Home Blog Page 22

Mamata Banerjee: মমতা বেনাৰ্জীৰ সমষ্টি ভৱনীপুৰতে কটা গ’ল ৪৭ হাজাৰৰো অধিক নাম

মমতা বেনাৰ্জীৰ সমষ্টি ভৱনীপুৰতে কটা গ’ল ৪৭ হাজাৰৰো অধিক নাম
মমতা বেনাৰ্জীৰ সমষ্টি ভৱনীপুৰতে কটা গ’ল ৪৭ হাজাৰৰো অধিক নাম

পশ্চিমবংগত শনিবাৰে (Mamata Banerjee) বিয়লি ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে৷ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন বা এছ আই আৰ প্ৰক্ৰিয়াৰ অন্তত এই তালিকা প্ৰকাশ কৰা হৈছে৷ এই নতুন তালিকাত বিশেষকৈ দক্ষিণ কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিজৰ সমষ্টি ভৱনীপুৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে৷ চৰকাৰী তথ্য অনুসৰি এই এটা সমষ্টিৰ পৰাই ৪৭,ৰৰৰজন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷ এইসকল লোকক মৃত, স্থায়ীভাৱে স্থানান্তৰিত, অনুপস্থিত বা ভুৱা বুলি চিনাক্ত কৰি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে৷ ইয়াৰ উপৰি ভৱনীপুৰৰে প্ৰায় ১৪,১৫৪জন ভোটাৰৰ নাম বৰ্তমান ‘আণ্ডাৰ এড্‌জুডিকেচন’ বা বিচাৰাধীন হিচাপে ৰখা হৈছে, যিসকলে এতিয়াও ন্যায়িক বিষয়াৰ ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে৷ এই বিশেষ সংশোধন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়তে ভৱনীপুৰ সমষ্টিত ৪৪,৭৮৭জন অনুপস্থিত, স্থানান্তৰিত, মৃত বা ডুপ্লিকেট ভোটাৰ থকাৰ কথা ধৰা পৰিছিল৷ নিজৰ সমষ্টিত ইমান বৃহৎসংখ্যক ভোটাৰৰ নাম কৰ্তন হোৱা বিষয়টোৱে তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি মমতা বেনাৰ্জীয়ে ইতিমধ্যে দলৰ নেতা আৰু বুথ লেভেল এজেণ্টসকলৰ সৈতে কেইবাখনো জৰুৰী বৈঠকত মিলিত হৈছে৷ ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এই তালিকাই দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক তৰ্ক আৰু আইনী যুদ্ধৰ অৱসান ঘটাইছে৷ বৰ্তমান ৰাজ্যৰ সকলো বি ডি অ’, এছ ডি অ’ আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এই তালিকা উপলব্ধ কৰা হৈছে যাতে ভোটাৰসকলে নিৰীক্ষণ কৰিব পাৰে৷ পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে,

শুনানিৰ পূৰ্বেই খচৰা তালিকাৰ পৰা মুঠ ৬৫ লাখ ভোটাৰক আঁতৰোৱা হৈছিল৷ ইয়াৰ ভিতৰত ৫৮ লাখ ভোটাৰ আছিল অনুপস্থিত বা মৃত শ্ৰেণীৰ৷ আনহাতে, প্ৰায় ৬০ লাখ ভোটাৰক লৈ অনি(য়তা থকাৰ বাবে তেওঁলোকক ন্যায়িক পৰ্যালোচনাৰ অধীনত ৰখা হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এতিয়া ন্যায়িক বিষয়াসকলেহে এইসকল লোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ মৰ্যাদা নিৰ্ণয় কৰিব৷ উল্লেখ্য যে ১৬ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা তালিকাত জ্জ.০৮ কোটি ভোটাৰ আছিল৷ এতিয়া চূড়ান্ত তালিকাত ভোটাৰসকলক ডিলিট কৰা, বিচাৰাধীন আৰু অনুমোদিত হিচাপে স্পষ্টকৈ ভাগ কৰা হৈছে৷ এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যিক বিজেপিয়ে শাসকীয় দলক তীব্ৰ আক্ৰমণ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে দাবী কৰিছে যে যি ৬৫ লাখ নাম কৰ্তন কৰা হৈছে, তাৰ ভিতৰত ২৪ লাখ লোকেই মৃত৷ তেওঁ অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছে ইমান দিনে এই মৃত ভোটাৰৰ নামত ভুৱা ভোট দি নিৰ্বাচনত জয়লাভ কৰি আহিছিল৷ এইবাৰ নিৰ্বাচনত জালিয়াতি কৰাটো শাসকীয় দলৰ বাবে কঠিন হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ অকল ভৱানীপুৰেই নহয়, কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণৰ দৰে গুৰুত্বপূৰ্ণ জিলাৰ পৰাও প্ৰায় ছয় লাখৰো অধিক নাম কৰ্তন কৰা হৈছে৷ কলকাতা উত্তৰৰ পৰা চাৰি লাখ আৰু কলকাতা দক্ষিণৰ পৰা ২.১৫ লাখ নাম আঁতৰোৱা হৈছে৷ প্ৰকাশিত তথ্য অনুসৰি কলকাতাৰ চৌৰিঘী সমষ্টিত সৰ্বাধিক ৭৪,৫০৫ টা আৰু যোৰাছংকোত ৬৭,৫৭৮ টা সংগ্ৰহ কৰিব নোৱৰা গণনা প্ৰ-পত্ৰ বা ই এফ পোৱা গৈছে৷ চৌৰিঘী, যোৰাছংকো, কলকাতা বন্দৰ আৰু বালীগঞ্জৰ দৰে সমষ্টিসমূহত ইমান বৃহৎসংখ্যক বিসংগতিয়ে আয়োগক চিন্তিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে এই প্ৰায়বোৰ সমষ্টিতে ২০২১ চনত মমতা বেনাৰ্জীৰ দলে জয়লাভ কৰিছিল৷ মৃত ব্যক্তি বা একেজন ব্যক্তিৰে একাধিক নাম থকাৰ দৰে কাৰকসমূহৰ বাবেই এই বৃহৎ পৰিমাণৰ নাম কৰ্তন কৰা হৈছে৷ এই সংশোধনীয়ে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনী সমীকৰণত এক ডাঙৰ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে৷

মধ্য প্ৰাচ্যত বাজিছে যুদ্ধৰ দামামাঃ আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ ইৰাণক

মধ্য প্ৰাচ্যত বাজিছে যুদ্ধৰ দামামাঃ আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ ইৰাণক
মধ্য প্ৰাচ্যত বাজিছে যুদ্ধৰ দামামাঃ আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ ইৰাণক

মধ্য প্ৰাচ্যত বাজি উঠিল যুদ্ধৰ দামামা৷ আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ চলালে ইৰাণৰ ওপৰত৷ ৰাজধানী চহৰ তেহৰাণত বিস্ফোৰণৰ খবৰ পোৱা গৈছে ৷ ইৰাণ আৰু আমেৰিকাৰ মাজত কেইবা সপ্তাহ ধৰি উত্তেজনা অব্যাহত থকাৰ পিছত শনিবাৰে এই আক্ৰমণৰ সূত্ৰপাত ঘটে৷ আমেৰিকাৰ এজন বিষয়াই কৈছে যে ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰই সহযোগ কৰিছে৷ সংবাদ মাধ্যমৰ মতে শীৰ্ষ নেতা আয়াতুল্লাহ আলী খমেইনীৰ কাৰ্যালয়ৰ সমীপতে এই আক্ৰমণ হোৱাৰ লগে লগে চহৰখনৰ বিভিন্ন স্থান ধোঁৱাই আৱৰি ধৰিছে৷ লক্ষণীয়ভাৱে আক্ৰমণৰ সময়ত নেতাগৰাকী নিজৰ কাৰ্যালয়তে আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই৷ জানিব পৰা মতে আমেৰিকাৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পিছত তেওঁক বহুদিন ধৰি ৰাজহুৱা অনুষ্ঠানত দেখা পোৱা নাই৷ কিন্তু ইৰাণক পাৰমাণৱিক কাৰ্যসূচীক লৈ চুক্তিবদ্ধ হ’বলৈ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা অব্যাহত ৰখা আমেৰিকাই এই অঞ্চলত যুদ্ধ বিমান আৰু যুদ্ধ জাহাজৰ এক বিশাল বহৰ সক্ৰিয় কৰি ৰখাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে৷

ইৰাণৰ ৰাজধানীত একাধিক বিস্ফোৰণৰ খবৰ পোৱা গৈছে৷ অৱশ্যে আক্ৰমণৰ ফলত নিহত বা আহত লোকৰ তথ্য এতিয়ালৈ দুয়োপক্ষই ৰাজহুৱা কৰা নাই৷ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এই আক্ৰমণক ভাবুকি আঁতৰোৱাৰ প্ৰয়াস বুলি কৈছে৷ কিন্তু তেওঁ বিতং তথ্য প্ৰকাশ কৰা নাই৷ তেহৰাণত একাংশ নাগৰিকে বিস্ফোৰণৰ শব্দ শুনাৰ কথা স্বীকাৰ কৰিছে৷ পিছত ইৰাণৰ চৰকাৰী টেলিভিছনেও এই বিস্ফোৰণ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে৷ ইফালে ইজৰাইলৰ আক্ৰমণৰ লগে লগে ইৰাণে নিজৰ বায়ু পথ বন্ধ কৰি দিছে৷ তেহৰাণত বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে পাইলটসকলকো সতৰ্ক কৰি দিয়া হৈছে ৷ একেদৰে ইৰাণে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব বুলি আশংকা কৰি সমগ্ৰ ইজৰাইলত যুদ্ধৰ ছাইৰেণ বাজি উঠিছে৷ ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্ক কৰি দিছে৷ ইজৰাইল সেনাই সকলো নাগৰিককে সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ পৰামৰ্শ দিছে ৷ এক্সৰ এটা পোষ্টত ইজৰাইল সেনাই কয়, ‘যোৱা কেইমিনিটমানৰ ভিতৰত সমগ্ৰ ইজৰাইলতে ছাইৰেণ বজোৱা হৈছে, সুৰক্ষিত স্থানত থাকিবলৈ আগতীয়া নিৰ্দেশনাৰ জৰিয়তে সতৰ্ক কৰি দিয়া হৈছে ৷ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সম্ভাৱনাৰ বাবে জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে৷’ ইজৰাইলে সম্ভাব্য যুদ্ধৰ আশংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷

অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে শৈক্ষিক প্ৰতিষ্ঠান, জনসমাৱেশ, কাৰ্যালয় আদি বন্ধৰ ঘোষণা কৰিছে ৷ এক নিৰ্দেশনাত কোৱা হৈছে, ‘পৰিস্থিতি মূল্যায়নৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে আজি [শনিবাৰ] জ্জ্ব বজাৰ পৰা হোম ফ্ৰণ্ট কমাণ্ড গাইড লাইনত তাৎক্ষণিক পৰিৱৰ্তন কৰা হৈছে৷ এই পৰিৱৰ্তনৰ অংশ হিচাপে দেশৰ সকলো অঞ্চলতে কেৱল অত্যাৱশ্যকীয় সেৱা ৱৰ্তী থকাৰ সিদ্ধান্ত লোৱা হৈছে৷’ নিৰ্দেশনাসমূহৰ ভিতৰত আছে– অত্যাৱশ্যকীয় খণ্ডৰ বাহিৰে শৈক্ষিক প্ৰতিষ্ঠান, সমাৱেশ আৰু চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব৷ জনসাধাৰণে চৰকাৰী হোম ফ্ৰণ্ট কমাণ্ড চেনেলত প্ৰকাশিত নিৰ্দেশনা মানি চলিব লাগিব৷ ৰাষ্ট্ৰীয় জৰুৰীকালীন পৰ্টেল আৰু হোম ফ্ৰণ্ট কমাণ্ড এপত সম্পূৰ্ণ গাইডলাইন আপডেট কৰা হ’ব বুলিও কোৱা হৈছে ৷ ইপিনে ইৰাণৰ এখন বালিকা বিদ্যালয়ত আমেৰিকা-ইজৰাইলে বোমাবৰ্ষণ কৰাত ৪০গৰাকীৰো অধিক ছাত্ৰী নিহত হৈছে৷ ইপিনে তেল আভিভত থকা ভাৰতীয় দূতাবাসে ইজৰাইলত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থাকিবলৈ কোৱাৰ লগতে ইজৰাইল কতৃৰ্পক্ষই জাৰি কৰা সতৰ্কতামূলক নিৰ্দেশনাৱলী মানি চলিবলৈ আহ্বান জনাইছে৷ ভাৰতীয় দূতাবাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা কোৱা হৈছে৷

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক অখিল গগৈৰ…

আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক অখিল গগৈৰ
আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক অখিল গগৈৰ

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক অখিল গগৈৰ।

আমেৰিকা আৰু ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত নিহত ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনি।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা।

খামেইনী, কন্যা, নাতিসহ পৰিয়ালৰ ৪ জনৰ মৃত্যুৰ দাবী।

সংবাদমেলযোগে এই দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে,”ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুত শোকপ্ৰকাশ কৰিছোঁ। সাৰ্বভৌম দেশৰ এগৰাকী সৰ্বোচ্চ মুৰব্বীক এইদৰে হত্যা কৰাটো নিন্দনীয়।”








PV Sindhu Stranded In Dubai: ডুবাইৰ বিমান বন্দৰত ইৰানৰ মিছাইল নিক্ষেপঃ ডুবাইত আবদ্ধ পি ভি সিন্ধু

ডুবাইত আবদ্ধ পি ভি সিন্ধু
ডুবাইত আবদ্ধ পি ভি সিন্ধু

মধ্য প্রাচ্যত যুদ্ধ, বন্ধ আকাশ মার্গ।(PV Sindhu Stranded In Dubai)

ডুবাইৰ বিমান বন্দৰত ইৰানৰ মিছাইল নিক্ষেপ।

ডুবাইত আবদ্ধ দেশৰ বেডমিন্টন তাৰকা পি ভি সিন্ধু।

আশ্ৰয় লৈ থকা স্থানৰ সমীপতে বিস্ফোৰণ।

ডুবাইৰ বিমান বন্দৰতে আবদ্ধ অলিম্পিকৰ পদক বিজয়ী পি ভি সিন্ধু।

বিমানসেৱা বাতিলৰ ফলত ডুবাই বিমানবন্দৰতে আবদ্ধ।

বার্মিংহামলৈ যোৱাৰ পথত আবদ্ধ ভাৰতীয় শ্বাটলাৰ।

অল ইংলেণ্ড বেডমিন্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গৈছিল সিন্ধু।

ইজৰাইলৰ টেল আভিভতো মিছাইল আক্ৰমণ ইৰাণৰ।

আমেৰিকা ২৭টাকৈ ঘাটিত ড্ৰোণ, ৰকেট আক্রমণ।

Ayatollah Khamenei: ইৰাণৰ সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছতে মুজতাবা খামেইনীৰ হাতত ইৰাণৰ শাসনভাৰ

আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছতে মুজতাবা খামেইনীৰ হাতত ইৰাণৰ শাসনভাৰ
আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছতে মুজতাবা খামেইনীৰ হাতত ইৰাণৰ শাসনভাৰ

ইৰাণৰ সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু হয়।(Ayatollah Khamenei)

আমেৰিকা আৰু ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত নিহত ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনি।

সৰ্ববৃহৎ ক্ষতিৰ সন্মুখীন ইৰান।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা।

খামেইনী, কন্যা, নাতিসহ পৰিয়ালৰ ৪ জনৰ মৃত্যুৰ দাবী।

সংবাদমেলযোগে এই দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ।

আলী খামেইনিৰ মৃত্যুৰ পিছত ইৰানৰ নতুন সৰ্বোচ্চ নেতা ঘোষণা।

মুজতাবা খামেইনী হ’ব ইৰানৰ সৰ্বোচ্চ নেতা।

আয়াতুল্লা খামেইনীৰ মৃত্যুৰ পাছতে ঘোষণা IRGCৰ ।

আয়াতুল্লা খামেইনীৰ দ্বিতীয় পুত্ৰ মুজতাবা খামেইনী।

এতিয়া যিকোনো মূহূৰ্তত ইজৰাইল-আমেৰিকাত পৰিব ইৰাণৰ মিছাইল!

