আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন।
ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ সদনৰ কাম-কাজ।
ৰাজ্যপালৰ ভাষণ অন্ত পৰাৰ পাছতেই আৰম্ভ হ’ব ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক।
বিতৰ্কত অংশ ল’ব শাসক-বিৰোধী উভয় শিৱিৰৰ বিধায়কে।
আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন।
ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ সদনৰ কাম-কাজ।
ৰাজ্যপালৰ ভাষণ অন্ত পৰাৰ পাছতেই আৰম্ভ হ’ব ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক।
বিতৰ্কত অংশ ল’ব শাসক-বিৰোধী উভয় শিৱিৰৰ বিধায়কে।
পুলৱামাৰ মাষ্টাৰমাইণ্ডক গুলীয়াই হ*ত্যা।
পুলৱামাৰ মাষ্টাৰমাইণ্ড হামজা বুৰহানক গুলীয়াই হত্যা।
পাকিস্তানত অজ্ঞাত লোকে হত্যা কৰে সন্ত্রাসবাদীটোক।
POKৰ মুজাফৰাবাদত হত্যা কৰে বুৰহান হামজাক।
অজ্ঞাত লোকে গুলীয়ালে বুৰহান হামজাক।
পুলৱামাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল হামজা।
ভাৰতত বন্ধ কৰি দিয়া হ’ল Cockroach Janta Partyৰ X হেণ্ডেল।
চাৰি দিনতে বিপুল জনপ্রিয়তা লাভ কৰা Cockroach Janta Party Instgram Followers ১৪.২ মিলিয়নলৈ বৃদ্ধি।
ইনষ্টাগ্ৰামত মাত্ৰ ৪ দিনতে বিশ্বৰ সৰ্ববৃহৎ দল BJPক চেৰ পেলালে Cockroach Janta Party-এ।
কিন্তু এটা একাউণ্ট ব্লক হোৱাৰ কিছু ঘণ্টা পাছতে X ত পুনৰ নতুন একাউন্ট সৃষ্টি কৰিলে কোকৰোচ্ছ জনতা পাৰ্টীয়ে।
সামাজিক মাধ্যমত চৰ্চিত কোকৰোচ্ছ জনতা পাৰ্টী।
ভাৰতত বন্ধ কৰি দিয়া হ’ল Cockroach Janta Partyৰ X হেণ্ডেল। চাৰি দিনতে বিপুল জনপ্রিয়তা লাভ কৰা Cockroach Janta Party Instgram Followers ১৪.২ মিলিয়নলৈ বৃদ্ধি। ইনষ্টাগ্ৰামত মাত্ৰ ৪ দিনতে বিশ্বৰ সৰ্ববৃহৎ দল BJPক চেৰ পেলালে Cockroach Janta Party-এ।
ভাৰতৰ মুখ্য ন্যায়াধীশে নিবনুৱা যুৱক-যুৱতীক লৈ কৰা মন্তব্যৰ পাছত অনলাইনত জন্ম লোৱা ককৰোচ জনতা পাৰ্টি (চিজেপি) নামৰ এক ব্যংগমূলক ৰাজনৈতিক প্ৰচাৰে ৫ দিনত কোটি কোটি ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ অতিক্ৰম কৰিলে। এই দলটোৰ অভিজিত দীপকে প্ৰতিষ্ঠা কৰিছে। চিজেপিয়ে শাসকীয় বিজেপিৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ মুখ্য ন্যায়াধীশে যুৱক-যুৱতীক লৈ কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাই ক্ষোভ, বিদ্ৰুপ, অনলাইন হাস্যৰসৰ পৰা জন্ম লোৱা ব্যংগ ৰাজনৈতিক আন্দোলন ককৰোচ জনতা পাৰ্টিয়ে মাত্ৰ পাঁচ দিনতে ছ’চিয়েল মিডিয়াত বিজেপিক পিচ পেলাইছে।
যিখন দেশত দশক দশক ধৰি ৰাজনৈতিক আধিপত্যৰ খেতি সযতনে কৰা হৈছে, সেইখন দেশত অনলাইন দলটোৱে ৰিল, ভিডিঅ’ৰ জৰিয়তে শাসকীয় দলটোক পিছ পেলাবলৈ সক্ষম হৈছে।
@cockroachjantaparty হেণ্ডেলৰ অধীনত চলি থকা একাউণ্টটোৱে বৃহস্পতিবাৰে ১৪.২মিলিয়নৰ সীমা অতিক্ৰম কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্ট @bjp4india বৰ্তমান প্ৰায় ৮.৮ লাখ ফ’ল’ৱাৰ থকাৰ বিপৰীতে কংগ্ৰেছৰ @incindia একাউণ্টটো ১৩.৩ ফ’ল’ৱাৰেৰে আগবাঢ়ি আছে। ২০১২ চনত প্ৰতিষ্ঠা হোৱা আম আদমী পাৰ্টিৰ অনুগামী প্ৰায় ১৯ লাখ।
ককৰোচ জনতা পাৰ্টিক ৰাজনীতিবিদ আৰু অৰাজনৈতিক সমৰ্থকৰ লগতে বিশিষ্ট ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ধ্ৰুৱ ৰাথী, প্ৰবীণ কৰ্মী-অধিবক্তা প্ৰশান্ত ভূষণে সমৰ্থন কৰিছে। টিএমচিৰ নেত্ৰী মহুৱা মৈত্ৰী আৰু কীৰ্তি আজাদেও ককৰোচ জনতা পাৰ্টি ফ’ল’ কৰিছে।
COCKROACH JANATA PARTY ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে কোন?
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ভাৰতীয় যুৱক-যুৱতীৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতি সঁহাৰি জনাই ১৬ মে’ত প্ৰথমবাৰৰ বাবে অনলাইনযোগে চিজেপিৰ প্ৰচাৰ ব্যংগমূলক যুৱ আন্দোলন হিচাপে প্ৰকাশ পাইছিল।
১৫ মে’ত শুনানিৰ সময়ত চিজেআইয়ে এজন অধিবক্তাই ছ’চিয়েল মিডিয়াৰ আচৰণৰ কথা উল্লেখ কৰি কয় যে, “COCKROACHৰ দৰে যুৱক-যুৱতী আছে যিয়ে কোনো ধৰণৰ কৰ্মসংস্থাপন নাপায় বা বৃত্তিটোত কোনো স্থান নাপায়। ইয়াৰে কিছুমান মিডিয়াত যোগদান কৰে, কিছুমান ছ’চিয়েল মিডিয়া, আৰ টি আই কৰ্মী, আন কৰ্মী হৈ পৰে আৰু তেওঁলোকে সকলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।”
এই মন্তব্যই ছ’চিয়েল মিডিয়াত ব্যাপক ক্ষোভৰ সৃষ্টি কৰাৰ লগতে অভিজীত দীপকে নেতৃত্বত Cockroach Janta Partyৰ জন্ম হয়।
বুধবাৰে ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত দিপকে কয় যে, “মই ভাবো এই মন্তব্যসমূহ অধিক ট্ৰিগাৰিং আছিল কাৰণ এই মন্তব্য ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰা আহিছিল, যিজন সংবিধানৰ ৰক্ষক, যিয়ে আমাক মত প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰে। আমাৰ মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ থকা কোনোবাই আমাক COCKROACH আৰু পৰজীৱীৰ সৈতে তুলনা কৰিছে। সেয়া আছিল অধিক আঘাতজনক।”
দিপকে আৰু কয় যে যদি ৰাজনৈতিক নেতাৰ পৰা এনেধৰণৰ মন্তব্য আহিলে হয় তেতীয়া ইমান আগাত নাপালেহেঁতেন। “এই মন্তব্য শাসকীয় দলৰ আন কোনোবাই কৰা হ’লে, যিটো তেওঁলোকে সাধাৰণতে কৰে, তেতিয়া ইয়াৰ ফলত এনেকুৱা নহ’লহেঁতেন।”
বিশ্ব দৰবাৰলৈ অসমৰ খাদ্য-বস্তু সম্ভাৰ। অসমৰ এড়ী চাদৰ ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলনিক উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ। FAOৰ DG ড০ কু ডংগিউক জহা চাউল উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

এই কথা সামাজিক মাধ্যত জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ কূটনৈতিক মঞ্চতো এতিয়া উজলি উঠিছে অসমৰ পৰিচয়। আমাৰ গৌৰৱ, আমাৰ স্বাভিমান এৰী বস্ত্ৰক বিশ্বমুখী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই।

ইটালী ভ্ৰমণৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইটালীৰ মাননীয় প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীলৈ উপহাৰ হিচাপে আগবঢ়োৱা আমাৰ ঐতিহ্যমণ্ডিত এৰী চাদৰে পুনৰ এবাৰ বিশ্বদৰবাৰত তুলি ধৰিলে অসমৰ বয়নশিল্পৰ গৌৰৱ। বয়ন শিল্পৰ ক্ষেত্ৰত শান্তিৰ প্ৰতীক হিচাপে পৰিচিত এৰী হৈছে অসমৰ আত্মা, সংস্কৃতি আৰু স্বকীয়তাৰ এক উজ্জ্বল প্ৰতিচ্ছবি। একেদৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালকপ্রধান ড° কু ডংইউলৈ আগবঢ়োৱা সুগন্ধি জহা চাউলেও বিশ্ববাসীক চিনাকি কৰাই দিলে অসমৰ মাটিৰ অনন্য সুবাস।
আমাৰ শিল্প, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বমঞ্চত মৰ্যাদাপূৰ্ণ স্থান দিয়াৰ এই প্ৰয়াসৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা।

কচুগাঁৱৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ অভিযান,দুটা হস্তনিৰ্মিত বন্দু সহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ। কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চানফান ৰেঞ্জৰ বন বিভাগৰ দলে অভিযান চলাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীজন কচুগাঁও থানাৰ অন্তৰ্গত ব্ৰহ্মপুৰ গাঁৱৰ হেটো নাৰ্জাৰী বুলি জানিব পৰা গৈছে।
বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়া মতে, গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত বনকৰ্মীৰ দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত হেটো নাৰ্জাৰীক আটক কৰে। পিছত তালাচী চলোৱাত তেওঁৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বন বিভাগে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে চোৰাং চিকাৰৰ সৈতে জড়িত আন কোনো লোক জড়িত আছে নেকি সেই বিষয়েও অনুসন্ধান অব্যাহত ৰাখিছে।
আজি নৰেন্দ্ৰ মোদী মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক।
বিয়লি ৪ বজাত দিল্লীৰ সেৱা তীৰ্থত হ’ব এই বৈঠক।
বিদেশ ভ্ৰমণত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত হ’ব আলোচনা।
মধ্যপ্ৰাচ্যৰ যুদ্ধ সংকট সন্দৰ্ভতো হ’ব আলোচনা।
মন্ত্ৰী পৰিষদৰ বৈঠকক লৈ দৃষ্টি নিবদ্ধ দেশবাসীৰ।
বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
ইন্ধন, খাদ্যসামগ্ৰীৰ দামবৃদ্ধি সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগ।
২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি।
২২ জুনৰ পৰা ২৬ জুনলৈ হ’ব শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগ।
পৰম্পৰা অনুসৰি ৩দিন বন্ধ থাকিব মূল মন্দিৰৰ দুৱাৰ।
নিত্য পূজা, দেৱী স্নানৰ পাছতে ২৬ জুনৰ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ।
২২ জুনৰ পৰা ২৭ জুনলৈ নাথাকিব VIP-VVIP দৰ্শনৰ ব্যৱস্থা।
ভক্তৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে।
আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন।
৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন।
ৰাজ্যপালৰ অভিভাষণেৰে আৰম্ভ অধিৱেশনৰ কাৰ্যসূচী।
আজি শপত ল’ব নৱনিৰ্বাচিত ১২৫ গৰাকী বিধায়কে।
৪দিনীয়া অধিৱেশনত উত্থাপন হ’ব কেইবাখনো বিধেয়ক।
অধিৱেশনত উত্থাপন হ’ব উমৈহতীয়া দেৱানী বিধি বিধেয়কো।
অনুষ্ঠিত হ’ব অধ্যক্ষ নিৰ্বাচন।
Airtel-এয়াৰটেলে গ্ৰাহকসকলৰ বাবে উৎকৃষ্ট আৰু অধিক স্থিৰ নেটৱৰ্ক অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে মুকলি কৰিছে নতুন ‘প্ৰায়ৰিটি প’ষ্টপেইড’ সেৱা। 5G নেটৱৰ্ক শ্লাইচিং প্ৰযুক্তিৰ সহায়ত আৰম্ভ কৰা এই বিশেষ সেৱাই প’ষ্টপেইড গ্ৰাহকসকলক উন্নত সেৱাৰ মান আৰু নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব বুলি কোম্পানীটোৱে জানিবলৈ দিছে।
১৯ মে’, ২০২৬ত ঘোষণা কৰা এই নতুন ব্যৱস্থাটো বিশেষকৈ সেইসকল ব্যস্ত গ্ৰাহকৰ বাবে ডিজাইন কৰা হৈছে যিসকলে কাম-কাজ, অনলাইন সহযোগিতা বা মনোৰঞ্জনৰ বাবে নিৰৱচ্ছিন্ন ইণ্টাৰনেট সংযোগৰ ওপৰত নিৰ্ভৰশীল।

এই সেৱাৰ অংশ হিচাপে এয়াৰটেলে ইয়াৰ 5G নেটৱৰ্ক উন্নীত কৰি নেটৱৰ্ক শ্লাইচিং প্ৰযুক্তি সংযোজন কৰিছে। এই উন্নত প্ৰযুক্তিয়ে নেটৱৰ্ক অধিক দক্ষ কৰি তোলাৰ লগতে অধিক ক্ষমতা সৃষ্টি কৰে আৰু অগ্ৰাধিকাৰ গ্ৰাহকসকলৰ বাবে সেই ক্ষমতা বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে। ফলস্বৰূপে, ভিৰ বেছি থকা স্থানতো গ্ৰাহকসকলে অধিক স্থিৰ আৰু নিৰ্ভৰযোগ্য নেটৱৰ্ক অভিজ্ঞতা লাভ কৰিব।
বিশ্বৰ বহু দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ, ইউনাইটেড কিংডম আৰু মালয়েছিয়াত ইতিমধ্যে শ্লাইচিং আধাৰিত 5G সেৱা আৰম্ভ হৈছে। ভাৰতত এয়াৰটেলৰ এই আৰম্ভণিক স্মাৰ্ট আৰু ভৱিষ্যত-সাজু ডিজিটেল নেটৱৰ্ক গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ধৰা হৈছে।
এই উপলক্ষে মন্তব্য কৰি Shashwat Sharma-ই কয়, “এয়াৰটেলত আমাৰ লক্ষ্য হৈছে গ্ৰাহকসকলৰ অভিজ্ঞতা বৃদ্ধি কৰা অৰ্থপূৰ্ণ উদ্ভাৱন আগবঢ়োৱা। 5G শ্লাইচিং প্ৰযুক্তিৰে চালিত ‘প্ৰায়ৰিটি প’ষ্টপেইড’ আমাৰ শেহতীয়া উদ্ভাৱন। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে অধিক নিৰ্ভৰযোগ্য আৰু উন্নত সংযোগ লাভ কৰিব।”
তেওঁ লগতে কয় যে ভিৰৰ মাজতো ক্লায়েণ্ট কল, লাইভ ষ্ট্ৰীমিং অথবা কেব বুকিঙৰ দৰে কাৰ্যত গ্ৰাহকসকলে উন্নত অভিজ্ঞতা লাভ কৰিব।
এয়াৰটেলৰ এই প্ৰায়ৰিটি সেৱা সকলো প’ষ্টপেইড প্লেনত উপলব্ধ হ’ব। বৰ্তমানৰ গ্ৰাহকসকলে স্বয়ংক্ৰিয়ভাৱে সুবিধাটো লাভ কৰিব। আনহাতে, প্ৰিপেইড গ্ৰাহকসকলেও সহজে এয়াৰটেল এপ অথবা যিকোনো এয়াৰটেল ষ্ট’ৰৰ জৰিয়তে এই সুবিধালৈ সলনি হ’ব পাৰিব।
উল্লেখ্য যে, গ্ৰাহকসকলে শেহতীয়া ছফ্টৱেৰ আপডেট থকা যিকোনো 5G SA সক্ষম স্মাৰ্টফোনত এই সেৱা উপভোগ কৰিব পাৰিব। ফোনত যদি কোনো আপডেট বাকী থাকে, তেন্তে ছেটিংছ অংশত তাৰ জাননী দেখা যাব। এয়াৰটেল এপৰ জৰিয়তে গ্ৰাহকসকলে তেওঁলোকৰ ফোন এই সেৱাৰ বাবে প্ৰস্তুত নে নহয় সেয়াও পৰীক্ষা কৰিব পাৰিব।