Home Blog Page 2

জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case

জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case
জুবিন গাৰ্গ হত্যাকাণ্ডঃ বহু প্রতীক্ষিত চাৰ্জশ্বীট দাখিল, ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । Zubeen Garg Murder Case

Zubeen Garg Murder Case । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আৰম্ভ হোৱা বহুলোকৰ অপেক্ষাৰ অন্ত পৰিল। অবশেষত ১২ ডিচেম্বৰত বিশেষ তদন্ত দলে (SIT) দাখিল কৰিলে প্ৰায় ৭,০০০ পৃষ্ঠাৰ বিস্তৃত চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰৰ এই তদন্ত নথিপত্ৰত সংলগ্ন আছে আন ৩,৫০০ পৃষ্ঠাৰ মূল প্ৰমাণ আৰু তথ্য। প্ৰায় ৩০০ জন লোকৰ সাক্ষ্যগ্ৰহণৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে অভিযোগনামা।

৪ জনৰ বিৰুদ্ধে বি এন এছ ১০৩ অনুসৰি হত্যাৰ অভিযোগ

SIT-য়ে চাৰ্জশ্বীটত মৃত্যুক হত্যা হিচাপে গণ্য কৰি BNS 103 (হত্যা) ধাৰাত শ‍্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে অভিযোগ স্থাপন কৰিছে।

জুবিনৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যা

উল্লেখযোগ্যভাৱে, জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 অনুসৰি **অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide)**ৰ ধাৰা সংযোজন কৰা হৈছে।

দুইজন PSO-ৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগ

জুবিন গাৰ্গৰ দুইজন PSO — নন্দেশ্বৰ পৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধেও SIT-এ BNS 316 ধাৰাত অপৰাধমূলক আস্থা ভংগৰ অভিযোগ অন্তৰ্ভুক্ত কৰিছে।

দীৰ্ঘ তদন্ত, বিদেশ অভিযান আৰু গুরুত্বপূর্ণ সাক্ষ্য

১৯ ছেপ্টেম্বৰ, ছিংগাপুৰত সাগৰত সাতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ আকস্মিক মৃত্যু হোৱা পৰতেই সন্দেহৰ খৰ উত্থাপন হৈছিল। সোশ্যাল মিডিয়াত প্ৰথমতে পোহৰলৈ অহা কেইবাটাও ভিডিঅ’ এই ঘটনাক আরও ৰহস্যঘন কৰি তোলে।

এই সন্দেহজনক পৰিস্থিতিৰ পিছত SIT-এ দায়িত্ব গ্ৰহণ কৰি—

  • ছিংগাপুৰলৈ যাত্রা কৰি স্থানীয় তদন্ত কৰে,
  • অসমত শতাধিক লোকক সোধা-পোছা কৰে,
  • ছিংগাপুৰৰ পৰা আহি অসমীয়া লোকেও মূল্যবান সাক্ষ্য প্ৰদান কৰে।

তদন্তৰ মাজতেই হত্যাৰ ধাৰা সংযোজন হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল— “জুবিন গাৰ্গক হত্যা কৰা হৈছে।”

আগ্ৰহৰ কেন্দ্ৰত ১৯/২০২৫ নং গোচৰ

চাৰ্জশ্বীট দাখিল হ’লেও চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে। পৰৱৰ্তী দিনত এই গোচৰৰ জৰিয়তে আৰু বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়ালৈকে চলি অহা বৃহৎ তদন্তৰ প্ৰথম গুরুত্বপূর্ণ মাইলষ্টোন হিচাপে গণ্য হৈছে এই চাৰ্জশ্বীট দাখিল।

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week

National Handicrafts Week । NERO, গুৱাহাটীয়ে ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা কাৰ্যকৰ্ম আয়োজন কৰে। প্ৰতিবছৰে ৮-১৪ ডিচেম্বৰলৈকে ভাৰতজুৰি ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপন কৰা হয়। দেশৰ শিল্পীসকলৰ অসাধাৰণ শিল্পকলা আৰু ঐতিহ্যক সন্মান জনোৱাই এই সপ্তাহ উদযাপনৰ মূল উদ্দেশ্য।

