Home Blog Page 22

বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা
বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে ২০৫০ চনৰ ভিতৰত কেন্সাৰ মহামাৰীত যিমান মানুহৰ মৃত্যু হ’ব, তাতোকৈ অধিক মানুহৰ মৃত্যু হ’ব এন্টাবাইটিক ঔষধ সেৱনৰ ফলত। ১৯২৮ চনত এন্টিবাইটিক ঔষধ আৱিষ্কাৰ হোৱাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে আমি ইয়াৰ বিপজ্জনক দিশৰ ওপৰত আজি অসহায় হৈ আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। আমি ৰোগ প্ৰতিৰোধী ঔষধ সেৱনৰ ক্ষেত্ৰত সচেতন নহয়, ফাৰ্মাচিষ্ট এগৰাকীয়ে তাৎক্ষণিকভাৱে ৰোগৰ পৰা উপশম পাবলৈ দিয়া ঔষধ সেৱনৰ ফলত আমি শৰীৰত মাৰাত্মক ৰোগক প্ৰশ্ৰয় দি আহিছোঁ। লগতে আৱশ্যক অনুযায়ী ঔষধ সেৱন নকৰি আধাতে সামৰি শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ক্ৰমাগত ভাৱে হ্ৰাস কৰাত নিজে নিজে অৰিহণা যোগাই আহিছোঁ। সেয়ে অণুজীৱৰ সৈতে আগন্তুক সময়ত মানৱ জাতিৰ এখন বিশ্ব মহাযুদ্ধ হোৱাৰ সম্ভাৱনা নিশ্চিত । এই সম্পৰ্কত বহুল প্ৰচাৰ আৰু সজাগতা অবিহনে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। আজি এইদৰে এখন অতি গুৰুত্বপূৰ্ণ অনুজীৱ প্ৰতিৰোধী সজাগতা সভাত এইদৰে বক্তৃতা প্ৰদান কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ ডীন তথা সু লেখক ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই। তেওঁ লগতে কয় যে আমি বহু সময়ত নিজে নিজৰ চিকিৎসা কৰোঁ। এইদৰে চিকিৎসা কৰা মানে, আত্মহত্যা কৰা। চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবাইটিক ঔষধ সেৱন কৰা শৰীৰৰ বাবে মাৰাত্মক পৰিঘটনা বুলি উল্লেখ কৰি ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই সকলোকে সহজে এন্টিবাইটিক ঔষধ সেৱন নকৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে ১৮ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ‘বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস’ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে। এই উপলক্ষে আজি নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ উদ্যোগত বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস কালি অৰ্থাৎ ১৯ নৱেম্বৰৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানখনে আয়োজন কৰি আজি এখন সজাগতা সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ড্ৰাগছ নিয়ন্ত্ৰক আৰু অনুজ্ঞাপত্ৰ বিষয়া বিশ্বজিৎ তালুকদাৰে। মুখ্য অতিথি তথা ড্ৰাগছ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰে তেওঁৰ ভাষণত কয় – চিকিৎসকৰ নিদান পত্ৰ নাথাকিলে কোনো ফাৰ্মাচিষ্ট তথা ফাৰ্মাচিৰ দোকানীয়ে নিজৰ বিশ্বাস আৰু নীতি নিৰ্দেশনা বিসৰ্জন দি ঔষধ, বিশেষকৈ এন্টিবাইটিক ঔষধ বিক্ৰী কৰিব নালাগে। চিকিৎসক সকলেও অপ্ৰয়োজনীয় ভাৱে এন্টাবাইটিক ঔষধ সেৱন কৰিবলৈ ৰোগীক উৎসাহিত নকৰিবলৈ তেওঁ আহ্বান জনায়। সভাত নেমকেয়াৰ হাস্পতালৰ জীৱাণুতত্ব বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মেঘণা গগৈয়ে নিজৰ ভাষণত কয় – এন্টিবাইটিক অনুজীৱবোৰেও আত্মৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰি মানৱ শৰীৰত দীৰ্ঘজীৱী হ’বলৈ শিকিছে। গতিকে, আমি অতি সাৱধান নহ’লে অনুজীৱৰ পৰা প্ৰতিৰক্ষা পাবলৈ সক্ষম হ’ব নোৱাৰিম। অতি আৱশ্যক নহ’লে এন্টিবাইটিক ঔষধ সেৱন কৰিব নালাগে বুলি খোদ এগৰাকী চিকিৎসকে দিয়া উপদেশ সভাত উপস্থিত থকা বিভিন্ন শ্ৰেণীৰ লোকে হৃদয়ঙ্গম কৰা পৰিলক্ষিত হয়।

স্বাস্থ্য সম্পৰ্কীয় এই সজাগতা সভাখনত আন কেবাজনো অতিথি বিশেষকৈ জালুকবাৰীত থকা অসম চৰকাৰৰ ড্ৰাগছ পৰীক্ষা গৱেষণাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, কামৰূপ গ্ৰাম্য জিলাৰ ড্ৰাগছ পৰিদৰ্শক শ্যামালেন্দু নাথ, কামৰূপ মহানগৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক কুৰী কিৰণ হাজৰিকা, চন্দ্ৰ ভট্টাচাৰ্য, গুৱাহাটীৰ ড্ৰাগছ হেড কোৱাৰ্টাৰৰ ড্ৰাগছ পৰিদৰ্শক জাহ্নু বৰা, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ নাৰ্চিং বিজ্ঞানৰ অধ্যক্ষা ডা: অকোইজাম মমতা দেৱী, অধ্যাপিকা সুকৃতি দাস আদিয়ে অংশগ্ৰহণ কৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে কালি এই উপলক্ষে অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতা, পোষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ী শিক্ষাৰ্থীসকলক এই সভাত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰে মুখ্য অতিথি তথা বিশিষ্ট ব্যক্তিসকলে। সভাৰ শেষৰফালে উক্ত বিষয়ক এখন একাংকিকা নাট প্ৰদৰ্শন কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ ছাত্ৰ ছাত্ৰীয়ে। এই অনুষ্ঠানত বিশেষ ভাৱে সহযোগিতা আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক বিক্ৰম কাশ্যপৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে। শেষত শলাগৰ শৰাই আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক ড০ অপূৰ্ব তালুকদাৰে।

Earthquake: ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?

ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?
ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?

ৰাজ্যত পুনৰ ভূমিকম্প।( Earthquake)

পুৱাই ৰাজ্যত ভূমিকম্প।

ভাৰত-বাংলাদেশৰ সীমান্ত ভূমিকম্পৰ অভিকেন্দ্ৰ।

বিশেষকৈ নামনি অসম কঁপাই গ’ল ভূমিকম্পই।

৫.২ প্ৰাৱ্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য।

১০ বাজি ৯ মিনিটত অনুভূত হয় ভূমিকম্পৰ কম্পন।

দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।

দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।
দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।

দেশৰ কৃষকৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ । উল্লেখ্য পূৰ্বে এই দুটা কাৰণত হোৱা শস্যৰ ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাত কোনো ক্ষতিপূৰণৰ ব্যৱস্থা নাছিল।

এই সদৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰে দেশৰ কৃষকসকলৰ প্ৰতি এক ইতিবাচক বাৰ্তা দিছে। কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলক উদ্দেশ্যি কয়- আজি আপোনালোকক কিছু ভাল খবৰ দিবলৈ ওলাইছো। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা আৰম্ভ কৰিছিল।

কিন্তু এই আঁচনিৰ অধীনত দুটা লোকচান সামৰি লোৱা হোৱা নাছিল, যিটো আপোনালোকে বহুদিনৰে পৰা দাবী কৰি আহিছে: প্ৰথমটো হৈছে, বন্যপ্ৰাণীৰ ফলত হোৱা ক্ষতি; দ্বিতীয়তে, অত্যধিক বৰষুণৰ ফলত সৃষ্ট বানপানী বা পানী জমা হোৱাৰ ফলত হোৱা শস্যৰ ক্ষতি।মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এই দুয়োটা লোকচানেই এতিয়া শস্য বীমা আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। বন্যপ্ৰাণীৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হ’ব আৰু পানী জমা হোৱাৰ ফলত হোৱা লোকচানৰো ক্ষতিপূৰণ দিয়া হ’ব।

দাবী নকৰাকৈ পৰি থকা ধন পাব ওভতাই ! বৰপেটা, চিৰাং, আৰু বঙাইগাঁৱত বিশেষ জিলা পৰ্যায়ৰ শিবিৰ ।

দাবী নকৰাকৈ পৰি থকা ধন পাব ওভতাই ! বৰপেটা, চিৰাং, আৰু বঙাইগাঁৱত বিশেষ জিলা পৰ্যায়ৰ শিবিৰ ।
দাবী নকৰাকৈ পৰি থকা ধন পাব ওভতাই ! বৰপেটা, চিৰাং, আৰু বঙাইগাঁৱত বিশেষ জিলা পৰ্যায়ৰ শিবিৰ ।

দেশজোৰা জনজাগৰণ অভিযান “আপোনাৰ ধন, আপোনাৰ অধিকাৰ”ৰ অংশ হিচাপে সমগ্ৰ অসমতে ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে জমাকাৰীৰ শিক্ষা আৰু সজাগতা পুঁজিৰ বিষয়ত জিলা পৰ্যায়ৰ সজাগতা আৰু সাহায্য শিবিৰৰ আয়োজন কৰা হৈছে।


এই পদক্ষেপৰ সৈতে সংগতি ৰাখি জিলা উপায়ুক্ত তথা মুখ্য জিলা পৰিচালকৰ তত্বাৱধানত অহা ২১ নৱেম্বৰ২০২৫ তাৰিখে বৰপেটা, চিৰাং, আৰু বঙাইগাঁও জিলাত জিলা পৰ্যায়ৰ শিবিৰৰ আয়োজন কৰা হ’ব। বৰপেটাত ডি আই চি চিৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত পুৱা ১০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ শিবিৰ অনুষ্ঠিত হ’ব। চিৰাং আৰু বঙাইগাঁৱতো একেধৰণৰ প্ৰস্তুতি চলি আছে। চিৰাঙত এই শিবিৰ জিলা কেন্দ্ৰ কাজলগাঁৱৰ পিডি ডি আৰ ডি এ কনফাৰেন্স হলত অনুষ্ঠিত হ’ব। অভয়াপুৰীৰ আৰএছইটিআইত পুৱা ১০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ এই শিবিৰ অনুষ্ঠিত হ’ব।
এই শিবিৰত নাগৰিকসকলক তেওঁলোকৰ দাবী নকৰা জমা ধন, দাবী নকৰা বীমা, দাবী নকৰা লভ্যাংশ, দাবী নকৰা শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ড দাবী কৰাত সহায় কৰিবলৈ সহায়ক কাউণ্টাৰ উপলব্ধ হ’ব। হিতাধিকাৰী/দাবীকাৰীসকলক প্ৰয়োজন অনুসৰি কে ৱাই চি (আপোনাৰ গ্ৰাহকক চিনি লওক) আপডেট, দাবী প্ৰ-পত্ৰ পূৰণ আৰু নথিপত্ৰ পৰীক্ষণৰ ক্ষেত্ৰতো সহায় কৰা হ’ব। ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে পৰ্যায়ক্ৰমে অসমৰ অন্যান্য জিলাসমূহতো একেধৰণৰ শিবিৰ অনুষ্ঠিত কৰা হ’ব।


জিলা উপায়ুক্তৰ নেতৃত্বত আৰু ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি (এছ এল বি চি), অসমৰ নিৰ্দেশনাত প্ৰতিখন জিলাৰ লিড বেংকৰ উদ্যোগত এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। এই পদক্ষেপত সকলো বেংক, বীমা কোম্পানী, পেঞ্চন বিভাগ, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি) আৰু বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি (আইইপিএফ)ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

বৃন্দাবনী বস্ত্ৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ বিচৰা নাছিল- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Vrindavani vastra

বৃন্দাবনী বস্ত্ৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ বিচৰা নাছিল- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Vrindavani vastra
বৃন্দাবনী বস্ত্ৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ বিচৰা নাছিল- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Vrindavani vastra

Vrindavani vastra । শঙ্কৰদেৱৰ অমূল্য সৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’ অসমীয়াৰ ধৰ্মীয়–সাংস্কৃতিক ঐতিহ্যই নহয়, ই সমগ্ৰ দক্ষিণ-পূৰ্ব এছিয়াৰ সংস্কৃতি চিন্তাৰ এক যুগান্তকাৰী নিদৰ্শন। বৃন্দাবনী বস্ত্ৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ লীলাসমূহৰ চিত্ৰ বৰ্ণনাৰে অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন অমূল্য বস্ত্ৰ। বৰপেটাৰ তাঁতীকুছিৰ শিপিনীসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত,গোপাল আতাৰ নেতৃত্বত বৈ উলিওৱা এই বৃন্দাবনী বস্ত্ৰ ১৯০৪ চনৰ পৰা সংৰক্ষিত হৈ আছে লণ্ডনস্থিত ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত। কিন্তু দুঃখজনকভাৱে, এই মূল্যবান সম্পদবিধ অসমলৈ আনিবলৈ পূৰ্বৰ কোনো চৰকাৰে যথেষ্ট সদিচ্ছা দেখুওৱা নাছিল। বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অৱহেলা আজিও সমালোচনাৰ কেন্দ্ৰস্থল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰিছে বহু বছৰ ধৰি লণ্ডনত বাস কৰা এগৰাকী প্রবাসী ভাৰতীয় ৰিণি কাকতিয়ে। তেওঁ কয় – “মই তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে বহুবাৰ কথা পাতিছিলোঁ, কিন্তু একো ফল পোৱা নাছিলোঁ। মোৰ এটাই আশা আছিল যে নতুন চৰকাৰ আহিলে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব।” তেখেতে জনোৱা অনুসৰি মুখ্যমন্ত্রী গগৈয়ে বৃন্দাবনী বস্ত্র লণ্ডনত থকাটোৱেই উচিত বুলি উল্লেখ কৰিছিল। প্রবাসী ভাৰতীয় ৰিণি কাকতিৰ ভাষ্যত এই কথা স্পষ্ট, কংগ্ৰেছ চৰকাৰৰ সময়ত অসমীয়াৰ শতাব্দী–প্ৰাচীন পৰিচয়টো প্ৰতিষ্ঠা কৰাৰ সৎ চেষ্টা বা আগ্ৰহ দুইটোয়েই অনুপস্থিত আছিল।

আনহাতে, সেয়া আছিল ২০১৩ চনৰ কথা। বিধান সভাত তেতিয়াৰ বিৰোধী বিধায়ক ৰণজিৎ কুমাৰ দাসে সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী প্রণতি ফুকনক সোধা প্রশ্নৰ উত্তৰত অসম চৰকাৰে বৃন্দাবনী বস্ত্র অনাৰ দিশত অক্ষমতা কথা প্রকাশ কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল – বস্ত্ৰখনিৰ দর্শন কৰিব পোৱাটোৱেই অতি কঠিন যেন লাগিছে, কাৰণ মিউজিয়াম কর্তৃপক্ষই যিকোনো ক্ষতিৰ বাবে সুৰক্ষা আৰু বীমাৰ ক্ষেত্ৰত কঠোৰ পূৰ্ব-চৰ্ত আৰোপ কৰি ৰাখিছে,” শ্রীমতী ফুকনে লগতে উল্লেখ কৰিছিল যে বিগত বর্ষৰ ২০১২ চনৰ ২৯ মে’ত মিউজিয়ামলৈ এখন পত্র প্রেৰণ কৰিছিল যদিও কোনো উত্তৰ এবছৰে পোৱা নাছিল। এই প্রসংগৰে আন এটি প্রেক্ষাপটত বস্ত্রখনি অনাৰ বাবে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰিবলৈ কেবিনেটৰ জৰিয়তে সিদ্ধান্ত লোৱা উচিত বুলি বিৰোধীয়ে প্রস্তাৱ কৰোঁতে এই বিষয়টো ভাবি চোৱা নাই বুলি দায়সৰা ধৰণৰ মন্তব্য আগবঢ়াইছিল।

আনকি, বর্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে ৰাজনৈতিক সদিচ্ছা, সাংস্কৃতিক দায়িত্ববোধ আৰু পৰিচালনাগত ক্ষমতাৰ এক যোগসূত্র গঠন কৰি বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যোৱা ১৭ নৱেম্বৰত ব্রিটিছ মিউজিয়ামৰ সৈতে চুক্তিসদৃশ ‘লেটাৰ অৱ ইণ্টেণ্ট’ স্বাক্ষৰ হোৱাই অসমলৈ বৃন্দাবনী বস্ত্ৰৰ আগমন নিশ্চিত কৰিছে। ২০২৭ চনত অসমবাসীয়ে নিজৰ চকুতেই এই ঐতিহাসিক সম্পদ দেখিবলৈ পাব – ই এক দৃষ্টান্তমূলক পদক্ষেপ। পূৰ্বৰ চৰকাৰৰ অৱহেলা, আমলাতান্ত্ৰিক জড়তা আৰু সাংস্কৃতিক মূল্যবোধৰ অভাৱৰ বিপৰীতে, বর্তমান চৰকাৰে দৃঢ়তা, সঠিক ব্যৱস্থাপনা আৰু অসমীয়াৰ ঐতিহ্য প্ৰতিষ্ঠাৰ হেঁপাহক বাস্তৱ ৰূপ দেখুৱাইছে। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা নিশ্চয়তাই সাংস্কৃতিক পুনৰুজ্জীৱনে নহয়- পূর্বৰ কংগ্ৰেছ চৰকাৰৰ সীমাবদ্ধতা আৰু ব্যৰ্থতাকো স্পষ্টভাৱে উন্মোচিত কৰি দিছে।

Tezpur News: ভাৰতৰ ভিতৰতে প্ৰথম বাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বপৰ খিতাপ দখল তেজপুৰৰ ছায়া বৰুৱাৰ

ভাৰতৰ ভিতৰতে প্ৰথম বাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বপৰ খিতাপ দখল তেজপুৰৰ ছায়া বৰুৱাৰ
ভাৰতৰ ভিতৰতে প্ৰথম বাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বপৰ খিতাপ দখল তেজপুৰৰ ছায়া বৰুৱাৰ

তেজপুৰ (Tezpur News) জিলা তথা ৰাজ্যবাসীকে নহয় ভাৰত বাসীক গৌৰৱান্বিত কৰি তেজপুৰৰ দুটি সন্তানৰ মহিলাই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ এক খবৰে তেজপুৰ তথা জিলাবাসীক উৎফুল্ল কৰি তুলিছে ।উল্লেখ্য তেজপুৰৰ ৰঙাপুখুৰীপাৰ নিবাসী ছায়া বৰুৱাই ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেছনৰ জৰিয়তে যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ ইন্দোনেছিয়াত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।

উল্লেখ্য ছায়া বৰুৱাই এই প্ৰতিযোগিতাৰ এথলেটিকছ ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অপেন কেটেকৰিত সোণৰ পদক অৰ্জন কৰি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে ।সমগ্ৰ বিশ্বৰ ৪৬ খন দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ অপেন শিতানত সমগ্ৰ বিশ্বৰ ৫০ গৰাকীকৈ অধিক প্ৰতিযোগীৰ মাজত সোণৰ পদকেৰে জিলিকি উঠা ছায়া বৰুৱাই হ’ল সমগ্ৰ ভাৰতৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ।কালি নিশা বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ছায়া বৰুৱা নিজৰ তেজপুৰ ৰঙাপুখুৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰৰ অসমীয়া ক্লাবত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই তেওঁলোকৰ খেলুৱৈ গৰাকীক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসেৰ উপস্থিতিত উষ্ম অভিনন্দন জ্ঞাপন কৰে ।

জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী পংকজ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এখন গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ বিষয়ববীয়া সকলৰ উপৰি শোণিতপুৰ জিলা শক্তি উত্তোলন সন্হা, ভাৰ উত্তোলন সন্হা, টাগ অফ ৱাৰ সন্হা ,যোগ ক্রীড়া সন্হাৰ লগতে তেজপুৰৰ অসমীয়া ক্লাবে বিশ্ব জয় কৰি অহা খেলুৱৈ গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ পিছত সাংবাদিকৰ আগত তেওঁৰ সংগ্ৰাম পূৰ্ণ এই যাত্ৰাৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে –

Five foreigners in Assam: ৫গৰাকী লোকক‌ বিদেশী ঘোষণাঃ ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব ৫ ব্যক্তিয়ে

অসমত পাঁচ বিদেশী
অসমত পাঁচ বিদেশী

অসমত পাঁচ বিদেশী! (Five foreigners in Assam) তেজপুৰস্থ বিদেশী ন্যায়াধীকৰন নম্বৰ -২এ যোৱা ২৪ অক্টোবৰত বিদেশী বুলি ঘোষণা কৰা শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ধোবাকটা গাঁৱৰ পাঁচগৰাকী লোকক বিদেশী বুলি ঘোষণা কৰা আদেশৰ আধাৰত শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কালি পৃথকে পৃথকে জাৰি কৰা আদেশ যোগে ২৪ঘন্টাৰ ভিতৰত উক্ত পাঁচ গৰাকী লোকক ধুবুৰী শ্ৰীভূমি অথবা দক্ষিণ শালমৰা মানকাচাৰ পথেৰে ঘুৰাই পঠাবলৈ আদেশ জাৰি কৰিছে।

তেজপুৰস্থ বিদেশী ন্যায়াধীকৰন-২ৰ আদালতে বিদেশী বুলি ঘোষণা কৰা আদেশৰ আধাৰত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে অসমৰ পৰা ঘুৰাই পঠাবলৈ আদেশ জাৰি কৰা কেইজনক ক্ৰমে

1) Musst Hanufa
W/o ALIJUL HAQUE.
2) Md Amjad Ali
W/o Matbar Ali
3)Musst Mariyam Nessa
W/o Md Amjad Ali
4)Musst Fatema
W/o Md Amjad
5)Musst Monowara
W/o Md Hasmot Ali বুলি প্ৰকাশ।

world children’s day 2025: ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ
ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস (world children’s day 2025) ৰচিলে ১২ বছৰীয়া নিবিৰ নেচন বৰুৱাই ।

আৰক্ষী অধীক্ষকৰ চকীত বহিল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা।

DSP হ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেছন বৰুৱা।

এদিনৰ বাবে বজালীত আৰক্ষী অধীক্ষকৰ ৰূপত ছাত্ৰ নিবিড় নেছন বৰুৱা।

বিশ্ব শিশু দিৱস উপলক্ষে এই কাৰ্যসূচী হাতত লৈছে বজালী আৰক্ষীয়ে।

Howly Rakh Mohotshav Lottery: হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ

হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ
হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ

১০০ টকাতে কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ।(Howly Rakh Mohotshav Lottery)

হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ।

হাউলী ৰাস মহোৎসৱৰ বৰঙণি পত্ৰ খেলৰ প্ৰথম উপহাৰ লাভ পুলকেশ কাকতিৰ।

মাত্র ১০০ টকাতে লাভ কৰিলে কোটিটকীয়া বিলাসী লেণ্ড ৰ’ভাৰ DEFENDER বাহন।

লাকী নম্বৰ 462884ত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে কোটিটকীয়া বিলাসী লেণ্ড ৰ’ভাৰ DEFENDER বাহনখন।

দ্বিতীয় উপহাৰ টয়’টা ফৰচনাৰ লাভ 433881 নম্বৰগৰাকীৰ।

তৃতীয় উপহাৰ টয়’টা ইন’ভা ক্রিষ্টা লাভ 619730 নম্বৰগৰাকীৰ।

চতুৰ্থ উপহাৰ টাটা চাফাৰী লাভ 345697 নম্বৰগৰাকীৰ।

World Children’s Day 2025: আজি বিশ্ব শিশু দিৱসঃ প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস
আজি বিশ্ব শিশু দিৱস

(World Children’s Day 2025) আজি বিশ্ব শিশু দিৱস। আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস ৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল সাৰ্বজনীন শিশু দিৱস হিচাপে ৷

বহু দেশে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল ৷ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰে ৷ ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনা বিশ্ব শিশু দিৱস উদযাপন কৰা হয় ৷

প্ৰতিটো শিশুৱে সুৰক্ষা, সমৰ্থন আৰু ন্যায্য সুযোগৰ যোগ্য বুলি বিশ্বজনীন সোঁৱৰণী হিচাপে প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়।

অৱশ্যে জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰে।