অসম গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ ঘোষণা অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ চাৰিমাহ ধৰি চলিব অসম গ্রন্থমেলা । The Assam Book Fair
The Assam Book Fair । অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে আয়োজন কৰি অহা ‘অসম গ্রন্থমেলা’ এই বছৰ ৰাজ্যখনৰ মুঠ আঠটা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটীৰ মূল গ্রন্থমেলাৰ উপৰি অসমৰ আন ৭খন চহৰত আঞ্চলিক গ্রন্থমেলাৰূপে ‘অসম গ্রন্থমেলা’ এইবেলি আয়োজন কৰা হ’ব। আজি অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমে অসম প্রকাশন পরিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়।
সংবাদ মেলত সাংবাদিকসকলক সম্বোধন কৰে পৰিষদৰ সচিব প্রমোদ কলিতা, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাব বিষয়ববীয়াসকলে। এই সংবাদমেলত বছৰটোৰ বাবে দুয়োটা অনুষ্ঠানে যৌথভাবে বিভিন্ন চহৰত আয়োজন কৰিবলৈ লোৱা গ্রন্থমেলাসমূহৰ স্থান আৰু তাৰিখ পৰিষদৰ সচিবে ঘোষণা কৰে। ঘোষণা কৰা মতে দুয়োটা অনুষ্ঠানে আয়োজন কৰিব বিচৰা গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ এনেধৰণৰ- বঙাইগাঁও (২২ অক্টোবৰ-২০২৫ৰ পৰা ২৯ অক্টোবৰলৈ), লক্ষীমপুৰ (১ নৱেম্বৰ-২০২৫ৰ পৰা ১০ নৱেম্বৰলৈ), নলবাৰী (৬ নৱেম্বৰ-২০২৫ৰ পৰা ১৭ নৱেম্বৰলৈ), যোৰহাট (১৪ নৱেম্বৰ-২০২৫ৰ পৰা ২৬ নৱেম্বৰলৈ), তিনিচুকীয়া (২৮ নৱেম্বৰ-২০২৫ৰ পৰা ৭ ডিচেম্বৰলৈ), শিলচৰ (১ ডিচেম্বৰ-২০২৫ৰ পৰা ১০ ডিচেম্বৰলৈ), মঙলদৈ (১২ ডিচেম্বৰ-২০২৫ৰ পৰা ১৮ ডিচেম্বৰলৈ)।
এইবেলি গুৱাহাটীত হ’বলগীয়া অসম গ্রন্থমেলা পূৰ্বৰ ১২ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ’ব। যোৱা বছৰৰ দৰেই গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিচৰা অসম গ্রন্থমেলা এই বছৰ ২৪ ডিচেম্বৰ-২০২৫ৰ পৰা ৬ জানুৱাৰী-২০২৬ তাৰিখলৈকে অনুষ্ঠিত হ’ব।
এই সংবাদমেলত অসম চৰকাৰে ‘গ্ৰন্থবর্ষ’ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ কিনাৰ বাবে প্রদান কৰিব বিচৰা ধনখিনি যাতে গ্রন্থমেলাসমূহত গ্রন্থ ক্রয়ৰ যোগেদি সদ্ব্যবহাৰ হয় তাৰ প্রতি উদ্যোক্তাসকল সচেষ্ট হ’ব বুলি উল্লেখ কৰে।
স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ প্ৰেছ বিবৃতি – ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা । 15 th august 2025
15 th august 2025 । স্বাধীনতা দিৱসৰ পূৰ্বে নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধৰ আহ্বান জনালে। এন এছ চি এন/জি পি আৰ এনৰ সৈতে যৌথভাৱে প্ৰকাশিত এই বিবৃতিত সংগঠনটোৱে স্বাধীনতা দিৱসক “ভুৱা স্বাধীনতা” বুলি আখ্যা দি ক’লা দিৱস হিচাপে পালন কৰাৰ আহ্বান জনায়।
বিবৃতিত সংগঠনটোৱে অভিযোগ তোলে যে, পশ্চিমা দক্ষিণ পূৱ এছিয়া (WeSEA) অঞ্চলৰ থলগিৰি জনগণক ভাৰতীয় ৰাষ্ট্ৰে স্বাধীনতাৰ ৭৯ বছৰৰ ভিতৰেও কেৱল প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা আৰু দমন-উৎপীড়নেই দিয়ে আহিছে। সংগঠনটোৱে এই দিনটোক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ দৰে এক অটুট দাসত্বৰ স্মৃতি বুলি উল্লেখ কৰে।
আলফা (স্বা)ৰ মতে, ভাৰতীয় দখলদাৰী শক্তিয়ে এই অঞ্চলত অনীতিৰে সামৰিক শক্তি প্ৰয়োগ কৰি যুদ্ধ অব্যাহত ৰাখিছে, যাৰ ফলত অসংখ্য যন্ত্রণা আৰু দুখ-কষ্টৰ সৃষ্টি হৈছে। সংগঠনটোৱে বিশ্ববাসীক সঁচা ইতিহাস বুজি স্বাধীনতাৰ মৰ্ম্মৰ নৈতিক সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনায়।
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, ঔপনিৱেশিকতাবাদৰ পৰা মুক্তিৰ বাবে বহুতে জীৱন বিসৰ্গিৎ কৰিছে, সেইহেতু সার্বভৌম স্বাধীনতা ভাৰতৰ হাতত তুলি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। সংগঠনটোৱে প্ৰতিগৰাকী মুক্তিকামী জনগণক অঙ্গীকাৰ ল’বলৈ আহ্বান জনাইছে যে, ওপজা মাটিৰ শেষ মুক্তিকামী ব্যক্তিজন জীয়াই থকা পৰ্যন্ত স্বাধীনতাৰ সন্ধান এৰি নিদিব।
১৫ আগষ্টৰ বন্ধৰ সময়সূচীও সংগঠনটোৱে ঘোষণা কৰিছে। ১৫ আগষ্টৰ নিশা ১২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ চলিব এই সৰ্বাত্মক বন্ধ। যদিও স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যসূচী বন্ধৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।
নন-ভেজ প্ৰেমীসকল (Non Veg) সাৱধান হওক! যদি আপুনি সপ্তাহত ৩ দিন মাংস খায়, তেন্তে আপুনি কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা তথ্য লাভ কৰিছে যে সপ্তাহত তিনিদিনতকৈ অধিক ৰঙা মাংস বা প্ৰচেছড মাংস খোৱা লোকৰ বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অত্যধিক নন-ভেজ খালে আয়ুস হ্ৰাস পাব পাৰে। কিন্তু ৰঙা মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
বৰ্তমান সময়ত নন-ভেজ নোখোৱা মানুহ খুব কম। নন-ভেজ যিমানে সোৱাদযুক্ত নহওক কিয়, কিন্তু ই আমাৰ শৰীৰৰ বাবে বহু বেছি ক্ষতি কাৰক। যদি আপুনিও সপ্তাহত তিনিদিন নন-ভেজ খায়, তেন্তে আপুনিও বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই কথা আমি কোৱা নাই, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নতহে এই তথ্য পোৱা গৈছে।
বিএমচি মেডিচিন জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত কোৱা হৈছে যে যদি আপুনি প্ৰতি সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা মাংস যেনে ছাগলী, গৰুৰ মাংস, বেকনৰ দৰে প্ৰচেছড মাংস অধিক পৰিমাণে খালে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
এই অধ্যয়নত দেখা গ’ল যে সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা বা প্ৰচেছড মাংস খোৱা লোকৰ হৃদৰোগ, ডায়েবেটিছ, হজম শক্তি সম্পৰ্কীয় সমস্যা, নিউমোনিয়া হ’ব পাৰে। লগতে ইহঁতৰ আয়ুস কমিব পাৰে।
অৱশ্যে কুকুৰাৰ মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা কম হ’ব বুলি তথ্য প্ৰকাশ। এই অধ্যয়নত এইটোও কোৱা হৈছে যে মানুহৰ ওজনেও এই ৰোগৰ আশংকা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।