Home Blog Page 226

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ
Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

উখল-মাখল নীলাচলৰ বুকু।(Ambubachi Mela 2025)

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ মহাযোগ।

২২জুনৰ দিনৰ ২:৫৬ বজাত হ’ব প্রবৃত্তি ২৬ জুনৰ পুৱা হ’ব অম্বুবাচীৰ নিবৃত্তি।

২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শনৰ থাকিব সুবিধা মন্দিৰ খোলাৰ পাছত প্রথম দুদিন VIP, VVIPৰ বাবে নাথাকিব দৰ্শনৰ সুবিধা।

পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ।

৩-৪ ঘণ্টা সময়ৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত বাদ্যযন্ত্র বজাই অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্রশাসনৰ।

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months
Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai, one of India’s leading healthcare institutions, is pleased to announce that senior specialist doctors from Chennai will now be visiting Guwahati on a regular basis to offer advanced medical consultations and care. The initiative aims to bring world-class medical expertise closer to patients in the North East, reducing the need for them to travel long distances for specialized treatments.

As part of this program, Dr. Jayachandran PK, Senior Consultant – Oncology and Cellular therapy (Cancer Specialist), and Dr. V. Muralidharan, Senior Consultant – Spine Specialist, will be visiting Guwahati once every two months. This initiative will provide patients with direct access to leading specialists from Apollo Hospitals, Chennai, for critical and advanced medical consultations in the fields of blood cancer and spinal disorders.

Speaking on this initiative, Dr. Jayachandran PK said, “Our goal is to make high-quality, specialized state of the art cancer care more accessible to people in the North East Region. With regular visits to Guwahati, we can ensure that patients receive timely expert guidance and follow-up care without the burden of traveling to Chennai frequently.” Dr. Jayachandran brings in his more that 15 years of expertise in Cancer care in renowned cancer national and international centres to this region.

Dr. V. Muralidharan added, “Spine-related disorders are on rise and patient education remains the key to manage spine problems. Through this outreach, we are committed to providing high quality personalized care and treatment plans locally for patients in Assam and neighbouring states.”

Apollo Hospitals remains committed to bridging healthcare gaps and offering compassionate, world-class care to all regions of India.

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ’ব বহু স্বাস্থ্যৰ সমস্যা !

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !
Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !

ৰাতি শোৱাৰ পূৰ্বে কেতিয়াবা ভৰিৰ মালিচ কৰিছেনে? আগৰ দিনত শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ পৰামৰ্শ দিছিল। ভৰিৰ মালিচ কৰিলে স্বাস্থ্যৰ বহু উপকাৰৰ হয়।(Foot Massage)প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰিব লাগে আৰু কেইদিনমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰত দেখিবলৈ পাব। আয়ুৰ্বেদৰ মতে ৰাতি শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ অভ্যাস স্বাস্থ্যৰ বাবে অতি উপকাৰী।

দিনটো দৌৰি ফুৰাৰ পিছত পেশীৰ বিষ হোৱাটো অনিবাৰ্য। যদি আপুনি পেশীৰ বিষৰ পৰা মুক্তি পাব বিচাৰে তেন্তে ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰক। ভৰিৰ মালিচ কেৱল পেশীৰ বিষৰ পৰা উপশম কৰাই নহয়, আপোনাৰ পেশীবোৰ শিথিল কৰাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। বাতবিষৰ বিষত ভুগি থকা লোকসকলকো ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

যদি ৰাতি ভালদৰে টোপনি নাহে, তেন্তে ৰাতি শোৱাৰ পূৰ্বে ভৰি দুখন ভালদৰে মালিচ কৰিব লাগে। ভৰিৰ মালিচৰ সহায়ত আপুনি গোটেই দিনটোৰ মানসিক চাপৰ পৰা বহু পৰিমাণে উপশম পাব পাৰে, যাৰ ফলত আপোনাৰ মনটোৱে শিথিল অনুভৱ কৰিব আৰু আপুনি শান্তিৰে শুব পাৰিব।

ভৰিৰ মালিচ কৰিলে তেজৰ সঞ্চালন ভাল হ’ব, যাৰ ফলত আপোনাৰ ভাগৰ নাইকিয়া হৈ যাব। মাইগ্ৰেইন বা মূৰৰ বিষৰ সমস্যা থাকিলেও প্ৰতি নিশা শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিলে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ভৰিৰ মালিচৰ বাবে সৰিয়হৰ তেল, আলমণ্ড অইল, অলিভ অইল, তিল তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !
Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। (Watermelon Benefits)কাৰণ ই পুৰুষৰ বাবে অতি উপকাৰী আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। তৰমুজ খালে আন বহুতো উপকাৰো পোৱা যায়।


বেছিভাগ ৰোগেই শৰীৰৰ ভিতৰত ঘটা প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত হয়। কিন্তু এই ফলত লাইকোপেন আৰু ভিটামিন চি নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ দূৰ কৰে।

চকুৰ দৃষ্টিশক্তিৰ বাবেও লাইকোপেন উপকাৰী। বয়সৰ লগে লগে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটাত বাধা দিয়ে। ইয়াৰ ফলত চকুৰ কোষবোৰ সুস্থ হৈ থাকে আৰু বৃদ্ধ বয়সতো দৃষ্টিশক্তি দুৰ্বল নহয়।

চিট্ৰুলিনে ব্যায়ামৰ ক্ষমতাও বৃদ্ধি কৰে বুলি জনা যায়। ৱৰ্কআউটৰ পিছত বিষ আৰু জঠৰতা তৰমুজ খালে উপশম পাব পাৰি।

গ্ৰীষ্মকালত শৰীৰৰ ভিতৰত পানীৰ অভাৱ হ’ব পাৰে। যাৰ ফলত হিটষ্ট্ৰ’ক হ’ব পাৰে। তৰমুজত যিহেতু প্ৰচুৰ পৰিমাণে পানী থাকে সেইবাবে খাব লাগে তৰমুজ।


তৰমুজৰ গুটি কম কেলৰিযুক্ত খাদ্য, যিয়ে মেগনেছিয়াম, আইৰণ, ভাল চৰ্বি, জিংক থাকে।

আনহতে এতিয়া কঁঠাল খোৱাৰো বতৰ। কেঁচা, পকা দুয়োবিধ কঁঠালেই শক্তিদায়ক। কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। কৌষ্ঠকাঠিন্যত ভোগাসকলে কঁঠাল খাব লাগে। কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। যৌনশক্তি বৃদ্ধিও কঁঠালে সহায় কৰে। কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কঁঠালত আঁহ থাকে যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা
HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা।(HSLC Compartmental Result 2025)

পৰীক্ষাত উত্তীর্ণ হয় ১৩,৫৮৫গৰাকী পৰীক্ষাৰ্থী।

পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৫৪,১৩৪পৰীক্ষাৰ্থী।

কম্পার্টমেন্টেল পৰীক্ষাত উত্তীৰ্ণ হাৰ ২৫.০৯ শতাংশ।

প্রথম বিভাগত ৪২২ গৰাকী, ২য় বিভাগত ৮৯৭৫ গৰাকী উত্তীর্ণ আৰি তৃতীয় বিভাগত উত্তীৰ্ণ ৪১৮৮ গৰাকী।

আনহাতে ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩ গৰাকী শিক্ষার্থীয়ে।

Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ’ব উত্তৰাধিকাৰী ?

Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ'ব উত্তৰাধিকাৰী ?
Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ'ব উত্তৰাধিকাৰী ?

সঞ্জয় কাপুৰ বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানী, যাৰ মাৰ্কেট কেপ আছিল প্ৰায় ৪ বিলিয়ন ডলাৰ।(Sunjay Kapur)

অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী আছিল বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানীৰ মুৰব্বী। কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁ সম্পত্তিক লৈ। কোন হ’ব তেওঁৰ ৪ বিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ কোন হ’ব উত্তৰাধিকাৰী?(Sunjay Kapur)

সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰৰ দুটা সন্তান আছে। আনহাতে সঞ্জয় দ্বিতীয় পত্নীৰো আছে এটা সন্তান। তেনে স্থলত ৪ বিলিয়ন ডলাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব তাকে লৈ জল্পনা-কল্পনা অব্যাহত।

সঞ্জয়ৰ ₹10300 কোটি ধনৰ কিমানখিনি পাব কৰিশ্মা কাপুৰৰ ল’ৰা-ছোৱালীয়ে তাক লৈ চৰ্চা বৰ্তমান। কৰিশ্মা কাপুৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ল’ৰা-ছোৱালীৰ বাবে ১৪ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল সুঞ্জয় কাপুৰে।

সুঞ্জয়ৰ তিনিটা সন্তান। কৰিশ্মাৰ সৈতে তেওঁৰ দুটা ল’ৰা-ছোৱালী – সমইৰা আৰু কিয়ান। তেওঁৰ দ্বিতীয় পত্নীৰ এটি পুত্ৰ সন্তান যাৰ বয়স মাত্ৰ ৬ বছৰ।

ফৰ্বছে উল্লেখ কৰিছে যে সুঞজয় কাপুৰৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন ডলাৰ ( ₹১০৩০০ কোটি)। আলোচনীখনে উল্লেখ কৰিছে যে ২০২২ আৰু ২০২৪ দুয়োটা বৰ্ষতে সুঞ্জয়ৰ শীৰ্ষ সম্পদৰ মূল্য আছিল ১.৬ বিলিয়ন ডলাৰ ( ১৩০০০ কোটি ₹।আইন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিচালনা তেওঁৰ পত্নী প্ৰিয়া সচদেৱৰ হাতলৈ যায়। অৱশ্যে কৰিশ্মা কাপুৰৰ লগত থকা তেওঁৰ সন্তান দুটা সমইৰা আৰু কিয়ানকো ভালদৰে চোৱা-চিতা কৰা হয়। লিগেচি প্লেনিঙৰ অংশ হিচাপে সুঞ্জয়ে দুয়োকে ১৪ কোটি টকাৰ বণ্ড উপহাৰ দিছিল, লগতে তেওঁলোকৰ বাবে মাহিলী ১০ লাখ টকাকৈ আয় নিশ্চিত কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

২০০৩ চনত কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুনজয় কাপুৰ। ২০১৭ চনত অভিনেত্ৰী প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৃহস্পতিবাৰে লণ্ডনত প’ল’ খেলি থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৫৩ বছৰীয়া সঞ্জয় কাপুৰৰ মৃত্যু হয়।

Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !

Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !
Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !

গৰমত ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে বেছিভাগ লোকে।(Skin Care)

গৰমৰ দিনত মুখত পিম্পলৰ সমস্যা বৃদ্ধি হোৱাটো স্বাভাৱিক। গ্ৰীষ্মকালত বহুতে এই সমস্যাত ভুগিবলগীয়া হয়। ইয়াৰ মূল কাৰণ ঘাম আৰু ইয়াৰ ছালৰ ছিদ্ৰত ধূলি জমা হোৱা। ইয়াৰ বাবেই ছালত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়। ছালখনত ফোহাৰে আবৃত হৈ থাকে। মুখৰ বিভিন্ন ঠাইত আৰু এটা বা দুটা পিম্পল দেখা দিব পাৰে। গালত, নাকত বা ওঁঠত হ’ব পাৰে এনো ফোঁহা ।

ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে গ্ৰীষ্মকালত অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে ফেচ ৱাছ ব্যৱহাৰৰ সলনি ঘৰুৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি এনে সমস্যা দূৰ কৰিব পাৰে।

১/২ কাপ বিশুদ্ধ পানী ল’ব তাৰ পিছত তাত ১ টা গ্ৰীণ টি বেগ বা ১ চামুচ গ্ৰীণ টি দিব লগতে দিব ১ টেবুল চামুচ এলোভেৰা জেল। প্ৰথমে বিশুদ্ধ পানী উতলাই তাৰ পিছত চাহ দিব। পাঁচ মিনিট তিয়াই থওক। তাৰ পিছত পেষ্টটো ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে মিক্সাৰত দি ল’ব।

এই পেষ্ট তৈয়াৰ হোৱাৰ পিছত স্প্ৰে’ বটল এটাৰে ভৰাই ফ্ৰীজত ৰাখিব। ব্যৱহাৰৰ আগতে জোকাৰি ল’বলৈ নাপাহৰিব।

Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ

Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ
Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ(Namphake news)উদ্যোগত আৰু নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহযোগত ‘অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন’ শীৰ্ষক এখন আলোচনাচক্ৰ আৰু ক্ষেত্ৰ অধ্যয়ন অনুষ্ঠিত হয়। ১৪ আৰু ১৫ জুন তাৰিখে নামফাকে গাঁও আৰু নাহৰকটীয়া কলেজত অনুষ্ঠিত এই দুদিনীয়া কাৰ্যক্ৰমনিকাত সমল ব্যক্তি হিচাপে অংশ লয় মহাথেৰ জ্ঞানপাল ভিক্ষু, নাহৰকটীয়া কলেজৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু লেখক-সাংবাদিক পেইম থি গোহাঁয়ে। প্ৰথম দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নামফাকে গাঁওৰ বৌদ্ধ মঠৰ প্ৰেক্ষাগৃহত।

দ্বিতীয় দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নাহৰকটীয়া কলেজত। দুয়োটা দিনতে টাইফাকে সকলৰ ঘৰে ঘৰে গৈ পৰ্যটন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰে। এই কাৰ্যসূচীৰ স্থানীয় সমন্বয়কৰ দায়িত্বত থাকে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পৰেশ খনিকৰ। নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মুনমী দত্ত, কংকনা বাৰিক, গৱেষক পূবালী বৰা, খগেন পেগু আৰু কৃপাৰেখা গগৈয়ে অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব লয়।

নৰ্থ লখিমপুৰ কলেজ আৰু নাহৰকটীয়া কলেজৰ মুঠ 75 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সমগ্ৰ কাৰ্যসূচীত অংশ লয়। এই ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনাচক্ৰৰ পৰিকল্পনা, পৰিচালনা আৰু মুখ্য সমন্বয়কৰ দায়িত্বত আছিল নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ অৰবিন্দ ৰাজখোৱা।

Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?
Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

আপুনিও আপোনাৰ ব্যস্ত জীৱনশৈলীৰ বাবে প্ৰতিদিনে নিশা ৯ বজাৰ পিছত(Right Time to Eat Food in Night) ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি? আজিকালি বেছিভাগ মানুহেই ৰাতিৰ আহাৰ দেৰিকৈ খায়। প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে পেলায় জানো আহক।

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বেছিভাগ মানুহেই গভীৰ নিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰে। ৰাতিৰ আহাৰ দেৰিকৈ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ৰাতিৰ আহাৰ সোনকালে নোখোৱাৰ বাবে টোপনিৰ ক্ষতিও হয়।

আধুনিক জীৱনশৈলীত গভীৰ নিশালৈকে কাম কৰা, ছ’চিয়েল মিডিয়াত ব্যস্ত বা দেৰিকৈ ঘৰ সোমোৱাটো সাধাৰণ হৈ পৰিছে। ইয়াৰ বাবেই বহুতে ৰাতি ৯ বজাৰ পিছত বা তাৰ পিছতো ৰাতিৰ আহাৰ খায়। কিন্তু গভীৰ নিশা ৰাতিৰ আহাৰ খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে জানেনে-

প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে জানো আহক-

আচলতে ৰাতিৰ সময়ত বিপাকীয় ক্ৰিয়া দিনৰ দৰে দ্ৰুত নহয়। গতিকে ৰাতি দেৰিকৈ খালে খাদ্য হজম কৰিবলৈ অধিক কষ্ট কৰিব লগা হয়, যাৰ ফলত বদহজম, গেছ, এচিডিটি আৰু পেট ফুলা হ’ব পাৰে।

ৰাতি দেৰিকৈ খাদ্য খোৱা লোকৰ মেদবহুলতাৰ আশংকা বেছি। কাৰণ ৰাতি কেলৰি জ্বলি নাযায় আৰু শৰীৰে ইয়াক জমা কৰি ৰাখে। ইয়াৰ উপৰিও পলমকৈ খাদ্য খোৱাৰ পিছত শুলে শৰীৰত ইনচুলিন প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ আৰু বিপাকীয় বিকাৰৰ সৃষ্টি হ’ব পাৰে।

ৰাতিৰ আহাৰ খোৱাৰ লগে লগে শুলে পেটটো গধুৰ অনুভৱ হয় আৰু টোপনি বাধা দিয়ে। লগতে এচিড ৰিফ্লাক্সৰ সমস্যাও হ’ব পাৰে, যাৰ ফলত বুকুত জ্বলন পুৰন আৰু অস্বস্তিৰ সৃষ্টি হয়। ভাল টোপনিৰ বাবে খাদ্য খোৱা আৰু শোৱাৰ মাজত কমেও ২-৩ ঘণ্টাৰ ব্যৱধান থাকিব লাগে।

ৰাতিৰ আহাৰ সন্ধিয়া ৬:৩০ৰ পৰা ৭:৩০ বজাৰ ভিতৰত খাব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰে খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পাব আৰু ৰাতিও ভাল টোপনিও পাব।

Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল! ৬ জুনৰ টিকট বাতিল কৰি ১২ তাৰিখৰ টিকট বুকিং কৰিছিল এই দম্পতীয়ে

Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল!
Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল!

এই প্ৰবাসী দম্পতীয়ে ৬ জুনৰ টিকট বাতিল কৰি(Ahmedabad Plane Crash) ১২ তাৰিখৰ টিকট বুকিং কৰিছিল। তেওঁলোক ৬ জুনত লণ্ডনলৈ উভতি যোৱাৰ কথা আছিল। সকলো ঠিকেই আছিল। কিন্তু মোনালি পেটেল আৰু তেওঁৰ স্বামী ছানী পেটেলে আৰু কেইটামান দিন পৰিয়ালৰ সৈতে কটাব বিচাৰিছিল। গতিকে তেওঁলোকে ১২ জুনত এয়াৰ ইণ্ডিয়া গেটৱিক অভিমুখী বিমানৰ টিকট বুকিং কৰিলে। পৰিয়ালৰ লোকে কয় যে তেওঁলোকক মৃত্যুৱে মাতিলে! এতিয়া আত্মীয়ই মোনালি আৰু ছানীৰ মৃতদেহ গ্ৰহণৰ বাবে অপেক্ষা কৰি দিন পাৰ কৰিছে।

আহমেদাবাদ-গেটৱিক অভিমুখী বিমানখনত ২৪২ জন লোক আছিল। মাত্ৰ এজনৰহে প্ৰাণ ৰক্ষাল পৰিল। বিধ্বস্ত হোৱা এ আই ১৭১ বিমানখনৰ ৩৩জন লোক গুজৰাটৰ আনন্দৰ আছিল। ইয়াৰে অধিকাংশই প্ৰবাসী ভাৰতীয়। এই আনন্দক গুজৰাটৰ ‘এন আৰ আই চহৰ’ বুলি কোৱা হয়। মোনালি আৰু ছানীয়ে বৃহস্পতিবাৰে সেই চহৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত উঠি নিজৰ আপোনজনক বিদায় দিছিল। কাজিন জিগনেশ পেটেলে কয় যে দুয়োজন বিগত দুমাহ ধৰি ভাৰতত আছিল। মোনালি চিকিৎসাৰ বাবে ইয়ালৈ আহিছিল। ছানিও পত্নীৰ সৈতে আহিল, ব্যৱসায় বন্ধ কৰি। ৬ জুনৰ বাবে টিকট বুকিং কৰিছিল যদিও পাৰিবাৰিক কাৰণত পিছুৱাই দিছিল। তেওঁলোকে এয়াৰ ইণ্ডিয়াৰ বিমানত ১২ তাৰিখৰ বাবে টিকট বুকিং কৰিছিল।

লণ্ডনলৈ উৰা মাৰোঁতে ঘটিল ভয়ংকৰ বিমান দুৰ্ঘটনাটো। মৃত্যুৱে যেন তেওঁলোকক মাতি আছিল। সেই ভয়ংকৰ বিমান দুৰ্ঘটানত আন লোকৰ সৈতেও তেওঁলোকেও প্ৰাণ হেৰুৱালে।