Home Blog Page 22

ৰক্তদান কৰিবলৈ লণ্ডনৰ পৰা পোনে পোনে খানাপাৰালৈ আহিব মুখ্যমন্ত্রী: ৰাজ্যিক বিজেপি

জুবিন গাৰ্গৰ ৫৩তম ওপজা দিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে ১৮ নৱেম্বৰৰ দিনা সমগ্ৰ ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয় কৰাৰ বাবে ‘জীৱন সুৰভি’ নামেৰে ৰক্ত চিনাক্ত শিবিৰৰ আয়োজন কৰিছে। বিজেপি গুৱাহাটী মহানগৰ জিলাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা ‘জীৱন সুৰভি’ শিবিৰ দলৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই পুৱা ৯ বজাত নিজে ৰক্তদান কৰি উক্ত শিবিৰৰ শুভাৰম্ভ কৰিব। আনহাতে, দিনৰ প্ৰায় ২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৰক্তদান কৰাৰ বাবে খানাপাৰা খেলপথাৰত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, ‘বৃন্দাবনী বস্ত্র’ অসমলৈ লৈ অহাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিবলৈ ব্রিটেইনলৈ যোৱা মুখ্যমন্ত্রী লণ্ডনৰ পৰা দিল্লী হৈ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিয়েই পোনে পোনে খানাপাৰালৈ আহিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা জানিবলৈ দি কোৱা হয় যে- সমগ্ৰ ৰাজ্যখনত ৫ হাজাৰতকৈ অধিক লোকে ৰক্তদান কৰাৰ বাবে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে যদিও এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। হৈছে।

ঠিক একেদৰে ৰাজ্যৰ প্ৰতিখন জিলা সদৰকে ধৰি মুঠ ৫৩ টা স্থানত অনুষ্ঠিত হ’বলগীয়া ‘জীৱন সুৰভি’ শিবিৰত স্থানীয় বিধায়ক, সাংসদ, অন্যান্য নির্বাচিত জন প্রতিনিধিকে ধৰি দলীয় নেতৃবর্গ আৰু স্থানীয় ৰাইজে অংশগ্রহণ কৰিব বুলি বিবৃতিটোৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদ মাধ্যমক অৱগত কৰা হৈছে। নিম্নলিখিত স্থান সমূহত ‘জীৱন সুৰভি’ শিবিৰৰ আয়োজন কৰা হ’ব:-

বাক্সা জিলাৰ বাথৌপুৰি আৰু জলাহ ৰাসখলা, ৰপেটা জিলাৰ মিলেনিয়াম উদ্যান, বিশ্বনাথ জিলাৰ কমলাকান্ত নাট্য সমাজ, বঙাইগাঁও জিলাৰ জিলা বিজেপি কার্যালয়, কাছাৰ জিলাৰ নৰসিঙতলা খেলপথাৰ আৰু লক্ষিমপুৰ চাহ বাগিচা খেলপথাৰ, চিবাং জিলাৰ কাজলগাঁও পেৰেড গ্রাউণ্ড, দৰং জিলাৰ চি ডি চি কাৰ্যালয়ৰ খেলপথাৰ, ধেমাজী জিলাৰ আৰোগ্য ভবন আৰু ডনীপল সাংস্কৃতিক ভরন, ধুবুৰী জিলাৰ ধুবুৰী লাইনচ ক্লাব, ডিব্ৰুগড় জিলাৰ মাল্টি ইউটিলিতি বিলডিং আৰু ৰঙালী ৰূপালী মঞ্চ, ডিমা-হাছাও জিলাৰ লাল ফিল্ড, গোৱালাপাৰা জিলাৰ দুধনৈ জন্মমন্দিৰ প্রাঙ্গন খেলপথাৰ,

গোলাঘাট জিলাৰ এনাজৰী বিবাহ ভৱন আৰু বোকাখাট অপেন স্টেজ প্রেক্ষাগৃহ, হাইলাকান্দি জিলাৰ মুক্তিযোদ্ধা ভবন, কামৰূপ (ম) জিলাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, কামৰূপ জিলাৰ নিউ চি ডি চি বিলডিং তিনিআলি, পুৱ কামৰূপ মহাবিদ্যালয় প্রেক্ষাগৃহ, চিলাৰায় ভবন আৰু অষ্টলক্ষ্মী ক্ষেত্র শুৱালকুছি, কার্বি-আংলং জিলাৰ ডিফ্ ক্লাব, শ্রীভূমি জিলাৰ মাইজংগ্রাম, উত্তৰ কৰিমগঞ্জ, ভাইৰাম নগৰ কৰিমগঞ্জ টাউন,

