Home Blog Page 226

Kakopathar News: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ

কাকপথাৰত নাট সমাৰোহ (Kakopathar News) সম্পন্ন৷ ৬ খনকৈ নাট প্ৰদৰ্শন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰে নাট সমাৰোহ৷

বিভিন্ন ঠাইৰ ন-শিকাৰুৰ অভিনয়েৰে মঞ্চস্থ হোৱা কেইবাখনো নাট কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে।

নাট প্ৰদৰ্শনৰ পূৰ্বে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাট সমাৰোহখনি আনুষ্ঠনিকভাৱে শুভ উদ্বোধন কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই।

প্ৰায় তিনি শতাধিক নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতত অনুৰাগ বৰাৰ পৰিচালনাত ‘শিয়াল পণ্ডিতৰ বিলৈ’, জোনাক বৰাৰ পৰিচালনাত ‘পাৰিম পাৰিমেই’, মৃগাঙ্ক দিহিঙীয়াৰ পৰিচালনাত ‘একলব্যৰ মৃত্যু’, সৌৰভ দহোতীয়াৰ পৰিচালনাত ‘বাঁক’, ৰাজীৱ লোচন বৰাৰ পৰিচালনাত ‘নামৰে কঠীয়া’, অনুৰাগ বৰাৰ পৰিচালনাত ‘শেষ নোহোৱা সাধু’ আদি মুঠ ৬ খন নাট প্ৰদৰ্শন কৰা হয় ৷

Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান

Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান
Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত (Golaghat eviction) উচ্ছেদ অভিযান। শতাধিক এক্সকেভেটৰৰেৰ পুৱাৰে পৰা চলিছে উচ্ছেদ। বেদখল মুক্ত কৰা হ’ব ১০ হাজাৰ ৯৬০ বিঘা ভূমি, উচ্ছেদ হ’ব দুহেজাৰৰো অধিক পৰিয়াল।


আৰম্ভ হ’ল উৰিয়ামঘাটৰ উচ্ছেদ অভিযান। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। আজিৰে পৰা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা চলিছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৷ দুহেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী সাজু উচ্ছেদ অভিযানত
সাজু ১০০ কৈও অধিক এক্সাভেটৰ। জানিব পৰা মতে অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বোলড’জাৰ।

উচ্ছেদৰ তালিকাত থকা গাঁৱসমূহৰ হ’ল সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান। ইফালে গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা। কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু বিষয়া আহি উপস্থিত হৈছেহি সৰুপথাৰত। উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সাভেটৰ। বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনৰ ৷

Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন
Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

কলিয়াবৰৰ অগ্ৰণী অনুষ্ঠান (Kaliabor News) ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা শীৰ্ষক এক ব্যতিক্ৰমী কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে৷ চৌদিশ অভিনয়, গীত, নৃত্য আদিৰ কৰ্মশালা চলি থকাৰ সময়তে এই অনুষ্ঠানটোৱে সমাজৰ বাবে নাট্য সৃষ্টি কৰিব পৰা এমুঠি নাট্যকাৰক আগুৱাই অনাৰ প্ৰয়াসেৰে এই কৰ্মশালাখনিৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে অনুষ্ঠানটোৰ সভাপতি নৃপেন চন্দ্ৰ কেওঁটে৷

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীত নাট্য সৃষ্টিৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ আগশাৰীৰ নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ নেতৃত্বত নাট্যকাৰ পৰিচালক মহেন্দ্ৰ কাকতি, নৃপেন চন্দ্ৰ কেওঁটে এই কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক নাটক লেখন, চৰিত্ৰ সৃষ্টি, সংলাপ, পৰিৱেশ সৃষ্টিকে ধৰি বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ অনুষ্ঠানটোৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানটিত

উপস্থিত থাকে নাট্যকৰ্মী তথা অভিনেতা মৃদুল হাজৰিকা, প্ৰশান্ত প্ৰতীম হাজৰিকা, ৰূপজ্যোতি গোস্বামী, ধনবৰ ভূঞা, অংকুৰ হাজাৰীকে ধৰি বহুকেইগৰাকী ব্যক্তি৷ কুঁৱৰীটোলস্থিত কলিয়াবৰ শাখা সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত কৰ্মশালাখনিৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!
Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

হেৰুৱাৰ বাইকৰ সন্ধান (Bongaigaon News) দিয়ক আৰু লৈ জাওক ১০ হাজাৰ টকাৰ পুৰুস্কাৰ। খবৰ অনুসৰি আজি পাঁচদিন পুৰ্বে নৃত্য বজাৰৰ পৰা এখন গ্লেমাৰ বাইক হেৰাই। এজন অতি দৰিদ্ৰ যুৱকৰ সপোনৰ বাইকখনত চকু পৰিল দুষ্ট চক্ৰৰ।

বঙাইগাওঁ জিলাৰ নৃত্য বজাৰৰ মাজ মজিয়াৰ পৰা সন্ধিয়া এখন বাইক চুৰি হোৱাৰ ঘটনাই সমগ্ৰ বহলপুৰ আৰু নৃত্য বজাৰত এক হাহাকাৰময় পৰিস্তিতি সৃষ্টি কৰিছে। জালিকুৰা গাঁৱৰ ছানোৱাৰ আলী নামৰ যুৱক জনে বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সিমাবৰ্তি নৃত্য বজাৰত বজাৰ কৰিবলৈ গৈছিল বাইকখন লৈ।

বাইকখন বজাৰৰ মাজ মজিয়াত ৰখাই থৈ বজাৰ কৰি আছিল যুৱকজনে। বজাৰ কৰি ঘৰলৈ অহাৰ সময়ত বাইকখন দেখা নাপাই যুৱকজন হতভম্ব হৈ পৰিল। পিছত বিভিন্ন ঠাইত বিচাৰিও সন্ধান নাপালে বাইকখনৰ।

চুৰি হোৱা বাইক খনৰ নম্বৰ AS19J4708 বুলি জানিব পৰা গৈছে। ইতিমধ্যো বইটামাৰী আৰক্ষী চকীত ভুক্তভুগীয়ে এজেহাৰ দাখিল কৰিছে। ভুক্তভুগী ছানোৱাৰ আলীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে হেৰাই যোৱা বাইকখনৰ সন্ধান দিব পাৰিলে ১০ হাজাৰ টকা পুৰুস্কাৰ দিব।

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ
Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

স্বচ্ছতাই এক সেৱা। (Sivasagar News) এই সেৱা আগবঢ়াবলৈ ওলাই আহিছে শিৱসাগৰ জিলা গৃহৰক্ষী স্বেচ্ছাসেৱক সকল। জন সেৱাৰ্থে কাম কৰি থকা এই সেৱক সকলৰ লক্ষ্য হ’ল ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে স্বচ্ছতাক ৰাইজৰ মাজলৈ নিয়া। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত যোৱা শনিবাৰে ঐতিহাসিক ন-পুখুৰী পাৰত এক চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা দেখা যায়।

দীৰ্ঘদিন ধৰি আৱৰ্জনাই ভৰি পৰা ঐতিহাসিক ন-পুখুৰী পাৰৰ লগতে পুখুৰীৰ পাৰতে অৱস্থিত জিলা শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চাৰিও দিশে এই চাফাই অভিযান কাৰ্যসূচী হাতত লয় গৃহৰক্ষী স্বেচ্ছাসেৱক সকলে।

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন
Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন

অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি প্ৰতিজন অসমীয়াৰ অন্তৰ্ভুক্তিৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷ সুদক্ষ সংগঠকৰ দ্বাৰাহে সংগঠন শক্তিশালী হয়; সেয়েহে, আহক আমি সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাৰ সন্মানীয় সভ্য পদ গ্ৰহণ কৰো৷ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এখন বিশেষ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে এনেদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১০৮ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভা সম্প্ৰতি বিশ্বৰ বৃহৎ সাহিত্যানুষ্ঠানলৈ পৰ্যবসিত হ’বলৈ আৰম্ভ কৰিছে৷

সেয়েহে শাখা গঠনৰ জৰিয়তে আমাৰ বুকুৰ আপোন সংগঠনটোক অধিক শক্তিশালী কৰাত হাত উজান দিও৷ শোণিতপুৰৰ কলাকুছি – বাঁহবেৰাৰ বৃহত্তৰ এলেকাত অসম সাহিত্য সভাৰ এখন শক্তিশালী শাখা সমিতি গঠনাৰ্থে আজি কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আব্বাছ আলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে৷ সভাৰ প্ৰচাৰ আহ্বায়কগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ পৱিত্ৰ মিলনভূমি স্বৰূপ অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ লগতে অসমৰ প্ৰতি সৰু বৰ জাতি জনগোষ্ঠীৰ স্বকীয় সাহিত্য সমূহ দাঙি ধৰাৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷

সেয়েহে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়েই অসম সাহিত্য সভাৰ এই বৰ্ণিল যাত্ৰাৰ অংশীদাৰিত্ব গ্ৰহণ কৰা উচিত৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে ভাষণত কয় যে জ্যোতি বিষ্ণুৰ ভূমি শোণিতপুৰত অৰ্ধশতাধিক শাখা গঠনেৰে জিলা সভাই অসম সাহিত্য সভাক সাংগঠনিকভাৱে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৰে পৰিপ্ৰেক্ষিতত আজি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ তৎপৰতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হোৱাকৈ আজি ইয়াত এখন শাখা সভা গঠনৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ পাই নিজকে ধন্য মানিছো৷

শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভোলা ৰাম ৰাউতীয়া, মিছামাৰী শাখা সাহিত্য সভাৰ উপসভাপতি ডা° মাইনুল হক, অসম সাহিত্য সভাৰ আজীৱন সভ্য নুৰুল হক, নাজিৰ আহমেদ , অধিবক্তা প্ৰিয়ৰঞ্জন ঘোষ, মৌলানা মঃ জালাল উদ্দিন তাৰিক আনচাৰী, মুক্তাৰ হুচেইন আলি আকবৰ, কাজি ৰফিক উদ্দিন প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত প্ৰধান শিক্ষক আব্বছ আলিক সভাপতি, আৰু নুৰুল হকক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিৰে বাঁহবেৰা কলাকুছি শাখা সাহিত্য সভা নামেৰে নতুন শাখাটি গঠন কৰা হয়৷ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি হোৱা সভাখন জাতীয় সঙ্গীত পৰিৱেশনেৰে সভাখন সফল সামৰণি পৰে৷।

Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ

Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ
Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ

আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখত ইজৰাইল (Israel Gaza War) সেনাই গাজাত ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰে। কেইবাটাও অঞ্চলক ‘নিৰাপদ’ বুলি চিহ্নিত কৰা হয়। প্রতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ সেই অঞ্চলসমূহত কোনোধৰণৰ আক্রমণ নহ’ব বুলি কোৱা হৈছিল৷ কিন্তু ইজৰাইলৰ গুলীবৰ্ষণ বন্ধ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি গাজাত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতো ইজৰাইলৰ আক্ৰমণত আৰু কমেও ৬৩ জন লোকৰ মৃত্যু হৈছে। খাদ্যৰ অভাৱতো মৃত্যু হোৱা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

দেওবাৰে ইজৰাইল সেনাই ঘোষণা কৰে যে আল-মাৱাছি, ডেইৰ এল-বালাহ, গাজা চহৰকে ধৰি মধ্য আৰু উত্তৰ গাজাৰ কেইবাটাও অঞ্চলত দৈনিক ১০ ঘণ্টাৰ বাবে সামৰিক অভিযান স্থগিত ৰখা হ’ব। লগতে প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ কিছুমান বিশেষ পথ মুকলি কৰি দিয়া হ’ব যাতে খাদ্য সামগ্ৰীৰ যোৱা ক্ষেত্ৰত সহায় হয়। কিন্তু এই ঘোষণাৰ পিছতো দেওবাৰে পুনৰ গাজা চহৰত বিমান আক্ৰমণ সংঘটিত হয়। বহু লোক নিহত হোৱাৰ লগতে বহু আহত হয়।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত অনাহাৰ আৰু অপুষ্টিকৰ ফলত ছজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে দুটা শিশু, ইয়াৰে এজনৰ বয়স মাত্ৰ পাঁচ মাহ। ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত খাদ্য অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৩ লৈ বৃদ্ধি পাইছে। পুষ্টিহীনতাৰ বাবে বহুতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ যে চিকিৎসকেও খাব পৰা নাই।

Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !

Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !
Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !

নেমুত প্ৰচুৰ পৰিমাণে (Lemon Tea) ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কিন্তু আপুনি জানেনে যে যদি নেমু ৰস ক’লা চাহৰ সৈতে বাৰে বাৰে খোৱা হয়, তেন্তে স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা থাকে।

গাখীৰ আৰু চেনিৰ সৈতে বেছিকৈ চাহ খালে ডায়েবেটিছ আৰু কোষ্ঠকাঠিন্যৰ সম্ভাৱনা বৃদ্ধি পায়, এই কাৰণেই বহুতে ৰঙা চাহক স্বাস্থ্যসন্মত বুলি ভাবে, কিন্তু ৰঙা চাহ স্বাস্থ্যৰ বাবে উপকাৰী নে?

ৰঙা চাহ আৰু নেমুৰ সংমিশ্ৰণ-

নেমুক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু ৰঙা চাহৰ সৈতে খাব নালাগে নেমু। ইযাৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে।

নেমুৰ সৈতে ৰঙা চাহ খালে সেৱন কৰা লোকৰ ক্ৰিয়েটিনিন বৃদ্ধি হ’ব পাৰে, যাৰ মাত্ৰা সাধাৰণতে ১ৰ তলত হ’ব লাগে।বৃক্কৰ কাম হ’ল শৰীৰৰ তৰল পদাৰ্থত থকা মলি পৰিষ্কাৰ কৰা, যদি বৃক্কত কিবা সমস্যা থাকে, তেন্তে গোটেই শৰীৰটোতেই ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বিশ্বাস কৰে যে যিকোনো বস্তু অতিৰিক্তভাৱে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে সীমিত পৰিমাণত খাব লাগে। যদি ভিটামিন চি বেছিকৈ খায়, তেন্তে শৰীৰত অক্সালেটৰ পৰিমাণ বাঢ়িব, যাৰ ফলত বৃক্কৰ সংক্ৰমণ আনকি বৃক্ক বিকল হ’ব পাৰে।

Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!

Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!
Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!

আজি দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ।(Nandini Kashyap)

এটা পথ দুৰ্ঘটনাক লৈ অভিনেত্ৰীগৰাকীলৈ চমন জাৰি কৰিছিল দিছপুৰ আৰক্ষীয়ে।

অভিনেত্ৰীগৰাকী গাড়ীৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি অভিনেত্ৰীগৰাকী পলোৱাৰো অভিযোগ।

এই পথ দুৰ্ঘটনাৰ বাবে আজি দিছপুৰ থানাত হাজিৰ হয় নন্দিনী কাশ্যপ।

অভিনেত্ৰীগৰাকীৰ গাড়ী খুন্দাত গুৰুতৰভাৱে আহত যুৱকজন GMCHত জীৱন মৃত্যুৰে যুঁজি আছে।

আনহাতে দেওবাৰে নিজৰ ভুল বুজি ভিডিঅ’যোগে ক্ষমা বিচাৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে ।

খন্তেক সময়ৰ পূৰ্বে অভিনেত্ৰীগৰাকী হাজি হৈছে দিছপুৰ থানাত।

সংবাদ মাধ্যমক অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বৰ্তমান GMCHত আছে, মই খবৰ ল’ম আৰু সংবাদ মাধ্যমকো সকলো কম প্ৰথমে মই থানাৰ পৰা আহি লওঁ।

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

হাঁহচৰা টাই একাডেমীৰ উদ্যোগত (Hahchara News) আৰু হাঁহচৰা কেন্দ্ৰীয় মে-ডাম -মে -ফি, আটাছু পূব হাঁহচৰা আঞ্চলিক সমিতি, মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাৰ সহযোগত ২১ জুলাইৰ পৰা ২৭ জুলাই ২০২৫ লৈ আয়োজন কৰা টাই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। ২৭ জুলাইত দিনটোত হাহঁচৰা টাই একাডেমীৰ সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে চাও অনুপ বৰপাত্ৰগোঁহাই, আদৰণি ভাষণ আগবঢ়াই টাই একাডেমীৰ অধ্যক্ষ চাও ভৰত চন্দ্ৰ চেতিয়াই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা শিশু সাহিত্যক বুলু চেতিয়া, সমাজকৰ্মী অনন্ত চেতিয়া, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন চেতিয়া, নবীন বৰপাত্ৰগোঁহাই, সমাজ সেৱিকা শিখা প্ৰিয়া গগৈ। এই মুকলি সভাত মুখ্য প্ৰশিক্ষক মানচাও সুশীল ফুকন সম্বৰ্ধনা জনাই।

হাঁহচৰা টাই একাডেমীৰ সাংস্কৃতিক সম্পাদক চাও মৃদুল পংকজ বৰগোহাঁই আঁতধৰা অনুষ্ঠানৰ উপস্থিত থাকে সাংবাদিক ধুব্ৰু গগৈ, সাংবাদিক জয়ন্ত চেতিয়া, সীমান্ত দত্ত, বিপুল বৰুৱা, ইন্দ্ৰ বৰুৱা, গৌতম কোঁছ, অৰুন গগৈ , সুৰভী বৰ পাত্ৰ গোহাঁই, সবিতা বৰুৱা আদি কৰি বহ সংখ্যাক অভিভাৱক অভিভাকা উপস্থিত থাকি সভাৰ সৌস্থৱ বৃদ্ধি কৰে।
ছাত্ৰ-ছাত্ৰী সকলে প্ৰশিক্ষণ লোৱা বাৰে ৰহনীয়া সাংস্কৃতিক গীত, নৃত্য পৰিৱেশন কৰি দিনটোৰ জীপাল কৰি তুলে।
সদৌ শেষত টাই একাডেমীৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সফল সামৰণি পৰে।