No menu items!
Home Blog Page 199

Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব

Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব
Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব

কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰ লেনদেন হৈছিল৷(Himanta Biswa Sarma) চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কাম কৰিছিল কংগ্ৰেছৰ শাসন কালত৷ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দি এই তথ্য দাঙি ধৰিছিল৷ সোমবাৰে তেজপুৰৰ দাঁতিকাষৰীয়া বিহগুৰিত পঞ্চায়তৰ নিৰ্বাচনী এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷

সাংবাদিকে গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা সম্পৰ্কৰ সন্দৰ্ভত উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰথমে প্ৰশ্নখিনি উত্থাপন কৰিছো৷ তেওঁৰ পৰা উত্তৰটো শুনি লওঁ৷ আমি প্ৰশ্ন কৰিছো তেওঁ এই পৰ্যন্ত তেওঁ উত্তৰ দিয়া নাই৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁ উত্তৰ দিয়া নাই৷ আমি আশা কৰিছো প্ৰশ্নসমূহৰ উত্তৰ সোনকালেই দিব৷ যদি গৌৰৱ গগৈয়ে প্ৰশ্নৰ উত্তৰ নিদিয়ে তেন্তে চৰকাৰে মাতি আনি সুধিব৷ আপুনি এপেক্স বেংকৰ সন্দৰ্ভত উত্তৰ দিয়া নাই বুলি কংগ্ৰেছে কোৱাৰ সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় – এপেক্স বেংক আৰু পাকিস্তান একেই নেকি? পাকিস্তান আৰু আফগানিস্তান একে হ’ব পাৰে৷ পাকিস্তান আৰু চীনৰ সম্পৰ্ক একে হ’ব পাৰে, কিন্তু এপেক্স বেংকৰ লগত পাকিস্তান একেই নহয়৷ ইপিনে নিৰ্বাচনৰ পিছতে ৰন্ধন গেছৰ প্ৰতিটোৰ দাম ৩০০ টকাকৈ কমিব বুলি সাংবাদিকক জানিব দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া ৰন্ধন গেছৰ মূল্য ৯৫০ টকা কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পিছত ইয়াৰ মূল্য হ্ৰাস পাই ৬৫০ টকা হ’ব৷

বিহগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ১৫ বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল৷ ১৫ বছৰ দীঘলীয়া সময়ত কংগ্ৰেছে অসমৰ বাবে কি কৰিছিল? ১৫ বছৰ শাসনত থকাৰ পিছতে কংগ্ৰেছে এখনো আঁচনি ৰাইজক দিব পৰা নাছিল৷ কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনিও নাছিল, নিযুত মইনাৰ আঁচনিও নাছিল৷ কংগ্ৰেছৰ শাসনৰ দিনত চৰকাৰী চাকৰি লাখ লাখ টকাত কিনিব লাগিছিল৷ কংগ্ৰেছৰ দিনত যি অংগনৱাড়ী কেন্দ্ৰ বনাইছিল পাৰ চৰাই এটাও তেনেকুৱা অংগনৱাড়ী কেন্দ্ৰত সোমাব নোৱাৰিছিল৷ কংগ্ৰেছৰ দিনত কেৱল প্তটা আঁচনিহে আছিল– লুঙী, ধুতী, কম্বল, সূতা আৰু আঁঠুৱা৷ সেয়েহে আমি কওঁ- কংগ্ৰেছে হাতৰ ছবি বাদ দি লুঙীৰ ছবিত এতিয়া নিৰ্বাচন খেলক৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ অপশাসন ব্যাখ্যা কৰি ভাষণ প্ৰসংগত কয় যে- কংগ্ৰেছ চৰকাৰৰ শাসনকালত অংগনৱাড়ী কৰ্মীক চাকৰি দিয়াৰ নামত পইচা তুলিলে৷ এচিএছ, এপিএছৰ চাকৰি দিয়াৰ নামত পইচা তুলিলে৷

কেৱল কংগ্ৰেছৰ দিনত দুৰ্নীতি-অপশাসনৰ চৰকাৰ চলিছিল৷ নিৰ্বাচনী সভাখনত নিজৰ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে- অহা ১০ মে’ত মোৰ চৰকাৰৰ চাৰিটা বছৰ সম্পূৰ্ণ হ’ব৷ এই চাৰিটা বছৰত আমাৰ ৰাজ্যখনলৈ কিমান পৰিৱৰ্তন আহিল সেয়া অসমৰ ৰাইজে দেখিছে৷ আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, ২০২১ত প্ৰত্যেক সমষ্টিতে ১৬ হাজাৰকৈ মহিলাক অৰুণোদয় আঁচনি দিছিলো৷ আগন্তুক দিনত ৩৮ হাজাৰৰ পৰা ৪০ হাজাৰ প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় আঁচনি দিয়া হ’ব৷ যাতে কোনো দৰিদ্ৰ মহিলা বাদ পৰি নাযায়৷ ইপিনে শোণিতপুৰ জিলাৰ প্তটা সমষ্টিত তেজপুৰ, বৰছলা, ঢেকীয়াজুলি, ৰঙাপৰা আৰু নদুৱাৰৰ সুকীয়াকৈ উক্ত ৪০ হাজাৰৰ উপৰি চ্ছ্ৰ হাজাৰকৈ অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাখনত ৰাজহুৱাভাৱে ঘোষণা কৰে৷

আনহাতে, মহাবিদ্যালয়ৰ বিনামূলীয়া নামভতিৰ্কৰণৰ ইনকাম চাৰ্টিফিকেটকে ধৰি বাকী একো তথ্যই নালাগে কেৱল ৰেচন কাৰ্ডখন হ’লেই হ’ব বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে, কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাখনত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী অশোক সিংহল, বিধায়ক গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে৷

Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট

Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট
Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট

পেহেলগামৰ নৰসংহাৰৰ পাছতে জম্মু-কাশ্মীৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।(Jammu and Kashmir tourist sites shut) জম্মু-কাশ্মীৰত বন্ধ হৈ পৰিছে ৪৮ টাকৈ সুন্দৰ পৰ্যটনস্থলী। বন্ধ হৈছে ৰিজৰ্ট। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰ চৰকাৰে বন্ধ কৰিলে ৪৮খনকৈ ৰিজ’ৰ্ট। বন্ধ কৰিলে ৮৭টাৰ ভিতৰত ৪৮টা পর্যটনস্থলীও। উপাৰ্জনৰ পথ বন্ধ কাশ্মীৰৰ অধিকাংশ সাধাৰন লোকৰ।পৰ্যটকৰ বাবে বন্ধ হৈ পৰিছে দুধপত্ৰী, ভেৰিনাগৰ পৰ্যটনস্থলী। নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্রহণ জম্মু-কাশ্মীৰ চৰকাৰৰ।

পেহেলগামত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বন্ধৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ বহু ৰিজৰ্ট আৰু আধাতকৈও অধিক পৰ্যটনস্থলী বন্ধ কৰি দিছে জম্মু-কাশ্মীৰ চৰকাৰে। পহলগামৰ মনোমোহা ঠাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কিছুদিন পিছতে নিৰাপত্তাজনিত উদ্বেগৰ মাজতে এই প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নিস্তব্ধ উপত্যকা আৰু মনোমোহা পাহাৰৰ বাবে পৰিচিত কেন্দ্ৰীয় শাসিত অঞ্চলটোত কমেও ৪৮খন ৰিজ’ৰ্ট বন্ধ কৰি দিয়া হৈছে। বুডগামৰ দুধপাত্ৰী আৰু অনন্তনাগৰ ভেৰিনাগৰ দৰে কেইবাটাও পৰ্যটনস্থলীও পৰ্যটকৰ বাবে সীমাৰ বাহিৰত নিৰ্মাণ কৰা হৈছে।

স্থানীয় ৰাইজৰ আয়ৰ প্ৰধান উৎস কাশ্মীৰৰ পৰ্যটনক লৈ অনিশ্চয়তাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে। এই আক্ৰমণৰ পিছত ভয় খাই পৰ্যটকক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পলায়ন কৰাৰ বিপৰীতে বহু ভ্ৰমণকাৰীয়ে আগন্তুক ভ্ৰমণ বাতিলো কৰিছে।

মাত্ৰ এসপ্তাহৰ আগতে পহলগাম চহৰত পৰ্যটকৰ এখন ব্যস্ত ঠাই আছিল। কিন্তু এতিয়া পৰ্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

স্থানীয় লোকসকলে আশংকা কৰিছে যে পৰ্যটনৰ হাৰ হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ আয়ৰ উৎস আৰু জীৱিকাৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব কাৰণ যোৱা সপ্তাহৰ ভয়ানকতাৰ সৈতে চহৰখনে এতিয়াও সহমতত উপনীত হোৱা নাই। সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগীৰ সৈতে সংহতি প্ৰকাশ কৰিছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে কাশ্মীৰৰ জনসাধাৰণে নিৰীহ লোকৰ হত্যাৰ বিৰুদ্ধে মুকলিকৈ ওলাই আহিছে।

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?
Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?

শৰীৰৰ লগত জড়িত সাধাৰণ কিছুমান কথা মানুহে জনাটো অতি গুৰুত্বপূৰ্ণ। ভিটামিনৰ অভাৱ হ’লে শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। কোনটো ভিটামিনৰ অভাৱত কি হয় জানো আহক।(Vitamin)

কোনটো ভিটামিনৰ অভাৱত শৰীৰৰ ফুলে-

শৰীৰত প্ৰদাহ হ’ব পাৰে কেইবাটাও ভিটামিন, যেনে ভিটামিন ডি, ভিটামিন বি ১ (থাইমিন) আৰু ভিটামিন চিৰ অভাৱত।ভিটামিন ডিৰ অভাৱত গাঁঠিৰ বিষ আৰু ফুলা হ’ব পাৰে। থাইয়ামিনৰ অভাৱত ইডিমা হ’ব পাৰে, যিটো শৰীৰত তৰল পদাৰ্থ জমা হোৱাৰ ফলত ভৰি বা ভৰি ফুলি উঠে। ভিটামিন চিৰ অভাৱ হ’লেও গাঁঠি ফুলি উঠিব পাৰে।(vitamin A)

