I express my heartfelt gratitude to President Christine Carla Kangaloo, Prime Minister Kamla Persad-Bissessar, the Government and wonderful people of Trinidad & Tobago for honouring me with ‘The Order of the Republic of Trinidad and Tobago.’ This honour symbolises the eternal… pic.twitter.com/3wf3tZ9hWt
প্ৰধানমন্ত্ৰী মোডীক সৰ্বাধিক সন্মান দিয়া ২৫ সংখ্যক দেশ হিচাপে পৰিগণিত হৈছে ট্ৰিনিদাদ এণ্ড ট’বাগো। বৰ্তমানলৈ ২৫টা অসামৰিক সন্মান লাভেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী।
বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এক্সত পোষ্টৰ জৰিয়তে জনাইছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ইয়াৰ লগতে তেওঁ এখন তালিকাও শ্বেয়াৰ কৰিছে, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা সন্মানৰ তথ্য দিয়া হৈছে। তেওঁ এক্সত লিখিছে, ‘পিএম মোদীয়ে পুনৰ ইতিহাস সৃষ্টি কৰিলে!
PM Modi creates history again! 🇮🇳
He becomes the first foreign leader to be conferred with the Order of the Republic of Trinidad and Tobago 🇹🇹, the highest civilian honour of the Caribbean nation.
DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA বৃদ্ধিৰ সম্ভাৱনা। (DA hike 2025) বছৰত দুবাৰকৈ, জানুৱাৰী আৰু জুলাই মাহত Dearness Allowance সংশোধন কৰা হয়। ইয়াৰ ভিত্তি হৈছে বিগত ১২ মাহৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক ঔদ্যোগিক শ্ৰমিকৰ (AICPI-IW) তথ্যৰ ওপৰত।
২০২৫ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪% ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দেৱালীৰ আশে-পাশে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা। শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে খবৰ ওলাইছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’বলৈ সময় লাগিব। ২০২৫ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছিল অষ্টম দৰমহাৰ আয়োগৰ কথা। কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই আৰু টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ৰ সিদ্ধান্তও লোৱা হোৱা নাই।
এই পদক্ষেপে ডি এ বৰ্তমানৰ ৫৫%ৰ পৰা ৫৯%লৈ বৃদ্ধি কৰিব। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব যদিও ছেপ্টেম্বৰ বা অক্টোবৰ মাহত উৎসৱৰ বতৰৰ ওচৰত এই আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।
CPI DATA ৰ ভিত্তিত DA য়ে ৫৯% পোৱাৰ সম্ভাৱনা আছে। ডি এ গণনাৰ ভিত্তি হিচাপে পৰিগণিত হোৱা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW) ২০২৫ চনৰ মে’ মাহত ০.৫ পইণ্ট বৃদ্ধি পাই ১৪৪ পইণ্ট হৈছে। বিগত তিনিমাহত এই সূচকাংক ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে, মাৰ্চ মাহত ১৪৩, এপ্ৰিল মাহত ১৪৩.৫, আৰু মে’ মাহৰ বাবে এতিয়া ১৪৪ পইণ্টত আছে।
যদি জুন মাহত এই সংখ্যা ১৪৪.৫ হয়, তেন্তে ১২ মাহৰ গড় সূচকাংক হ’ব ১৪৪.১৭। সপ্তম দৰমহা আয়োগৰ সূত্ৰ অনুসৰি এই গড়ৰ ওপৰত ভিত্তি কৰি DA প্ৰায় ৫৮.৮৫%লৈ বৃদ্ধি হ’ব পাৰে, অৰ্থাৎ ৫৯% লৈ।
ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি বছৰত দুবাৰকৈ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত DA পুনৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ জানুৱাৰী মাহত DA ৫১%ৰ পৰা ৫৫%লৈ বৃদ্ধি কৰা হৈছিল।
যদিও জুলাইৰ পৰা ডি এ বৃদ্ধি কাৰ্যকৰী হ’ব, সাধাৰণতে পিছত ঘোষণা কৰা হয়। বিগত বছৰবোৰত চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এনে সংশোধনৰ কথা ঘোষণা কৰিছিল, প্ৰায়ে উৎসৱৰ সময়ছোৱাৰ আশে-পাশে। এইবাৰো দীপাৱলীৰ আশে-পাশে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
এইটোৱেই হ’ব সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত ডি এ বৃদ্ধি, যাৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ ঘোষণা কৰা হৈছিল যদিও ইয়াতকৈ আৰু কোনো অগ্ৰগতি হোৱা নাই। নতুন আয়োগৰ বাবে এতিয়াও অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া নাই চৰকাৰে। টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ও বাকী আছে।
