পশুপালন বিভাগৰ ক্ষেত্ৰ-সহায়কৰ পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে এইচ ইন্সটিটিউটে এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰিছে। গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হ’বলগীয়া এই সাতদিনীয়া প্ৰশিক্ষণৰ আসনৰ সংখ্যা সীমিত।
ৰাজ্যত যোৱা সময়ছোৱাত কেইবাটাও স্থানত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ পৰা চৰকাৰী ভূমি তথা বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা অনুসৰি বহু স্থানত চলাইছে উচ্ছেদ। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰাত উচ্ছেদৰ সময়ত কিছু বিক্ষিপ্ত ঘটনাও পোহৰলৈ আহিছিল। উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি গোলাঘাটৰ উৰিয়ামঘাটত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। অৱশ্যে আজি দিনৰ ভাগত উৰিয়ামঘাটত উপস্থিত হৈ অঞ্চলটোত উচ্ছেদ সন্দৰ্ভত তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
প্রশাসনে জনোৱা মতে, সীমান্তৰ ৩০ খনতকৈ অধিক গাঁৱত তিনি হাজাৰ বিঘাতকৈ অধিক ভূমিত উচ্ছেদ অভিযান চলোৱা হ’ব। সেই অনুসৰি ২৯ জুলাইৰ পূৰ্বে সেই স্থান খালী কৰিবলৈ বেদখলকাৰীসকলক নিৰ্দেশ দিয়া হৈছিল। প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে অঞ্চলটোত অবৈধভাৱে বাস কৰি থকা বহু লোক টালি-টোপোলা বান্ধি গাড়ীৰে উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পথেৰে সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছিল। নগাঁও, ধিং, লাহৰিঘাট, ৰূপহী, মৈৰাবাৰী, বটদ্ৰোৱা আদি স্থান সমূহলৈ গাড়ীৰে আজি পুৱাৰে পৰা ৰাওনা হৈছে বহু সংখ্যক লোক । উৰিয়ামঘাট সীমান্তৰ পৰা পলায়ন কৰা এই সন্দেহজনক লোকসকলে যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওঁজান ,চুঙাজান আদিত আশ্ৰয় ল’ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল-সংগঠনসমূহে।
ছবি গৃগত বহু টকা উপাৰ্জন কৰি থকা (Alzheimer) ছাইয়াৰা চিনেমাত নায়িকাগৰাকীৰ যি ৰোগ আছিল সেই ৰোগৰ বিষয়ে WHO এ ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে।
ছাইয়াৰা চিনেমাখন মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চিনেমা হলৰ ভিডিঅ’। ছবিখন চাই ২০-২৫ বছৰীয়া ল’ৰা-ছোৱালীক কান্দি থকা পৰিলক্ষিত হয়। যদিও এই চিনেমাখন এখন ৰোমান্টিক নাটক, কিন্তু ইয়াত এনে এটা ৰোগৰ কথা কোৱা হৈছে যিয়ে কেৱল ৰোগীয়েই নহয়, তেওঁৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ জীৱন সলনি কৰি পেলায়।
ছবিখনত বাণীৰ চৰিত্ৰত অভিনয় কৰা অনিত পদ্দা এলঝেইমাৰ ৰোগত আক্ৰান্ত হয়, যাৰ বাবে তেওঁ প্ৰেমিকক পাহৰিবলৈ আৰম্ভ কৰে। এইটো এটা প্ৰগতিশীল অৱস্থা, যাৰ ফলত ডিমেনচিয়া হয়। সমগ্ৰ বিশ্বতে ৫.৫ কোটি লোক এই বেমাৰত ভুক্তভোগী। এই ৰোগৰ সন্দৰ্ভত WHO য়ে কৰা ভৱিষ্যদ্বাণীয়ে আপোনাক চিন্তিত কৰিব পাৰে।
ডিমেনচিয়া কি?
ডিমেনচিয়াই আপোনাৰ চিন্তাধাৰা, স্মৃতিশক্তি, যুক্তি, ব্যক্তিত্ব, মেজাজ আৰু আচৰণত প্ৰভাৱ পেলায়। ইয়াত ক্ৰমান্বয়ে আপোনাৰ মগজুৱে কাম বন্ধ কৰিবলৈ আৰম্ভ কৰে। এটা সময় আহে যেতিয়া ৰোগীয়ে নিজৰ পৰিয়াল, ঘৰখন আৰু তেওঁলোকৰ লগত জড়িত প্ৰতিটো স্মৃতি পাহৰিবলৈ আৰম্ভ কৰে। কিন্তু এইটো এই ৰোগৰ কোনো গুৰুতৰ পৰ্যায় নহয়, সমস্যাটো তেতিয়াই হয় যেতিয়া ৰোগীয়ে খাদ্য চোবাই খোৱা, গিলি পেলোৱা আদি মৌলিক কামবোৰো কৰিব নোৱাৰে।
ডিমেনচিয়াৰ কাৰণ-
ডিমেনচিয়াৰ বেছিভাগ ক্ষেত্ৰতে এলঝেইমাৰ ৰোগৰ পৰা আৰম্ভ হয়। এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। মগজুৰ কোষৰ চাৰিওফালে বেলেগ ধৰণৰ প্ৰটিন জমা হোৱাৰ বাবে এই ৰোগ হয়। কিন্তু ইয়াৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইয়াত জীৱনশৈলীৰ অভ্যাস, পৰিৱেশৰ কাৰক আৰু জিনৰ এক সংযুক্ত ভূমিকা আছে।
WHO ৰ ভৱিষ্যদ্বাণী-
ডব্লিউ এইচ অ’ৰ প্ৰতিবেদন অনুসৰি অহা পাঁচ বছৰত ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰত বৃহৎ বৃদ্ধি দেখা পোৱা যাব। এই ৰোগ ২০৩০ চনৰ ভিতৰত ৭.৮ কোটি আৰু ২০৫০ চনত ১৩.৯ কোটি ৰোগীলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।