Home Blog Page 200

Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা”

Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ "প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা"
Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ "প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা"

আমাক হেজাৰখন হাত লাগে (Srimanta Dutta) যাৰ মন এটাই’ এই আপ্তবাণীক সাৰোগত কৰি সৃষ্টি হোৱা ’উত্তৰ পুৰুষৰ মঞ্চ’ৰ তৰফৰপৰা “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা” প্ৰদান কৰিবলৈ ওলাইছে এগৰাকী কৃতী শিক্ষক, সমাজ সংগঠক শ্ৰীমন্ত দত্তক। এই বঁ‌টাত আছে নগদ ধনৰ উপৰিও সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এখন শৰাই, এখন গামোচা, এখন চেলেং চাদৰ আৰু কিতাপৰ টোপোলা। শ্ৰীমন্ত দত্ত ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰে খ্যাতিসম্পন্ন শিক্ষানুষ্ঠানত অনিৰ্বচনীয় প্ৰজ্ঞাৰ জ্যোতিৰে নিজৰ হৃদয় ৰাজ্য উদ্ভাসিত কৰি হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক।


কাব্যগ্ৰন্থ ‘বগা সাজ নিপিন্ধিবি আই’,গল্পপুথি ‘যাত্ৰা’ আৰু ‘মাজুলীৰ মৌ’ আদি তেখেতৰ সাহিত্য কৃতি। সংস্কৃতিৰ বিনন্দীয়া কৃষ্টিৰ পথাৰত সৃষ্টিৰ যুগমীয়া ঢৌ তুলি তেখেতে লিখা দুটাকৈ কাহিনী অসমীয়া বিনোদনধৰ্মী জনপ্ৰিয় ‘ৰং’ চেনেলৰ ধাৰাবাহিকভাৱে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে।


‘যাত্ৰা’ নামৰ ৱাটছ এপ গ্ৰুপৰ জন্মদাতা শ্ৰীমন্ত দত্ত নিজে কৰ্কট ৰোগৰ দৰে এটি মাৰাত্মক ৰোগৰ যুঁজাৰু হৈ দহ লাখতকৈও অধিক আৰ্তজনৰ ওপৰত ‘আকালৰ ভাত নিদানৰ মাত’ৰ ভূমিকাত অৱৰ্তীন হৈ এক অতুলনীয়, অনন্য আৰু অদ্বিতীয় মানৱীয় প্ৰমূল্যবোধৰ পৰিচয় দিয়া দত্তই সামাজিক মাধ্যম ফে’চবুকত এটি জনপ্ৰিয় সাহিত্য চৰ্চাৰ গ্ৰুপ ‘অনুশীলন’ৰ জন্ম দি সাহিত্যৰ জেতুকাবুলীয়া আকাশখনত যি সমুজ্জ্বল প্ৰভা সিঁচিবলৈ প্ৰয়াস কৰাৰ লগে লগে হাজাৰ হাজাৰ শুভাকাংক্ষীৰ সহযোগিতাত বিভিন্ন জটিল ৰোগাক্ৰান্ত ব্যক্তিক আৰ্থিক সাহাৰ্য, আৰ্থিক দৈন্য বহু ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে। ইউ টিউব চেনেল ‘শ্ৰীমন্ত মটিভেটৰ‘(Srimanta Motivator), ফে’চবুক পেজ ‘শ্ৰীমন্ত দত্ত অনুশীলন’ দ্বাৰা ছাত্ৰ-ছাত্ৰী তথা সমাজৰ মংগলৰ হ’কে বিভিন্ন উপাদেয় বাৰ্তা বহন কৰা ভিডিঅ’ৰ যোগেদিও সোণসেৰীয়া ঐকান্তিক সু-প্ৰচেষ্টা হাতত লৈ আহিছে।

বিনামূলীয়া চকু চিকিৎসা শিৱিৰ, নাৰী সবলীকৰণৰ পদক্ষেপ আদিৰ দৰে সামাজিক কাম কৰি অহা শ্ৰীমন্ত দত্তক ইতিমধ্যে শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা ২০২২,অসম হাৰ্ট, অল আসাম চছিয়েল ডেভল্পমেণ্ট, পশুধন বেংকৰ তৰফৰ পৰা ২০২২ চনত, অসম গৌৰৱ বঁটা আৰু একে বৰ্ষতে অসম স্কুল অৱ এজুকেশ্বনৰ উদ্যোগত চৈয়দ নিজামুল হক সোঁৱৰণী ‘মানৱ দৰদী’ বঁটা, শেহতীয়াকৈ যোৱা ৩ জুন তাৰিখে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱৰ ৬৭তম জন্ম দিনত সম্বৰ্ধনা জনোৱা ৬৭ জন ব্যক্তিৰ ভিতৰত অন্যতম একো একোটা সাফল্যৰ কীৰ্তিমাল্য। তেখেতৰ নিস্বাৰ্থ ত্যাগ আৰু বৰ্ণনাতীত সু-কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে চলিত মাহৰ ১৩ জুলাই উত্তৰ পুৰুষৰ মঞ্চ, অসমৰ জাঁ‌জী শাখাৰ দ্বিতীয় বাৰ্ষিক মূল অধিৱেশনত এইবেলি “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা” আগবঢ়োৱা হ’ব বুলি মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে এক বিবৃতি যোগে জনাইছে।

চিকাগোৰ কনভেনচনত আইমী বৰুৱাই দাঙি ধৰিলে অসমীয়া সংস্কৃতি Aimee Baruah

ডিজিটেল ডেস্ক, গুৱাহাটীঃ Aimee Baruah ৰাষ্ট্ৰীয় বঁটা বিজয়ী জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই শেহতীয়াকৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম কনভেনচন ২০২৫ত অংশগ্ৰহণ কৰে। এই প্ৰতিষ্ঠিত অনুষ্ঠান ৩ জুলাইৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হয়।

কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুলাই, শনিবাৰে আইমী বৰুৱাই চিকাগোৰ গ্ৰেণ্ড বলৰুমৰ মঞ্চত ‘ভূপেন হাজৰিকাৰ লিগেছী’ শীৰ্ষক এক চমু ভাষণ আগবঢ়ায়। ভাষণত তেওঁ সংগীত সম্ৰাট ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু সংগীতৰ অৱদানৰ বিশ্বজনীন প্ৰাসংগিকতা, শিল্পীগৰাকীৰ দৃষ্টিভংগী আৰু তেওঁৰ সৃষ্টিসমূহে কেনেদৰে বিশ্বব্যাপী বিভিন্ন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, সেই বিষয়ত গভীৰ আলোকপাত কৰে।

উল্লেখযোগ্যভাৱে, অভিনেত্ৰীগৰাকীয়ে সংযুক্তা ক্ৰিয়েচনৰ প্ৰতিনিধিত্বত অনুষ্ঠিত বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি ৰেম্পত খোজ কাঢ়ে। তেওঁৰ উপস্থিতিয়ে মঞ্চত অসমীয়াৰ পৰম্পৰা আৰু সমসাময়িকতাক একেলগে দাঙি ধৰে, যিয়ে উপস্থিত সকলৰ প্ৰশংসা অৰ্জন কৰে।

চিকাগোত অনুষ্ঠিত এই অসম কনভেনচনত আইমী বৰুৱাৰ অংশগ্ৰহণে অসমীয়াৰ সংস্কৃতি, চিন্তাধাৰা আৰু প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজাগৰ কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি, ইয়াৰ উপকাৰিতা জানো আহক!

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি
Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি

আয়ুৰ্বেদত ধনীয়াক ঔষধ বুলি গণ্য কৰা হয়। (Coriander Leaves) ধনীয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ধনীয়া পাতৰ দ্বাৰা কোনবোৰ ৰোগ নিৰাময় হয় জানো আহক।

পাকঘৰত সেউজীয়া শাক-পাচলিৰ সৌন্দৰ্য বৃদ্ধি কৰে ধনীয়াৰ উপস্থিতয়ে। দাইল হওক বা শাক-পাচলি হওক, ৰাইতা হওক বা চাটনিয়ে হওক ধনীয়া পাতে প্ৰতিটো খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰে। এই পাতবোৰে সোৱাদ বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰৰ বাবেও অতি উপকাৰী। আয়ুৰ্বেদতো ধনীয়াক ঔষধ হিচাপে গণ্য কৰা হয়। বহুতো পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ধনীয়া ব্যৱহাৰ কৰা হয়। আধুনিক যুগতো ইয়াৰ গুৰুত্ব কমি যোৱা নাই।

ধনীয়া পাতৰ উপকাৰিতা-
ধনীয়া চকু, ছাল আৰু হাড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন এ, চি, আৰু কে থাকে। ইয়াৰ উপৰিও ইয়াত ফ’লেট, কেলচিয়াম, পটাছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি মৌলও পোৱা যায়। এই উপাদানসমূহে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ধনীয়া পাত খালে পাচনতন্ত্ৰ মজবুত হয়। এই পাতবোৰ চোবাই খালে বা ৰাতিপুৱা খালী পেটত ইয়াৰ পানী খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াত থকা আঁহে খাদ্য হজম কৰাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

ধনীয়াত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ’লে চৰ্দি, কাহ, ফ্লুৰ দৰে ঋতুভিত্তিক ৰোগ সোনকালে নহয়। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী হ’ব পাৰে।

ধনীয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কলেষ্টেৰলৰ ভাৰসাম্য ৰক্ষা কৰে। একে সময়তে এন্টিঅক্সিডেন্ট আৰু ভিটামিন এয়ে ছালখন জিলিকি উঠে, মুখৰ ব্ৰণ আৰু দাগ কমোৱাত সহায় কৰে, লগতে চুলি সৰা ৰোধ কৰে।

ইয়াৰ উপৰিও ই শৰীৰক বিষমুক্ত কৰে। ধনীয়া পানীয়ে শৰীৰৰ পৰা বিষাক্ত মৌল আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত যকৃত আৰু বৃক্কে সঠিকভাৱে কাম কৰে আৰু শৰীৰে লঘু আৰু পৰিষ্কাৰ অনুভৱ কৰে। ইয়াত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড় শক্তিশালী কৰাৰ বাবে উপকাৰী। নিয়মিতভাৱে ধনীয়া পাত খালে হাড়ৰ সমস্যা যেনে দুৰ্বলতা বা গাঁঠিৰ বিষ কমিব পাৰে।

ধনীয়াত থকা ফ’লেট গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়। গৰ্ভাৱস্থাত ই পুষ্টিৰ এক উত্তম উৎস হ’ব পাৰে। ধনীয়া পাতৰ সতেজ সুগন্ধি থাকে। ধনীয়া চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়।

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !
Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

সিতাৰে জমীন পাৰ” হৈছে ২০২৫ চনৰ (Sitaare Zameen Par)২০ জুনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ক্ৰীড়া-কমেডী-নাট্যধর্মী চলচ্চিত্ৰ, যাক পৰিচালনা কৰে আৰ. এছ. প্ৰসান্নাই আৰু প্ৰযোজনা কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আমিৰ খান আৰু অপৰ্ণা পুৰোহিতে, আমিৰ খান প্ৰডাকশ্যনছ ব্যানাৰৰ অধীনত, যি আগতে “Taare Zameen Par”ৰ দৰে বিৰল কিন্তু হৃদয়স্পৰ্শী চিনেমা উপহাৰ দিছিল। এই ছবিখনত মুখ্য চৰিত্ৰ গুলশানৰ ভূমিকাত অভিনয় কৰিছে আমিৰ খানে, যি এখন নামী পেচাদাৰী বাস্কেটবল প্ৰশিক্ষক, যাৰ জীৱন এক অহংকাৰ, জয় আৰু কঠোৰতাৰ মাজত আবদ্ধ আছিল। যেতিয়া তেওঁৰ উগ্ৰ ব্যৱহাৰ আৰু ভুল সিদ্ধান্তৰ বাবে তেওঁ ড্ৰিংক এণ্ড ড্ৰাইভ কেছত ধৰা পৰে, তেতিয়া আদালতে তেওঁক শাস্তিস্বরূপ সমাজ সেৱাত নিযুক্ত কৰে আৰু তেওঁক দিয়া হয় এটা বিশেষ দায়িত্ব—বুদ্ধি আৰু বিকাশজনিত অসুবিধা থকা (নিউৰোডাইভাৰ্জেন্ট) ১০ জন শিশুক বাস্কেটবল খেল শিকাবলৈ। গুলশান প্ৰথমতে এই দায়িত্বক এক হেয়াভাৱত গ্ৰহণ কৰে, অৱজ্ঞা কৰে, আৰু তেওঁ এই শিশুবোৰক ‘অযোগ্য’ বুলি ভাবে, কিন্তু সময়ৰ সৈতে তেওঁ তেওঁলোকৰ নিষ্পাপ মন, অবিচল নিষ্ঠা আৰু নিঃস্বাৰ্থ হৃদয়ৰ স্পৰ্শ পায় আৰু তেওঁৰ ভিতৰত এক ধস পৰে—আহা আহা কৰি গুলশান নিজৰ অহংকাৰ, গৰিমা আৰু পৰাজয়ক আঁতৰাই পেলাই আৰু এক সত্যকাৰ প্ৰশিক্ষকৰ ৰূপত জন্ম লয়, যিয়ে কেৱল খেল নুশিকায়, তেওঁলোকক জীৱনক ভাল পাবলৈ উৎসাহ দিয়ে। তেওঁৰ পত্নী সুনীতাৰ চৰিত্ৰত দেখা পোৱা যায় জেনেলিয়া ডি’ছুজাক, যিয়ে গুলশানৰ জীৱনৰ কঠিন সময়ত সাহস আৰু সহানুভূতিৰে তেওঁৰ সৈতে থাকে। এই ছবিখনত অভিনয় কৰে দৰ্শকসকলৰ বাবে একেবাৰে নতুন কিন্তু বাস্তৱ নিউৰোডাইভাৰ্জেন্ট অভিনেতাসকল—অৰুষ দত্ত, গোপী কৃষ্ণ বৰ্মা, অনিশা বব্বৰ, পূৰ্ণেন্দু ভট্টাচাৰ্য্য আদি, যিসকলে নিজৰ অভিনয়ে চিনেমাখনক এক বাস্তৱ অনুভূতি দিয়ে। এই ছবিখন ২০১৮ চনৰ স্পেনিছ সফল ছবি Champions ৰ এখন আনুষ্ঠানিক অভিযোজন (official adaptation)আৰু একেধাৰতে “Taare Zameen Par” চিনেমাৰ এক মানসিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছে।

        ছবিখনৰ মুঠ নিৰ্মাণ ব্যয় আছিল প্ৰায় ₹৯০–১২০ কোটি, আৰু মুক্তিৰ মাত্ৰ ১৫ দিনৰ ভিতৰত এই ছবিখনে ভাৰততে ₹১৩৭ কোটিৰো অধিক নেট আয় কৰে আৰু বিশ্বজুৰি প্ৰায় ₹২১৫ কোটি উপাৰ্জন কৰি ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চিনেমাসমূহৰ ভিতৰত স্থান লাভ কৰে।   