Football । এক জুলাইৰ পৰা জিলা পৰ্যায়ৰ ফুটবল সমিতিৰ সৌজন্যত ওদালগুৰি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম বাৰ্ষিক বড়োলেণ্ড চি ই এম ফুটবল কাপ’২০২৫ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত ভেৰগাওঁ এম চি এল এ সমষ্টিয়ে ধনশ্ৰী এম চি এল এ সমষ্টিক ১-০ গলত পৰাজিত কৰে।
তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন প্ৰথমাৱস্থাত গ’ল শূণ্যভাবে সমাপ্ত হয় কিন্তু খেলৰ দ্বিতীয়াৰ্ধত খেলখন পুনৰ উত্তেজনাপূৰ্ণ হোৱাৰ মাজতে ৫৫ মিনিটত ভেৰগাওঁ সমষ্টিৰ খেলুৱৈ জৰ্জ উইলিয়াম টপ্নই স্কৰ কৰে।ফলত টপ্নৰ একমাত্ৰ গলৰ সহায়ত ধনশ্ৰী সমষ্টিক পৰাজিত কৰি বড়োলেণ্ড চি ই এম কাপ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলৰ আৰম্ভনিতে খেলখন উদ্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ কয়- ফুটবল এক জনপ্ৰিয় খেল।
উন্নতমানৰ খেল প্ৰদৰ্শনৰ জড়িয়তে বহু খেলুৱৈয়ে জীৱিকাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে ক্ৰীড়া প্ৰেমী ৰাইজৰ উৎসাহ- উদ্দীপনাই খেলুৱৈ সকলক দুগুণ উৎসাহী কৰি তোলা দেখা যায়। বিটিআৰত এক শান্তিৰ বাতাবৰণ গঢ়ি উঠিছে।যাৰ বাবে বিটিআৰত বিভিন্ন উন্নয়নমূলক কামত কাজ কৰিব পৰা পৰিবেশ সৃষ্টি হৈছে। সেয়ে প্ৰতিযোগিতাখনি প্ৰতিবছৰে বিটিআৰত অনুষ্ঠিত কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ বিটিআৰ প্ৰশাসনে পুৰুষ মহিলা ফুটবল একাডেমীৰ জৰিয়তে আন এক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।
প্ৰতিবছৰে ওদালগুৰি জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ খেলুৱৈ সকলৰ মাজত অনুষ্ঠিত হৈছে আৰু বিটিআৰৰ ৪০টা সমষ্টিৰ মাজত হবলগীয়া ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ দলে খেলাৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে আৰু চূড়ান্ত খেলৰ কোকৰাঝাৰৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ৰাজু দৈমাৰীয়ে আতঁধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই খেলুৱৈ,ৰেফাৰী সকলক উদ্দেশ্যেৰে বক্তব্য ৰাখি খেল সুচাৰুৰূপে সামৰণি পৰাত ধন্যবাদ জ্ঞাপন কৰে।
উক্ত বঁটা বিতৰণীত উপস্থিত থাকি হৰিশিঙা পৰিষদীয় সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰীয়ে বিজিত দল ধনশ্ৰী দলক ট্ৰফিৰ সৈতে নগদ ১৫ হাজাৰ টকা ,ক্ৰীড়া বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈচা বড়োই বিজয়ী দল ভেৰগাওঁ দলক নগদ ২৫ হাজাৰ টকা সহ ট্ৰফি প্ৰদান কৰে। ভেৰগাওঁ দলৰ শ্ৰেষ্ঠ খেলুৱৈ বিজিত বড়োক ট্ৰফিৰ সৈতে নগদ ৫০০০ টকা প্ৰদান কৰে ভেৰগাওঁৰ মহকুমিধিপতি ৰিংখাং যোচাহাৰীয়ে। খেল পৰিচালনা কৰে- বাবুৰাম দৈমাৰী, ইলিছ মুছাহাৰী,মৃদুল বসুমতাৰী, অনচুমা বসুমতাৰী আৰু বিশ্বজিৎ বড়োই। ইপিনে উদ্বোধনী অনুষ্ঠানত হৰিশিঙা সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী কাৰ্যবাহী সদস্য ড• নিলোৎ স্বৰ্গীয়াৰী বড়ো, ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ ভ্ৰমণ বাল্গাৰী,জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰনীল দৈমাৰী,ইউ পি পি এলত ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী,এবচুৰ জিলা সভাপতি কৰ্ণেলুইচ দৈমাৰী,সম্পাদক বাবুল বড়ো, ওদালগুৰি মহকুমা ক্ৰীড়া বিষয়া সঞ্জয় দৈমাৰী, ইউচিফ আলী,ভেৰগাওঁৰ মহকুমিধিপতি (সদৰ) ৰিংখাং মোচাহাৰী,বিজুৱেল নেলছন দৈমাৰী,লোহিত বড়ো, কিৰণ বড়ো,যোচী খাখলাৰী, দ্বিজেন্দ্ৰ বায়ন,আদিকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।
ডিজিটেল ডেস্ক: Ravi Sarma জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰুদ্ৰ’ মুক্তিৰ এটা সপ্তাহৰ ভিতৰতে দৰ্শকৰ বিপুল সঁহাৰিতাৰে সফলতা অৰ্জন কৰিছে। ২৭ জুনত মুক্তি পোৱা এই থ্ৰিলাৰ ছবিখনে অসমীয়া চিনেমাৰ বক্স অফিচত ৭ দিনত ৩.৫ কোটি টকা উপাৰ্জন কৰি সৰ্বকালীন সৰ্বোচ্চ প্রথম সপ্তাহৰ আয়কাৰী চিনেমা হিচাপে স্বীকৃতি লাভ কৰিছে।