কোনটো ভিটামিনৰ অভাৱত শৰীৰত বলিৰেখা হয়-

ছালৰ কোষ সৃষ্টি আৰু মেৰামতিৰ বাবে ভিটামিন এ প্ৰয়োজনীয়। ইয়াৰ উপৰিও ছালৰ কিছুমান সমস্যাৰ ফলত হোৱা প্ৰদাহ কমোৱাতো সহায় কৰে। ভিটামিন এৰ অভাৱত একজিমা আৰু অন্যান্য ছালৰ সমস্যা হ’ব পাৰে। ছাল শুকান, খজুৱতি আৰু ফুলি উঠা এনে এক অৱস্থা হ’ল একজিমা। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন এ যুক্ত ঔষধ এলিট্ৰেটিন’ইন একজিমাৰ চিকিৎসাত ফলপ্ৰসূ। ১২ সপ্তাহৰ এটা অধ্যয়নত ১০–৪০ মিলিগ্ৰাম এলিট্ৰেটিন’ইন গ্ৰহণ কৰাসকলৰ লক্ষণ ৫৩% হ্ৰাস পোৱা দেখা গৈছিল। মনত ৰাখিব, ছাল শুকান হোৱাৰ বহু কাৰণ থাকিব পাৰে, কিন্তু ভিটামিন এৰ অভাৱো এটা কাৰণ হ’ব পাৰে।

কোনটো ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়-

ভিটামিন এৰ অভাৱত ডাৰ্ক চাৰ্কল হ’ব পাৰে। এই সমস্যাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিশেষজ্ঞসকলে ডাৰ্ক চাৰ্কলৰ আশংকা ভিটামিন এ বুলি কৈছে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে মানুহৰ পুৰণি ঘাঁ ভাল নহয়-

আঘাত বা অস্ত্ৰোপচাৰৰ পিছত ঘা ভাল হোৱাটো ভিটামিন এৰ অভাৱৰ লগত জড়িত হ’ব পাৰে। ভিটামিন এ-এ কলাজেন গঠনত সহায় কৰে, যিটো সুস্থ ছালৰ বাবে অপৰিহাৰ্য। গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন ‘এ’ই ছালখনক মজবুত কৰে।

Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !

Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !
Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !

মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উচৰ্গা কৰা হয়। মঙলবাৰে হনুমানক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে জীৱনৰ বিপদবোৰ আঁতৰি যায়। মঙলবাৰে কি কৰিব নালাগে জানো আহক।(Tuesday Hanuman)

সনাতন ধৰ্মত প্ৰতিটো সপ্তাহ কোনোবা নহয় কোনোবা এটা দিন ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰা হয়। একেদৰে মঙলবাৰটো হনুমানলৈ উচৰ্গা কৰা হৈছে। মঙলবাৰে সঠিক ৰীতি-নীতিৰে হনুমানক পূজা কৰিলে তেওঁৰ আশীৰ্বাদ সদায় ভক্তৰ ওপৰত থাকে। অৱশ্যে হনুমানৰ আশীৰ্বাদ পাবলৈ কিছুমান কথা বিশেষ যত্ন লোৱা উচিত। যেনে মঙলবাৰে কি কাম কৰিব লাগে যি কাৰ্যই হনুমানক খং তুলিব পাৰে।

মঙলবাৰে এই ৭টা কাম নকৰিব-


মঙলবাৰৰ ব্ৰতৰ সময়ত নিমখ নাখাব। এই দিনটোত মিঠাই দান কৰাটো শুভ। মঙলবাৰে নিমখ দান কৰাটো শুভ, কিন্তু নিমখ খালে হনুমানৰ খং উঠে।

জ্যোতিষ শাস্ত্ৰৰ মতে মঙলবাৰে চুলি কটা, নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। এই কামবোৰ মঙলবাৰে কৰিব নালাগে। ইয়াৰ ফলত বুদ্ধিমত্তা আৰু ধন-সম্পত্তিৰ ক্ষতি হয়।

যদি আপুনি মঙলবাৰে হনুমান পূজা কৰে তেন্তে এই দিনটোত পূজা কৰা উচিত নহয়। পূজাৰ সময়ত হনুমানৰ সন্মুখত চাকি জ্বলালে শুভ হ’ব। মনত ৰাখিব জেচমিন তেলেৰে চাকি জ্বলাব লাগে।

ধৰ্মশাস্ত্ৰৰ মতে মঙলবাৰে কাকো ধাৰলৈ টকাও নিদিব। এনে কৰিলে আপোনাৰ জীৱনটো আৰ্থিক সমস্যাৰে আগুৰি ধৰিব পাৰে।

মঙলবাৰে মাংস আৰু মদ খাব নালাগে। ইয়াৰ বাবে হনুমানৰ আশীৰ্বাদ নাপায় আৰু কৰ্মত বাধাৰ সৃষ্টি হয়। মঙলবাৰে মদৰ পৰা আঁতৰি থাকক।

মঙলবাৰে ক’লা কাপোৰ পিন্ধিব নালাগে। পাৰিলে ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধক। ক’লা ৰং পৰিধান কৰিলে মংগল দোষৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে।

মঙলবাৰ হনুমানলৈ উৎসৰ্গিত। সেয়েহে এই দিনটোত কোনো ছোৱালী বা মহিলাক সৌন্দৰ্য্য সম্পৰ্কীয় বস্তু নিদিব।

Kalingapariya Shakha Sahitya Sabha: সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত সাহিত্য-সংস্কৃতিৰ সুবাস, গোমোঠাগাঁৱত ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ ‘সাহিত্যৰ মৌপান চোতালে চোতালে’

Kalingapariya Shakha Sahitya Sabha: সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত সাহিত্য-সংস্কৃতিৰ সুবাস, গোমোঠাগাঁৱত 'কলংপৰীয়া শাখা সাহিত্য সভা'ৰ 'সাহিত্যৰ মৌপান চোতালে চোতালে'
Kalingapariya Shakha Sahitya Sabha: সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত সাহিত্য-সংস্কৃতিৰ সুবাস, গোমোঠাগাঁৱত 'কলংপৰীয়া শাখা সাহিত্য সভা'ৰ 'সাহিত্যৰ মৌপান চোতালে চোতালে'

এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশত(Kalingapariya Shakha Sahitya Sabha) দেওবাৰে বিয়লি সাহিত্যৰ সুবাস বুটলিবলৈ সমবেত হ’ল অজস্ৰ সাহিত্যানুৰাগী। নগাঁও চহৰৰ নিকটৱৰ্তী গোমোঠাগাঁওস্থিত “কৰণ-কৰিণা” ভৱন প্ৰাংগণত তথা এটি প্ৰকৃতিপ্ৰেমী পৰিয়ালৰ অশেষ শ্ৰমৰ বিনিময়ত গঢ় লৈ উঠা বিভিন্ন প্ৰজাতিৰ গছ-গছনি, ফুলেৰে সুশোভিত এখনি সেউজ বাগিচাৰ মাজত অনুষ্ঠিত হয় এক বিশেষ সাহিত্যানুষ্ঠান। দৰাচলতে, এয়া আছিল ‘অসম সাহিত্য সভা’ৰ অন্যতম সক্ৰিয় শাখা ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত ‘সাঁকো আলোচনা চক্ৰ’ৰ ব্যৱস্থাপনাত প্ৰতি ইংৰাজী মাহৰ শেষৰ দেওবাৰে অনুষ্ঠিত হৈ অহাৰ দৰে এইখন আছিল ২৭ সংখ্যক বৈঠক।

‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উপ-সভাপতি কিৰণ নেওগৰ বাসগৃহ প্ৰাংগণত পৰিয়ালবৰ্গৰ আতিথ্যত অনুষ্ঠিত “সাহিত্যৰ মৌপান চোতালে চোতালে” শীৰ্ষক এই বিশেষ সাহিত্যানুষ্ঠানত সাহিত্যপ্ৰেমী সকলৰ উৎসাহ-উদ্দীপনা আছিল লক্ষণীয়। অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী দয়াৰাম কলিতাই এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰা এই অনুষ্ঠানটো সঞ্চালনা কৰে ‘সাঁকো আলোচনা চক্ৰ’ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিন্টু দাসে। ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ যুটীয়া সম্পাদক জয়ন্ত বৰাই আঁত ধৰা বহুমুখী প্ৰতিভা বিকাশ প্ৰদৰ্শনৰ এখনি মঞ্চস্বৰূপ এই অনুষ্ঠানত শাখাৰ সভাপতি গোলাপ বৰা, শাখাৰ প্ৰাক্তন সভাপতিদ্বয় সত্যপ্ৰসাদ শৰ্মা, থুলেশ্বৰ বৰা, অৱসৰপ্রাপ্ত বিষয় শিক্ষক পুতুল শৰ্মা, সমাজকৰ্মী দয়াৰাম কলিতা আদিয়ে মঞ্চ শুৱনি কৰা এই অনুষ্ঠানত ‘ৰাধা’, ‘নিৰিবিলি’, ‘সৰাফুল’ আদি উপন্যাস ৰচনাৰে নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কৌশিক নন্দন বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ গোস্বামী, অধ্যক্ষ মাধুৰ্য কমল হাজৰিকা, বিহুশিল্পী ৰিতু গোস্বামী, সমাজকৰ্মী বিভূতি প্ৰতীক ভট্টাচাৰ্য, সাহিত্যকৰ্মী প্ৰদীপ শইকীয়া, অৱসৰপ্রাপ্ত শিক্ষক পুনিৰাম শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তিক আদৰণি জনোৱা হয়।

কৰিণা নেওগৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে মুকলি হোৱা এই অনুষ্ঠানত লেখিকা অৰুণিমা বৰা, নিজৰা শইকীয়াই এটাকৈ প্ৰৱন্ধ পাঠ, প্ৰদীপ শইকীয়া, ৰূপক বৰা, মামণি শৰ্মা ভট্টাচাৰ্য, তৃপ্তি ৰেখা কাকতি, দীপিকা বৰা, নীলাক্ষী কাকতি বৰা, কৌশিক নন্দন বৰা, গোলাপ বৰা (ধন), ময়ূৰ কুমাৰ বৰা, কুমুদ চন্দ্ৰ বৰা, প্ৰতিভা ভাগৱতী, দিপালী দেৱী, ৰূবী বৰা, স্মৃতা শইকীয়া, পৰ্ণা বশিষ্ঠ, জুৰণি প্ৰিয়া বৰা, জীৱন বৰা, দিয়া নেওগ, কল্পিতা শইকীয়া প্ৰমুখ্যে একুৰিৰো অধিক কবিয়ে কবিতা পাঠেৰে সাহিত্যৰ সুবাস বিলায়। সেইদৰে হৰ্ষিল গায়ন, বৰ্ষা জ্যোতি, সুকন্যা শইকীয়া, দৃষ্টিশিখা শইকীয়া, সংগীতা বৰা আদিয়ে কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলা পৰিৱেশটো নৃত্য পটিয়সী সংগীতা বৰাই নৃত্য পৰিৱেশন, বৰ্ষীয়ান মহিলা তথা গায়িকা তগৰ গোস্বামী, লেখিকা-গায়িকা জেউতি হাজৰিকা, লোচন প্ৰিয়াই এটিকৈ গীত পৰিৱেশনেৰে অধিক উজ্জীৱিত কৰি তোলে।

অনুষ্ঠানৰ মাজতে বিশিষ্ট নাট্যশিল্পী কমলেশ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰাৰ মাজতে নাটকীয় সংলাপ প্ৰক্ষেপন কৰি আৰু ভাস্বত প্ৰতীম শইকীয়াই যোগাসন প্ৰদৰ্শনেৰে এক অনন্য মাত্ৰা প্ৰদান কৰে। সাহিত্যৰ সাধক ক্ৰমে বিৰিঞ্চি বৰা, নয়ন জ্যোতি নেওগ, ৰমেশ ভৰালী, অজিত শৰ্মা, অমিয়া গোস্বামী, পৰী নেওগ, মিনা বৰুৱা, জয় নেওগ, সোনমণি বৰা, মিত্ৰ কমল বৰা, দিলীপ শইকীয়া, অৰূপ বৰা, অকান্তি বৰা, সাংবাদিক ক্ৰমে নিপুল বৰা, বৰুণ জ্যোতি নেওগ, ৰিতু নেওগ, হিমাংশু বৰা প্ৰমুখ্যে যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে এখনি সুন্দৰ কেনভাছ অংকন কৰি প্ৰদৰ্শন কৰে বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিত শইকীয়াই।

উল্লেখ্য যে ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ সম্পাদক দীপাংকৰ ভূঞা আৰু ‘সাঁকো আলোচনা চক্ৰ’ৰ সম্পাদক বসন্ত কৌশিক ভাগৱতীৰ বিশেষ সহযোগিতাত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে শাখাৰ এটি দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ উদ্দেশ্যে শাখালৈ এটি শব্দযন্ত্ৰ আগবঢ়াই কৃতাৰ্থ কৰাৰ বাবে কিৰণ নেওগক শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ মাজতে কিৰণ নেওগৰ একমাত্ৰ পুত্ৰ তথা মেধাবী ছাত্র, প্ৰতিভাবান খেলুৱৈ, সংস্কৃতিবান যুৱক কৰণ নেওগৰ অকাল বিয়োগত সভাই শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনা জনায়।

Vaibhav Suryavanshi: মুখে মুখে ১৪ বছৰীয়া বৈভৱৰ নাম…

Vaibhav Suryavanshi: মুখে মুখে ১৪ বছৰীয়া বৈভৱৰ নাম...
Vaibhav Suryavanshi: মুখে মুখে ১৪ বছৰীয়া বৈভৱৰ নাম...

IPLৰ ইতিহাসত শতক অৰ্জনকাৰী সৰ্বকালৰ কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিণত বৈভৱ সূৰ্যবংশী।(Vaibhav Suryavanshi)

বৈভৱ সূৰ্যবংশীৰ বয়স ১৪ বছৰ ৩২ দিন।

ক্ৰিছ গেইলৰ পাছত IPLত দ্বিতীয় দ্ৰুততম শতক অৰ্জন বৈভৱ সূৰ্যবংশীৰ।

IPLত বৈভৱ সূৰ্যবংশীৰ শতক অৰ্জন, ৩৫টা বলত শতকেৰে অভিলেখ গঢ়িলে বৈভৱে।

মাত্ৰ ১৭টা বলতেই সূৰ্যবংশীৰ বিস্ফোৰক অৰ্ধশতক।

চলিত IPLত গুজৰাটৰ বিৰুদ্ধে ১৭টা বলত ৫১ ৰান কৰি অভিলেখ গঢ়িলে বৈভৱে।

চলিত IPLত কম বলত অৰ্ধশতক কৰি অভিলেখ বৈভৱ সূৰ্যবংশীৰ৷

পাকিস্তানত ১৫ দিন কি কৰি কটাইছিল গৌৰৱ গগৈয়ে?সামাজিক মাধ্যমত সৱিশেষ প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই ।gaurav gogoi

পাকিস্তানত ১৫ দিন কি কৰি কটাইছিল গৌৰৱ গগৈয়ে?সামাজিক মাধ্যমত সৱিশেষ প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই ।gaurav gogoi
পাকিস্তানত ১৫ দিন কি কৰি কটাইছিল গৌৰৱ গগৈয়ে?সামাজিক মাধ্যমত সৱিশেষ প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই ।gaurav gogoi

২৮ এপ্ৰিল,২০২৫ঃ gaurav gogoi । গৌৰৱ গগৈৰ গোপন পাকিস্তান ভ্ৰমণৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই৷ তথ্য অনুসৰি
ভ্ৰমণৰ প্ৰথম দিনটোত গৌৰৱ গগৈয়ে বিয়লি এক বজাত কৰাচী বিমান বন্দৰত অৱতৰণ কৰিছিল আৰু কৰাচী মাৰিয়’ট হোটেলত চেক ইন কৰিছিল৷ দিনটো হোটেলতে বিশ্রাম লৈছিল তেওঁ৷
দ্বিতীয় দিনা ৰাতি পেছ’ৱাৰলৈ যাত্ৰা কৰিছিল৷ তৃতীয় দিনা হু’ণ্ডাইৰ এখন বুলেট প্রুফ গাড়ীত এই যাত্রা যাত্ৰা পথত দুজনকৈ মৌলানাক সাক্ষাৎ কৰিছিল৷বিয়লি তিনি বজাত পেছ’ৱাৰস্থিত লীড পাকিস্তানৰ কাৰ্যালয়ত তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নী এলিজাবেথক সাক্ষাৎ কৰিছিল৷ তাৰ পিছতে পেছ’ৱাৰৰ পৰা পোনে পোনে পাকিস্তানৰ ৰাজধানী ইছলামাবাদলৈ যাত্ৰা কৰিছিল৷
সন্ধ্যা ইছলামাবাদৰ চেৰেণা হোটেলত পাকিস্তানৰ উচ্চ পদস্থ বিষয়া আলী তাকিৰ শ্বেইখক সাক্ষাৎ আৰু একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল৷ আলী তাকিৰ শ্বেইখৰ নেতৃত্বত দিনটোত কেইবাখনো গোপন শ্বাস ৰুদ্ধকৰ বৈঠকত অংশগ্রহণ কৰিছিল৷
৫ আৰু ৬ দিনটোত ফাইছল মছজিদৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিছিল৷ তিনিদিনীয়া কার্যক্রমত নামাজ তথা কালমাৰ প্ৰশিক্ষণ প্ৰদান কৰা কেইবাটাও ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিছিল.
নৱম দিনটোত পাকিস্তানৰ বহু কেইগৰাকী উগ্ৰ ধৰ্মগুৰুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল৷পাক অধিকৃত কাশ্মীৰৰ নীলাম ভেলীলৈ যাত্ৰা কৰিছিল৷ পত্নীৰ সৈতে এখন টয়’ তাৰ গাড়ীত লীড পাকিস্তানে প্রদান সুৰক্ষা কৰ্মীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে এই পাহাৰীয়া যাত্ৰা৷ নিয়োজিত সুৰক্ষা কৰ্মীসকল এখন এটলাছ গাড়ীত উঠি যোৱাৰ খবৰ পোৱা গৈছিল বুলি তথ্য দিয়া হৈছে৷ভ্ৰমণৰ ১১, ১২ আৰু ১৩ দিনকেইটাত তেওঁ নীলাম ভেলীৰ এখন মাদ্রাছাত পুৱাৰ আহাৰ গ্ৰহণ আৰু পত্নীৰ সৈতে প্রাকৃতিক সৌন্দর্য উপভোগ কৰিছিল৷নীলাম ভেলীৰ পৰা এৰাং কেললৈ যাত্ৰা কৰিছিল৷ চাৰিজনকৈ ধৰ্মীয় নেতাৰ সৈতে সাক্ষাৎ আৰু খবৰ অনুসৰি বিশ্ব ৰাজনীতি সম্পর্কে গোপন আলোচনা কৰিছিল৷ এৰাং কেলত ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ আৰু বিয়লি ইছলামাবাদলৈ উভতনি যাত্রা কৰিছিল৷ হোটেল লীলি ভিউত আব্দুল বাছিতৰ সৈতে সাক্ষাৎ আৰু বৈদেশিক নীতি সম্পর্কে আলোচনা কৰিছিল৷
ভাৰত পাকিস্তানৰ আভ্যন্তৰীণ কেইবাটাও বিষয়ত প্রায় সাত ঘণ্টাযোৰা ৰুদ্ধধাৰ বৈঠক হৈছিল বুলি দাবী কৰা হৈছে৷
১৪ দিনটোত আব্দুল বাছিত আৰু তিনিজনকৈ বিদেশী ব্যক্তিৰ সৈতে হোটেল ৰাগালীয়াত পৃথকে বৈঠক কৰিছিল৷ সন্ধিয়ালৈ এখন ধর্মীয় সভাত অংশগ্রহণ কৰিছিল৷ ১৫ সংখ্যক দিনটোত লীড পাকিস্তানৰ মুখ্য কাৰ্যালয়ত সৌজন্যমূলক বৈঠক এয়াৰ ব্লু বিমানেৰে পোনে পোনে পাকিস্তান এৰি ডুবাইলৈ যাত্ৰা কৰিছিল৷ বিমানবন্দৰত অন্তিম সাক্ষাৎ কৰিছিল তেতিয়াৰ প্ৰেয়সী এলিজাবেথক৷ সূত্ৰ অনুসৰি আলী তাকিৰ শ্বেইখ আৰু পাকিস্তানী সেনাৰ উচ্চ পদস্থ বিষয়া বিলাৱাল খানৰ সৈতে কৰমৰ্দন কৰি সামৰণি মাৰে বহু চৰ্চিত পাকিস্তান ভ্রমণ৷অৱশ্যে এই তথ্যৰ সত্য-সত্যতা সন্দৰ্ভত গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাবে কোনো কথা প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই৷

কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College

কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College
কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College

২৮ এপ্ৰিল,২০২৫ঃ Kamakhya Ram Barooah Girls College । ফটাশিলস্থিত কামাখ্যৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাবক সম্মিলন অনুষ্ঠিত হৈ যায়। ড° সোণালী বৰা চহৰীয়াই আঁত ধৰা সভাখনত তেখেতে মহাবিদ্যালয়ত নতুনকৈ প্ৰৱৰ্তন কৰা BBA পাঠ্যক্রমৰ বিষয়ে সকলোকে অৱগত কৰাৰ লগতে চতুৰ্থ ছেমিষ্টাৰৰ ছাত্রীসকলৰ অভিভাৱকসকলৰ সন্মুখত ইণ্টাৰ্ণশ্বিপৰ বিষয়ে মূলমূলকৈ এটি আভাস দাঙি ধৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষা ড’ চন্দ্রমা গোস্বামীয়ে তেখেতৰ বক্তব্যত মহাবিদ্যালয় এখনৰ সর্বাংগীন উন্নতিৰ কাৰণে কিদৰে শিক্ষক-শিক্ষয়িত্রী, শিক্ষার্থীৰ সমন্বিতে অভিভাৱকৰ সহযোগিতাৰ প্রয়োজন সেই বিষয়ে অলোকপাত কৰে।লগতে মহাবিদ্যালয়ত উপলব্ধ বিভিন্ন সুবিধাসমূহৰ বিষয়ে তেখেতে অভিভাৱক সকলৰ আগত দাঙি ধৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° আৰিফা চুলতানাই শিক্ষার্থীসকলৰ শৈক্ষিক দিশৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। অভিভাৱকসকলৰ মাজৰ পৰা বিভিন্নজনে মহাবিদ্যালয় সন্দর্ভত তেখেতসকলৰ বক্তব্য আগবঢ়ায়।

