Home Blog Page 2281

সাংবাদিক ৰাজু বৰুৱাৰ চিকিৎসাৰ বাবে বিধায়ক পদ্ম হাজৰিকাই আগবঢ়ালে ২ লাখ টকাৰ অনুদান

লিভাৰ চিৰোচিচত আক্ৰান্ত জামুগুৰিহাটৰ ধলাইবিল চামধৰা গাঁৱৰ যুৱ সাংবাদিক ৰাজু বৰুৱা সম্প্ৰতি লিভাৰ ট্ৰান্সপ্লান্টৰ বাবে চেন্নাইৰ গ্লেনিগ’লচ্ গ্ল’বেল হেলথ চিটিত ভৰ্তি হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী বিধায়ক তথা অন্যান্য মানৱদৰদী লোকসকলে সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা সহায়ক সাহস হিচাপে লৈ চিকিৎসাধীন হৈ থকা সাংবাদিক ৰাজু বৰুৱাৰ অহাকাইলৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব৷য’ত লিভাৰ অস্ত্ৰোপচাৰৰ বাবে লিভাৰ আগবঢ়াব সাংবাদিকগৰাকী ভাতৃ শৰৎ বৰুৱাই৷সাংবাদিকগৰাকীৰ লগতে পৰিয়ালটিক এই জটিল সময়খিনিত সহায়ক হ’ব পৰাকৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চিকিৎসাৰ বাবে আজি দুই লক্ষ টকা অনুদান হিচাপে আগবঢ়ায়৷আজি ধলাইবিল চামধৰাস্থিত ৰাজু বৰুৱাৰ বাসগৃহত বিজেপি দলৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত হৈ সাংবাদিক ৰাজু বৰুৱাৰ পিতৃ-মাতৃৰ হাতত এই ধনৰ টোপোলা চমজি দিয়ে৷

চতিয়া সমষ্টিৰ বিধায়কগৰাকীৰ হৈ এই সহায়ৰ টোপোলা প্ৰদান কৰে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাই৷সমগ্ৰ কাৰ্যসুচীটোত সংগ দিয়ে যুৱ নেতা বুলু আহমেদ,গৌতম লাহন,যুৱ মৰ্চাৰ সভাপতি ভাষ্কৰ শইকীয়াকে ধৰি কেবাগৰাকীও বিষয়ববীয়াই৷উপস্থিত সকলোৱে সাংবাদিক ৰাজু বৰুৱা শীঘ্ৰে সুস্থ হৈ পুণৰ সংবাদক্ষেত্ৰৰ জগতখনলৈ উভতি অহাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ৰাজু বৰুৱাৰ পিতৃ-মাতৃয়েও বিধায়ক পদ্ম হাজৰিকাই পৰিয়ালটিক কৰা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷উল্লেখ্য যে ৰাজু বৰুৱা গুৱাহাটীস্থিত এটি চেটেলাইট চেনেলত কৰ্মৰত সাংবাদিক আছিল৷

নৰ্থ -ইষ্ট আৰ্টিষ্টিক টেলেণ্ট ক্লাৱৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

“প্ৰতিভাৰে জগত জিনো” মন্ত্ৰৰে নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেণ্ট ক্লাৱৰ উদ্যোগত দ্বি বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বাবে অশেষ কষ্ট আৰু পৰিশ্ৰম কৰি সমাজলৈ যোগাত্মক সুস্থ বাতাৱৰণ কঢ়িয়াই অনাৰ লগতে সমাজক এখোজ আগুৱাই নিয়াত সক্ষম হোৱা ব্যক্তিলৈ “সমাজ ৰত্ন” বঁটা প্ৰদান কৰি আহিছে।এই উদ্দেশ্যেৰে এইবেলিও ২০২২বৰ্ষৰ “সমাজ ৰত্ন সন্মান “বৰপেটাৰ সমাজ সেৱক ৰিংকু আহমেদলৈ আগবঢ়াইছে।কৰ্তব্যনিষ্ঠা,দায়বদ্ধতা নিয়মনিষ্ঠ কৰ্মতৎপৰতাৰে সমাজত সুদূৰ প্ৰসাৰী প্ৰভাব পেলোবলৈ সক্ষম হোৱা চাউলখোৱা মহোৎসৱৰ স্থায়ী সভাপতি বিশিষ্ট সমাজসেৱক ৰিংকু আহমেদক এই বঁটা প্ৰদান কৰি বৰপেটাবাসীক গৌৰৱান্বিত কৰিছে। সাংবাদিক চক্ৰপাণি পৰাশৰে বিশিষ্ট সমাজসেৱক ৰিংকু আহমেদক বঁটাতো প্ৰদান কৰে।

গুৱাহাটী চান্দমাৰীস্থ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে এই ক্লাৱৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট লেখিকা নঞ্জু দত্তই।এই অনুষ্ঠানত দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক শংকৰ গোঁহাই আৰু জনসংযোগ অসমৰ উপ সঞ্চালক পুলিন ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।তদুপৰি আৰোহণ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সঞ্চালক ড° সীমা বৰা আৰু এই ক্লাৱৰ উপদেষ্টা ৰুবী শইকীয়া দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।এই ক্লাৱৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰে।এই অনুষ্ঠানতে বৰপেটাৰ জেষ্ঠ সাংবাদিক তথা অগ্ৰদূত কাকতৰ অৰূপজ্যোতি মহন্তকো সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে “সংবাদ প্ৰহৰী” সন্মান প্ৰদান কৰে।এই বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে ৰুমী শইকীয়াই।

তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে সাত গৰাকী লোকক!তিনি জনৰ মৃত্যু

দৰঙৰ ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে সাত গৰাকী লোকক৷ তিনি জনৰ মৃত্যু, ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা৷পুৱা খোজ কাঢ়িবলৈ অহা মহিলাসহ শাৰিৰীক অনুশীলনৰ বাবে অহা যুৱক সাতগৰাকীক মহতিয়াই নিয়ে তীব্ৰ বেগী ট্ৰাক খনে৷AS-11-BC–1555 নং ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত ড্ৰাইভাৰ হেণ্ডিমেনে পলায়ন কৰে৷দুৰ্ঘটনাত মৃত তিনিগৰাকী হ’ল ১৬ বছৰীয়া জিন্টুমণি আহমেদ ,ইন্দাদুল হক ,আৰু ৭৫ বছৰীয়া বৃদ্ধা জয়মতী বৰুৱা আৰু সংগীতা বৰুৱা।

আহত তিনিগৰাকীক অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷ঘটনাস্হলীত আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ৷

গোসাইগাঁৱত ইউ পি পি এল দলৰ যুৱ আৰু মহিলা গোটৰ শপত গ্ৰহন অনুষ্ঠান

ইউ পি পি এল দলৰ গোসাইগাঁও জিলা সমিতিৰ যুৱ আৰু মহিলা গোটৰ নতুন সমিতিৰ শপত গ্ৰহন অনুষ্ঠিত হয়।তদুপলক্ষে দলৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি অনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।সভাত ৰাজীৱ মুছাহাৰীক সভাপতি, সৌমকৌৰ বসুমতাৰী আৰু হাফিজুৰ ৰহমানক সম্পাদক হিচাপে লৈ দলৰ যুৱ গোটৰ গোসাইগাও জিলা সমিতি গঠন কৰা হয় আৰু যুৱ সমিতি খনৰ শপত বাক্য পাঠ কৰোৱায় দলৰ কেন্দ্ৰীয় যুৱ সমিতিৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে।আনহাতে চিত্ৰা বসুমতাৰীক সভানেত্ৰী আৰু মঞ্জিলা খাতুনক সম্পাদিকা হিচাপে লৈ গঠিত হোৱা দলৰ গোসাইগাঁও জিলা মহিলা সমিতি খন আৰু গোসাইগাঁও জিলা সমিতিৰ অধীনস্থ বিভিন্ন ব্লক সমিতি সমূহৰ শপত বাক্য পাঠ কৰোৱায়।


কোকৰাঝাৰ পৌৰ সভাৰ পৌৰপতি প্ৰতিভা ব্ৰহ্ময়ে।সভাত দলৰ মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা গয়াৰীয়ে কৰ্মী সকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত ভাষণ দিয়ে।সভাত গোসাইগাও পৌৰ সভাৰ পৌৰপতি প্ৰফুল্ল ইছলাৰী,কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মুৰ্শীদা বেগম,প্ৰশাসনিক সম্পাদক আয়নাল হক,গোসাইগাঁও জিলা সমিতিৰ সাংগঠনিক সম্পাদক লোকনাথ নাৰ্জাৰী সহ বহু নেতা কৰ্মী উপস্থিত থাকে।সাংবাদিকে সোধা এক আছুতীয়া সাক্ষাতকাৰত গোসাইগাঁও জিলা সমিতিৰ সভাপতি অনিন্দ্ৰ বসুমতাৰীয়ে কয় যে বি পি এফ দলৰ দলীয় কৰ্মী সকলক ধৰি ৰখাৰ বাবে বিপিএফ দলৰ চৰকাৰ গঠন হব বুলি ছয় মাহ মূৰে মূৰে কৈ থাকে।

সংবাদমাধ্যমৰ সন্মানীয় সকলোলৈকে বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ মুল পথ হিচাপে পৰিগণিত হৈ থকা ঐতিহাসিক ধোদৰ আলিৰ আমগুৰি জাঁজী দলঙৰ পৰা চামগুৰি ৰজা মৈদাম সমীপ লৈকে পুনৰ নিৰ্মাণ কৰিবলৈ অহা প্ৰায় ৮ কি:মি পথছোৱা নিৰ্মাণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ৮’৭৫ কোটি টকা লোক নিৰ্মাণ বিভাগৰ অধীনত মুকলি কৰি দিছিল। সেই টকাৰে নিৰ্মাণ কৰা পথটো প্ৰথমৰ পৰাই ঠিকাদাৰ আৰু অভিযন্তাই মিলি দুৰ্নীতি কৰি অহা দেখিবলৈ পোৱা গৈছে। বিগত ছেপ্টেম্বৰ মাহতে আৰম্ভ কৰা পথ পুণৰ নিমাণ কামটোত আমগুৰি নগৰৰ অংশত বখলা ব্লেক টেপিং এৰি যোৱা পৰিলক্ষিত হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন মহলে অভিযোগ দিয়াত নগৰ অংশ ভাল কৰে যদিও পুনৰ বাকী অংশত দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে। আৰ টি আই উল্লেখিত তথ্য অনুসৰি ৯ কি: মি: পথটো সৃষ্টি হৈ সৰু সৰু গাতত শিল দিবৰ ৬৫’২২ লাখ টকা পুঁজি ধায‍্য হৈছিল। কিন্তু ৬৫ ‘২২ লাখ টকা বাদেই ১০ লাখ টকাৰো শিল দিয়া পৰিলক্ষিত নহল। উক্ত পথ নিৰ্মানত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি কেন্দ্ৰীয় সমিতিৰ সহ সচিব প্ৰধান আকাশ শইকীয়া আৰু কেন্দ্ৰীয় সমিতিৰ কায‍্যকৰি সভাপতি যাদব গগৈ আৰু আমগুৰি আঞ্চলিক সমিতিৰ সভাপতি মলয়জ শইকীয়া, ভাৰপাপ্ত সচিব অংকুৰ গগৈয়ে ৪ এপ্ৰিল তাৰিখে জিলাৰ অতিৰিক্ত উপায়ুক্তৰ কায‍্যালয়ত আমগুৰি চক্ৰ বিষয়া মৌচুমী লাহন আৰু আমগুৰি লোক নিমান বিভাগৰ AEE ৰিতুৰাজ গগৈ আৰু অভিযন্তা মোহন বৰাৰ উপস্থিত এক আলোচনাত মিলিত হয়।

উক্ত আলোচনাত অতিৰিক্ত উপায়ুক্তই ২০ এপ্ৰিলৰ ভিতৰত ভগ্ন কালভাৰ্ট পুনৰ নিৰ্মাণ কাম আৰম্ভ কৰা লগতে শিল দিয়াৰ নামত সংঘটিত হোৱা ৬৫,২২ লাখ টকাৰ এক উচ্চ স্তৰৰ তদন্ত ঘোষণা কৰে । কিন্তু প্ৰায় ৩০ দিন উকলি যোৱা পাছতো ভগ্ন কালভাৰ্টো নিৰ্মাণ কৰিছে যদিও আজি ৫০ টা দিন উকলি যোৱাৰ পাছতো আমি ৬৫ লাখ টকাৰ তদন্ত নামত কোনো এটা সঠিক উত্তৰ আমি নাপালোঁ। ইফালে দুৰ্নীতি গাপ দিবলৈ ভণ্ড ঠিকাদাৰে সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাহে দেখিবলৈ পোৱা গৈছে। সেয়েহে আমি বৃহত্তৰ অসমীয়া যুব মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে দাবী কৰা কোনো এটা কাম আজিকোপতি ফলপ্ৰসূ নোহোৱাত এলানি জংগী আন্দোলনৰ ঘোষণা কৰিছো। অহা ২৬ মে বৃহস্পতিবাৰে আমগুৰি নগৰৰ মাজমজিয়াত ৩ ঘণ্টীয়া অবস্থান ধৰ্মঘট কায‍্যসূচী গ্ৰহণ কৰাৰ লগতে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধৰ কায‍্যসূচী হাতত লোৱা হৈছে। গতিকে সকলো ৰাইজৰে সহায় সহযোগ বিচাৰিছো

সফলতাৰ শীৰ্ষত কাৰ্তিক আৰিয়নৰ ‘ভুল ভুলিয়া ২’। চিনেমা হ’লৰ বাহিৰত থিয় হৈ নিজেই টিকট নাপালে কাৰ্তিকে! কলে দৰ্শকক

কাৰ্তিক আৰিয়নৰ ভুল ভুলিয়া ২ ৰ সফলতা উদযাপন কৰিবলৈ মুম্বাইৰ বিখ্যাত গেটি গ্যালাক্সি থিয়েটাৰত উপস্থিত হয়। তেওঁলোকক চাবলৈ তাত যথেষ্ট ভিৰ আছিল। কাৰ্তিকে অনুৰাগী আৰু দৰ্শকসকলক ধন্যবাদ জনাইছিল।কাৰ্তিক আৰিয়নৰ ‘ভুল ভুলিয়া ২’ এই বছৰৰ সৰ্বাধিক উদ্বোধনী চলচ্চিত্ৰৰ ভিতৰত দ্বিতীয় স্থানত আছে। তাৰ ওপৰত কেৱল ‘সূৰ্যবংশী’ আছে। ভৌতিক কৌতুক চলচ্চিত্ৰখনে প্ৰথম দিনাই এক ধুমধামী আৰম্ভণি কৰিছিল আৰু ১৪.১১ কোটি সংগ্ৰহ কৰিছিল। দ্বিতীয় দিনা, চলচ্চিত্ৰখনৰ সংগ্ৰহ প্ৰায় 28 শতাংশ বৃদ্ধি পাইছিল আৰু শনিবাৰে, ই 18.25 কোটি টকা উপাৰ্জন কৰিছিল। প্ৰাৰম্ভিক দুদিনলৈ লক্ষ্য কৰিলে, বিশ্বাস কৰা হয় যে দেওবাৰে, ই সংগ্ৰহ কৰিব। 3 দিনৰ ভিতৰত, ছবিখনে প্ৰায় 50 কোটিৰ সীমা অতিক্ৰম কৰিব পাৰে।’ভুল ভুলিয়া ২’ৰ সফলতাই বলীউডক গুঞ্জনকৰি তুলিছে। আপাতদৃষ্টিত এইটো কাৰ্তিক আৰিয়নৰ বাবে এই সফলতা উদযাপন কৰাৰ এটা সুযোগ। কাৰ্তিক মুম্বাইৰ বিখ্যাত গেটি গ্যালাক্সি থিয়েটাৰত উপস্থিত হৈছিল য’ত তেওঁ অনুৰাগী আৰু দৰ্শকসকলক ধন্যবাদ জনাইছিল। কাৰ্তিকক চাবলৈ তাত যথেষ্ট ভিৰ হৈছিল। শৰীৰৰ ৰক্ষীসকলেও এনে ভিৰ চম্ভালিবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল।

কাৰ্তিকে তেওঁৰ সামাজিক মাধ্যমত কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এটাত, তেওঁৰ হাতত হাউচফুলৰ বোৰ্ড আছে। মানুহবোৰ তেওঁলোকৰ চাৰিওফালে থিয় হৈ আছে আৰু সকলোৱে তেওঁলোকৰ ফটো তুলি আছে। কাৰ্তিকে পোষ্টটোৰ সৈতে শিৰোনামটোত লিখিছিল- “অভিনেতা হিচাপে, আমি এই দিনটোৰ বাবে আকাংক্ষিত। এই হাউচফুল বোৰ্ড… য’ত মই নিজে টিকট পোৱা নাছিলো।ভুল ভুলিয়া ২ জ্বলি আছে। ‘

বিবাহৰ প্ৰশ্নৰ উত্তৰত কিয়াৰা আদৱানীৰ উত্তৰ, সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব কিয়াৰা !

কিয়াৰা-সিদ্ধাৰ্থ বিবাহ আপডেট: এতিয়ালৈকে ‘শ্বেৰশাহ’ খ্যাত দম্পতীৰ বিষয়ে বহুতো প্ৰতিবেদন আহিছে, কিন্তু যেতিয়া তেওঁলোকক পোনপটীয়াকৈ বিবাহৰ বিষয়ে সোধা হৈছিল, তেওঁলোকে ইয়াৰ প্ৰতি কেনে সঁহাৰি দিছিল জানি লওঁক।কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কত থকাৰ বাতৰি কিছু সময়ৰ পৰা ঘূৰি আছে। যদিও দম্পতীহালে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে নীৰৱ হৈ আছে, কিন্তু ইয়াৰ স্বত্বেও, ইয়াৰ অনুৰাগীসকলে এই দম্পতীহালৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়ালৈকে ‘শ্বেৰশাহ’ খ্যাত দম্পতীৰ বিষয়ে বহুতো বাতৰি পোৱা গৈছে, কিন্তু শেহতীয়াকৈ যেতিয়া কিয়াৰা আদৱানীক তেওঁক পোনপটীয়াকৈ বিয়া কৰাই থিতাপি ল’বলৈ কোৱা হৈছিল, তেওঁ কেনেকৈ ইয়াৰ উত্তৰ দিছিল জানি লওঁক।

কৰণ জোহৰে এই প্ৰশ্নটো কৰিছিল
কিয়াৰা আদৱানীয়ে মাল্টিষ্টাৰাৰ ছবি ‘জুগ জুগ জীয়ো’ত মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ সময়ত, যেতিয়া কিয়াৰাক নিষ্পত্তি হোৱাৰ বিষয়ে সোধা হৈছিল, কৰণ জোহৰে বাধা দি কৈছিল, “আপুনি মোৰ বিবাহৰ বিষয়ে একো সোধা নাছিল, মই ৫০ বছৰীয়া হ’ম। মই বিবাহৰ বাবে যোগ্য নহয় বুলি আপুনি কি ভাবে? আমিও বিয়া পাতিব পাৰোঁ। ‘

কিয়াৰাই কৈছিল- মই বিয়া অবিহনে আত্ম-সহায়ক।
প্ৰথমে প্ৰশ্নটো এটা কৌতুকলৈ পৰিৱৰ্তন কৰা হৈছিল, কিন্তু তাৰ পিছত যেতিয়া কিয়াৰাক পোনপটীয়াকৈ সোধা হৈছিল, তাই কৈছিল, “বিয়া নোহোৱাকৈও, মই ভালদৰে থিতাপি ল’ব পাৰোঁ, ঠিক নে? মই ভালদৰে থিতাপি লৈছোঁ, মই কাম কৰি আছোঁ, উপাৰ্জন কৰিআছো, সুখী। মই আপোনাক কওঁ যে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে দীৰ্ঘদিন ধৰি ইজনে সিজনক ডেট কৰি আহিছে, কিন্তু বিবাহৰ প্ৰশ্নটোত দুয়ো নীৰৱ হৈ আছে।

গোলাঘাটত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ; হিন্দু যুৱ পৰিষদৰ গোচৰৰ ভিত্তিত অভিযুক্তৰ চাৰি আত্মীয়ক আটক

গোলাঘাট বেবেজীয়া কাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত আজি গোলাঘাটত বিভিন্ন দল-সংগঠনৰ লগতে বেবেজীয়াবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই নাজিদুলক ফাঁচী দিয়া আৰু অসম পুলিচ হায় হায় ধ্বনিৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসম পুলিচৰ প্ৰতি এই প্ৰতিবাদ কৰাৰ মূলতে আৰক্ষী জিম্মাত থকা সময়ত আঘাতপ্ৰাপ্ত হোৱা নাজিদুলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাত স্বয়ং আৰক্ষীৰ সন্মুখতে অভিযুক্তৰ তিনি ভাতৃয়ে উদ্ভণ্ডালী কৰি চিকিৎসালয়ৰ চৌহদত এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰি ঘটনা সংঘটিত হোৱা গাঁও জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল।

আৰক্ষীৰ সন্মুখতে অভিযুক্তৰ ভাতৃয়ে কৰা অসভ্যালীৰ বাবে প্ৰতিবাদকাৰীয়ে আজি অসম পুলিচকো তীব্ৰ বাক্যবাণেৰে শ্ল’গান দিয়া পৰিলক্ষিত হয়। ইফালে দেওবাৰে হিন্দু যুৱ পৰিষদৰ কৰ্ম কৰ্তাই গোলাঘাট আৰক্ষী থানাত অভিযুক্ত নাজিদুলৰ তিনি ভাতৃৰ বিৰুদ্ধে তৰা গোচৰৰ ভিত্তিত চিকিৎসালয়ত উদ্ভণ্ডালীৰ সৃষ্টি কৰা ৱাহিদুৰ ইছলাম, মৈদুল ইছলাম আৰু চৰিদুল ইছলামৰ লগতে এগৰাকী মহিলাক সোধপোছৰ বাবে আটক কৰিছে । অৱশ্যে বাতৰি লিখাৰ পৰলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই।

গ্ৰীষ্মকালত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা: এই গুৰুতৰ সমস্যাটো পানীৰ অভাৱৰ ফলত হয়, এই লক্ষণবোৰে দেখা দিছে নেকি আপোনাৰ শৰীৰত ?

প্ৰচণ্ড গৰমৰ ফলত, শৰীৰৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ’বলৈ আৰম্ভ কৰে। ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা তেওঁলোকৰ মাজৰ এটা গুৰুতৰ সমস্যা। ই ভুক্তভোগীৰ কাম কৰাৰ ক্ষমতা ৩০ ৰ পৰা ৪০ শতাংশ হ্ৰাস কৰে।প্ৰচণ্ড গৰমৰ ফলত, শৰীৰৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ’বলৈ আৰম্ভ কৰে। ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা তেওঁলোকৰ মাজৰ এটা গুৰুতৰ সমস্যা। ই ভুক্তভোগীৰ কাম কৰাৰ ক্ষমতা ৩০ ৰ পৰা ৪০ শতাংশ হ্ৰাস কৰে। প্ৰায়ে শৰীৰত অতি কম পৰিমাণৰ পানীৰ বাবে, ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সমস্যা হয়, যাৰ ফলত ভাগৰ, অলসতা সহ অন্যান্য সমস্যাও থাকে। ছডিয়াম, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ফছফেট, ক্লৰাইডৰ দৰে উপাদানবোৰ ইলেক্ট্ৰলাইটসংগঠিত ৰখাত সহায়ক বুলি জনা যায়।

ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ বাবে
পানীৰ অভাৱৰ বাবে, ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সমস্যা হয় যি আন বহুতো কাৰণৰ ফলত হ’ব পাৰে। বমি-ডায়েৰিয়া, পৰ্যাপ্ত পানী বা তৰল গ্ৰহণ নকৰা, অত্যাধিক ঘাম ওলোৱা, বৃক্ক বা যকৃতৰ ৰোগ থকা লোকসকলৰ ইলেক্ট্ৰলাইট ভাৰসাম্যহীনতাৰ আশংকা অধিক। এনে পৰিস্থিতিত, আপুনি বিশেষ যত্ন ল’ব লাগিব।

ইলেক্ট্ৰলাইট ভাৰসাম্যহীনতাৰ লক্ষণ
যেতিয়া ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ সমস্যাই গুৰুতৰ ৰূপ লয়, তেতিয়া ইয়াৰ কিছুমান লক্ষণ দেখা যাব পাৰে। বহুসময়ত তেজ পৰীক্ষা অবিহনে এই সমস্যাটো চিনাক্ত কৰা নহয়। ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ ফলত হৃদস্পন্দন, ভাগৰ-অলসতা, ওকালি অহা-বমি, ডায়েৰিয়া বা কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ হ’ব পাৰে। যদি এনে লক্ষণবোৰ বাৰে বাৰে দেখা যায় তেনেহ’লে লগে লগে সাৱধান হোৱা আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

যদিহে আপুনি ৰাতিপুৱাৰ আহাৰত দৈনিক ব্ৰেড-বাটাৰ খায় তেন্তে সতৰ্ক হঁওক আপুনি। এই 5 টা ডাঙৰ ৰোগে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে

কেৱল মেদবহুলতাই নহয়, ডায়েবেটিচ, ব্ৰেড, যিসকলে দৈনিক ৰাতিপুৱাৰ আহাৰত ব্ৰেড খায়, তেওঁলোক কেঁচা হোৱাৰ লগতে এই ৰোগবোৰৰ আশংকা সতৰ্ক হৈ পৰে নহলে স্বাস্থ্যৰ এক ডাঙৰ ক্ষতি হ’ব পাৰে। আজিৰ সৰ্বাধিক ব্ৰেড খোৱাৰ বিপদজনক পাৰ্শ্বক্ৰিয়া: মানুহৰ ব্যস্ত জীৱনশৈলীৰ বাবে, আজিকালি ৰাতিপুৱাৰ আহাৰত ব্ৰেড-বাটাৰে পৰঠাৰ স্থান লৈছে। মিনিটত সাজু হোৱা এই ৰাতিপুৱাৰ আহাৰটো বেছিভাগ কৰ্মৰত লোকে খোৱাটো পছন্দ কৰে। কিন্তু এনে কৰোতে, আপুনি জানেনে যে এই সময় ৰক্ষা কৰা ব্ৰেড-বাটাৰ ৰাতিপুৱাৰ আহাৰ আপোনাৰ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে, অজ্ঞাতভাৱে ই আপোনাৰ শৰীৰক ফোঁপোলা কৰি তুলিব পাৰে আৰু আপোনাক বহুতো ৰোগৰ ভুক্তভোগী কৰি তুলিব পাৰে। হয়, দৰাচলতে,ব্ৰেড ময়দাৰ দ্বাৰা তৈয়াৰ কৰা হয়। এইকাৰণেই ইয়াক সেৱন কৰিলে শৰীৰৰ বিভিন্ন ধৰণৰ ক্ষতি হ’ব পাৰে। ব্ৰেডত থকা পটাছিয়াম ব্ৰোমেট স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ সঘনাই সেৱনে আপোনাক স্বাস্থ্য সম্পৰ্কীয় মুখ্য ৰোগৰ সন্মুখীন কৰিব পাৰে। এনে পৰিস্থিতিত, অধিক ব্ৰেডখাই স্বাস্থ্যৰ ওপৰত পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে আহক।

কোষ্ঠকাঠিন্য –
ব্ৰেড ব্ৰাণলেছ, ইয়াত নগণ্য পৰিমাণৰ আঁহ থাকে, যি খাদ্যৰ লেহেম হজম তৈয়াৰ কৰে। এইকাৰণেই নিয়মীয়াকৈ ব্ৰেড খোৱাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।

মেদবহুলতা-
স্বাস্থ্যৰ ওপৰত কৰা বহুতো গৱেষণাই কয় যে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ আহাৰৰ পৰা ব্ৰেড পৃথক কৰা উচিত। ব্ৰেড খোৱা আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় আৰু যথেষ্ট দ্ৰুতগতিত হ্ৰাস পায়। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত কম হয়, ব্যক্তিজনে অধিক ভোক অনুভৱ কৰে আৰু বাৰে বাৰে খায়। যি তেওঁৰ মেদবহুলতা বৃদ্ধি কৰে।

দৈনিক ব্ৰেড খাই, এজন ব্যক্তিৰ পেট বিকল হোৱাৰ সম্ভাৱনা থাকে। বগা পিঠা হৈছে এক অত্যাধিক ষ্টাৰ্চ সামগ্ৰী। মুগা পিঠাৰ দৰে, ইয়াত আঁহ নাথাকে। ইয়াৰ বাহিৰেও, ব্ৰেডত বৃহৎ পৰিমাণৰ গ্লুটেনত পোৱা যায়, যাৰ ফলত পাকস্থলী সম্পৰ্কীয় ৰোগ হয়। যাৰ ফলত পেটৰ বিষ, ডায়েৰিয়া, বমি আদি সমস্যা দেখা দিব পাৰে।