কুকুৰে কামুৰিলে অৱহেলা কৰাটো মুঠেও উচিত নহয়। অকল কুকুৰেই নহয়, মেকুৰী, গাহৰি অথবা যিকোনো ঘৰচীয়া আৰু বনৰীয়া কৃদন্তী জন্তুৱে কামুৰিলে নাইবা আঁচুৰিলে ইয়াক এটা সামান্য ঘটনা বুলি অৱহেলা কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত ‘জলাতংক’ (Hydrophobia) নামৰ মাৰাত্মক ৰোগবিধ হ’ব পাৰে। জলাতংক ৰোগৰ ভয়াৱহতা ইমানেই বেছি যে মানুহৰ গাত এই ৰোগৰ লক্ষণ এবাৰ দেখা মানেই মৃত্যুজনৰ মৃত্যু এশ শতাংশ নিশ্চিত। অৱশ্যে কামোৰাৰ লগে লগে যদি ‘কবিৰাজ’ বা বেজ’ৰ কাষলৈ যোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ কাষলৈ যায়, তেনেহ’লে মৃত্যুমুখত নপৰাটোও এশ শতাংশ নিশ্চিত থাকে। সেইবাবে এইবিধ ৰোগৰ প্ৰতিকাৰতকৈ প্ৰতিৰোধৰ গুৰুত্ব বেছি।
ৰোগবিধনো কি?
এইবিধ ৰোগ হয় ‘ৰেবিজ’ নামৰ এবিধ মাৰাত্মক ভাইৰাছৰ পৰা। ভাইৰাছবিধ প্ৰধানকৈ কুকুৰ, কুকুৰনেচীয়া বাঘ, শিয়াল, হায়েনা আদি জন্তুৰ দেহত থাকে। এইবোৰ জন্তুৱে কামোৰা, আঁচোৰা আৰু চেলেকাৰ ফলত ভাইৰাছবিধ মানুহৰ দেহলৈ সংক্ৰমিত হয়। এইবোৰ জন্তুৰ দেহলৈ ভাইৰাছবিধৰ সংক্ৰমণ কেনেকৈ হ’ল তাৰ সঠিক তথ্য পোৱা নাযায়। খ্ৰী:পু: ২০০০ মানৰ পৰাই এই ৰোগবিধৰ বিষয়ে জানিব পৰা গৈছে। মানৱ দেহত এই ৰোগৰ অৱস্থিতিৰ কথা প্ৰথম পোহৰলৈ আহে খ্ৰী:পু: ২৩০০ ত ইজিপ্তত। ১৬ শ শতিকাত ইটালিৰ বিখ্যাত চিকিৎসক – Gireolamo Francestoro এ আৱিষ্কাৰ কৰে যে জলাতংক ৰোগৰ কোনো চিকিৎসা নাই। ১৮৮৫ চনত ফ্ৰান্সৰ প্ৰখ্যাত বায়’লজিষ্ট লুই পেষ্টুৰে প্ৰথম জলাতংক ৰোগৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
২০১৫ চনৰ এক সমীক্ষা মতে, সমগ্ৰ বিশ্বত বছৰি প্ৰায় ৫৯,০০০ জন এই ৰোগৰ ফলত মৃত্যু হয়। ইয়াৰ প্ৰায় ৯৫ শতাংশ লোকৰ মৃত্যু হয়। ইয়াৰ প্ৰায় ৯৫ শতাংশ লোকৰ মৃত্যু হয় আফ্ৰিকা আৰু ভাৰতবৰ্ষত। ভাৰতত বছৰি প্ৰায় ২০৮৪৭ জনৰ মৃত্যু হয়। ইয়াৰ ৩০-৬০ শতাংশ লোকেই ১৫ বছৰ তলৰ ব্যক্তি। বিশ্বৰ প্ৰায় ১৫০ খন দেশত এই ৰোগ ধৰা পৰিছে। আমেৰিকাত কিন্তু এই ৰোগ কুকুৰতকৈ বাদুলীৰ পৰাহে অধিক সংক্ৰমিত হয়। তাৰে প্ৰায় ৯৫ শতাংশ জলাতংক ৰোগেই গুহাত থকা বাদুলীৰ পৰা হয়। একেদৰে আফ্ৰিকাৰ ট্ৰিনিদাদ এণ্ড টবেগ’ত কৃদন্তী জন্তুৰ উপৰি বাদুলীৰ পৰা এই ৰোগৰ সংক্ৰমণ হয়।
তাৰ পাছত ইহঁতে মগজুৰ ‘হিপ’কেম্পাছ’ নামৰ ঠাই টুকুৰাত থিতাপি লৈ মগজুত আক্ৰমণ কৰে। পাছত প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু অট’নমিক স্নায়ুতন্ত্ৰত অক্ৰমণ কৰি মুখৰ লালতিত জমা হয়। আৰু লাহে লাহে জলাতংক ৰোগৰ লক্ষণবোৰ প্ৰকাশ পাবলৈ ধৰে। মানুহৰ দেহত এই ভাইৰাছ প্ৰৱেশ কৰাৰ এমাহৰ পৰা তিনি বছৰ ভিতৰত এই ৰোগৰ লক্ষণসমুহ প্ৰকাশ পায়। ই নিৰ্ভৰ কৰে দংশনৰ পৰিমাণ, দংশন কৰা ঠাইখিনিৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা দুৰত্ব আৰু শৰীৰত প্ৰৱেশ কৰা ভাইৰাছৰ সংখ্যাৰ ওপৰত। এই ফালৰপৰা জলাতংক ৰোগত আক্ৰান্ত জন্তুৱে মানুহক কৰা দংশন বা দংশনৰ ফলত হোৱা আঘাতক তিনিটা ভাগত বিভক্ত কৰা হয়।
*প্ৰথম শ্ৰেণী:
মানুহজনৰ শৰীৰত পুৰ্বৰে পৰা থকা কটা-ছিঙা অথবা ঘা-ফোঁহাত আক্ৰান্ত জন্তুৱে কামুৰিলে তাক প্ৰথম শ্ৰেণীত ধৰা হয়।
*দ্বিতীয় শ্ৰেণী:
শৰীৰৰ তলৰ অংশত অৰ্থাৎ কঁকালৰ তলৰ অংশত কামুৰিলে তাক দ্বিতীয় শ্ৰেণীত ধৰা হয়।
*তৃতীয় শ্ৰেণী:
ৰোগীৰ লক্ষণ –
প্ৰথম অৱস্থাত কামোৰা ঠাইখিনিত জলনি-পোৰণি হ’ব পাৰে। লাহে লাহে ব্যক্তিজনক জ্বৰ উঠিব পাৰে, মুৰৰ বিষ হ’ব পাৰে, মাংসপেশীৰ বিষ উঠিব পাৰে, মানুহজন অস্থিৰ হ’ব পাৰে, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে, হাত-ভৰি সংকোচন হ’ব পাৰে, বুকুৰ ধপধপনি বাঢ়িব পাৰে, শ্বাস-প্ৰশ্বাস খৰ হ’ব পাৰে, মুখেৰে লালতি ওলাব পাৰে। পাছত লেৰিংচৰ (Larynx) মাংসপেশীৰ সংকোচন হয়। ফলত উশাহ-নিশাহ লোৱা আৰু খোৱা-লোৱাত কষ্ট হয়। লেৰিঙৰ মাংসপেশীৰ সংকোচন ইমান তীব্ৰতৰ হয় যে ঠাণ্ডা পানী বা ঠাণ্ডা বতাহ লাগিলেও ইয়াত প্ৰভাৱ পৰে। আনকি কেতিয়াবা পানীৰ শব্দ আৰু বতাহ বলাৰ শব্দ শুনিলেও ইয়াৰ সংকোচন হয়। পানী দেখিলেই অত্যধিক ভয় কৰে। সেই কাৰণে ইয়াক জলাতংক (জল+আতংক) ৰোগ বুলি কোৱা হয়।
ওপৰত উল্লেখ কৰা লক্ষণসমুহৰ এটাও যদি মানুহজনৰ দেহত দেখিবলৈ পোৱা যায়, তেনেহ’লে এইটো এশ শতাংশ নিশ্চিত যে মানুহজন জলাতংক ৰোগত আক্ৰান্ত হৈছে। আৰু এই লক্ষণ দেখা পোৱাৰ ২-১০ দিনৰ ভিতৰত ৰোগীজনৰ মৃত্যু নিশ্চিত।
প্ৰাথমিক চিকিৎসা
কুকুৰ, মেকুৰী অথবা যিকোনো জন্তুৱে কামোৰাৰ লগে লগে কামোৰা অংশ চাবোন বা ডেটলৰ সহায়ত চলিত (Runing Water) পানীৰে প্ৰায় ১৫- ৩০ মিনিট সময় ধুব লাগে। দংশনৰ ফলত হোৱা আঘাতৰ পৰিমাণ যদিহে বেছি হয়, তথাপি তাত বেণ্ডেজ আৰু চিলাই কৰিব দিনতকৈ বেছি জীয়াই থাকিব নোৱাৰে। যদিহে দহ দিনৰ ভিতৰত জন্তুটো নমৰে, ক’লৈকো গুচি নাযায় অথবা জলাতংক ৰোগৰ কোনো লক্ষণ দেখা নাযায়, তেনেহ’লে জন্তুটো জলাতংক ৰোগত আক্ৰান্ত বুলি ধৰা নহয়। তেনে ক্ষেত্ৰত কামোৰা মানুহজনৰ কোনো হানি-বিঘিনি নহয়। গতিকে যিকোনো জন্তুৱে কামুৰিলেই জলাতংক ৰোগ হ’ব, তেনে ধাৰণাও সত্য নহয়।
প্ৰতিষেধক ছিটা:
প্ৰথম শ্ৰেণীৰ আঘাতৰ ক্ষেত্ৰত কামোৰাৰ লগে লগে তিনি দিনৰ ভিতৰত চিকিৎসালয় আৰু দোকানত উপলব্ধ ‘ৰেবিজ প্ৰতিষেধক ছি’টা ল’ব লাগে। এমাহৰ ভিতৰত ০,৩,৭,১৪ আৰু ২৮ বা ৩০ দিনৰ দিনা এই ছিটা লগাব লাগে। সম্ভৱ হ’লে ৯০ দিনৰ দিনা এটা ‘বুষ্টাৰ ড’জ’ (Booster Dose) লগাব লাগে। এই সুচী মতে লোৱা প্ৰতিষেধক ছিটাৰ কাৰ্যক্ষমতা পাঁচ বছৰ বুলি ধৰা হয়।
দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দংশন বা আঘাতৰ বাবে লগে লগে ৰেবিজ ভাইৰাছ শ্বংস কৰি পেলাব পৰা ‘ৰেবিজ ইমিন’ গ্ল’বলিন’ (Immunoglobulin)নামৰ ছিটাবিধ লগাব লাগে। বিশেষকৈ তৃতীয় শ্ৰেণীৰ দংশনৰ ক্ষেত্ৰত অকল ৰেবিজ প্ৰতিষেধক ছিটাই কাম নিদিয়ে।
প্ৰতিৰোধেই জলাতংক ৰোগৰ একমাত্ৰ আৰু অন্তিম উপায়। গতিকে জনসাধাৰণ এই ক্ষেত্ৰত সচেতন হোৱাটো অত্যন্ত জৰুৰী। এই ক্ষেত্ৰত চৰকাৰ, স্বাস্থ্য বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানে জনসাধাৰণৰ মাজত সজাগতা ব্ৰিদ্ধিৰ কাৰণে কাৰ্যসুচী ৰুপায়ণ কৰাৰ প্ৰয়োজন আছে। মন কৰিব লগীয়া যে নিজিলেণ্ড, স্কটলেণ্ড, চুইডেন, অষ্ট্ৰেলিয়া, জাপান, নৰৱে আদি দেশৰ চৰকাৰৰ নেৰানেপেৰা প্ৰচেষ্টাত সেইবোৰ দেশ আজি ‘ৰেবিজমুক্ত দেশ’ হিচাপে চিহ্নিত হৈছে। ভাৰতৰ ছিকিম, গোৱা, নাগালেণ্ড, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ ‘ৰেবিজমুক্ত’ ঠাইৰুপে ঘোষিত হৈছে।
প্ৰতিবছৰে ২৮ ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব ৰেজি দিৱস’ হিচাপে পালন কৰা হয়। আহক আমি সকলোৱে মিলি সমুহীয়া প্ৰচেষ্টাৰে আমাৰ দেশ ভাৰতবৰ্ষক ‘ৰেবিজ মুক্ত দেশ’ৰুপে গঢ়ি তোলো।
সেই এনজাইমৰ অভাৱৰ বাবে, ৰোগীৰ শৰীৰত যথেষ্ট পৰিৱৰ্তন হয়। ডাঃ সুনীল ভাটে কৈছিল, “ছোৱালীজনীৰ কোনো ভাই-ভনী নাই, সেয়েহে আমি এজন দাতা বিচাৰি আছিলো কিন্তু আমি ইয়াক বিচাৰি পোৱা নাছিলো। এনে পৰিস্থিতিত, আমি এজন অভিভাৱকক দাতা হিচাপে বাছনি কৰিছিলোঁ।
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, কিন্তু ইয়াৰ পিছতো তেওঁ এক বিশেষ কৃতিত্ব লাভ কৰিছে৷ বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মল্লীকাৰজুন খৰ্গে জয়ী হয় আৰু শশী থাৰুৰে পৰাজয়ৰ সন্মুখীন হয়, কিন্তু ইয়াৰ পিছতো তেওঁ উদযাপন কৰাৰ এটা ডাঙৰ সুযোগ পাইছিল। শশী থাৰুৰে কংগ্ৰেছ সভাপতি পদ দখল কৰিব নোৱাৰিলেও পৰাজয়ৰ পিছতো তেওঁ এক বৃহৎ সাফল্য অৰ্জন কৰিলে আৰু নিৰ্বাচনৰ বাবেই তেওঁ ডাঙৰ সুবিধা লাভ কৰিছে।
পৰাস্ত হোৱাৰ পাছতো শশী থাৰুৰে এই কৃতিত্ব অৰ্জন কৰিলে
কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মল্লীকাৰজুন খৰ্গে শশী থাৰুৰক বিপুল ব্যৱধানত পৰাস্ত কৰে। ভোটগণনাত মল্লীকাৰজুন খাৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে থাৰুৰে মাত্ৰ ১০৭২ জন লোকে ভোট লাভ কৰে। কিন্তু ইয়াৰ পিছতো তেওঁ কংগ্ৰেছৰ বিগত ২৫ বছৰৰ দলীয় নিৰ্বাচনৰ ইতিহাসত এক সাফল্য অৰ্জন কৰিছিল।১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত মুঠ ৯৩৮৫টা ভোট দিয়া হৈছিল, ইয়াৰে ৪১৬টা ভোট অবৈধ ঘোষণা কৰা হৈছিল। ৮৯৬৯টা বৈধ ভোটৰ ভিতৰত শশী থাৰুৰৰ বাবে ১০৭২টা ভোট আহিছিল আৰু তেওঁৰ ভোটৰ অংশ আছিল ১১.৯৫ শতাংশ। সেই অনুসৰি ২৫ বছৰৰ ইতিহাসত পৰাজিত প্ৰাৰ্থীৰ এইটোৱেই হৈছে সৰ্বোত্তম ভোট শতাংশ।
২২ বছৰ পূৰ্বে পৰাজিতজনে লাভ কৰিছিল মাত্ৰ ১ শতাংশ ভোট
ইয়াৰ পূৰ্বে ২২ বছৰ পূৰ্বে কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত ছোনিয়া গান্ধীয়ে জয়লাভ কৰিছিল। ছোনিয়া গান্ধীক উত্তৰ প্ৰদেশৰ জিতেন্দ্ৰ প্ৰসাদে প্ৰত্যাহ্বান জনাইছিল যদিও তেওঁ ১০০ টাতকৈও কম ভোট লাভ কৰিছিল আৰু তেওঁৰ ভোট শতাংশ আছিল প্ৰায় ১ শতাংশ। সেই সময়ত মুঠ ৭৭৭১টা ভোট দিয়া হৈছিল, ইয়াৰে ২২৯টা ভোট অবৈধ হৈ পৰিছিল আৰু ছোনিয়া গান্ধীয়ে ৭৪৪৮টা ভোট লাভ কৰিছিল।
গুজৰাটত অনুষ্ঠিত হৈ যোৱা MPL 35th National U-7 Open and Girls Chess Championship ত অংশগ্ৰহণ কৰি শোণিতপুৰৰ দবাৰু আয়ুস শৰ্মাই 20th স্থান দখল কৰিবলৈ সক্ষম হয়।