Home Blog Page 2006

ইছৰোৱে আৰম্ভ কৰিব চন্দ্ৰযান-৩ (চি-৩) অভিযান; ২০২৩ চনৰ জুনত এই অভিযান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে অহা বছৰৰ জুন মাহত ইয়াৰ চন্দ্ৰযান-৩ (চি-৩) অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। মহাকাশ সংস্থাটোৰ আটাইতকৈ গধুৰ ৰকেটত ৩৬ টা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰাৰ পিছত দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি ইছৰোৰ মুৰব্বী ড০ এছ সোমনাথে এই কথা ব্যক্ত কৰে।

“চন্দ্ৰযান-৩ প্ৰায় সাজু। চূড়ান্ত একত্ৰীকৰণ আৰু পৰীক্ষা প্ৰায় সম্পূৰ্ণ হৈছে। তথাপিও, আৰু কিছুমান পৰীক্ষা বাকী আছে, সেয়েহে আমি এইটো অলপ পিছত কৰিব বিচাৰো। ফেব্ৰুৱাৰীত দুটা স্লট উপলব্ধ আছিল আৰু আনটো জুনত। আমি উৎক্ষেপণৰ বাবে জুন (২০২৩) স্লট ল’ব বিচাৰো।” সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি অনুসৰি ইছৰোৰ অধ্যক্ষজনে এনেধৰণে কয়।

উল্লেখ্য যে, চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰযান-২ (চি-২) অৰ্বিটাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ই ইতিমধ্যে চন্দ্ৰৰ চাৰিওফালে কাম কৰি আছে। এই সপ্তাহৰ আৰম্ভণিতে ড০ সোমনাথে কৈছিল যে চন্দ্ৰযান-৩ অভিযান ইয়াৰ পূৰ্বৱৰ্তীৰ প্ৰতিকৃতি নহয়। তেওঁ লগতে কয় যে ইছৰোৱে চি-৩ক অধিক শক্তিশালী কৰি তুলিছে আৰু যোৱাবাৰৰ দৰে সমস্যা নাছিল। লক্ষণীয়ভাৱে, ২০১৯ চনৰ ছেপ্টেম্বৰত চন্দ্ৰযান-২ অভিযান বিফল হৈছিল কিয়নো অভিযানটোত থকা বিক্ৰম লেণ্ডাৰ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। চি-৩ অভিযানটো জিঅ’চিংক্ৰোনাছ লঞ্চ ভেহিকেল মাৰ্ক-৩ (জিএছএলভি এমকে-৩)ত আৰম্ভ কৰা হ’ব।

মন কৰিবলগীয়া যে, দিনটোৰ আৰম্ভণিতে ইছৰোৱে ইয়াৰ আটাইতকৈ গধুৰ ৰকেট মাৰ্ক-৩ (এলভিএম3-এম2)ত ৩৬ টা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা দেওবাৰে পুৱা ১২:০৭ বজাত ৱানৱেব নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এই উপগ্ৰহসমূহ উৎক্ষেপণ কৰা হয়। ইছৰোৰ মুৰব্বীজনে এই সফল উৎক্ষেপণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

বিজেপি নেতা সুকুমাৰ বিশ্বাসৰ দেহাৱসান

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰাক্তন সম্পাদক, বৰ্তমান অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ, সদৌ অসম বাঙালী যৌথ মঞ্চৰ সভাপতি তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ দেহাৱসান। যোৱানিশা ১২.১৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বাসে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিশ্বাস।

সুকুমাৰ বিশ্বাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ মাননীয় উপাধ্যক্ষ তথা বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা সুকুমাৰ বিশ্বাসদেৱৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিলে। ছাত্ৰাৱস্থাৰ পৰাই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিশ্বাসদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’’

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সুকুমাৰ বিশ্বাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় সোণোৱালে।

কাইলৈ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব চম্ভালিব মল্লিকাৰ্জুন খাৰ্গেই; অসম প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব কাৰ্যভাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ এটা শীৰ্ষ নেতাৰ দলে ১০ ৰাজাজী মাৰ্গৰ খাৰ্গেৰ বাসগৃহত উপস্থিত হৈ নেতাগৰাকীক অভিনন্দন জ্ঞাপন কৰে।

দলটোৱে শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আলোচনাতো মিলিত হয় বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সূত্ৰত প্ৰকাশ। আজি অভিনন্দন জ্ঞাপনৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰো উপস্থিত আছিল।

ফেচবুক,ইনষ্টাগ্ৰামত কপিৰাইট লাগি বিপদত পৰিছে নেকি? হাত সৰাৰ উপায় কি? চাওক।

নিশা শুই থকাৰ সময়তে কিশোৰীৰ মূৰত লাগিল গুলী, ICUত ভৰ্তি;ডিব্ৰুগড়ত চাঞ্চল্য

বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ডিব্ৰুগড়ৰ লাহোৱাল পাত্ৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা শুই থকা অৱস্থাতে কিশোৰীৰ মূৰত লাগিল গুলী। নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম প্ৰাৰ্থনা গগৈ। ততাতৈয়াকৈ AMCHত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক। বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত ‘অসমীয়া বাতৰি’ৰ সম্প্ৰচাৰ বন্ধ; প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘৰ

সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

অসমৰ সাংস্কৃতিক-বৌদ্ধিক কৰ্ষণৰ ভেটি তথা ঐতিহাসিক প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে “অসমীয়া বাতৰি” সম্প্ৰচাৰ বন্ধৰ জাননী প্ৰেৰণ কৰাক লৈ সৰৱ হৈ পৰিছে ভাৰতীয় গণনাট্য সংঘ।

সংগঠনটোৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে অসম তথা তেওঁৰ গৃহ জিলা ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত অনাতাঁৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ জাননী ধিক্কাৰজনক।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰসাৰ ভাৰতীয়ে তেওঁৰ কাৰ্যকালতে অসমীয়া ভাষাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্য সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বিনিময় উপহাৰ নেকি বুলি কটাক্ষ কৰে ভাৰতীয় গণনাট্য সংঘৰ মুখ্য আহ্বায়ক সোণেশ্বৰ নৰহে।
গণনাট্য সংঘৰ তৰফৰ পৰা ওজা ধনেশ্বৰ শইকী‌য়া, গণসংগীত শিল্পী অমৰ কাকতি, প্ৰদীপ বৰুৱা, কবি পল্লৱ হাজৰিকা আৰু নাট্যকৰ্মী ভৰত চাহুৱে সম্বোধন কৰা সংবাদ মেলত সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই নিৰ্মাণ কৰা সকলো কলা-কুশলী, কবি-সাহিত্যিক, যুৱ বাহিনীৰ কণ্ঠসমূহ, বিশিষ্ট লোকসকল, বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্বত্‍ সমাজ, জাতীয় সংগঠনসমূহক মাত মাতিবলৈও কাতৰ আহ্বান জনায়।

উল্লেখযোগ্য যে গণনাট্য সংঘই সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ অভিসন্ধিত যদি জড়িত নাই, তেন্তে তেওঁক প্ৰত্যক্ষ হস্তক্ষেপ কৰি অসম তথা নিজ জিলাৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ অন্যথা নিজৰ ভাষাকো বিসৰ্জন দিয়া কলংকৰ ইতিহাস বহন কৰিবলৈ সাজু থাকিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান জনাই গণনাট্য সংঘই।

মিঞা কোন? মিঞা বুলি ক’ত জাতি আছে?-নুৰুল হুদা

‘‘মূল্যবৃদ্ধি, GST, অপশাসনৰ বিষয়বোৰ তল পেলাবলৈ এই কাম কৰিছে৷ মিঞা পৰিষদে ইয়াৰ উত্তৰ দিব লাগিব৷ মই আজিলৈকে মিঞা কোন বুজি নাপালো৷’’-নুৰুল হুদা

মিঞা মিউজিয়ামত আছে কি? অসমৰ জাতি উপ–জাতিয়ে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ তাত ৰাখিছে৷ মুছলমানক ভাগ ভাগ কৰাৰ এয়া এটা ৰাজনৈতিক ষড়যন্ত্ৰ৷ এই ষড়যন্ত্ৰৰ আঁৰত BJP-AIUDF আছে৷ এই মন্তব্য কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই।

হুদাই কয়, ‘‘মূল্যবৃদ্ধি, GST, অপশাসনৰ বিষয়বোৰ তল পেলাবলৈ এই কাম কৰিছে৷ মিঞা পৰিষদে ইয়াৰ উত্তৰ দিব লাগিব৷ মই আজিলৈকে মিঞা কোন বুজি নাপালো৷ ‘মিঞা’ শব্দটো এটা সন্মানজনক শব্দ৷ ‘মিঞা’ বুলি কোনো জনগোষ্ঠী নাই, জাতি নাই৷’’

উল্লেখযোগ্য যে গোৱালপাৰাত লক্ষীপুৰত সদৌ অসম মিঞা পৰিষদে খুলিছিল মিঞা মিউজিয়াম। তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কয় যে মিঞা মিউজিয়াম খোলাসকলে চৰকাৰক উত্তৰ দিব লাগিব।

ইফালে, গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়াম ছীল কৰিলে গোৱালপাৰা জিলা প্ৰশাসনে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত স্থাপন কৰিছিল মিঞা মিউজিয়াম। শিক্ষক এম মোহৰ আলীৰ নামত আছে ঘৰটো। মোহৰ আলী মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি।

পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন ‘জীৱকৃষ্ণ’ৰ উদ্বোধন

পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন ‘জীৱকৃষ্ণ’ৰ উদ্বোধনৰ লগতে ‘স্কেল অধ্যয়ন’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত এখন ইম্প্ৰুভাইজড কিতাপ মুকলি কৰা হয়। ৰাজ্যখনৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান পিয়ানো কিডছৰ এক অনুষ্ঠানত পিয়ানো কিডছ ৱেবছাইট এটিও আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

অনুষ্ঠানটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধবদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিটো নিস্প্ৰীহা জিতু’ৰ দ্বাৰা আৰম্ভ হৈছিল, যাক কুশল কৃষ্ণ দেৱ গোস্বামীয়ে স্বৰলিপিলৈ ৰূপান্তৰ কৰা আৰু পিয়ানো কিডছৰ শিক্ষাৰ্থীসকলে সংগীত দিছিল। ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূৰ্য গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। কুশল কৃষ্ণ দেৱ গোস্বামীৰ স্বৰ্গীয় পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়, “এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্ৰতিভা ৰক্ষা কৰাত যথেষ্ট সহায় কৰিব।” এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চটো পিয়ানো কিডছৰ সকলো শিক্ষাৰ্থীৰ বাবে সংগীত প্ৰতিভাৰ পৰীক্ষাগাৰ হ’ব আৰু জীৱকৃষ্ণ অন্তৰংগ পৰ্যায়ত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি বিভিন্ন কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব।
‘জীৱকৃষ্ণ’ অন্তৰংগ মঞ্চটো সকলোৰে বাবে সঁচাকৈয়ে এক অনন্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে।

ডিব্ৰুগড় জিলাৰ বিভিন্ন খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসমৰ বান, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে আৰু ক্ষিপ্ৰতাৰে কাম কৰি আছে: সোণোৱাল

গুঁইজানৰ পৰা মাইজানলৈ খহনীয়া প্ৰতিৰোধী প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ উঠিব

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহজিলা ডিব্ৰুগড়ৰ পুখুৰীজান, বালিজান, বিন্ধাকটা বৰনামঘৰস্থলী, গেৰেকী নেপালী আদি বিভিন্ন খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰকে ধৰি ডিব্রু নৈৰ খহনীয়াত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলসমূহত কৃষিভূমিকে ধৰি অন্যান্য ক্ষয়-ক্ষতি সাধন হৈছে। সোণোৱালে অঞ্চলসমূহত উপস্থিত হৈ স্থানীয় ৰাইজ তথা সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে বাৰ্তালাপ কৰি খহনীয়া অৱস্থাৰ বুজ লয় আৰু লগতে ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিভাগে অঞ্চলকেইটাত ক্ষিপ্ৰতাৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা হাতত লৈছে বুলি সোণোৱালে উল্লেখ কৰে আৰু এইক্ষেত্ৰত ৰাইজৰ হিতৰ বাবে যাৱতীয় সকলো ব্যৱস্থা পুংখানুপুংখভাৱে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক তেওঁ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি নাৱেৰেও খহনীয়া পৰিদৰ্শন কৰে।

“অসমৰ বান, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে, ক্ষিপ্ৰতাৰে আৰু আন্তৰিকতাৰে কাম কৰি আছে। খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত সমাধানসূত্ৰ উলিয়াই ইয়াৰ স্থায়ী সমাধানত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। গুঁইজানৰপৰা মাইজানলৈ খহনীয়া প্ৰতিৰোধী প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ উঠিব। ইয়াৰদ্বাৰা ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাৰ নদী কাষৰীয়া জনসাধাৰণে যথেষ্ট সকাহ লাভ কৰিব। তদুপৰি, দিনজান, পুখুৰীজান, গুঁইজান আদি অঞ্চলৰ বান, খহনীয়া অৱস্থাৰ সমাধানৰ দিশত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়েও প্ৰায় ১১০ কোটি টকাৰ আৰ্থিক সহযোগিতা আগবঢ়াইছে।”

এই সময়ছোৱাত তেওঁৰ সৈতে উপস্থিত থাকে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে জিলা উপায়ুক্ত, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা জলসম্পদ বিভাগৰ বিষয়াসকল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউচত আয়োজন কৰিলে দীপাৱলী। প্ৰৱাসী ভাৰতীয়ৰ মাজত উছাহ! ফটোবোৰ চাওক।

ৰাষ্ট্ৰপতি বাইডেন, ফাৰ্ষ্ট লেডী জিল বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে মূল বন্তি প্ৰজ্জলন কৰা দৃশ্য এয়া। হোৱাইট হাউচৰ ব্লু ৰূমত এই আয়োজন। Photo by Adam Schultz)

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউচত আয়োজন কৰিলে দীপাৱলী। প্ৰৱাসী ভাৰতীয়ৰ মাজত উছাহ! ফটোবোৰ চাওক।

President Joe Biden, First Lady Jill Biden and Vice President Kamala Harris attend a Diwali reception, Monday, October 24, 2022, in the Red Room of the White House. (Official White House Photo by Erin Scott)