No menu items!
Home Blog Page 197

Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…

Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…
Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…

সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা, আশ্ৰয় দান(Pahalgam Terror Attack) কৰা আৰু ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত পাকিস্তানৰ ‘ট্ৰেক ৰেকৰ্ড’-য়ে দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী শক্তি হিচাপে চিহ্নিত কৰিছে। কেবা দশক ধৰি দেশখনৰ মাটি সীমা-পাৰৰ সন্ত্ৰাসবাদ, বিদ্ৰোহ আৰু উগ্ৰপন্থী কৰ্মকাণ্ডৰ এক ‘লঞ্চপেড’ হিচাপে ব্যৱহাৰ হৈ আহিছে।২০১৮ চনত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে স্বীকাৰ কৰিছিল যে পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী গোট ‘লস্কৰ-ই-তৈবা’ই সংঘটিত কৰা ২০০৮ চনৰ মুম্বাই আক্ৰমণত পাকিস্তান চৰকাৰে ভূমিকা পালন কৰিছিল।পাৰভেজ মুছাৰফে স্বীকাৰ কৰিছিল যে তেওঁৰ বাহিনীয়ে ভাৰত-শাসিত কাশ্মীৰত ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ উগ্ৰপন্থী গোটবোৰক প্ৰশিক্ষণ দিছিল। তেওঁ স্বীকাৰ কৰে যে চৰকাৰে চকু মুদি দিছিল কিয়নো ই ভাৰতক আলোচনাত বহাৰ বাবে বাধ্য কৰিব বিচাৰিছিল, লগতে বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিব বিচাৰিছিল।


কেইদিনমান আগতে মাত্ৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মুহম্মদ আছিফে স্বীকাৰ কৰে যে দেশখনে তিনি দশকৰো অধিক কাল ধৰি সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন আগবঢ়াই আহিছিল আৰু ইয়াক ‘আমেৰিকা যুক্তৰাষ্ট্ৰ-নেতৃত্বাধীন বৈদেশিক নীতি সম্পৰ্কীয় সিদ্ধান্তৰ সৈতে জড়িত ভুল’ বুলি অভিহিত কৰিছিল।

সন্ত্ৰাসবাদৰ বিশ্ব জোৰা ৰপ্তানি:

আফগানিস্তান
• তালিবান আৰু হাক্কানি নেটৱৰ্কৰ আক্ৰমণ: পাকিস্তানৰ ‘আইএছআই’ (আন্তঃ-সেৱা চোৰাংচোৱাবহিনী)য়ে ‘আফগান তালিবান’ আৰু ‘হাক্কানি নেটৱৰ্ক’ক সমৰ্থন কৰি অহা বুলি ব্যাপকভাৱে তথ্য লাভ কৰা হৈছে, তেওঁলোকক পুঁজি, প্ৰশিক্ষণ আৰু সুৰক্ষিত আশ্ৰয় প্ৰদান কৰি আহিছে পাকিস্তানী সংস্থাটোৱে।
• এই গোটবোৰ আফগান নাগৰিক, চৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বাহিনীসমূহৰ ওপৰত অসংখ্য মাৰাত্মক আক্ৰমণৰ বাবে দায়ী, যাৰ ভিতৰত আছে ২০০৮ চনত কাবুলত ভাৰতীয় দূতাবাসত বোমা বিস্ফোৰণ আৰু ২০১১ চনত কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত হোৱা আক্ৰমণ।
• জ্যেষ্ঠ সাংবাদিক কাৰ্লোটা গলে তেওঁৰ গ্ৰন্থত লিখিছিল যে, “দূতাবাসত সংঘটিত বোমা বিস্ফোৰণ দুৰ্বৃত্ত ‘আইএছআই’ৰ এজেণ্ট-য়ে নিজে কৰা কোনো অভিযান নাছিল। বৰঞ্চ পাকিস্তানী চোৰাংচোৱা বিভাগৰ আটাইতকৈ জ্যেষ্ঠ বিষয়াসকলে ইয়াৰ অনুমোদন দিয়াৰ লগতে ইয়াৰ নিৰীক্ষণো কৰিছিল।”

ৰাছিয়া
• মস্কো কনচাৰ্ট হল আক্ৰমণ (২০২৪): ২০২৫ চনৰ এপ্ৰিলমাহত মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত পাকিস্তানৰ সংযোগৰ তথ্য উদ্ধাৰ হৈছিল। ৰাছিয়া-কৰ্তৃপক্ষই এই কাণ্ডৰ ‘মাষ্টাৰমাইণ্ড’জনক ‘তাজিক’ নাগৰিক বুলি চিনাক্ত কৰিছিল আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে, প্ৰতিবেদনখনৰ মতে, আক্ৰমণকাৰীহঁতৰ পাকিস্তানী নেটৱৰ্কলৈ ঘূৰি অহা লজিষ্টিক বা আদৰ্শগত সমৰ্থন থাকিব পাৰে।
ইৰাণ
• জৈছউল-আদল আক্ৰমণঃ পাকিস্তানভিত্তিক চুন্নী উগ্ৰপন্থী গোট ‘জৈছউল-আদল’-য়ে চিস্তান আৰু বালুচীস্তান প্ৰদেশত ইৰাণৰ নিৰাপত্তা বাহিনীক বাৰে বাৰে আক্ৰমণ কৰি আহিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ইৰাণে ২০২৪ চনৰ ১৬ জানুৱাৰীত পাকিস্তানৰ বেলুচীস্তান প্ৰদেশত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাইছিল, যাক ই ‘জৈছউল-আদল’ৰ দুৰ্গ বুলি উল্লেখ কৰা হয়।
• সীমা-পাৰৰ উগ্ৰবাদ: পাকিস্তানৰ বিৰুদ্ধে ইৰাণে সীমা পাৰৰ আক্ৰমণ কৰা চুন্নী উগ্ৰপন্থীৰ বিৰুদ্ধে পদক্ষেপ লোৱাত ব্যৰ্থ হোৱা আৰু উগ্ৰপন্থীক আশ্ৰয় দিয়াৰ অভিযোগ নিয়মীয়াকৈ উত্থাপন কৰি আহিছে।
ইউনাইটেড কিংডম
• ২০০৫ চনত লণ্ডনৰ বোমা বিস্ফোৰণ: ২০০৫ চনৰ ৭ জুলাইত চাৰিজন ব্ৰিটিছ ইছলামপন্থী সন্ত্ৰাসবাদীয়ে লণ্ডনত সংঘটিত কৰা বোমা বিস্ফোৰণৰ সৈতে পাকিস্তানৰ প্ৰশিক্ষণ আৰু শিক্ষা জড়িত আছিল। ২০০৩ চনৰ পৰা ২০০৫ চনৰ ভিতৰত তিনিজন বোমাৰু-মহম্মদ ছিদ্দিক খান, শ্বেহজাদ তনবীৰ আৰু জাৰ্মেইন লিণ্ডছেই পাকিস্তানত সময় অতিবাহিত কৰিছিল।
পাকিস্তানৰ এবটাবাদত ওছামা বিন লাদেনৰ নিৰাপদ আশ্ৰয় গ্ৰহণ
• ২০১১ চনত পাকিস্তানৰ এবটাবাদত আল-কায়েদা নেতা ওছামা বিন লাদেনক নিহত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানে সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাত পাকিস্তানৰ প্ৰণালীগত বিফলতা উন্মোচিত কৰিছিল। বিন লাদেনে বহু বছৰ ধৰি পাকিস্তানৰ সামৰিক একাডেমীৰ ওচৰৰ এটা চৌহদত অজ্ঞাতবাস কৰিছিল, যাৰ ফলত ‘আইএছআই’ৰে মিত্ৰতাৰ সন্দেহ ঘণীভূত হৈছিল।
জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ অভিযান
• পাকিস্তানৰ ‘আইএছআই’ৰ বিৰুদ্ধে ঢাকাত ২০১৬ চনৰ ‘গুলচন কেফে’ আক্ৰমণ(২০ জন বন্দী নিহত)ৰ বাবে দায়ী নিষিদ্ধঘোষিত ইছলামপন্থী গোট ‘জামাত-উল-মুজাহিদীন বাংলাদেশ’ (জেএমবি)ক পুঁজি যোগান আৰু প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে । ২০১৫ চনত বাংলাদেশী কৰ্তৃপক্ষই ‘জেএমবি’ কৰ্মীলৈ পুঁজি স্থানান্তৰ কৰা কাণ্ড হাতে-লোতে ধৰা পেলোৱাৰ পিছত পাকিস্তানী কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছিল।
• ২০২০ চনৰ এক চোৰাংচোৱা প্ৰতিবেদনত বাংলাদেশৰ কক্সবজাৰ শিবিৰত ৪০ জন ৰহিংগীয়া শৰণাৰ্থীক জেএমবিৰ জৰিয়তে প্ৰশিক্ষণ দিয়াত ‘আইএছআই’ জড়িত থকাৰ কথা প্ৰকাশ পাইছে, যাৰ লক্ষ্য হৈছে তেওঁলোকক ভাৰতত অনুপ্ৰৱেশ কৰোৱা। পশ্চিম বংগ আৰু কেৰালাৰ দৰে ৰাজ্যত ‘স্লিপাৰ চেল’ৰ সৈতে উপসাগৰীয় ৰাষ্ট্ৰ ভিত্তিক বেচৰকাৰী সংগঠন আৰু পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে পুঁজি যোগান ধৰা ‘জেএমবি’ৰ নেটৱৰ্ক বাংলাদেশ আৰু ভাৰতত বিস্তৃত হৈ আছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে গোটটোৰ সম্পৰ্কই ইছলামাবাদৰ আঞ্চলিক প্ৰতিদ্বন্দ্বীসকলক অস্থিৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ‘প্ৰক্সি’ ব্যৱহাৰৰ অভিযোগ নিশ্চিত কৰে।
পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী সংগঠন:
• সৈনিকসকলক জেহাদী প্ৰশিক্ষকত পৰিণত কৰা, সমগ্ৰ দক্ষিণ এছিয়াত দশকজুৰি সন্ত্ৰাসৰ ইন্ধন যোগোৱা এক সামৰিক আৰু চোৰাংচোৱা নেটৱৰ্ক সন্দৰ্ভত পাকিস্তানে কৰা অস্বীকাৰৰ আঁৰত এক নিখুঁত বাস্তৱতা আছে।
• পাকিস্তানে পঞ্জাৱ, খাইবাৰ পাখতুনখোৱা (পূৰ্বতে এনডব্লিউএফপি), ৱাজিৰিস্তান আৰু ‘পাকিস্তান অধিকৃত কাশ্মীৰ’ (পিঅ’কে)ৰ দৰে প্ৰদেশত সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰৰ এক নেটৱৰ্কৰ পৃষ্ঠপোষকতা কৰি আহিছে। ‘লস্কৰ-ই-তৈবা’ (এলইটি), ‘জৈছ-ই-মহম্মদ’ (জেইএম), ‘হিজবুল মুজাহিদীন’ (এইচএম), আৰু ‘আইএছআইএছ-খোৰাচান’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা পৰিচালিত এই শিবিৰসমূহে মৌলবাদ, অস্ত্ৰ প্ৰশিক্ষণ আৰু আত্মঘাতী অভিযানৰ প্ৰস্তুতিৰ কেন্দ্ৰ হিচাপে কাম কৰে। পাকিস্তানী সেনাৰ প্ৰাক্তন কৰ্মীয়ে প্ৰায়েই প্ৰশিক্ষণত সহায় কৰে, অভিযানৰ মাৰাত্মকতা বৃদ্ধি কৰিবলৈ সামৰিক দক্ষতা প্ৰদান কৰে।

• আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় দেশীয় প্ৰতিবেদন ২০১৯ত পাকিস্তানক এনে এখন দেশ হিচাপে চিনাক্ত কৰা হৈছে যি “কিছুমান আঞ্চলিকভাৱে কেন্দ্ৰীভূত সন্ত্ৰাসবাদী গোটৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থলী হিচাপে কাম কৰি আহিছে।”
• ‘পাকিস্তান আৰ্মী এণ্ড টেৰৰিজম: এন আনহলী এলায়েন্স’ শীৰ্ষক এক প্ৰতিবেদনত ‘ইউৰোপিয়ান ফাউণ্ডেশ্যন ফৰ ছাউথ এছিয়ান ষ্টাডিজ’-য়ে পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠান, ইয়াৰ চোৰাংচোৱা সংস্থা- ‘আইএছআই’ আৰু উগ্ৰ ধৰ্মীয় নেতাসকলৰ মাজত এক গভীৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে।
• ২০১৯ চনৰ ছেপ্টেম্বৰত ব্ৰিগেডিয়াৰ শ্বাহে পাকিস্তানৰ ব্যক্তিগত নিউজ চেনেল ‘হাম নিউজ’ ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ সাক্ষাৎকাৰত এক চাঞ্চল্যকৰ স্বীকাৰোক্তি কৰিছিল৷ টক শ্ব’টোৰ সময়ত সাংবাদিক নাদিম মালিকৰ সৈতে কথা পাতোতে শ্বাহে স্বীকাৰ কৰে যে পাকিস্তানে গোটটোক মূলসুঁতিলৈ অনাৰ প্ৰয়াসত সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱা (জেইউডি)ৰ নামত লাখ লাখ টকা খৰচ কৰিছে৷
• এক সাক্ষাৎকাৰত মুছাৰফে স্বীকাৰ কৰিছিল যে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কাশ্মীৰীসকলক ‘মুজাহিদীন’ হিচাপে “পাকিস্তানত প্ৰশিক্ষণ” দিয়া হৈছিল। তেওঁ জেহাদী সন্ত্ৰাসবাদীসকলক পাকিস্তানৰ “নায়ক” বুলি অভিহিত কৰে আৰু আনকি পাকিস্তানৰ দ্বাৰা “নায়ক” বুলি গণ্য কৰাসকলৰ ভিতৰত বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওচামা বিন লাদেন, আয়মান আল-জাৱাহিৰী আৰু জালালুদ্দিন হাক্কানিৰ নামো উল্লেখ কৰে।

