Home Blog Page 203

ৰাজ্যৰ আৰু ক’ত ক’ত হ’ব উচ্ছেদ, কি ক’লে মুখ্যমন্ত্ৰীয়ে ? Himanta Biswa Sarma

গুৱাহাটী, ৭ জুলাইঃ Himanta Biswa Sarma ৰাজ্যত অব্যাহত আছে অবৈধ অধিকাৰ হৰণৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান। দেওবাৰে গুৱাহাটীত সংবাদমেলত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলিব। লগতে তেওঁ কয়, ৮ জুলাইৰ পৰা চাপৰত পাৱাৰ প্লান্টৰ বাবে উচ্ছেদ অভিযান আৰম্ভ হ’ব। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি, চাপৰত ইতিমধ্যে ৰাইজৰ এক বৃহৎ অংশই নিজে নিজে অঞ্চল এৰি আঁতৰি গৈছে।

চৰকাৰে যিসকল ব্যক্তিক আইনীভাৱে মাটি আৱণ্টন কৰিছিল বা যিসকলৰ মাটিৰ পট্টা বৈধ আছিল, তেওঁলোকক চৰকাৰী নীতি অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।

তেওঁ আৰু কয়, “পাইকান অঞ্চলটো বনাঞ্চল হোৱাৰ বাবে এতিয়াও বহু লোক সৰা নাই। সেয়ে ১০ জুলাইত বাধ্য হৈ অভিযান চলাব লগা হ’ব পাৰে। তথাপি আমি বিচাৰো, ৰাইজে নিজে নিজে আঁতৰি যাওক যাতে উচ্ছেদৰ প্ৰয়োজন নহয়।”

অসম চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যজুৰি একাধিক ঠাইত উচ্ছেদ অভিযান চলাইছে, আৰু এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।

Himanta Biswa Sarma: গুৱাহাটীত নৱেম্বৰত নতুন বিমান বন্দৰ মুকলি

ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma গুৱাহাটীবাসীৰ বাবে সুখবৰ! অহা নৱেম্বৰ মাহত মহানগৰীত মুকলি হ’ব নতুন বিমান বন্দৰ। এই বিমান বন্দৰটো বিশেষভাৱে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিনিধিত্ব কৰা “কপৌ ফুলৰ আকৃতি” অনুসৰি নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰখনৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই বিমান বন্দৰখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড’ৰ (Elevated Corridor) এই বছৰে আৰম্ভ হ’ব। এই কৰিড’ৰটো গুৱাহাটীৰ যানবাহন সমস্যাৰ এক উল্লেখযোগ্য সমাধান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক…

Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক...
Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক...

কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ, যাৰ বাবে প্ৰতিদিনে মানুহে প্ৰাণ হেৰুৱাইছে। কিন্তু এই ভয়াৱহ ৰোগ কেনেকৈ হয় জানেনে?(Causes of Cancer)

কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ, কিন্তু ইয়াৰ কাৰণ আমাৰ দৈনন্দিন অভ্যাস আৰু জীৱনশৈলীত পৰিণত হৈছে। এই খবৰত আমি আপোনালোকক এনে কিছুমান অভ্যাসৰ বিষয়ে জনাম, যিয়ে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

কেন্সাৰৰ কাৰণ-
ধঁপাতঃ চিগাৰেট, গুটখা গ্ৰহণ কৰা। ধঁপাতেই কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ। ইয়াৰ ফলত হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ হ’ব পাৰে। যদি আপুনিও ধঁপাত সেৱন কৰে, তেন্তে যিমান পাৰে সোনকালে বন্ধ কৰক।

বেয়া খাদ্যাভ্যাসঃ আজিৰ সময়ত আমি প্ৰচেছড খাদ্য, চেনি বেছি আৰু ফল-মূল কমকৈ খাওঁ, এনে পৰিস্থিতিত ই আপোনাৰ শৰীৰত কেন্সাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ দ্বাৰা কৰ্কট ৰোগৰ পৰা বহু পৰিমাণে পৰিহাৰ কৰিব পাৰি।

