Home Blog Page 2011

জীৱন নাটৰ অৱসান ! অচিনা-অজানা দেশলৈ গুচি গ’ল যশস্বী অভিনেতা নিপন গোস্বামী । অভিনেতা গৰাকীৰ চলচ্চিত্ৰ সমূহৰ কেইখনমান আলোকচিত্ৰ চাওঁ আহক…

চলচ্চিত্ৰ সমূহৰ কেইখনমান আলোকচিত্ৰ

অচিনা-অজানা দেশলৈ গুচি গ’ল যশস্বী অভিনেতা নিপন গোস্বামী

অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসান

আজি পুৱা ৯-১৫ বজাত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসান ঘটে।

অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অতুচ্ছ অৱদান আগবঢ়োৱা মহান অভিনেতাজনৰ মৃত্যুত হেলথ্চিটী হাস্পতাল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

চেম্পুৰ ফলত কেন্সাৰ! কি কি ব্ৰেণ্ডৰ চেম্পু আপুনি ব্যৱহাৰ কৰে…

ড্ৰাই চেম্পু কেন্সাৰ সতৰ্কবাণী: ইউনিলিভাৰে ড’ভ আৰু ট্ৰেচেম ব্ৰেণ্ডৰ অধীনত ড্ৰাই চেম্পু পুনৰ আহ্বান কৰিছে। ড্ৰাই চেম্পু ব্ৰেণ্ডসমূহ স্মৰণ কৰা হৈছে: আপুনি শ্বেম্পুও ব্যৱহাৰ কৰেনে? ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ড্ৰাই শ্বেম্পু এটা নতুন ধাৰণা। কম সময়ত চুলি পৰিষ্কাৰ কৰাত ড্ৰাই চেম্পু ফলপ্ৰসূ। ইয়াৰ বাবেই বৃহৎ সংখ্যক লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু যদি আপুনিও শুকান চেম্পুৰ প্ৰতি আকৰ্ষিত, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আছে। শেহতীয়াকৈ বিশ্বব্যাপী এফএমচিজিৰ দৈত্য ইউনিলিভাৰ পিএলচিয়ে কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ ডাই চেম্পু পুনৰ আহ্বান কৰিছে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ বেনজিন সম্পৰ্কীয় দূষক পদাৰ্থ আছিল। জানি থওক যে বেনজিনে কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

ড’ভ-ট্ৰেছিমকে ধৰি এই ব্ৰেণ্ডসমূহক পুনৰ আহ্বান কৰা হৈছিল

আমি জনাওঁ যে যিবোৰ ব্ৰেণ্ডৰ ড্ৰাই চেম্পু ইউনিলিভাৰে পুনৰ আহ্বান কৰিছে, সেইবোৰৰ ভিতৰত আছে ড’ভ আৰু ট্ৰেচেমৰ ড্ৰাই চেম্পু। ইয়াৰ বাহিৰেও যিবোৰ ব্ৰেণ্ডৰ ডাই শ্বেম্পু পুনৰ আহ্বান কৰা হৈছে, সেইবোৰ হ’ল নেক্সাছ, ছুৱেভ আৰু টিগি। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ ৱেবছাইটত প্ৰকাশ কৰা এক জাননী অনুসৰি সেইবোৰ হৈছে ৰকহলিক আৰু বেড হেড ড্ৰাই শ্বেম্পু।

1 বছৰ আগতে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে

প্ৰতিবেদন অনুসৰি, মূলতঃ ২০২১ চনৰ অক্টোবৰৰ পূৰ্বে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে। কিন্তু এই পদক্ষেপে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীত থকা এৰ’ছলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।এই সামগ্ৰীসমূহো প্ৰত্যাহাৰ কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৮ মাহত আন কেইবাটাও সামগ্ৰী যেনে জনছন এণ্ড জনছনৰ নিউট্ৰ’জেনা, এজৱেল পাৰ্চনেল কেয়াৰ কোম্পানীৰ বেনানা ব’ট আৰু বিয়েৰছডৰ্ফ এজিৰ কপাৰটনক পুনৰ আহ্বান কৰা হৈছে।

ৰাস্তাত পৰি থকা এই বস্তুবোৰত ভুলতেও ভৰি নিদিব, দুৰ্ভাগ্যই আৱৰি ধৰিব! জানি থওক কি কি?

যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ৰাস্তাত পৰি থকা বস্তুবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব। নহ’লে আপোনাৰ অজানিতে হোৱা এই ভুলৰ পৰিনাম আপুনি ভুগিব । নিজেই মাতি আনিব নিজৰ দুৰ্ভাগ্য। লোকবিশ্বাস অনুসৰি ৰাস্তাত পৰি থকা কিছুমান বস্তুৱে আপোনাৰ বিপদ মাতি আনিব পাৰে। জানি লওক কি কি বস্তু ৰাস্তাত পৰি থাকিলে ভৰি নিদিব বা ওপৰেৰে পাৰ হৈ নাযাব।

১. ৰাস্তাত নেমু-জলকীয়া পৰি থকা আপুনি হয়তো প্ৰায়ে দেখা পায়। আধুনিক সময়ত মানুহে এইবোৰ কথা বিশ্বাস নকৰে যদিও বহুতৰে মনত অনেক ধাৰণা আছে যি সৌভাগ্যৰ বাবে মানুহে মানি চলে। এনে অৱস্থাত পথত কোনো বস্তু পৰি থাকিলে সেয়া স্পৰ্শ কৰা বা পাৰ হৈ যোৱাটো উচিত নহয়। ই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২. ৰাস্তাত পূজাৰ সামগ্ৰী বা খাদ্য ৰাখি থোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, পূৰ্ব পুৰুষৰ বাবে সেই খাদ্য ৰখা হয়। এই ধৰণৰ সামগ্ৰী বা বস্তুৰ পৰা দূৰত থকা ভাল।