Pahalgam Attack: সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে পাকিস্তানৰ আশংকা

Pahalgam Attack: সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে পাকিস্তানৰ আশংকা
Pahalgam Attack: সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে পাকিস্তানৰ আশংকা

কাশ্মীৰৰ পেহলগামত সংঘটিত(Pahalgam Attack)ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কথা ভাৰতে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ছুইডেনৰ কোম্পানী এছ এ এবে কয় যে তেওঁলোকে এ টি ৪ এণ্টি আৰ্মৰ অস্ত্ৰ ব্যৱস্থা ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰদান কৰিছে। ভাৰতৰ অস্ত্ৰভাণ্ডাৰত শেহতীয়াকৈ এই ব্যৱস্থা সংযোজন কৰাটোৱে পাকিস্তানৰবুকু কঁপাই তুলিছে্।এক্সৰ এটা পোষ্টত ছাব ইণ্ডিয়াই অস্ত্ৰ ব্যৱস্থাটোৰ ডেলিভাৰী নিশ্চিত কৰি কয় যে ভাৰতে এ টি ৪ চি এছ এ এছ টি ভেৰিয়েণ্ট ক্ৰয় কৰিছে, যিটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, য’ত অট্টালিকাৰ ভিতৰৰ পৰা, বাংকাৰ, আৰু অন্যান্য নগৰীয়া পৰিৱেশৰ পৰা ব্যৱহাৰ কৰাৰ সুভিদা ৰখা হৈছে।

‘আমি গৌৰৱান্বিত যে আমাৰ এ টি ৪ এণ্টি আৰ্মৰ অস্ত্ৰ ব্যৱস্থা ভাৰতীয় সশস্ত্ৰ বাহিনীক দিয়া হৈছে।প্ৰতিযোগিতামূলক মূল্যায়নৰ জৰিয়তে নিৰ্বাচিত এ টি ৪ এ চুটি দূৰত্বৰ যুদ্ধৰ বাবে এক বিশ্বাসযোগ্য সামৰিক সমাধান হিচাপে ভাৰতৰ অস্ত্ৰভাণ্ডাৰত যোগদান কৰিছে। আমাৰ কাৰ্ল-গুষ্টাফ ব্যৱস্থাৰ দীৰ্ঘদিনীয়া ব্যৱহাৰকাৰী ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আমাৰ এ টি ৪ অস্ত্ৰ ব্যৱস্থাৰ প্ৰতিও আস্থা বৃদ্ধি কৰাৰ লগে লগে এয়া এক মাইলৰ খুঁটি।’ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ সঁহাৰিৰ ধৰণ, লক্ষ্য, আৰু সময়ৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে।মঙলবাৰে ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেলৰ সৈতে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদৰ ওপৰত আঘাত কৰাটো আমাৰ ৰাষ্ট্ৰীয় সংকল্প।প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা প্ৰকাশ কৰি কয় যে আমাৰ সঁহাৰিৰ ধৰণ, লক্ষ্য, আৰু সময়ৰ বিষয়ে সিদ্ধান্ত ল’বলৈ তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে।প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ কেইঘণ্টামানৰ পাছতে বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে যোৱা সপ্তাহৰ পেহলগাম আক্ৰমণক আগ্ৰাসনৰ অজুহাত হিচাপে ভাৰত ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে তাৰাৰে সতৰ্কবাণী প্ৰদান কৰি কয় যে, “পাকিস্তানৰ হাতত বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে যে ভাৰতে পেহলগামৰ কাণ্ডৰ অজুহাত দেখুৱাই অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাবলৈ মনস্থ কৰিছে। যিকোনো আগ্ৰাসনৰ কাৰ্য্যই নিৰ্ণায়ক সঁহাৰিৰ সন্মুখীন হ’ব। অঞ্চলটোত যিকোনো গুৰুতৰ পৰিণতিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে দায়ী হ’ব।”

Hs Result 2025: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাস, নতুন অভিলেখ ৰচিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে

Hs Result 2025: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাস, নতুন অভিলেখ ৰচিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে
Hs Result 2025: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাস, নতুন অভিলেখ ৰচিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে

এটা সময় আছিল যেতিয়া পৰীক্ষাৰ্থীয়ে পৰীক্ষা(Hs Result 2025)দি উঠি ফলাফলৰ বাবে মাহৰ পিছত মাহ জুৰি অপেক্ষা কৰিব লাগিছিল। কিন্তু এইবাৰ পূৰ্বৰ সেই পৰম্পৰাৰ অৱসান ঘটিল। এই বাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল পোন প্ৰথমবাৰৰ বাবে ৪৪ দিনৰ ভিতৰতে ঘোষণা কৰা হ’ল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ১২ টাকৈ ৱেবছাইটত ঘোষণা কৰে ফলাফল । ফলাফল ঘোষণা কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।পৰিষদৰ সচিব নৰনাৰায়ণ নাথে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে এপ্ৰিল মাহতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল‌ ঘোষণা কৰা হৈছে‌ । পৰীক্ষা শেষ হোৱাৰ ৪৪ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে । এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও সৰ্বাধিক আছিল।

সচিবগৰাকীয়ে কয়, “আবেদন কৰা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩ লাখ ৬ হাজাৰ‌ ৯২৫ গৰাকী ‌। তাৰ বিপৰীত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে ৩ লাখ ২ হাজাৰ ৬১৩ গৰাকী শিক্ষাৰ্থী । পৰীক্ষাত উত্তীৰ্ণ হৈছে ২,৪৭,৪৬২ গৰাকী শিক্ষাৰ্থী ।” তেওঁ লগতে কয়, “কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ আৰু বাণিজ্য শাখাত ৮২.১৮ শতাংশ । আনহাতে ভ’কেচনেল বা বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ ।

Higher Secondary: প্ৰথমবাৰলৈ নতুন নিয়মঃ উচ্চতৰ মাধ্যমিকৰ একেখনেই হ’ব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট

Higher Secondary: প্ৰথমবাৰলৈ নতুন নিয়মঃ উচ্চতৰ মাধ্যমিকৰ একেখনেই হ'ব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট
Higher Secondary: প্ৰথমবাৰলৈ নতুন নিয়মঃ উচ্চতৰ মাধ্যমিকৰ একেখনেই হ'ব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয়।(Higher Secondary) এইবেলি পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে কেতবোৰ নিয়মো প্ৰৱৰ্তন হল। সেইমৰ্মে প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুখন বেলেগ বেলেগ নথি নাথাকিব ।

একেখনেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হ’ব । সামগ্ৰিক ফলাফল সন্দৰ্ভত তেওঁ কয়, “বিগত বৰ্ষৰ তুলনাত উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে যদিও ফলাফল সন্তোষজনক। ইফালে দুদিন পিছতে বিশেষ পৰ্টেল মুকলি কৰা হ’ব । য’ত শিক্ষাৰ্থীসকলে নিজৰ অভিযোগ বা আপত্তি উল্লেখ কৰিব পাৰিব । লগতে উত্তৰ বহি পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব । য’ত শিক্ষাৰ্থীসকলে নিজৰ অভিযোগ বা আপত্তি উল্লেখ কৰিব পাৰিব। লগতে উত্তৰ বহি পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব। উল্লেখ্য বুধবাৰে অসম ৰাজ‍্যিক বিদ‍্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভোকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০২৫ৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিছে ৷

Margherita News: মাৰ্ঘেৰিটাত অত্যাধুনিক বিলাসী শীত-তাপ নিয়ন্ত্ৰিত বাছ ৰেষ্টুৰেন্ট

Margherita News: মাৰ্ঘেৰিটাত অত্যাধুনিক বিলাসী শীত-তাপ নিয়ন্ত্ৰিত বাছ ৰেষ্টুৰেন্ট
Margherita News: মাৰ্ঘেৰিটাত অত্যাধুনিক বিলাসী শীত-তাপ নিয়ন্ত্ৰিত বাছ ৰেষ্টুৰেন্ট

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ পৰিণত হ’ল বিলাসী শীত-তাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেন্টলৈ।(Margherita News)

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছে আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে।

কিন্তু শেহতীয়াকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন ৰঙা বাছ ৰাইজৰ দৃষ্টি আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আশীষ পাল নামৰ ব্যক্তি গৰাকীয়ে অসম পৰিবহন নিগমৰ এখন পৰিত্যক্ত বাছ চৰকাৰী নীতি-নিয়মেৰে ক্ৰয় কৰি মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ চৌহদতে গঢ়ি তুলিলে ৰেষ্টুৰেন্ট হিচাপে।

বুধবাৰে আনুষ্ঠানিকভাৱে ৰেষ্টুৰেন্টখন মুকলি কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

অগতানুগতিক ভাৱে গঢ়ি তোলা ৰেষ্টুৰেণ্টখনে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ যে সক্ষম হ’ব।

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰদীপ বৰাক বিদায় সম্বৰ্ধনা, চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰদীপ বৰাক বিদায় সম্বৰ্ধনা
Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী প্ৰদীপ বৰাক বিদায় সম্বৰ্ধনা

নিস্বাৰ্থ সেৱাৰ বাবে প্ৰদীপ বৰাৰ নামটো সাহিত্য(Assam Sahitya Sabha)সভাৰ ইতিহাসত সদায় খোদিত হৈ থাকিব। বুধবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰদীপ বৰাৰ চাকৰিৰ কাৰ্যকাল সমাপ্তিৰ উপলক্ষ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। সভাখনত অংশ লৈ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰদীপ বৰাৰ নিষ্ঠা আৰু সততাক সভাই সদায় স্মৰণ কৰিব বুলি মন্তব্য কৰে।

অসম সাহিত্য কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ বিদ্যায়তনিক কেন্দ্ৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ সমন্বয়ক ড° ৰাজশ্ৰী হাজৰিকাই আঁত ধৰা সভাখনত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই বৰাৰ কৰ্মনিষ্ঠাৰ শলাগ লয় আৰু তেওঁৰ সুস্বাস্থ্য তথা সুখী ভৱিষ্যত জীৱনৰ কামনা কৰে৷ সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে সভাৰ এইগৰাকী মৃদুভাষী সেৱকৰ ব্যক্তিত্বৰ বিভিন্ন দিশত আলোকপাত কৰে৷ সভাত প্ৰদীপ বৰাক গামোচা, চেলেং, প্ৰশস্তি পত্ৰ, শৰাই আদিৰে অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয় ৷ কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ মাজৰ পৰা উচ্চবৰ্গৰ সহায়ক নৃপেন ভঁৰালী, গাণনিক ধ্ৰুৱজ্যোতি বৰদলৈ আৰু নিম্নবৰ্গৰ সহায়ক দিগন্ত কুমাৰ মহন্তই প্ৰদীপ বৰাৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়ায় ৷

প্ৰদীপ বৰাইও সভাৰ সৈতে একাত্ম হৈ সুদীৰ্ঘ পঁচিশ বছৰ সেৱা আগবঢ়োৱাৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে৷ অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ড°জ্যোতিৰেখা হাজৰিকাই ৷ ইফালে বিয়লি ৫ বজাত অৱসৰী কৰ্মচাৰী প্ৰদীপ বৰাক কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সভাৰ কৰ্মচাৰী প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা মূল প্ৰৱেশ দুৱাৰলৈকে মাংগলিক নীতি-নিয়মৰে আনুষ্ঠানিকভাৱে বিদায় প্ৰদান কৰে।।

Apko: উৰিয়াগাঁৱত “আপকু”ৰ নগাঁও জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Apko: উৰিয়াগাঁৱত "আপকু"ৰ নগাঁও জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Apko: উৰিয়াগাঁৱত "আপকু"ৰ নগাঁও জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

‘আসাম প্ৰেছ ক’ৰেছপণ্ডেছ ইউনিয়ন’ চমুকৈ “আপকু”ৰ ৩২(Apko) সংখ্যক প্ৰতিষ্ঠা দিৱসটি নগাঁও জিলা সমিতিৰ উদ্যোগত আজি বিভিন্ন কাৰ্যসূচীৰে উৰিয়াগাঁৱত উদযাপন কৰা হয়। উৰিয়াগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত অন্যান্য কাৰ্যসূচীৰ লগতে বিয়লি অনুষ্ঠিত হোৱা এক সভাত জিলাখনৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি ক্ষেত্ৰৰ লগত জড়িত আঠগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

