Home Blog Page 204

Elon Musk: ইলন মাস্কৰ নতুন ৰাজনৈতিক দল ‘আমেৰিকান পাৰ্টি’ৰ ঘোষণা

ডিজিটেল ডেস্কঃ Elon Musk আমেৰিকাৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে প্ৰযুক্তি জগতৰ দিগন্তপ্ৰসাৰী উদ্যোগপতি ইলন মাস্কে। শনিবাৰে তেওঁ ঘোষণা কৰে যে, আমেৰিকাত নতুন এক ৰাজনৈতিক দল গঠন কৰা হৈছে, যাৰ নাম ‘আমেৰিকান পাৰ্টি’। এই ঘোষণা তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে কৰিছে।

ইলন মাস্কে নিজৰ ঘোষণা পোষ্টত স্পষ্টকৈ কয়, “আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ ‘আমেৰিকান পাৰ্টি’ গঠন কৰা হৈছে।” লগতে তেওঁ আমেৰিকাৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাৰ তীব্ৰ সমালোচনা কৰি কয়, “দেশ ধ্বংস আৰু দুৰ্নীতিৰ ক্ষেত্ৰত ডেম’ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক আচলতে একেটা দল। আমি গণতন্ত্ৰত নহয়, আমি একদলীয় ব্যৱস্থাত বাস কৰিছো।”

মাস্কে উল্লেখ কৰে যে, শেহতীয়াকৈ কৰা অনলাইন এখন সমীক্ষাত দুগুণে অধিক লোকে নতুন ৰাজনৈতিক বিকল্প বিচাৰিছে। সেই অভিপ্ৰায়ই তেওঁৰ এই নতুন দল গঠনৰ মূল উৎসাহ হৈ পৰে।

ইলন মাস্কৰ এই পদক্ষেপে আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশত এটা নতুন আলোড়ন সৃষ্টি কৰাৰ আশা কৰা হৈছে। ‘আমেৰিকান পাৰ্টি’য়ে কিদৰে আগবাঢ়ে আৰু জনসাধাৰণে কেনেকৈ গ্ৰহণ কৰে, সেয়া সময়হে দেখুৱাব।

Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব

Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব
Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব

সাধাৰণতে যেতিয়াই মানুহ মন্দিৰলৈ যায় (Temple Donation) তেতিয়াই প্ৰায়ে তাত কিছু টকা দান কৰে। ঈশ্বৰক উপহাৰ আগবঢ়ায়। যদি ভাগ্য আপোনাক লগ দিয়া নাই, তেন্তে মন্দিৰত কিছুমান বিশেষ বস্তু দান কৰিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।

প্ৰতিটো ধৰ্মতে দান-বৰঙণি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত প্ৰতিটো উৎসৱ আৰু বিশেষ অনুষ্ঠানত দান দিয়াৰ পৰম্পৰা আছে। যদি আপুনি আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হৈছে, আপুনি বিফলতাৰ সন্মুখীন হৈছে, ভাগ্য আপোনাক লগ দিয়া নাই, তেন্তে মন্দিৰত কিছুমান বিশেষ বস্তু দান কৰক। মন্দিৰত এইবোৰ বস্তু দান কৰিলে আপোনাক ভাগ্যই লগ দিব। বিশেষকৈ মন্দিৰত এই বিশেষ বস্তুবোৰ দান কৰিলে জীৱনৰ সকলো বিপদৰ অন্ত পৰিব পাৰে। কেতিয়াও হয়তো ধনৰ অভাৱৰ সন্মুখীন নহ’ব।

মন্দিৰত এইবোৰ বস্তু দান কৰাটো অতি শুভ-

মূৰ্তি দান: মন্দিৰত ঈশ্বৰৰ মূৰ্তি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কাৰণ সেই মূৰ্তি যেতিয়াই পূজা কৰা হ’ব তেতিয়াই দানকাৰীয়েও তাৰ ফল পাব।

