Home Blog Page 2144

ওদালগুৰিত কৃষি বিভাগৰ সহযোগত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণৰ দুদিনীয়া কিষান মেলা

ওদালগুৰি জিলাৰ কৃষি বিভাগৰ সহযোগত ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ কিষান মেলা-২০২২ অনুষ্ঠিত হয়।মেলাৰ কাৰ্যসূচী মতে কৃষক মেলাখন মুকলি কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহ গ্ৰহণ কৰি কৃষি ক্ষেত্ৰক আগবঢ়ায় নিবলৈ কৃষক ৰাইজক আহ্বান জনায়। ভাষণত তেওঁ কৃষি পদ্ধতিৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।


এই অনুষ্ঠানৰ লগতে কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু ড° নিলোৎ স্বৰ্গীয়াৰীয়ে ওদালগুৰি জিলা কৃষি বিভাগৰ নৱ নিৰ্মিত ভূমি পৰীক্ষাগাৰৰ RCC ৱিল্ডিংৰ শুভ উদ্বোধন কৰে।বিটিচিৰ তৰফৰ পৰা ওদালগুৰি জিলাৰ তিনিজন শ্ৰেষ্ঠ কৃষক নিৰ্বাচিত কৰি ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা কৃষক মেলাৰ আজিৰ অনুষ্ঠানতে প্ৰদান কৰা হয়। ভেৰগাঁও কৃষি খণ্ডৰ কৃষক বিনেশ্বৰ বাগলাৰীয়ে প্ৰথম পুৰস্কাৰ, ভকতপাৰাৰ কৃষক উত্তম কুমাৰ বড়োৱে দ্বিতীয় পুৰস্কাৰ আৰু মাজবাটৰ গীতা ৰাভাই তৃতীয় পুৰস্কাৰ লাভ কৰে। প্ৰথম পুৰস্কাৰ হিচাপে এখন পাৱাৰ টিলাৰ, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে pulverizer প্ৰদান কৰা হয়। কৃষক মেলাৰ সৈতে সংগতি ৰাখি ১২৫ টা মহিলা আত্ম সহায়ক গোটক ১০,০০০ টকাকৈ এককালীন অনুদান প্ৰদান কৰা হয়।

কৃষক মেলাৰ সৈতে সংগতি ৰাখি কৃষক আৰু কৃষি বিজ্ঞানীৰ মত বিনিময় তথা প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।ওদালগুৰি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী, জ্যেষ্ঠ কৃষি বিজ্ঞানী ড° দেৱাশীষ বৰাই আজি “কৃষি খণ্ডৰ উপাৰ্জন দুগুণ কৰা আৰু জৈৱিক খেতি”ৰ সন্দৰ্ভত অনুষ্ঠিত কৰা আলোচনাখন আগবঢ়ায়। আলোচনাখনত মহিলা আত্ম সহায়ক গোট তথা ওদালগুৰি জিলাৰ ১৪ টা কৃষি খণ্ডৰ কৃষকে অংশগ্ৰহণ কৰে।কৃষক মেলাখনত ওদালগুৰি জিলাৰ মীন বিভাগ, পশু পালন আৰু পশু চিকিৎসা বিভাগ, ৰেচম বিভাগৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্য-কলাপ আৰু drip and sprinkler irrigation ৰ নমুনা সমূহ প্ৰদৰ্শন কৰা হয়। আনহাতে দ্বিতীয় দিনৰ অৰ্থাৎ আজি আৰু কাইলৈৰ কাৰ্যসূচী হিচাপে গাহৰি প্ৰতিপালন, বিজ্ঞান সন্মত মীন পালন, ৰেচমৰ জৰিয়তে মহিলা সৱলীকৰণ সন্দৰ্ভত তিনিখন আলোচনাচক্ৰত কৃষি বিশেষজ্ঞৰ সৈতে মত-বিনিময় আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উদ্যোগতাই জানিবলৈ দিয়ে।

চীনা ঋণ এপ : বাংগালুৰুত ৰেজৰপে, পেটিএম, কেছফ্ৰীত তালাচী ইডিৰ

প্ৰৱৰ্তন সঞ্চালকালয়ে শনিবাৰে কৈছিল যে চীনা ব্যক্তিসকলৰ দ্বাৰা “নিয়ন্ত্ৰিত” তাৎক্ষণিক এপ-আধাৰিত ঋণত অনিয়মৰ অভিযোগত বাংগালুৰুৰ ৰেজৰপে, পেটিএম আৰু কেছফ্ৰীৰ দৰে অনলাইন পেমেণ্ট গেটৱেৰ ছয়টা চৌহদত অভিযান চলায়। শুকুৰবাৰৰ পৰা  আৰম্ভ হোৱা তালাচী এতিয়াও চলি আছে। ইডিয়ে  আজি  কয় যে অভিযানৰ সময়ত “এই চীনা ব্যক্তি নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িক পৰিচয় পত্ৰ আৰু বেংক একাউণ্ট”ত ৰখা ১৭ কোটি টকা জব্দ কৰা হয়। ৰেজৰপে আৰু কেছফ্ৰীয়ে ইডিৰ তালাচীৰ প্ৰসংগত কয় যে তেওঁলোকে ইডিৰ সৈতে সহযোগিতা কৰি আছে। আনহাতে পেটিএমে  এই বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। কেছফ্ৰী পেমেণ্টে কৈছে যে তেওঁলোকৰ অপাৰেচন আৰু অন-বোৰ্ডিং প্ৰক্ৰিয়াবোৰে পিএমএলএ আৰু কেৱাইচি নিৰ্দেশনা মতে কৰা হৈছে, আৰু আমি অব্যাহত ৰখা হব।কোম্পানী কেইটাৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত তদন্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কোম্পানীবোৰে  ফোনত এই এপবোৰ ডাউনলোড কৰাৰ সময়ত ঋণ লওঁতাৰ সকলো ব্যক্তিগত তথ্য আহৰণ কৰিছিল। অলপতে গ্ৰাহকৰ  সুৰক্ষাৰ কথা  চিন্তা কৰি গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা এতিয়ালৈকে প্ৰায় ২০০০ টা ব্যক্তিগত ঋণ এপ আঁতৰাই দিছে। গুগলে প্ৰকাশ কৰা মতে  ২০০০ এপেৰ ভিতৰত  ঋণ দিয়া এপৰ সংখ্যা আধাতকৈও বেছি। বছৰটোৰ আৰম্ভণিৰ পৰা  এনে এপ আঁতৰ কৰাৰ কথা গুগলে চিন্তা কৰি আছিল। ভুৱা এপবোৰৰ জৰিয়তে দুষ্ট চক্ৰই মানুহক ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগতে তেনে এপসমূহ বন্ধ কৰি দিয়া হৈছে বুলি গুগলে প্ৰকাশ কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ঋণ লওঁতাসকলক ব্লেকমেইল আৰু প্ৰতাৰণা কৰাৰ  অভিযোগ পোৱাৰ পিছতে অনিয়ন্ত্ৰিত ঋণ প্ৰদানৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ বাবে এক নিৰ্দেশনা দিছিল। ইয়াৰ পিছতে  গুগলে ভাৰতত ঋণ দিয়া এপবোৰৰ সৰহ সংখ্যকেই বন্ধ কৰাৰ বিষয়ত মনোনিৱেশ কৰে।গুগল এছিয়াৰ জ্যেষ্ঠ সঞ্চালক আৰু ন্যাস আৰু সুৰক্ষাৰ মুৰব্বী চৈকত মিত্ৰই কয় যে এনে এপবোৰে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিছে, সেয়েহে কোম্পানীটোৱে  সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছিল। মিত্ৰই লগতে প্ৰকাশ কৰে যে যেতিয়া এপবোৰ গুগল প্লে ষ্টোৰত আপলোড কৰা হয়, সেইবোৰ পুনৰীক্ষণ কৰা হয়, কিন্তু ঋণ এপৰ ক্ষেত্ৰত বহুতো অপৰাধমূলক কাৰ্যকলাপৰ  তথ্য পোৱা গৈছিল।  কিছুমান ব্যক্তিগত ঋণ এপৰ দ্বাৰা ঋণ গ্ৰহণ কৰি বহু লোক প্ৰতাৰিত হোৱা বুলিও তেওঁ কয়। মিত্ৰই লগতে কয়  যে ভাৰতত বৰ্তমান চৰকাৰৰ দ্বাৰা অনুমোদিত এপৰ অভাৱ আছে। ক্ষতিহীন যেন লগা ঋণ এপবোৰেও ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকা সৃষ্টি কৰিব পাৰে।