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ এই এচ আৰু এম পি স্কুল ফিল্ড, লক্ষিমপুৰ জিলাৰ খেলমাটি ক্লাৱ, মাজুলী জিলাৰ বংসিও গোপাল নাট্যমন্দিৰ, মৰিগাঁও জিলাৰ সদৰ বিহুতলী আৰু নেলী গোপাল কৃষ্ণ বাগান গেট, নগাঁও জিলাৰ বৰহমপুৰ শহীদ খেলপথাৰ, এন এচ এ কমপ্লেক্স, মৰুৱা শংকৰদেৱ মন্দিৰ প্রাঙ্গন আৰু মাখিবাহা দূর্গা মন্দিৰ, শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলি, শোণিতপুৰ জিলাৰ তৰুণ অসম সংঘ আৰু বাৰেচহৰীয়া ভাওনা প্রকল্প, তিনিচুকীয়া জিলাৰ মানৱ কল্যান পূজা ভৱন, মাৰোৱাৰী ধৰমশালা আৰু কৃষ্টি সংঘ, ওদালগুৰি জিলাৰ বিষ্ণু কমিটি হল আৰু দক্ষিণ শালমাৰা জিলাৰ হাতীসিঙমাবি।

উৰিয়াগাঁৱত অ:জা:যু:ছা:প: -ৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাইলৈ ৫৩ সংখ্যক ওপজা দিনৰ প্ৰাক ক্ষণত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (অ:জা:যু:ছা:প:)ৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সৌজন্যত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ প্ৰায় দুমাহ পূৰ্ণ হোৱাৰ সময়লৈকে শিল্পী গৰাকীৰ পৰিয়ালবৰ্গই তথা শুভাকাংক্ষীসকলে ন্যায় নোপোৱাত আজিও ক্ষোভিত হৈ আছে অসমৰ জনগণ।

ইয়াৰ মাজতে আজি নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চকত সংগঠনটোৰ আহ্বানক্ৰমে বিভিন্ন প্ৰান্তৰ লোকে স্বাক্ষৰ প্ৰদানেৰে চৰকাৰলৈ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী জনায়।

হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়াত জিলিকিল তেজপুৰৰ কনমানি মৃতিকা, মেৰু কটকী আৰু দক্ষ যোগ ক্রীড়াবিদ মামু বায়ন

হাৰিয়ানাৰ কৰ্ণালত যোৱা ১৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়া প্ৰতিযোগিতাত তেজপুৰৰ এগৰাকী কনমানি শিক্ষাৰ্থীয়ে ব্ৰঞ্জৰ পদকৰ লগতে তেজপুৰৰ এগৰাকী জনপ্ৰিয় যোগ ক্রীড়াৰ সৈতে জড়িত মহিলাই দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ষষ্ঠ যোগাসন ক্ৰীড়া বিশ্বকাপ -২০২৫ ত ভাৰতীয় দলৰ হৈ অংশ গ্ৰহণ কৰি তেজপুৰ ঊষানগৰ নিবাসী সাংবাদিক মেৰুমিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ দুহিতা কনমানি মৃতিকা মেৰু কটকীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।যোগ ক্রীড়া ফেডাৰেছন অব ইণ্ডিয়াই আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ চাবজুনিয়ৰ শাখাৰ পৰম্পৰাগত যোগ ক্রীড়াৰ একক শিতানত প্ৰতিযোগিতা কৰি এই সুনাম কঢ়িয়াই আনে কনমানি মৃতিকা মেৰুৱে ।

ভাৰতবৰ্ষকে ধৰি জাপান ,ইৰান ,থাইলেণ্ড ,ভিয়েটনাম ,হংকং ,ফিনলেণ্ড ,ৰাছিয়া আদি কেবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা টুৰ্ণামেণ্টত মৃতিকাৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে তেজপুৰ তথা ৰাজ্যবাসী ।তেজপুৰৰ শ’লমৰাস্হিত কেন্দ্ৰীয় বিদ্যালয় -১ ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী মৃতিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাৱধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ পৰিশ্ৰম আৰু অনুশীলন অব্যাহত ৰাখিছে ।তেজপুৰৰ সকলোৰে পৰিচিত শিক্ষাবিদ অতুল কটকীৰ নাতিনীৰ এই সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ ,বি জে পিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা ,শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰ ,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আদিয়ে অভিনন্দন জ্ঞাপন কৰিছ|
ইফালে একে প্ৰতিযোগিতাতে তেজপুৰৰ জনপ্ৰিয় যোগাসন ক্ৰীড়াবিদ মামু বায়নে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যোগা ৰেফাৰীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মামু বায়নে ট্ৰেডিচনেল যোগাসন প্ৰতিযোগিতাত এটা আৰু এটা ফ্ৰি ফ্ল’ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অসম চৰকাৰৰ বিশেষ সাংস্কৃতিক উদ্যোগ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ যৌথ উদ্যোগত ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ব্যাপক সাংস্কৃতিক সমাৰোহৰ আয়োজন ঘোষণা কৰা হৈছে। সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ‘ভূপেন্দ্ৰ সংগীত’ আৰু একাঙ্ক নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লক্ষ্য—ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টিসমূহ নতুন প্ৰজন্মৰ মাজত চিৰস্থায়ী কৰি তোলা, লগতে জ্যেষ্ঠ নাগৰিকসকলক পুনৰ সাংস্কৃতিক চেতনাত সক্ৰিয়ভাৱে সম্পৃক্ত কৰা।
সংবাদ মেলত অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়াই কয় যে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সাংস্কৃতিক উন্মাদনা পুনৰ জাগ্ৰত কৰিবলৈ এই উদ্যোগ অতি গুৰুত্বপূর্ণ। তেওঁ উল্লেখ কৰে যে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি বর্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক অমূল্য ধন, আৰু এই ধনক আগলৈ লৈ যোৱাৰ দায়িত্বত জ্যেষ্ঠ নাগৰিকসকলেই অগ্ৰণী হ’ব লাগিব। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাক এইবাৰ নতুন ধাঁচত আগবঢ়োৱা হৈছে। প্ৰতিযোগিতাত ভূপেন হাজৰিকাৰ ৰচিত, সুৰাৰোপিত, সংগীত পৰিচালিত আৰু তেওঁৰ কণ্ঠদান কৰা বিভিন্ন ধৰণৰ গীতসমূহ অন্তর্ভুক্ত কৰা হৈছে। এজন প্ৰতিযোগীয়ে ইচ্ছা অনুসৰি বহুমুখী শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ভাষাৰ ক্ষেত্রতো বিশেষ সুযোগ দিয়া হৈছে—একেই সুৰেৰে অন্য ভাষাত থকা গীতসমূহো পৰিবেশন কৰিব পাৰিব।

অংশগ্ৰহণৰ বাবে কোনো মাচুল নোহোৱাৰ লগতে AIR A Grade আৰু B High Grade শিল্পীসকল প্রতিযোগী হিচাপে অংশ ল’ব নোৱাৰিব, যদিও বিচাৰকৰূপে নিযুক্ত হ’ব পাৰে।
জিলা পর্যায়ৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক ৰাজ্যিক পর্যায়ৰ ফাইনেলৰ বাবে মনোনীত কৰা হ’ব। ২৬ নৱেম্বৰত গুৱাহাটীত শুভ উদ্বোধন অনুষ্ঠিত হ’ব আৰু ডিচেম্বৰৰ ৫ তাৰিখৰ আগতেই জিলা পর্যায়ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন হ’ব। তাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’ব ভূপেন্দ্ৰ সংগীতৰ ৰাজ্যিক ফাইনেল, আৰু সেই সমান্তৰালভাৱে একাঙ্ক নাট প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।
একাঙ্ক নাটৰ বিষয়বস্তু এইবাৰ বিশেষ। আধুনিক সমাজৰ পৰিৱর্তনৰ লগত জ্যেষ্ঠ নাগৰিকসকলে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন কিদৰে খাপ খুৱাই আগবঢ়াইছে—সেই বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নাট মঞ্চস্থ হ’ব। নাট্যদলসমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক, সাজসজ্জা, আৱহ-সংগীত, কৌতুক শিল্পী আৰু বিভিন্ন প্রযুক্তিগত শাখাতো বিশেষ বাছনি কৰি মানপত্ৰ আৰু স্মাৰকেৰে সন্মানিত কৰা হ’ব। সংবাদ মেলত উপস্থিত আছিল—জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়া, শাখা বিষয়া মুদাচ্ছাৰ নাজাৰ হুছেইন, অসম জ্যেষ্ঠ নাগৰিক সম্মিলনৰ সভাপতি শ্ৰী বানেশ্বৰ খাউণ্ড আৰু সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ। সকলোয়ে একমত হয় যে ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপন জ্যেষ্ঠ নাগৰিকসকলক কেন্দ্ৰ কৰি এইবাৰ এক নতুন আৰু অনন্য দিশৰ সূচনা কৰিব।

শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina

শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina
শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina


Sheikh Hasina । বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড ঘোষণা কৰিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেল–১ (ICT)। ২০২৪ চনৰ জুলাই–আগষ্ট মাহত ছাত্র-নেতৃত্বাধীন গণপ্ৰতিবাদ দমনত সংঘটিত নৃশংস হত্যাকাণ্ড, নিৰস্ত্ৰ প্ৰতিবাদীক লক্ষ্য কৰি গুলিবৰ্ষণ আৰু ৰাজনৈতিক নিপীড়নৰ গুৰুতর অভিযোগৰ ভিত্তিত এই ঐতিহাসিক ৰায় প্ৰদান কৰা হৈছে।

ট্ৰাইবিউনেলে কয়, প্ৰতিবাদ দমন কৰিবলৈ সেৱাবাহিনী আৰু অন্যান্য শক্তিৰ ওপৰত “উপৰিস্তৰৰ নির্দেশ” ৰ প্ৰমাণ মিলিছে। অভিযোগ অনুসৰি, সামগ্ৰীক অভিযানত প্ৰায় ১,৪০০ প্ৰতিবাদীৰ মৃত্যু হৈছিল, যাৰ দায়িত্ব প্ৰধানমন্ত্ৰী হিচাপে হাসিনাই নৈতিক আৰু প্রশাসনিকভাৱে বহন কৰিব লাগে বুলি আদালতে মন্তব্য কৰে।

ট্ৰাইবিউনেলত দাখল হোৱা গোচৰসমূহত হাসিনাক ইনসাইটমেন্ট, ষড়যন্ত্ৰ, হত্যাকাণ্ড ৰোধত ব্যর্থতা, ক্ষমতাৰ অপব্যৱহাৰ আদি পাঁচটা গুৰুতর অভিযোগত দোষী সাব্যস্ত কৰা হয়। আদালতে কয়—এই অপৰাধসমূহ “ব্যৱস্থাগত আৰু পরিকল্পিত”, য’ত ৰাজ্যিক শক্তিক নাগৰিকৰ বিৰুদ্ধে অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছিল।

এই ৰায়ে বাংলাদেশৰ ৰাজনৈতিক ইতিহাসত এটা নতুন দিশ খুলিলে। দেশখনত এই প্ৰথমবাৰ এজন সাবেক প্ৰধানমন্ত্ৰীক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত বিচাৰ কৰি মৃত্যুদণ্ড ঘোষণা কৰা হ’ল। আদালতৰ এই সিদ্ধান্তক বিভিন্ন মহলে “অভূতপূৰ্ব আৰু যুগান্তকাৰী” বুলি অভিহিত কৰিছে।

হাসিনাৰ লগতে তেতিয়াৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল মামুনৰ বিৰুদ্ধেও পৃথক গোচৰ চলি আছে। তেওঁলোকো প্ৰতিবাদ দমনত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত অভিযুক্ত।

ইয়াৰ আগতে হাসিনা আদালত অবমাননাৰ পৃথক এটা গোচৰত ছয় মাহৰ কাৰাদণ্ডো ভোগ কৰিছে। বিভিন্ন আন্তর্জাতিক সংগঠন ইতিমধ্যে এই ৰায়ের রাজনৈতিক অভিঘাত বিশ্লেষণ আৰম্ভ কৰিছে, যদিও আদালতে স্পষ্ট কৈছে—ৰায়টোৱে “কেবল আইনী প্ৰমাণৰ ওপৰত আধাৰিত”।

ঢাকাত ৰায় ঘোষণা হোৱাৰ পাছত নিরাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। অনুগামী আৰু বিপক্ষ দুই শিবিৰতেই উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM
বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

AIMIM । অসমৰ ৰাজনীতিত নতুন সমীকৰণৰ আভাস। সদায় ‘একলা চলো নীতি’ত বিশ্বাসী বুলি জনাজাত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি আছাউদ্দিন ওৱেছিৰ AIMIM-ৰে মিত্ৰতা কৰাৰ ঘোষণা কৰিছে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ আজমলে কয় যে বিহাৰৰ ভাল ফলাফলৰ বাবে ওৱেছিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু অসমলৈ আহিলে তেওঁক উষ্ণ অভ্যৰ্থনা জনাব।

নতুন ৰাজনৈতিক সমীকৰণ

এ আই ইউ ডি এফ সভাপতিৰ মতে, আগন্তুক নিৰ্বাচনত AIMIM, কেৰেলাৰ UDF আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সৈতে এক বৃহৎ মিত্ৰজোট গঠনৰ বাবে আলোচনা আৰম্ভ হৈছে। এই জোটৰ লক্ষ্য—সংখ্যালঘু ভোটাৰক আকর্ষণ কৰা আৰু কংগ্ৰেছৰ সংখ্যালঘু ভোটব্যাংকক সমূলি বৈছদ্য কৰিব। আজমলে দৃঢ়তাৰে দাবী কৰিছে যে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছতকৈ বেছি আসন লাভ কৰিব এ আই ইউ ডি এফ

তেওঁৰ মতে, ইতিমধ্যে ৩৫টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে দল সাজু হৈছে। ডিচেম্বৰ মাহত অসমলৈ আহিব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সভাপতি; ইয়াকেই ধৰি অসমৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠনৰ কার্যত্মক সূচনা হৈ পৰিছে।

অসমত নতুন তৃতীয় মৰ্চাৰ সম্ভাবনা

আজমল-ওৱেছি সমীকৰণ সফল হ’লে অসমৰ ৰাজনীতিত নতুন ৰাজনৈতিক শক্তিৰ আবিৰ্ভাৱ ঘটিব। তবে বহু বিশ্লেষকৰ মতে, এই মিত্ৰতা রাজনীতিত সাম্প্ৰদায়িক মেরুকৰণ অধিক তীব্ৰ কৰিব পাৰে।

জমিয়তৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত আজমল

ইফালে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত জমিয়ত উলেমা-এ-হিন্দৰ অসম শাখাৰ নিৰ্বাচনী সভাত সৰ্বসন্মতিক্ৰমে চতুৰ্থবাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হয় বদৰুদ্দিন আজমল। কেন্দ্রীয় প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সিদ্ধান্ত লোৱা হয় যে আজমল ২০২৭ চনলৈ জমিয়তৰ সভাপতিৰ দায়িত্বত থাকিব।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

Mohan Bhagwat । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ সৰসংঘচালক ডা. মোহন ভাগৱতে দুদিনীয়া বিশেষ ভ্ৰমণসূচীৰে অসমলৈ আগমন কৰিব। ১৭ নৱেম্বৰৰ আবেলি গুৱাহাটীলৈ উপস্থিত হ’ব ভাগৱত। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে বৰবৰীৰ সুদৰ্শনালয়লৈ ৰাওনা হ’ব।

RSS-ৰ শতবৰ্ষ উৎসৱ উপলক্ষে বিভিন্ন সাংগঠনিক কাৰ্যসূচী আয়োজন কৰা হৈছে


১৮ নৱেম্বৰ: নাগৰিক সন্মিলন

১৮ নৱেম্বৰৰ পৰা ভাগৱতৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ’ব। দিনটোৰ আবেলি ৪ বজাৰ পৰা সুদৰ্শনালয়ত ‘নাগৰিক সন্মিলন’ অনুষ্ঠিত হ’ব, য’ত সমাজ জীৱনত উল্লেখযোগ্য অৱদান ৰখা গুৱাহাটীৰ দুই শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকিব। সাহিত্যিক, কাকত-আলোচনীৰ সম্পাদক, সাংবাদিক, উদ্যোগপতি আদিকে এই বিশেষ বৈঠকত আমন্ত্ৰণ জনোৱা হৈছে।

এই সন্মিলনত ডা. ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়া লৈ মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে।


১৯ নৱেম্বৰ: যুৱ সন্মিলন

পাছদিনা অৰ্থাৎ ১৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা ‘যুৱ সন্মিলন’ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত নিৰ্বাচিত যুৱ কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি সহ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান অসমৰ যুৱসমাজ উপস্থিত থাকিব। অংশগ্ৰহণকাৰীৰ সন্মুখত মোহন ভাগৱতে পুনৰ এক গুৰুত্বপূৰ্ণ বৌদ্ধিক বক্তব্য প্ৰদান কৰিব।


২০ নৱেম্বৰ: মণিপুৰ ভ্ৰমণ

অসমত দুদিনীয় কাৰ্যসূচী সম্পন্ন কৰি ২০ নৱেম্বৰৰ দিনা ডা. মোহন ভাগৱত মণিপুৰলৈ যাত্ৰা কৰিব বুলি RSSৰ মুখপাত্ৰই জনাইছে।

বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR

বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR
বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR

BIHAR । বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া ইতিমধ্যে জোৰদাৰ হৈছে। বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক, য’ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিধানসভা ভংগৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু ৰাজ্যপালক সাক্ষাৎ কৰাৰ কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে। কেবিনেট সচিবালয় বিভাগে এক অধিসূচনাৰ মাধ্যমে আজিৰ বৈঠকৰ কথা জানাইছে।

ইতিমধ্যে মুখ্য নিৰ্বাচনী বিষয়াৰ বিনোদ সিং গুঞ্জিয়াই ৰাজ্যপাল আৰিফ মহম্মদ খানক নৱনিৰ্বাচিত সদস্যৰ তালিকা প্ৰদান কৰিছে। এন ডি এ-ৰ পুনৰ উত্থানৰ পিছত অতি শীঘ্ৰে নতুন চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিহাৰ।


বিহাৰ বিধানসভা নির্বাচন: দুয়োশৰ ওপৰত আসন, অভূতপূৰ্ব জয় এন ডি এ-ৰ

এইবাৰ ২৪৩ সদস্যৰ বিধানসভাত এন ডি এ গঠনে ২০২খন আসন লাভ কৰি বিপুল সফলতা অর্জন কৰে।

  • বিজেপি: ৮৯
  • জেডিইউ: ৮৫
  • এলজেপি (ৰাম বিলাস): ১৯
  • হিন্দুস্তানী আওয়াম মৰ্চা: ৫
  • ৰাষ্ট্ৰীয় লোক মৰ্চা: ৪

এই ফলাফলৰ জড়িয়তে বিৰোধী মহাগঠবন্ধন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।


নতুন চৰকাৰ: ১৯ বা ২০ নৱেম্বৰত শপত গ্ৰহণ সম্ভাৱনা

দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে জেডিইউৰ কার্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাৰ আলোচনা সমাপ্ত হোৱাৰ পাছত নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত পথ সলনি হৈছে। সূত্ৰ অনুসৰি ১৯ বা ২০ নৱেম্বৰত নীতিশ কুমাৰ নেতৃত্বাধীন নতুন চৰকাৰে শপত গ্ৰহণ কৰিব পাৰে।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি প্রায় নিশ্চিত বলিও জেডিইউ সূত্রে জনোৱা হৈছে।


নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্ত

সূত্ৰ অনুসৰি নতুন মন্ত্ৰীসভাত—

  • বিজেপিৰ পৰা ১৫–১৬জন,
  • জেডিইউৰ পৰা ১৪জন,
  • এলজেপি-ৰাম বিলাসৰ পৰা ৩জন,
  • হিন্দুস্তানী আওয়াম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ পৰা এজনকৈ সদস্যে স্থান পোৱাৰ সম্ভাৱনা আছে।

নতুন চৰকাৰৰ গঠন আৰু শপত গ্ৰহণ এতিয়া সময়ৰ অপেক্ষা মাত্র।

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

আজি কোকৰাঝাৰৰ ডিমলগাঁওস্থিত কোকৰাঝাৰ তাৰকাগৃহৰ সভাকক্ষত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছন তথা কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সফলভাৱে পালন কৰা হয়। অনুষ্ঠানত আদৰণী ভাষণ ৰাখে বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰে। অনিবাৰ্য কাৰণবশতঃ বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটো পাঠ কৰা হয়। তেওঁ ভাষণত উল্লেখ কৰে, “বিটিচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো শক্তিশালী ৰূপত আছে। এই অবিচল প্ৰতিশ্ৰুতিৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। দিনে দিনে আপোনালোকে আশাৰ বতৰা কঢ়িয়াই আনে, প্ৰত্যাহ্বানসমূহক তুলি ধৰে, প্ৰকাশ নোহোৱা কণ্ঠস্বৰসমূহক মুখৰিত কৰে, আৰু ব্যৱস্থাসমূহক জবাবদিহি কৰে। বিটিচিৰ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলটোত উন্নয়নৰ পথ উজ্জ্বল কৰাত সংবাদ মাধ্যমে মূল ভূমিকা গ্ৰহণ কৰিছে।” আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশদীপো উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটোও পাঠ কৰা হয়, য’ত তেওঁ “সংবাদ মাধ্যমে চৰকাৰ আৰু ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰি আহিছে, যাৰ ফলত আমাৰ সমগ্ৰ অঞ্চলটোত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত হৈছে।”― বুলি বিশেষভাৱে উল্লেখ কৰে। সন্মানীয় অতিথি হিচাপে দূৰদৰ্শনৰ আঞ্চলিক বাতৰি শাখাৰ যুটীয়া সঞ্চালক তথা মুখ্য বিষয়া অংকুৰ লাহতীয়ে অংশগ্ৰহণ কৰে। “সাংবাদিকতাত বিশ্বাসযোগ্যতা নাথাকিলে, সকলো ফালৰ পৰাই একো নাথাকে” বুলি উল্লেখ কৰি “কোকৰাঝাৰ এখনি শান্তিৰ ঠাই। এইক্ষেত্ৰত ইয়াত সংবাদ মাধ্যমৰ ভূমিকা অথবা অৱদান যথেষ্ট।”― বুলি উল্লেখ কৰে।

তেওঁ দূৰদৰ্শন তথা সামাজিক মাধ্যমৰ অৱদান আৰু ফেক্ নিউজৰ বিপৰীতে সত্য সংবাদ পৰিৱেশনত গুৰুত্ব দিবলৈ সাংবাদিকসকলক আহ্বান জনায়। বিটিচিৰ কাৰ্যবাহী সদস্য তথা আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি দেৰহাছাত বসুমতাৰীয়ে তেওঁৰ চমু তথা গুৰুত্বপূৰ্ণ ভাষণত সাংবাদিকৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। ব‌ঙাইগাঁও ৰিফাইনেৰীৰ জেনেৰেল মেনেজাৰ মুসুখা বড়োৱে “উত্তৰদায়ী যোগাযোগ আৰু মানুহৰ মূল্যবোধ প্ৰতিষ্ঠান গণমাধ্যম আৰু সমাজৰ মাজত আস্থা গঠন” শীৰ্ষক বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এইবাৰৰ প্ৰেছ ডে’ৰ থীম হৈছে, “Safeguarding Press Credibility Amidst Rising Misinformation.” অৰ্থাৎ “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান।” এই বিষয়বস্তুৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই “দ্য আছাম ট্ৰিবিউন”-ৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰীয়ে কয়, “মানুহক ভুল খবৰ দিয়াত আমাৰ কোনো অধিকাৰ নাই।” তেওঁ কেইগৰাকীমান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে দিয়ে। ৰাজনৈতিক ব্যক্তি সন্দৰ্ভত এগৰাকী সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যদি আপুনি সৎ হৈ থাকে, আৰু ৰাজনৈতিক ব্যক্তিগৰাকীৰ পৰা যদি কোনো ব্যক্তিগত সহায় লোৱা নাই, তেওঁ আপোনাক অলপ হ’লেও সমীহ কৰি চলিব।” অনুষ্ঠানত বিটিচিৰ ৫গৰাকী জ্যেষ্ঠ সাংবাদিক― জাইক্লং ব্ৰহ্ম (কোকৰাঝাৰ), মোস্তাফা হুছেইন আনছাৰী (কোকৰাঝাৰ), নিৰেন কুমাৰ শৰ্মা (বাক্সা), প্ৰসাদ দাস (তামুলপুৰ) আৰু সুনীল কুমাৰ শৰ্মা (চিৰাং)-ক সম্বৰ্ধনা জনায়।