খেমেইনীৰ দ্বিতীয় পুত্ৰ মুজতাবা খামেইনীৰ হাতত ইৰাণৰ শাসনভাৰ।

ৰমজান মাহতে ইৰাণত সংঘটিত ঘটনাৰ বিৰোধ প্ৰদৰ্শনেৰে ইৰাণৰ ৰাজপথত জনতা।

আজি T20 বিশ্বকাপৰ ছুপাৰ ৮ৰ অন্তিমখন মেচ

আজি T20 বিশ্বকাপৰ ছুপাৰ ৮ৰ অন্তিমখন মেচ
আজি T20 বিশ্বকাপৰ ছুপাৰ ৮ৰ অন্তিমখন মেচ

আজি T20 বিশ্বকাপৰ ছুপাৰ ৮ৰ অন্তিমখন মেচ।

ছুপাৰ ছানডেত আজি মুখামুখি হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ।

আজিৰ মেচত বিজয়ী দলে প্ৰৱেশ কৰিব ছেমিফাইনেলত।

সন্ধিয়া ৭ বজাৰ পৰা ইডেন গাৰ্ডেনচত অনুষ্ঠিত হ’ব মেচ।

মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।

ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:

ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:

দক্ষিণ কামৰূপৰ ছমৰীয়াৰ ‘ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা ৷ বলপূৰ্বক মাটি বেদখলৰ চেষ্টা চলাইছে বিদ্যালয়ৰ ওচৰৰে এটা পৰিয়ালে ৷ বিদ্যালয়ৰ পুখুৰীৰ মাটিত পৰিয়লটোৱে নিশা নিশা চলাইছে অবৈধ নিৰ্মানকাৰ্য ৷ ইয়াক লৈ ডেকাচাঙত চলিছে সৰৱ চৰ্চা ৷ এই বেদখলক লৈ আজি বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰু বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীকে ধৰি ছাত্ৰ- ছাত্ৰীৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷ ১৯৭৪ চনত স্থাপিত ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়খনৰ পুখুৰী নিৰ্মানৰ বাবে  ১৯৮৮ চনৰ ১৫ আগষ্ট তাৰিখে তেতিয়াৰ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ ওচৰৰে মুহুৰ উদ্দিন আৰু দাৰোগ আলী নামৰ দুজন ব্যক্তিৰ পৰা ক্ৰয় কৰিছিল ১ বিঘা ২ কঠা ১৭ লেচা মাটি  ৷ পৰৱৰ্তী সময়ত উক্ত মাটিত খন্দা পুখুৰীত মাছ পালন কৰি বিদ্যালয় কতৃপক্ষই বিদ্যালয়ৰ আন্তগাঁথনিৰ উন্নয়ন কৰি আহিছিল ৷ এনে অৱস্থাত উক্ত পুখুৰীৰ মাটিৰ ওপৰত শেন চকু পৰে মাটি বিক্ৰেতা পৰিয়াল এটাৰ ৷ বিদ্যালয়ৰ পুখুৰী খন্দাৰ নামত ৬৬ লেচা মাটি বিক্ৰী কৰা মুহুৰ উদ্দিনৰ পুত্ৰ ইউছোব আলীয়ে বিদ্যালয়ৰ পুখুৰীৰ মাটিত চলাইছে অবৈধভাৱে বেদখল ৷

পুখুৰীৰ নামত মাটি বিক্ৰী কৰা লোকৰ পৰা কেৱল মুহুৰ উদ্দিনৰ পুত্ৰই ৩৭ বছৰ পিচত কিদৰে বিদ্যালয়ৰ মাটি বেদখল কৰিব পাৰিলে তাক লৈ এতিয়া ৰাইজৰ মাজত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে, মাটি বিক্ৰেতা মুহুৰ উদ্দিনৰ পুত্ৰ ইউছোব আলীয়ে বিদ্যালয়ৰ উক্ত পুখুৰীৰ মাটিত বেদখল চলাই নিৰ্মান কাৰ্য আৰম্ভ কৰিছে ৷ ইয়াক লৈ নিৰ্মানস্থলীত আজি বিদ্যালয় কতৃপক্ষ তথা বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰু বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰী উপস্থিত এই অবৈধ কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ লগতে এই নিৰ্মানকাৰ্য বন্ধ কৰাৰ বাবে প্ৰশাসনক কঠোৰ পতক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে, বৃহত্তৰ অঞ্চলৰ ৰাইজ , অভিভাৱক, শিক্ষক- শিক্ষয়িত্ৰী তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দাবী- – বৃহৎ অঞ্চলৰ এই শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ স্বাৰ্থত উক্ত পুখুৰীৰ ভূমিখিনি যাতে কোনো কাৰণতে বেলেগ মানুহে দখল কৰিব নোৱাৰে লগতে বিদ্যালয়ৰ ভূমি যাতে বিদ্যালয়ৰে হৈ থাকে তাৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক মাটিখিনি বিদ্যালয়ৰ নামত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ ও প্ৰশাসনক অনুৰোধ জনাইছে ।

হোলীৰ ৰঙে চুলিৰ ক্ষতি কৰে নেকি ? হোলীত নিজৰ চুলিখিনি কিদৰে যত্ন ল’ব

হোলীৰ ৰঙে চুলিৰ ক্ষতি কৰে নেকি ? হোলীত নিজৰ চুলিখিনি কিদৰে যত্ন ল'ব
হোলীৰ ৰঙে চুলিৰ ক্ষতি কৰে নেকি ? হোলীত নিজৰ চুলিখিনি কিদৰে যত্ন ল'ব

হোলী হৈছে আনন্দ আৰু ৰঙৰ উৎসৱ। আজিকালি বেছিভাগ মানুহে ৰাসায়নিক ৰঙেৰে হোলী খেলে। এই ৰংবোৰে চুলিৰ যথেষ্ট ক্ষতি কৰে। যদি আপুনি হোলীত চুলিৰ বিশেষ যত্ন ল’ব বিচাৰে তেন্তে হোলী খেলাৰ আগতে এই পদক্ষেপসমূহ ল’ব পাৰে। এই টিপচ্ সমূহে আপোনাৰ চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

হোলী খেলাৰ প্ৰায় ১ৰ পৰা ২ ঘণ্টা আগতে চুলিত নাৰিকল বা সৰিয়হৰ তেল লগাব লাগে। তেল প্ৰয়োগ কৰিলে আপোনাৰ চুলিত সুৰক্ষামূলক স্তৰ সৃষ্টি হ’ব, যিয়ে ইয়াক ৰাসায়নিক ৰঙৰ পৰা ৰক্ষা কৰিব পাৰে।

যদি আপুনি চুলিত তেল দিবলৈ পাহৰি যায় বা কৰিবলৈ সময় নাপায় তেন্তে লিভ-ইন কণ্ডিচনাৰ বা ছিৰাম লগাব পাৰে। ছিৰাম আৰু লিভ-ইন কণ্ডিচনাৰে চুলিক ৰাসায়নিক ৰঙৰ পৰা ৰক্ষা কৰিব পাৰে। যদি আপোনাৰ চুলি শুকান হয় তেন্তে লিভ-ইন কণ্ডিচনাৰ বা ছিৰাম ব্যৱহাৰ কৰিব লাগে।

হোলী খেলি থাকোঁতে গামোচা বা দুপাট্টাৰে চুলি ঢাকিব পাৰে। স্কাৰ্ফে আপোনাৰ চুলিক ৰং কৰাই নহয়, ৰ’দৰ পৰাও ৰক্ষা কৰে।

আজিকালি একাংশ ছোৱালীয়ে চুলি মেলি হোলী খেলাটো বেছি পছন্দ কৰে। মেলা চুলিৰে হোলী খেলিলে চুলিৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আসন বুজাবুজিত সহমতত উপনীত হ’ব পৰা নাই অগপ-বিজেপি

আসন বুজাবুজিত সহমতত উপনীত হ’ব পৰা নাই অগপ-বিজেপি
আসন বুজাবুজিত সহমতত উপনীত হ’ব পৰা নাই অগপ-বিজেপি

বিধানসভা নিৰ্বাচন ২০২৬লৈ মাজত মাত্ৰ কেইটামান দিন৷ এনে সময়তো পিছে আসনৰ বুজাবুজিত সহমতত উপনীত হ’ব পৰা নাই অগপ-বিজেপি৷ আসন বুজাবুজি সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ ছাৰ্ভে চলি আছে আৰু ছাৰ্ভে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ওলায়৷ জিকাৰ সম্ভাৱনা থকা সমষ্টিবোৰৰ কথা আমি ভাবিম৷ বিজেপিৰে আমাৰ অনানুষ্ঠানিক আলোচনা হৈছে যদিও আনুষ্ঠানিক আলোচনা হোৱা নাই৷ যাৰ বাবে আমি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেই কথা এতিয়াও খাটাংকৈ ক’ব পৰা নাই৷’ উল্লেখ্য যে নিৰ্বাচনলৈ আৰু বেছি দিন নাই, কিন্তু তেনেস্থলতো অগপৰ সভাপতিগৰাকীয়ে কেইখন আসনত নিৰ্বাচন খেলিব সেই কথা এতিয়াও ক’ব পৰা নাই৷ সভাপতিগৰাকীয়ে পূৰ্বৰ নিৰ্বাচনৰ হিচাবহে দিছে৷

অতুল বৰাই কয় যে অগপই ২০১৬ চনত ৩১খন আৰু ২০২১ চনত ২৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ সেইফালৰ পৰা চাবলৈ গ’লে এইবাৰ আসনৰ সংখ্যা দুই-তিনিখন কমিবহে পাৰে৷ ইফালে, অগপৰ ভিতৰ চ’ৰাত এইবাৰ ৪০খন আসনৰ দাবী উত্থাপন হৈছে৷ আনহাতে, নিৰ্বাচন আহিলে মিত্ৰদলৰ মাজত আঁকোৰগোজ স্থিতি থকাটো স্বাভাৱিক বুলি ভাবে অতুল বৰাই৷ আলোচনাৰ মাজেৰে সকলো সমাধান হ’ব বুলি তেওঁ আশাবাদী যদিও নিৰ্বাচনলৈ কিন্তু বেছি দিন নাই৷ অগপৰ সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সদৰী কৰা অনুসৰি ইতিমধ্যে তেওঁ অগপৰ সৈতে দুবাৰ আলোচনাত বহিছে৷ ইয়াৰ বিপৰীতে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাই কয়, ‘আমাৰ লগত বিজেপিৰ এতিয়ালৈকে আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই ৷’

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ সদৰী কৰে যে বিজেপিৰ ৮০টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈ আছে৷ আনহাতে, বৃহস্পতিবাৰে নিশা কেবিনেটৰ পিছত দিয়া সংবাদ মেলত মিত্ৰতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যþমন্ত্ৰী শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘মিত্ৰতাৰ ক্ষেত্ৰত ৰাভা যৌথ মঞ্চৰ লগত আমাৰ হৈ গৈছে ৷ বি পি এফৰ লগত আমাৰ হৈ যাব৷ আমি ভাবো অগপৰ লগত জ্ঝ-১০ মাৰ্চৰ ভিতৰত কৰি দিম৷ প্ৰায় আমাৰ হৈ গৈছে৷ জ্ঝ-১০ মাৰ্চৰ ভিতৰত ঘোষণা কৰিব পাৰিম আৰু আমাৰ প্ৰাৰ্থীৰ নামো ওলাই যাব৷ ৰাজ্যসভাৰ নিৰ্বাচনটোৰ বাবে আমি অলপ লাহেকৈ গৈ আছো৷’

আজাৰাত উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষী-চৰকাৰী বিষয়াক দলবদ্ধ আক্ৰমণঃ ১৬ জনক গ্ৰেপ্তাৰ

আজাৰাত উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষী-চৰকাৰী বিষয়াক দলবদ্ধ আক্ৰমণ
আজাৰাত উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষী-চৰকাৰী বিষয়াক দলবদ্ধ আক্ৰমণ

আজাৰাত উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষী আৰু চৰকাৰী বিষয়াৰ ওপৰত বঙৰা ইছলামপুৰত একাংশ দুৰ্বৃত্তই দলবদ্ধভাৱে আক্ৰমণ চলাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷

এই আক্ৰমণত গাঁওপ্ৰধানসহ কেইবাজনো আৰক্ষী আহত হয় আৰু প্তজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়৷ দুৰ্বৃত্তই আৰক্ষীৰ বাহনো ভাঙি লণ্ডভণ্ড কৰে৷ ঘটনাটোক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীয়ে দোষীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিছে৷

ইতিমধ্যে ১৬জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই স্থানত স্থায়ী আৰক্ষী কেম্প স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰ.৫০ লাখ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ পিছতো অচিনাকি লোকসকল যুঁজ দিবলৈ সাজু হৈ থকাটো উদ্বেগজনক৷ অসমত বিজেপি নাথাকিলে ভৱিষ্যতে এনে লোকসকলে আইন-শৃংখলা মানি নচলিব৷