         সমালোচকসকলে এই ছবিখনক ব্যাপকভাৱে প্রশংসা কৰে—বিশেষকৈ আমিৰ খানে কৰা সংযত কিন্তু শক্তিশালী অভিনয়, সমাজসচেতন বাৰ্তা, অন্তর্ভুক্তিমূলক কাষ্টিং, আৰু হৃদয়স্পৰ্শী পৰিবেশনাৰ বাবে। বিভিন্ন চলচ্চিত্ৰ বিশ্লেষকে ইয়াক ৩.৫/৫ বা ৪/৫ ৰেটিং দিয়ে; কিছুমান সমালোচকে যদিও ইয়াক কিছু পৰিমাণে প্ৰেডিক্টেবল আৰু গোটেই কাঠামো কিছুখিনি চেনেহীয়া বুলি উল্লেখ কৰিছে, তথাপি সাধাৰণ দৰ্শকবৰ্গে ছবিখনক এক উদ্দীপক, পৰিয়ালিক, মন ছুঁই যোৱা, আৰু মানৱিকতাৰে ভৰপূৰ চিনেমা হিচাপে গ্ৰহণ কৰিছে। “সিতাৰে জমীন পাৰ” মাথোঁ এখন চিনেমা নহয়, ই এক যাত্ৰা—এজন গৰিমামণ্ডিত প্ৰশিক্ষকৰ পৰা এটি কোমল হৃদয়যুক্ত জীৱনশিক্ষকৰ দিশে যাত্রা; যি চিনেমা খেলৰ মাজত মানৱতা, দয়া, আৰু অন্তৰংগতা বিচাৰে আৰু সমাজৰ সীমাবদ্ধতা ভাঙি দেখুৱায় যে “অক্ষমতা”ৰ সংজ্ঞা কেৱল সমাজৰ মনত  থাকে, হৃদয়ত নহয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ GMCH-ত আতংকৰ পৰিৱেশ Fire Breaks Out

গুৱাহাটী: Fire Breaks Out গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ অৰ্থ’পেডিক বিভাগত সোমবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত হুৱাদুৱা পৰিস্থিতি সৃষ্টি কৰে। এই অগ্নিকাণ্ডৰ ফলত GMCH ৰ অৰ্থপেডিক বিভাগটো ক’লা ধোঁৱাই আৱৰি ধৰে।

ঘটনাটো প্রকাশ পোৱাৰ লগে লগে ৰোগী, অভিভাৱক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত আতংক আৰু বিভ্ৰান্তি দেখা দিয়ে। বহু ৰোগীক সুৰক্ষাৰ বাবে অন্যান্য বিভাগলৈ স্থানান্তৰ কৰা হয়।

প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক ত্ৰুটিৰ সম্ভাৱনা প্ৰকাশ পাইছে, যদিও এতিয়ালৈকে ইয়াৰ সঠিক কাৰণ নিৰ্ধাৰণ হোৱা নাই। সৌভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক হতাহত হোৱা খবৰ নাই।

Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘটঃ শিৱসাগৰত সংবাদমেল শ্ৰমিক-কৃষক সংগঠনৰ, বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান; বন্ধ হ’ব ৰাজহুৱা পৰিবহণ

Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট
Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন,(Strike)আঞ্চলিক তথা স্বতন্ত্ৰ শ্ৰমিক সন্থা আৰু সংযুক্ত কৃষক মৰ্চাই আজি শিৱসাগৰ নগৰৰ চিপিআই কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ ৯ জুলাইত দেশজোৰা সাধাৰণ ধৰ্মঘট সন্দৰ্ভত আয়োজন কৰা এই সংবাদ মেলত বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা শ্ৰমিকবিৰোধী শ্ৰম সংহিতা বাতিল, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা তথা কৃষকক কৃষি ভূমিৰ পৰা কৰা উচ্ছেদ বন্ধৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে বুলি আজিৰ সংবাদ মেলত অৱগত কৰে৷ এই ধৰ্মঘটৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে ৰাজহুৱা পৰিবহণৰ চলাচল বন্ধ থকাৰ লগতে সকলো বেংক, বিত্তীয় প্ৰতিষ্ঠান, বীমা কোম্পানী আদিকে কৰি অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব বুলি আজিৰ সংবাদ মেলত সদৰী কৰে৷

সংবাদমেলত বিজেপি চৰকাৰৰ এঘাৰবছৰীয়া শাসনক তীব্ৰ সমালোচনা কৰে শ্ৰমিক সংগঠনসমূহে৷ বিজেপিৰ কু-শাসনৰ ফলত দেশৰ শ্ৰমিক, কৃষক তথা শ্ৰমজীৱী লোকৰ জীৱন আৰু জীৱিকাৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি পুঁজিবাদীৰ স্বাৰ্থত শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰিবলৈ চাৰিখনকৈ শ্ৰম সংহিতা প্ৰৱৰ্তন কৰিছে বুলিও অভিযোগ কৰে৷ আগন্তুক জ্ঝ জুলাইৰ ধৰ্মঘটৰ লগত সংগতি ৰাখি সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা, শ্ৰমিকৰ নূ্যনতম মজুৰী মাহিলি চ্ছ,০০০ টকা ধাৰ্য কৰা, মটৰ শ্ৰমিক কল্যাণ আঁচনি নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকালৈ বৃদ্ধি কৰা, অ’এনজিচিৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি আনুষংগিক দাবীও উত্থাপন কৰে শ্ৰমিক-কৃষক সংগঠনসমূহে৷ আজিৰ সংবাদ মেলত পূৰ্ণকান্ত গোহাঁই, মদন বৰুৱা, প্ৰণামী গগৈ, প্ৰবীণ বৰুৱা আদি উপস্থিত থাকি সংবাদ মেল সম্বোধন কৰে৷

Akhil Gogoi চাপৰত উচ্ছেদস্থলীত উপস্থিত অখিল গগৈক আৰক্ষীৰ আটক

ডিজিটেল ডেস্কঃ Akhil Gogoi ধুবুৰী জিলাৰ চাপৰত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতেই উত্তপ্ত হৈ পৰিল পৰিস্থিতি। উচ্ছেদিত ৰাইজৰ অৱস্থা বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আজি আৰক্ষীয়ে আটক কৰি চাপৰ থানালৈ লৈ যায়।

ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে নিজে উপস্থিত থাকি বিধায়ক গগৈক আটক কৰে।

উল্লেখযোগ্য যে, আজি ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসনে। চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ৩,৫০০ বিঘা ভূমি অবৈধ দখলমুক্ত কৰিবলৈ অভিযান চলোৱা হয়।

উচ্ছেদৰ সময়তে চৰুৱাবাখৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু বছৰ ধৰি ভূমি দখল কৰি অহা কিছু লোকে প্ৰশাসনৰ এক্সকেভেটৰ আৰু আৰক্ষী বাহিনীৰ ওপৰত শিল আৰু লাঠীৰে আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰে।

উচ্ছেদৰ বিৰোধিতা কৰি শতাধিক স্থানীয় ৰাইজ ৰাস্তালৈ ওলাই আহে। এনে পৰিস্থিতিতেই ঘটনাস্থলীত উপস্থিত হোৱা বিধায়ক অখিল গগৈক আটক কৰে আৰক্ষীয়ে।

Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস

Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস
Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস

ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পে (Donald Trump Elon Musk) কৰিলে উপহাস৷ উল্লেখ্য, শেহতীয়াকৈ ইলন মাস্কে মাৰ্কিন ৰাজনীতিত জোকাৰণি তুলি ‘আমেৰিকান পাৰ্টী’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে৷ মাস্কৰ এনে ঘোষণাৰ পিছতে ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

নতুন দলটোক ‘হাস্যকৰ’ বুলি অভিহিত কৰিছে ট্ৰাম্পে৷ ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত মাস্কৰ নতুন ৰাজনৈতিক দলৰ বিষয়ে লিখিছে৷ মাস্কৰ নতুন ৰাজনৈতিক দলটোক কোনো গুৰুত্ব দিবলৈ ইচ্ছুক নহয় বুলি উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্টকৈ কৈছে৷

ড’নাল্ড ট্ৰাম্পে লিখিছে– ‘মই নিশ্চিত যে ইলনে যোৱা পাঁচ সপ্তাহ ধৰি সম্পূৰ্ণ ভুল কৰি আছে৷’ আমেৰিকাৰ ৰাজনৈতিক ভিত্তি সদায় দুটা দলৰ৷ তাত আমেৰিকাৰ ধনকুবেৰ ইলন মাস্কে এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে৷ তেওঁ ইয়াৰ নাম ৰাখিছে ‘আমেৰিকা পাৰ্টী’৷

আমেৰিকাৰ দ্বি-দলীয় ৰাজনৈতিক ব্যৱস্থাৰ কথা উল্লেখ কৰি ট্ৰাম্পৰ মন্তব্য– ‘আমেৰিকাত তৃতীয় ৰাজনৈতিক দল কেতিয়াও সফল হোৱা নাই৷ এই ব্যৱস্থাটো তেনেকৈ গঢ় দিয়া হোৱা নাই৷ ইয়াত তৃতীয় পক্ষই বিভ্ৰান্তিৰ সৃষ্টিহে কৰিব৷ ইয়াত তৃতীয় পক্ষ কেতিয়াও সফল নহয়৷’

Bilasipara Eviction: চাপৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা উচ্ছেদঃ আৰক্ষীৰ লগত উচ্ছেদিতাৰ সংঘৰ্ষ

ডিজিটেল ডেস্ক: Bilasipara Eviction চাপৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা অঞ্চলত আজি পুৱা আৰম্ভ হোৱা উচ্ছেদ অভিযান অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান হিচাপে অভিহিত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ভূমি উন্নয়ন আৰু ৰাজহ বিভাগৰ উদ্যোগত চলিছে এই অভিযান।

উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি। হাজাৰ হাজাৰ লোক হাতে লাঠি লৈ উপস্থিত হয় আৰু তেওঁলোকে উচ্ছেদ বন্ধ কৰিবলৈ আৰক্ষীক বাধা দিয়ে। আৰক্ষীৰ সৈতে এই উচ্ছেদিত লোকসকলৰ মুখামুখি সংঘৰ্ষত পৰিস্থিতি অধিক জটিল হৈ পৰে।

সংঘৰ্ষৰ মাজতে দুয়োপক্ষৰ বহু লোক আহত হোৱাৰ খবৰ আহিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ লাঠিচাৰ্জ কৰে, যাৰ ফলত এজন মহিলা গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

অন্যফালে, ক্ষুব্ধ উচ্ছেদিতসকলে প্ৰশাসনৰ দুখন বুলডজাৰ ভাঙি পেলায়। ইয়াৰ পাছতে আৰক্ষীয়ে অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰে আৰু অঞ্চলটোত অধিক সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰে।

পৰিস্থিতি বৰ্তমানেও সংকটজনক অৱস্থাত থাকিলেও, আৰক্ষীয়ে জানিবলৈ দিয়ে যে অঞ্চলটোত পৰ্যাপ্ত নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰিবলৈ সক্ৰিয়ভাৱে কাম চলি আছে।

Bilasipara Eviction: বিলাসীপাৰাত আদানী গ্ৰুপৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বৃহৎ উচ্ছেদ অভিযান

ডিজিটেল ডেস্ক: Bilasipara Eviction অসমৰ বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ এটি সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডজাৰে সন্তেষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটা (১ম আৰু ২য় খণ্ড) অঞ্চলত চলাইছে বৃহৎ উচ্ছেদ।

এই অভিযানত প্ৰায় ২ হাজাৰ পৰিয়াল উচ্ছেদ কৰা হৈছে, যাৰ ফলত গৃহহীন হোৱাৰ বিপৰ্যয়ত পৰিছে প্ৰায় ২০ হাজাৰ লোক। উচ্ছেদস্থলীত ৰখা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী, যাতে অভিযান নিৰৱিচাৰভাৱে সম্পন্ন হয়।

উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলাইছে চৰকাৰে। উক্ত ভূমি আদানী গ্ৰুপক প্ৰদান কৰা হ’ব বুলি চৰকীয় সূত্ৰে জনোৱা হৈছে।

প্ৰশাসনে কিছুবছৰ পূৰ্বে এই ভূমিসমূহ খালি কৰিবলৈ জাননী জাৰী কৰিছিল, যাৰ পাছতেই অধিকাংশ পৰিয়াল স্থানান্তৰিত হৈছিল।