Home Blog Page 1981

অসমৰ দুই খেলুৱৈৰ বাবে চাকৰিৰ প্ৰস্তাৱ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

অসমৰ দুই খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই দিলে চাকৰিৰ প্রস্তাৱ। সমগ্ৰ অসমৰ লগতে ভাৰতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত সফল প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিছে অসমৰ দুগৰাকী সাঁতোৰবিদ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাই।

উল্লেখ্যযোগ্য যে এই দুগৰাকী সাঁতোৰবিদ যুৱতীলৈ লৈ চাকৰিৰ প্ৰস্তাৱ আগবঢ়াইছে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে। আৰু শুকুৰবাৰে দুয়োগৰাকী সাঁতোৰবিদে যোগদান কৰিব উত্তৰ-পূৱ ৰে’লৱেত।

শেহতীয়াকৈ ৰাষ্ট্রীয় ক্রীড়াত দুয়োগৰাকী খেলুৱৈয়ে ভংগ কৰিছে ৰাষ্ট্রীয় অভিলেখ।

মেটা ইণ্ডিয়াৰ মুৰব্বী অজিত মোহনৰ পদত্যাগ…

মেটা ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুৰব্বী অজিত মোহনে মেটা ইণ্ডিয়াৰ পৰা কৰিলে পদত্যাগ। প্ৰাপ্ত তথ্য অনুসৰি অজিত মোহনে প্ৰতিদ্বন্দ্বী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম স্নেপচাটত যোগদান কৰিব।

মেটাৰ গ্লোবেল বিজনেছ গ্ৰুপৰ উপ-সভাপতি নিকোলা মেণ্ডেলচোহনে এক বিবৃতিৰ জৰিয়তে কয়, “কোম্পানীৰ বাহিৰত আন এটা সুযোগ ৰক্ষা কৰিবলৈ অজিতে মেটাত তেওঁৰ ভূমিকাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।”

অজিত মোহনে ২০১৯ চনৰ জানুৱাৰীত ফেচবুক ইণ্ডিয়াত পৰিচালনা সঞ্চালক হিচাপে যোগদান কৰিছিল। তেওঁৰ কাৰ্যকালত, কোম্পানীৰ দুটা অফাৰ – হোৱাটছএপ আৰু ইনষ্টাগ্ৰামত ভাৰতত 200 নিযুতৰো অধিক ব্যৱহাৰকাৰী যোগ দিছিল।

মোহনে ষ্টাৰ ইণ্ডিয়াৰ ভিডিঅ’ ষ্ট্ৰীমিং সেৱা হটষ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও চাৰি বছৰ কাম কৰিছিল।

CRPFত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদকেৰে সন্মানিত দুগৰাকী মহিলা বিষয়া হ’ল মহাপৰিদৰ্শক !

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। ৩৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত দুগৰাকী মহিলা বিষয়াক মহাপৰিদৰ্শক (আই জি) পদবীলৈ উন্নীত কৰা হৈছে। তেওঁলোকৰ নাম এনি আব্ৰাহাম আৰু সীমা ধুণ্ডিয়া। দুয়োগৰাকী মহিলা বিষয়াই ১৯৮৭ চনত চি আৰ পি এফত যোগদান কৰিছিল। 

বিষয়াসকলে জনোৱা মতে, চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এনি আব্ৰাহামক ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ আই জি নিযুক্তি দিয়া হৈছে, আনহাতে সীমা ধুণ্ডিয়াক বিহাৰ খণ্ডৰ আই জি নিযুক্তি দিয়া হৈছে। এনি আৰু সীমা প্ৰথম বেটচৰ। দুয়োৰে কেৰিয়াৰ প্ৰত্যাহ্বানমূলক। দুয়োজনে অতি স্পৰ্শকাতৰ ক্ষেত্ৰত কাম কৰিছে।
চি আৰ পি এফৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এনি আৰু সীমাক তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰা হৈছে। সীমা ধুণ্ডিয়াই দেশৰ বহু স্পৰ্শকাতৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। চি আৰ পি এফৰ দ্বিতীয় মহিলা বেটেলিয়নক শক্তিশালী কৰাত তেওঁ অতি সক্ৰিয় আছিল। লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত প্ৰথম মহিলা গঠিত আৰক্ষী ইউনিট (এফ পি ইউ)ৰ অধিনায়ক আছিল। আৰ এ এফত ডি আই জি হিচাপেও কাম কৰি আহিছে।
এনি আব্ৰাহামছে লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত সৰ্বমহিলা এফ পি ইউৰ কমাণ্ড কৰাৰ উপৰিও ফৰ্চৰ মুখ্য কাৰ্যালয়ত ডি আই জি চোৰাংচোৱা হিচাপে কাশ্মীৰ অপাৰেচন ছেক্টৰৰ অপাৰেচনৰ দলত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ কয় যে ‘ট্ৰেইনিঙৰ অন্তত মোৰ পোষ্টিং অযোধ্যাত কৰা হ’ল। তেতিয়াৰ পৰাই জীৱনটো প্ৰত্যাহ্বানমূলক হৈ পৰিছে যদিও আমি বহু কথা শিকিলোঁ।’
এনি আব্ৰাহামছে কয়, ‘মই মিজোৰামত এটা সম্পূৰ্ণ পুৰুষৰ বেটেলিয়নৰ নেতৃত্ব দিছিলো। ২০০৮ চনত ভূমি বিবাদৰ বাবে কেন্দ্ৰীয় বেটেলিয়নটো তাৰ পৰা জম্মুলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। দলটোক একেলগে ৰখাটো এটা কঠিন কাম।” নতুন ভূমিকাই আৰ এ এফে অধিক উচ্চতা লাভ কৰাটো নিশ্চিত কৰিব বুলিও তেওঁ কয়।’
১৯৮৬ চনত মহিলাক যুদ্ধত অৱতীৰ্ণ কৰা প্ৰথমটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আছিল চি আৰ পি এফ। বৰ্তমান ইয়াৰ ছটা এনে বেটেলিয়ন আছে; য’ত ৬ হাজাৰৰো অধিক মহিলা কনিষ্টবলৰ পদত নিযুক্তি দিয়া হয়।

৬ খন ৰাজ্যৰ ৭ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ উপৰিও দেশৰ আন পাঁচখন ৰাজ্যৰ ছয়খন বিধানসভা আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।  হাৰিয়ানা আৰু তেলেংগানাৰ দুজন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাৰ বাবে সেই দুখন আসন খালী হৈছিল।একনাথ চিন্দেৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত উদ্ধৱ থাকৰেই  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীপদ হেৰুৱাইছিল। 
বাবা বালাচাহাব থাকৰেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা দলটোৱে পূৰ্বৰ  নাম আৰু প্ৰতীকো হেৰুৱাইছে। এই পৰিস্থিতিত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই আন্ধেৰী-পূব বিধানসভাৰ উপনিৰ্বাচনক ৰাজনৈতিক পুনৰুজ্জীৱিতকৰণৰ এক সুযোগ হিচাবে গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে পুৱা আন্ধেৰী-পূব সমষ্টিতো  উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। ৰিতুজা লাটে ‘মশাল’ৰ চিহ্নত উদ্ধৱৰ দল শিৱসেনাৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। তেওঁৰ স্বামী শিৱসেনাৰ বিধায়ক ৰমেশৰ মৃত্যুৰ বাবে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।  এনচিপি আৰু কংগ্ৰেছে উপনিৰ্বাচনত উদ্ধৱৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে। আনহাতে, শাসকীয় বিজেপি-ছিন্দেৰ সেনা মিত্ৰজোঁটে বালাচাহেবৰ অনুগামী ৰমেশক সন্মান জনাই আন্ধেৰী-পূব বিধানসভাত প্ৰাৰ্থী প্ৰদান কৰা নাই। 
কংগ্ৰেছৰ দুজন বিধায়ক – হাৰিয়ানাৰ আদমপুৰৰ কুলদীপ বিষ্ণোই আৰু তেলেংগানাৰ মুনুগোৰৰ আৰ কে ৰাজাগোপাল ৰেড্ডীয়ে পদত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল। হাৰিয়ানাৰ  ভজন লালৰ পুত্ৰ কুলদীপে তেওঁৰ পুত্ৰ ভৱ্যক আদমপুৰত পদুমৰ প্ৰতীকত থিয় কৰোৱাইছে।  আনহাতে মুনুগোডেৰ ৰাজাগোপালে  বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে। 
২০২০ চনত লালু প্ৰসাদৰ প্ৰিয়  প্ৰাৰ্থী অনন্ত সিঙে মোকামাত জয়ী হৈছিল। অস্ত্ৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁ তেওঁৰ বিধায়ক পদ হেৰুৱাইছিল। আনহাতে, বিজেপি বিধায়ক সুভাষ সিঙৰ মৃত্যুৰ বাবে গোপালগঞ্জত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটগণনা দেওবাৰে অনুষ্ঠিত হ’ব।