৩. ইয়াৰ লগতে ক’ৰবাত পোৰা কাঠ বা ছাই থাকিলে সেয়া পাৰ কৰি যোৱাটো উচিত নহয়।

৪. যেতিয়া আপুনি ক’ৰবাত কোনো মৰা জন্তু পৰি থকা দেখা পাই সেয়া দেখাৰ লগে লগে দিশ পৰিৱৰ্তন কৰিব লাগে। আপুনি তাৰ পৰা বাওঁ বা সো দিশে যাব পাৰে, কিন্তু কোনো অৱস্থাতে সেই জন্তুটোক পাৰ কৰি যোৱাৰ চেষ্টা নকৰিব।

৫. জ্যোতিষ শাস্ত্ৰ অনুসৰি, মৃত জন্তুৰ শৰীৰত যথেষ্ট নেতিবাচক শক্তি থাকে। সেয়ে যদি কোনো লোকে মৃত জন্তুৰ ওপৰেৰে পাৰ হয় যায়, সেই নেতিবাচক শক্তিয়ে সেই লোকজনৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু বেয়া প্ৰভাৱ পেলাব পাৰে।

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত।) DB NEWSয়ে এইটো নিশ্চিত নকৰে।)

শুৱালকুছিত হেঙুল থিয়েটাৰৰ কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যু

শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ।

হেঙুল থিয়েটাৰত মৰ্মান্তিক ঘটনা। শুৱালকুছিত হেঙুল থিয়েটাৰৰ এগৰাকী কৰ্মচাৰীয়ে কৰুণভাৱে মৃত্যুমুখত পৰে।

কালি অন্তিম নিশা পেণ্ডেল সামৰি থকা অৱস্থাতে দেহৰ পিছফালেৰে চিপৰাং সোমাই গৈ মৃত্যুমুখত পৰে কৰ্মচাৰীজন। মৃত কৰ্মচাৰীজন হৈছে মৰিগাঁওৰ কাণফলাৰ ৰিণ্টু পাটৰ।

উল্লেখ্য, শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ। শুৱালকুছিৰ শংকৰ মন্দিৰৰ আমন্ত্ৰণত প্ৰদৰ্শন কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অন্তিম নিশা নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়ে নিশাই পেণ্ডেল সামৰি থকা অৱস্থাত কৰ্মচাৰীগৰাকী মৃত্যুমুখত পৰে। পাটৰৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে থিয়েটাৰ কৰ্মীসকলৰ মাজত।

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। 

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে।

উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আজিজুৰ ৰহমানে। নিযুক্তিৰ নথি কেলেংকাৰিত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা হ’ল ২২জন।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। আজি বুধবাৰে জিম্মাৰ ম্যাদ ওকলাত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। এই গোচৰত অভিযুক্ত বহু প্ৰাৰ্থী এতিয়াও পলাতক যদিও শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকাশ কৰে চি আই ডিয়ে।

দিল্লীত হঠাতে অসুস্থ হৈ পৰিল বিধায়ক অখিল গগৈ, হাস্পতালত ভৰ্তি

হঠাতে অসুস্থ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আজি বিধায়কগৰাকী হঠাতে দিল্লীত অসুস্থ হৈ পৰে আৰু তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসাৰ অন্তত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে চিকিত্‍সকে। লগতে তেওঁক চিকিৎসালয়ৰ পৰা আহিবলৈ অনুমতিও দিয়ে।

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদীক

এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু ৰেইহান আৰু হাবেল আলীক। কিছুদিন পূৰ্বে দুয়োকে ঘগ্ৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল্লিয়াৰ পৰা। দুয়োকে দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল।

আনহাতে জেহাদীৰ প্ৰশিক্ষণপ্ৰাপ্ত তামুলপুৰত গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ ছাদেক আলী আৰু জেকিবুল হুছেইনকো নলবাৰী সদৰ আৰক্ষী থানালৈ আনিব।

উল্লেখ্য যে এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

কালি গ্ৰেপ্তাৰ হোৱা মিয়া পৰিষদৰ সভাপতি মহৰ আলী আৰু উপসভাপতি আব্দুল বাতেন আৰু ডিব্ৰুগড়ৰ তানু ধাদুমীয়াক পৃথকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায় সংগঠনটোৱে।

সংগঠনটোৱে কয়– অসমীয়াৰ সমাজ জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহকে মিঞা মিউজিয়ামত ৰাখিছে। মিঞাৰ নিজৰ বুলিবলৈ কি আছে?

ভৱিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি সংগঠনটোৰ। এনে কাম ভৱিষ্যতে কৰিলে আন্দোলনৰ পথ ল’ব বুলি অনুসূচিত জাতি ছাত্র সন্থাই প্ৰকাশ কৰি কয় যে এই কাৰ্যৰে অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে মিঞা পৰিষদে।

পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ যোৰহাটৰ ঐতিহাসিক ইলি চিনেমাগৃহ মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব।

অত্যাধুনিক ৰূপত গঢ়ি তোলা যোৰহাটৰ স্মৃতি বিজড়িত ইলি চিনেমাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ আছিল ইলি চিনেমা গৃহ।

১৯৩৭ চনত ইলি চিনেমা হল প্ৰতিষ্ঠা হৈছিল। ১৯৬৬ চনত পুনৰ নিৰ্মাণ কৰি মুকলি কৰা হৈছিল জনসাধাৰণৰ বাবে। ২০১৩ চনত ডিজিটেলাইজড কৰা চিনেমা হলটোক শেহতীয়াকৈ আধুনিক মাল্টিপ্লেক্স ৰূপে গঢ়ি তোলা হৈছে।

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব।