২৭ জুন শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰী শ্বেফালী জাৰিৱালায়ে। ‘কাঁটা লগা গাৰ্ল’ নামেৰে বিখ্যাত শ্বেফালীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। অৱশ্যে এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে শ্বেফালীয়ে যোৱা ৭-৮ বছৰ ধৰি নিয়মিতভাৱে এন্টি এজিং ঔষধ সেৱন কৰি আছিল। ২৭ জুনত তেওঁলোকৰ ঘৰত পূজাৰ আয়োজন কৰা হৈছিল, যাৰ বাবে শ্বেফালীয়ে উপবাসে আছিল তাৰ পিছতো সেইদিনা দুপৰীয়া এণ্টি এজিং মেডিচিনৰ বেজী লৈছিল। এই ঔষধবোৰ বছৰ বছৰ আগতে ডাক্তৰৰ পৰামৰ্শ মতে তেওঁক দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ প্ৰতিমাহে এই চিকিৎসা গ্ৰহণ কৰিছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঔষধবোৰো তেওঁৰ হঠাৎ মৃত্যুৰ এটা কাৰণ হ’ব পাৰে, যাৰ বাবে তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ গৈছিল।ৱেবিনাৰ: দৈ এম্বিয়েণ্টলৈ যায়
খবৰ অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত নিশা ১০ৰ পৰা ১১ বজাৰ ভিতৰত হঠাৎ শেফালীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। তেওঁৰ শৰীৰটো কঁপি অচেতন হৈ পৰিল। লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাৰ সময়ত শ্বেফলীৰ স্বামী পৰাগ, মাতৃ আৰু কিছু সদস্য ঘৰত উপস্থিত আছিল। ফৰেনছিক দলটোৱে তেওঁৰ ঘৰৰ পৰা বিভিন্ন ধৰণৰ ঔষধ জব্দ কৰিছে, য’ত আছে এন্টি এজিং শিশি, ভিটামিন চাপ্লিমেণ্ট আৰু গেষ্ট্ৰিক সম্পৰ্কীয় বড়ি। এতিয়ালৈকে আৰক্ষীয়ে এই গোচৰত বেলভিউ হাস্পতালৰ পৰিয়ালৰ সদস্য, ঘৰুৱা চাকৰিয়াল আৰু চিকিৎসককে ধৰি আঠজন লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে।
তদন্তৰ সময়ত কোনো ধৰণৰ বিবাদ বা কাজিয়াৰ কোনো চিন পোৱা নাই। আৰক্ষী আৰু ফৰেনছিক দলটোৱে এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ঔষধৰ লেব তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যায়। এই গোচৰৰ তদন্ত চলি আছে আৰু শীঘ্ৰে সম্পূৰ্ণ প্ৰতিবেদন ওলোৱাৰ সম্ভাৱনা আছে।
২৭ জুনত বৃহস্পতিবাৰে গভীৰ নিশা শ্বেফালিৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল।ইয়াৰ পিছত স্বামী পৰাগ ত্যাগী আৰু আন তিনিজনে তেওঁক মুম্বাইৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে ২০০২ চনত শ্বেফালী জাৰিৱালাই ১৯৭২ চনৰ ‘সমাধি’ ছবিৰ ক্লাছিক লতা মংগেশকাৰ গীত ‘কাঁটা লাগা’ৰ ৰিমিক্সৰ প্ৰচণ্ড সফলতাৰে নিজৰ নাম উজলাইছিল। এই গীতটোৰ বাবেই তেওঁ ‘কাঁটা লগা গাৰ্ল’ নামেৰে বিখ্যাত হৈছিল।
Ants Prediction in House: ঘৰত হঠাতে ৰঙা বা ক’লা পৰুৱা ওলালে শুভ নে অশুভ ?
হঠাতে ঘৰত ৰঙা বা ক’লা পৰুৱা (Ants Prediction in House) দেখাটো স্বাভাৱিক কথা বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে কেতিয়াবা আপোনাৰ ঘৰলৈ পৰুৱা আহি কিবা এটা বিশেষ বাৰ্তা দি তাৰ পিছত নোহোৱা হৈ যায়।
ঘৰত পৰুৱা দেখা দিয়াটো এটা স্বাভাৱিক কথা। ঘৰত পৰুৱা দেখাৰ পিছত বেছিভাগ মানুহেই আওকাণ কৰে। কিন্তু তেওঁলোকে নাজানে যে কোনো ঘৰলৈ কোনো কাৰণ নোহোৱাকৈ পৰুৱা নাহে। পৰুৱা আগমনৰ এক বিশেষ অৰ্থ আছে। আজি আমি আপোনালোকক আপোনালোকৰ ঘৰত আবিৰ্ভাৱ হোৱা পৰুৱা দিশ আৰু আচৰণৰ বিষয়ে কম, যাৰ পৰা আপুনি জানিব পাৰিব যে আপুনি ভৱিষ্যতে ক্ষতিৰ সন্মুখীন হ’ব নে লাভ হ’ব।
জ্যোতিষৰ মতে যদি আপোনাৰ ভাত ভৰ্তি বাচন-বৰ্তনৰ পৰা পৰুৱা ওলাবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ই অদূৰ ভৱিষ্যতে ধন বৃদ্ধিৰ আৰম্ভণিৰ লক্ষণ। ইয়াৰ ফলত সমাজত সন্মান বাঢ়ে আৰু আৰ্থিক অৱস্থা সুদৃঢ় হয়।
সম্প্ৰতি গৰু সম্পৰ্কীয় এক বিতৰ্কৰ মাজত সোমাই পৰা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে এখন নতুন কাহিনী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। এইবাৰ আলোচনাৰ কেন্দ্ৰস্থল হৈছে তেওঁৰ বাল্যকাল আৰু তেতিয়াৰ এক জ্যোতিষীয় ভৱিষ্যত বাণী।
স্থানীয় লোকৰ দাবী অনুসৰি, জয়ন্ত মল্ল বৰুৱাৰ পিতৃ-মাতৃক তেওঁৰ শৈশৱতে এজন প্ৰভাৱশালী জ্যোতিষীয়ে কৈছিল — যদি জয়ন্তই গৰুক পুজা কৰে, তেন্তে তেওঁৰ জীৱনত উন্নতি, সন্মান আৰু ৰাজনৈতিক খ্যাতি লাভ হব। কিন্তু গৰু পালে বা গো-ব্যৱসায়ৰ লগত জড়িত হ’লে বিপদ আহিব।
Vedic Astrology Isolated Image
জ্যোতিষীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে জয়ন্ত মল্ল বৰুৱাই “গো-মাতা”ৰ সন্মান কৰি পূজা কৰিলে সমাজত সুনাম আৰু ৰাজশাসনত সুবিধা পাব, কাৰণ তেওঁৰ ৰাশিচক্ৰত গৰুৰ লগত বিশেষ সংযোগ থকা যোগ আছে।
এই কাহিনী এতিয়া স্থানীয় পৰিসৰত পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে, বিশেষকৈ গৰু বিতৰ্কৰ পিছত। বহুতে কৈছে যে এতিয়া সেই জ্যোতিষ বাণীৰ কথাই যেন বাস্তৱলৈ ঘূৰি আহিছে।
উল্লেখযোগ্য যে, জয়ন্ত মল্ল বৰুৱাই মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল, আৰু তেওঁৰ পৰিয়ালত তেতিয়াৰ দিনৰ এই জ্যোতিষ বাণীক কিমান গুৰুত্বসহকাৰে লৈছিল পৰিয়াল লোকে জানিব!
গৰু বিতৰ্কৰ মাজতে এইধৰণৰ অতীতৰ তথ্যৰ উন্মোচনে মন্ত্ৰীজনৰ জীৱনৰ এক নতুন অধ্যায় জনসাধাৰণৰ আগত লৈ আহিছে।