এইচ পি ভিঃ হিউমেন পেপিলোমা ভাইৰাছ (HPV)ও কেন্সাৰৰ কাৰণ হ’ব পাৰে, যাৰ বাবে মহিলাৰ ক্ষেত্ৰত ছাৰ্ভাইকেল কেন্সাৰ হয়। অৱশ্যে এইচ পি ভি সংক্ৰমণ ৰোধৰ বাবে এটা ভেকচিন আছে, যিটো কণমানি ছোৱালীক দিয়া হয়।

সুৰাঃ মদ আপোনাৰ বাবেও কেন্সাৰ হ’ব পাৰে। ই যকৃতৰ ক্ষতি কৰে, যাৰ ফলত লিভাৰ, ডিঙি, মুখ আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

মেদবহুলতাঃ আজিৰ সময়ত মেদবহুলতা এটা ডাঙৰ সমস্যাত পৰিণত হৈছে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কলন কেন্সাৰ, স্তন কেন্সাৰ আৰু কিডনী কেন্সাৰ হ’ব পাৰে।

Himanta Biswa Sarma: চাইকেল ফেক্টৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ—শীঘ্ৰেই মুকলি হ’ব গুৱাহাটীৰ ৩খন উৰণ সেতু

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁৱত নিৰ্মিত ‘ভগদত্ত-২’ নামৰ নৱনিৰ্মিত উৰণ সেতুখনৰ শুভ উদ্বোধন কৰে। মাত্ৰ ৯ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱা এই উৰণ সেতুখনৰ নিৰ্মাণত ব্যয় হৈছে ১১২ কোটি টকা।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন সন্দৰ্ভত একাধিক গুৰুত্বপূর্ণ ঘোষণা কৰে। তেওঁ কয়, “অসমৰ চাৰিওফালে মই ফ্লাইঅ’ভাৰ বনাম। যদি কোনোবাই মোক গালি দিয়ে, মই তাৰ উত্তৰস্বৰূপে দুখনকৈ উৰণ সেতু নিৰ্মাণ কৰিম। সমালোচনাই মোক অধিক উৎসাহেৰে কাম কৰিবলৈ প্ৰেৰণা দিয়ে।”

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে গুৱাহাটীবাসীয়ে শীঘ্ৰেই লাভ কৰিব আৰু তিনিখন নতুন উৰণ সেতুৰ সুবিধা। তেওঁৰ ভাষ্য অনুসৰি—

  • চাইকেল ফেক্টৰী উৰণ সেতু আৰু ভৰলুমুখ উৰণ সেতু অহা ফেব্ৰুৱাৰী মাহত উদ্বোধন হ’ব।
  • চানমাৰি উৰণ সেতু ব’হাগ বিহুৰ পূৰ্বে মুকলি হ’ব।
  • গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা জানুৱাৰীত উদ্বোধন হ’ব, যাৰ ফলত বাইহাটালৈ গুৱাহাটীৰ সংযোগ অধিক সহজ হ’ব।

তেওঁ লগতে কয়, “গুৱাহাটী ডাঙৰ হোৱাৰ লগে লগে অসমত কৰ্মসংস্থাপনো বৃদ্ধি পাইছে। আগন্তুক দিনত অসমৰ যুৱক-যুৱতীসকলে বাহিৰলৈ যাব নালাগে। অসমতে বসবাস কৰি আয়-উৎপাদনৰ সুবিধা আমি প্ৰদান কৰি আছোঁ।”

MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন

MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন
MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন

আজি টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন।(MS Dhoni turns 44)

৪৪ বছৰীয়া হ’ল ‘কেপ্টেইন কুল’।

ভাৰতৰ অধিনায়ক হিচাপে আইচিচিৰ তিনিটা খিতাপ জয় কৰা ধোনীয়ে এতিয়াও চেন্নাই ছুপাৰ কিংছৰ সৈতে আইপিএলত শক্তিশালীভাৱে আগবাঢ়িছে আৰু অহা বছৰো খেলাৰ সম্ভাৱনা আছে।

যদিও তেওঁ ৪৪ বছৰ বয়স সম্পূৰ্ণ কৰিছে তথাপিও ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ ফিটনেছৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে।

ক্ৰিকেটাৰ হিচাপে বিখ্যাত কেৰিয়াৰৰ উপৰিও এম এছ ধোনিৰ গাড়ী আৰু বাইকৰ প্ৰতি আকৰ্ষণ আছে। ৭০খনতকৈও অধিক বাইক আৰু কমেও ১৫খন গাড়ীৰ আকৰ্ষণীয় সংগ্ৰহৰ সৈতে ধোনী এগৰাকী অটোমোবাইল অনুৰাগী।

আজি তেওঁৰ ৪৪বছৰীয়া জন্মদিন। ধোনীৰ বয়স যিমানে নহওক কিয় তেওঁ প্ৰতিগৰাকী ভাৰতীয় হৃদয়ত আছে।

Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন সফল সম্পন্ন

Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ
Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ

অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় (Asom Sahitya Sabha) পূর্ণাংগ কার্যনির্বাহক অধিৱেশনখন আজি ৬ জুলাই তাৰিখ দেওবাৰে বঙাইগাঁও শোধনাগাৰৰ চৌহদ, চিৰাঙৰ ঢালিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। চিৰাং জিলাৰ অন্তর্গত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্রত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কার্যনির্বাহক সভাখনত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বঙাইগাঁও শোধনাগাৰৰ প্ৰৱন্ধক, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, ধনভঁৰালী মণিৰাম লাহন, কৰ্ণধাৰ সমিতিৰ সদস্য ক্ৰমে ড০ অনিল শইকীয়া, ড° মাধুৰ্য পণ্ডিত বৰুৱা, কন্দৰ্প শৰ্মা, ধীৰেন শৰ্মা, ড° হিতেশ ডেকা, আদিত্য গোস্বামী প্ৰমুখ্যে জিলা প্ৰতিনিধি, আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সাংগঠনিক সম্পাদক, কাৰ্যকৰী সভাপতি-আহ্বায়ক, বিষয়ববীয়াসকলৰ লগতে অসমৰ বহু সংখ্যক জিলাৰ সভাপতি, উপসভাপতি, সম্পাদকসকলৰ লগতে তিনি শতাধিক সদস্য-সদস্যাই অংশগ্রহণ কৰে। অসম সাহিত্য সভা প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ সম্পাদনাত “ অসম সাহিত্য সভা বাৰ্তা“ উন্মোচন কৰে সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। স্মৃতি গ্ৰন্থ ‘চিৰাং জ্যোতি’ৰ লগতে বহুকেইখন গ্ৰন্থ উন্মোচন কৰা সভাখনত ২৫০ জন আজীৱন সভ্যৰ অন্তৰ্ভুক্তিৰে শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে কেন্দ্ৰীয় প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ আৰু ১৪৭ জন আজীৱন সভ্য অন্তৰ্ভুক্তিৰে দ্বিতীয় শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি নিৰ্মল নাথে।

অসম সাহিত্য সভাৰ এইবাৰৰ শ্ৰেষ্ঠ উপসমিতিৰ সন্মান লাভ কৰে ‘আকাশ’ উপসমিতিয়ে। উল্লেখ্য যে, উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি প্ৰথমে ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত তিৱা, মিচিং, বড়ো, দেউৰী, সোণোৱাল, কছাৰী, ৰাভা আদি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰা নাই। তেনেকৈ তালিকা বহির্ভূত কোঁচ, মৰাণ, মটক, চুতীয়া, টাই আহোম আদিসকলেও ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত হোৱাটো বিচাৰে। অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে আজি নিজকে সুৰক্ষিত বুলি নাভাবে কিয়নো তালিকাভুক্ত হৈয়ো ত্রিপুৰাৰ জনজাতি প্রায় অস্তিত্বশূন্য হৈছে। গতিকে চৰকাৰে নেহেৰুৰ ঘোষণা কৰা ট্ৰাইবেল পঞ্চশীলৰ প্রতিও আজিৰ সভাই চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি বিষয়টো সমাধান কৰি অসমৰ স্বাভিমান আৰু অসমীয়াগিৰী সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান জনায়। সভাই ভাৰতৰ ন্যায় সংহিতাৰ (১৯৫০) এম আৰু ষষ্ঠ অনুসূচী অনুযায়ী জনজাতিৰ স্বকীয় বৈশিষ্ট ৰক্ষাৰ বাবে কার্যকৰী কৰিবলৈ দাবী জনায়।


দ্বিতীয় প্ৰস্তাৱত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ হোৱা আৰু আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সমস্যাৰ বিষয়ে বিদ্যায়তনিক কোষ গঠন কৰি চৰকাৰৰ শিক্ষা বিভাগে গভীৰভাৱে অধ্যয়ন কৰি বিষয়টোত গুৰুত্ব দিবলৈ আজিৰ সভাই দাবী জনায়। চৰকাৰে বিষয়টোত গুৰুত্ব নিদিলে এদিন অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয়। তৃতীয়তে অসমৰ কাষৰীয়া ৰাজ্যসমূহৰ লগত সৃষ্টি হোৱা সীমা-সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। অসম সাহিত্য সভাই বিবদমান এলেকালৈ গৈ সাংস্কৃতিক ভাব-বিনিময় কৰিবৰ বাবে প্রস্তুত হৈছে। এই ক্ষেত্রত সভাই চনকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়। চতুৰ্থতে বৰাক-ব্রহ্মপুত্রৰ মাজত থকা মান-অভিমান ইতিমধ্যে অসম সাহিত্য সভাই নিৰাময় কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ল কিন্তু বৰাক উপত্যকাৰ উন্নয়ন হোৱা নাই বুলি সভাই অনুভৱ কৰে। সেয়ে বৰাক উপত্যকাৰ সার্বিক উন্নয়নৰ বাবে আজিৰ সভাই কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়। পঞ্চম প্ৰস্তাৱত অসমৰ জনজাতিসকলৰ নিজৰ ভাষা বা দোৱান থকা সত্ত্বেও তেওঁলোকৰ চিন্তা-চৰ্চাৰ বহিঃপ্রকাশ ঘটে অসমীয়াত।

অসমীয়া ভাষাৰ বিকাশত সেইসকলৰ প্রভূত অৰিহণা সম্পর্কে সভা অৱগত। তেওঁলোকে বিদ্যালয় পর্যন্ত প্রতিষ্ঠা কৰি সমন্বয়ৰ সেতু ৰচনা কৰিছে। সেয়ে সভাই জনজাতিসকলৰ লগত ব্যৱহাৰিক জীৱনত তেওঁলোকৰ দোৱান বা ভাষা শিকিবলৈ আহ্বান জনায়। ইয়াৰ বাবে সভাই পুথি প্রস্তুত কৰা। ষষ্ঠ প্ৰস্তাৱত ড্রাগ-সেৱনৰ ফলত নতুন প্রজন্মৰ একাংশই সামাজিক বিশৃংখলা সৃষ্টি কৰাৰ উপৰি অসামাজিক কাম-কাজত লিপ্ত হোৱাত আজিৰ সভাই উদ্বেগ প্রকাশ কৰে আৰু চৰকাৰে প্রতি জিলাত ড্রাগ-নিবাৰণ কোষ গঠন কৰাৰ লগতে সমগ্র অসম জুৰি বৃহৎ প্ৰচাৰ চলাবলৈ দাবী জনায়। সভাই এইক্ষেত্রত সাংস্কৃতিক আৰু বিদ্যায়তনিক কাৰ্যসূচীৰে চৰকাৰৰ লগত সহযোগ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সপ্তম প্ৰস্তাৱত অংকুৰ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈকে ছাত্র-ছাত্রীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মবাইল ফোন ব্যৱহাৰত নির্দিষ্ট সময় নির্ধাৰণ কৰি আইন প্রণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়। বৰগীত, সমৱেত সংগীতৰ মূৰ্চনাত জীপাল হোৱা সভাখনত শিলচৰৰ বিধায়ক তথা আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দ্বীপায়ন চক্ৰৱৰ্তীৰ নেতৃত্বত অহা এটা সঁজাতি দ’লে অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন শিলচৰত অনুষ্ঠিত কৰিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়াই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক ধৰ্মেশ্বৰ দাসে। জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা সভাখনৰ আৰম্ভণিতে সভাপতি-প্ৰধান সম্পাদক প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্য সদস্যাসকলক পৰিচয় পত্ৰ, অংগ বস্ত্ৰ, জনগোষ্ঠীয় বেগ আদিৰ উদযাপন সমিতিয়ে ব্যাপক আদৰণি জনায়।।

গুৱাহাটী মহানগৰীত সুৰক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ: মুখ্যমন্ত্ৰীৰ সদৰী Himanta Biswa Sarma

গুৱাহাটী, ৬ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া আৰু আধুনিক কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত এই পদক্ষেপসমূহ সদৰী কৰি কয় যে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ২,০০০ টাকৈ চি চি টিভি কেমেৰা, ৰাজহুৱা ঘোষণা ব্যৱস্থা, জৰুৰীকালীন কল বক্স আদি স্থাপন কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰযুক্তিৰ সহায়ত গুৱাহাটীৰ সুৰক্ষা ব্যৱস্থাক অধিক দৃঢ় আৰু জনমুখী কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নাগৰিকৰ সুৰক্ষাত এই পদক্ষেপসমূহ নিশ্চিতকৈ সহায়ক হ’ব।”

গুৱাহাটীৰ আধুনিক সুৰক্ষা ব্যৱস্থাৰ মূল উপাদানসমূহ:

  • ২,০০০ টা চি চি টিভি কেমেৰা (২৪ ঘণ্টা নিৰীক্ষণৰ ব্যৱস্থা)
  • ২০ টা ৰাজহুৱা ঘোষণা ব্যৱস্থা
  • ২০ টা জৰুৰীকালীন কল বক্স
  • ১০ টা ভেৰিয়েবল মেছেজ ডিছপ্লে
  • ৪ টা ম’বাইল ৰেপিড ডিপ্লয়েবল ছাৰ্ভিলেন্স ছলিউশ্যন

কামৰ অগ্ৰগতি:

  • জি এছ ৰোডত ইতিমধ্যে ১০০ টা চি চি টিভি কেমেৰা সক্ৰিয়
  • ৯০ শতাংশতকৈ অধিক IT, ছফ্টৱে’ৰ আৰু হাৰ্ডৱে’ৰ সামগ্ৰী মজুত
  • ৬৯০ টা কেমেৰা খুঁটা মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে স্থাপন

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অধীনত এই প্ৰকল্পৰ কাম আগবাঢ়ি গৈছে। অপৰাধৰ সংখ্যা যিহেতু গুৱাহাটীত দিনে দিনে বৃদ্ধি পাইছে—বিশেষকৈ চুৰি-ডকাইতি, হত্যাকাণ্ড, পথ দুৰ্ঘটনা, নাৰী নিৰ্যাতন আদিৰ ক্ষেত্ৰত—সেয়ে এই ব্যৱস্থা অপৰাধ ৰোধত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

গুৱাহাটীৰ ৰাস্তাঘাট, বাছষ্টেণ্ড, বজাৰ, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদি জনসমাগমযুক্ত স্থানসমূহত এই চি চি টিভি কেমেৰাসমূহ সংস্থাপন কৰা হ’ব।

ইফালে, এই সমগ্ৰ ব্যৱস্থাপনাৰ সফল নিয়ন্ত্ৰণৰ বাবে খানাপাৰাত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ওপৰ মহলাত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ (ICCC) স্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে, এই আধুনিক সুৰক্ষা ব্যৱস্থাই গুৱাহাটীৰ চহৰবাসীৰ বাবে এটি সুৰক্ষিত আৰু সজাগ পৰিবেশ গঢ়ি তুলিব বুলি চৰকাৰৰ আশা।

Syama Prasad Mookerjee: ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী ৰাজভৱনত বিশেষ অনুষ্ঠান

গুৱাহাটী, ৬ জুলাই: Syama Prasad Mookerjee মন্ত্রী বৰাই কয়, “ড০ মুখাৰ্জীয়ে দেশৰ অখণ্ডতাৰ প্ৰতি যি অটল দায়িত্ববোধ দেখুৱাইছিল, তাৰ বাবে তেওঁ প্ৰাণ বিসৰ্জন কৰিবলৈ কুণ্ঠিত নহ’ল।” তেওঁ লগতে স্মৰণ কৰে যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ১৯৩৩ চনত বিশ্বৰ কনিষ্ঠতম উপাচার্য হিচাপে কলকাতা বিশ্ববিদ্যালয়ত দায়িত্ব গ্ৰহণ কৰিছিল আৰু পিছত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰি ৰাজনৈতিক দিশতো নিজকে প্ৰতিষ্ঠা কৰিছিল।

ভাষণত উল্লেখ কৰা হয় যে মুখাৰ্জীৰ পিতৃ চাৰ আশুতোষ মুখাৰ্জীৰ প্ৰচেষ্টাতেই অসমীয়া ভাষা কলকাতা বিশ্ববিদ্যালয়ত স্বীকৃতি লাভ কৰিছিল, যাৰ বাবে সমগ্ৰ অসমে তেওঁলোকৰ প্ৰতি চিৰদিন কৃতজ্ঞ হৈ থাকিব।

মন্ত্রী বৰাই লগতে ড০ মুখাৰ্জীৰ উদ্যোগ আৰু যোগান মন্ত্রী হিচাপে গ্ৰহণ কৰা নীতি-বিধি, বিশেষকৈ মিশ্ৰ অৰ্থনীতিৰ প্ৰসঙ্গ উল্লেখ কৰি কয়, “তেওঁৰ সেৱাই দেশৰ ভবিষ্যৎ অৰ্থনৈতিক ভিত্তি গঢ়ি তোলে।”

সংবিধানৰ ধাৰা ৩৭০ৰ কঠোৰ বিৰোধিতা কৰি মুখাৰ্জীয়ে জম্মু-কাশ্মীৰক আগবঢ়োৱা বিশেষ সুবিধাক “ত্ৰিজাতি তত্ব” বুলি আখ্যা দিছিল, বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। ১৯৫০ চনত পূব পাকিস্তানত হিন্দু সকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰি মুখাৰ্জীয়ে কংগ্ৰেছ চৰকাৰৰ নীতিৰ সৈতে মতভেদৰ ফলত নেহৰুৰ মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল।

১৯৫৩ চনত জম্মু-কাশ্মীৰলৈ অনুমতি নোলোৱাকৈ গ’লে, তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ৪৩ দিনৰ পাছত ২৩ জুন তাৰিখে মুখাৰ্জীৰ ৰহস্যজনক মৃত্যু ঘটে। মন্ত্রী বৰাই কয়, “তেওঁৰ আত্মবিলোপই জম্মু-কাশ্মীৰলৈ অনুমতি প্ৰথাৰ অৱসান ঘটালে।”

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষণত কয়, “ড০ মুখাৰ্জীয়ে জীৱনটো উপাচাৰ্য হিচাপে সহজভাৱে কটাব পাৰিলেহেঁতেন, কিন্তু দেশৰ অখণ্ডতাৰ বাবে তেওঁ প্ৰাণ উৎসৰ্গা কৰে। সেইদৰে ১৯৪৬ চনত অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি গোপীনাথ বৰদলৈক সহায় আগবঢ়াইছিল।”

সমাজকৰ্মী ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখাৰ্জীৰ জীৱনৰ তিনিটা দিশ— ৰাষ্ট্ৰীয় চেতনা, ভাৰতীয় ভাষাৰ উন্নয়ন আৰু দেশৰ অখণ্ডতাৰ বাবে ত্যাগৰ দিশত আলোকপাত কৰে।

অনুষ্ঠানত ৰাজ্যপালৰ উপদেষ্টা হৰবংশ দিক্ষিত, বিশেষ কৰ্তব্য বিষয়া বৈসন্ত লাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লবী ফুকন, সঞ্চালক ৰাহুল চন্দ্ৰ দাসসহ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ৫ আগষ্টত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সংবিধানৰ ধাৰা ৩৭০ বাতিল কৰি মুখাৰ্জীৰ আদৰ্শৰ প্ৰতি সন্মান জ্ঞাপন কৰে।

Rimpi Buragohain: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যাৰ হেট্ৰিক সাফল্য

ডিজিটেল ডেস্কঃ Rimpi Buragohain আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যাৰ হেট্ৰিক সাফল্যআন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ এবাৰ জিলিকি উঠিছে অসম কন্যা। World Police Meet-ত অংশ লৈ চমকপ্ৰদ ক্ৰীড়া প্ৰদৰ্শনৰ জৰিয়তে অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লাভ কৰিছে গৌৰৱজনক সফলতা। তিনি খন প্ৰতিযোগিতাত অংশ লৈ তিনিটা সোণৰ পদক অৰ্জন কৰিলে অসমৰ এই প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে।

লং জাম্প, ট্ৰিপল জাম্প আৰু ৰিলে দৌৰ — এই তিনি ইভেণ্টত অংশ লৈ ৰিম্পীয়ে হেট্ৰিক সোণৰ পদক অৰ্জন কৰে। তেওঁৰ এই সাফল্য কেৱল ব্যক্তিগত গৌৰৱ নহয়, অসম আৰু ভাৰতবৰ্ষৰ বাবে গৰ্বৰ বিষয়।

ৰিম্পী বুঢ়াগোহাঁইৰ এই সফলতা নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ।

অসম তথা দেশৰ লগতে ক্ৰীড়াজগতৰ বিভিন্ন মহলে ৰিম্পী বুঢ়াগোহাঁইৰ এই অসামান্য কৃতিত্বক আদৰণি জনাইছে।

Rehabilitation Center: নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰঃ এজনৰ মৃত্যু, দুজন চিকিৎসাধীন

ডিজিটেল ডেস্কঃ Rehabilitation Center নামৰূপস্থিত মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰৰ ফলত এজন যুৱকৰ মৃত্যু আৰু আন দুজন যুৱক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিবলৈ বাধ্য হোৱা এক দুঃখজনক ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নিতিশ তন্ত্ৰবাই নামৰ এজন যুৱকক পৰিয়ালৰ অজানিতভাৱে ১০ ফেব্ৰুৱাৰীত পথৰ পৰা জোৰপূৰ্বক লৈ যোৱা হয় আৰু আৰক্ষীৰ ভয় দেখুৱাই মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত নিলমনি চেতিয়া নামৰ এজন ব্যক্তিয়ে পৰিয়ালক মাতি তন্ত্ৰবাইক কেন্দ্ৰত ৰাখিবলৈ জোৰ কৰে আৰু ইয়াৰ বাবদ ধনদাবী কৰে।

১ জুলাই তাৰিখে কেন্দ্ৰটোৰ পৰা তন্ত্ৰবাই অসুস্থ হৈ পৰাৰ কথা পৰিয়ালক জনোৱা হয়। পৰিয়ালৰ দাবী অনুসৰি, যথাযথ চিকিৎসা নকৰাকৈ ১৫,০০০ টকা খৰচৰ দাবী কৰা হয়। অৱশেষত যুৱকজনৰ মৃত্যু অসম চিকিৎসা মহাবিদ্যালয়ত হয়। মৃত্যুৰ পাছত পৰিয়ালে আৰক্ষীক অৱগত কৰে যে নিচামুক্তি কেন্দ্ৰখনত যুৱকজনক অকথ্যভাৱে অত্যাচাৰ কৰা হৈছিল।

ইফালে, তিলক সিং নামৰ অন্য এজন যুৱকে আৰক্ষী থানালৈ গৈ মৃত্যুঞ্জয় কেন্দ্ৰত চলি থকা অমানৱীয় ব্যৱহাৰৰ বৰ্ণনা দি নিলমনি চেতিয়াৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।

স্থানীয় ভিডিপি (VDP) সকলে থানালৈ গৈ এই নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা অসামাজিক কাৰ্যকলাপৰ বিষয়ে লিখিত অভিযোগ আগবঢ়ায় আৰু কেন্দ্ৰটো বন্ধ কৰাৰ দাবী তোলে।

আদিবাসী ছাত্ৰ সন্থাও এই নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে গৰজি উঠে। সন্থাৰ অভিযোগ অনুসৰি, কোনো প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ আইন-বহিৰ্ভূতভাৱে নামৰূপৰ এই কেন্দ্ৰটো চলি আছে আৰু আৰক্ষীৰ লগত মিলি-মিছল কৰি ইয়াক ড্ৰাগছ ব্যৱসায়ীৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হৈছে।

খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত নিলমনি চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যদিও এতিয়ালৈকে নিচামুক্তি কেন্দ্ৰটোৰ মূল স্বতাধিকাৰীজন তলব কৰা নাই।