Home Blog Page 21

‘CIDৰ SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই!’ পামী বৰঠাকুৰৰ ক্ষোভ

'CIDৰ SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই!' পামী বৰঠাকুৰৰ ক্ষোভ
'CIDৰ SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই!' পামী বৰঠাকুৰৰ ক্ষোভ

সামাজিক মাধ্যমযোগে জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰৰ ক্ষোভ। শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ প্ৰদান আদালতৰ। বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত তদন্তকাৰী দলে বিধি মানি চলা নাছিল। BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল একাউণ্ট ফ্রীজ কৰাৰ ক্ষেত্ৰত। এই বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰিছে পামী বৰঠাকুৰে।

“CIDৰ SITৰ বিধিগত ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই!SITয়ে বেংক একাউণ্ট যি বিধি মানি ফ্ৰীজ কৰিব লাগিছিল সেই বিধি পালন কৰা নাছিল।”….. ইমানকেইজন সুদক্ষ Officer এ তদাৰক কৰাৰ পিছতো বিধিগত ভুল কেনেকৈ হ’ব পাৰিলে?

কিয় হ’বলৈ পালে?

ইমান sensitive case টোত ভুল কিয়?

আমি শান্তিপূৰ্ণ ভাৱে ন্যায় প্ৰতিষ্ঠা হোৱাটো বিচাৰিছোঁ, সেই বাবেই আস্থা ৰাখি চলিছো, ইয়াৰ প্ৰতিফল কেৱল ‘ ন্যায় ‘ হোৱাটো উচিত, ‘বিধিগত ভুল’ নহয়! আশা ৰাখিছোঁ আগলৈ সকলো খিনি দিশ শুদ্ধ ভাৱে সামৰি লোৱা হ’ব।

যিয়ে আমাৰ জীৱনৰ সকলো ৰং কাঢ়ি নিলে ১৯ September ২০২৫ ত তাহাঁতি যাতে যিকোনো কাৰণতে শাস্তি নোপোৱাকৈ সাৰি নেযায়!

হিমন্ত বিশ্ব শৰ্মা অসমৰ, কৰ্মদক্ষ, শক্তিশালী বিধায়ক, শীৰ্ষ বিধায়কৰ দ্বিতীয় স্থানত কোন?

শীৰ্ষ বিধায়কৰ দ্বিতীয় স্থানত কোন?
শীৰ্ষ বিধায়কৰ দ্বিতীয় স্থানত কোন?

অসম চৰকাৰৰ শেহতীয়া এক সমীক্ষা অনুসৰি, বিগত পাঁচ বছৰত ৰাজ্যৰ আটাইতকৈ বেছি উন্নয়ন হোৱা দহটা বিধানসভা সমষ্টি আৰু বিধায়কসকলৰ তালিকা প্ৰকাশ কৰিছে। এই সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টি উন্নয়ণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিকশিত অসমৰ সপোনৰ মূল আৰম্ভণি মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ পৰা হৈছে। সমষ্টিটোত এই সময়ছোৱাত এইমছ (AIIMS) ৰ দৰে দেশৰ অগ্ৰণী স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান, বিশ্বমানৰ গুৱাহাটীৰ নতুন টাৰ্মিনেল, আৰু ফাঁচীবজাৰ উত্তৰপাৰ সংযোগী নতুন দলং, আইআইআইটি (IIIT), ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয় লগতে সামগ্ৰিকভাৱে ৰাস্তা-ঘাট, শিক্ষা, পানী যোগান, চিকিৎসা ব্যৱস্থাকে ধৰি সৰ্বশ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ়ি তোলা হৈছে। দ্বিতীয় স্থানত থকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ জাগীৰোড সমষ্টিতো উল্লেখনীয় উন্নয়ন হৈছে। ইয়াত টাটা ছেমি কণ্ডাক্টৰকে ধৰি নতুন ষ্টেডিয়াম, নতুন আন্তঃগাঁথনি, ৰাস্তা-ঘাট, শিক্ষা, স্বাস্থ্যৰ সকলো দিশতে যথেষ্ট উন্নয়ন সম্ভৱ হৈছে।


মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিনত নলবাৰী সমষ্টিত বিকাশৰ নতুন গতি লাভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ হৈছে। ইয়াত নতুন ষ্টেডিয়াম, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, ৰাস্তা-ঘাট, শিক্ষা-স্বাস্থ্যৰ সকলোতে যথেষ্ট উন্নয়ন সম্ভৱ হৈছে। মন্ত্ৰী অশোক সিংহালৰ ঢেকীয়াজুলি সমষ্টি, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পলাশবাৰী, ৰঞ্জিত কুমাৰ দাসৰ বজালী, বিমল বৰাৰ টিংখাং, কৌশিক ৰায়ৰ লক্ষীপুৰ, আৰু তৰংগ গগৈৰ নাহৰকটীয়া সমষ্টিতো বিগত পাঁচ বছৰত নতুন ষ্টেডিয়াম, নতুন মহাবিদ্যালয়, চিকিৎসা, শিক্ষা, আৰু পথ যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন দেখা গৈছে। বিশেষকৈ পলাশবাৰী সমষ্টিত আইআইএম (IIM) স্থাপন, আয়ুৰ্বেদিক কলেজ, আজিম প্ৰেমজি ইউনিভাৰ্চিটি, আৰু কিডনী ৰোগীৰ বিনামূলীয়া ডায়লাইছিছ চেন্টাৰ স্থাপন হোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে।

অশান্ত মধ্যপ্ৰাচ্যঃ চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ

চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ
চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ

আমেৰিকা আৰু ইজৰাইলে ইৰাণত চলোৱা ভয়ংকৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্ছ নেতা খোমেইনী নিহত হোৱাৰ পিছতে অধিক অশান্ত হৈ পৰিছে মধ্য প্ৰাচ্য৷ এনে সময়তে চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ চিন্তা-চৰ্চা কৰিছে ভাৰতে৷ ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ডুবাই, আবুধাবি, বাহৰেইন আদিত কৰা আক্ৰমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইফালে মধ্যপ্ৰাচ্যত আকাশমাৰ্গ বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশে বিমান সেৱা বাতিল কৰিছে৷ ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ঘোষণা কৰিছে যে মধ্যপ্ৰাচ্যৰ এনে পৰিস্থিতিৰ ফলত ভাৰতীয় বিমান সংস্থাসমূহে ৰ মাৰ্চত ৪৪৪খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰাৰ সম্ভাৱনা আছে ৷ দেওবাৰে পুৱা এক্সৰ এটা পোষ্টত মন্ত্ৰণালয়ে কয় যে ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশৰ ওপৰত আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে ২৮ ফেব্ৰুৱাৰীত ঘৰুৱা বিমান সেৱাৰ ৪১০খন বিমান বাতিল কৰা হৈছিল আৰু ৰ মাৰ্চত ৪৪৪খন বিমান বাতিল হোৱাৰ সম্ভাৱনা আছে৷ বিমান নিয়ন্ত্ৰক ডিজিচিএই বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ স্থাপন কৰি সুৰক্ষা আৰু কাৰ্যকৰী নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলাটো নিশ্চিত কৰিছে ৷ লগতে সম্ভাব্য যাত্ৰা পথ সলনিৰ পৰিচালনা আৰু নিৰৱচ্ছিন্ন যাত্ৰীৰ সুবিধা নিশ্চিত কৰিবলৈ প্ৰধান বিমানবন্দৰসমূহ কাৰ্যকৰী সতৰ্কতাত আছে৷ মন্ত্ৰণালয়ে জনোৱা মতে যাত্ৰীসকলৰ সহায়, বিমান সংস্থাৰ সমন্বয় আৰু টাৰ্মিনেলৰ ভিৰ ব্যৱস্থাপনা আদি তীক্ষ্ণ নিৰীক্ষণ কৰা হৈছে৷ বিবৃতিত কোৱা হৈছে যে যাত্ৰী সহায় নিয়ন্ত্ৰণ কক্ষই [পিএচিআৰ] যাত্ৰীসকলৰ সমস্যাসমূহ নিৰীক্ষণ কৰি তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰিছে৷ বিবৃতিত উল্লেখ কৰিছে, ‘২৮ ফেব্ৰুৱাৰীত এয়াৰ সেৱাই ২১৬টা অভিযোগ পাইছিল আৰু একে সময়তে ১০৫টা অভিযোগৰ সমাধান কৰা হয়৷ ইফালে ৰিয়াধত থকা ভাৰতৰ দূতাবাসে উল্লেখ কৰিছে যে যাত্ৰাত বাধাৰ বাবে ছৌদি আৰৱত আবদ্ধ হৈ থকা যিকোনো ভাৰতীয় যাত্ৰীয়ে বিভিন্ন হেল্পলাইন নম্বৰৰ জৰিয়তে দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰে৷ দূতাবাসে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাই জাৰি কৰা আপডেটসমূহ মানি চলিবলৈ আহ৩ান জনাইছে৷ মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ পিছতে শনিবাৰে ডি জি চি এই বিমান সংস্থাসমূহক ইৰাণ, চৌদি আৰব, ইউ এ ইকে ধৰি ১১খন দেশৰ আকাশমাৰ্গ ২ মাৰ্চলৈকে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশত একাধিক আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষা আৰু বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে যে য’তেই প্ৰয়োজন হয় বিশ্বব্যাপী সুৰক্ষা প্ৰট’কল আৰু প্ৰতিষ্ঠিত আকস্মিক পৰিকল্পনা পদ্ধতিৰ অনুসৰি কঠোৰভাৱে বিমান সেৱাৰ সময় মতে নতুন পথ বা পথ সলনি নিশ্চিত কৰক৷ ইয়াৰ উপৰি সমগ্ৰ দেশৰ বিমানবন্দৰসমূহক সম্ভাব্য বিমানৰ যাত্ৰা পথ সলনি, নিৰ্ধাৰিত নোহোৱা অৱতৰণ আৰু যাত্ৰীসকলৰ সুবিধা প্ৰদানৰ প্ৰয়োজনীয়তাসমূহ পৰিচালনা কৰিবলৈ অপাৰেচনেল এলাৰ্টত ৰখা হৈছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে

ৰাজ্যিক বিজেপিয়ে শনিবাৰৰ পৰা আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতি জনতাই ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে৷ এনে সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে ঢেকীয়াজুলি, বৰছলা আৰু তেজপুৰত দেখা গৈছে জনসমুদ্ৰৰ অভূতপূৰ্ব সঁহাৰি৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিশ-নিৰ্দেশনাত অসমত পুনৰ বিজেপি চৰকাৰ গঠনৰ বাবে এই আশীৰ্বাদ বুলি তেওঁ মন্তব্য কৰে৷ শইকীয়াই কয়, ‘ৰাইজে স্বতঃস্ফূৰ্তভাৱে ড॰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে আশীৰ্বাদ দিবলৈ ওলাই আহিছে৷ আমি দেখিছোঁ চাৰিওফালে ৰাইজৰ সাগৰ৷ মামাক আশীৰ্বাদ দিবলৈ আহিছে ৷

আকৌ এবাৰ বিজেপি চৰকাৰ গঠন কৰাৰ বাবে সকলো ৰাইজ আজি ওলাই আহিছে৷ সকলো ৰাইজলৈ আমি ধন্যবাদ জনাইছোঁ৷’ যাত্ৰাৰ সময়ছোৱাত বিজেপিৰ দলীয় পতাকা আৰু সমৰ্থকৰ ভিৰে বিভিন্ন স্থান উৎসৱমুখৰ হৈ পৰে৷

দলীয় সূত্ৰ অনুসৰি, ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা– এই পাঁচটা সমষ্টিত প্ৰায় দহটা বিশেষ স্থানত ৰাইজৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰা হৈছে ৷ পথসভা আৰু জনসমাগমত চৰকাৰৰ উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি উন্নয়ন, শিক্ষা-স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য ৰাখে মুখ্যমন্ত্ৰীয়ে৷

বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উক্‌মুকনি ! খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ

খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ
খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ

আমেৰিকা-ইজৰাইলৰ বোমাবৰ্ষণত ইৰাণৰ সৰ্বোচ্ছ নেতা খোমেইনীৰ মৃত্যু ঘটাৰ পিছতে বিশ্বত তৃতীয় বিশ্ব যুদ্ধৰ আশংকাই দেখা দিছে৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁ ‘ইতিহাসৰ অন্যতম দুষ্ট লোক’ বুলি অভিহিত কৰা ৮৬ বছৰীয়া ধৰ্মগুৰুজনক হত্যা কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামানৰ পিছতে দেওবাৰে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনীৰ ‘হত্যাকাৰী’ক শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ টেলিগ্ৰামত গাৰ্ডে পোষ্ট কৰি কয় যে ই অঞ্চলটো ‘দখল কৰা ভূখণ্ড আৰু আমেৰিকাৰ সন্ত্ৰাসবাদী ঘাটি’ক লক্ষ্য কৰি ল’ব৷ এনে সময়তে পাৰমাণৱিক আক্ৰমণৰ আশংকাও ঘনীভূত হৈ পৰিছে৷ কাৰণ ইৰাণ এখন পাৰমাণৱিক শক্তিধৰ দেশ৷ ইৰাণ, ইৰাক, কুৱেইট, ছিৰিয়া, ইউ এ ই আৰু ইজৰাইলে আংশিকভাৱে হ’লেও নিজৰ আকাশমাৰ্গ অসামৰিক যাতায়াতৰ বাবে বন্ধ কৰি দিছে আৰু একাধিক বিমান সংস্থাই মধ্যপ্ৰাচ্যলৈ বিমান সেৱা বাতিল কৰিছে৷ ট্ৰাম্পৰ দূতসকলে বৃহস্পতিবাৰে জেনেভাত ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা কৰিছিল৷ ট্ৰাম্পে কয় যে ইৰাণৰ নেতাসকলে ইয়াৰ বিতৰ্কিত পাৰমাণৱিক কাৰ্যসূচীৰ ক্ষেত্ৰত পৰ্যাপ্ত আপোচ কৰা নাই, যদিও আক্ৰমণৰ পিছত তেওঁ স্পষ্ট কৰি দিছিল যে লক্ষ্য শাসন ব্যৱস্থা পৰিৱৰ্তন আৰু পাৰমাণৱিক চুক্তি নহয়৷

তেওঁ কয় যে তেওঁৰ কন্যা, জোঁৱাই আৰু নাতিনীয়েকক হত্যা কৰা হৈছে৷ ইপিনে বিস্ফোৰণত কঁপি উঠিছে কাবুল৷ তালিবানে গুলীয়াই নমালে পাকিস্তানী যুদ্ধ বিমান৷ তালিবান চৰকাৰৰ অভিযোগ যে পাকিস্তানী সেনাই পুনৰ মধ্য কাবুলৰ কেইবাটাও স্থানত গোলাবৰ্ষণ কৰিছে৷ তালিবানেও ইয়াৰ প্ৰত্যুত্তৰ দিছে৷ অব্যাহত আছে গুলীয়াগুলী৷ ইপিনে, তালিবানেও পাকিস্তানৰ এখন যুদ্ধ বিমান গুলীয়াই নমোৱা বুলি দাবী কৰিছে৷ বাতৰি মতে, দেওবাৰে পুৱতি নিশা মধ্য কাবুলৰ কেইবাটাও স্থানত বিস্ফোৰণৰ শব্দ শুনা গৈছিল৷ কেৱল সেয়াই নহয়, কেইবাটাও পৰ্যায়ত গুলীচালনা চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা হোৱা নাই৷ তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে, ‘পাকিস্তানে ৰাজধানী কাবুলত পুনৰ বিমান আক্ৰমণ চলাবলৈ চেষ্টা কৰিছে৷ আমাৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয়৷ কাবুলৰ বাসিন্দাসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই৷’ যোৱা দেওবাৰে পাকিস্তানৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে আফগান সেনাই পাকিস্তানৰ সীমা অতিক্ৰম কৰি বৃহস্পতিবাৰে নিশা আক্ৰমণ কৰে৷ পাকিস্তানৰ কমেও ১২টা পোষ্ট আফগানৰ নিয়ন্ত্ৰণলৈ অহা বুলিও দাবী কৰিছে তালিবান প্ৰশাসনে৷

৫৫ জন পাকিস্তানী সেনা জোৱান নিহত হৈছে৷ সেই আক্ৰমণৰ প্ৰতিশোধ হিচাপে শুকুৰবাৰে পাকিস্তানে আফগানিস্তানৰ একাধিক অঞ্চলত আক্ৰমণ চলায়৷ দেওবাৰেও দুয়োখন দেশৰ মাজত সংঘৰ্ষ অব্যাহত থাকে৷ প্ৰসংগক্ৰমে শনিবাৰে তালিবানে জালালাবাদত পাকিস্তানী যুদ্ধ বিমান গুলীয়াই পেলোৱা বুলি দাবী কৰিছিল৷ আনকি তালিবানৰ যোদ্ধাসকলে পাকিস্তান বায়ুসেনাৰ উইং কমাণ্ডাৰক বন্দী কৰাৰ দাবীও কৰে৷ নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ইউ এন এছ চিৰ বৈঠক চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত আয়াতুল্লাহৰ মৃত্যুৰ কথা ঘোষণা কৰে৷ ট্ৰাম্পে কয়, ‘ইতিহাসৰ অন্যতম দুষ্ট মানুহ খোমেইনীৰ মৃত্যু৷ এয়া কেৱল ইৰাণৰ জনসাধাৰণৰ বাবেই নহয়, সকলো গ্ৰেট আমেৰিকান আৰু সমগ্ৰ বিশ্বৰ বহু দেশৰ লোকসকলৰ বাবে ন্যায় ৷’ ট্ৰাম্পে সকীয়াই দিয়ে যে গধুৰ আৰু পিনপইণ্ট বোমা বিস্ফোৰণ চলি থাকিব৷ গোটেই সপ্তাহটোৰ ভিতৰত নিৰৱচ্ছিন্নভাৱে বা যিমান দিনলৈকে প্ৰয়োজন হ’ব৷

শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ সন্দৰ্ভত ডাঙৰ খবৰ

শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ সন্দৰ্ভত ডাঙৰ খবৰ
শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ সন্দৰ্ভত ডাঙৰ খবৰ

শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ প্ৰদান আদালতৰ।

বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত তদন্তকাৰী দলে বিধি মানি চলা নাছিল।

BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল একাউণ্ট ফ্রীজ কৰাৰ ক্ষেত্ৰত।

আনহাতে সিদ্ধার্থ শৰ্মাৰ জব্দকৃত ফ্লেট সন্দর্ভতো নিৰ্দেশনা আদালতৰ।

ফ্লেট মুকলিৰ বাবে CID থানাত ১৬ লাখ টকাৰ জমা দিয়াৰ নিৰ্দেশ ।

এই ধন জমা দিলেই মুকলি কৰি দিয়া হ’ব সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট।

ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ

ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ
ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ

ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ।

আফগানিস্তানৰ ৪৬টা স্থানত পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ।

পাকিস্তানৰ আক্ৰমণত নিহত ৪৫১জন আফগান সেনা।

আক্ৰমণত ৫৮০ৰো অধিক আফগান সেনা গুৰুতৰভাৱে আহত।

ইফালে ইৰাণী সৈন্যক শেষ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ।

হয় যুদ্ধ এৰক নহ’লে শেষ সময় সমাগত।

৪সপ্তাহ জুৰি চলিব ইৰাণ, ইজৰাইল, আমেৰিকাৰ যুদ্ধ।

ইৰাণলৈ ট্ৰাম্পৰ ৰঙা চকু।

মধ্যপ্রাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ বৈঠক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক।

T20WC: T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াঃ চমকপ্ৰদ বেটিং সঞ্জু ছেমচনৰ

T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াঃ চমকপ্ৰদ বেটিং সঞ্জু ছেমচনৰ
T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াঃ চমকপ্ৰদ বেটিং সঞ্জু ছেমচনৰ

T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়া।(T20WC)

৫ উইকেটত জয়ী টীম ইণ্ডিয়া।

ইডেনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ ভাৰতৰ।

৫ উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত।

৫ মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে ৱাংখেড়েত খেলিব ছেমিফাইনেল।