তাৰ সমান্তৰালভাৱে দুগৰাকী বাতৰি কাকতৰ জ্যেষ্ঠ হ’কাৰৰ ভিতৰত গোপী ৰাজভৰক সম্বৰ্ধনা জনোৱা হয় আৰু আনগৰাকী হকাৰ লোকেশ দেৱনাথৰ অনুপস্থিতিত বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীয়ে তেওঁৰ সম্বৰ্ধনা গ্ৰহণ কৰে। আনহাতে সম্বৰ্ধনা জনোৱা পাঁচগৰাকী সাংবাদিকৰ মাজৰ পৰা সুনীল কুমাৰ শৰ্মাই ধন্যবাদসূচক বক্তব্য ৰাখে। আনহাতে উপস্থিত ৰাইজৰ মাজৰ পৰা তামুলপুৰ জিলাৰ জ্যেষ্ঠ সা‌ংবাদিক আব্দুল লতিফ চৌধুৰীয়ে সংবাদ সেৱাত পোৱা কিছু তিতা-মিঠা অভিজ্ঞতাৰ কথা সোঁৱৰে। আজিৰ অনুষ্ঠানত বিটিচিৰ জনসংযোগ বিভাগৰ সচিব অশ্বিনী কুমাৰ দলেও উপস্থিত থাকে। বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বক্তব্যৰ পাছত সম্পাদক ৰমেন দাসে শলাগৰ শৰাই আগবঢ়ায়। বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ হৈ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰৰ উদ্যোগত অনুষ্ঠিত আৰু জ্যেষ্ঠ সাংবাদিক মলয়া ডেকাই আঁতধৰা আজিৰ অনুষ্ঠানত বিটিচিৰ পাঁচোখন জিলাৰ ১৪৬গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞাৰ লগতে ৭ জিলাত মাংস বিক্রীত বাধা

বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তত আফ্রিকান ছোৱেইন ফিভাৰৰ প্রাদুর্ভাব ঘটিছে। বিশেষকৈ ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপ জিলাত ৰোগবিধৰ সংক্রমণে ব্যাপক ৰূপ ধাৰণ কৰিছে। ৰোগবিধৰ সংক্ৰমণৰ হাৰ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পশুধন আইন, ২০০৯ ৰ অধীনত ই.চি.এফ. ২৪০৯৯০ নং এক অধিসূচনা যোগে সমগ্ৰ ৰাজ্যতে এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও উল্লেখিত সাতখন জিলা ক্রমে ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপত গাহৰি সৰবৰাহৰ লগতে গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

অন্যান্য জিলাসমূহত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা, নিগম-নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে নীতিগতভাৱে বেচা-কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক। চৰকাৰে পৰৱৰ্তী নির্দেশনা জাৰি নকৰা পর্যন্ত এই নীতি-নির্দেশনা বাহাল থাকিব।

উল্লেখযোগ্য যে আফ্রিকান ছোৱেইন ফিভাৰ গাহৰিৰ এক অতি সংক্রামক ভাইৰাছজনিত ৰোগ আৰু এই ৰোগত মৃত্যুৰ হাৰ এশ শতাংশ পর্যন্ত হ’ব পাৰে। বৰ্তমানলৈ ৰোগবিধৰ প্ৰতিষেধক ছিটা ওলোৱা নাই আৰু ফলপ্রসূ চিকিৎসা নোহোৱা হেতুকে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে আক্রান্ত জিলাসমূহৰ অভিকেন্দ্ৰবোৰ চিনাক্ত কৰি তাৰ চৌপাশৰ এলেকাত অৱৰুদ্ধকৰণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি যাৱতীয় ব্যৱস্থাপনা কৰি আছে। লগতে জৈৱ সুৰক্ষা নীতিসমূহ কঠোৰভাৱে মানি চলাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ হকে কাম কৰি আছে আৰু সকলোকে জৈৱ সুৰক্ষা নীতিসমূহ মানি চলিবলৈ আহ্বান জনাইছে।