উক্ত সভাতে ড’ জোনালী চৌধুৰী বৰাই শিক্ষার্থীসকলৰ সুবিধার্থে তথা অভিভাৱকসকলৰ জ্ঞাতার্থে মহাবিদ্যালয়ে শিক্ষার্থীৰ সংস্থাপনৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰি আছে সেই বিষয়ে উল্লেখ কৰে। উক্ত সভাত অধ্যাপক দিৱস চক্রৱতীয়ে তেখেতৰ ভাষণত অভিভাৱকসকলৰ গুৰুত্বপূর্ণ দায়িত্বৰ বিষয়েও অৱগত কৰে। অফিচৰ কনিষ্ঠ সহায়ক হিমাংশু শর্মাই শিক্ষার্থীসকলক নামভৰ্তি আদিৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰে। এনচিচিত অংশগ্রহণে ছাত্রীসকলক সর্বাংগীন বিকাশত কেনেদৰে সহায় কৰে সেই বিষয়ে আলোকপাত কৰে লেফনেন্ট মল্লিকা পেগুরে। শেষত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰীবৃন্দ, ছাত্ৰীসকল আৰু অভিভাৱসকলৰ সক্রিয় সহযোগিতাই সাফল্যমণ্ডিত কৰি তোলা এই শিক্ষক-অভিভাৱক সম্মিলনখনত শলাগৰ শৰাই আগবঢ়ায় ড° নৱনীতা বৰুৱাই।

Assam Speed Skating: দ্বিতীয় উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ, ২০২৫ সফলতাৰে সমাপ্তি

Assam Speed Skating: দ্বিতীয় উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ, ২০২৫ সফলতাৰে সমাপ্তি
Assam Speed Skating: দ্বিতীয় উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ, ২০২৫ সফলতাৰে সমাপ্তি

উজনি অসমৰ বিভিন্ন জিলা আৰু তথা স্কুলৰ ১৫০ জনতকৈও অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে, উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপৰ সম্পাদক দ্বিজেশ শৰ্মাই।(Assam Speed Skating)

২৭ এপ্ৰিলত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল হ’ল- তাপস কুমাৰ বৰা (উপাধ্যক্ষ, দিল্লী পাব্লিক স্কুল), ডিব্ৰুগড় ডিস্ট্ৰিক এছ’চিয়েছনৰ উপ-সভাপতি দিলীপ বৰদলৈ, কোষাধ্যক্ষ মন্তু গগৈ, উজনি অসম স্পিদ স্কেটিং এছ’চিয়েচনৰ সভাপতি ৰাতুল গগৈ, অসম স্পীদ স্কেটিং এছ’চিয়েচনৰ সম্পাদক সুমন ডেকা, মুখ্য ৰেফাৰী অৰ্জুন বাগলাৰি, আয়োজক সমিতি দুলিয়াজান একাডেমিৰ সভাপতি ৰাজীৱ মেচ,সম্পাদক মানস ভৰালী আৰু ড৹ চি কে দত্ত, বিভামনি ৰাজকোঁৱৰ।

Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !

Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !
Pahalgam Attack: চোৰাংচোৱাৰ নজৰত ১৫জনঃ কাশ্মীৰীৰ সহযোগতে পেহেলগামত আক্ৰমণ পাক জেহাদীৰ !

স্থানীয় একাংশ কাশ্মীৰীয়ে পেহেলগামত পাকিস্তানী(Pahalgam Attack)সন্ত্ৰাসবাদীক সহায় কৰিছিল৷ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে৷ এই ৰক্তাক্ত আক্ৰমণত কমেও ১৫জন ‘অভাৰগ্ৰাউণ্ড শ্ৰমিক’ জড়িত আছিল৷ তদন্তকাৰীয়ে তেওঁলোকক বিচাৰি আছে৷ ইতিমধ্যে প্ৰায় ২০০ সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ স্থানীয় একাংশ কাশ্মীৰীয়ে উগ্ৰপন্থীক সহায় কৰে৷

পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ গোপন স্থানত ১৩০টা ক্ষেপণাস্ত্ৰ মজুত কৰি ৰখাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সেই ক্ষেপণাস্ত্ৰ ভাৰতলৈ নিক্ষেপ কৰাৰ বাবে সাজু কৰি ৰখা হৈছে৷ এই কথা কৈছে সেই দেশৰ মন্ত্ৰী হানিফ আব্বাচীয়ে৷ শেহতীয়াকৈ তেওঁ সংবাদ মেলত ভাৰতক প্ৰত্যক্ষ সতৰ্কবাণী প্ৰদান কৰিছিল৷ তেওঁ কয় যে ভাৰতে যদি পানী বন্ধ কৰে তেন্তে পাৰমাণৱিক যুদ্ধ হ’ব৷ তাৰ বাবে ভাৰত সাজু থাকিব লাগিব৷ পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ গোপন শিবিৰত ক্ষেপণাস্ত্ৰ মজুত কৰি ৰখাৰ দাবী মন্ত্ৰীগৰাকীয়ে৷ ১৩০টা ক্ষেপণাস্ত্ৰ কেৱল ভাৰতৰ বাবে ৰখা হৈছে৷ তেওঁলোকৰ স্থানৰ বিষয়ে বহুতে নাজানে৷ যেতিয়া ভাৰতৰ বিষয়টো আহিল, তেতিয়া হানিফে কয়, ‘আমাৰ ঘাটিত বহুতো মিছাইল জমা হৈ আছে৷’ আমি সেইবোৰ কেৱল হিন্দুস্তানৰ বাবে ৰাখিছো৷ আমাৰ হাতত থকা ১৩০টা মিছাইল কেৱল মডেল হিচাপে ৰখা নহয়৷ পাকিস্তানত এই ক্ষেপণাস্ত্ৰসমূহ ক’ত অৱস্থিত সেই বিষয়ে আপোনাৰ কোনো ধাৰণা নাই৷’ পাকিস্তানৰ মজুত থকা ক্ষেপণাস্ত্ৰৰ বিষয়ে ভাৰতে জানে বুলি দাবী কৰে পাকিস্তানৰ মন্ত্ৰীয়ে৷ এই ক্ষেপণাস্ত্ৰৰ ভয়ৰ বাবেই ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পৰা নাই বুলিও তেওঁ কয়৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীক সকীয়াই দিয়ে যে, ‘মই আকৌ কওঁ৷’

এই সকলোবোৰ ক্ষেপণাস্ত্ৰ আমি এটা শ্ব’কেছত ভৰাই থোৱা নাছিলো৷ আপোনাক লক্ষ্য কৰি লোৱা হৈছে৷ আন কাকো নহয়৷ ‘যদি আপুনি সিন্ধুৰ পানী বন্ধ কৰিবলৈ সাহস কৰে, তেন্তে পূৰ্ণাংগ যুদ্ধৰ বাবে সাজু থাকক৷’ হানিফে কয় যে ভাৰতে নিজৰ সংস্থা আৰু চোৰাংচোৱা সংস্থাৰ ব্যৰ্থতাক ঢাকি ৰাখিবলৈ এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছে৷ তেওঁলোকে প্ৰথমে নিজৰ নিজৰ দোষ বিচাৰি উলিয়াব লাগে৷ তেওঁৰ ভাষাত ‘প্ৰথমে নিজৰ কামৰ বাবে জবাবদিহি হওক৷’ আমাৰ ফালে আঙুলিয়াই দিয়াৰ আগতে নিজৰ ভুল স্বীকাৰ কৰক৷ দেশ আৰু সমগ্ৰ বিশ্বক ক’ব বিচাৰো যে তেওঁলোকে আমাক ভয় খুৱাইছে৷ ‘আমি প্ৰতিশোধ ল’লোঁ৷’ যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল৷ ইয়াত চ্ছজন লোকৰ মৃত্যু হয়৷ ইয়াৰে ২৫জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক৷ এই ঘটনাৰ পিছত ভাৰতে পাকিস্তানক দোষাৰোপ কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে৷ স্থগিত ৰখা হৈছে সিন্ধু জল সন্ধি৷

পাকিস্তানে প্ৰতি-বিবৃতি জাৰি কৰি কয় যে সিন্ধুৰ পানী বন্ধ কৰাটো ‘যুদ্ধ’ৰ কাম হিচাপে গণ্য কৰা হ’ব৷ ইয়াৰ পিছত ভাৰতৰ সৈতে বাণিজ্য বন্ধ কৰাৰ লগতে ভাৰতীয় বিমানৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথাও ঘোষণা কৰে৷ পাকিস্তানৰ সতৰ্কবাণীয়ে বিশেষ একো কাম নকৰিলে৷ নতুন দিল্লীয়ে আনুষ্ঠানিকভাৱে পত্ৰযোগে অৱগত কৰিছে যে সিন্ধু সন্ধি স্থগিত ৰখা হৈছে৷ ইয়াৰ পিছত পাকিস্তানৰ পৰা এটাৰ পিছত এটাকৈ সতৰ্কবাণী আহিল৷ দেশৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ পাকিস্তান পিপলছ পাৰ্টী [পিপিপি]ৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীয়ে পূৰ্বৰ দিনটোতে কৈছিল- সিন্ধ আমাৰ৷ ‘হয়তো আমি প্ৰাপ্য পানী সিন্ধু নদীৰ মাজেৰে আহিব, নহয় তেওঁলোকৰ [ভাৰতীয়] তেজ সিন্ধু নদীৰ মাজেৰে বৈ যাব৷’ এইবাৰ দেশৰ মন্ত্ৰীগৰাকীয়ে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সকীয়াই দিয়ে৷ পাকিস্তান আৰু ভাৰত দুয়োখন দেশ পাৰমাণৱিক অস্ত্ৰধাৰী দেশ৷ পেহেলগাম কাণ্ডৰ উত্তাপত দুয়োখন দেশৰ সম্পৰ্ক নিম্ন বিন্দুত উপনীত হৈছে৷ এনে সতৰ্কবাণীৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে বুলি কূটনীতিবিদসকলে আশংকা কৰিছে৷