পূজাৰ বাচন: মন্দিৰত তাম বা পিতল বা সোণ-ৰূপৰ পূজাৰ বাচন দান কৰক। মন্দিৰলৈ পূজাৰ বাচন দান কৰিলে দীৰ্ঘম্যাদী লাভ হয় কাৰণ যেতিয়াই এই বাচনবোৰ ঈশ্বৰৰ পূজাত ব্যৱহাৰ কৰা হ’ব তেতিয়াই দানকাৰীয়ে ফল পাব।

মন্দিৰ নিৰ্মাণৰ বাবে সামগ্ৰী: যদি কোনো মন্দিৰ নিৰ্মাণ কৰা হৈছে, তেন্তে তাত আপুনি নিৰ্মাণ সামগ্ৰী যেনে চিমেণ্ট, টাইলছ, শিল বা অন্যান্য সামগ্ৰী দান কৰিব পাৰে। এই ক্ষেত্ৰত যেতিয়ালৈকে মন্দিৰটো থাকিব তেতিয়ালৈকে আপুনি ইয়াৰ সুফল পাই থাকিব।

পানী খোৱা ঠাইঃ মন্দিৰত খোৱা পানীৰ ব্যৱস্থা কৰিলে বহুত ফল পোৱা যায়।

আসন আৰু পূজা সমগ্ৰীঃ ভক্তসকলক মন্দিৰত বহিব পৰাকৈ আসন, পূজাৰ সামগ্ৰী যেনে ঘিউ, তেল, চাউল ইত্যাদি দান কৰিলে ব্যক্তিজনৰ ৰাশিফলত গুৰু শক্তিশালী হৈ উঠিব।

ভগৱানৰ বাবে ভোগ: ভগৱানক অৰ্পণ কৰিবলগীয়া ভোগৰ বাবে পঞ্চমৃত, শুকান ফল, মিঠাই আদিৰ ব্যৱস্থা কৰক। এনে কৰিলে বহুত গুণ পোৱা যায়।

Congress:ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, নতুন ৰণনীতিৰ খসড়া প্ৰস্তুত হ’ব আজি সন্ধিয়া

ডিজিটেল ডেস্কঃ Congress আজি সন্ধিয়া অনুষ্ঠিত হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। ৰাজীৱ ভৱনত সন্ধিয়া ৭বজাত অনুষ্ঠিত হ’বলগা এই বৈঠকত কংগ্ৰেছৰ বিভিন্ন শাখা-উপশাখাৰ শীৰ্ষ নেতাসকল অংশগ্ৰহণ কৰিব।

বৈঠকখনত উপস্থিত থাকিব অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিৰ্বাচনী প্রচাৰ কমিটীৰ সভাপতি ভূপেন বৰা, সমন্বয়ৰক্ষী কমিটীৰ সভাপতি দেৱব্রত শইকীয়া, ইস্তাহাৰ কমিটীৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ, প্ৰচাৰ কমিটীৰ সভাপতি ৰকিবুল হুছেইন আৰু নিৰ্বাচন ব্যৱস্থাপনা কমিটীৰ সভাপতি ৰিপুণ বৰা।

এই বৈঠকখনত আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰৱৰ্তী ৰণনীতিৰ খসড়া প্ৰস্তুত কৰাৰ লগতে মিত্ৰতা নীতিৰ ক্ষেত্রতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। লগতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অসম ভ্ৰমণ সম্পৰ্কেও আলোচনা হ’ব বুলি দলীয় সূত্ৰে জনোৱা হৈছে।

অসমত ৰাজনৈতিক সমীকৰণৰ পটভূমিত এই বৈঠকখনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

Udayaditya Bharali : বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সাহিত্যিক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ Udayaditya Bharali অসম তথা গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান-সংস্কৃতিৰ ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্র আছিল অধ্যাপক উদয়াদিত্য ভৰালী। কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, সাহিত্যিক তথা ক্ৰীড়া সংগঠকগৰাকীৰ দেহাৱসান হৈছে শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ভৰালীয়ে গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।

১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তাৰপিছত ২০০৩-২০০৬ সময়চোৱাত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰে।

ইতিহাস চৰ্চাৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালীয়ে অসমীয়াৰ মনোভূমিত এক নতুন দিশৰ সন্ধান দিছিল। বিশেষকৈ প্ৰাচীন অসমৰ ইতিহাসক লৈ তেওঁৰ দৃষ্টিভংগী, বিশ্লেষণ আৰু শৈলীৰ বাবে তেওঁ অদ্বিতীয় হিচাপে বিবেচিত। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ এগৰাকী শক্তিশালী গল্পকাৰ আছিল। লগতে ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও জনাজাত আছিল।

তেওঁৰ এই বৌদ্ধিক অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৬ চনত অধ্যাপক ভৰালীয়ে অসম সাহিত্য সভাৰ পক্ষৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।

তেওঁৰ মৃত্যুত বিভিন্ন দল, সংগঠন, সাহিত্যিক, অধ্যাপক আৰু শিক্ষানুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু
Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

আমেৰিকাৰ টেক্সাছত বানৰ সংহাৰী ৰূপ। (Texas flood) বানৰ কৱলত টেক্সাছত ৫০ গৰাকীৰ মৃত্যু। ৫ মিনিটত ২৬ ফুট উচ্চতালৈ জলস্তৰ বৃদ্ধি গুৱাদালুপ নদীৰ।

অধিক বৰষুণৰ হোৱাৰ সম্ভাৱনা আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা। টেক্সাছ পাহাৰীয়া দেশত বহু লোক নিৰুদ্দেশ হৈছে, বৰ্তমান অনুসন্ধান অভিযান চলি আছে।

আমেৰিকাৰ টেক্সাছত সৃষ্টি হোৱা কৃত্ৰিম বানত ১৫টা শিশুসহ কমেও ৫০ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে। বহুলোক এতিয়াও নিৰুদ্দেশ হৈ আছে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি টেক্সাছত ভয়াৱহ বানত ৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে। কেৰ কাউন্টি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম আৰু ৪৩ জন লোকৰ মৃত্যু হয়। ট্ৰেভিছ কাউন্টিত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, বাৰ্নেট কাউন্টিত দুজনৰ আৰু টম গ্ৰীণ কাউন্টিত এজনৰ। আগন্তুক দিনত অধিক বৰষুণৰ আশংকা থকাৰ লগতে আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা থকাৰ বাবে পৰিস্থিতি ভয়াবহ হ’ব বুলি কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।

গুৱাদালুপ নদীৰ আশে-পাশে থকা অঞ্চলত হঠাতে ১৫ ইঞ্চি পৰ্যন্ত বৰষুণৰ ফলত ৮৫০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছিল।

Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল’শ্বিপ

Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল'শ্বিপ
Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল'শ্বিপ

ভাৰতৰ অন্যতম অগ্ৰণী জৈৱবৈচিত্ৰ্য(Smriti Rekha Lahon)সংৰক্ষণ সংস্থা আৰণ্যকে ‘প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী’ বিষয়ক মেডিয়া ফেলশ্বিপৰ বাবে অসমৰ আঠ গৰাকী সাংবাদিকক নিৰ্বাচিত কৰিছে। আঠ গৰাকী সাংবাদিকৰ ভিতৰত টীয়কৰ যুৱ সাংবাদিক তথা দৈনন্দিন বাৰ্তা টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হৈছে।

ভাৰতৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ প্ৰতিবেদনৰ প্ৰতি আকৰ্ষিত যুৱ মিডিয়া পেছাদাৰীসকলৰ বাবে মিডিয়া ফেল’শ্বিপ ঘোষণা কৰিছিল। মুঠ ৮ গৰাকী ফেলয়ে আৰ্থিক সহায়ৰ উপৰিও নিৰ্বাচিত ফেল’সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েণ্টেচন আৰু দিহা-পৰামৰ্শ লাভ কৰিব। আনহাতে, ফেল’সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।


উল্লেখযোগ্য যে সংবাদকৰ্মী স্মৃতিৰেখা লাহন ২০১৯ বৰ্ষৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ আছে। তেওঁ লেখা-মেলা কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত। মেডিয়া ফেল’শ্বিপলৈ নিৰ্বাচিত হোৱাৰ পিছতে বিভিন্নজনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম!

Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যৰ সৈতে গোপন প্ৰেম!
Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যৰ সৈতে গোপন প্ৰেম!

এগৰাকী অভিনেতা বা অভিনেত্ৰী (Actress and ex cm Love Story) প্ৰথম চৰ্চালৈ আহে তেওঁলোকৰ অভিনয়ৰ জৰিয়তে । ব্লকবাষ্টাৰ হিট ছবি হওক বা ফল্প ছবি হওক, তেওঁলোকে অভিনয়ৰ বাবে জনপ্ৰিয়তা লাভ কৰে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী অভিনেত্ৰীৰ কথা যিগৰাকীয়ে অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিল। অভিনেত্ৰীগৰাকীয়ে প্ৰথমে শিশু শিল্পী হিচাপে আৰম্ভ কৰিছিল আৰু পিছলৈ এগৰাকী ডাঙৰ নায়িকা হৈ পৰিছিল। এসময়ত তেওঁৰ সৌন্দৰ্য্যৰ বিষয়ে চৰ্চা হৈছিল।

সেই অভিনেত্ৰীগৰাকী হৈছে ৰাধিকা কুমাৰস্বামী। ৰাধিকা কুট্টি নামেৰে পৰিচিত ৰাধিকাই দুবাৰকৈ বিবাহপাশত আবদ্ধ হয়। মাত্ৰ ১৩ বছৰ বয়সতে ২০০০ চনত ব্যৱসায়ী ৰতন কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ ২ বছৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৰতনৰ মৃত্যু হয়। খবৰ অনুসৰি ৰাধিকাই ৰতন কুমাৰৰ সৈতে পলাই গৈ মন্দিৰত বিয়া হৈছিল।

ৰাধিকা কুমাৰস্বামীয়ে ২০০২ চনত বিজয় ৰাঘবেন্দ্ৰৰ সৈতে নিনাগাগী ছবিত মুখ্য মহিলা হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনে হিট হোৱা লগতে সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবিৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ পিছৰ কেইবছৰমানৰ ভিতৰত ৰাধিকাই কানাড়া, তামিল আৰু তেলেগু ভাষাৰ কেইবাখনো হিট ছবিত অভিনয় কৰিছিল।

প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে পৰিয়ালৰ বিৰুদ্ধে গৈ বিয়া হৈছিল। এইচ ডি কুমাৰস্বামী পত্নী ৰাধিকা, এইচ ডি কুমাৰস্বামী কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী।(Ex CM Kumaraswamy)

আনহাতে ৰাধিকাৰ দেউতাকে জীয়েকক কুমাৰস্বামীৰ সৈতে বিয়া বিয়াত বহিবলৈ বাধা দিছিল যদিও অভিনেত্ৰীগৰাকী দেউতাকৰ বিৰুদ্ধে গৈ বিয়া পাতিলে। দুয়োজনে নিজৰ বিয়াখন অতি গোপন কৰি ৰাখিছিল।

ৰাধিকা এগৰাকী ফল্প অভিনেত্ৰী হ’লেও অৱশ্যে ব্যৱসায়ী হিচাপে তেওঁ যথেষ্ট বিখ্যাত। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে বিয়া হৈ কোটি কোটি টকাৰ মালিক হ’ল ৰাধিকা। খবৰ অনুসৰি ৰাধিকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দুয়োৰে আছে এগৰাকী কন্যা সন্তান।

Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু

Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু
Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু

আজি মুকলি হ’ব ডাউন টাউনৰ নতুন উৰণ সেতু।(Bhagadatta Flyover)

ভগদত্ত উৰণ সেতু নামেৰে নামাকৰণ হ’ব নৱনিৰ্মিত উৰণ সেতুখন।

নৰকাসুৰৰ পুত্র তথা প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে হ’ব মহানগৰীৰ ৰুক্মিণীগাঁৱৰ উৰণ সেতু ।

চুপাৰ মাৰ্কেটৰ উৰণসেতু নামংকৃত হ’ব ভগদত্ত প্ৰথম।

আনহাতে ডাউন টাউনৰ উৰণসেতুৰ নামংকৃত হ’ব ভগদত্ত দ্বিতীয়।

মহানগৰীৰ নৱনিৰ্মিত উৰণসেতু সন্দৰ্ভত এইদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব । Duliajan

তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ'ব । Duliajan
তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ'ব । Duliajan

Duliajan । তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব। আপুনি মই কেতিয়াও নেদেখা দৃশ্য দেখা পাব । দুলীয়াজানৰ মাষ্টৰ পাৰা অঞ্চলটোৰ পৰিৱেশ দেখিলে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ’ব যে বিজেপি চৰকাৰে দাবী কৰা উন্নয়নৰ নমুনা এইয়াই নেকি।

উক্ত বৃহত্তৰ অঞ্চলটো বছৰৰ আঠ মাহেই এনেদৰে পানীৰ তলত ডুব গৈ থাকে। এক কদৰ্যময় পৰিৱেশৰ মাজত জনসাধাৰণৰ পানীৰ মাজতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

স্থানীয় ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক তেৰচ গোৱালা,ৰাজ্য সভাৰ সাংসদ তথা দুবাৰকৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক আবেদন-নিবেদন জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ।


যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । ইফালে দুলীয়াজানত মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড,ৰাজ্যৰ অতি লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, ডি এন পি এল,বি চি পি এল,নীপকো আদি বিভিন্ন লাভজনক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পিচতো একাংশ লোকৰ এনে দুৰ্দশা সঁচাকৈয়ে চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে।

Assam Weather: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

assam weather

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ৷ (assam weather) বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে সতৰ্কবাণী৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীত সমগ্ৰ মধ্য, উত্তৰ, উপকূলীয় আৰু উত্তৰ-পূব ভাৰতত কেইবাদিনো ধৰি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ লগতে আই এম ডিয়ে কেইবাখনো ৰাজ্যৰ বাবে কমলা আৰু ৰঙা সতৰ্কবাণী জাৰি কৰি নগৰীয়া বান, ভূমিস্খলন আৰু যাতায়াতত ব্যাঘাত জন্মাব পৰাৰ অধিক আশংকা থকাৰ সতৰ্কবাণী জাৰি কৰিছে ৷

উত্তৰ-পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যত বাৰিষা আৰু সক্ৰিয় ঘূৰ্ণী বতাহৰ বাবে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণৰ সম্ভাৱনা আছে৷ আই এম ডিয়ে পূৰ্বাভাস দিয়া ৰাজ্যকেইখন হৈছে– হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু হাৰিয়ানা৷ প্ত-জ্ঝ জুলাইলৈ প্ৰবল বৰষুণ, ৬-৭ জুলাইলৈ অতি প্ৰবল বৰষুণ৷ পূব ৰাজস্থান আৰু পূব উত্তৰ প্ৰদেশ ঃ ৪-৬ জুলাইলৈ প্ৰবল বৰষুণ৷ জম্মু অঞ্চল ঃ ৫-৮ জুলাইলৈ ধাৰাসাৰ বৰষুণ আৰু বানৰ সতৰ্কবাণী৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডত ৯ জুলাইলৈ ধাৰাবাহিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

উত্তৰ-পূব ভাৰতৰ ভিতৰত মেঘালয়ত ভূমি…লনৰ সম্ভাৱনা৷ আই এম ডিয়ে ৬ জুলাইত মেঘালয়ত অতি প্ৰবল বৰষুণ [২১ চেঃ মিঃ] হোৱাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ আনহাতে, ভংগুৰ পাহাৰীয়া ভূখণ্ডত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ আনহাতে অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে৷ গোটেই সপ্তাহটোতে ধুমুহা আৰু বজ্ৰপাত অব্যাহত থাকিব৷