Home Blog Page 202

সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association

সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association
সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association

All Assam Chess Association ।গুৱাহাটীস্থ মালিগাঁও হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম দবা সন্থাৰ বহুপ্ৰত্যাশিত বাৰ্ষিক সভা আৰু সাধাৰণ নিৰ্বাচন ৰবিবাৰে অনুষ্ঠিত হৈ যায় । সন্থাৰ সভাপতি কন্দৰ্প কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভা খনত ৩৩ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে । সন্থাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ অন্তিম খন কাৰ্যনিৰ্বাহক আৰু বাৰ্ষিক সাধাৰণ সভাৰ অন্তত নতুন কাৰ্যনিবাহক গঠন হয় । ২০২৫-২৮ বৰ্ষৰ বাবে গঠন হোৱা সদৌ অসম দবা সন্থাৰ কাৰ্যনিবাহক খনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় জি এম ডি এ উপাধ্যক্ষ মুকুটাডেকা । ৰাজীৱ ধৰ পুনৰ সাধাৰণ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিবাচিত হয় ।

মুঠ ১৩ জনীয়া কাৰ্যনিৰ্বাহক খনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় ক্ৰমে মাধৱ শৰ্মা , মনোজ গোহাঁই , প্ৰান্তপ সুত্ৰধৰ চৌধুৰী , সীমান্ত দাস আৰু ড০ ছাৰ্ভাক আৰু যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় প্ৰণৱ কুমাৰ নাথ , প্ৰদীপ চন্দ্ৰ ডেকা , নন্দন বুঢ়াগোহাঁই , ত্ৰলোক্য নন্দা আৰু আব্দুল মতালেব নিবাচিত হয় । সন্থাৰ কোষাধ্যাক্ষ হিচাপে ৰাকেশ চক্ৰবৰ্ত্তী নিবাচিত হয় । উল্লেখ্য যে সদৌ অসম দবা সন্থাৰ অন্তৰ্গত ৩৩ জিলা উক্ত বাৰ্ষিক সাধাৰণ সভা আৰু সন্থাৰ কাৰ্যনিৰ্বাহকৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰে ।

BTR Election : বাক্সাৰ বাগানপাৰাত ইউপিপিএলৰ হিতাধিকাৰী সভা

বাক্সা, ৭ জুলাইঃ BTR Election (বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন) নিৰ্বাচন আগবাঢ়ি আহি থকা পৰিস্থিতিত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন আৰম্ভ কৰিছে। এনে সময়তে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ভেটি মজবুত কৰিবলৈ ইউপিপিএল (ইউনাইটেড পিপলছ্ পাৰ্টি লিবাৰেল) দলেও সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছে।

সোমবাৰে বাক্সা জিলাৰ বাগানপাৰাত ইউপিপিএল দলটোৱে হিতাধিকাৰীৰ আৰ্থ-সামাজিক সজাগতা সভা আয়োজন কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

সভাখনত আদৰণি ভাষণ দিয়ে বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিধায়ক তথা বিটিআৰ অধ্যক্ষ কাতিৰাম বড়োৱে। সভাত বক্তৃতা ৰাখি প্ৰমোদ বড়োৱে বিগত চাৰি বছৰ ছয় মাহত ইউপিপিএল নেতৃত্বাধীন বিটিআৰ চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে।

তেওঁ কয়, “আমাৰ চৰকাৰে বিটিআৰত শান্তি, স্থিৰতা আৰু উন্নয়ন পুনঃস্থাপন কৰিছে। এই অঞ্চলত সশস্ত্ৰ সংঘাতৰ দিন অতীত হৈ পৰিছে, এতিয়া উন্নয়নৰ নতুন যুগত পঠিয়াই লৈ যোৱা হৈছে।”

বিটিআৰ নিৰ্বাচনৰ প্রাকমুহূর্তত অনুষ্ঠিত এই সভাটোৱে অঞ্চলটোৰ ৰাজনৈতিক উত্কটতা আৰু ইউপিপিএলৰ সংগঠনত্মক শক্তিৰ আভাস প্ৰদান কৰিছে।

Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…

Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…
Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ(Van mahotsav)উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত ৭৬ তম বন মহোৎসৱ উদযাপন উপলক্ষে দিনীয়া জোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত সজাগতা সভা,গছৰ পুলি ৰোপণ,ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান,আৰু গ্ৰীষ্মকালীন প্ৰাকৃতিক শিৱিৰ শুভাৰম্ভ কৰা হয়। বেচৰকাৰী পৰিৱেশ সংস্থা আৰণ্যকে এই কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা কৰে।