চমকপ্ৰদ বেটিং প্ৰদৰ্শন সঞ্জু ছেমচনৰ।

ৱেষ্ট ইণ্ডিজৰ বলিঙৰ অভেদ্য দুৰ্গ খহাই অপ্ৰতিৰোদ্ধ, বিস্ফোৰক সঞ্জুৱে দেশক গৌৱৰাণ্বিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰোৱাৰ পিছৰ দৃশ্য চাওক-






মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাঃ উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

কালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাঃ উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন
কালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাঃ উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত হামলাকুৰত আজি দুপৰীয়াৰ ভাগত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। লোহাৰকাঠা-আৰিকুছি সংযোগী লোকনিৰ্মাণ বিভাগৰ পথত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজনকৈ সুঠাম যুৱক ৷ প্ৰাপ্ত খবৰ মতে দিনৰ ১২.৩০ মান বজাত উক্ত পথৰে লোহাৰকাঠা দিশৰ পৰা আৰিকুছি দিশে গৈ থকা এখন ইটাভৰ্তি ট্ৰাক পথচোৱাৰ হামলাকুৰত এখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত মটৰ চাইকেলখনৰ চালকসহ দুগৰাকী আৰোহী বহু দূৰলৈ ছিটিকি গৈ দুজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷ নিহত যুৱক দুজন মুকালমুৱা থানাৰ অন্তৰ্গত বালিকুছি গাঁৱৰ আছিক আলী(১৭) আৰু ইনজামুল হক(১৯) বুলি জানিব পৰা গৈছে। আনহাতে, আহত যুৱকজন হৈছে একেখন গাঁৱৰে শ্বাহ আলম(১৯) বুলি জানিব পৰা গৈছে৷ আহত শ্বাহ আলমক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

নিহত আছিক আলীয়ে এইবেলি হামালাকুৰ বালিকুছি চকিৰঘাট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইনজামুল হ’ক নামৰ যুৱকজনে মুকালমুৱাৰ নাৰায়নপুৰস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত ইটাভৰ্তি ট্ৰাকখনৰ নম্বৰ এ.এছ-১২ ই- ৪৭৮৮ আৰু মটৰ চাইকেলখনৰ (বুলেট)নম্বৰ এ.এছ-০১ডি.জে-০৭৪১ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ৷ সীমামূৰীয়া গাঁওখনৰ দুগৰাকীকৈ সুঠাম যুৱকে থিতাতে প্ৰাণ হেৰুৱাত উত্তেজিত লোকে ইটাভৰ্তি ট্ৰাকখন জ্বলাই দি ৰাজপথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা থানা, দৌলাশাল আৰক্ষী চকী আৰু আদাবাৰী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

ঘটনাস্থলীত মুকালমুৱাস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ট্ৰাকখনৰ জুই নিৰ্বাপন কৰে। ঘটনাস্থলীত নলবাৰীৰ অতিৰিক্ত আয়ুক্ত তথা বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,কাৰ্যবাহী দণ্ডাধীশ কৌস্তৱ ৰয় আৰু নলবাৰীৰ সদৰ উপ আৰক্ষী অধীক্ষক মন্টু তালুকদাৰ উপস্থিত হৈ ৰাজপথৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পবিত্ৰ ৰমজান মাহতেই বালিকুছি গাওঁৰ উঠি অহা যুৱকদ্বয়ৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ প্ৰাংগণত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ১০ফুট উচ্চতাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন

জুবিন গাৰ্গৰ ১০ফুট উচ্চতাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন
জুবিন গাৰ্গৰ ১০ফুট উচ্চতাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন

আজি সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ প্ৰাংগণত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ১০ফুট উচ্চতাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়। একালত জুবিন গাৰ্গৰ সৈতে কণ্ঠ নিগৰোৱা লোক শিল্পী তথা পদ্মশ্ৰী পখিলা লেকথেপিয়ে উন্মোচন কৰে বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিটো।

উক্ত সভাত উপস্থিত থাকে সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন চৌধুৰী, সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ ডঃ দেৱব্ৰত খনিকৰ, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদব্ৰত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, ষ্টাৰ চিমেণ্ট প্ৰাইভেট লিমিটেডৰ সহকাৰী মহা প্ৰবন্ধক সুকন্যা শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে।