Home Blog Page 2266

অভিনেত্ৰী কৃতি চাননে ক’লা লেহেঙ্গা পৰিধান কৰি দিছে হত্যাকাৰীৰ ভংগীমা , অনুৰাগীসকলে কলে ‘ষ্টাইলত মৰিছে তাই’

বলীউডৰ হট এণ্ড গৰ্জিয়াছ অভিনেত্ৰী কৃতি চানন ছচিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰতিদিনে কিবা নতুন আপলোড কৰি অনুৰাগীসকলৰ সৈতে আচৰণ কৰা দেখা গৈছে। শেহতীয়াকৈ, কৃতি চাননে তেওঁৰ কিছুমান শেহতীয়া ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক অত্যন্ত গৰম দেখা গৈছে। (ফটো-ইনষ্টাগ্ৰাম) এই ফটোবোৰত, কৃতি চাননক ক’লা চিকমিকীয়া লেহেঙ্গা ছেটত অত্যন্ত ধুনীয়া দেখাইছে, যাৰ সৈতে তেওঁ এটা নেট স্কার্ফও লৈ গৈছে। (ফটো-ইনষ্টাগ্ৰাম)

ছবিবোৰত, কৃতি চাননক ডিপনেক ব্লাউজত এটা অতি হত্যাকাৰী ভংগীমা মাৰি থকা দেখা গৈছে, যাৰ ওপৰত অনুৰাগীসকলৰ মৃত্যু হৈছে।
ছবিবোৰত, কৃতি চাননক ডিপনেক ব্লাউজত এটা অতি হত্যাকাৰী ভংগীমা মাৰি থকা দেখা গৈছে, যাৰ ওপৰত অনুৰাগীসকলৰ মৃত্যু হৈছে।


খোলা পোন চুলি আৰু চকচকে মেকআপৰ সৈতে, কৃতি চাননক কেমেৰাৰ বাবে একাধিক ভংগীমা দিয়া দেখা গৈছে।
কৃতি চাননে তাইৰ ডিঙিত এটা চেইন আৰু আঙুঠিৰে এই চেহেৰাটো সম্পূৰ্ণ কৰিছিল।

আশ্ৰম 3-ৰ মুক্তিৰ প্ৰাকক্ষণত এষা গুপ্তা আৰু ত্ৰিধা চৌধুৰীয়ে ফটো শ্বেয়াৰ কৰি দেখুৱাইছে সাহসিকতা

সকলোৱে আশ্ৰম ৩ ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। শৃংখলাটোৰ তৃতীয় ছিজনত ববি দেউলৰ সৈতে ত্ৰিধা চৌধুৰী আৰু এষা গুপ্তাক দেখা যাব। দুয়োগৰাকী অভিনেত্ৰীয়ে শৃংখলাটো মুক্তিপোৱাৰ আগতেই সাহসী ফটো শ্বেয়াৰ কৰিছে।প্ৰকাশ ঝাৰ ৱেব চিৰিজ আশ্ৰম ৩ মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছে। 3 জুনত, বাবা নিৰালাই আকৌ এবাৰ এমএক্স প্লেয়াৰত জাপানম প্ৰদৰ্শন কৰিব আৰু তেওঁৰ ভক্তসকলে তেওঁক উৎসাহিত কৰিব। শৃংখলাটোৰ তৃতীয় ছিজনত বহুতো নতুন মুখ দেখা যাব, যাৰ ভিতৰত এগৰাকী হ’ব অভিনেত্ৰী এষা গুপ্তা। আশ্ৰম 3-ত, এষা গুপ্তাক ছোনিয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব, যিয়ে বাবা নিৰালাক তেওঁৰ অভিনয়ত ফান্দত পেলাবলৈ চেষ্টা কৰিব। এষা গুপ্তাৰ উপৰিও, শৃংখলাটোত ত্ৰিধা চৌধুৰীও থাকিব। ত্ৰিধাই যোৱা দুটা ছিজনত ববিতাৰ চৰিত্ৰত অভিনয় কৰিছে, যি বাবা নিৰালাৰ বিশেষ দাসী হয়। আনকি ৱেব শৃংখলা আশ্ৰম 3 মুক্তিপোৱাৰ আগতে, দুয়োগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ সাহসী শৈলীৰে অনুৰাগীসকলক আঘাত কৰিছে। অভিনেত্ৰীগৰাকীয়ে তাইৰ ফটোবোৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

ত্ৰিধা চৌধুৰীয়ে ফটোখন সাধাৰণ নীলা-বগা পোছাকত শ্বেয়াৰ কৰিছিল। এই ছবিখনত, ট্ৰিধাই তাইৰ পিঠি খন প্ৰদৰ্শন কৰি আছে আৰু এখন দাপোনৰ চেলফি লৈ আছে। ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে শিৰোনামটোত লিখিছিল, “পিছলৈ ঘূৰি নাচাবা। ট্ৰিধাৰ এই পোষ্টটো দেখি লাখ লাখ লাইক আৰু মন্তব্য আহিছে। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ এই শৈলীটো ভাল পাইছে।

এষা গুপ্তাৰ শাৰী চেহেৰা

এষা গুপ্তাই সদায় তাইৰ সাহসিকতাৰে সকলোকে আচৰিত কৰে কিন্তু আজি তাই সেউজীয়া শাৰীএখনত এখন ফটো শ্বেয়াৰ কৰিছে। এষা গুপ্তাই গভীৰ ডিঙিৰ ফুলৰ ব্লাউজ পিন্ধিআছে আৰু সাগৰীয় সেউজীয়া ৰঙৰ শাৰী এখন লৈ আছে। অভিনেত্ৰীগৰাকীয়ে তাইৰ চুলি খোলা ৰাখিছে। একে সময়তে, তেওঁক কপালত টিকাকৰণ কৰা দেখা যায়। ইশাই ছবিখন পোষ্ট কৰিছিল আৰু শিৰোনামটোত লিখিছিল, “হৰি শাৰী। এষা গুপ্তাৰ এই শৈলী টো মানুহৰ বাবে বহুত ভাল আৰু মানুহে তাইক আশ্ৰম ৩ ত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভৱাবহ পথ দূৰ্ঘটনা

নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভৱাবহ পথ দুৰ্ঘটনা।

ঠিতাতে নিহত প্ৰবীন হালৈ নামৰ ৫০ উৰ্ধৰ এগৰাকী ব্যক্তি।

নিহত প্ৰবীন হালৈৰ ঘৰ নলবাৰী খাটকটৰাত বুলি জানিব পৰা গৈছে।

চাইকেলত শাক পাচলি বিক্রি কৰি জীৱন নিৰ্বাহ কৰিছিল প্ৰবীন হালৈয়ে।

অইন দিনাৰ দৰে আজিও প্ৰবীন হালৈয়ে ৰাতিপুৱা ওলাই আহিছিল ব্যৱসায়ত কিন্ত নলবাৰী কৈৰাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 01 DN 2557 নম্বৰৰ চাৰি চকীয়া বাহনৰ সৈতে সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰবীন হালৈয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্রম কৰিব লওতে চাৰি চকীয়া বাহনে মহতিয়াই লৈ যায়।

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, জেষ্ঠ সাংবাদিক, সমাজ কৰ্মী যাদৱ সেন ডেকাৰ মৃত্যুত পশ্চিম নলবাৰীত শোঁকৰ ছাঁ

অসমৰ সাহিত্য , সাংবাদিকতাৰ আকাশ উকা কৰি  ইহ জগতৰ পৰা পৰমাত্মাত বিলীন হ’ল। বিশিষ্টসাহিত্যিক,শিক্ষাবিদ,জেষ্ঠ সাংবাদিক, সমাজ কৰ্মী যাদৱ সেন ডেকা। হাঁহি, আনন্দ আৰু  সততাৰে শিক্ষা,  সাহিত্য সংবাদ সেৱাতে জীৱণৰ দীৰ্ঘ সময়  মণোনিবেশ কৰা যাদব সেন ডেকাই কালি নিশা ৮২ বছৰ বয়সত পশ্চিম নলবাৰী  অঞ্চলৰ বেলশৰৰ নিজ গৃহতে ৮-৪৫ বজাত বাৰ্ধক্য জনিত কাৰণত  শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে  নলবাৰী জিলাৰ পশ্চিম নলবাৰী  অঞ্চলৰ  বেলশৰৰ এটি আধ্যবন্ত  পৰিয়ালৰ প্ৰয়াত কাশীসেন ডেকা আৰু ৰামেশ্বৰীসেন ডেকাৰ পুত্ৰ যাদৱ সেন ডেকাই বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি বেলশৰ হাইস্কুল(বৰ্তমানৰৰ উচ্চতৰ মাধ্যমিক )বিদ্যালয়ৰ পৰা  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ পৰৱৰ্তীকালত  দৰঙৰ গান্ধি স্মৃতি বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি পিছলৈ  পশ্চিম নলবাৰীৰ উচ্চ শিক্ষাৰ প্ৰান কেন্দ্ৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি বৃহত্তৰ অঞ্চলত শিক্ষা বিস্তাৰ কৰিছিল৷ নিৰ্জু ,অমায়িক  স্বভাৱৰ শিক্ষাবিদ যাদৱ সেন ডেকাই গুৱাহাটীৰ পৰা প্ৰকাশিত “আজিৰ অসম” নামৰ দৈনিক কাকতত সাংবাদিক হিচাপে অঞ্চলটোত  সাংবাদিকতাৰ এক নতুন বাৰ্তা বহন কৰিছিল৷ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে যাদৱ সেন ডেকা  পশ্চিম নলবাৰীত সাংবাদিকতাৰ এক নতুন দিগন্তৰ সূচনা কৰিছিল৷ একেধাৰে শিক্ষাৰ লগতে সাহিত্য চৰ্চাৰে কুৰিখনৰো অধিক মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল ৷ইয়াৰ ভিতৰত -টিপ চহী,জাল,বিয়াৰ কইনা ,সোন মইনাৰ সাধু,প্ৰাণেে প্ৰাণেে জীৱন্ত শিল্পী,আমাৰ বিষ্ণু ৰাভা,সৰু গছত ডাঙৰ চৰাই,লোক সংস্কৃতিৰ কোহে কোহে,৷অদ্ভুত ৰামায়ণৰ সাধু,নতুন সুৰুজ বিষ্ণু ৰাভা,বিৰিনাৰ ঈশ্বৰ,হাতিকৈও পিপৰা ডাঙৰ,ঢুলীয়া সংস্কৃতিৰ মোহন ভাইৰা,জীৱনৰ বগা কলা ৰং আৰু ৰং ৰং জীৱনৰ চমু আত্মজীৱনী ৰচনা কৰিছিল ৷ইয়াৰ উপৰিও অসমৰ প্ৰতিখন বাতৰি কাকতত যাদৱ সেন ডেকাই নিয়মীয়াকৈ  প্ৰৱন্ধ লিখিছিল ৷ অধূণালুপ্ত  নৱ উৰ্মী নামৰ সাপ্তাহিক কাকত এখনৰ সম্পাদনাও  কৰিছিল ৷বেলশৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়,সমাজ কল্যাণৰ সভাপতি, সম্পাদকৰ দায়িত্বত থকাৰ উপৰিও বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,চিন্তামনি প্ৰাথমিক বিদ্যালয়, শিল্পী সংঘ, বেলশৰ শ্মশান সমিতি,চামতাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল ৷শিক্ষাবিদ,সাহিত্যিক ,সমাজ কৰ্মী,সাংবাদিক  তথা বহুমুখী প্ৰতিভাৰ গৰাকী যাদৱ সেন ডেকাই কেবাখনো নাটক ৰচনা কৰাৰ লগতে অসমত প্ৰথম খন মহিলা ভ্ৰম্যমান থিয়েটাৰ “ কল্পনা থিয়েটাৰৰ প্ৰযোজক আছিল ৷ আজি ৰাতি ৮-৪৬ বজাত বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজশ্ৰ গুনমুগ্ধই ঘৰত শ্ৰদ্ধা নিবেদন কৰে ৷মৃত্যুৰ সময়ত পত্নী,এক পুত্ৰ,দুই কন্যাক এৰি যায় ৷

প্ৰবীন সাংবাদিক,সাহিত্যিক পেঞ্চনাৰ,অবসৰী শিক্ষক যাদব সেন ডেকাই  সুদীৰ্ঘকাল শিক্ষা , সাহিত্য আৰু সাংবাদিকতা  কৰি সমাজখনৰ বাবে যথেষ্ট অৱদান অগবঢ়াইছিল।  আজি তেখেতৰ বাসগৃহত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, সহ: সাধাৰণ সম্পাদক নিৰুজুদ্দিন আহমেদ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰ্মন সাধাৰণ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱকে ধৰি জিলাখনৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 

আচৰিত যেন লাগিলেও সত্য! যৌতুকত দিব লাগে সাপ

সাপৰ মাছাজ

এইখন বিচিত্র পৃথিৱীত প্রতিনিয়ত কিমান যে বিচিত্র ঘটনা নঘটে । বিজ্ঞান – প্রযুক্তিৰ চমকপ্রদ সাফল্যৰ জৰিয়তে সভ্যতাৰ শীর্ষ স্তৰত উপনীত হােৱা মানুহৰ জীৱন শৈলীৰাে দ্রুত সলনি হ’বলৈ ধৰিছে । প্রত্যেক মানুহে এই ব্যস্ততাপূর্ণ জীৱনৰ ক্লান্তি আঁতৰাবলৈ কিছু বিৰামৰ প্রয়ােজন আহি পৰে । কর্মব্যস্ততাৰ লগে লগে বিলাসী জীৱন শৈলীৰ সৈতে অভ্যস্ত হৈ পৰা একাংশ লােকৰ প্রাত্যহিক জীৱনৰ অৱসাদ দূৰ কৰি জীৱনটোক পুনৰুজ্জীৱিত , উপভােগ্য কৰি তুলিবলৈ সর্বোৎকৃষ্ট আহিলা যােগানৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে বিভিন্ন কোম্পানী। আধুনিক যুগত শৰীৰৰ ক্লান্তি আঁতৰােৱাৰ এক উত্তম পন্থাৰূপে সমাদৃত হৈছে মাছাজ । ছিংগাপুৰ , হংকং , থাইলেণ্ড , চীন , জাপান আদি দেশত বিভিন্ন তৰহৰ মাছাজৰ ব্যৱস্থা আছে । শেহতীয়াকৈ চীনে মাছাজৰ এক নতুন কৌশল উদ্ভাৱন কৰিছে । তেওঁলােকে মাছজৰ সৈতে সংযােগ কৰিছে এক শিহৰণকাৰী , ৰােমাঞ্চকৰ উপাদান । সেয়া হ’ল বিষহীন বৃহৎ আকাৰৰ সাপৰ দ্বাৰা মাছজ দিয়াৰ ব্যৱস্থা কৰিছে । সাপ শীতলৰক্তি ছােৱা হেতুকে ইয়াৰ স্পৰ্শই মানুহৰ দেহ জুৰ পেলোৱাৰ লগতে নতুন উদ্যম আনি দিয়ে।