পুৱা ১০ বজাৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অনুষ্ঠানত শিলবৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী, ওৰাং উদ্যানৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কেইবাটাও সভাপতি-সম্পাদক আৰু স্থানীয় গুণীজনসকলৰ উল্লেখযোগ্য উপস্থিতি থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবেশ আৰু সাধাৰণ জ্ঞানৰ ওপৰত এক কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। লগতে তেওঁলোকে পৰিবেশৰ লগত সংগতি ৰাখি মনোমোহা নৃত্য-গীতৰ পৰিবেশনো কৰে।

অনুষ্ঠানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱা, আৰণ্যকৰ বিষয়া আৰিফ আহমেদ, সুপৰিচিত ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ নেজিব আহমেদ,ওৰাং উদ্যানৰ বনপালক প্ৰাঞ্জীৎ ডেকা আদি বিশিষ্ট অতিথিসকলে বন্যপ্ৰাণী সংৰক্ষণ, গছৰ পুলি ৰোপণৰ প্ৰয়োজনীয়তা আৰু পৰিবেশ সংৰক্ষণৰ ওপৰত গৰিষ্ঠভাৱে আলোচনা আগবঢ়ায়।

অনুষ্ঠানৰ অন্তত উপস্থিত প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক এটি কৰি মূল্যবান গছৰ পুলি বিতৰণ কৰা হয় যাতে তেওঁলোকে নিজৰ অঞ্চলত সেইবোৰ ৰোপণ কৰি পৰিৱেশৰ ৰক্ষাৰ লগতে সজাগতা বৃদ্ধি কৰে।

অনুষ্ঠানখনত মঙ্গলদৈৰ বিশিষ্ট সাংবাদিক ভাৰ্গৱ দাস, নিউজ লাইভৰ হেমন্ত ডেকা, ডি অৱাই ৩৬৫ৰ শ্ৰৱণ কুমাৰ জা, স্থানীয় সমাজকৰ্মী আব্দুল মালেক, স্বপন দাস, বাহাৰুল ইছলাম, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকল আৰু শংকৰদেৱ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষিকাসকলো উপস্থিত থাকে।

বন মহোৎসৱৰ এই কাৰ্যসূচীয়ে পৰিবেশ সজাগতা আৰু বন সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।

ধলাত শিক্ষকৰ যৌন নিৰ্যাতনত ১৪ বছৰীয়া ছাত্ৰীৰ আত্মহত্যা Hatighuli Higher Secondary School

তিনিচুকীয়া, ৭ জুলাইঃ Hatighuli Higher Secondary School তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত এজন বিদ্যালয়ৰ শিক্ষক দ্বাৰা চলা যৌন আতিশায্যৰ বলি হৈ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা ছাত্ৰীজনী হাতীঘূলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক ভৃকু চেত্ৰীয়ে ছাত্ৰীজনীক শ্লিপিং টেবলেট খুৱাই বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল।

এই নিকৃষ্ট ঘটনাৰ পাছত ছাত্ৰীজনে যোৱা ৩ জুনত আত্মহত্যাৰ চেষ্টা কৰিছিল। যদিও তেতিয়া চিকিৎসকৰ তৎপৰতাত তেওঁক জীৱিত ৰাখিবলৈ সক্ষম হোৱা হৈছিল।

কিন্তু অৱশেষত ৭ জুলাইৰ পুৱা তেওঁৰ নিজ বাসগৃহত চিপ জৰী লৈ আত্মহত্যা কৰে ছাত্ৰীজনে। সংকটজনক অৱস্থাত ততালিকে ৰূপাই ডি চি বৰা নাৰ্ছিং হোমলৈ নিয়াৰ পাছতো চিকিৎসকে মৃত ঘোষণা কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীক।

উল্লেখ্য যে, ছাত্ৰীজনীৰ লিখিত অভিযোগৰ ভিত্তিত ধলা আৰক্ষীয়ে অভিযুক্ত শিক্ষক ভৃকু চেত্ৰীক ১১ জুনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

