Home Blog Page 229

অভিশপ্ত বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। Ex-Gujarat CM Vijay Rupani

১৩ জুন:Ex-Gujarat CM Vijay Rupani । আহমেদাবাদৰ মেঘানীনগৰত বৃহস্পতিবাৰে বিয়লি সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত সম্ভৱপৰভাবে উপস্থিত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বি৭৮৭ “ড্ৰীমলাইনৰ” (AI-171) উক্ত বিমানখনত মুঠ ২৪২ গৰাকী যাত্ৰী আছিল।

বিমানখনে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ মেঘানীনগৰ অঞ্চলত দুপৰীয়া প্ৰায় ২ বজাত তীব্ৰ গতিত তললৈ নামি আহি প্ৰচণ্ড ধ্বংসৰ সন্মুখীন হয়। স্থানীয় কেমেৰাত ধৰা পৰা ভিডিঅ’ত দেখা গৈছিল, ক’লা ধোঁৱাৰে আৱৰি পৰিছে অঞ্চলটো। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কিছু সময়ৰ ভিতৰতে দাও-দাওকৈ জ্বলি উঠে।

ইটিভি ভাৰত প্ৰকাশ কৰা তথ্য অনুসৰি, দ্বিতীয় শাৰীৰ আসনত বিজয় ৰূপানী যাত্ৰী হিচাপে উপস্থিত আছিল বুলি অনুমান। যদিও এতিয়ালৈকে চৰকাৰীভাৱে তেওঁৰ উপস্থিতি নিশ্চিত কৰা হোৱা নাই।

গুজৰাটৰ মুখ্যমন্ত্রী কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয়, “মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে তৎক্ষণাত উদ্ধাৰ আৰু চিকিৎসা সহায় অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। লগতে তেওঁ আহত যাত্ৰীসকলৰ প্ৰয়োজনীয় চিকিৎসা সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।”

ঘটনাৰ তীব্ৰতা অনুভৱ কৰি মুখ্য সচিব পংকজ যোশীসহ গুজৰাট চৰকাৰৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলৰ সৈতে যোগাযোগ বজাই ৰাখিছে। আহতসকলৰ বাবে গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰাৰ লগতে চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিচত গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোগাযোগ স্থাপন কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

ডিজিচিএ প্ৰকাশ কৰা তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ এই ফ্লাইটখন আহমেদাবাদৰ পৰা গেটৱিক (লণ্ডন) অভিমুখে যাত্রা আৰম্ভ কৰিছিল। যাত্ৰাৰ কিছু সময়ৰ পাছতেই ই ইঞ্জিন বিকল হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়।

এয়াৰ ইণ্ডিয়াৰ অনুসৰি, বিমানখনত আছিল ১৬৯জন ভাৰতীয়, ৫৩জন ব্ৰিটিছ আৰু ১জন কানাডিয়ান নাগৰিক। বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে, যদিও চৰকাৰীভাৱে সংখ্যাত নিশ্চিততা আহি পোৱা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে আলোচনা কৰি তেওঁলোকক আহমেদাবাদলৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে। তেওঁ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় সুনিশ্চিত কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰে।

আকাশত ৰৈ আছিল কাল! মৰ্মান্তিক বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল ২৪২ গৰাকী লোকৰ জীৱন !

আকাশত ৰৈ আছিল কাল! মৰ্মান্তিক বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল ২৪২ গৰাকী লোকৰ জীৱন !


১২ জুনঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশক। বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে ২৪২ গৰাকী লোক কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনা ভাৰতৰ এতিয়ালৈকে হোৱা অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনা হিচাবে পৰিগণিত হৈছে ।

বিমানখন অতি কম উচ্চতাৰে উৰি আছিল। পাইলটে উচ্চতা বৃদ্ধিৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল । কিন্তু সকলো চেষ্টাই বিফল হৈছিল আৰু বিমানখনে মাটিত খুন্দা মাৰি জ্বলি উঠিছিল। দুপৰীয়া ১.৩৮ বজাত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে বিমান খন এটা বৃহৎ অগ্নিকুণ্ডত পৰিণত হৈ বিস্ফোৰণ ঘটে। লণ্ডনলৈ বহু দূৰ বাবে বিমান খনত প্ৰচুৰ ইন্ধন ভৰ্তি আছিল।

উৰা মৰাৰ কিছু সময়ৰ পিছতে পাইলটে বিমান খনে অধিক ওপৰলৈ উঠিব নোৱাৰা বুলি এটা বাৰ্তা প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত বিমান পৰিবহণ নিয়ন্ত্ৰকৰ পৰা বাৰে বাৰে ফোন কৰাৰ পিছতো পাইলটৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল বুলি জানিব পৰা গৈছে। বিমান খনে ৮২৫ ফুটৰো কম উচ্চতাত উৰি আছিল।


আহমেদাবাদ-লণ্ডন গেটৱিক পৰিচালনা কৰা বিমান খনৰ নং এ আই ১৭১বিমান খনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ নাগৰিক, ১ জন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক আছিল।

বিমানখনৰ জ্বলি যোৱা ধ্বংসাৱশেষৰ পৰা ডাঠ ধোঁৱা ওলোৱা দেখিবলৈ পোৱা গৈছে।

কমেও দুডজন এম্বুলেন্স সেই স্থানত উপস্থিত হোৱাৰ লগতে একাংশই আহতসকলক লোকক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্যও দেখা যায়।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো জৰুৰীকালীন সঁহাৰি সংস্থাক দ্ৰুত আৰু সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
দুৰ্ঘটনাটোত শতাধিক লোকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে। চৰকাৰী ভাবে নিহৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।এক্সত দিয়া এটা পোষ্টত তেওঁ কয় যে মোৰ চিন্তা আৰু প্ৰাৰ্থনা বিমান খনত থকা সকলো লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক বিবৃতিত কয় যে ৮,২০০ ঘণ্টাৰ অভিজ্ঞতা থকা কেপ্তেইন সুমিত ছভাৰৱালে পৰিচালনা কৰিছিল বিমান খন।
এয়াৰ ইণ্ডিয়াই ইতিমধ্যে ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰৰ হটলাইন স্থাপন কৰিছে।
ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় শোক প্ৰকাশ কৰে ৷ তেওঁ কয়, “আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱা ঘটনাটো অতি শোকৱহ ৷ মই বিষয়াসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছো আৰু যুদ্ধংদেহীভাৱে আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । লগতে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ এটা সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । অগ্ৰাধিকাৰ ভিত্তিত আহত লোকসকলক চিকিৎসালয়ত চিকিৎসাৰ সকলো ব্যৱস্থা কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে…৷”

ইয়াৰ ইণ্ডিয়াৰ বিধ্বস্ত বিমানখনত ২১৭জন প্ৰাপ্তবয়স্ক আৰু ১৩জন শিশু আছিল ।
এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু । ৬২৫ ফুট উচ্চতালৈ উৰিছিল বিমানখনঅভিশপ্ত বিমানখনত । বিশ্ব কঁপাই যোৱা আহমেদাবাদৰ শিহৰণকাৰী বিমান দুৰ্ঘটনা। মুহূৰ্ততে অগ্নিকুণ্ডত পৰিণত হ’ল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান।


এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু । এই বিমানখন ক্ৰু মেম্বাৰকে ধৰি মুঠ ২৪২গৰাকী লোক আছিল। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল বিমানখন। AI 171 নম্বৰৰ বিমানখন দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰে কিন্তু উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ জনবসতিপূৰ্ণ ভাঙি পৰে বিমানখন।


কোন আছিল বিমানত?এয়াৰ ইণ্ডিয়াৰ বিধ্বস্ত বিমানখনত ২১৭জন প্ৰাপ্তবয়স্ক আৰু ১৩জন শিশু আচিল।
১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান, ৭ গৰাকী পৰ্তুগীজ যাত্ৰী আছিল।প্ৰাথমিক তদন্তত জনা গৈছে, বিমানৰ ইঞ্জিন হঠাৎ বিকল হৈ যায়, যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash
আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash

। Ahmedabad Plane Crash । আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ১৭৯জন লোকৰ মৃত্যু, উত্তৰ-পূবৰ ২ যুৱতীও আছিল ক্ৰু সদস্য । দেশজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰে। এয়াৰ ইণ্ডিয়াৰ AI 171 নম্বৰৰ বিমানখন আজিৰে দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰে। কিন্তু উৰণৰ কিছু সময়ৰ পাছতেই ই ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈ জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰে।

দুৰ্ঘটনাৰ মূল তথ্য:

  • বিমান নম্বৰ: AI 171
  • উৰণৰ সময়: ১.১০ বজাত (আহমেদাবাদ বিমানবন্দর)
  • গন্তব্য: লণ্ডন
  • মুঠ যাত্ৰী আৰু ক্ৰু: ২৪২জন
  • মৃত্যুৰ সংখ্যা: এতিয়ালৈকে নিশ্চিতভাৱে ১৭৯জন

উত্তৰ-পূবৰ দুগৰাকী ক্ৰু সদস্য:

এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মণিপুৰ ৰাজ্যৰ দুগৰাকী যুৱতী কেবিন ক্ৰু হিচাপে কৰ্মৰত আছিল। তেওঁলোক হ’ল:

  • লামনুনথিয়েম ছিংছন
  • গান্থৈ শর্মা কংব্রাইলাটপাম

তেওঁলোকৰ ভাগ্য কেনে হ’ল, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত থাকিলেও, বিপদৰ আশংকা প্রবল।

ঘটনাস্থলীত উদ্ধাৰ অভিযান:

  • অগ্নিনিৰ্বাপক বাহিনী: ৭খন বাহন ঘটনাস্থলীত উপস্থিত
  • আহতসকলক: স্থানীয় হাস্পতাললৈ প্ৰেৰণ
  • নিরাপত্তা ব্যৱস্থা: অঞ্চলটো ঘেৰাই ধৰা হৈছে, সকলো পথ বন্ধ

চৰকাৰী পদক্ষেপ:

ঘটনাটোক লৈ DGCA, এয়াৰ ইণ্ডিয়া, আৰু গুজৰাট চৰকাৰে যৌথ অনুসন্ধান আৰম্ভ কৰিছে। প্রধানমন্ত্রী আৰু নাগৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে শোক প্ৰকাশ কৰি উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিছে।

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ সংক্ষেপে তথ্যভিত্তিক খবৰ । Air India Plane Crash

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ সংক্ষেপে তথ্যভিত্তিক খবৰ । Air India Plane Crash
আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ সংক্ষেপে তথ্যভিত্তিক খবৰ । Air India Plane Crash

আহমেদাবাদ, ১২ জুন ২০২৫ — Air India Plane Crash । আহমেদাবাদত আজিৰে দুপৰীয়া ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এয়াৰ ইণ্ডিয়াৰ AI 171 নম্বৰৰ এখন বিমান আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ কিছুমান সময় পিছতেই জ্বলি উঠে আৰু জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰে।

দুৰ্ঘটনাৰ মূল তথ্যসমূহ:

  • বিমান নম্বৰ: AI 171
  • উৰণৰ সময়: ১.১০ বজাত (দুপৰীয়া)
  • উৰণৰ স্থান: আহমেদাবাদ বিমানবন্দর
  • গন্তব্য: বিভিন্ন সূত্ৰ অনুসৰি লণ্ডন বুলি সন্দেহ, নিশ্চিত নহয়
  • লোকসংখ্যা:
    • এএনআই অনুসৰি: ২৪২জন (বিমানকৰ্মীসহ)
    • ৰয়টাৰ্ছ অনুসৰি: ১৩৩জন
      (এই সন্দৰ্ভত বিভ্ৰান্তি আছে)

ঘটনাস্থলীৰ অৱস্থা:

  • উদ্ধাৰ অভিযান: অগ্নিনিৰ্বাপক বাহিনীৰ ৭খন গাড়ী ঘটনাস্থলীত উপস্থিত
  • আহতসকল: স্থানীয় হাস্পতাললৈ প্ৰেৰণ
  • নিরাপত্তা ব্যৱস্থা: ঘটনাস্থলীৰ আশেপাশৰ সকলো পথ বন্ধ

সন্দেহ আৰু অনিশ্চয়তা:

  • বিমানখন ঠিক কোন বিমান সংস্থাৰ — এই সন্দৰ্ভতো একাধিক মতামত।
  • গন্তব্য নিশ্চিত নহয়, যদিও কিছু সূত্ৰে লণ্ডন বুলি জনাইছে।

উদ্ধাৰ অভিযান অব্যাহত আছে। স্থানীয় প্ৰশাসন, আৰক্ষী আৰু ৰাষ্ট্ৰীয় বিপৰ্যয় পৰিচালনা দলে মিলি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে।

৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ – HENGOOL THEATRE 2025-26

৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ - HENGOOL THEATRE 2025-26
৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ - HENGOOL THEATRE 2025-26

HENGOOL THEATRE 2025 26 । প্ৰেম-ভালপোৱাক কলঙ্কিত কৰি তোলা সমাজৰ বিকৃত মানসিকতাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ স্বৰূপে এইবাৰ হেঙুল থিয়েটাৰে মঞ্চস্থ কৰিব “এচিড” নামৰ নাটক। অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰ সৈতে আগন্তুক নাট্যবৰ্ষত এই নাটকজনক কেন্দ্ৰ কৰি থিয়েটাৰখনৰ যাত্ৰা আৰম্ভ হ’ব।

২০২৫-২৬ নাট্যবৰ্ষ

  • প্ৰথম নাটক: ‘এচিড’ – ২ জুলাই, মৰিয়নিৰ স্থায়ী আখৰাঘৰত মঞ্চস্থ হ’ব
  • মূল থিম: প্ৰেমৰ ওপৰত সংঘটিত এক এচিড আক্ৰমণ আৰু তাৰ পেছফালৰ ভিন্ন মানসিক, সামাজিক পৰিৱেশ
  • প্ৰধান অভিনেতাসকল:
    • প্ৰসেনজিত বৰা (একশনধৰ্মী নায়ক)
    • স্নিগ্ধা গগৈ (মননশীল অভিনেত্ৰী)
    • মঞ্জিল বৰুৱা (খলনায়ক)
    • অৰুণ বৰা (কমেডি কিঙ)
    • লগতে ৰোহিত চৌধুৰী, মহেশ বৰা, অলকেশ হাজৰিকা, জয়ন্ত বৰ্মন, ননী দেৱী, অংকিতা ৰিয়া কাশ্যপ আৰু আন বহু প্ৰতিভাবান শিল্পী

অন্য নাটক:

  • ‘পাগল থানা’ – প্ৰণৱ বৰুৱাৰ ৰচনা
  • ‘ভাইৰেল গান্ধী’ – যুৱ নাট্যকাৰ প্ৰণৱ ভৰালীৰ সৃষ্টি


এইবাৰ হেঙুল থিয়েটাৰ তাৰকাবিহীন নহয়; চলচ্চিত্ৰ-মঞ্চ জগতৰ একাধিক জনপ্ৰিয় মুখৰ যোগদান নিশ্চিত কৰা হৈছে।

এই নাট্যযাত্ৰাই সমাজিক অৱক্ষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে অসমীয়া থিয়েটাৰৰ গৌৰৱবাহী পৰম্পৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজকসকলে।

উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora

উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora
উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora

১২জুন:Bimal Bora । এডভান্টেজ অসম ২.০ত অসমত উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা কিছুসংখ্যক ঔদ্যোগিক প্ৰস্তাৱৰ সন্দৰ্ভত আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্য্যলয় কক্ষত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।

উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা উদ্যোগ প্ৰতিষ্ঠান সমূহৰ প্ৰস্তাৱ সমূহৰ কাৰিকৰী দিশ, উৎপাদনশীলতা,ঔদ্যোগিক স্হানৰ সূচলতা,ভূমি আৱন্টন,আন্ত:গাথনি উন্নয়ন, বিদ্যুৎ যোগান, ৰাজ্য চৰকাৰে আগবঢ়াব পৰা সুবিধা, নিয়োগৰ সুবিধা আদি বিষয় সমূহ বৈঠক খনত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰা হয়।



উদ্যোগ বিভাগৰ বিশেষ সচিব ৰাকেশ আগৰৱালা, সচিব ড০লক্ষ্মণন এছ,ইন্দিৰা কলিতা, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙকে ধৰি উদ্যোগ বিভাগৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠক খনত এডভান্টেজ অসম ২.০ত ৰাজ্য চৰকাৰে লাভ কৰা প্ৰস্তাৱ সমূহৰ ওপৰত বিষদ পৰ্যালোচনাৰ জৰিয়তে ইয়াৰ কাৰ্যকৰী কৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অসমৰ ঔদ্যোগিক বিকাশ আৰু ইয়াৰ ফলত সৃষ্টি হ’ব লগা নিয়োগৰ সুবিধাই ৰাজ্যখনৰ উন্নয়নৰ দিশত পেলাব পৰা সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়। উদ্যোগ মন্ত্রী বড়াই বিভাগৰ বিষয়া সকলক এই দিশত সচেষ্ট হৈ কাম কৰাৰ বাবে বৈঠকত নিৰ্দেশ দিয়াৰ লগতে সঘনাই এই দিশত সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

NRC-ত নাম থাকিলেও বিতাড়ন হব পাৰে – মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRC-ত নাম থাকিলেও বিতাড়ন হব পাৰে – মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRC । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ স্পষ্টকৈ কয় যে, “NRC-ত নাম থাকিলেও যদি কোনো ব্যক্তিক বিদেশী বুলি চিনাক্ত কৰা যায়, তেওঁক ৰাজ্যৰ পৰা বিতাড়ন কৰা হ’ব।”

মুখ্যমন্ত্ৰীয়ে কয় —

  • NRC-ত বহু অনুপ্ৰৱেশকাৰীয়ে কৌশলে নাম সোমোৱাৰ চেষ্টা কৰিছিল।
  • NRC কেৱল এখন নথি, নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়।
  • “লাখ লাখ লোকক উভতাই পঠিয়াব পৰা সহজ কাম নহয়, কিন্তু যাক বিদেশী বুলি গম পালোঁ, তেওঁক উভতাই পঠিয়াম।”

তেওঁৰ অভিযোগ, NRC প্ৰক্ৰিয়াত কিছুমান বিষয়াই গাফিলতি কৰিছিল আৰু বাহিৰৰ কিছুমান লোকেও (যেনে — হৰ্ষ মণ্ডল) প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিছিল যাতে তালিকাখন বিভ্ৰান্তিকৰ হয়।

মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰে যে, এতিয়া NRC তথ্য়ক “চূড়ান্ত” বুলি ধৰিব নোৱাৰি — আৰু ইয়াৰ আধাৰত কোনোব্যক্তিয়ে স্থায়ী পট্টা নাপাব।

  • বহু অবৈধ বিদেশীক ধৰা পৰাৰ পাছত বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।
  • যদিও বাংলাদেশে কিছুমান লোকক নিজৰ নাগৰিক হিচাপে স্বীকৃতি নিদিয়া বাবে তেওঁলোকক আকৌ উভতাই পঠিয়াব লগা হৈছে।


মুখ্যমন্ত্ৰীয়ে এই বহিষ্কাৰ অভিযানৰ ক্ষেত্ৰত ১৯৫০ চনৰ “Immigrants (Expulsion from Assam) Act” ব্যৱহাৰৰ কথা উল্লেখ কৰিছে, যাৰ জৰিয়তে এখন পূৰ্ণাঙ্গ বিচাৰ প্ৰক্ৰিয়াৰ অবিহনে জিলাখণ্ড আয়ুক্তই প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’ব পাৰে।

ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika

ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika
ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika

কলিয়াবৰ, ১১ জুনঃ Bhupen Hazarika উজনি-নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল যি ঘৰটোত, সেই ঘৰ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিময় প্ৰতীক। এতিয়া ভূপেন দা নহ’লেও, কলিয়াবৰৰ কুঠৰীৰ সেই চোতালত প্ৰতিষ্ঠিত হৈছে তেখেতৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি — যেন নিজৰেই উপস্থিতিত পুনৰ জীয়াই উঠিছে সঙ্গীত জগতৰ সেউজী কিংবদন্তি।

ভূপেন হাজৰিকাৰ অসমত থকা একমাত্ৰ নিজা ঘৰ আছিল এই কলিয়াবৰৰ কুঠৰীৰ ঘৰ। বহু সৃষ্টিৰ জন্মস্থান — বহু স্মৃতিৰে জড়িত এই ঘৰখনে এতিয়া সুধাকণ্ঠৰ অনুৰাগীৰ বাবে এক তীৰ্থক্ষেত্ৰ স্বৰূপ। তেখেতৰ পৰিয়ালৰ ভাই-ভনীসকলৰ বাবে এই ঘৰটো আছিল মৰম আৰু আস্থাৰ স্থান। পিতৃ-মাতৃৰ সোঁৱৰণত অনুষ্ঠিত ‘ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা’ হ’বলৈ দিয়া বঁটা আৰু কলিয়াবৰৰ মঞ্চত গোৱা ‘এইখন কলিয়াবৰ’ গীতই এই ঘৰৰ ঐতিহাসিক মূল্য অধিক বৃদ্ধি কৰিছে।

সুধাকণ্ঠৰ বিশেষ বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বিষাদ আঁতৰাবলৈ লিখা ‘যদি জীৱনে কান্দে নাই নাই বুলি’ আৰু চিন্তাশীল কলিয়াবৰীয়া বন্ধু ‘জঙ্ঘলী’ৰ জীৱনলৈ উৎসৰ্গিত ‘জংলী-জংলী দুনীয়াই কয়, জঙ্ঘলেই মোৰ ঘৰ’ — এই দুই বিখ্যাত গীতৰ আঁতৰিও, কাজিৰঙা চলচ্চিত্ৰত বৰ্ণনা কৰা সেউজী বাগৰি আৰু মৰমী কুঠৰীৰ উল্লেখো কুঠৰীৰ এই ঘৰটোক সাংস্কৃতিক সম্পদৰ ৰূপত গঢ়ি তোলে।

এই ঘৰৰ সংৰক্ষণৰ প্ৰতি চৰকাৰী তৎপৰতা বহু আগতে আৰম্ভ হৈছিল। সোণোৱাল চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে অনুষ্ঠিত হোৱা কেবিনেটৰ প্ৰথম সভাতেই ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ সংৰক্ষণৰ সিদ্ধান্ত লোৱা হৈছিল।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ সক্ৰিয় উদ্যোগত এতিয়া এই ঐতিহাসিক গৃহখন সংৰক্ষণৰ কাম অধিক গতিত আগবাঢ়িছে। তেওঁ কয় —
“ভূপেন দাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ ভূমি বৰ্তমান যিজনৰ অধিকাৰত আছে, তেওঁৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। ভূমিখন পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো পৰিকল্পনা আগবঢ়োৱা হৈছে।”

ভূপেন দাৰ স্মৃতি বিজড়িত সত্ৰসমূহ সংৰক্ষণৰ চৰকাৰী সিদ্ধান্তৰ পিচত কলিয়াবৰৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে অপাৰ উল্লাস। এই পদক্ষেপক ‘ভূপেনদাৰ প্ৰতি সঁচা সন্মান’ বুলি অভিহিত কৰিছে বহু সাংস্কৃতিক ব্যক্তিত্ব আৰু স্থানীয় ৰাইজে।

এইবাৰ আশা — কুঠৰীৰ ঘৰখনে ভৱিষ্যত প্ৰজন্মৰ বাবে হ’ব ভূপেন হাজৰিকাৰ আদৰ্শ, চিন্তা আৰু শিল্পভাৱনাৰ এক গাথা।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case

ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case

১১ জুনঃRaja Raghuvanshi Murder Case । দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডত নতুন মোড় লৈছে। ইতিমধ্যে SITৰ জেৰাত সোনম ৰঘুবংশীসহ ৪ অভিযুক্তে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পাছত, এতিয়া ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে দেখা কৰি বিস্ফোৰক মন্তব্য কৰিলে সোনমৰ ভাতৃ গোবিন্দ ৰঘুবংশীয়ে।

গোবিন্দে ৰাজাৰ মাকৰ সৈতে সাক্ষাৎ কৰি সান্ত্বনা জনাই ক’লে —
“ৰাজা মোৰ বহুত মৰমৰ আছিল। মই সোনমৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছো। মই ৰাজাৰ পৰিয়ালৰ সৈতে সদায় থাকিম। পৰিয়ালটোত ৰাজাৰ অভাৱ মই পূৰণ কৰিম।”

গোবিন্দে জানিবলৈ দিয়ে —
“সোনমে মোক আৰু ৰাজক একেলগে ৩ বছৰে ৰাখী পিন্ধাইছিল। সোনম আৰু ৰাজৰ সম্পৰ্কৰ কথা মই যদি আগতে জানিলোহেঁতেন, তেন্তে মই ৰাজক কামত নাৰাখিলোহেঁতেন।”

তেওঁ কয় যে সোনমৰ বিয়া পূৰ্বে কোনো প্ৰেমৰ সম্পর্ক নাছিল বুলি তেওঁ বিশ্বাস কৰিছিল।
“বিয়াৰ দুমাহ পূৰ্বৰে পৰা বজাৰ কৰিছিল সোনমে। নিজৰ বিয়াক লৈ সুখী আছিল। সোনমে গাজীপুৰৰ ধাবাৰ পৰা মোক ফোন কৰিছিল। তেতিয়া ফোনত কথা পাতি মই নিশ্চিত হৈছিলোঁ যে সোনম দোষী। তাৰ পাছতে মই নিজেই আৰক্ষীক খবৰ দিছিলোঁ।”

সোনমৰ সৈতে ৰাজ কুছৱাহাৰ সম্পৰ্ক সন্দৰ্ভত গোবিন্দৰ মন্তব্য —
“ৰাজ আমাৰ কোম্পানীৰ কৰ্মচাৰী আছিল। সোনমক বিয়া দিয়া আগতে ৰাজে যদি মাতৃক ভাবুকি দিছিল, তেন্তে মায়ে বিয়া নিদিলেহেঁতেন।”

হানিমুনত গ’লে স্বামীক হত্যা কৰাৰ ঘটনা শুনি হতভম্ব গোবিন্দে সোনমৰ বাবে কঠোৰতম শাস্তিৰ দাবী জনাই —
“সোনম যেন ফাঁচী পায়। এনে জঘন্য কাণ্ডৰ সাজা একমাত্ৰ মৃত্যুদণ্ড হওঁক।”

সোনমৰ ভাতৃৰ এই বিস্ফোৰক মন্তব্যৰ পিছত তদন্তখন অধিক গভীৰ হ’বলৈ লৈছে। আৰক্ষীয়ে ইতিমধ্যে শ্বিলঙত মেডিকেল পৰীক্ষা, হোটেল চিচিটিভি ফুটেজ, আৰু মোবাইল কল ৰেকৰ্ডৰ জৰিয়তে তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে।

ৰাইজৰ প্ৰশ্ন – “যিসকলৰ মনৰ ভিতৰতে বিশ্বাসঘাতকতা আৰু নৃশংসতা থাকে, তেওঁলোকে হানিমুনৰ নামত হত্যা কৰিব পাৰে নেকি?”

ঘটনাৰ পিছত গোটা দেশজুৰি এক উত্তেজনাপূর্ণ বাতাবৰণ সৃষ্টি হৈছে আৰু ৰঘুবংশী পৰিয়ালৰ ন্যায়ৰ বাবে বহু ৰাইজে সোচ্চাৰ হৈ পৰিছে।

বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ

বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ
বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ

১১ জুনঃ Content Creator । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন অশ্লীল ভিডিঅ’ লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিলাসীপাৰা অঞ্চলত। এই ভিডিঅ’ত থকা যুৱতীজনী জনপ্ৰিয় Content Creator পাৰবীন বুলি চিনাক্ত হৈছে। সামাজিক মাধ্যমত বিভিন্ন গোষ্ঠীয়ে ইতিমধ্যে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু চৰকাৰীভাৱে তদন্তৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, পাৰবীন নামৰ এই যুৱতী গৰাকী সোণাপাতাৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে আগতে বহু আপত্তিজনক ৰীলচ আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপল’ড কৰাৰ অভিযোগ আছিল। এইবাৰ অভিযোগ উঠিছে সোজা নিষিদ্ধ “নীলা ছবি” নিৰ্মাণত নামি পৰাৰ।

এই ঘটনা সকলো সমাজপ্ৰেমী লোকৰ মাজত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ কিছুমান Content Creator কেৱল ভিউজ আৰু পচন্দৰ বাবে নৈতিকতাৰ সকলো সীমা অতিক্ৰম কৰি থকা পৰিলক্ষিত হৈছে। সমাজত মানসিক স্খলনৰ এই প্ৰবণতাই উদ্বেগজনক পৰিস্হিতি সৃষ্টি কৰিছে।

স্থানীয় ৰাইজ আৰু নাগৰিক সংগঠনে বিলাসীপারা আৰক্ষীৰ পৰা চূড়ান্ত তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষী অধীক্ষকক প্ৰশ্ন কৰা হ’লত তেওঁ কয় —
“আমাৰ গোটেই প্ৰযুক্তিগত শাখাই ইতিমধ্যে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। যদি প্ৰমাণ পোৱা যায় যে পাৰবীন সত্যই নীলা ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰত জড়িত, তেন্তে তেওঁৰ বিৰুদ্ধে IT Act আৰু IPC অনুসৰি কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে— ভাৰতীয় আইন অনুসৰি, অশ্লীল সামগ্ৰী নিৰ্মাণ আৰু প্ৰচাৰ দুয়োটাই গুৰুতৰ অপৰাধ। এইবিধ ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে, সামাজিক মাধ্যমত Content Creator হোৱাৰ নামত চলি থকা অপসংস্কৃতিৰ ওপৰত এতিয়া সময়ত প্ৰশাসনৰ কড়া চকু থকাটো জৰুৰী।