যৌতুকত সাপ

কন্যাৰ বিবাহৰ বাবে পিতৃ – মাতৃয়ে কিমান কি যে সপােন পুহি নাৰাখে । সাধাৰণতে কন্যাৰ বিবাহত পিতৃ – মাতৃয়ে সােণ – ৰূপ আদিকে ধৰি ঘৰুৱা নিত্যপ্রয়ােজনীয় সা – সামগ্রী যৌতুক হিচাপে দিয়ে । পিছে আপুনি কেতিয়াবা শুনিছেনে কন্যাৰ বিবাহত বিষাক্ত সাপ যৌতুক হিচাপে দিয়াৰ কথা ? মধ্যপ্রদেশৰ গৌৰীয়া সম্প্রদায়ৰ মাজত এনে এক শিহৰণকাৰী ৰীতি প্রচলিত আছে পিতৃ – পুৰুষানুক্রমে চলি অহা এই ৰীতি অনুসৰি কন্যাৰ বিবাহত এই সম্প্রদায়ৰ লােকে ২১ ডাল বিষাক্ত সাপ যৌতুক দিয়ে । যৌতুকত সাপ দিয়াটো তেওঁলােকৰ সমাজৰ বাবে এক মর্যাদাসূচক কথা । যৌতুকত কন্যাৰ সৈতে এই সাপ দিয়াৰ অন্তৰালত আন এক বিষয় জড়িত আছে । সেয়া হ’ল জীৱিকাৰ উপায় । কন্যাৰ সৈতে সাপকেইটা এইকাৰণে দিয়ে , যাতে জোঁৱায়েকে এই সাপকেইটাৰ জৰিয়তে পৰিয়ালক ভৰণ – পােষণ দিব পাৰে । আনহাতে বিয়াত পিতৃয়ে কন্যাৰ সৈতে সাপ নিদিলে উক্ত বিয়াখন ক্ষণস্থায়ী হয় বুলিও সম্প্রদায়টোৰ লােকৰ মাজত এক লােকবিশ্বাস প্রচলতি আছে।

গৰমৰ দিনত নিজকে কেনেকৈ সুস্থ ৰাখিব

গৰমৰ প্রকোপত সৰ্বশৰীৰ ঘামেৰে লুতুৰি – পুতুৰি হৈ পৰিলেও এই সময়ছােৱাৰ ধনাত্মক দিশ নিশ্চয়কৈ আছে । গ্রীষ্মকালৰ আগমনৰ লগে লগে আমাৰ চৌদিশৰ পৰিৱেশ সেউজীয়া হৈ পৰে । গছ – গছনিত ফুল ফুলে , গৰমকালি সহজলভ্য হােৱা আম , কঁঠাল আদি ফলমূলবােৰ গছবােৰত মােক খা , মােক খা কৰি লাগি জাতিষ্কাৰ হৈ থাকে । বিছা , কেৰেলুৱা আদি নানা ধৰণৰ কীট- পতংগৰ সংখ্যা বাড়ে । আনুষংগিকভাৱে হােৱা বৃষ্টিপাতৰ হেতুকে নৈ , বিল , খাল – ডাং আদি পানীৰে উপচি পৰে। তদুপৰি বানপানীৰ দৰে প্রাকৃতিক দুর্যোগৰ শংকাই সর্বসাধাৰণক মানসিক পীড়া দিয়ে। বিশুদ্ধ পানীৰৰ অভাৱ ঘটিব পাৰে।

প্রকৃতিসৃষ্ট এনে এক পৰিৱেশ তথা পৰিস্থিতিৰ মাজতে নানাধৰণৰ গ্ৰীষ্মকালীন দৈহিক অস্বাভাৱিকতাৰ সৃষ্টি হয় । এইবােৰ ৰােগৰ প্রাদুর্ভাৱ ছেগা – চোৰােকাকৈ সামগ্রিকভাৱে গােটেই বছৰটিতেই থাকে যদিও গৰমৰ দিনকেইটাত ৰােগবােৰৰ তীব্রতা তথা আক্রান্ত ব্যক্তিৰ সংখ্যা ভালেখিনি বাঢ়ে । এনেবােৰ ৰােগৰ ভিতৰত উল্লেখনীয় হৈছে- পেটৰ নানা ৰােগ , পানী লগা জ্বৰ , মেলেৰীয়া , টাইফয়েড ৰােগ । তদুপৰি লিভাৰৰ নানা ৰােগৰ বাবে । জণ্ডিচ ‘ বা পাণ্ডু নামৰ উপসর্গটিৰ ( ৰােগ নহয় ) সৃষ্টি হ’ব পাৰে । আনহাতে ঘামচি বা ভেকুঁঘটিত ( Fungal Infection ) কাৰকৰ বাবে নানা ধৰণৰ ছালৰ ৰােগৰ প্রার্দুভাৱাে এই সময়ত বাড়ে । পেটৰ বিভিন্ন ৰােগ বুলিলে এমিবিয়াছিছ বা এমিবিক ডিচেণ্ট্ৰী , ডায়েৰীয়া বা পেটচলা ৰােগ আৰু বেছিলাৰী ডিচেণ্ট্ৰী নাম উল্লেখনীয় । ৰােগীয়ে বাৰম্বাৰ শৌচ কৰে আৰু শৌচৰ প্রকৃতি পানীৰ লেখীয়া হয় । শেহােক্ত বােগবিত শেীচৰ লগত তেজৰ নির্গমন ঘটে । শৌচৰ লগত শৰীৰৰ তৰল দ্রব্যসমূহৰ বহিঃগমনৰ হেতুকে ৰােগীৰ ওঁঠ – মুখ শুকাই নির্জলীভৱন ( Dehydration ) অৱস্থাত আক্রান্ত হয় । অৱস্থাৰ অৱনতি ঘটিলে ( অর্থাৎ চিকিৎসাৰ প্ৰতি ৰােগীৰ শৰীৰে সঁহাৰি নেদেখুৱালে বা চিকিৎসা আৰম্ভ কৰাত পলম হলে ) ৰােগীৰ Shock ( শ্বক ) নামৰ এবিধ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় । চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই অৱস্থাটিক Periph- eral Circulatory Failure বােলে । এই অৱস্থাত ৰােগী অত্যন্ত দুর্বল হৈ পৰে আৰু বুকুৰ ধপধপনি অনুভূত হােৱাৰ লগতে হাত- ভৰি চেঁচা পৰি যায় । এই সময়ত দেখা দিয়া চিহ্নবােৰ ( Signs ) হৈছে ৰক্তচাপৰ মাত্রা বা নিৰিখৰ অৱনতি , প্রস্রাৱৰ পৰিমাণ হ্রাস , শৰীৰৰ পৰা অত্যধিক মাত্রাত ঘাম নির্গমন ,নাড়ীৰ গতি দ্রুততৰ হৈ Rapid Thready Pulse নামৰ এক অৱস্থাৰ সৃষ্টি হয় ।

আমাৰ মাজত প্রচলিত ভ্রান্ত ধাৰণাটি হৈছে যে পেটৰ অসুখ হ’লে গাখীৰ খাব নালাগে । গাখীৰৰ জৰিয়তে যিকোনাে ব্যক্তিয়েই বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত প্ৰ’টিনৰ উপৰি কেলছিয়ামক ধৰি নানা খনিজ দ্রব্য আহৰণ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে উল্লিখিত কাৰণবশতঃ যদিও পেটৰ ৰােগত আক্রান্ত কোনাে ব্যক্তিয়ে গাখীৰ খাবলৈ অসমর্থ হয় তেনেহলে তেওঁলােকে কমকৈ সিদ্ধ কৰা কণীৰ কুহুম , দাইলৰ পানী , তাকৰীয়া মাত্ৰাত তেল ব্যৱহাৰ কৰি ৰন্ধা মাছ আদি খােৱা যুগুত । থিন এৰাৰুট বিস্কুট বা হাততে পােৱা কটা বিস্কুটকে ধৰি বিভিন্ন ধৰণৰ খাদ্যসামগ্রীও গ্ৰহণ কৰিব পাৰি যিবােৰ নেকি সহজ পাচ্য আৰু সহজতে উপলব্ধ । তদুপৰি চেঁচা পানীত নেমুটেঙাৰ ৰসৰ সৈতে আধা চামুচ চেনি আৰু নিচেই যৎসামান্য নিমখ মিহলাই প্ৰস্তুত কৰা দ্ৰৱণাে এইসকল ৰােগীৰ বাবে পথ্য হিচাপে বিশেষভাৱে উপযােগী । গেষ্ট্রোএণ্টেৰাইটিছ হৈছে আন এবিধ ৰােগ যত নেকি ৰােগীয়ে বাৰম্বাৰ শৌচ কৰিবলগীয়া হয় । গ্রীষ্মকালি প্ৰখৰ ৰ’দৰ প্রভাৱত ছালখন পােৰে ( Sun Burn ) আৰু ছালৰ বৰণ কলচীয়া হয় । অত্যধিক ঘামৰ নির্গমন ঘটি দেহৰ ভিতৰত নির্জলীভৱন অৱস্থাৰ সৃষ্টি হয় । ঘামচিক সংস্কৃত ভাষাত পীড়িকা বা ৰাজিকাও বােলে । অত্যধিক গৰমৰ বাবে নিচেই সৰু গুটিসদৃশ ঘামচিৰ সৃষ্টি হয় । ই খজুৱতিৰ সৃষ্টি কৰে । খজুৱতিৰ ফলত ছালৰ বৰণ ৰঙচুৱা হয় আৰু জুলা – পােৰা হ’ব পাৰে । এজন প্রাপ্তবয়স্ক মানুহৰ শৰীৰত আনুমানিক ২০ লাখ ঘর্মগ্রন্থি থাকে । অর্থাৎ প্রতি বর্গ ইঞ্চি ছালত প্রায় ২৫০০ ঘর্ম গ্রন্থি থাকে এইবােৰৰ সৰহভাগেই আছে হাত আৰু ভৰিৰ ছালত । এইবােৰৰ জৰিয়তে শৰীৰৰ পৰা ঘামৰ নির্গমন ঘটি তেজৰ স্বচ্ছতা অটুট থাকে।

প্ৰখৰ ৰদত ভালেমান সময় থাকিবলগীয়া হ’লে দৈহিক উত্তাপ বাঢ়ে Hyper Rthermia ) দেহৰ পৰা নানা খনিজ দ্রব্য পানীৰ লগত ঘামৰ জৰিয়তে ওলাই যায় । ফলত নির্জলীভৱনৰ সৃষ্টি হৈ ইতিমধ্যে বর্ণিত শক নামৰ অৱস্থাটিৰ সৃষ্টি হ’ব পাৰে । এই সময়ত দৈহিক দুর্বলতা তথা ক্লান্তিবােধে গ্রাস কৰে আক্রান্ত ব্যক্তিক । শেহতীয়াভাৱে গ্রীষ্মকালি সৃষ্টি হােৱা বৰষুণৰ বতৰত বিশেষভাৱে উজনি অসম অঞ্চলত দেখা দিয়া এবিধ ৰােগ হৈছে জাপানীজ এনকেফেলাইটিছ । মহৰ কামােৰৰ জৰিয়তে এই ৰােগৰ বীজাণু বিয়পে । মগজু আক্রাজ হােৱা বাবে মারাত্মক পৰিণতিৰ পিনে আগুৱাই যায় । বুজনসংখ্যক ৰােগীৰ মৃত্যু হয় । শিশুৰ ক্ষেত্ৰত প্ৰতিষেধক ছিটা অতিকৈ কাৰ্যকৰী । অৱশ্যে এবছৰলৈকে কার্যক্ষম হৈ থাকে । চৰকাৰী উদ্যোগত এই ছিটা বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

বিবাহ অনুষ্ঠানত চুৰ কৰি ধৰাৰ পিছত চুৰৰ অৱস্থা চাওক…

বিবাহ অনুষ্ঠানত অতিথিসকলক লুণ্ঠন কৰা হৈছিল, মানুহে তেওঁলোকক ধৰিছিল আৰু মূৰ ঘূৰাই জোতাৰ মালা পিন্ধিছিল ৰাজস্থানত, দুৰ্বৃত্তসকলে বিয়াৱাৰত বিয়ালৈ অহা অতিথিসকলক লুণ্ঠন কৰাটো ব্যয়বহুল হৈ পৰিছিল। গাওঁবাসীয়ে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল, তাৰ পিছত তেওঁৰ আধা মুণ্ডন কৰিছিল আৰু জোতা পিন্ধিছিল আৰু গাওঁখনৰ চাৰিওফালে পেৰেড কৰিছিল।ৰাজস্থানত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে, প্ৰতিদিনে এটা নতুন দল বিকশিত হৈ আছে। দুৰ্বৃত্তসকলে নিৰ্ভয়ে অপৰাধ সংঘটিত কৰি আছে। এনে ধৰণৰ দুৰ্বৃত্তৰ এটা দলক মানুহে ধৰি ছিল আৰু গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল। দুৰ্বৃত্তসকলে শাস্তিটো মনত পেলাইছিল, সেয়েহে তেওঁলোকে মুণ্ডন কৰিছিল আৰু জোতাৰ মালাও পিন্ধিছিল। ঘটনাটো বিয়াৱাৰৰ ওচৰৰ চাৱাণ্ডিয়া গাঁৱৰ। ইয়াত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ অহা অতিথিসকলক লুণ্ঠন কৰাৰ বাবে তিনিজন দুৰ্বৃত্তৰ বহুত মূল্য আছিল।অতিথিসকলক লুণ্ঠন কৰা হৈছিল
শুক্ৰবাৰে নিশা, চাৱাণ্ডিয়া গাঁৱত এখন বিবাহ অনুষ্ঠানত অতিথিসকলে অংশগ্ৰহণ কৰিছিল। এই সময়ছোৱাত বিচ্ছু দলটোৰ আধা ডজন দুৰ্বৃত্তই ডকাইতি চলাই আছিল। বাইক আৰোহীসকলক বাটত ৰখাই দিয়া হৈছিল আৰু সামগ্ৰীবোৰ আক্ৰমণ আৰু লুণ্ঠন কৰা হৈছিল। এই তথ্য পোৱাৰ পিছত, গাওঁখনৰ লোকসকল তাত একত্ৰিত হৈছিল আৰু তাত উপস্থিত হৈছিল, তাৰ পিছত দুৰ্বৃত্তসকলে বাইকত উঠি ঘটনাস্থলীৰ পৰা পলাই গৈছিল। জীৱন ৰক্ষা কৰাৰ পিছত পলাই যাবলৈ, দুৰ্বৃত্তৰ এখন বাইক তাত এৰি দিয়া হৈছিল।

বাইকৰ চাইকেলত আৱদ্ধ
শনিবাৰে, যেতিয়া দলটোৰ দুজন সদস্য বাইকখন ল’বলৈ আহিছিল, গাওঁবাসীয়ে তেওঁলোকক ধৰি ছিল আৰু তেওঁলোকৰ তৃতীয় সহযোগীক ঘটনাস্থলীলৈ মাতিছিল। এই সময়ছোৱাত তাত বহু সংখ্যক গাওঁবাসী সমবেত হৈছিল। গাওঁবাসীয়ে দুৰ্বৃত্তসকলক প্ৰহাৰ কৰিছিল, তাৰ পিছত তেওঁলোকৰ আধা মুণ্ডন কৰিছিল, তাৰ পিছত জোতা পিন্ধাইছিল আৰু গোটেই গাওঁখনত পেৰেড কৰিছিল। ইয়াৰ পিছত, তেওঁৰ মাক-দেউতাকক ঘটনাস্থলীলৈ মাতি অনা হৈছিল আৰু দুৰ্বৃত্তসকলক সংশোধন কৰাৰ পৰামৰ্শ দি তেওঁক এৰি দিয়া হৈছিল।

চেন্দ্ৰা আৰক্ষীয়ে তদন্ত কৰি আছে
দুৰ্বৃত্তসকলক পাঠ দিয়াৰ ঘটনাটো চেন্দ্ৰা আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল। এবিপি নিউজৰ সৈতে বাৰ্তালাপ কৰি চেন্দ্ৰআৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ চমৰিয়াই কয় যে গোচৰটোত কাৰো পৰা কোনো অভিযোগ পোৱা হোৱা নাই। ভাইৰেল ভিডিঅ’টো চাৱাণ্ডিয়া গাঁৱৰ বুলি কোৱা হৈছে। এইটো এটা দুদিনপুৰণি অনুষ্ঠান। এটা আৰক্ষীৰ দলক তদন্তৰ বাবে চাৱাণ্ডিয়া গাওঁলৈ প্ৰেৰণ কৰা হৈছে। যদি কাৰোবাৰ অভিযোগ প্ৰাপ্ত হয়, অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

সিদ্ধুৰ মুজৱালাৰ পিতৃয়ে ভগৱন্ত মানলৈ এখন পত্ৰ লিখি কৈছে – ‘মোৰ পুত্ৰৰ হত্যাৰ ন্যায় দিয়ক’

সিদ্ধু মুজৱালাৰ দেউতাকে কয়- মোৰ পুত্ৰৰ হত্যাৰ বাবে মোক ন্যায় দিয়ক। সিদ্ধু মুজৱালাৰ দেউতাকে ন্যায় বিচাৰি ভগৱন্ত মানলৈ এখন পত্ৰ লিখিছে। দেওবাৰে মিউজেৱালাক গুলীয়াই হত্যা কৰা হৈছিল।পঞ্জাৱৰ বিখ্যাত গায়ক আৰু কংগ্ৰেছ নেতা সিদ্ধু মিউজেৱালাৰ হত্যাৰ পিছত ভগৱন্ত মানৰ চৰকাৰ প্ৰশ্নৰ সন্মুখীন হৈছে। সিদ্ধু মিউজেৱালাৰ দেউতাক বলকৌৰ সিঙে মুখ্যমন্ত্ৰী ভগৱন্ত মানলৈ এখন পত্ৰ লৈছে আৰু তেওঁক মোৰ পুত্ৰৰ হত্যাৰ বাবে ন্যায় দিবলৈ কৈছে। মিউজেৱালাৰ দেউতাকে নিৰাপত্তা আঁতৰাবলৈ নিৰ্দেশ দিয়া বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।মিউজেৱালাৰ দেউতাকে গোচৰটোৰ চিবিআই তদন্তৰ দাবী জনাইছে। তেওঁ লিখিছিল, “আমি এই ঘটনাত ন্যায় বিচাৰো। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্তটো চিবিআই বা এনআইএক দিয়া উচিত। নিৰাপত্তা আঁতৰোৱাৰ তথ্য প্ৰচাৰ কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।”

শনিবাৰে, ভগৱন্ত মানৰ চৰকাৰে পঞ্জাৱত 400 ৰো অধিক ভিআইপি বিষয়াৰ নিৰাপত্তা হ্ৰাস কৰিছিল। তেওঁলোকৰ ভিতৰত সিদ্ধু মিউজেৱালাৰ নাম আছিল। দেওবাৰে, সিদ্ধু মিউজেৱালাক গুলীয়াই হত্যা কৰা হয়।মানসা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।মিউজেৱালাৰ দেউতাক বলকৌৰ সিঙৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে মানছাৰ সদৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে। একে সময়তে, মিউজেৱালাই তেওঁৰ অভিযোগত আৰক্ষীক কৈছিল যে তেওঁৰ পুত্ৰক কেইবাজনো গুণ্ডাই মুক্তিপণৰ বাবে ভাবুকি দিছিল আৰু লৰেন্স বিষ্ণোই দলটোৱেও তেওঁক বাৰে বাৰে ভাবুকি দিছিল।কংগ্ৰেছে সিদ্ধুৰ হত্যাক লৈ ভগৱন্ত মানৰ চৰকাৰকো লক্ষ্য কৰি লৈছে। একে সময়তে, সিদ্ধুৰ হত্যাৰ দায়িত্ব গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সহযোগী গোল্ডি বৰদে গ্ৰহণ কৰিছে।

প্ৰখ্যাত অভিনেতা পৰেশ ৰাৱালে এখন চিনেমাৰ বাবে কিমান কোটি টকা লয় ? : ‘বাবু ৰাও’ কিমান সম্পত্তিৰ মালিক জানিলে আপোনাৰ এই গৰমত ঘাম ওলাব

পৰেশ ৰাৱালে অগণন চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। পৰেশ যিকোনো চৰিত্ৰত সহজে খাপ খায়। কিন্তু আজি আমি অভিনেতাজনৰ চলচ্চিত্ৰৰ বিষয়ে নহয় কিন্তু তেওঁৰ মুঠ মূল্যৰ বিষয়ে কথা পাতিবলৈ গৈ আছো।বলীউডঅভিনেতা পৰেশ ৰাৱালে বহুতো চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। বাবু ৰাওৰ ভূমিকাই হওঁক বা তেজাৰ হওঁক… পৰেশ সদায় প্ৰতিটো চৰিত্ৰতে হিট হৈ আহিছে। শেষবাৰৰ বাবে অভিনেতাজনে শৰ্মাজী নামকীনত মানুহক হাঁহিছিল আৰু এতিয়া তেওঁ পৰৱৰ্তী ছবি হেৰা-ফেৰী ৩ ৰ সৈতে দৰ্শকৰ মাজত ঘূৰি আহিব। পৰেশ ৰাৱাল প্ৰতিখন চলচ্চিত্ৰৰ প্ৰাণহৈ পৰে, গতিকে আপুনি কেতিয়াবা ভাবিছে নে যে তেওঁ এটা চৰিত্ৰৰ বাবে কিমান মাচুল লয়। গতিকে আমি আজি আপোনাক পৰেশ ৰাৱালৰ চলচ্চিত্ৰ বা তেওঁৰ বিশেষ চৰিত্ৰৰ বিষয়ে নহয় কিন্তু তেওঁৰ মুঠ মূল্য আৰু এখন চলচ্চিত্ৰৰ মাচুলৰ বিষয়ে কওঁ আহক।

পৰেশ ৰাৱালে কেৱল চলচ্চিত্ৰত তেওঁৰ চৰিত্ৰসলনি কৰাই নহয় কিন্তু তেওঁ বাস্তৱ জীৱনত বহুতো চৰিত্ৰত অভিনয় কৰে। পৰেশ এগৰাকী মডেল, অভিনেতা, কৌতুক অভিনেতা ৰ লগতে এজন ভাল ৰাজনীতিবিদ। পৰেশ ৰাৱালে হোলী চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ ছবিখনৰ নামেৰে স্বীকৃতি লাভ কৰে, যাৰ পিছত অভিনেতাজনে একাধিক চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰৰ তালিকাত আছে হেৰা-ফেৰী, গৰম মচলা, ভুল ভুলিয়া, স্বাগতম, তালিকা নং। তেওঁ ২১, গোলমাল, ভগম ভাগৰ দৰে বহুতো চলচ্চিত্ৰত কাম কৰিছে। পৰেশ ৰাৱালক তেওঁৰ শক্তিশালী অভিনয়ৰ বাবে আইফা বঁটা, ফিল্মফেয়াৰ বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে।ছালানাই 12 কোটি উপাৰ্জন কৰে পৰেশ ৰাৱালে চলচ্চিত্ৰৰ পৰা কোটি কোটি উপাৰ্জন কৰে। অভিনেতাজনে এখন চলচ্চিত্ৰৰ বাবে প্ৰায় ৫ কোটি টকা মাচুল লয়। প্ৰতিবেদন অনুসৰি, পৰেশ ৰাৱালৰ বাৰ্ষিক উপাৰ্জনে 12 কোটি টকা উপাৰ্জন কৰে। তেওঁৰ প্ৰায় চলচ্চিত্ৰসমূহ হিট আৰু তেওঁ শ্ৰেষ্ঠ কমিক টাইমিংৰ বাবে জনাজাত।

বিহালীৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰাজুলিত গঁড়ৰ মুক্ত বিচৰণ

বিহালীৰ বটিয়ামাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰাজুলিত গড়ৰ মুক্ত বিচৰন৷ বুৰৈ পথাৰত পুৱাই গড়টো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহিছে গড়টো। ইয়াৰ উপৰিও ৰাংছালী বিহালী ৰৌমাৰী আৰু বটিয়ামাৰীকে আদি কৰি এই অঞ্চল সমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা বিভিন্ন বনৰীয়া জীৱ জন্তু সমূহে এক প্ৰকাৰৰ সন্ত্ৰাস চলায় আহিছে। অঞ্চলকেইতা বনৰীয়া হাতী বাঘ, গাহৰি আৰু সেহতিয়া কৈ গড় মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৰাইজ। জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা গড়টো বৰ্তমান দাঁতি-কাষৰীয়া অঞ্চলতে অৱস্থান কৰা সন্দেহ প্ৰকাশ কৰিছে।

চৰকাৰ তথা প্ৰশাসনক অতি সোনকালেই এই সমস্যা সমূহ সমাধান আবাহন জনাই স্থানীয় ৰাইজে।