ঘটনাটোক লৈ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে তীব্ৰ প্ৰতিবাদ জনাইছে। সংগঠনটোৱে এই ঘটনা ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে সোনকালে বিচাৰ সম্পন্ন কৰি অভিযুক্ত শিক্ষকক কঠোৰতম শাস্তি দিয়াৰ লগতে ঘটনাটোক ধূসৰ কৰিবলৈ যিসকল চেষ্টা কৰিছে, তেওঁলোকৰো বিচাৰ বিচাৰিছে।

সংগঠনটোৱে লগতে আহ্বান জনাইছে যাতে আৰক্ষীয়ে পূৰ্ণ নিৰপেক্ষ তদন্ত কৰি ন্যায় নিশ্চিত কৰে।

গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই: মুখ্যমন্ত্ৰী Himanta Biswa Sarma

ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma লখিমপুৰত চলি থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক কঠোৰ আৰু স্পষ্ট বক্তব্য দাঙি ধৰে। তেওঁ কয়, “আমি লখিমপুৰৰ মানুহৰ অস্তিত্ব আৰু ৰাজনৈতিক স্বতন্ত্ৰতা ৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান চলাইছো। কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা হোৱা নাই।”

মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ ওপৰতো নিৰ্দেশনা সৰূপ আক্রমণ কৰি কয়, “উচ্ছেদক লৈ কংগ্ৰেছে ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আছে। প্রকৃতপক্ষে, কৰিমগঞ্জ, কাছাৰ আৰু ধুবুৰীৰ বহু লোক গৈ লখিমপুৰত ভূমি দখল কৰি আছে।”

তেওঁ লগতে অভিযোগ তোলে যে “গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যদি অসমীয়াই সাহস নেদেখুৱায়, তেন্তে এদিন আত্মসমৰ্পণ কৰিব লগা হ’ব। তেওঁ কয়, “৩৫০ জন বাংলাদেশীক উচ্ছেদ কৰোঁতে কেতিয়াবা সামান্য খুন্দা নালাগিব নেকি? এনেকৈয়ে জাতি বাচিব নেকি?”

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ জৰিয়তে স্পষ্ট যে ৰাজ্য চৰকাৰে ভূমি দখল, অনুপ্ৰৱেশ আৰু জনসংখ্যাগত পৰিৱর্তনক লৈ যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপত কোনো ৰাজনৈতিক প্ৰভাৱ চলিব নিদিব বুলি তেওঁ দৃঢ়ভাৱে ঘোষণা কৰে।

বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025

ডিজিটেল ডেস্ক: Brics Summit 2025 ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ১৭তম ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মানচিত্ৰত সন্ত্ৰাসবাদ, সংঘাত আৰু শান্তিৰ প্ৰতি দৃষ্টিভংগী সন্দৰ্ভত স্পষ্ট আৰু দৃঢ় বক্তব্য প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বলি হোৱা দেশসমূহ আৰু সন্ত্ৰাসবাদ সমৰ্থকসকলক একে সূত্ৰত গণ্য কৰা উচিত নহয় বুলি মন্তব্য কৰি মোদীয়ে সৰাসৰি পাকিস্তানৰ নাম নোলোৱাকৈ পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পটভূমিত চীন আৰু পাকিস্তানক কটাক্ষ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। ইয়াৰ বিৰুদ্ধে কোনো আপোচ নহ’ব লাগে।” তেওঁ সন্ত্ৰাসবাদৰ বিত্তীয় সহায়, নিৰাপদ আশ্ৰয়স্থল আৰু আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ চলা কাৰ্য্যকলাপক তীব্ৰ গৰিহণা দিয়ে।

ব্ৰিকছৰ যৌথ বিবৃতিত পহলগাম আক্ৰমণক তীব্ৰভাৱে নিন্দা জনোৱা হয়। মোদীয়ে স্পষ্টভাৱে কয়, “সন্ত্ৰাসবাদৰ কাৰ্য্যক কোনো অৱস্থাত ন্যায়সঙ্গত কৰা নাযায়। ইয়াক সমৰ্থন কৰা বা মৌন সন্মতি জনাও গ্রহণযোগ্য নহয়।” তেওঁৰ মতে, কথাবাৰ্তা আৰু কামৰ মাজত সন্ত্ৰাসবাদ সন্দৰ্ভত কোনো বৈষম্য থাকিব নালাগে।

পশ্চিম এছিয়া তথা গাজা উপত্যকাত চলি থকা সংঘাত আৰু মানবিক সংকটৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মোদীয়ে শান্তিপূর্ণ সমাধান আৰু আলোচনাৰ পথ বাচনি কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “ভাৰত ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি — ইয়াত হিংসাৰ স্থান নাই। আলোচনাই হ’ল সমস্যাৰ একমাত্ৰ সমাধান।”

অন্ততঃ, মোদীয়ে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনলৈ সকলো সদস্য ৰাষ্ট্ৰক আমন্ত্ৰণ জনাই বিশ্বৰ উন্নয়নৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ আহ্বান জনায়। তেওঁ কয়, “ভাৰত সাজু হৈছে ব্ৰিকছৰ সৈতে মিলি এখন উন্নত, স্থায়ী আৰু শান্তিপূৰ্ণ বিশ্ব গঢ়ি তুলিবলৈ।”

BTC Election: কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণশিঙা, বিটিআৰত নিৰ্বাচন খেলাৰ ঘোষণা

কোকৰাঝাৰ, ৭ জুলাই: BTC Election কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত আজি অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচন সন্দর্ভত এক দিশ নিৰ্ধাৰক মন্তব্য আগবঢ়ায়। এই সন্মিলনত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহল, আৰু বিধায়ক দিল্পুৰঞ্জন শৰ্মা।

সন্মিলনত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰে যে, অহা বিটিআৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচন খেলিব আৰু জিকিবলৈ খেলিব। তেওঁ কয়, “আমি কাৰোবাৰ বিৰুদ্ধে নিৰ্বাচন নেখেলোঁ, আমি খেলিম বিটিআৰৰ বিকাশ আৰু কল্যাণৰ বাবে।” তেওঁ লগতে কয়, বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ আগষ্ট মাহত আৰম্ভ হ’ব আৰু দুৰ্গা পূজাৰ আগতে নিৰ্বাচন সম্পন্ন হ’ব।

ড° শৰ্মাই উল্লেখ কৰে যে বিটিআৰৰ সকলো জাতি-গোষ্ঠীক সমান অধিকাৰৰ সৈতে উন্নয়ন আৰু শান্তিৰে আগবঢ়াবলৈ বিজেপি দৃঢ়সংকল্পবদ্ধ। তেওঁ কয়, “বড়োলেণ্ডত কোনো দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলোৰে অধিকাৰ সমান। আমাৰ লক্ষ্য হৈছে বিটিআৰক অসমৰ আটাইতকৈ বেছি প্ৰগতিশীল অঞ্চলৰূপে গঢ়ি তোলা।”

তেওঁ কংগ্ৰেছৰ শাসনৰ সমালোচনা কৰি কয়, কংগ্ৰেছৰ সময়ত বিটিআৰত প্ৰায় প্ৰতিদিনে গুলী-বোমাৰ শব্দ শুনা গৈছিল। তেওঁ গৌৰৱেৰে কয়, “মই মুখ্যমন্ত্ৰী হিচাপে যোৱা চাৰে চাৰি বছৰত বড়োলেণ্ডত এটাও বোমাৰ শব্দ শুনা নাই।”

বিটিআৰলৈ ২০০বাৰৰো অধিক ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আগৰ মুখ্যমন্ত্ৰীসকলে বিটিআৰলৈ কিমান বেলেগা আহিছিল জানে নে? কিন্তু মই চাৰে চাৰি বছৰত ২০০বাৰৰো অধিক আহিছোঁ, কাৰণ বিটিআৰ অসমৰ অংশ, আৰু ইয়াৰ উন্নতি আমাৰ দায়িত্ব।”

সামাজিক উন্নয়ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় –

  • প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব
  • লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ’ব
  • মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ তালিকা চূড়ান্ত কৰা হ’ব
  • প্ৰতিটো বিধানসভাত ৪ হাজাৰকৈ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব
  • চাহ বাগিচাত “এটি কলি, দুটি পাত” আঁচনি প্ৰদান কৰা হ’ব

সেয়াৰ লগতে তেওঁ উল্লেখ কৰে যে বিটিআৰত ২৬টা জাতি-গোষ্ঠী আছে, আৰু সকলো জাতিয়ে সমান অধিকাৰ নাপালৈকে বিটিআৰ সঁচাকৈ প্ৰগতিশীল নহ’ব।

শেষত মুখ্যমন্ত্ৰীয়ে কৈ যায়, “বিটিআৰত বিজেপিয়ে নিৰ্বাচন খেলিব, আৰু বিটিআৰৰ উন্নয়নই আমাৰ একমাত্ৰ লক্ষ্য। এতিয়াৰ পৰা মোক সুধিব নালাগে – আমি খেলিম, আৰু জিকিম।”

এই বক্তব্যৰে মুখ্যমন্ত্ৰীয়ে কার্যকৰীভাৱে বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী অভিযানৰ সূচনা কৰে।

Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?

Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?
Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?

অসমীয়া সমাজত পঁইতা (Poita Bhat) ভাত এক থলুৱা খাদ্য। পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।‌ ওৰে ৰাতি পানীত তিয়াই ৰখা হয় পঁইতা ভাত যাৰ বাবে ই সামান্য টেঙা হৈ পৰে।  গৰম দিনত পঁইতা ভাত অসমীয়া ৰাইজৰ  প্ৰিয় খাদ্য কিয়নো  ই শৰীৰ শীতল ‌কৰি ৰাখে । পঁইতা ভাত অসমীয়া সমাজত প্ৰচলিত  এনে নহয়  ভাৰতৰ বিভিন্ন প্ৰান্তত ই  প্ৰচলিত এবিধ খাদ্য। ঠাই বিশেষে পঁইতা ভাতৰ নামও বিভিন্ন ধৰণৰ হয়। পঁইতা ভাত পুৱা বা দুপৰীয়া গ্ৰহণ কৰা আহাৰ।

প্ৰস্তুত প্ৰণালী-
উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি এই  ভাত  প্ৰস্তুত কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ , সৰিয়হৰ তেল মিহলাই জলকীয়া , আচাৰ,আলু পিতিকা  আদিৰ সৈতে খোৱা হয়। ১২ ঘন্টাত কৈ অধিক পানীত  তিয়াই  থব নালাগে তিয়াই থ’লে ই খোৱা উপযোগী হৈ নাথাকে । অধিক  সময় ভাত তিয়াই ৰাখিলে  অপকাৰী হৈ পৰে।

অন্যান্য নাম-
পঁইতা ভাতক নামনি অসমত ‘পন্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়। 

পঁইতা  ভাতৰ উপকাৰিতা-
📌শৰীৰক শীতল কৰে:
পঁইতা ভাত গৰমৰ দিনত শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।
📌হজম প্ৰক্ৰিয়াত সহায়ক:
পঁইতা ভাতত থকা কিছুমান বেক্টেৰিয়াই হজম প্ৰক্ৰিয়াত সহায় কৰে।
📌প্ৰটিন আৰু ভিটামিনৰ উৎস:
পঁইতা ভাতত কিছু পৰিমাণে প্ৰটিন আৰু ভিটামিন থাকে।
📌 ৰক্ত চাপ নিয়ন্ত্ৰণত সহায়ক
ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
📌 পেটৰ আন‌ ৰোগ দূৰ কৰাত সহায়ক
পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।

Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!

Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!
Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!

গৰমত স্বাস্থ্যসন্মত আৰু পাতলীয়া খাদ্য গ্ৰহণ কৰিব লাগে।(Summer Food Recipes)গৰমৰ বতৰত বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বতৰৰ ফল-মূলৰ পৰা প্ৰস্তুত কৰা খাদ্য আৰু পানীয় খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

আজি আপোনালোকক কম গৰমত খাব পৰা পাঁচবিধ খাদ্যৰ বিষয়ে-

১/ ভাতৰ লগত কেঁচা আমৰ দালি

কেঁচা আম গ্ৰীষ্মকালীন অন্যতম জনপ্ৰিয় ফল। টেঙা-মিঠা সোৱাদৰ বাবে এই ফলটোক দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন খাদ্যত অন্তৰ্ভুক্ত কৰে। পশ্চিমবংগত দালিৰ লগত ইয়াৰ জনপ্ৰিয়তা বেছি। টক দালি নামেৰে জনাজাত এই খাদ্য ভাপত দিয়া চাউলৰ লগতে বেছিভাগ বাঙালীৰ বাবে আৰামদায়ক খাদ্য। এই চূপৰ দৰে দালি ৰেচিপিত মছুৰ দালি, কেঁচা আম, ৰঙা জলকীয়া আদি অন্তৰ্ভুক্ত কৰা হৈছে। কেঁচা আমৰ লগতে নিমখ আৰু চেনিৰ সঠিক অনুপাতে এই দালিৰ সোৱাদ অধিক কৰি তোলে।

২) অমিতা চাউল
টেঙা হ’ল গৰমৰ সোৱাদ। গ্ৰীষ্মকালত ছাইট্ৰাছ ভিত্তিক খাদ্যই আমাৰ তালু পৰিষ্কাৰ কৰাই নহয়, আমাক ঠাণ্ডাও কৰি ৰাখে। তেনে এক ব্যঞ্জন হ’ল দক্ষিণ ভাৰতীয় অমিতা চাউল। এই ৰেচিপিত ভাপত দিয়া চাউলৰ সৈতে অমিতা গ্ৰেভি (বিভিন্ন মছলাৰ সৈতে), নৰসিংহ পাত, উৰাদ দাইল আৰু বাদামৰ সংমিশ্ৰণ কৰা হয়। পুলিহোৰা বা পুলিয়োধৰাই বুলিও জনাজাত এই খাদ্যই মিঠা, টেঙা সোৱাদযুক্ত হৈ পৰে।

৩) টেঙা দাইল
এতিয়ৈ কঁঠাৰ খোৱাৰ বতৰ। কঁঠালৰ গুটিৰ সৈতে টেঙাৰ এখন ধুনীয়া দাইল বনাই খাব পাৰে। যিকোনো টেঙা দিব পাৰে এই দাইলত।

৪/ ৰুটিৰ সৈতে লাও ভাজি
শাক-পাচলিৰ কথা আহিলে গৰমৰ দিনত প্ৰথমে মনলৈ আহে লাও। এই পাচলিবিধ এই ঋতুত দেশৰ প্ৰতিটো ঠাইতে উপলব্ধ, গৰমক পৰাস্ত কৰাত সহায় কৰা কেইবাটাও পুষ্টিকৰ উপাদানৰে শক্তিৰে ভৰপূৰ লাও। লাওৰ বিভিন্ন ধৰণৰ ৰেচিপি আছে।

৫/পঁইতা ভাত

গৰমত বহুতৰে প্ৰিয় পঁইতা ভাত। গৰমত পঁইতা ভাত কালে শৰীৰটো ঠাণ্ডা কৰি ৰাখে। গতি গৰমৰ বতৰত খাব পাৰে পঁইতা ভাত।

নামঘৰতো গৰু মাংস নালাগে, মছজিদতো গাহৰি মাংস নালাগে : মুখ্যমন্ত্ৰী Himanta Biswa Sarma

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যত সাম্প্ৰতিকভাৱে মছজিদত গাহৰি মাংস উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক চলি থকা সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে এক গুৰুত্বপূর্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কোৱা মতে, অসমৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰিবলৈ সকলো ধৰ্মীয় স্থানত যিকোনো প্ৰকাৰৰ বিতৰ্কজনক কাৰ্য বন্ধ হ’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ’ব লাগিব। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে।”

গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীৰ পুৰণিবস্তিৰ ফখৰুদ্দিন আলী আহমেদ নগৰৰ ঈদগাহ মছজিদ চৌহদত নিশা দুষ্কৃতিকাৰীয়ে গাহৰি মাংস দলিয়াই থৈ যোৱাৰ ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় – “গৰুৰ মাংসক কোনোবাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল। হিন্দু মানুহ আঁতৰাবৰ বাবে গৰু মাংস থৈ দিলে, আমি ভাবিব লাগিব গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেয়ে, দুয়ো নালাগে – গৰুৰ মাংসও নালাগে, গাহৰিৰ মাংসও নালাগে।”

তেওঁ লগতে কয়, “গৰু মাংস পৰিলেও আন্দোলন হ’ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ’ব লাগে। কিন্তু কোনো পক্ষেও আইন হাতত ল’ব নালাগে।” দুষ্কৃতিকাৰীক আটক কৰাৰ বিষয়ে তেওঁ স্পষ্টভাৱে কয় – “দুষ্কৃতিকাৰীক নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰা হ’ব। আমি কাকো আইন অমান্য কৰিবলৈ নিদিও।”

উল্লেখযোগ্য যে, ৰাজ্যত গো-মাংসক লৈ চলি থকা বিতৰ্কৰ মাজতে পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস উদ্ধাৰ হোৱা ঘটনাই নতুনকৈ বিতৰ্কৰ আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক বিশেষ গুৰুত্ব সহকাৰে লৈছে ৰাজনৈতিক আৰু সামাজিক মহলে।

সম্প্ৰদায়িক সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ভূমিক গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।