“আপকু”ৰ নগাঁও জিলা সমিতিৰ সভাপতি অপূৰ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট কালী বাদক ভীমেশ্বৰ মুদৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যশিল্পী জীৱন চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ফজলুল হক মৰল, বিশিষ্ট সমাজসেৱক, প্ৰবীণ অভিনেতা নৰেন্দ্ৰ নাথ বৰা, ৰাষ্ট্ৰসংঘৰ স্থায়ী সামাজিক প্ৰতিনিধি পংকজ জ্যোতি হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰশিক্ষক, বিচাৰক তথা ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা, ভাস্কৰ্য শিল্পী পংকজ মহন্ত, সমাজসেৱক শৰৎ চন্দ্ৰ বৰা (মিলন)ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

“আপকু”ৰ নগাঁও জিলা সমিতিৰ সম্পাদক সমৰেন্দ্র নাৰায়ণ বৰাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যক্ষা, লেখিকা ৰিণ্টু দাস, বিশিষ্ট নাট্যকাৰ,পৰিচালক, অভিনেতা কমলেশ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক থুলেশ্বৰ শইকীয়া, বিশিষ্ট শিল্পী, কবি, লেখক গোলাপ বৰাই অংশগ্ৰহণ কৰে। সভাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ (দৌৰবিদ) পাহী কেওটক ফুলাম গামোচাৰে “আপকু”ৰ জিলা সমিতিৰ তৰফৰ সম্ভাষণ জনোৱা হয়।সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাসে কৃতী খেলুৱৈ পাহী কেওটক ব্যক্তিগতভাৱে পাঁচ হেজাৰ টকা প্ৰদান কৰি আৰ্থিক দিশত সহায় কৰিব বুলি ভাষণত উল্লেখ কৰে।সভাত সম্বৰ্ধিত কে’বাগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি “আপকু”য়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোৱা এনে পদক্ষেপৰ শলাগ লয়।

তদুপৰি সভাত আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি অপূৰ্ব হাজৰিকাই ভাষণত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাহী কেওটক অহা ৯ মে’ত বঢ়মপুৰৰ ৰাংঢালী ব’হাগী উৎসৱৰ অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব বুলি ভাষণত উল্লেখ কৰাৰ উপৰিও উক্ত অনুষ্ঠানতে খেলুৱৈগৰাকীক পাঁচ হেজাৰ টকা প্ৰদান কৰি আৰ্থিকভাৱে সকাহ দিব বুলি মন্তব্য কৰে। একেদৰে, “আপকু”ৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰাও খেলুৱৈগৰাকীক আৰ্থিক ভাৱে সহায় কৰা হ’ব বুলি সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই ঘোষণা কৰে।

সভাত বিশিষ্ট লেখক নবীন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, লেখিকা বৈজয়ন্তী খাউণ্ড, সমাজকৰ্মী কিৰণ কুমাৰ নেওগ, নাট্যকৰ্মী পদুম বৰুৱা, দেবেন বৰা, “আপকু”ৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বাশ্বাৰ উল্লাহ মুজাদাদ্দি, সহকাৰী সম্পাদক নিপুল বৰা, জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়া, জয়ন্ত বৰা, খাইৰুল ইছলাম, বৰুণ জ্যোতি নেওগ, সুৰজ কুমাৰ বৰা, ৰিতু নেওগ, হিমাংশু বৰা, ৰাজ জ্যোতি দাস, গাঁওপ্ৰধান নিপাংকৰ শইকীয়া, পদ্ম হাজৰিকা, জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে।

উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তুষ্ট নহয় নেকি? তেন্তে চাব পাৰিব নিজৰ উত্তৰবহী, কেনেকৈ জানক… । HS

উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তুষ্ট নহয় নেকি? তেন্তে চাব পাৰিব নিজৰ উত্তৰবহী, কেনেকৈ জানক… । HS
উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তুষ্ট নহয় নেকি? তেন্তে চাব পাৰিব নিজৰ উত্তৰবহী, কেনেকৈ জানক… । HS

গুৱাহাটী: ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষা ২০২৫ৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (AHSEC) বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই ফলাফল ঘোষণা কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে কেৱল ৪৪ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে, যি এক নতুন ৰেকৰ্ড বুলি পৰিষদে জানিবলৈ দিয়ে।

এইবাৰ পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ, বাণিজ্য শাখাত ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত ৬৮.৫৫ শতাংশ। উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি —

  • কলা শাখা: ১,৮৩,৭৪৫ গৰাকী
  • বিজ্ঞান শাখা: ১৪,৫৮৪ গৰাকী
  • বাণিজ্য শাখা: ১৪,৫৮৪ গৰাকী
  • বৃত্তিমূলক শাখা: ৮০২ গৰাকী

শিক্ষা পৰিষদে জাননী দিয়ে যে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক এখনেই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰদান কৰা হ’ব যাতে তেওঁলোকে ৰাজ্যৰ বাহিৰত নামভৰ্তিৰ সুবিধা সহজে লাভ কৰিব পাৰে।

ফলাফলত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীসকলে নিজৰ উত্তৰবহী পুনঃৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। এই প্ৰক্ৰিয়া দুদিনৰ পাছত আৰম্ভ হ’ব আৰু তাৰ বাবে এটা অনলাইন প’ৰ্টেল মুকলি কৰা হ’ব। পুনঃৰীক্ষণৰ আবেদন কৰা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ উত্তৰবহী মেইলযোগে প্ৰেৰণ কৰা হ’ব।

HS Exam Results 2025 ।এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ত ১০০% ফলাফল ভাল ।

HS Exam Results 2025 ।এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ত ১০০% ফলাফল ভাল ।
HS Exam Results 2025 ।এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ত ১০০% ফলাফল ভাল ।

HS Exam Results 2025 । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত ফেৰ মাৰিবলৈ সক্ষম এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ।কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৭০ জন প্রথম বিভাগ ৪০জন দ্বিতীয় বিভাগ আৰু মাত্ৰ ১ জন তৃতীয় বিভাগ লাভ কৰি উৰ্ত্তীণ ।

ৰাজ্যত আজি ৰাতিপুৱা ৯ বজাত ঘোষণা হৈছে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল।যি সময় বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয় কাৰ তেনে সময়ত এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০% ফলাফলেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে।

এই বৰ্ষত দৰং জিলাৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কৌপাটিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১১১ গৰাকী ছাত্ৰ-ছাত্ৰী।তাৰে ভিতৰত ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত লগতে ১১ গৰাকী ষ্টাৰ মাৰ্ক ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু মাত্ৰ ১ গৰাকী ছাত্ৰ ই তৃতীয় বিভাগ লাভ কৰি উৰ্ত্তীণ হবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিগত তিনিটা বছৰ ধৰি ১০০% ফলাফলৰে উজলি উঠিছে এই বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে। বিদ্যালয় কতৃপক্ষই এই ফলাফলক লৈ বহু আশাবাদী হৈ পৰিছে লগতে শিক্ষক তথা ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভেচ্ছা জনায়…

বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025

বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025
বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025

পশ্চিম কাৰ্বি আংলং, ৩০ এপ্ৰিল: HS Results 2025
অসমৰ পাৰ্বত্য অঞ্চলৰ পৰা অহা এটি গৌৰৱৰ খবৰ। এইবাৰ ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণস্থিত হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এক নতুন ইতিহাস গঢ়িছে।

বিদ্যালয় খনৰ অধ্যক্ষ দধিৰাম শৰ্মায়ে জনোৱা অনুসৰি, এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ শতাংশ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল, যাৰ ভিতৰত ৪ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে আৰু বাকী ৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:

  • প্ৰিটি টেৰনপী
  • ৰোমেলিন হানচেপী
  • ৰোপজেলি হানচেপী
  • ৰোপথাৰলিন টেৰনপী

দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:

  • বিৰটিচৈ ইংতিপি
  • অমৰিত চিং তিমুং
  • লাৰটা বেপী
  • মেৰিনা টিচ্চপি

বিদ্যালয়খনৰ এই অভূতপূর্ব সফলতাৰ খবৰ পোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি আনন্দ আৰু গৌৰৱৰ বতৰা ছটিয়াই পৰিছে। অভিভাৱক, শিক্ষক আৰু স্থানীয় বাসিন্দাসকলৰ মাজত আনন্দৰ বন্যা পৰিছে।

অধ্যক্ষ শৰ্মাই কয়, “এই সফলতা বিদ্যালয়খনৰ বাবে এক গৌৰৱৰ খনৰ ৰূপ লৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু শিক্ষকৰ নিঃস্বাৰ্থ সেৱাৰ ফলত এই ফলাফল সম্ভব হৈছে।”

উল্লেখযোগ্য যে, এইবাৰ প্রথমবাৰৰ বাবে হামৰেণ গাৰ্লছ উঃমাঃবিঃৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।