ডিজিটেল ডেস্কঃ Sub Lt Astha Poonia ভাৰতীয় সেনাৰ ইতিহাসত গৌৰৱৰ অধ্যায় সংযোজন। দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বিমান চালকৰ স্বীকৃতি লাভ কৰিছে উপ লেফটেনেন্ট আস্থা পুণিয়াই। ভাৰতীয় নৌ সেনাৰ পক্ষৰ পৰা আনুষ্ঠানিকভাৱে এই গৌৰবজনক খবৰ ঘোষণা কৰা হৈছে।
আস্থা পুণিয়া এতিয়াৰে পৰা ভাৰতীয় নৌ সেনাৰ অন্তৰ্গত আইএএন এছ বিক্ৰান্তৰ পৰা মিগ-২৯ কে (MiG-29K) যুঁজাৰু বিমান উৰুৱাব। উল্লেখযোগ্য যে, মিগ-২৯ কে হৈছে এখন উচ্চ ক্ষমতা সম্পন্ন যুদ্ধ বিমান, যি বিশেষকৈ যুদ্ধৰ সময়ত শত্রু সেনাৰ ওপৰত আক্রমণ চলাবলৈ ব্যৱহাৰ কৰা হয়।
এই বিমানসমূহৰ পৰা একে সময়তে প্ৰায় ৪৫০ কিলোগ্ৰাম ওজনৰ চাৰিটাকৈ বোমা তথা মিছাইল প্ৰক্ষেপণ কৰিব পৰা যায়। আস্থা পুণিয়াৰ এই সফলতাৰ লগত ভাৰতীয় নাৰীৰ শক্তি আৰু সক্ষমতাৰ এক উজ্জ্বল নিদৰ্শন প্ৰমাণিত হৈছে।
ডিজিটেল ডেস্কঃ England vs India 2nd Test Match ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ সম্মুখীন হোৱাৰ পিছত আজি ভাৰতীয় দলৰ বাবে হ’ব এক গুৰুত্বপূর্ণ দিন।
Dr Rupline Rongpipi: চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু
পশ্চিম কাৰ্বি আংলংঙৰ ডংকামোকামত শোকাৱহ ঘটনাকলৈ চাঞ্চল্য। এগৰাকী উদীয়মান চিকিৎসক তথা ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপী মৃত্যু৷(Dr Rupline Rongpipi)
পশ্চিম কাৰ্বি আংলংৰ ডংকামোকাম নিবাসী তথা ক্ৰকেংদাং স্বাস্থ্য কেন্দ্ৰ কৰ্মৰত চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু ৷ তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাতি অহা এজাক বতাহ বৰষুণ বিজুলী ধেৰেকনি ফলত ইনভাৰ্টাৰ সংযোগ বিচিন্ন কৰিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্টহৈ অতিকৈ জনপ্ৰিয় মানৱদৰপী ডাঃ ৰূপলীন ৰংপিপীৰ মৃত্যু বাতৰি সামাজিক মাধ্যমত প্ৰচাৰৰ লগে লগে ডংকামোকা তথা দুই পাহাৰীয়া জিলা জনসাধাৰণৰ মাজত শোকাৱহ পৰিবেশ সৃষ্টি হয় ৷
প্ৰয়াত ডাঃ ৰূপলীন ৰংপিপীৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড° তুলিৰাম ৰংহাংসহ পৰিষদৰ বিভিন্ন বিভাগৰ ইএম :এমএচি ;প্ৰাক্তন এমএচি সকল আদি কৰি জিলাখনৰ বিশিষ্ট ব্যক্তি তথা কাৰ্বি সাংস্কৃতিক সমাজৰ কৰ্মকৰ্তা সকলে সামাজিক মাধ্যমৰ জৰিয়তে গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰে ৷