Home Blog Page 20

Astro Tips: হনুমানৰ ১২টা অতি প্ৰভাৱশালী নাম, এই ঐশ্বৰিক নাম জপ কৰিলে পোৱা যায় মানসিক শান্তি

Astro Tips: হনুমানৰ ১২টা অতি প্ৰভাৱশালী নাম, এই ঐশ্বৰিক নাম জপ কৰিলে পোৱা যায় মানসিক শান্তি
Astro Tips: হনুমানৰ ১২টা অতি প্ৰভাৱশালী নাম, এই ঐশ্বৰিক নাম জপ কৰিলে পোৱা যায় মানসিক শান্তি

যিকোনো ভক্তই (Astro Tips) প্ৰকৃত হৃদয়েৰে হনুমানৰ ১২টা ঐশ্বৰিক নাম জপ কৰে, প্ৰতিদিনে পুৱা-গধূলি, জীৱনত বহু সফলতা লাভ কৰে। তেওঁলোকৰ ভয়, ৰোগ, বিপদ আদি নোহোৱা হৈ যায়। হনুমানয়ে এনে ভক্তক লৈ সন্তুষ্ট হৈ দীৰ্ঘায়ু, সাহস, আত্মবিশ্বাসৰ আশীৰ্বাদ দিয়ে। হনুমানৰ ১২টা ঐশ্বৰিক নাম ১০৮ বাৰ, সকলো দিশৰ পৰা জপ কৰা ভক্তক ভগৱান হনুমানে ৰক্ষা কৰে। এনে ভক্তসকলে মানসিক শান্তি অনুভৱ কৰে আৰু শত্ৰুক পৰাস্ত কৰাৰ আত্মবিশ্বাস থাকে। হনুমানৰ ১২টা ঐশ্বৰিক নাম কি জানো আহক-

১/ হনুমান
২/ অঞ্জনীৰ পুত্ৰ
৩/ বায়ুৰ পুত্ৰ
৪/ মহাবল
৫) ৰামেশ্বৰ
৬) ফাগুনৰ সখা
৭/ পিংগাক্ষ
৮) অমিত বিক্ৰম
৯/ উদ্ধিক্ৰম
১০) সীতা শোক বিনায়ক
১১) লক্ষ্মণ প্ৰাণদত্ত
১২) দশগ্ৰীৱ দৰ্পাহা

হনুমানৰ ১২টা ঐশ্বৰিক নাম জপ কৰিলে মহান সংকটৰ পৰাও সকাহ পোৱা যায়। ভয়, বাধা, নেতিবাচকতা ধ্বংস হৈ যায়।হনুমানৰ ১২টা ঐশ্বৰিক নাম জপ কৰিলে মানসিক শান্তি আৰু চিন্তাৰ পৰা মুক্তি পোৱা যায়।

হনুমানৰ ১২টা ঐশ্বৰিক নাম জপ কৰিবলৈ নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই ধ্যান কৰিব লাগে। তাৰ পিছত ৰীতি-নীতি অনুসৰি হনুমানক পূজা কৰিব আৰু তাৰ পিছত পূজাৰ সময়ত হনুমানৰ ১২টা নাম সঁচা হৃদয়েৰে ১১ বা ১০৮ বাৰ জপ কৰক।

village rockstars 2: কাইলৈ ছবিগৃহলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ- ২’

কাইলৈ ছবিগৃহলৈ আহিব চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ বহু চৰ্চিত ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ- ২’। (village rockstars 2)

ৰাজ্যৰ ২০টাকৈ ছবিগৃহত মুক্তি পাব ছবিখনে।

আজি সন্ধিয়া ৭:৩০ বজাত ছবিখনৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰিছে ছবি নির্মাতাগৰাকীয়ে।

ছবিখন অসমবাসী ৰাইজে আদৰি ল’ব বুলি আশাবাদী ৰীমা দাস।


অসম বিধানসভা নিৰ্বাচন-২০২৬ঃ ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

অসম বিধানসভা নিৰ্বাচন-২০২৬ঃ ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ
অসম বিধানসভা নিৰ্বাচন-২০২৬ঃ ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

ৰাজ্যত ক্ৰমে উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এপিনে বিৰোধীয়ে বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ কঁকালত টঙালি বান্ধিছে, আনপিনে বিজেপি মিত্ৰজোঁটেও নিত্য-নতুন কৌশলেৰে ক্ষমতা পুনৰ নিজৰ হাতত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা এতিয়াও হোৱা নাই৷ ইয়াৰ মাজতে ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে৷ মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ৫১ লোধী ইষ্টেটস্থিত কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰথমখন তালিকা ঘোষণা কৰে৷ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ এই প্ৰথমখন তালিকাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ চমক৷ যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছে ২০২৬ৰ বাবে প্ৰক্ষেপ কৰিছে গৌৰৱ গগৈক ৷ যিটো কংগ্ৰেছ দলৰ উজনি অসমত এক শক্তিশেল হিচাপে বিবেচিত হৈছে৷ ২০২৪১ বিধানসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পিছত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতাই যোৰহাট সমষ্টিক ২০২৬ৰ নিৰ্বাচনী ৰণৰ সবাতোকৈ হাই প্ৰফাইল সমষ্টি কৰি তুলিব সেয়া নিশ্চিত৷ নিশ্চিতভাৱে যোৰহাট এইবাৰ নিৰ্বাচনত হ’ব ৰাজ্যৰ অন্যতম উত্তেজনাপূৰ্ণ ৰণক্ষেত্ৰ৷

প্ৰথমখন তালিকাত প্ৰাধান্য পাইছে নতুন আৰু যুৱ মুখে৷ ঘোষিত প্ৰথমখন তালিকাৰ ৪২জনৰ ভিতৰত ১৮জনেই নতুন মুখ৷ তালিকাখন এনেধৰণৰ- গোৱালপাৰা পশ্চিম [জনজাতি] মাৰ্কলিন মাৰাক, বঙাইগাঁও গিৰীশ বৰুৱা, বৰপেটা মহানন্দ সৰকাৰ, বকো ছয়গাঁও ৰমেন সিং ৰাভা, ৰহা উৎপল বণিয়া, বিহপুৰীয়া নাৰায়ণ ভূঞা [ৰাম ভূঞা], জোনাই ৰাজ কুমাৰ মেদক, মাৰ্ঘেৰিটা প্ৰতীক বৰদলৈ, চাবুৱা-লাহোৱাল প্ৰাঞ্জল ঘাটোৱাৰ, সোণাৰি উৎপল গগৈ, ডিমৌ অজয় কুমাৰ গগৈ, মাজুলী ইন্দ্ৰনীল পেগু, বোকাজান ৰতন ইংতি, ৰংখাং আগষ্টাইন ইংহি, শিলচৰ অভিজিত পাল, লক্ষীপুৰ ডাঃ এম শান্তি কুমাৰ সিন্‌হা, বৰখলা ডাঃ অমিত কুমাৰ কালোৱাৰ, উত্তৰ কৰিমগঞ্জ জাকাৰিয়া আহমেদ, ৰামকৃষ্ণ নগৰ সুৰুচি ৰায়, চামগুৰি তাঞ্জিল হুছেইন৷

বিৰোধীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ

বিৰোধীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ
বিৰোধীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পৰিয়ালতন্ত্ৰৰ স্পষ্ট প্ৰতিফলন ঘটিছে৷ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আক্ৰমণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে৷ বিৰোধীৰ মিত্ৰ দলৰ মাজত মিত্ৰতা নৌহওঁতেই কংগ্ৰেছৰ একপক্ষীয় তালিকা ঘোষণা কাৰ্যক প্ৰহসন আখ্যা দি মুখ্যমন্ত্ৰীৰ ঘোষণা, কংগ্ৰেছৰ ওচৰত ব্লেকমেইলৰ পৰিৱেশৰ মাজতেই আত্মসমপৰ্ণ কৰিব অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে৷ কংগ্ৰেছে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা ৪২জনীয়া তালিকাখনক লৈ মুখ্যমন্ত্ৰীৰ নিশা বাজপেয়ী ভৱনত প্ৰথম প্ৰতিক্ৰিয়া যে কংগ্ৰেছত পৰিয়ালবাদ অব্যাহত ৰাখি প্ৰাৰ্থিত্ব দিয়া হৈছে৷’ কংগ্ৰেছৰ যিখন তালিকা, সেইখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ প্ৰতিফলন৷ প্ৰদু্যৎ বৰদলৈৰ পুত্ৰ, ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সন্তান, প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী, ধুবুৰীৰ সাংসদৰ সন্তান– এই ধৰণৰে তালিকাখন কোনোবা নেতাৰ সতি-সন্ততি আৰু পৰিয়ালৰ লোকেৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থীৰ তালিকা৷’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, কংগ্ৰেছৰ প্ৰথমখন তালিকাত ৪২জনৰ ভিতৰত জ্জজনৰেই আছে পৰিয়ালকেন্দ্ৰিক যোগসূত্ৰ৷