কপালত ফোঁট নোলোৱাৰ বাবেই মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ এগৰাকী হিন্দুত্ববাদী নেতাৰ

সম্ভাজি ভিন্দে নামৰ মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান নেতাগৰাকীয়ে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি বুধবাৰে ভিন্দেই এগৰাকী মহিলা টিভি সাংবাদিকক এই দুৰ্বব্যৱহাৰ কৰিছে। ভিন্দেৰ সাক্ষাৎকাৰ ল’বলৈ যোৱা মহিলাগৰাকীয়ে কপালত বিন্দী তথা ফোঁট নোলোৱাৰ বাবেই বৰ্ষীয়ান নেতাগৰাকীয়ে কটু বাক্য প্ৰয়োগ কৰে।

বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক সাক্ষাৎ কৰি অহাৰ পাছতে মহিলা সাংবাদিকগৰাকীয়ে ভিন্দেৰ মুখামুখি হয়। কিন্তু সাংবাদিকগৰাকীয়ে কপালত ফোঁট নোলোৱাৰ বাবে ভিন্দেই সাক্ষাৎকাৰ দিবলৈ অমান্তি হয়।

ভিডিঅ’ত দেখা পোৱা অনুযায়ী, ভিন্দেই মহিলা সাংবাদিকগৰাকীক কোৱা দেখা গৈছে যে তেওঁৰ বক্তব্য লোৱাৰ পূৰ্বে সাংবাদিকগৰাকীয়ে ফোঁট লৈ আহিব লাগিব। তদুপৰি ভিন্দেই  কয় যে এগৰাকী মহিলা ‘ভাৰতমাতা’ৰ দৰে আৰু ‘ভাৰতমাতা’ কেতিয়াও বিধৱা নহয়।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। মহাৰাষ্ট্ৰৰ মহিলা আয়োগৰ চেয়াৰপাৰ্ছন ৰূপালী চাকানকাৰে ভিন্দেক এখন চমনো জাৰি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভিন্দেই বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰিছিল। ২০১৮ চনত তেওঁ কৈছিল যে তেওঁৰ ফলৰ বাগিচাৰ পৰা আম খালে বিবাহিত দম্পত্তিসকলে পুত্ৰসন্তান লাভ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২ নৱেম্বৰৰ পৰা মুকলি হ’ল হাতী চাফাৰী

 ২ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আৰম্ভ হাতী চাফাৰী৷ এশিঙিয়া গড়ৰ বাবে বিখ্যাত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিছুদিনৰ বাবে বন্ধ হৈ আছিল যদিও বৰ্তমান আগৰ দৰেই পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে উদ্যানখন৷ 
যোৱা ২২ ছেপ্টেম্বৰত, অসমৰ মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই সধগুৰু বাসুদেৱৰ সৈতে  পৰ্যটকসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰে।উল্লেখ্য যে , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ বেছি  বন্যপ্ৰাণী থকা স্থান সমূহৰ  ভিতৰত এটা।
ইয়াত ২৪০০ৰো অধিক এক শিঙৰ গঁড় আছে, যি হৈছে বিশ্বৰ মুঠ এক শিঙৰ গঁড়ৰ জনসংখ্যাৰ দুই তৃতীয়াংশ ৷অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী, বনৰীয়া পানী ম’হ আৰু জলাভূমিহৰিৰ বৃহৎ  জনসংখ্যা আছে।তদুপৰি পূব হিমালয় জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ কাষত অৱস্থিত, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উচ্চ প্ৰজাতিৰ বৈচিত্ৰ্য আৰু দৃশ্যমানতা একত্ৰিত কৰা হৈছে।

টেঙাখাটৰ চেনীৰাম দাসৰ শাৰীৰিক নিৰ্যাতনেই পৰী কৰ্মকাৰৰ আত্মহত্যাৰ কাৰণ?

টেঙাখাতত এগৰাকী স্কুল শিক্ষকৰ ঘৰত এগৰাকী বন কৰা ছোৱালীয়ে ৰহস্যজনক ভাৱে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অষ্ট্ৰেলিয়াৰ চিৰিয়াখানাৰ পৰা পাঁচটা সিংহই পলায়ন কৰাৰ পাছতে লক ডাউন ঘোষণা কৰা হ’ল…

চিৰিখানাৰ বেষ্টনীৰ পৰা পাঁচটা সিংহই পলায়ন কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ এখন চিৰিয়াখানাত। পাঁচটাকৈ সিংহই বেষ্টনী এৰি ওলাই যোৱাৰ পাছতে এক জৰুৰীকালীন পৰিস্থিতিৰ সূচনা হৈছে চিৰিয়াখানা খনত।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চিডনীৰ টাৰোঙ্গা চিৰিয়াখানাত। বুধবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ৬.৩০ বজাত টাৰোঙ্গা চিৰিয়াখানাৰ প্ৰদৰ্শনীৰ বাহিৰলৈ ওলাই আহে এটা প্ৰাপ্তবয়স্ক সিংহ আৰু চাৰিটা পোৱালী।

এনে পৰিস্থিতিত দেখা দিব পৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানাখনত কিছু সময়ৰ বাবে লকডাউন কৰা হয়। অৱশ্যে সাময়িক এই চাঞ্চল্যৰ পিছত আটাইকেইটা সিংহকে সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় চিকিৎসালয় কৰ্তৃপক্ষ।

চিৰিয়াখানাৰ এগৰাকী কৰ্মচাৰীয়ে উল্লেখ কৰা মতে আটাইকেইটা সিংহক উদ্ধাৰ কৰা হ’লেও এটা পোৱালীক ট্ৰেংকুলাইজ কৰিব লগা হয়। অৱশ্যে এই সময়ত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি তেওঁ সদৰী কৰে।

ইফালে চিৰিয়াখানাৰ কাৰ্যবাহী সঞ্চালক চাইমন ডাফিয়ে এই ঘটনাত হ’ব পৰা গুৰুতৰ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি বিষয়টোৰ তদন্ত কৰা হ’ব বুলি সদৰী কৰিছে।স্থানীয় সংবাদ মাধ্যমৰ আগত ডাফিয়ে উল্লেখ কৰা মতে সিংহকেইটাই প্ৰদৰ্শনীৰ সৈতে সংলগ্ন এটা সৰু এলেকাত প্ৰৱেশ কৰিছিল।

ডাফিয়ে সদৰী কৰা মতে বেষ্টনীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত সিংহকেইটাক পোৱা গৈছিল। সেই সময়ত বহু দৰ্শনাৰ্থী ৰাতিটোৰ বাবে চিৰিয়াখানাত আছিল। অৱশ্যে সেই সময়ত মূল চিৰিয়াখানা বন্ধ আছিল বুলি তেওঁ লগতে কয়।

সিংহকেইটা বেষ্টনীৰ পৰা ওলাই যোৱাৰ ১০ মিনিটমানৰ ভিতৰতে এগৰাকী চিকিউৰিটিয়ে এলাৰ্ম বজাই দিয়ে। ইয়াৰ পাছতে কৰ্মচাৰীসকলে তৎকালীনভাৱে সেই স্থানত থকা সকলো লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছিল।

অৱশ্যে চাৰিটা সিংহই কিছুসময় পিছত শান্তভাৱে নিজা বেষ্টনীলৈ উভতি আহে আৰু আন এটাক ট্ৰেংকুলাইজ কৰা হয় বুলি ডাফিয়ে সদৰী কৰে। ইফালে সম্পূৰ্ণ সুৰক্ষিত বুলি নিশ্চিত নোহোৱা পৰ্যন্ত সিংহৰ প্ৰদৰ্শনী বন্ধ থাকিব বুলি তেওঁ লগতে কয়।

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এগৰাকী মহিলা…

ড্ৰাগচৰ সমান্তৰাল ভাৱে ৰঙিয়াত অব্যাহত আছে আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান

ৰঙিয়াত প্ৰতিদিনেই আটক হৈছে গাঞ্জা সৰবৰাহকাৰী।

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এগৰাকী মহিলা।

প্ৰায় ৮ কেজি গাঞ্জা সহ ৰঙিয়া আৰক্ষীৰ জালত জিলিমা বেগম নামৰ গাঞ্জা ব্যাৱসায়ী মহিলা।

দীৰ্ঘদিন ধৰি নিজঘৰতে চলাই আহিছিল গাঞ্জাৰ ৰমৰমীয়া বেহা।

সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে অব্যহত ৰাখিছে জেৰা।

ৰাতি হ’লে জীৱন্ত হৈ উঠে কিছুমান বিশেষ পুতলা…

মেক্সিক চিটিৰ পৰা দক্ষিণত এখন সৰু ঠাই আছে ।ঠাই খনত যেতিয়া আপুনি যাব,ঠাই খনত গছবোৰ আৰু সকলো ঠাইত দেখা পাব ওলমি থকা বহুত পুতলা । দিনৰ পোহৰত শুই থকা পুতলা বোৰ হেনো ৰাতি ইয়াত জীৱন্ত হৈ উঠে ।

এই সৰু দ্বীপটোত আছিল জুলিয়ান সান্তনা বৰেৰা নামৰ এজন ব্যক্তি । বহু বছৰ আগতে এদিন তেওঁ থকা ঠাই খনৰ ওচৰত থকা লেক এটাত এজনী ছোৱালী ডুবি মৰিছিল । সেই ঠাইতে পিছদিনা এটা পুতলা ভাহি আহিছিল । বেছি একো নাভাবি ধুনীয়া পুতলাটো জুলিয়ানে উঠাই ওচৰৰে গছ এডালত ওলোমাই থয় দিলে । ৰাতি শুই থকা জুলিয়ানে শুনিলে কাৰোবাৰ কান্দোন । উঠি চাই দেখে যে লেকটোৰ পাৰত কান্দি কান্দি ছোৱালী এজনীয়ে কৈ আছে “মোৰ পুতলা তো কিয় ললি? ঘূৰাই দে, ঘূৰাই দে”

জুলিয়ানৰ বুজিব বাকী নাথাকিল যে সেইয়া ডুবি মৰা ছোৱালীজনীৰ আত্মা । পিছদিনা তেওঁ নতুন পুতলা আনি গছ এডালত ওলোমাই দিয়ে । পিছত প্ৰায় ছোৱালী জনীয়ে ৰাতি চিঞৰি চিঞৰি কান্দে আৰু জুলিয়ানে যত যি পুতলা পাই সেইবোৰ আনি আনি গছত ওলোমাই দিয়ে ।

বহু বছৰ ধৰি তেওঁ ছোৱালী জনীৰ আত্মা তোক সন্তুষ্ট কৰিবলৈ পুতলা ওলমাই যায়, তেওঁৰ ঘৰৰ সদস্যৰ দৰেই । তেওঁৰ মতে ৰাতি হলে সকলো পুতলা জীৱন্ত হৈ উঠে সেই ছোৱালী জনীৰ আত্মাৰ লগত । সকলোয়ে খেলে,মাতে,হাঁহি ধেমালি কৰে । ১৯৮৭ চনত এই ঠাই খন পোহৰলৈ আহে আৰু সকলোৰে বাবে কৌতুহলৰ বিষয় বস্তু হৈ পৰে । আচৰিত ভাৱে ,ঠাই খনৰ বাকী ঠাইত চৰাই চিৰিকতিৰ মাত শুনিব পাৰি ,কিন্তু সেই ঠাই খিনিত এক অদ্ভুত নিৰ্জনতা আছে ।

২০০১ চনত জুলিয়ানৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ তো ঠিক সেই ঠাইত উদ্ধাৰ হয় যত তেওঁ ৰাতি ৰাতি সেই পানীত ডুবা ছোৱালী জনীয়ে তেওঁক পুতলা বিচাৰি থিয় দি থকাৰ কথা কৈছিল । আজিকালি এই ঠাই মানুহে চাব যায় আৰু আত্মা বোৰৰ শান্তি কামনা কৰি পুতলা ওলোমাই আহে ।