এই সপ্তাহত দেশজুৰি পৰম্পৰাগত হস্তশিল্প, শিল্পকলা আৰু শিল্পীসকলৰ অবদানক প্ৰচাৰ কৰা হয়। লগতে সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে শিল্পকলা প্ৰদৰ্শন, শিল্পীসকলক সন্মান, আৰু বজাৰ সংযোগ সৃষ্টি কৰা হয়।

গুৱাহাটীস্থিত ডিসপুৰ PWD Convention & Training Centre-ত ৮-১৪ ডিচেম্বৰ লৈ উদযাপন চলি আছে। বৃহস্পতিবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধেয় শিল্প গৰু পুৰস্কাৰজয়ী মণ্টু চন্দ্ৰ দাস (Mantu Chandra Das) উপস্থিত থাকে । তেওঁৰ সৈতে উপস্থিত আছিল জয়ন্ত সিংহ, সহায়ক নিৰ্দেশক (হস্তশিল্প), NERO, গুৱাহাটী ।

১০ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী সহ সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়। ১৪ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী থাকিব। ৯ আৰু ১০ ডিচেম্বৰত Indian Institute of Handloom Technology আৰু Assam Textile Institute-ৰ ছাত্ৰ ছাত্ৰীসকলে সচেতনতা কর্মসূচীত অংশগ্ৰহণ কৰে।

এই সপ্তাহজুৰি অনুষ্ঠিত কাৰ্যসূচীটোৱে শিল্পীসকলৰ দক্ষতা জনসাধাৰণৰ আগত উন্মোচন কৰাৰ লগতে বিশেষকৈ নতুন প্ৰজন্মক হস্তশিল্পৰ লগত সংযোগ কৰাৰ লক্ষ্যৰে কেবাটাও কাৰ্যসূচী লয় ১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্প সচেতনতা কাৰ্যসূচী, ১২ডিচেম্বৰত কৰ্মশালা/ছেমিনাৰ আৰু ১৩ ডিচেম্বৰত হাজোত Artisan Pehchan ID কার্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্পৰ ওপৰত সচেতনতা কাৰ্যসূচীত উপস্থিত থাকে-

  • হৰাকান্ত বড়ো, আঞ্চলিক পৰিচালক, উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়, NERO, গুৱাহাটী
  • শ‍্যামল কুমাৰ দে, সহকাৰী মহাব্যৱস্থাপক, NABARD
  • অঙ্কিতা গোস্বামী, Chartered Accountant
  • পল্লব জ্যোতি কোঁৱৰ, Functional Manager, District Industries and Commerce Centre, অসম চৰকাৰ

NGO, শিল্পী আৰু বহু বিশিষ্ট ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণেৰে কাৰ্যসূচীখন সফলভাৱে ৰূপায়ন হয় ।

এই সপ্তাহৰ সময়ত ২০২৩ আৰু ২০২৪ চনৰ ৰাষ্ট্ৰীয় হস্তশিল্প পুৰস্কাৰো বিতৰণ কৰা হয়। ৯ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে উত্তৰ-পূব ভাৰতৰ ৭ জন শিল্পী (মণিপুৰৰ ৪ জন, অসমৰ ২ জন আৰু ত্ৰিপুৰাৰ ১ জন)ক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে।

উত্তৰ-পূব — বিশেষকৈ অসম — হস্তশিল্পৰ সমৃদ্ধ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিখ্যাত। এনে অনুষ্ঠানসমূহ এই ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পীসকলৰ কাম-কাজত অৰ্থনৈতিকভাবে লাভ হয় । গাঁওঞ্চলৰ হস্তশিল্পৰ মাজত বজাৰৰ সৃষ্টি কৰাৰ লগতে স্থায়ী জীৱিকাৰ পথ মুকলি কৰে আৰু উত্তৰ-পূবৰ হস্তশিল্প ৰাষ্ট্ৰীয় পর্যায়ত অধিক স্বীকৃতি প্ৰদান কৰিবলৈ সহায় কৰে এনে অনুষ্ঠানে ।

