Home Blog Page 227

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ
NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

ঘোষণা হ’ল নীট ইউজি ২০২৫১ ফলাফল৷(NEET UG 2025 Result)নীট ইউজি ২০২৫ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই৷ নীট ইউজি ২০২৫ত অৱতীৰ্ণ হোৱা ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২,৩৬,৫৩১গৰাকীক যোগ্য ঘোষণা কৰা হৈছে৷ সৰ্বোচ্ছ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ [১.৭০ লাখ], তাৰ পিছতে আছে মহাৰাষ্ট্ৰ [১.২৫ লাখ] আৰু ৰাজস্থান [১.১৯ লাখ]৷ যোৱা বছৰৰ ১৩.১৫ লাখ যোগ্য প্ৰাৰ্থীৰ তুলনাত এইবাৰ যোগ্য প্ৰাৰ্থীৰ সংখ্যা কম৷ অৱশ্যে যোৱা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও ২৩.৩৩ লাখতকৈ অধিক আছিল ৷

যোৱা বছৰৰ তুলনাত কাট অৱ মাৰ্ক যথেষ্ট হ্ৰাস পাইছে, কিয়নো প্ৰশ্নকাকত সাধাৰণতকৈ কঠিন আছিল৷ জেনেৰেল আৰু ই ডব্লিউ এছঃ ১৪৪ অ’ বি চি, এছ চি আৰু এছ টিঃ ১১৩, সাধাৰণ আৰু ই ডব্লিউ এছ পি ডব্লিউ ডিঃ ১২৭, অ’বিচি, এছচি আৰু এছটি পিডব্লিউডিঃ ১১৩,২০২৪ চনত জেনেৰেল আৰু ই ডব্লিউ এছ শাখাৰ কাট অৱ আছিল ১৬২ আৰু অ’ বি চি, এছ চি আৰু এছ টি শাখাৰ বাবে ১২৭, ২০২৫ চনত এই শাখাসমূহত ১৮ আৰু ১৪ নম্বৰ হ্ৰাস পোৱা দেখা গৈছে৷ এম বি বি এছ, ডেণ্টেল, নাৰ্ছিং, বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ আৰু বি এছ এম এছকে ধৰি বিভিন্ন পাঠ্যক্ৰমত মুঠ ২.৪০ লাখ আসন উপলব্ধ৷

মেডিকেল, ডেণ্টেল, আয়ুষ আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে নামভৰ্তি পৃথক কাউন্সেলিং ছেছনৰ জৰিয়তে কৰা হ’ব৷ ইয়াৰে এম বি বি এছৰ বাবে ৰ.০৮ লাখ আসন, চৰকাৰী চিকিৎসালয়ত প্ৰায় ৫৬ হাজাৰ আৰু ব্যক্তিগত মহাবিদ্যালয়ত প্ৰায় ৫২ হাজাৰ আসন উপলব্ধ৷ শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, ৭২০ নম্বৰৰ ভিতৰত ১৪৪ নম্বৰ লাভ কৰা প্ৰাৰ্থীক এইবাৰ কাউন্সেলিঙৰ বাবে যোগ্য বুলি বিবেচিত হয়৷ কিন্তু এই স্ক’ৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন পোৱাটো কঠিন৷ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সম্ভাৱনা বেছি যদিও তেওঁলোকৰ মাচুল যথেষ্ট বেছি৷ বেছি ভাগ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী প্ৰতিষ্ঠানক পছন্দ কৰাৰ অন্যতম মূল কাৰণ এইটোৱেই ৷

ৰাজস্থানৰ ছাত্ৰ মহেশ কুমাৰ এইবাৰ নীট পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে৷ মধ্য প্ৰদেশৰ পৰা উৎকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰে৷ দিল্লীৰ অবিকা আগৰৱালে সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান লাভ কৰিছে আৰু তেওঁ মহিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে৷ শীৰ্ষ ১০গৰাকী যোগ্য প্ৰাৰ্থীঃ মহেশ কুমাৰ, উৎকৰ্ষ অৱধিয়া, কৃশাংগ যোশী, মৃণাল কিশোৰ ঝা, অবিকা আগৰৱালা, জেনিল বিনোদভাই ভায়নী, কেশৱ মিট্টল, ঝা ভব্য চিৰাগ, হৰ্ষ কেদাৱট, আৰৱ আগৰৱালা৷

Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড

Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড
Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড

ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড।(Rabbani Soyam)

ইউটিউবাৰ ৰাব্বানী স্বয়ামে আক্ৰমণ কৰে দুই ব্যৱসায়ীক।


মহানগৰীৰ ছয়মাইলত ছুৰিকাঘাতৰ ঘটনা সংঘটিত।


ইউটিবাৰ ৰাব্বানী স্বয়ামে ছুৰিৰে আক্ৰমণ কৰে দুই ফল-মূলৰ ব্যৱসায়ীক।


ফলমূল দোকানীক লগত প্ৰথমে হৈছিল সাধাৰণ কাজিয়া।


পাছত দুই ব্যৱসায়ীক ছুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে ৰাব্বানী স্বয়াম।

Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !

Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !
Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !

বৃক্ক হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ।(Kidney) বৃক্কই আমাৰ শৰীৰত গঠিত বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে। যদি বৃক্কৰ ক্ষতি হয়, তেন্তে শৰীৰৰ সকলো অংগত বিষ বিয়পিবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজন লাহে লাহে মৃত্যুৰ দিশে আগবাঢ়ি যায়। এনে পৰিস্থিতিত বৃক্ক সুস্থ কৰি ৰাখিবলৈ আজিৰ পৰাই ৫টা খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক।

কমলা আৰু নেমুৰ দৰে ছাইট্ৰাছ ফল ভিটামিন চিৰ উৎকৃষ্ট উৎস। ছাইট্ৰাছ ফল খালে বৃক্ক সুস্থ কৰি ৰাখে আৰু ইয়াৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰে। গতিকে এনে ফল-মূল খাব লাগিব।

কিছুমান বনৌষধি, যেনে লিক’ৰাইচ আৰু ৰেডিক্স ট্ৰিপটেৰিজিয়াম উইলফৰ্ডিয়ে বৃক্কক স্বাস্থ্যকৰ কৰি তোলে। ইয়াৰ ফলত শৰীৰৰ বিষমুক্ত হৈ শৰীৰৰ পৰা অবাঞ্চিত উপাদান ওলাই যায়।

আমাৰ সকলো পাকঘৰতে পিয়াঁজ আৰু নহৰু সহজে পোৱা যায়। এই দুয়োটা প্ৰাকৃতিক যৌগ যিয়ে বৃক্কৰ কোষক সুৰক্ষা দিব পাৰে। এই দুয়োটা শাক-পাচলি খালে শৰীৰৰ ফুলাও কমি যায়।

তিয়হক গ্ৰীষ্মকালৰ অমৃত বুলি গণ্য কৰা হয়। ই পানী আৰু আঁহেৰে ভৰপূৰ। ইয়াৰ প্ৰস্ৰাৱৰ গুণ আছে, যিয়ে বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত আৰু বৃক্কৰ পাথৰ ৰোধ কৰাত বহু সহায় কৰে।

বিলাহীৰ এন্টিঅক্সিডেন্ট গুণ আছে। বিলাহীত বৃক্কৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ ফলত বৃক্কই নিজৰ কামত অতি আৰাম অনুভৱ কৰে।

jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?

jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?
jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?

বতৰৰ ফল বতৰত খাব লাগে। এতিয়া আম, কঁঠাল, লিচু খোৱাৰ বতৰ।(jackfruit)বহুতে গৰমত আম, লিচু খাই ভালপাই কিন্তু, কঁঠাল খাই বেয়াপাই। কঁঠালৰ মুচি, কঁঠালৰ গুটি খাই সকলোৱা ভালপাই। কেৱল বেয়া পাই কঁঠাল খাবলৈ। কঁঠাল খাই বেয়া পোৱা সকলৰ বাবে লৈ আহিছোঁ এক খবৰ। (summer)

কঁঠাল পকা বা কেঁচা দুয়োবিধে খাব পাৰে আপুনি। আজি আপোনা লোকক জনাম গৰমত কঁঠাল খালে স্বাস্থ্যৰ কেনে উপকাৰ হয়।

কেঁচা, পকা দুয়োবিধ কঁঠালেই শক্তিদায়ক। কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। কৌষ্ঠকাঠিন্যত ভোগাসকলে কঁঠাল খাব লাগে। কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। যৌনশক্তি বৃদ্ধিও কঁঠালে সহায় কৰে।
কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কঁঠালত আঁহ থাকে যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

কঁঠাল এবিধ ফলে নহয়, ই পুষ্টিকৰ ভঁৰাল। গতিকে বতৰৰ ফল বতৰতে খাব লাগে। গৰম বুলি নোখোৱাকৈ নাথাকিব কঁঠাল।

ঠিক সেইদৰে ফলৰ ৰজা আমৰো আছে বহু গুণাগুণ। আমত ভিটামিন ‘এ’, চি’ ৰ লগতে ‘বি’ আৰু ‘ডি’ও আছে। আমত কমলাতকৈ আৰু আপেলতকৈ বেছি ভিটামিন পোৱা যায়। আম পকা বা কেঁচা দুয়োবিধে খাব পাৰে। কিন্তু আম খালী পেটত খাব নালাগে আম খোৱাৰ উত্তম সময় হৈছে দুপৰীয়া। 

Father’s Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?

Father's Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?
Father's Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?

আজি পিতৃ দিৱস, পিতৃ দিৱস কেৱল এটা তাৰিখ নহয়!(Father’s Day 2025) এয়া কৃতজ্ঞতা, স্মৃতি আৰু প্ৰেমেৰে ভৰা এটা দিন। পিতৃ দিৱস কেনেকৈ আহিল, এই দিৱসৰ আৱেগিক মূল্য থকাৰ কাৰণ, আপুনি হয়তো নাজানে মৰ্মস্পৰ্শী পিতৃ দিৱসৰ ইতিহাস!

সমগ্ৰ বিশ্বৰ পিতৃ আৰু পিতৃ ব্যক্তিসকলে কৰা মৰম, সমৰ্থন আৰু ত্যাগক সন্মান জনাই পিতৃ দিৱস উদযাপন কৰা হয়। এই দিনটোৰ উদ্দেশ্য হৈছে আমাৰ জীৱনত পিতৃ উপস্থিতিৰ শলাগ লোৱা।

প্ৰতি বছৰে জুন মাহৰ তৃতীয় দেওবাৰে পিতৃ দিৱস পালন কৰা হয়। আমেৰিকা, যুক্তৰাজ্য, কানাডা, ভাৰত আদি বহু দেশত জুন মাহৰ তৃতীয় দেওবাৰে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱস ২০২৫ চনৰ ১৫ জুনত পৰিছে। তাৰিখটো প্ৰতি বছৰে সলনি হয় যদিও এসাধাৰণতে ১৫ৰ পৰা ২১ জুনৰ ভিতৰতে পৰে।

পিতৃ দিৱসৰ ধাৰণা আমেৰিকাত ২০ শতিকাৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল। পিতৃ দিৱসৰ আৰম্ভণি হৈছিল ৱাশ্বিংটনত অৱস্থিত স্পকেনৰ এগৰাকী মহিলা ছ’নোৰা স্মাৰ্ট ডডৰ পৰা। পত্নীৰ মৃত্যুৰ পিছত পিতৃ উইলিয়াম জেকচন স্মাৰ্টে অকলে ৬টা সন্তানক ডাঙৰ-দীঘল কৰাৰ বাবে তেওঁৰ পিতৃ উইলিয়াম জেকচন স্মাৰ্টক সন্মান জনোৱাৰ বাবে এটা দিন পাৰ কৰিব বিচাৰিছিল। সেইবাবেই ছ’নোৰাই সিদ্ধান্ত লৈছিল যে পিতৃসকল সেই প্ৰশংসাৰ যোগ্য আৰু পিতৃ দিৱসৰ ধাৰণাটো লৈ আহিছিল। ১৯১০ চনত প্ৰথম পিতৃ দিৱস পালন কৰা হৈছিল যদিও আনুষ্ঠানিক হ’বলৈ বহু বছৰ লাগিছিল।


আনহাতে এটা কথা জানেনে? গোলাপ ফুলক আমেৰিকাত পিতৃ দিৱসৰ বাবে চৰকাৰী ফুল হিচাপে গণ্য কৰা হয়।

Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !

Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !
Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !

আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আজি এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।।(Kedarnath Helicopter Crash)

এই ঘটনা সংঘটিত উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ সমীপত।(Kedarnath)

উক্ত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৭ জনকৈ লোক।

কেদাৰনাথৰ ৰুদ্ৰপ্ৰয়াগ জিলাত গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হয় হেলিকপ্টাৰখন।

কেদাৰনাথলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন।

দুৰ্ঘটনাত পাইলটসহ ৭ জনকৈ লোকৰ মৃত্যু হয়।

নীটত উজলিল গোগামুখ ৰিজ’লোছন একাডেমীৰ দহ গৰাকী পৰীক্ষাৰ্থী । NEET Result 2025

নীটত উজলিল গোগামুখ ৰিজ’লোছন একাডেমীৰ দহ গৰাকী পৰীক্ষাৰ্থী । NEET Result 2025
নীটত উজলিল গোগামুখ ৰিজ’লোছন একাডেমীৰ দহ গৰাকী পৰীক্ষাৰ্থী । NEET Result 2025

১৪ জুনঃ NEET Result 2025 । ঘোষিত সৰ্বভাৰতীয় নেচনেল ইলেজিবিলিটি আৰু এন্ট্ৰেন্স টেষ্ট চমুকৈ  নীট পৰীক্ষাত ধেমাজি জিলাৰ গোগামুখৰ অন্যতম ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান গোগামুখ ৰিজ’লোছন একাডেমীয়ে সুন্দৰ ফলাফল লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ গোগামুখ আৰু ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

এন টি এ-ৰ দ্বাৰা পৰিচালিত উক্ত  পৰীক্ষাত গোগামুখ ৰিজ’লোছন একাডেমীৰ পৰা মুঠ ১৭ গৰাকীয়ে উক্ত সন্মানীয় পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ ইয়াৰে দিত্তীকা পেগুৱে ৪৬০,  আস্থা মহন্তই, ৪৬৬, অনুস্কা পেগুৱে ৪২৭,  অৰ্পিতা মহন্তই ৪২৪, কৰবী কোঁৱৰে ৪১৯, চিন্ময় নৰহে ৪১৭, কস্তূৰীকা সন্দিকৈয়ে ৩৯৮, প্ৰীতি হাজৰিকাই ৩৯৫, শুভাৰাণী মৰাং ৩৯০, প্ৰিয়ম প্ৰীতি কুম্বাঙে ৩৮১ নম্বৰ লাভ কৰি চিকিৎসা মহাবিদ্যালয়ত স্থান পোৱাটো প্ৰায় নিশ্চিত কৰিছে ৷

উল্লেখনীয় যে, বিগত ২০২৪ চনত ৰিজ’লোছন একাডেমীয়ে নিজাববীয়া প্ৰচেষ্টাত টীম ৩০ নাম নীট পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ পোন প্ৰথমবাৰৰ বাবে  আৱাসিক ক’চিং আৰম্ভ কৰিছিল ৷ উক্ত আৱাসিক ক’চিং ক্লাছ শুভাৰম্ভ কৰিছিল অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

ৰিজ’লোছন একাডেমীয়ে উক্ত ক’চিং ক্লাছৰ বাবে অসমৰ বাহিৰৰ অভিজ্ঞ শিক্ষকক আমন্ত্ৰণ কৰিছিল ৷ ৰিজ’লোছন একাডেমীৰ পৰিচালন সঞ্চালক শশীন্দ্ৰ দলেয়ে জনোৱা মতে এই সাফল্যৰ বাবে  ৰিজ’লোছন একাডেমীয়ে দীৰ্ঘদিনীয়াকৈ কষ্ট কৰিবলগা হৈছে ৷ আমাৰ এই যাত্ৰাত ৰিজ’লোছন প্ৰতিগৰাকী শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীক হিয়াভৰা ধন্যবাদ জ্ঞাপন  কৰিছোঁ ৷ আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ এই সফল যাত্ৰা সম্ভৱ নহ’লহেঁতেন ৷ নীটত উৰ্ত্তীণ হোৱা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰ্থিক বাবে অতিকৈ দুৰ্বল আছিল বুলি শশীন্দ্ৰ দলেয়ে আমাক জানিবলৈ দিছে ৷

নগাঁৱত কেঞ্চাৰ ৰোগৰ আধুনিক চিকিৎসা পদ্ধতিৰ বিষয়ে আলোচনা । Cancer

১৪ জুন: Cancer । নগাঁৱৰ এপল ক্লিনিক চেন্টাৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয়, য’ত চেন্নাইস্থিত এপল হস্পিতালৰ কেঞ্চাৰ ৰোগ বিশেষজ্ঞ ডাঃ জয়চন্দ্ৰন পি কে উপস্থিত থাকে। সংবাদমেলখনত তেওঁ কেঞ্চাৰ ৰোগৰ আধুনিক চিকিৎসা পদ্ধতিৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰে।

ডাঃ জয়চন্দ্ৰনে সংবাদমেলখনত মন্তব্য কৰি কয়, “বৰ্তমান সময়ত ধঁপাত ব্যৱহাৰৰ সংখ্যা আশংকাজনক হাৰত বৃদ্ধি পাইছে, যাৰ ফলত কেঞ্চাৰ ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি হৈ আছে। এই পৰিস্থিতি উদ্বেগজনক যদিও, এতিয়া চিকিৎসাৰ ক্ষেত্ৰত হোৱা উন্নতিত কেঞ্চাৰ ৰোগ নিৰাময় সম্ভৱ।”

তেওঁয়ে উল্লেখ কৰে যে, এপলই কেঞ্চাৰ ৰোগীসকলৰ বাবে **কেঞ্চাৰ ছেল ট্ৰাঞ্চপ্লান্ত, মনোক্লোনেল এণ্টিবডি, আৰু প্ৰতিৰক্ষা চিকিৎসা (Immunotherapy)**ৰ দৰে আধুনিক পদ্ধতি হাতত লৈছে। ইয়াৰ সহায়ত ৰোগীসকলৰ চিকিৎসা অধিক ফলপ্ৰসূ হৈ পৰিছে আৰু বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰা ৰোগ সম্পূৰ্ণ আৰোগ্য হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছে।

সংবাদমেলখনত ডাঃ জয়চন্দ্ৰনৰ সৈতে এপল ক্লিনিকৰ প্ৰবন্ধক কমলেশ চক্ৰৱৰ্তীো উপস্থিত থাকে। তেওঁয়ে ক্লিনিকটোৰ ভৱিষ্যৎ পৰিকল্পনা আৰু চিকিৎসা সেৱাৰ বিস্তাৰ বিষয়ে বিস্তৃত তথ্য দিয়ে।

এই সংবাদমেলৰ জৰিয়তে নগাঁৱ আৰু আশেপাশৰ ৰোগীসকলৰ বাবে এক আশাৰ বাণী বহন কৰি আনিছে এপল ক্লিনিক চেন্টাৰ। কেঞ্চাৰৰ দৰে গম্ভীৰ ৰোগৰ ক্ষেত্ৰত এতিয়া আগতকৈ অধিক উন্নত আৰু সহজলভ্য চিকিৎসা ব্যৱস্থা উপলব্ধ।

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য
Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য

সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলোৱা এক বিমান দুৰ্ঘটনা।(Ahmedabad Plane Crash)বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬৫ জনলৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত ২৪১ গৰাকী হৈছে বিমান খনত থকা যাত্ৰী আৰু ক্ৰু মেম্বাৰ। শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলচন।

এয়াৰ ইণ্ডিয়াই শুকুৰবাৰে প্ৰকাশ কৰে যে ব’য়িং-৭৮৭-৮ এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰা সময়তে ১২ গৰাকী ক্ৰু সদস্যসহ ২৪২ গৰাকী লোকে যাত্ৰা কৰিছিল আৰু এজনক বাদ দি এই সকলোৱেই ঘাতক দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ।এই সন্দৰ্ভত সামাজিক মাধ্যম এক্সত এয়াৰ ইণ্ডিয়াই লিখে, “১২ বছৰীয়া ব’য়িং-৭৮৭-৮ বিমানখনে আহমেদাবাদৰ পৰা ১৩.৩৮ ঘণ্টাত উৰা মাৰিছিল । য’ত ২৩০ গৰাকী যাত্ৰী আৰু ১২ গৰাকী ক্ৰু সদস্য আছিল । বিমানখনে উৰা মৰাৰ লগে লগেই দুৰ্ঘটনাত পতিত হয় । আমি আপোনালোকক জনাবলৈ পাই দুঃখিত যে ২৪২ গৰাকীৰ যাত্ৰীৰ ভিতৰত ২৪১ গৰাকীৰ মৃত্যু হৈছে । একমাত্ৰ জীৱিত ব্যক্তিগৰাকীক হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।”


ইফালে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী টাটা গ্ৰুপে। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে টাটা গ্ৰুপে।
১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ২৩ ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্টুগাল নাগৰিক আৰু এগৰাকী কানাডাৰ নাগৰিক।

এইসকল যাত্ৰীক লৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰাৰ কেইমিনিটমান পিছতে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিকটৱৰ্তী চিকিৎসকৰ এটা হোষ্টেলৰ অট্টালিকাত খুন্দা মাৰি ধ্বংসপ্ৰাপ্ত হয়।

Sunjay Kapur: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া পলম হ’ব, পোহৰলৈ আহিছে ইয়াৰ কাৰণ !

Sunjay Kapur: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া পলম হ’ব
Sunjay Kapur: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া পলম হ’ব

ভাৰতীয় সুপৰিচিত উদ্যোগপতি তথা অভিনেত্ৰী(Sunjay Kapur) কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত দেহাৱসান ঘটে। পোলো খেলি থাকোঁতে মাৰাত্মক হাৰ্ট এটেকত আক্ৰান্ত হৈ ব্ৰিটেইনত মৃত্যুক সাৱটি লয় সঞ্জয় কাপুৰে। সঞ্জয় কাপুৰৰ ব্যৱসায়িক পৰামৰ্শদাতা সুহেল ছেথে নিশ্চিত কৰিছে যে তেওঁৰ হৃদযন্ত্ৰৰ ফলত মৃত্যু হৈছে। বৃহস্পতিবাৰে মৃত্যু হয় সঞ্জয় কাপুৰৰ। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াতো পলম হ’ব পাৰে। ইয়াৰ কাৰণ জানো আহক-

এক প্ৰতিবেদন অনুসৰি পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সুঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া আইনী জটিলতাৰ বাবে পলম হ’ব পাৰে, কিয়নো তেওঁৰ নাগৰিকত্ব আমেৰিকান। প্রতিবেদনৰ মতে, অন্তর্দৃষ্টিৰ তথ্য অনুসৰি সঞ্জয় কাপুৰ আমেৰিকাৰ নাগৰিক আছিল আৰু যিহেতু লণ্ডনত তেওঁৰ মৃত্যু হৈছিল, সেয়েহে তেওঁৰ মৃতদেহ ভাৰতলৈ অনাৰ আইনী প্রক্রিয়া কঠিন হ’ব পাৰে৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে সঞ্জয় কাপুৰৰ শহুৰেক অশোক সাচদেৱে ভাৰতৰ দিল্লীত শেষ ৰীতি-নীতি কৰা হ’ব বুলি কৈছিল। এনডিটিভিৰ প্ৰতিবেদন অনুসৰি অশোক সাচদেৱে কৈছিল, “এতিয়াও মৰণোত্তৰ পৰীক্ষা চলি আছে। কাগজ-পত্ৰ সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহটো শেষ অনুষ্ঠানৰ বাবে ভাৰতলৈ অনা হ’ব।” আপোনালোকক জনাওঁ যে সঞ্জয় কাপুৰে পত্নী প্ৰিয়া সচদেৱ আৰু পুত্ৰ আজাৰিয়াক এৰি থৈ যায়। ইয়াৰোপৰি কৰিশ্মা কাপুৰৰ এগৰাকী কন্যা সমইৰা আৰু এজন পুত্ৰ কিয়ান।

সঞ্জয় কাপুৰৰ মৃত্যু কেনেকৈ হ’ল?

প্ৰতিবেদন অনুসৰি ব্যৱসায়ীজনৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে, সঞ্জয় কাপুৰে গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থকাৰ সময়তে তেওঁৰ শ্বাসৰুদ্ধ হোৱা অনুভৱ হয়। খেল বন্ধ কৰিবলৈ অনুৰোধ কৰি তাৰ পিছত খেলপথাৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছত তেওঁৰ হাৰ্ট এটেক হয় আৰু মৃত্যু হয়। একে সময়তে অন্তৰ্দৃষ্টিসম্পন্ন লোকে আৰু কয় যে সঞ্জয় কাপুৰে মৌমাখি এটা গিলি পেলাইছিল আৰু ডিঙিত দংকাৰ বাবে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। সঞ্জয় কাপুৰে আগতে অৰেউছ নামৰ প’ল’ দল এটা চলাইছিল। তেওঁ খেলি আছিল জয়সাল সিং নামৰ হোটেল মালিকৰ দল সুজানৰ বিৰুদ্ধে।