শ্ৰী মোদীয়ে এই সন্মিলনক সাফল্যমণ্ডিত কৰি তোলাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সহায়-সহযোগিতাৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেখেতে কয় যে বহু ৰোমাঞ্চকৰ ঢৌ এতিয়াও আহিবলৈ বাকী আছে আৰু তেখেতে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে ৱেভছ বঁটা প্ৰৱৰ্তন কৰা হ’ব, যি শিল্প আৰু ক্ৰিয়েটিভ জগতখনৰ সৰ্বোচ্চ সন্মান হিচাপে পৰিগণিত হ’ব। তেখেতে স্থায়ী অংগীকাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ লোকৰ হৃদয় জয় কৰা আৰু সৃষ্টিশীলতাৰ জৰিয়তে প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰা।ভাৰতৰ দ্ৰুত অৰ্থনৈতিক অগ্ৰগতিত আলোকপাতেৰে ৰাষ্ট্ৰখন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বিশ্বজুৰি ফিনটেক অভিযোজনাৰ ক্ষেত্ৰত এক নং স্থানত আছে, দেশখন দ্বিতীয় সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা আৰু বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ বাতাবৰণ। তেখেতে কয় যে ভাৰতৰ এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাৰ মাত্ৰ আৰম্ভণিহে হৈছে আৰু এতিয়াও বহুদূৰ বাকী আছে। “কোটি-কোটিৰো অধিক জনসংখ্যাৰ দেশ ভাৰত কোটি-কোটিৰো অধিক কাহিনীৰো দেশ”, তেখেতে লগতে কয়। দেশৰ চহকী কলাত্মক ইতিহাসৰ কথা উল্লেখেৰে তেখেতে কয় যে দুহাজাৰ বছৰ পূৰ্বে ভৰত মুনিৰ নাট্য শাস্ত্ৰত আৱেগ আৰু মানৱ অভিজ্ঞতা গঢ় দিয়াৰ ক্ষেত্ৰত শিল্পৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তেখেতে উল্লেখ কৰে যে বহু শতিকা পূৰ্বে কালিদাসৰ অভিজ্ঞানম-শকুন্তলমে ধ্ৰুপদী নাটকৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গভীৰ সাংস্কৃতিক শিপাত আলোকপাতেৰে কয় যে দেশখনৰ প্ৰতিটো প্ৰান্ততে এটা কাহিনী আছে, প্ৰতিটো পাহাৰে এটা গীত কঢ়িয়াই লৈ ফুৰে আৰু প্ৰতিখন নদীয়ে এটা সুৰ গুঞ্জৰিত কৰে। তেখেতে কয় যে ভাৰতৰ ছয় লাখ গাঁৱৰ প্ৰত্যেকৰে নিজস্ব লোক-পৰম্পৰা আৰু অনন্য কাহিনী কথন শৈলী আছে, সমাজসমূহে লোককথাৰ জৰিয়তে স্বকীয় ইতিহাস সংৰক্ষণ কৰে। তেখেতে ভাৰতীয় সংগীতৰ আধ্যাত্মিক তাৎপৰ্য্যত আলোকপাতেৰে উল্লেখ কৰে যে সেয়া ভজনেই হওঁক, গজলেই হওঁক, ধ্ৰুপদী ৰচনাই হওঁক বা সমসাময়িক সুৰেই হওঁক, প্ৰতিটো সুৰেই এটা কাহিনী কঢ়িয়াই লৈ ফুৰে।মোদীয়ে ৱেভছ সন্মিলনত ভাৰতৰ গভীৰভাৱে শিপাই থকা কলাত্মক আৰু আধ্যাত্মিক ঐতিহ্যত আলোকপাতেৰে নাদ ব্ৰহ্মা, ঐশ্বৰিক ধ্বনিৰ ধাৰণাত আলোকপাত কৰে। তেখেতে কয় যে ভাৰতীয় পৌৰাণিক কাহিনীয়ে সদায় সংগীত আৰু নৃত্যৰ জৰিয়তে ঈশ্বৰত্ব প্ৰকাশ কৰি আহিছে, ভগৱান শিৱৰ ডম্বৰুক প্ৰথম মহাজাগতিক ধ্বনি হিচাপে, দেৱী সৰস্বতীৰ বীণাক প্ৰজ্ঞাৰ ছন্দ হিচাপে, ভগৱান কৃষ্ণৰ বাঁহীক প্ৰেমৰ চিৰন্তন বাৰ্তা হিচাপে আৰু ভগৱান বিষ্ণুৰ শংখক ইতিবাচক শক্তিৰ আহ্বান বুলি বিশ্বাস কৰা হয়। তেখেতে কয় যে সন্মিলনখনত মন্ত্ৰমুগ্ধকাৰী সাংস্কৃতিক উপস্থাপনেও এই চহকী ঐতিহ্যকে প্ৰতিফলিত কৰিছে। “এয়াই হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া, ক্ৰিয়েট ফৰ দ্য ৱৰ্ল্ডৰ সঠিক সময়” বুলি ঘোষণাৰে শ্ৰী মোদীয়ে ভাৰতৰ উক্ত দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখেৰে দৃঢ়তাৰে কয় যে দেশখনৰ কাহিনী কথনৰ পৰম্পৰা হৈছে হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক অমূল্য সমল। তেখেতে কয় যে ভাৰতৰ কাহিনীসমূহ কালজয়ী, চিন্তা-উদ্দীপক আৰু সঁচা অৰ্থত বিশ্বজনীন, যিয়ে কেৱল সাংস্কৃতিক বিষয়বস্তুকেই নহয়, বৰঞ্চ বিজ্ঞান, ক্ৰীড়া, সাহসকো সামৰি লৈছে। তেখেতে কয় যে ভাৰতৰ কাহিনী কথন প্ৰক্ৰিয়াই বিজ্ঞানক কল্পকাহিনীৰ সৈতে আৰু বীৰত্বক উদ্ভাৱনৰ সৈতে সংপৃক্তকৰণেৰে এক বিশাল আৰু বৈচিত্ৰ্যময় ক্ৰিয়েটিভ বাতাবৰণ গঢ়ি তুলিছে। তেখেতে ৱেভছ প্লেটফৰ্মক ভাৰতৰ অসাধাৰণ কাহিনীসমূহ বিশ্বৰ সৈতে ভাগ-বতৰাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়, নতুন আৰু আকৰ্ষণীয় ফৰ্মেটৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মৰ মাজলৈ নিবলৈ কয়।জনতাৰ পদ্ম বঁটা আৰু ৱেভছ সন্মিলনৰ আঁৰৰ দৃষ্টিভংগীৰ মাজৰ সাদৃশ্যতাৰ কথা উল্লেখেৰে তেখেতে কয় যে উভয় পদক্ষেপৰে লক্ষ্য হৈছে ভাৰতৰ প্ৰতিটো কোণৰ প্ৰতিভাসমূহক স্বীকৃতি প্ৰদান আৰু দক্ষতাৰ অগ্ৰগতি সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ কেইবছৰমানৰ পিছত পদ্ম বঁটা প্ৰৱৰ্তন কৰা হৈছিল যদিও ভাৰতে যেতিয়া জনতাৰ পদ্মক আকোৱালি লৈছিল, তেতিয়াহে প্ৰত্যন্ত অঞ্চলত থাকি ৰাষ্ট্ৰখনক সেৱা কৰা ব্যক্তিসকলে স্বীকৃতি লাভ কৰিছিল। তেতিয়াহে ইয়াৰ সঁচা অৰ্থত ৰূপান্তৰ ঘটিছিল। তেখেতে কয় যে এই পৰিৱৰ্তনে বঁটাসমূহক এটা অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰীয় উদযাপনলৈ ৰূপান্তৰিত কৰিলে। একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৱেভছে চলচ্চিত্ৰ, মিউজিক, এনিমেচন আৰু গেমিংৰ মাজেৰে ভাৰতৰ অপৰিসীম সৃষ্টিশীল প্ৰতিভাৰ বাবে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিব, যাতে দেশৰ প্ৰতিটো প্ৰান্তৰ শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি লাভ কৰে।

ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ ধাৰণা আৰু সংস্কৃতিক আকোৱালি লোৱা পৰম্পৰাত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ সভ্যতামূলক মুকলি মনোভাৱে পাৰ্চী আৰু ইহুদীৰ দৰে সমাজক আদৰণি জনাইছে, যিসকল দেশখনত বসবাসেৰে ইয়াৰ সাংস্কৃতিক তন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। প্ৰতিখন ৰাষ্ট্ৰৰ নিজস্ব সফলতা আৰু অৱদান আছে বুলি উল্লেখেৰে তেখেতে ভিন্ন দেশৰ মন্ত্ৰী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে ভাৰতৰ শক্তি বিশ্বৰ কলাত্মক কৃতিত্বক সন্মান আৰু উদযাপনত নিহিত হৈ আছে, যিয়ে সৃষ্টিশীল সহযোগিতাৰ প্ৰতি দেশখনৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰি তুলিছে। তেখেতে কয় যে ভিন্ন সংস্কৃতি আৰু ৰাষ্ট্ৰৰ সাফল্যৰাজিক প্ৰতিফলিত কৰা কন্টেন্ট সৃষ্টিৰে ৱেভছে বিশ্বজনীন সংযোগ আৰু কলাত্মক বিনিময়ৰ দৃষ্টিভংগীক শক্তিশালী কৰিব পাৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব ক্ৰিয়েটিভ সমাজক আমন্ত্ৰণ জনাই তেওঁলোকক আশ্বাস প্ৰদান কৰে যে ভাৰতৰ কাহিনীৰ সৈতে জড়িত হ’লে, তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ সৈতে গভীৰভাৱে অনুৰণিত আখ্যানো উন্মোচিত হ’ব। তেখেতে কয় যে ভাৰতৰ চহকী কাহিনী কথনৰ পৰম্পৰাই সীমা অতিক্ৰমেৰে এক স্বাভাৱিক আৰু অৰ্থপূৰ্ণ সংযোগৰ সৃষ্টি কৰা বিষয়বস্তু আৰু আৱেগৰ সঞ্চাৰ কৰি আহিছে। তেখেতে কয় যে ভাৰতৰ কাহিনী অন্বেষণ কৰা আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু ক্ৰিয়েটৰসকলে ৰাষ্ট্ৰখনৰ ঐতিহ্যৰ সৈতে এক স্বাভাৱিক বন্ধনৰ অভিজ্ঞতা লাভ কৰিব। তেখেতে কয় যে এই সাংস্কৃতিক সহযোগিতাই ভাৰতৰ ক্ৰিয়েট ইন ইণ্ডিয়াৰ দৃষ্টিভংগীক অধিক ফলপ্ৰসূ আৰু বিশ্বৰ বাবে সুলভ কৰি তুলিব।“এই সময় হৈছে ভাৰতৰ অৰেঞ্জ অৰ্থনীতি, কন্টেন্ট, সৃষ্টিশীলতা আৰু সংস্কৃতিৰ প্ৰভাতৰ সময় – যি হৈছে অৰেঞ্জ অৰ্থনীতিৰ তিনিটা স্তম্ভ”, বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতীয় চলচ্চিত্ৰ এতিয়া ১০০ খনৰো অধিক দেশৰ দৰ্শকৰ কাষ চাপিছে, বিশ্বৰ দৰ্শকে ভাৰতীয় চিনেমাক বুজিবলৈ ক্ৰমান্বয়ে চেষ্টা কৰিছে। তেখেতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকে ভাৰতীয় বিষয়বস্তু ‘চাব-টাইটেল‘ৰ মাধ্যমেৰে প্ৰত্যক্ষৰ ক্ৰমবৰ্ধমান ধাৰাত আলোকপাত কৰে, যিয়ে ভাৰতৰ কাহিনীৰ সৈতে গভীৰভাৱে জড়িত হোৱাৰ সংকেত প্ৰদান কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ অ’টিটি উদ্যোগৰ শেহতীয়া বছৰ কেইটাত দহগুণ বৃদ্ধি হয়। তেখেতে কয় যে স্ক্ৰীনৰ আকাৰ সৰু হৈ আহিছে, কিন্তু স্ক’প অসীম হৈ পৰিছে, স্ক্ৰীন মাইক্ৰ’ হৈ পৰিছে, কিন্তু বাৰ্তাটো মেগা হৈ পৰিছে। তেখেতে ভাৰতীয় খাদ্য সম্ভাৰ বিশ্বজুৰি প্ৰিয় হৈ পৰিছে বুলি উল্লেখেৰে ভাৰতীয় সংগীতে অতি সোনকালেই একেধৰণৰ বৈশ্বিক স্বীকৃতি লাভ কৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰে।ভাৰতৰ কন্টেন্ট অৰ্থনীতিৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপেৰে অনাগত বছৰসমূহত দেশৰ জিডিপিত ইয়াৰ অৱদান যথেষ্ট বৃদ্ধি পাব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে চলচ্চিত্ৰ নিৰ্মাণ, ডিজিটেল কন্টেন্ট, গেমিং, ফেশ্বন আৰু মিউজিকৰ বাবে বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।” তেখেতে লাইভ কনচাৰ্ট উদ্যোগত বিকাশৰ আশাব্যঞ্জক সুযোগ আৰু বিশ্ব এনিমেচন বজাৰত উন্মেষ ঘটা বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰে। যাৰ বৰ্তমান মূল্য ৪৩০ বিলিয়ন ডলাৰৰো অধিক আৰু অহা দশকত দুগুণ হ’ব বুলি অনুমান কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ই ভাৰতৰ এনিমেচন আৰু গ্রাফিক্স উদ্যোগৰ বাবে এক উল্লেখযোগ্য সুযোগৰ সঞ্চাৰ কৰিছে। তেখেতে অংশীদাৰসকলক অধিক আন্তঃৰাষ্ট্ৰীয় সুযোগৰ বাবে ইয়াৰ উপযোগিতা গ্ৰহণৰ আহ্বান জনায়।ভাৰতৰ যুৱ ক্ৰিয়েটৰসকলক দেশৰ অৰেঞ্জ অৰ্থনীতিক আগুৱাই নিবলৈ আহ্বান জনাই, তেওঁলোকৰ আগ্ৰহ আৰু কঠোৰ পৰিশ্ৰমে সৃষ্টিশীলতাৰ এক নতুন ঢৌ তুলিছে বুলি স্বীকাৰেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোক গুৱাহাটীৰ সংগীতজ্ঞই হওঁক, কোচিৰ প’ডকাষ্টাৰেই হওঁক, বেংগালুৰুৰ গেম ডিজাইনাৰেই হওঁক বা পঞ্জাৱৰ চলচ্চিত্ৰ নিৰ্মাতাই হওঁক, তেওঁলোকৰ অৱদানে ভাৰতৰ ক্ৰমবৰ্ধমান ক্ৰিয়েটিভ খণ্ডক ইন্ধন যোগাইছে। তেখেতে আশ্বাস প্ৰদানেৰে কয় যে চৰকাৰ ক্ৰিয়েটিভ পেছাদাৰীসকলৰ কাষত থিয় হৈছে, তেওঁলোকক স্কিল ইণ্ডিয়া, ষ্টাৰ্টআপ সমৰ্থন, এভিজিচি উদ্যোগৰ বাবে নীতি আৰু ৱেভছৰ দৰে বিশ্ব মঞ্চৰ দৰে পদক্ষেপৰ জৰিয়তে সহায় কৰা হৈছে। তেখেতে কয় যে উদ্ভাৱন আৰু কল্পনাৰ অনুকূল পৰিবেশ গঢ়ি তোলাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, নতুন সপোনক লালন-পালন কৰা আৰু সেই সপোনবোৰক বাস্তৱায়িত কৰি তুলিবলৈ ব্যক্তিক সবলীকৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে ৱেভছে এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব, য’ত ক্ৰিয়েটিভৰ ক’ডিঙৰে, চফ্টৱেৰৰ কাহিনী কথনৰ সৈতে আৰু কলাৰ অগমেন্টেড ৰিয়েলিটিৰ সৈতে সংমিশ্ৰণ ঘটিছে। তেখেতে যুৱ ক্ৰিয়েটৰসকলক এই সুযোগৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ, ডাঙৰ সপোন দেখিবলৈ আৰু নিজৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ অৰ্থে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ কন্টেন্ট ক্ৰিয়েটৰসকলৰ ওপৰত অদম্য আস্থা প্ৰকাশেৰে তেওঁলোকৰ সৃষ্টিশীলতাই বিশ্ব ক্ৰিয়েটিভ পৰিবেশক পুনৰ সংজ্ঞায়িত কৰিছে বুলি কয়। তেখেতে কয় যে ভাৰতৰ ক্ৰিয়েটৰসকলৰ মনোভাৱে কোনো বাধা, সীমা বা দ্বিধা নাজানে, যাৰ ফলত উদ্ভাৱনৰ বৰ্ধন ঘটিব। তেখেতে কয় যে যুৱ ক্ৰিয়েটৰ, গেমাৰ আৰু ডিজিটেল শিল্পীৰ সৈতে তেখেতৰ ব্যক্তিগত যোগাযোগৰ জৰিয়তে ভাৰতৰ ক্ৰিয়েটিভ বাতাবৰণৰ শক্তি আৰু প্ৰতিভা প্ৰত্যক্ষ কৰিছে। তেখেতে কয় যে ভাৰতৰ বিশাল যুৱ সমাজে ৰীল, প’ডকাষ্ট আৰু গেমৰ পৰা আৰম্ভ কৰি এনিমেচন, ষ্টেণ্ড-আপ আৰু এআৰ-ভিআৰ ফৰ্মেটলৈকে নতুন ক্ৰিয়েটিভ মাত্ৰাক আগুৱাই নিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ৱেভছ হৈছে এই প্ৰজন্মৰ বাবে বিশেষভাৱে ডিজাইন কৰা এখনি মঞ্চ—যিয়ে যুৱ মনক নিজৰ শক্তি আৰু দক্ষতাৰে ক্ৰিয়েটিভ বিপ্লৱক পুনৰ কল্পনা আৰু পুনৰ সংজ্ঞায়িত কৰিবলৈ সক্ষম কৰে।প্ৰযুক্তি-চালিত একবিংশ শতিকাত ক্ৰিয়েটিভ দায়বদ্ধতাৰ গুৰুত্বত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তিয়ে মানৱ জীৱনত ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰৰ লগে-লগে আৱেগিক সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধি অক্ষুণ্ণ ৰখাৰ বাবে অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন আছে। তেখেতে কয় যে ক্ৰিয়েটিভ জগতখনে মানুহৰ মমতা গঢ়ি তোলা আৰু সামাজিক চেতনাক গভীৰকৰণৰ ক্ষমতা ধাৰণ কৰে। তেখেতে দৃঢ়তাৰে কয় যে লক্ষ্য ৰবট সৃষ্টি কৰা নহয়, বৰঞ্চ অধিক সংবেদনশীলতা, আৱেগিক গভীৰতা আৰু বৌদ্ধিক সমৃদ্ধিৰে ব্যক্তিক লালন-পালন কৰা— যিসমূহ গুণ কেৱল ডাটাৰ অতিৰিক্ত বোজা বা প্ৰযুক্তিগত গতিৰ পৰা উদ্ভৱ হ’ব নোৱাৰে। শ্ৰী মোদীয়ে শিল্প, সংগীত, নৃত্য আৰু কাহিনী কথনৰ গুৰুত্বত আলোকপাতেৰে এই ৰূপসমূহে মানৱ সংবেদনশীলতাক হাজাৰ-হাজাৰ বছৰ ধৰি জীয়াই ৰাখিছে বুলি উল্লেখ কৰে। তেখেতে ক্ৰিয়েটৰসকলক এই পৰম্পৰাসমূহক সুদৃঢ়কৰণেৰে এটি অধিক মানৱিক ভৱিষ্যৎ গঢ়ি তুলিবলৈ আহ্বান জনায়। তেখেতে যুৱ প্ৰজন্মক বিভাজনকাৰী আৰু ক্ষতিকাৰক মতাদৰ্শৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাতো আলোকপাতেৰে কয় যে ৱেভছে সাংস্কৃতিক অখণ্ডতা ৰক্ষা আৰু ইতিবাচক প্ৰমূল্যবোধৰ বীজ সিঁচিবলৈ এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব পাৰে। এই দায়িত্ব অৱহেলা কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভয়াৱহ পৰিণতি হ’ব পাৰে বুলি তেখেতে সতৰ্ক কৰি দিয়ে।ক্ৰিয়েটিভ জগতখনত প্ৰযুক্তিৰ ৰূপান্তৰশীল প্ৰভাৱ সম্পৰ্কে গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ বিশ্ব সমন্বয়ৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেখেতে কয় যে ৱেভছে ভাৰতীয় ক্ৰিয়েটৰসকলক বিশ্বৰ কাহিনী কওঁতাসকলৰ সৈতে সংযোগ কৰা, এনিমেটৰসকলক বিশ্বৰ দূৰদৰ্শীসকলৰ সৈতে সংযোগ কৰা আৰু গেমাৰসকলক বৈশ্বিক চেম্পিয়নলৈ ৰূপান্তৰিতকৰণৰ এখন সেতু হিচাপে কাম কৰিব। তেখেতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী আৰু ক্ৰিয়েটৰসকলক ভাৰতক তেওঁলোকৰ কন্টেন্ট পথাৰ হিচাপে আকোৱালি ল’বলৈ আৰু দেশখনৰ বিশাল ক্ৰিয়েটিভ বাতাবৰণৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। বিশ্ব ক্ৰিয়েটৰসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ডাঙৰ সপোন দেখি নিজৰ কাহিনী ক’বলৈ আহ্বান জনায়। তেখেতে বিনিয়োগকাৰীসকলক কেৱল প্লেটফৰ্মতে নহয়, বৰঞ্চ মানুহৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰে আৰু ভাৰতীয় যুৱক-যুৱতীসকলক তেওঁলোকৰ লক্ষ-লক্ষ অকথিত কাহিনী বিশ্ববাসীক অৱগত কৰিবলৈ আহ্বান জনায়। প্ৰথম ৱেভছ সন্মিলনৰ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. পি. ৰাধাকৃষ্ণন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছ, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডঃ এল. মুৰুগানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন ! অসমত গ্ৰেপ্তাৰ ৩৬ জন । Pakistan

ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন ! অসমত গ্ৰেপ্তাৰ ৩৬ জন । Pakistan
ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন ! অসমত গ্ৰেপ্তাৰ ৩৬ জন । Pakistan

Pakistan । পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশজুৰি সৃষ্টি হৈছে গভীৰ চাঞ্চল্য। এই ঘটনা সমৰ্থন কৰি সামাজিক মাধ্যমত বিভ্রান্তিমূলক আৰু দেশবিৰোধী মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত অসমত এতিয়ালৈকে ৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে জনায়।

২২ এপ্ৰিল, ২০২৫ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, য’ত ২৬ জন লোক নিহত আৰু ১৪ জন আহত হয়। এই ঘটনাই সমগ্ৰ দেশক বিষাদত পেলায় আৰু পাকিস্তানৰ ওপৰত সন্দেহৰ আঙুলিও উঠায়। আক্ৰমণৰ পাছত অসমসহ দেশৰ বিভিন্ন ঠাইত পাকিস্তানক সমৰ্থন জনাই কিছু লোক সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, “ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰা বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত আছে। এতিয়ালৈকে ৩৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বঙাইগাঁও আৰক্ষীয়ে নাজিবুল ইছলাম আৰু শ্ৰীভূমি আৰক্ষীয়ে ছানাজ হুছেইন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীয়ে বিভিন্ন সামাজিক মাধ্যমৰ ওপৰত কঠোৰ নজৰদাৰী চলাইছে আৰু দেশবিৰোধী মন্তব্য কৰা লোকসকলক চিনাক্ত কৰি আইনানুগ ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত কিছুমান মহিলা আৰু কিশোৰ-কিশোৰীৰো নাম আছে।

অসম চৰকাৰৰ এই কঠোৰ পদক্ষেপে ৰাজ্যত দেশৰ স্বাৰ্থৰ বিপৰীতে যোৱা যিকোনো কাৰ্যৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিক পুনৰ প্ৰমাণ কৰিছে।

Pahalgam attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৰণসজ্জা, ভাগে ভাগে বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী; মোদীৰ বাসগৃহত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠক সম্পন্ন

Pahalgam attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৰণসজ্জা, ভাগে ভাগে বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী
Pahalgam attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৰণসজ্জা, ভাগে ভাগে বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত(Pahalgam attack)২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ দ্বিতীয়খন বৈঠক। প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনত অনুষ্ঠিত দ্বিতীয়খন চিচিএছৰ বৈঠকত পেহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা প্ৰস্তুতিৰ পৰ্যালোচনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বৰ বৈঠকত চিচিএছে পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিক শাস্তিমূলক ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ ভিতৰত আছিল সিন্ধু জল সন্ধি স্থগিত ৰখা, আটাৰীৰ সংহত চেক পোষ্ট বন্ধ কৰা, পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰা, নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ কূটনৈতিক উপস্থিতি হ্ৰাস কৰা আদি। নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ প্ৰথমখন বৈঠকতো বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আদিয়ে অংশগ্ৰহণ কৰিছিল।উল্লেখ্য ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ওপৰত সম্পূৰ্ণ আস্থা দৃঢ় কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী লক্ষ্যৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে, লগতে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত সঁহাৰিৰ সময় নিৰ্ধাৰণ কৰা হৈছে।

নতুন দিল্লীস্থ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী (চি ডি এছ) অনিল চৌহানৰ লগতে সকলো সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে সীমান্তৰ সিপাৰে বহি থকা সন্ত্ৰাসবাদীসকলৰ মুৰব্বীসকলে এক শক্তিশালী কাৰ্যৰ সন্মুখীন হ’ব লাগিব ।প্ৰধানমন্ত্ৰীৰ বাসগৃহত এঘণ্টাৰো অধিক সময় ধৰি চলা এই গুৰুত্বপূৰ্ণ বৈঠকখন নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ এদিন পূৰ্বে অনুষ্ঠিত হৈছিল । একাংশ বিষয়াৰ মতে, বৈঠকত কিছুমান শক্তিশালী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছিল।

Momos: গৰম ম’মোৰ সোৱাদৰ প্ৰতি লোভ বেছি, মম’ৱে স্বাস্থ্য ওপৰত কেনে প্ৰভাৱ পেলাই ?

Momos: গৰম ম’মোৰ সোৱাদৰ প্ৰতি লোভ বেছি, মম'ৱে স্বাস্থ্য ওপৰত কেনে প্ৰভাৱ পেলাই ?
Momos: গৰম ম’মোৰ সোৱাদৰ প্ৰতি লোভ বেছি, মম'ৱে স্বাস্থ্য ওপৰত কেনে প্ৰভাৱ পেলাই ?

যদি আপুনি ম’মো খাই শৰীৰ ফিট ৰাখিব বিচাৰে, (Momos)তেন্তে ৱৰ্কআউট কৰাটো প্ৰয়োজনীয়। তৃপ্তি ডিমৰিৰ ফিটনেছ ভিডিঅ’ৰ পৰা মটিভেচন লাভ কৰিব পাৰিব।

গৰম মমোৰ সোৱাদে মানুহক আকৰ্ষণ কৰে। সোৱাদযুক্ত ষ্টাফিং আৰু টেঙা চাটনিৰ সৈতে পৰিবেশন কৰা ম’মোৰ প্লেট এখনে ফিটনেছৰ প্ৰতি সচেতন এজনকো খাবলৈ ইচ্ছা জগাই তুলিব পাৰে। স্বাস্থ্য সচেতন বলীউডৰ তাৰকাইও মম’ খাই। কিন্তু প্ৰতিটো মম’ৱে আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

শেহতীয়াকৈ অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে তেওঁৰ ৱৰ্কআউটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো ম’মো প্ৰেমীৰ বাবে উপকাৰী হ’ব। এই ভিডিঅ’টোত তেওঁ দেখুৱাইছে যে ম’মো খোৱাৰ পিছত শৰীৰত সৃষ্টি হোৱা কেলৰি নাইকিয়া কৰিবলৈ কিমান ৱৰ্কআউট কৰিব লাগে।

মম’ ৰিফাইন আটাৰে তৈয়াৰ কৰা হয়, যাৰ বাবে ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰে। প্ৰচুৰ পৰিমাণে মম’ খালে ওজন বৃদ্ধি পায় আৰু মেদবহুল হোৱাৰ সম্ভাৱনা থাকে। কেৱল এয়াই নহয়, হৃদৰোগ, ডায়েবেটিছ, ৰক্তচাপ আদি বিপজ্জনক ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে।

কেৱল ওজনেই নহয়, ম’মো বেছি খালে বদহজম, গেছ, পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাবোৰে দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়, সেয়েহে যিমান পাৰি কমকৈ ম’মো খাব লাগে।

Census: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ লোকপিয়লৰ লগতে দেশত কৰা হ’ব জাতি ভিত্তিক লোকপিয়লো

Census: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ লোকপিয়লৰ লগতে দেশত কৰা হ'ব জাতি ভিত্তিক লোকপিয়লো
Census: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ লোকপিয়লৰ লগতে দেশত কৰা হ'ব জাতি ভিত্তিক লোকপিয়লো

দেশৰ বিভিন্ন ৰাজ্যত জাতিত্তিক(Census) লোক পিয়লৰ দাবী উত্থাপন হৈ আহিছে। একাংশ ৰাজ্যই জাতিভিত্তিক লোক পিয়ল সম্পন্নও কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অতি সোনকালে আৰম্ভ হ’ব ৰাষ্ট্ৰীয় লোকপিয়ল। সেই সময়তে লোকপিয়লৰ লগতে জাতি ভিত্তিক গণনাও কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই ঘোষণা কৰে। তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধীয়ে ধাৰাবাহিকভাৱে জাতি লোকপিয়লৰ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বাৰে বাৰে এই দাবী উত্থাপন কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া বিৰোধীৰ দাবী মানি লৈছে আৰু ৰাষ্ট্ৰীয় লোক পিয়লৰ সৈতে জাতিভিত্তিক লোক পিয়লো কৰা হব বুলি সিদ্ধান্ত লৈছে।

পাহেলগাঁও আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেইবাখনো কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয়। ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকও অনুষ্ঠিত হয়। সেই বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত কয় যে, “ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে সিদ্ধান্ত লৈছে যে জাতি গণনা পৰৱৰ্তী লোকপিয়লৰ অংশ হ’ব।” অৰ্থাৎ লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু প্ৰতিটো সম্প্ৰদায়ৰ লোকৰ সংখ্যা গণনা কৰা হ’ব।

ৰাহুল গান্ধীয়ে বাৰে বাৰে জাতি লোকপিয়লৰ সন্দৰ্ভত কৈ আহিছে যদিও আজি অশ্বিনী বৈষ্ণৱে দাবী কৰে যে, “কংগ্ৰেছ চৰকাৰে সদায় জাতি লোকপিয়লৰ বিৰোধিতা কৰি আহিছে। ২০১০ চনত মনমোহন সিঙে কৈছিল যে জাতি লোকপিয়লৰ বিষয়টো কেবিনেটত বিবেচনা কৰা উচিত। এই বিষয়টো বিবেচনা কৰিবলৈ মন্ত্ৰীৰ এখন সমিতিও গঠন কৰা হৈছিল। বেছিভাগ ৰাজনৈতিক দলেই জাতি লোকপিয়লৰ পৰামৰ্শ দিছে। অৱশ্যে কংগ্ৰেছ চৰকাৰে জাতি লোকপিয়ল কৰা নাছিল, কেৱল জাতি জৰীপহে কৰিছিল।”

অশ্বিনীয়ে দাবী কৰে, “এয়া স্পষ্ট যে কংগ্ৰেছ আৰু ইয়াৰ ‘ভাৰত’ মিত্ৰজোঁটৰ অংশীদাৰসকলে জাতি লোকপিয়লক কেৱল ৰাজনৈতিক আহিলা হিচাপেহে ব্যৱহাৰ কৰিছে। কিছুমান ৰাজ্যই জাতিগত জৰীপ চলাই আছে। কিছুমান ৰাজ্যই কামটো ভালদৰে কৰিছে। কিছুমান ৰাজ্যই কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অস্বচ্ছভাৱে এনে জৰীপ চলাইছে।”

প্ৰসংগক্ৰমে ২০১১ চনত ভাৰতত শেষৰবাৰৰ বাবে লোকপিয়ল কৰা হৈছিল।কভিডৰ পিছত আৰু অন্যান্য জটিলতা অতিক্ৰম কৰি এইবাৰ নতুনকৈ লোকপিয়ল কৰা হ’ব পাৰে। পৰৱৰ্তী লোকপিয়ল ডিজিটেল ভিত্তিক হ’ব বুলি ধাৰণা কৰা হৈছে। শেহতীয়া কেৱল বিহাৰতহে জাতিগত লোকপিয়ল কৰা হৈছে। সেই জাতি লোকপিয়লত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশই অতি পিছপৰা শ্ৰেণীৰ বুলি প্ৰকাশ পাইছে। ২৭.১ শতাংশ জনসংখ্যা পিছপৰা শ্ৰেণীৰ, ১৯.৭ শতাংশ অনুসূচিত জাতি আৰু ১.৭ শতাংশ অনুসূচিত জনজাতিৰ।