প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প ।The President of India

প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প
প্ৰধানমন্ত্ৰীৰ পিছত মণিপুৰলৈ ভ্ৰমণ ৰাষ্ট্ৰপতি মূৰ্মুৰ , উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্প

The President of India । দুদিনীয়া বিশেষ সফৰত আজি বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। যদিও ৰাষ্ট্ৰপতিৰ সম্পূৰ্ণ আনুষ্ঠানিক কাৰ্যসূচী এতিয়াও প্ৰকট কৰা হোৱা নাই, তথাপিও নিৰাপত্তা সংস্থাসমূহক ৰাষ্ট্ৰপতিৰ উচ্চস্তৰৰ ভ্ৰমণ উপলক্ষে প্ৰস্তুতি চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰপতি মূৰ্মুৱে এই ভ্ৰমণত ৮৬ সংখ্যক নুপী লাল দিৱস উদযাপন প্ৰসঙত উপস্থিত থাকিব আৰু ৰাজ্যখনৰ কেইবাটাও পরিকলিত উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। আন এগৰাকী বিষয়া জানোৱাকৈ, ১১ ডিচেম্বৰত তেওঁ ইম্ফলত এক ৰাজকীয় অনুষ্ঠানত অংশ ল’ব আৰু ১২ ডিচেম্বৰত নুপী লাল স্মৃতিসৌধ পৰিদৰ্শন কৰি স্বাধীনতা সংগ্ৰামী মহিলা সমূহক শ্ৰদ্ধাঞ্জলি জনাব। লগতে সেনাপতি জিলাতো এজন অনুষ্ঠানত অংশ লোৱাৰ সম্ভবনা আছে বুলি সূচোৱা হৈছে।

ইম্ফলত যো-জো প্ৰস্তুতি

ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ ইম্ফলত ব্যস্ততাপূৰ্ণ প্ৰস্তুতি চলিছে। বিভিন্ন বিভাগে একেলগে কাম কৰি নিৰাপত্তা, যান–বাহন পৰিচালনা আৰু অনুষ্ঠানস্থলসমূহৰ বন্দোবস্ত চূড়ান্ত কৰিছে। বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব।

ঐতিহাসিক প’লো খেলপথাৰৰ ভ্ৰমণ

বিমানবন্দৰৰ পৰা ওলাই ৰাষ্ট্ৰপতি মূৰ্মুৱে কাংজেইবুঙৰ ঐতিহাসিক ইম্ফল প’লো গ্ৰাউণ্ড পৰিদৰ্শন কৰিব—যাক বিশ্বৰ আটাইতকৈ পুৰণি প’লো খেলপথাৰসমূহৰ অন্যতম বুলি গণ্য কৰা হয়। শেহতীয়াকৈ ইয়াত অনুষ্ঠিত হৈছিল ১৫ সংখ্যক মণিপুৰ আন্তঃৰাষ্ট্ৰীয় প’লো প্ৰতিযোগিতা। ৰাষ্ট্ৰপতিগৰাকীয়ে প’লো প্ৰদৰ্শনী মেচো উপভোগ কৰা আশা কৰা হৈছে।

গুৰুত্বপূর্ণ উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন

সন্ধিয়া ইম্ফল চিটি কনভেনচন চেন্টাৰত আয়োজিত নাগৰিক সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মুৱে কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সম্ভৱতঃ কেইটামান আঁচনি উদ্বোধন কৰিব। এই প্রকল্পসমূহে উত্তৰ–পূৱৰ অবকাঠামো, পৰ্যটন, আঞ্চলিক সংযোগ আৰু মহিলা সবলীকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব প্ৰতিফলিত কৰে।

নুপী লাল দিৱসত শ্ৰদ্ধাঞ্জলি

১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে নুপী লাল স্মাৰক কমপ্লেক্সত উপস্থিত হৈ ১৯০৪ আৰু ১৯৩৯ চনৰ বৃটিছ শাসনৰ বিৰুদ্ধে সংঘটিত ঐতিহাসিক বিদ্ৰোহৰ সাহসী মণিপুৰী মহিলাসকলক শ্ৰদ্ধাঞ্জলি জনাব। এই দিনটোৱে মণিপুৰী মহিলাৰ সংগ্রাম, নেতৃত্ব আৰু ত্যাগৰ ঐতিহ্যক স্মৰণ কৰে।

সেনাপতি জিলাত ৰাজহুৱা সভা

শুকুৰবাৰে ৰাষ্ট্ৰপতি মূৰ্মুৱে সেনাপতি জিলাত অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে নতুন উন্নয়নমূলক পদক্ষেপসমূহ উদ্বোধন কৰিব। এই সফৰে মণিপুৰৰ চলমান উন্নয়ন প্রকল্পসমূহৰ গতি সলনি কৰাৰ লগতে স্থানীয় জনগণক উৎসাহিত কৰিব বুলি অনুমান কৰা হৈছে।

মণিপুৰৰ সামাজিক–সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণত স্পষ্টভাৱে প্ৰতিফলিত হ’ব।

অৰুণাচল প্ৰদেশৰ হায়ুলিয়াঙত ভয়ংকৰ দুৰ্ঘটনা…

অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত চৰকাৰী তথ্যমতে বৰ্তমানলৈ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

হায়ুলিয়াং অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে জনায় যে হায়ুলিয়াঙৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ নিলগত সাগলাগাম পথত এই দুৰ্ঘটনা সংঘটিত হয় । শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ ভেন পাহাৰীয়া পথটোৰ পৰা বহু তললৈ বাগৰি পৰে আৰু বৰ্তমানলৈ ১৪ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । নিহত শ্ৰমিককেইজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷

তেওঁ কয়, “ঘটনা সংঘটিত হৈছে সোমবাৰৰ নিশা আৰু এই বিষয়ে প্ৰশাসনক বুধবাৰে নিশা অৱগত কৰে পথচাৰীয়ে । বৃহস্পতিবাৰে পুৱা তিনিচুকীয়াৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ এন ডি আৰ এফ’ৰ এটা দল উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয় । আনহাতে সীমান্ত পথ নিৰ্মাণ সংস্থা বি আৰ অ’ই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সাগলাগামৰ এই পথ ভাৰত চীন-সীমান্তলৈ যোৱা পথ আৰু অত্যন্ত কঠিন ভূখণ্ডৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।”

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য…

কাইলৈ ১২ ডিচেম্বৰ, শুকুৰবাৰ। অসমবাসীৰ বাবে বহুপ্ৰতীক্ষিত এটা দিন। শুকুৰবাৰে আদালতত দাখিল কৰা হ’ব জাতীয় জীৱনৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে অসম চৰকাৰে গঠন কৰি দিছিল অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট।

আই পি এছ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল এছ আই টি। এছ আই টিয়ে প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত শুকুৰবাৰে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট। বিগত তিনিমাহে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায়ৰ দাবীত নিৰন্তৰ স্থিতি প্ৰকাশ কৰি আহিছে।

ইতিমধ্যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত হৈ বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। একেদৰে, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত বন্দী হৈ আছে হাফলং কাৰাগাৰত।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰোপিত হৈছে BNSৰ ১০৩ ধাৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক ইতিমধ্যে ‘Plain Murder’ বুলি অভিহিত কৰিছে। তেনেস্থলত অসমবাসী অধিক উৎকণ্ঠিত হৈ আছে প্ৰকৃত সত্য জানিবলৈ। একেদৰে জানিবলৈ উদগ্ৰীৱ হৈ আছে যে ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত আচলতে হৈছিল কি? কোনে, কি উদ্দেশ্যৰে পৃথিৱীৰ পৰা নোহোৱা কৰিলে জুবিন গাৰ্গ নামৰ সত্তাক? এই প্ৰশ্ন দোলা দি আছে প্ৰতিগৰাকী অসমীয়াৰ মনত। তাৰ বাবে সকলোৱে বাট চাই আছিল কাইলৈৰ দিনটোলৈ।

শুকুৰবাৰে চাৰ্জশ্বীট দাখিলৰ পূৰ্বে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু-ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰু চাৰ্জশ্বীটক লৈ কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘SITয়ে কাইলৈ চাৰ্জশ্বীট দিব। চাৰ্জশ্বীট আদালতে পৰীক্ষা কৰিব। দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। কাইলৈৰ পৰা আৰক্ষীৰ কাম শেষ হ’ব। আদালতৰ কাম শেষ হ’ব। মই ভাবো আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।’’

অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ…

অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই বুধবাৰে কয়, “শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আদিৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ বৈঠক হৈছিল ৷ কোনো ধৰণৰ মিত্ৰতালৈ যোৱাৰ পূৰ্বে আমাক নিজৰ মাজত আলোচনা কৰিবলৈ কোৱা হৈছে ৷

শইকীয়াই জনোৱা মতে, বৈঠকৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈকো কোনো ধৰণৰ মিত্ৰতা গঠন কৰাৰ পূৰ্বে দলৰ সকলো ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে ৷ শইকীয়াই কয়, “এন চি পি, এছ পি আদিৰ দৰে অসম ভিত্তিক জাতীয় দলৰ ইমান তাৎপৰ্য্য নথকাৰ কথা লক্ষ্য কৰি আমি অসমৰ সমমনা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ সদায় সাজু হৈ আছো ৷”

মন কৰিবলগীয়া যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগতে অসমৰ আন সাতটা ৰাজনৈতিক দলে এক বৃহৎ মিত্ৰতা, বি জে পি বিৰোধী ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শইকীয়াই কয় যে মিত্ৰতাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত চূড়ান্ত কৰাৰ পূৰ্বে আমি আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিম ৷

২০২১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১২৬খন আসনৰ ভিতৰত বি জে পি নেতৃত্বাধীন এন ডি এয়ে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে বি জে পিয়ে ৬০খন, অ গ পই ৯খন, ইউ পি পি এলে ৬খন আসনত জয়লাভ কৰে । ইফালে বিৰোধী দলৰ মহাজোটে ৫০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন, এ আই ইউ ডি এফে ১৬খন, বি পি এফে ৪খন, চি পি আইয়ে (এম) ১খন আৰু নিৰ্দলীয়ই ১খন আসন লাভ কৰে ৷

ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা

কৰ্মচাৰীৰ আন্দোলনৰ পাছতো ৰাজ্যত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । এই কথা সদৰি কৰিছে ১০৮ সেৱা পৰিচালনা কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই ।

বুধবাৰে ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ লস্কৰে কয়, ‘‘সমগ্ৰ ৰাজ্যখনত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে সফলতাৰে সকলো জিলাত প্ৰায় ১২৭০ জন কৰ্মচাৰীক বাছনি, প্ৰশিক্ষণ আৰু নিয়োজিত কৰিছে । ৯০ জন ই আৰ অ’ক ২৪ ঘণ্টাই কাম-কাজৰ বাবে কল চেণ্টাৰত বাছনি, প্ৰশিক্ষণ আৰু মোতায়েন কৰা হৈছে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনে ক্ষেত্ৰীয় কাৰ্যকলাপ অধিক শক্তিশালী কৰিবলৈ প্ৰায় ৩০০ জন কৰ্মচাৰী প্ৰদান কৰি গুৰুত্বপূৰ্ণ সমর্থন আগবঢ়াই আহিছে । তদুপৰি ৭০০ৰো অধিক চালকে দৈনিক মজুৰিৰ আধাৰত এম্বুলেন্স পৰিচালনা কৰি আছে । যি দিন আৰু ৰাতি দুয়োটা সময়ৰ কভাৰেজ নিশ্চিত কৰে ।’’

উল্লেখ্য যে চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত গুৱাহাটীৰ চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশমটো দিন অতিক্ৰম কৰে । বিগত দহদিন ধৰি চচলৰ ধৰ্ণাস্থলীত প্ৰাপ্য আদায়ৰ দাবীৰে ধৰ্মঘট আৰম্ভ কৰা কৰ্মচাৰীসকলৰ অনির্দিষ্টকালীন কৰ্মবিৰতি অব্যাহত আছে ।