তালিকাত কংগ্ৰেছে প্ৰক্ষেপ কৰাসকলৰ ভিতৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, এ পি চি চিৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, সাংসদ প্ৰদু্যৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈৰ নাম প্ৰাৰ্থীৰূপে কংগ্ৰেছ দলে ঘোষণা কৰিছে৷ কংগ্ৰেছ দলৰ বিৰুদ্ধে পৰিয়ালতন্ত্ৰৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘আপোনলোকে যদি ৰাজ্যসভাৰ তালিকাখন চায় দেখিব, আমি কাক প্ৰাৰ্থিত্ব দিছোঁ ? তেৰছ গোৱালা আৰু যোগেন মহনক আমি প্ৰাৰ্থিত্ব দিছোঁ৷ তেওঁলোকৰ পিতৃ-মাতৃক কোনেও নাজানে৷ সন্মানীয় পিতৃ-মাতৃ, তেওঁলোক কোনেও কেতিয়াও ৰাজনীতিৰ লগত জড়িত নহয়৷

বিজেপিৰ লক্ষ্য হ’ল যে সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালীক আগুৱাই লৈ যোৱা৷ সেয়ে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকাত আদৰ্শগত আৰু সংস্কৃতিগত পাৰ্থক্য পৰিষ্কাৰ হৈছে৷’ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বিজেপি দলে মূলতঃ ১০৩টা সমষ্টিত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ কংগ্ৰেছে বিৰোধীৰ মিত্ৰতা ঘোষণা নৌহওঁতেই নিজৰ তালিকা প্ৰকাশ কৰা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীৰ মিত্ৰতাৰ নামত ব্লেকমেইলিংহে চলিছে৷ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ প্ৰসংগত মন্তব্য কৰি শৰ্মাই কয় যে মিত্ৰতা তেওঁলোকৰ হ’ব, কিন্তু দুয়োজনেই কংগ্ৰেছৰ মতেই মিত্ৰতা কৰিব৷ লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘বিধায়ক হোৱাৰ স্বাৰ্থতে লুৰীণজ্যোতি গগৈয়েও মিত্ৰতা কৰিব কংগ্ৰেছৰ সৈতে৷

লুৰীণজ্যোতি গগৈয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীক টিকট দিয়াৰ প্ৰতিশ্ৰুতি দি থৈছে৷ কিন্তু মূল লক্ষ্য নিজেই খোৱাঙৰ পৰা জিকি অহা৷’ অখিল-কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কেও মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শৰ্মাই কয়, ‘কাইলৈ হয়তো অখিল গগৈয়ে আত্মসমপৰ্ণ কৰিব পাৰে৷ কিয় ? অখিল গগৈ শিৱসাগৰৰ আসনত জিকিব লাগে৷ অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ শিৱসাগৰৰ ওপৰত নিৰ্ভৰ কৰিব৷ শিৱসাগৰত কংগ্ৰেছে প্ৰাৰ্থী দিলে তেওঁ দুৰ্বল অনুভৱ কৰিব৷ সেই কাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে৷ অখিলে কংগ্ৰেছক ভয় খুওৱা আৰু অখিলক কংগ্ৰেছ ভয় খুওৱা এইদৰেই তেওঁলোকৰ চলি আছে৷’

গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টকাৰ আবেদন মাচুল ঘূৰাই বিচাৰে লুইত কুমাৰ বৰ্মনে

দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি কৰিছিল আবেদন
দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি কৰিছিল আবেদন

দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছিল লুইত কুমাৰ বৰ্মনে৷ কিন্তু তেওঁ টিকট নাপালে৷ সেয়ে গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টকাৰ আবেদন মাচুল ঘূৰাই বিচাৰে লুইত কুমাৰ বৰ্মনে৷ সামাজিক মাধ্যমত দিয়া এটা পোষ্টত বৰ্মনে এইবুলি লিখিছে- গৌৰৱ গগৈৰ নিকা ভাবমূৰ্তি দেখিহে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলোঁ৷ সকলোকে টিকট দিব যে পাৰিব সেয়া কোনো সভাপতিয়ে নোৱাৰে আৰু এইটো সৰ্বজনবিদিত৷ কিন্তু সভাপতি এজনে কাৰোৱেই ফোন নধৰে, কাৰো মেছেজৰ উত্তৰ নিদিয়ে৷ তেনেকৈ দল চলাব পাৰিব নেকি? সাধাৰণ ৰাইজ বাদ দিয়ক দলৰ মানুহৰে ফোন নধৰে৷ দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেছেজৰ উত্তৰ নিদিব৷ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছে নে? তেওঁ কাৰোবাক কৈছে নে চবকে টিকট দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ৷ চৰকাৰ হ’লে সংস্থাপিত কৰিম৷ নিজৰ মানুহ কেইজনক যদি লগ কৰিছে নাজানো কিন্তু সাধাৰণ কৰ্মীক লগ কৰা নাই৷ বিজেপিৰ জয়জয় ময়ময় অৱস্থাত থকাৰ পিছতো পৰিত্ৰাণ বিচাৰিহে আদৰ্শগত কাৰণত টিকট বিচাৰিছিল৷ টিকট যদি নিদিয়েই তেন্তে প্ৰাৰ্থীবোৰৰ ইমান খৰচ কৰাব নালাগিছিল৷ মই আগতেই কৈছো যে মই ছিজনড পলিটিছিয়ান নহয়৷ মই পাবলৈও একো নাই হেৰুৱাবলৈও একো নাই৷ ইন ফেক্ট কংগ্ৰেছৰ টিকট বিচৰা বাবে বহুতে মোক বেয়াহে পাইছে৷ তথাপি সেইবোৰ মই কেৰেপ কৰা নাছিলোঁ৷ সমাজৰ ৰাইজৰ চিন্তা কৰিহে৷ কাৰণ জানো যে চৰকাৰৰ স্কীম সমূহৰ বাবে আৰু ১০য১৫ বছৰ পিছত অসমৰ মানুহৰ পানীত হাঁহ নচৰা হ’ব৷ সেইবোৰহে আমাৰ চিন্তা৷ ৰকিবুল হুছেইন বা প্ৰদু্যৎ বৰদলৈৰ পুত্ৰৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে যে টিকট দিছে? গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি দলটো পূৰা ধবংস কৰি দিয়ক মাত্ৰ নিজৰ ইগ’ৰ বাবে৷ আমি কিন্তু আদৰ্শ ত্যাগ নকৰোঁ আৰু চিন্তা নকৰিব যে ইণ্ডিপেণ্ডেণ্ট খেলিম৷ কাইলৈ আপুনি ক’ব যে এইবোৰ কথা মুকলিকৈ নিলিখি দলৰ মজিয়াত ক’ব পাৰিলেহেঁতেন কিন্তু দলৰ মজিয়াত ক’বৰ বাবে কেতিয়াবা ৰেছপণ্ড কৰিছিল নে? মুখ্যমন্ত্ৰীৰ সামাজিক ইছু্যত মেছেজৰ ৰিপ্লাই দিয়াৰ সময় আছে, তেনেস্থলত আপুনি কোন হে? যি হ’ল হ’ল, আপোনাৰ দল যেনেকৈ মন যায় চলাই থাকক, মোৰ ৫০,০০০ টকাটো ঘূৰাই দিয়ক৷ সুত নালাগে৷

বিজেপিলৈ তিনি বিধায়কঃ কংগ্ৰেছী MLA কমলাক্ষ-বসন্ত-শশীকান্তৰ যোগদান বিজেপিত

বিজেপিলৈ তিনি বিধায়কঃ কংগ্ৰেছী MLA কমলাক্ষ-বসন্ত-শশীকান্তৰ যোগদান বিজেপিত
বিজেপিলৈ তিনি বিধায়কঃ কংগ্ৰেছী MLA কমলাক্ষ-বসন্ত-শশীকান্তৰ যোগদান বিজেপিত

বিজেপিলৈ তিনি বিধায়কৰ গমন। আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান শশীকান্ত দাস, বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ।

ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই যোগদান কৰে বিজেপিত।

তিনিজন বিধায়কৰ যোগদানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তিনিজনকৈ সন্মানীয় বিধায়কে আমাৰ দলত যোগদান কৰে। যোৱা ২টা বছৰে আমাৰ দলক সমৰ্থন কৰি আহিছে। আজি আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সকলক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ

বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ
বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷

বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য – নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷

দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷

Chandra Grahan 2026: আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণঃ চন্দ্ৰ গ্ৰহণৰ পিছত সন্ধিয়া এইসমূহ কাম কৰক…

আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণঃ চন্দ্ৰ গ্ৰহণৰ পিছত সন্ধিয়া এইসমূহ কাম কৰক...
আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণঃ চন্দ্ৰ গ্ৰহণৰ পিছত সন্ধিয়া এইসমূহ কাম কৰক...

আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ। বিয়লি ৩:২০ বজাৰ পৰা সন্ধিয়া ৬:৪৫ লৈ হ’ব এই চন্দ্ৰগ্ৰহণ। এই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ভাৰতত, সকলো শুভ কাম-কাজ আৰু পূজা বন্ধ চন্দ্ৰগ্ৰহণৰ সময়ত। ২০২৬ চনৰ এয়াই একমাত্ৰ সূৰ্যগ্ৰহণ যিটো ভাৰতত দেখা গৈছে। এই চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ লগে লগে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক, নহ’লে গ্ৰহণৰ নেতিবাচক প্ৰভাৱে আপোনাৰ জীৱনত ক্ষতিসাধন কৰিব পাৰে।


আজিৰ চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব সন্ধিয়া ৬:৪৫ বজাত। সূৰ্যগ্ৰহণ শেষ হোৱাৰ লগে লগে নিজকে, মন্দিৰ আৰু নিজৰ ঘৰখন শুদ্ধ কৰক। অন্যথা গ্ৰহণৰ নেতিবাচকতাই আৰ্থিক লোকচান, সুনাম আৰু স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।


সূৰ্যগ্ৰহণ শেষ হোৱাৰ লগে লগে গা ধুব। সম্ভৱ হ’লে গা ধোৱা পানীত কেইটোপালমান গংগা পানী দিব। তাৰ পিছত মন্দিৰত আৰু গোটেই ঘৰখনতে গংগা পানী ছটিয়াই দিব। ইয়াৰ দ্বাৰা সূৰ্যগ্ৰহণৰ নেতিবাচকতা দূৰ হৈ সকলো বিশুদ্ধ হ’ব।


প্ৰতিটো গ্ৰহণৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ সৰ্বোত্তম আৰু গুৰুত্বপূৰ্ণ উপায় হ’ল দান দিয়া। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত দুখীয়া আৰু আৰ্তজনক দান কৰক। শস্য, কাপোৰ, খাদ্য দান কৰক। সূৰ্যগ্ৰহণৰ পিছত প্ৰস্তুত কৰা সতেজ খাদ্যহে দান কৰক।

চন্দ্ৰগ্ৰহণৰ পিছত তুলসী গছজোপাৰ ওপৰত কেইটোপালমান গংগা পানী ছটিয়াই দিব। ইয়াৰ পিছত সন্ধ্যা বন্দনা কৰিব। তুলসী গছৰ ওচৰত গৰুৰ ঘিউৰ চাকি জ্বলাব। ধন, সমৃদ্ধি, সুখৰ বাবে তুলসী আৰু লক্ষ্মী দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰক।

জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ

জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ
জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ

বটদ্ৰৱা থানলৈ জাতীয় সাজপাৰ পৰিধান কৰি যাব লাগিব দৰ্শনাৰ্থী।

জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ।

১২ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত নাথাকিব এই বাধা।

বটদ্ৰৱা থানত হোলীত অংশ লৈ এই কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন…

আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন...
আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন...

আজি ৰঙৰ উৎসৱ ফাকুৱা।

আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন।

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি উছাহ।

আবিৰৰ পৰশেৰে ৰঙীন ৰাজ্যৰ চৌদিশ।

ৰঙৰ উৎসৱ হোলীৰ উপলক্ষে পুৱাই ভক্তৰ ভিৰ হৈছে ঢকুৱাখনাৰ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত।

ৰজাদিনীয়া সত্ৰখনত কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।

কালি প্ৰথমদিনাৰ নিশাৰ ভাগলৈ অধিবাস,অস্থায়ী বেদীত মহাপ্রভু স্থাপন আৰু মেঘদাহেৰে দৌলযাত্ৰাৰ যথাবিহিত পূজা কৰা হয়।

ইয়াৰ পিছতে নিশালৈ দিহা নাম, সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

ইফালে আজি দ্বিতীয় দিনা দিনৰ ভাগত-“দক্ষ যজ্ঞ” ভাওনা, নাম প্ৰসংগ,আৰু ভাগৱত পাঠৰ লগতে হোলীগীতৰ অনুষ্ঠান আয়োজিত হ’ব।

মহাপ্ৰভু বাসুদেৱৰ চৰণত আৰ্শীবাদ বিচাৰি হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে ভীৰ কৰিবহি আজি।

অন্যহাতে মহাপ্রভুৰ ওচৰত ফাকুৱা গীত পৰিৱেশন, সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ “যযাতিৰ মুক্তি লাভ” নামৰ ভাওনাও প্ৰদৰ্শন হ’ব আজি।