ব্ৰিটেইনক(Great Britain) অতিক্ৰম কৰি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হোৱাৰ দিশে ভাৰত(India) ব্ৰিটেইনক অতিক্ৰম কৰি ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত(Economy) পৰিণত হোৱাৰ দিশে বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাই।

আইএমএফৰ অনুমান অনুসৰি ভাৰতে ব্ৰিটেইনক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হব পাৰে। এতিয়া কেৱল আমেৰিকা যুক্তৰাজ্য, চীন, জাপান আৰু জাৰ্মানীৰ পিছত ভাৰত আছে। এক দশক আগতে, ভাৰত বৃহৎ অৰ্থনীতিৰ ভিতৰত ১১ তম স্থানত আছিল আৰু ব্ৰিট্ৰেইন পঞ্চম স্থানত আছিল। এপ্ৰিল-জুন তিনিমাহত অভিলেখ সম্প্ৰসাৰণৰ সৈতে ভাৰতীয় অৰ্থনীতিয়ে এতিয়া ব্ৰিটেইনক অতিক্ৰম কৰিছে, । ব্ৰিটেইন এতিয়া ষষ্ঠ স্থানলৈ পিছুৱাই গৈছে। ব্লুমবাৰ্গে আই.এম.এফৰ. ডাটাবেচ ব্যৱহাৰ কৰি গণনা কৰি ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছে। , তিনিমাহত ভাৰতীয় অৰ্থনীতিৰ জিডিপি আছিল ৮৫৪.৭ বিলিয়ন। ব্ৰিটেইনৰ আছিল ৮১৬ বিলিয়ন ডলাৰ। সেই ফালৰ পৰা ভাৰতে পঞ্চম স্থানত আৰোহণ কৰিব পাৰে বুলি কোৱা হৈছে।

ইপিনে ভাৰতৰ অথনৈতিক বিকাশ সন্দভত বহু প্ৰতিষ্ঠানে প্ৰতিবেদন প্ৰকাশ কৰিছে। ভাৰতৰ অৰ্থনীতিয়ে এতিয়া বিশ্বৰ বহু আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিব পৰা হৈছে। এই গতিত আগুৱাই গৈ থাকিলে ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ আয়ৰ দেশত পৰিণত হ’ব।প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে আজি এই সম্ভাৱনাৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে অহা ২৫ বছৰত গড় বাৰ্ষিক বৃদ্ধি ৭-৭.৫ শতাংশ হ’লে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ ২০ হাজাৰ বিলিয়ন ডলাৰ (২০ ট্ৰিলিয়ন ডলাৰ) পৰ্যন্ত হ’ব। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে ‘ড্ৰাফট কম্পিটিটিভনেছ ১০০ ফৰ ইণ্ডিয়া’ শীৰ্ষক অৰ্থনৈতিক খচৰা মুকলি কৰি কয় যে, যদিহে আগন্তুক ২৫ বছৰত দেশখন গড়ে ৭-৭.৫ শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰত আগবাঢ়ে তেন্তে দেশৰ জনমূৰি বাৰ্ষিক আয় ১০ হাজাৰ মাৰ্কিন ডলাৰৰ অধিক হ’ব । তেওঁ কয় যে, ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ মানৱ উন্নয়ন শ্ৰেণীৰ দেশসমূহত ভিতৰত অন্তৰ্ভুক্ত হ’ব ।তেওঁ লগতে কয় যে, বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি যাৰ মুঠ ঘৰুৱা উৎপাদন ২,৭০০ বিলিয়ন মাৰ্কিন ডলাৰ । বৰ্তমান দেশখন উন্নয়নশীল দেশৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে । ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নয়নশীল দেশ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।ইণ্ডিয়া ১০০ৰ বাবে প্ৰতিযোগিতামূলক ৰোডমেপ অধ্যাপক মাইকেল ই. পোৰ্টাৰৰ বিকশিত আৰ্হিৰ ওপৰত আধাৰিত।

শ্বাবানা আজমী, জাভেদ আখটাৰ, নাছিৰুদ্দিন শ্বাহ শ্লিপাৰ চেলৰ লোকঃ মন্ত্ৰী নৰোত্তম মিশ্ৰ

মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই(Narottam Mishra) কোৱা এষাৰ কথাই  বিতৰ্কৰ সৃষ্টি কৰিছে।  মন্ত্ৰী মিশ্ৰই কয় যে শ্বাবানা আজমী, জাভেদ আখটাৰ আৰু নাছিৰুদ্দিন শ্বাহ হৈছে টুকডে-টুকডে দলৰ শ্লিপাৰ চেল। বিলকিছ বানো ধৰ্ষণ গোচৰৰ ১১ জন দোষীৰ মুক্তিৰ খবৰৰ পোৱাৰ পিছতে  অভিনেত্ৰী  শ্বাবানা আজমী(Shabana Azmi) টিভিৰ এটা সাক্ষাৎকাৰৰ সময়ত ভাগি পৰিছিল। এই কথাৰ আলম লৈয়েই  মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই এই মন্তব্য কৰে। তেওঁ কয় ” কথাটো  হৈছে… শ্বাবানা আজমী, জাভেদ আখটাৰ আৰু নাছিৰুদ্দিন শ্বাহ হৈছে টুকডে টুকডে দলৰ শ্লিপাৰ চেল। তেওঁলোকে ৰাজস্থানত কানহাইয়া লালৰ শিৰচ্ছেদৰ প্ৰসংগত একো কোৱা নাছিল। ঝাৰখণ্ডত, আমাৰ ছোৱালীক জুই লগোৱা হৈছে। কিন্তু সেই বিষয়তো তেওঁলোকে কিবা কৈছিল নেকি? কেৱল যেতিয়া বিজেপি শাসিত ৰাজ্যসমূহত কিবা ঘটে, তেওঁলোকে বিবৃতি জাৰি কৰে,”। মন্ত্ৰীগৰাকীয়ে লগতে  যে যেতিয়া বিজেপি শাসিত ৰাজ্যসমূহত কিবা এটা ঘটে তেতিয়াই নাছিৰুদ্দিন শ্বাহে এই দেশত থাকিবলৈ ভয় কৰে। ইমানৰ পিছতো তেওঁলোকে কেনেকৈ ধৰ্মনিৰপেক্ষ বুলি দাবী কৰিব পাৰে বুলি মিশ্ৰই প্ৰশ্ন কৰে।  ১৫ আগষ্টত টিভিৰ এটা   সাক্ষাৎকাৰত বিলকিছ বানো  দলবদ্ধ ধৰ্ষণৰ দোষীৰ মুক্তিৰ বিষয়ে কোৱাৰ সময়ত অভিনেত্ৰী শ্বাবানা আজমী ভাগি পৰিছিল আৰু কৈছিল যে এনে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ  তেওঁৰ ওচৰত কোনো শব্দ নাই।  ইফালে, ১৫ আগষ্টত বিলকিছ ধৰ্ষণৰ দোষীৰ মুক্তি পোৱাত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল।   বিষয়টো  আনকি উচ্চতম ন্যায়ালয়ৰো মজিয়া পাইছিল।

১০০ বছৰতকৈ (100 Years) অধিক কাল জীয়াই থাকিব মানুহঃ পোহৰলৈ আহিছে বাবা ভাঙ্গাৰ(Baba Vanga) নতুন  ভৱিষ্যতবাণী :

এগৰাকী অন্ধ মহিলা। অন্ধ মহিলাগৰাকীয়ে কৰা ভৱিষ্যতবাণী সমূহে এতিয়া বিশ্বত খলকনি তুলিছে। কাৰণ মহিলাগৰাকীয়ে কৰা প্ৰায় প্ৰতিটো ভৱিষ্যতবাণীয়েই মিলিছে। তেওঁ কৰা আন এটা ভৱিষ্যতবাণী  পোহৰলৈ আহিছে। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ২০৪৬ চনৰ ভিতৰত মানুহে ১০০ বছৰৰো অধিক আয়ুস লাভ কৰিব।

১১১ বছৰ আগতে বুলগেৰিয়াত জন্ম গ্ৰহণ কৰা বাবা ভাঙ্গা নামৰ এগৰাকী মহিলাৰ বহুতো ভৱিষ্যতবাণী সঁচা হৈছে। বাবা ভাঙ্গাই ১২ বছৰ বয়সত ধুমুহাৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল, কিন্তু আজিও, বাবা ভাঙ্গা তেওঁৰ ভৱিষ্যতবাণীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত।  তেওঁৰ মৃত্যুৰ আগতে, বাবা ভাঙ্গাই ২০২২ আৰু তাৰ পিছৰ বছৰটোৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি,২০২২ চনত ভাৰতত ফৰিঙৰ  আক্ৰমণ হ’ব পাৰে। ইয়াৰ উপৰিও, দুৰ্ভিক্ষৰ দৰে সমস্যাও আহিব পাৰে। বাবা ভাঙ্গাই ভৱিষ্যতবাণী কৰিছিল যে পৃথিৱীয়ে ২০২৩ চনত ইয়াৰ কক্ষপথ সলনি কৰিব। ইয়াৰ উপৰিও, মহাকাশচাৰীসকলে ২০২৮ চনত শুক্ৰ গ্ৰহ ভ্ৰমণ কৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২০৪৬ চনত, মানুহে অংগ সংৰোপণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু মানুহে ইয়াৰ সহায়ত ১০০ বছৰতকৈ অধিক কাল জীয়াই থাকিব পাৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২১০০ চনত পৃথিৱীত কোনো নিশা নাথাকিব। পৃথিৱীখন কৃত্ৰিম সূৰ্যৰ পোহৰৰ দ্বাৰা আলোকিত হ’ব। বাবা ভাঙ্গাই পৃথিৱী ধ্বংসৰো  ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ মতে, পৃথিৱীখন ৫০৭৯  চনত ধ্বংস হ’ব। বাবাৰ দুটা ভৱিষ্যতবাণী ২০২২ বৰ্ষত সঁচা হৈছে। বাবা ভাঙ্গাই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশত বানপানীৰ ভৱিষ্যতবাণী কৰিছিল, যিবোৰ সঁচা হৈছে। অষ্ট্ৰেলিয়া, উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু থাইলেণ্ডত বানপানীৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ইয়াৰ উপৰিও, পাকিস্তানত বানপানীৰ প্ৰলয় অব্যাহত আছে। বাবা ভাঙ্গাই ইউৰোপত খৰাং সমস্যাৰ ভৱিষ্যতবাণী কৰিছিল। এই বছৰ ইউৰোপৰ পৰ্তুগালত চৰকাৰে ইয়াৰ নাগৰিকসকলক পানীৰ ব্যৱহাৰ সীমিত কৰিবলৈ কৈছে। ইয়াৰ উপৰিও, ইটালীতো পানীৰ অভাৱ দেখা গৈছিল। ইটালীয়ে বৰ্তমান ১৯৫০ ৰ দশকৰ পিছত এইবাৰেই আটাইতকৈ গুৰুতৰ খৰাং সমস্যাৰ সন্মুখীন হৈছে।

বিচিচিআই(BCCI)-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে নীৰজ চোপ্ৰাৰ(Neeraj Chopra) জেভলিন, ৯১ লাখ টকাত নিলাম হ’ল লাভলীনাৰ গ্ল’ভছ।

নিৰোজ চোপ্ৰাৰ জেভলিন বিচিচিআই-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে। চোপ্ৰাৰ  উপৰি বিচিচিআইয়ে ভাৰতীয় পেৰালিম্পিক দলৰ  অটোগ্ৰাফ দিয়া এখন  অংগৱস্ত্ৰও ১ কোটি টকাত ক্ৰয় কৰিছে। অৱশ্যে  বিচিচিআইয়ে ক্ৰয় কৰা চোপ্ৰাৰ জেভলিনেই সৰ্বাধিক নিবিদা মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ফেঞ্চাৰ ভৱানী দেৱীৰ তৰোৱাল ১.২৫ কোটি টকাত ক্ৰয় কৰে বিচিচিআই-এ। বিগত বৰ্ষত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগসাক্ষাতৰ সময়ত  অলিম্পিক পদক বিজয়ীসকলে  তেওঁলোকৰ খেলৰ সঁজুলিবোৰ স্মাৰক হিচাপে উপহাৰ দিছিল।

সেই সঁজুলিবোৰ পিছত নিলাম কৰা হৈছিল আৰু ইয়াৰ পৰা লাভ কৰা ধন  ‘নমামি গঙ্গা কাৰ্যসূচী’লৈ প্ৰেৰণ কৰা হৈছিল। মোদীক অৰ্পন কৰা স্মাৰকসমূহত নীৰজ চোপ্ৰাৰ জেভলিনো অন্তৰ্ভুক্ত আছিল। সেই জেভলিনেৰে তেওঁ  টকিঅ’ত অলিম্পিকৰ সোণৰ পদক জিকিছিল।  বিচিচিআইয়ে শেহতীয়াকৈ ১.৫ কোটি টকাত চোপ্ৰাৰ জেভলিন ক্ৰয় কৰে।  অসমৰ লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ  গ্ল’ভছ ৯১ লাখ টকাত ক্ৰয় কৰা হয়। উল্লেখ্য ই-নিলামৰ বাবে ক্ৰীড়া সংগ্ৰহযোগ্য ১৩৪৮ পদ সামগ্ৰী ৰখা হৈছিল। এনে সামগ্ৰীৰ বিপৰীতে মুঠ ৮৬০০ নিবিদা লাভ কৰা হৈছিল। শেহতীয়াকৈ, চোপ্ৰাই টকিঅ’ত অলিম্পিক স্বৰ্ণ জয় কৰিবলৈ ব্যৱহাৰ কৰা জেভলিনটো লাউচেন স্থিত অলিম্পিক সংগ্ৰহালয়লৈ দান কৰিছে।

আন্তৰ্জাতিক আৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতৰ ৪ টা সোণ, ৪ টা ৰূপ৬ টা ব্ৰঞ্জৰ পদক লাভ ।

ইটালীৰ আওষ্টা ভেলীত অনুষ্ঠিত আন্তৰ্জাতিক পৃআৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এটা দলে চাৰিটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। উক্ত অলিম্পিয়াডত ৩৮ খন দেশৰ দুশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।পদক বিজয়ী ভাৰতীয় শিক্ষাৰ্থীসকল হ’লকিশ্বং ভৰালী দাস (তামিলনাডু), ভনৱ নামবুদ্ৰী (কেৰালা), শোণিত চিচোলেকাৰ (মহাৰাষ্ট্ৰ), অভিজয় সিং খেহৰা (পঞ্জাৱ), আভিশী আগৰৱাল (ৰাজস্থান), জাগৃত গৌৰ (চণ্ডীগড়), সিদ্ধঙ্গানা চাহু (উৰিষ্যা), আৰু আৰুষ চৌধুৰী (ৰাজস্থান)। অলিম্পিয়াডত পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে যাৱতীয় পুঁজিৰ যোগান ধৰিছিল ।

দুটা পৰ্যায়ৰ কঠোৰ স্ক্ৰীণিংৰ পিছত আঠজনীয়া ভাৰতীয় দলটো বাছনি কৰা হৈছিল। এই বাচনি প্ৰক্ৰিয়াৰ প্ৰথমস্তৰত প্ৰায় ৩,০০০ শিক্ষাৰ্থীৰ এক সৰ্বভাৰতীয় লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। দ্বিতীয় বাছনি পৰীক্ষা জিএছআই বাংগালুৰুয়ে আয়োজন কৰিছিল আৰু নিৰ্বাচিত প্ৰতিযোগীসকলক দেশৰ প্ৰখ্যাত বিজ্ঞানীসকলৰ দ্বাৰা দুসপ্তাহৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছিল।

অলিম্পিয়াডৰ অমশগ্ৰহণতাৰীসকলৰ পৰামৰ্শদাতা আছিল ক্ৰমে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ হেমা অচ্যুথান আৰু বাংগালোৰৰ জিএছআইৰ কে এছ গোদাৱৰী। পৰ্যবেক্ষকসকল আছিল নতুন দিল্লীৰ ইগনুৰ আৰ ভাস্কৰ আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মিথিলা বাৰ্মা।

শোণিতপুৰ জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷শিঙৰীৰ ৩নম্বৰ চিতলমাৰীত শনিবাৰে চলিল এই অভিযান।

শোণিতপুৰ জিলাৰ ৭২ নং বিধানসভা সমষ্টিৰ শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান৷উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত প্ৰায় ৩০০ ভূমিহীন পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি বহুবছৰ পূৰ্বৰে পৰাই গাওঁ পাতি বসবাস কৰি আহিছিল৷কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তত আজি শোণিতপুৰ জিলা প্ৰশাসনে উক্ত অঞ্চলত চলালে বৃহৎ উচ্ছেদ অভিযান৷

JCB ৰ সহায়ত আৰক্ষী প্ৰশাসনে আজি পুৱা ছয়বজাৰ পৰাই আৰাম্ভ কৰিলে উচ্ছেদ৷কোনো ধৰণৰ বাধাবিঘিণি নোহোৱাকৈ অতি শান্তিপূৰ্ণ ভাৱেই চলিল আজিৰ উচ্ছেদ৷৩ নং চিতলমাৰীত উচ্ছেদৰ পিচতে আজি অঘৰী হৈ পৰিছে প্ৰায় ৩০০ পৰিয়াল৷

আপোন গৃহটো হেৰুৱাই এতিয়া লোকসকৰ চকুত মাত্ৰ চকুলো৷উচ্ছেদিত লোক সকলে সংস্থাপনৰ বাবে চৰকাৰক জনাইছে কাতৰ অনুৰোধ৷ এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা কৰে সেয়া সময়ত লক্ষণীয় হব৷

সংবাদদাতাঃ শ্ৰী প্ৰশান্ত বৈশ্য

মৃত্যু কিদৰে শিল্প? অংশ ল’বলৈ গৈছিল মাতৃৰ শেষকৃত্যত। কিন্তু প্ৰান হেৰুৱালে দুৰ্ভগীয়া জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) পতিত হৈ প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

এক শোকাৱহ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হৈছে মধ্যপ্ৰদেশৰ (Madhyapradesh) বেতুলত। মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে। মৃত কন্যাৰ নাম ছায়া কাৰাডে।

জানিব পৰা অনুসৰি ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰাডেৰ (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটিছিল। মাতৃৰ মৃত্যুৰ পিছত শেষকৃত্যত অংশ ল’বলৈ শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে বুলি ভূপালৰ পৰা ছিণ্ডৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল।

কিন্তু আদবাটতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত তেওঁলোকৰ বাহন সম্পূৰ্ণৰূপে চূৰমাৰ হৈ যায়। এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত ছায়া কাৰাডেৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে। আনহাতে তেওঁ সম্পৰ্কীয় ভাতৃয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে।

Health Tips:  কোষ্ঠকাঠিন্যই (Constipation) সমস্যাৰ সৃষ্টি কৰিছে নেকি? তেনেহ’লে এইখিনি উপায়েৰে পাব সকাহ আপুনি, জানি লওঁক কি উপায়সমুহ?

কোষ্ঠকাঠিন্যৰ (Constipation) Treatment:  তেলেতীয়া আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰৱণতা আমাৰ ভাৰতত অতিকৈ বেছি, এইধৰণৰ খাদ্য খাবলৈ সুস্বাদু যদিও ,ই কিন্তু স্বাস্থ্যৰ যথেষ্ট ক্ষতি কাৰে। সাধাৰণতে আমি যি ফাষ্ট আৰু জাং ফুড খাও তাৰ হজম হোৱাটো অতি কঠিন, যাৰ ফলত পেটত সমস্যাৰ সৃষ্টি হয়। প্ৰায়ে আপুনি দেখিছে যে যিসকল লোকে কিবা-কিবি বস্তু খাই থাকে সেইসকল লোকৰ কোষ্ঠকাঠিন্যৰ অভিযোগ থাকেই। অৱশ্যে, এই সমস্যাটো কেনেকৈ দূৰ কৰিব পাৰি। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে (Nikhil Vats) ইয়াৰ সঠিক উপায় কয়।

ঘিঁউ আৰু গাখীৰৰ সহায়ে লৈ কোষ্ঠকাঠিন্য (Constipation) দূৰ কৰিব পাৰে

যিজন লোকৰ কোষ্ঠকাঠিন্য হৈ যায় সেইজন লোকৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপো কঠিন হৈ পৰে। এনে পৰিস্থিতিত যদি আপুনি নিশা এগিলাচ গাখীৰত এচামুচ ঘিঁউ মিহলি কৰি খাই তেন্তে হজম সম্পূৰ্ণৰূপে আৰোগ্য হ’ব পাৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰিব পাৰে। গাখীৰক এক সম্পূৰ্ণ খাদ্য বুলি গণ্য কৰা হয় য’ত সকলো ধৰণৰ পুষ্টি পোৱা যায়। একে সময়তে ঘিঁউত প্ৰাকৃতিক চৰ্বি থাকে। গাখীৰ আৰু ঘিঁৰ সংমিশ্ৰণ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

ঘিঁউ আৰু গাখীৰ খোৱাৰ (Milk And Ghee)আন কিছুমান লাভা জানো আহক-

১. হাড় শক্তিশালী কৰে
আপুনি প্ৰায়ে দেখিছে যে কিছুমান লোকৰ হাড়ৰ বিষৰ সমস্যা থাকে এনে পৰিস্থিতিত তেওঁলোকে নিশা গাখীৰ আৰু ঘিঁ মিহলাই খাব পাৰে, ই গাঁঠিত লুব্ৰিকেচন হিচাপে কাম কৰে, যি প্ৰদাহ আঁতৰ কৰিব পাৰে।

২. আৰামদায়ক টোপনি
গাখীৰ আৰু ঘিঁ মিহলি কৰি ৰাতি খোৱাৰ পৰামৰ্শ এইকাৰণে দিয়া হয় কাৰণ ইয়াৰ দ্বাৰা সেইসকল লোক যথেষ্ট উপকৃত হ’ব যিসকল লোকৰ টোপনিৰ অভাৱ থাকে। এইবিধ পানীয় খালে আপোনাৰ ৭ৰ পৰা ৮ ঘণ্টা আৰামদায়ক টোপনি আহিব।

৩. ষ্টেমিনা বৃদ্ধি কৰে
যদি আপোনাৰ শাৰীৰিক কাৰ্যকলাপ অধিক আছে তেনেহ’লে আপোনাক অধিক শক্তি আৰু মনোবলৰ প্ৰয়োজন হ’ব, সেয়েহে যদি আপুনি নিয়মীয়াকৈ গাখীৰ আৰু ঘিঁ মিহলি কৰি খাই, তেন্তে কেইসপ্তাহমানৰ ভিতৰত আপুনি লাভালাভবোৰ দেখা পাব।