গুৱাহাটীটো বিগত কেইদিন মানত দেখা গৈছে কেইবাটাও ডেংগিৰ সক্ৰমন ৷ গুৱাহাটী পৌৰ নিগমে মহৰ উপদ্ৰপ ৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ মহৰ সমস্যা দুৰ কৰাৰ বাবে জিএমচিৰ প্ৰয়াস ৷ নৰ্দমাত এৰিলে বিশেষ মাছ ৷
মহানগৰীত ডেংগু মেলেৰিয়া ৰোধৰ বাবে GMCৰ অভিনৱ প্ৰয়াস। মহানগৰীৰ নদী নলা-নৰ্দমাত মহৰ কনী খোৱাৰ কাৰণে মেলিলে বিশেষ মাছ ৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইখনো জিলাত বৃদ্ধি পাইছে ডেংগিৰ দৰে মহৰ দ্বাৰা হ’ব পৰা ৰোগ ৷ বিশেষকৈ কাৰ্বি আংলং জিলাত বৃদ্ধি পাইছে ডেংগি সংক্ৰমণ ৷ গুৱাহাটীটো বিগত কেইদিন মানত দেখা গৈছে কেইবাটাও ডেংগিৰ সক্ৰমণ ৷
গুৱাহাটী পৌৰ নিগমে মহৰ উপদ্ৰপ ৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ গুৱাহাটীৰ নলা নৰ্দমাত মেলিছে বিশেষ ধৰনৰ মাছ ৷যি মাছে মহৰ কণী খাই ৰোধ কৰিব মহৰ বংশ বৃদ্ধি ৷ শনিবাৰে পাঞ্জাবাৰীৰ জুৰিপাৰত জিএমচি, স্বাস্থ্য বিভাগে নৰ্দমাত মেলিলে বিশেষ প্ৰজাতিৰ Goppi আৰু Gambosia নামৰ মাছ ৷ যি দুই সপ্তাহৰ ভিতৰত নলা সমূহত থকা মহৰ পোৱালি খাব পৰা হ’ব ৷ ৷ মন কৰিবলগীয়া যে বিগত কেইদিন মানত গুৱাহাটীত বৃদ্ধি পাইছে ডেংগিৰ সংখ্যা ৷ যদি জিএমচিৰ এই পদক্ষেপ সফল হয় তেন্তে হয়টো আগন্তুক সময়ত মহৰ পৰা বাচিব গুৱাহাটীবাসী ৷
বিগত সময়চোৱাৰ দৰে এইবাৰো লিঅ’ এক্সপ’ৰ প্ৰতি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ প্ৰম’চন অৰ্গেনাইজেচনৰ সহযোগত, লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত আয়োজন কৰা এই ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’এক্সপ’ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।
এই অনুষ্ঠানে উদ্যোগী ব্যক্তিসকলক তেওঁলোকৰ থলুৱা উৎপাদন সামগ্ৰীসমূহক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ উদ্যমী যুৱক-যুৱতীসকলক ব্যৱসায়িকভাৱে সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই বৃহৎ আয়োজন সাফল্যমণ্ডিত কামনা কৰাৰ লগতে উদ্যোক্তা সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপনকৰে মন্ত্ৰী বিমল বৰাই। এই এক্সপ ট্ৰেড ফেয়াৰ অহা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব ।
গুৱাহাটীৰ বেটকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত যোৱা কালিৰে পৰা অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাৰ লগতে বহু কেইগৰাকী গণ্য মাণ্য ব্যক্তি । এই এক্সপ ট্ৰেড ফেয়াৰ অহা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব ।
এই অনুষ্ঠানে উদ্যোগী ব্যক্তি সকলক তেখেতসকলৰ থলুৱা উৎপাদন সামগ্ৰী সমূহক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ উদ্যমী যুৱক-যুৱতী সকল ব্যৱসায়িকভাৱে সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰে মন্ত্ৰী গৰাকীয়ে ।
বিগত সময়চোৱাৰ দৰে এইবাৰো লিঅ’ এক্সপ’ৰ প্ৰতি গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি দেখি আপ্লুত হৈ পৰিছে । মন্ত্ৰী বিমল বৰাৰ লগতে লিউঅ এক্সৰ উদ্যোক্তা সকল ।অসম চৰকাৰৰ প্ৰম’চন অৰ্গেনাইজেচনৰ সহযোগত, লিঅ’ এডভাৰটাইজিঙৰ উদ্যোগত আয়োজন কৰা এই ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’এক্সপ’ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । এই বৃহৎ আয়োজন সাফল্যমণ্ডিত কামনা কৰাৰ লগতে উদ্যোক্তা সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী বিমল বৰায়ে ।