বিটিচি সচিবালয়ৰ আক্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ…

 “বিটিচি বিধান পৰিষদৰ সদনৰ আক্ৰমণৰ আঁৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জড়িত আছিল ! তেওঁলোকৰ প্ৰৰোচনাতে বিটিচি বিধান পৰিষদৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ।” এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ।

বুধবাৰে কোকৰাঝাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, “কালি বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে । বিটিচি বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অব্যাহতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে । তদুপৰি বিটিচি বিধান পৰিষদৰ সদন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত কৰা হ’ব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । এই তদন্তৰ পাছত কোন সঁচা কোন, মিছা কোন সকলো ওলাই পৰিব ৷ এতিয়া গান গাই থাকি লাভ নাই ।”

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ সুবুং বসুমতাৰী, উপ পঞ্জীয়কৰ দায়িত্বত বিৰফুং নাৰ্জাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ ডিমাছা ডিব্ৰাং মুছাহাৰী আছে ৷

মঙলদৈত কংগ্ৰেছী নেতা মতলেবুদ্দিন আহমেদক গ্ৰেপ্তাৰ

দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মতলেবুদ্দিন আহমেদক গ্ৰেপ্তাৰ

নেপালী চৰত খিলঞ্জীয়া মানুহৰ মাটি বেদখলকৰাৰ অভিযোগত গ্ৰেপ্তাৰ মতলেবুদ্দিন

প্ৰায় ৬০ বিঘাতকৈয়ো অধিক মাটি বেদখল কৰাৰ অভিযোগ আছিল মতলেবুদ্দিনৰ বিৰুদ্ধে ।

মঙলদৈ আৰক্ষীৰ অভিযানত গেপ্তাৰ হল ভূ মাফিয়া মতলেবুদ্দিন

জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।

জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।
জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।

জল জীৱন মিছন অসমৰ অধীনত পানী পৰীক্ষা পৰীক্ষাগাৰৰ সামগ্ৰীৰ যোগানৰ বাবে টেণ্ডাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভুৱা নথিপত্ৰ দাখিল কৰাৰ অভিযোগত এক ঠিকাদাৰক ৩ বছৰৰ বাবে ব্লেকলিষ্ট কৰা হৈছে। মিছন ডাইৰেক্টৰেটৰ মতে, ইলেক্ট্ৰনিক টেণ্ডাৰ প্ৰক্ৰিয়াত মনোগ্ৰাহী নথিপত্ৰ দাখিল কৰাৰ বাবে এম/এছ ডাল থমছ চাইন্টিফিক নামৰ কোম্পানীটোক ব্লেকলিষ্ট কৰা হৈছে।

এই পদক্ষেপৰ মাধ্যমে জল জীৱন মিছন অসমে মুঠতে অসম ৰাজহুৱা ক্ৰয় আইন, ২০১৭ আৰু অসম ৰাজহুৱা ক্ৰয় নিয়ম, ২০২০ ৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মিছনৰ এক প্ৰতিনিধিয়ে বৰ্ণনা কৰি কৈছে যে, “এই পদক্ষেপে এক দৃঢ় বার্তা প্ৰদান কৰা হৈছে যে, যিসকলে অবৈধভাৱে চৰকাৰী চুক্তি লাভ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

অভিযোগৰ অনুসৰি, ঠিকাদাৰটোৱে মিছন প্ৰক্ৰিয়া চলোৱা সময়ত অসত্য নথিপত্ৰ দাখিল কৰি টেণ্ডাৰ সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিল।

এই পদক্ষেপক সমাজত জালিয়াতিৰ চেষ্টা কৰা সকলৰ বাবে এক সতর্কীকৰণৰ ৰূপত অভিহিত কৰা হৈছে। জল জীৱন মিছন অসমৰ মিছন প্ৰক্ৰিয়া এতিয়া অধিক সজাগ আৰু কঠোৰ পৰীক্ষাৰ পৰা পাৰ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।