মঙলবাৰে পুৱা বীণা ভট্টাচাৰ্যৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াৰ নিজ বাসগৃহলৈ অনা হয়। তাতেই বহু গণ্যমান্য ব্যক্তি, দল-সংগঠন, সামাজিক সংগঠন আৰু সাধাৰণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
মীন ৰাশিৰ পুৰুষৰ কাৰোবাৰ অনুভৱ বুজিব পৰা ক্ষমতা থাকে আৰু অতি সংবেদনশীল। পত্নী হিচাপে তেওঁলোকৰ জীৱনলৈ অহা নাৰীগৰাকী খুব ধুনীয়া কিন্তু ইয়াৰ লগতে তেওঁৰ সংগীৰ হৃদয়ৰ গভীৰতালৈ গৈ মনটো বুজি পোৱাৰ ক্ষমতা আছে।
Hair in food: খোৱাৰ সময়ত খাদ্যত চুলি পোৱাটো অশুভৰ সংকেত নেকি, ইয়াৰ পৰা হাত সাৰিবলৈ লগে লগে কৰক এই কাম !
জ্যোতিষ, বাস্তু শাস্ত্ৰ আদিত শুভ আৰু বেয়া লক্ষণৰ কথা উল্লেখ আছে।(Hair in food)জ্যোতিষ, বাস্তু শাস্ত্ৰই ভৱিষ্যতৰ সৈতে জড়িত ঘটনাৰ ইংগিত দিয়ে। খাদ্যত চুলি পোৱাটোও এনে এটা পৰিঘটনা। হিন্দু ধৰ্মত ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি খাদ্য পৰিবেশন কৰা আৰু খোৱালৈকে সকলো বিষয়তে কিছুমান নিয়ম আছে। ইয়াৰ লগতে খাদ্যৰ লগত জড়িত পৰিঘটনাবোৰকো গুৰুত্বপূৰ্ণ লক্ষণ হিচাপে গণ্য কৰা হয়। যেনে – খোৱাৰ সময়ত খাদ্য সৰি পৰা, খাদ্যত চুলি পোৱাটো স্বাভাৱিক পৰিঘটনা নহয়। আনকি ইছলাম ধৰ্মতো খাদ্যত চুলি পোৱাটো ভাল ঘটনা বুলি গণ্য কৰা নহয়।
খাদ্যত চুলি পোৱাটো শুভ নে অশুভ-
যদি ঘৰত খাদ্য আৰু পাকঘৰ সম্পৰ্কীয় সকলো নিয়ম মানি চলে তেন্তে মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা সন্তুষ্ট হৈ থাকে। ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়ে। আনহাতে এই নিয়মবোৰক আওকাণ কৰিলে মা লক্ষ্মীৰ খং উঠে। খাদ্য ৰন্ধা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ খাদ্যত ওলোৱা চুলি ভাল বুলি গণ্য কৰা নহয়।
সঘনাই খাদ্যত চুলি পোৱা-
যদি খাদ্যত বাৰে বাৰে চুলি ওলায়, তেন্তে সেয়া ভাল লক্ষণ নহয়। ইয়াৰ এটা কাৰণ পিত্ত দোষো হ’ব পাৰে। শাস্ত্ৰ মতে খাদ্য খোৱাৰ সময়ত যদি প্লেটত চুলি দেখা যায়, তেন্তে ইয়াক পিত্ত দোষৰ লক্ষণ বুলি গণ্য কৰা হয়। যদি এনেকুৱা হয় তেন্তে সেই খাদ্যখিনি আঁতৰাই পেলাওক। এনে অশুদ্ধ খাদ্য কেতিয়াও নাখাব। জীৱনলৈ নেতিবাচকতা আহে।
যদি মুখত চুলি ওলায়, তেন্তে সেয়া ৰাহুৰ অশুভ ফলাফলৰ লক্ষণ। যদি এনে ঘটনা বাৰে বাৰে সংঘটিত হয়, তেন্তে ইয়াৰ দ্বাৰা কয় যে অদূৰ ভৱিষ্যতে আৰ্থিক সমস্যা হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কিছু বেয়া খবৰ পাব পাৰে। এনে পৰিস্থিতিত পিত্ত দোষ আঁতৰোৱাৰ বা বেয়া ৰাহু শুধৰণিৰ ব্যৱস্থা তৎক্ষণাত গ্ৰহণ কৰিব লাগে।
Israel-Iran Attacks । মধ্যপ্ৰাচ্যত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা তীব্ৰ সামৰিক সংঘাতৰ মাজতেই আজি পুৱা এক বিস্ফোৰক মন্তব্য আগবঢ়ায় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিজৰ সামাজিক মাধ্যম হেণ্ডেলযোগে ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণ আৰু ইজৰাইল যুদ্ধবিৰতিত সন্মত হৈছে। কিন্তু ট্ৰাম্পৰ এই ঘোষণাক অসাৰ বুলি ঘোষণা কৰে ইৰাণে।
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে স্পষ্টভাৱে জাননী দিয়ে যে যুদ্ধবিৰতিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক চুক্তি নহয়। তেওঁ উল্লেখ কৰে, “যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ নকৰে, তেহৰানে আক্ৰমণ বন্ধ নকৰে। আপাতত কোনো যুদ্ধবিৰতিৰ সিদ্ধান্ত নহয়।”
উল্লেখযোগ্য যে, এই সংঘাতৰ আৰম্ভণিতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কাটাৰসহ মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত অৱস্থিত মাৰ্কিন সামৰিক ঘাটিত প্ৰত্যাঘাত চলায়।
এই পৰিস্থিতিৰ পিছতেই ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে, যদিও ইৰাণে স্পষ্টকৈ বুজাই দিয়ে যে যুদ্ধবিৰতিত সন্মতি দিয়া হোৱা নাই আৰু চূড়ান্ত সিদ্ধান্ত পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি লোৱা হ’ব।
ইজৰাইলৰ চৰকাৰ এই দাবী সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই।
মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেতিয়াবা নৰম কেতিয়াবা গৰম হৈ থকা সময়ত, ইৰাণৰ এই দৃঢ়ভাৱে আগবঢ়োৱা প্ৰতিক্ৰিয়াই যুদ্ধৰ পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে।
চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭.৫ কোটি টকাৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন — সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ উপস্থিতি । RIDF (Rural Infrastructure Development Fund)
২৩ জুন, ২০২৫:অসম চৰকাৰৰ RIDF (Rural Infrastructure Development Fund) আঁচনিৰ অধীনত ৭.৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ল চিচিবৰগাঁৱৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
আজিৰ এই বিশেষ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে। বিদ্যালয়খনৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানত পাঁচ সহস্ৰাধিক স্থানীয় ৰাইজৰ উপস্থিতিত এক উল্লাসপূৰ্ণ পৰিৱেশৰ মাজত আধাৰশিলা স্থাপন কৰে বিধায়ক ভূৱন পেগুৱে, আৰু নাৰিকল ভাঙি শুভ সূচনা কৰে সাংসদ প্ৰদান বৰুৱাই।
এই অনুষ্ঠানত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, স্থানীয় গণ্যমান্য ব্যক্তি, অভিভাৱক, শিক্ষক-শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলে অংশগ্রহণ কৰে।
অনুষ্ঠানত বক্তাসকলে বিদ্যালয় ভৱন নিৰ্মাণৰ এই পদক্ষেপে চিচিবৰগাঁও অঞ্চলত শিক্ষাৰ মানোন্নয়ন আৰু পৰিকাঠামোগত উন্নয়নত এক মাইলৰ খুটি ৰূপে কাম কৰিব বুলি অভিমত প্ৰকাশ কৰে। সাংসদ আৰু বিধায়ক গৰাকীয়ে বিদ্যালয়খনৰ ইতিহাস, ছাত্ৰসকলৰ অধ্যয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰি কয় — “এই নতুন ভবনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব।”
উল্লেখযোগ্য যে এই আঁচনিখনৰ সফল ৰূপায়ণৰ পিছত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে আধুনিক পৰিৱেশত পঢ়াৰ সুবিধা লাভ কৰিব।
এই আধাৰশিলা স্থাপনৰ লগে লগে চিচিবৰগাঁওত শিক্ষা-অৱকাঠামো উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হ’ল।