Home Blog Page 23

National Press Day: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

সমগ্ৰ (National Press Day) দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰী ভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে কলিয়াবৰত পৰিলক্ষিত হ’ল এখন বিপৰীত ছবি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে।

বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবেলি সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱীসকলে।

ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাবে নিজাববীয়াকৈ অনুষ্টুপীয়াকৈ হ’লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাবত। ৭০ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত।

পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰাজহুৱা সভা আদি কাৰ্যসূচীৰে কলিয়াবৰ প্ৰেছ ক্লাবে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ বিপৰীতে সমজিলা প্ৰশাসনৰ উদাসীনতাক একেমুখে ধিক্কাৰ দিছে সংবাদসেৱীসকলে।

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!
Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

বিহাৰত (Bihar) ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা।

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি।

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন।

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত।

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান
বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

দেৰগাঁৱৰ (Dergaon) এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী, সদৌ অসম মইনা পাৰিজাতৰ “শিশু মহীয়ান”, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সদস্যাৰত্ন” উপাধি প্ৰাপ্ত জ্যেষ্ঠা নাগৰিক চম্পা বৰগোহাঁই বৰবৰুৱাৰৰ ৯৩ বছৰ বয়সত আজি পুৱা ৬বজাত নিজা বাসগৃহত বাৰ্ধক্যজনীত কাৰণত দেহাৱসান ঘটে।

তেখেত আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ ননন্দী। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ,দুগৰাকী বোৱাৰী,নাতি-নাতিনী সহ বহু আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

অসমত কিমান সুৰক্ষিত সাংবাদিক ?

সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে । এই দিৱসটোত চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে সাংবাদিকৰ লগতে সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সাংবাদিকসকল কিমান সুৰক্ষিত । কাৰণ সময়ে সময়ে বিভিন্ন ধৰণে সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে । অসমতো সাংবাদিক নিৰ্যাতনৰ অলেখ ঘটনা সংঘটিত হৈছে ।

কি কংগ্ৰেছ, কি বিজেপি সকলোৰে আমোলত বিভিন্ন সময়ত লক্ষ্য হৈ আহিছে সাংবাদিকসকল । চৰকাৰে সাংবাদিকৰ কল্যাণ, সাংবাদিকৰ নিৰাপত্তা আদি বিষয়বোৰ সততে কৈ আহে যদিও বাস্তৱত কেৱল শ্লোগানতেহে পৰিণত হৈছে । লক্ষণীয় বিষয় যে সাংবাদিক নিৰ্যাতনৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে। বিগত সময়ছোৱাত সত্য দাঙি ধৰিবলৈ গৈ চৰকাৰখনৰ লগতে উগ্ৰপন্থী সংগঠন, ভূ-মাফিয়া তথা বিভিন্ন দুষ্টচক্ৰৰ জিঘাংসাৰ বলি হৈ আহিছে সাংবাদিকসকল ।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছিল । কিন্তু তেওঁৰ এই মৃত্যুক সাধাৰণ দুৰ্ঘটনা বুলি কোনেও মানি লোৱা নাছিল । কাৰণ তেওঁ বহু প্ৰভাৱশালী ব্যক্তিৰ বাবে চকুৰ কুটা হৈ পৰিছিল । কাঠ, কয়লা মাফিয়াৰ ভিতৰুৱা খবৰ উলিয়াই আনিছিল তেওঁ । যাৰ বাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

এইখন অসমতে পুনৰমল আগৰৱালা, কমলা শইকীয়া, পবিত্ৰ নাৰায়ণ, দীপক স্বৰ্গীয়াৰী, পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱালা, জীতেন চুতীয়া, কনক ৰাজ মেধি, মুচলিমুদ্দিন, জগদীশ শইকীয়া, অনিল মজুমদাৰ, দীনেশ্বৰ ব্ৰহ্ম, মাণিক দেউৰী, নুৰুল হক, বডোছা নাৰ্জাৰী আদি অনেক সাংবাদিকক হত্যা কৰা হ’ল । সাংবাদিকৰ হত্যাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল । কিন্তু নাপালে ন্যায় ।

ইফালে নিৰ্যাতিত সাংবাদিকৰ তালিকাখন যথেষ্ট দীঘল আৰু ক্ৰমাৎ দীঘল হৈ গৈ আছে । বর্তমান ক্রমাগতভাৱে অসমত সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । এনেবোৰ কাৰণতে প্ৰায়ে চৰ্চালৈ আহে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগটো । আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতো সাংবাদিক তথা সংবাদকৰ্মীৰ নিৰাপত্তাৰ বিষয়টো আলোচিত হৈছে ।

Nitish Kumar: বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালেঃ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালে
বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালে

বিহাৰ বিধানসভা (Nitish Kumar) নিৰ্বাচনত এইবেলি বিজেপি নেতৃত্বাধীন এনডিএই যাদু দেখুৱাইছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে বাৰে বাৰে আক্ৰমণ চলাই বিৰোধীয়ে সংসদীয় শিষ্টাচাৰ বিনষ্ট কৰিছিল। ফলত বিহাৰত ভোটাৰৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। তাৰ ফল এতিয়া বিৰোধীয়ে পাইছে। এনে অপমান বিহাৰৰ জনসাধাৰণেও মানি ল’ব নোৱাৰিলে বুলি মোদীয়ে কয় ।এই নিৰ্বাচনত এনে বহু কথাই পৰিৱেশ সৃষ্টি কৰিলে।’ শনিবাৰে নীতিশ কুমাৰক সাক্ষাৎ কৰে জেডিইউ নেতা উমেশ সিং কুশৱাহাই। বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ আগত কয়, “বিহাৰৰ জনসাধাৰণে উন্নয়ন আৰু সুশাসনৰ ওপৰত তেওঁলোকে অনুমোদন দিছে। শেহতীয়া চৰ্চা অনুসৰি নীতিশ কুমাৰেই পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। উল্লেখ্য ১৯৮৫ চনত বিহাৰত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল নীতিশ। হৰ্নাথ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ। ১৯৯৫ চনত সেই সমষ্টিৰ পৰা শেষবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু, তেওঁ জয়ী হ’ব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ আৰু কেতিয়াও বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব, তেন্তে কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ? দৰাচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও তেওঁ বিহাৰৰ বিধান পৰিষদৰ সদস্য।

যেনেকৈ সংসদত লোকসভা আৰু ৰাজ্যসভা আছে। য’ত লোকসভাৰ সাংসদসকলক পোনপটীয়াকৈ ভোটাৰে নিৰ্বাচন কৰে আৰু ৰাজ্যসভাৰ সাংসদসকল বিভিন্ন ৰাজ্যৰ বিধায়কৰ ভোটত নিৰ্বাচিত হয়। একেদৰে ভাৰতৰ ৬ খন ৰাজ্যত বিধান পৰিষদ আছে। বিধানসভাৰ উচ্চ সদন। বিধান পৰিষদৰ সদস্যসকলক ভোটাৰে পোনপটীয়াকৈ নিৰ্বাচন নকৰে। বিধানসভাত থকা ৰাজনৈতিক দলসমূহৰ আসনৰ ওপৰত ভিত্তি কৰি বিধান পৰিষদৰ সদস্য নিৰ্বাচন কৰা হয়। তেনেকৈ ৰাজ্যৰ মন্ত্ৰী হ’ব পাৰে। সংসদৰ ৰাজ্যসভাৰ এজন সদস্যৰ দৰেই এজন বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল ৬ বছৰ।

২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। সেই সময়ত তেওঁ বিধানসভা বা বিধান পৰিষদৰ সদস্য নাছিল। যাৰ বাবে আঠ দিনৰ ভিতৰতে তেওঁ পদত্যাগ কৰে। তাৰ পিছত ২০০৫ চনত নীতিশ পুনৰ মুখ্যমন্ত্ৰী হয়। তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। বৰঞ্চ তেওঁ বিধান পৰিষদৰ সদস্য হোৱাৰ সিদ্ধান্ত লয়। ২০১৪ চনৰ ২০ মে’ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰা নীতিশে বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তাৰ পিছত তেওঁ কেইবাবাৰো মিত্ৰতা সলনি কৰে।

Badruddin Ajmal: মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী

মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী
মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী

“বিহাৰৰ নিৰ্বাচনী (Badruddin Ajmal) ফলাফলৰ পিছত কংগ্রেছে শিক্ষা ল’ব লাগে । অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে । অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে মহাজোঁট হ’ব লাগে ।” এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ । অসুস্থতাৰ বাবে সুদীৰ্ঘ দিন মুম্বাইত থকাৰ পিছত অসমলৈ অহা এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে শনিবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে কয়,”বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । নহ’লে পুনৰ ৫ বছৰলৈ বিজেপি আহিব । বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্রেছৰ ষ্ট্ৰেটেজী ভুল আছিল । তেজস্বী যাদৱে বিগত পাঁচ বছৰ বহুত কষ্ট কৰিছে । দৈনিক ১৮ খনকৈ সভা কৰিছে । যাৰ লগত হাত মিলালে তেওঁলোকে কি কৰিলে । আনহাতে প্ৰধানমন্ত্রী হৈ নৰেন্দ্ৰ মোদীয়ে ৫০ ৰো অধিক প্ৰ’গ্ৰেম কৰিছে । তেজস্বী যাদৱে অকলে কিমান কৰিব । মহাগঠবন্ধনৰ নেতাসকলে পাঁচ বা ছয়খন সভা কৰিছে ।”ই ভি এমৰ প্ৰসংগত তেওঁ কয়, “এইটো থাকিবই ।

ই ভি এমক দোষাৰোপ কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছে। নিৰ্বাচনত হাৰিলে আমি এইটো কও আৰু জিকিলে নকও ।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগত তেওঁ কয়, “ৰাহুল গান্ধীক সমালোচনা নকৰো । তেওঁ এজন সন্মানীয় নেতা আৰু লোকসভাৰ বিৰোধী দলপতি । তেওঁলোকৰ সন্মূখত আমি সৰু মানুহ । কংগ্রেছৰ বাবে আমি দোৱা কৰিম ভাল হওঁক ।”আনহাতে, তেখেতে আৰু কয়, “মহাগঠবন্ধনত আমি আৰম্ভনীৰ পৰা আছিলো; কিন্তু পিছত আমাক নমতা হ’ল। আমাৰ কি দোষ আছিল প্ৰথমে জনা নাছিলো, পিছতহে গম পালোঁ দাঢ়ি-টুপী থকা মানুহ ষ্টেজত উঠিব নিদিয়ে । যাৰ বাবে আমাক আউট কৰি দিছে । আছাউদ্দিন ওৱেছিৱে মাথা মাৰিছে । আছাউদ্দিন ওৱেছি আজিকালি কোনো ক’মিউনেল ফিগাৰ নহয় । কংগ্ৰেছৰ দৰে এটা দলৰ এতিয়া ওৱেছিৰ লগত টক্কৰ হৈছে ।” এইদৰে ক’লে আজমলে ।

উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, “এইবাৰ আমাৰ আশা আছে । বিশেষকৈ বিহাৰৰ ফলাফলৰ পাছত আমি বেছি আশাবাদী হৈছো । আমি কংগ্ৰেছতকৈ বেছি ভাল কৰিম । মোৰ গা ভাল যদিও বিধানসভা নিৰ্বাচনৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয় । ধুবুৰীৰ পৰা ইমান ডাঙৰ নিৰ্বাচন এটা হাৰিলো । আকৌ নিৰ্বাচন খেলাৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয়; কিন্তু আমাৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ কৰিম । আমি সুখী আছো আমাৰ ঠাইত । আমি একলা চলো নীতিত বিশ্বাস কৰো আৰু সেইমতে চলিম । যদি কোনোৱে আমাৰ সৈতে মিত্ৰতা বিচাৰে তেন্তে কথা পাতিম । বিজেপিক আঁতৰাব ইচ্ছা থাকিলে অসমত মহাজোঁটবন্ধন হ’ব লাগে । অসমৰ স্বাৰ্থত লাগে বুলি মন্তব্য কৰি আজমলে কয়, “বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল’ব লাগে । বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । সকলোৱে মিলি বিচাৰিলেহে হ’ব, আমি অকলে বিচাৰিলে নহ’ব ।”

কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত শক্তিশালী বিস্ফোৰণ

এক শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে কাশ্মীৰক। কাশ্মীৰৰ নৌগাম থানা চৌহদত সংঘটিত শক্তিশালী বিস্ফোৰণত এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু–কাশ্মীৰ। উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ।

সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৯ জন আৰক্ষী নিহত হয়। ইপিনে কাশ্মীৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদীৰ কোনো হাত নাই বুলি প্ৰকাশ কৰিছে।

এয়া এক দুৰ্ঘটনা বুলিহে আৰক্ষীয়ে কৈছে। এই বিস্ফোৰণত আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে। বিস্ফোৰণস্থলীৰ পৰা নটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমত সামাজিক মাধ্যমত আক্ৰমণ কংগ্ৰেছক

বিহাৰত এনডিএৰ বৃহৎ জয়ৰ পিছত অসমত সক্ৰিয় হৈ পৰিছে নেকি বিজেপিৰ আইটি চেল? শুকুৰবাৰে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত কংগ্ৰেছ নেতাক সামাজিক মাধ্যমত আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰলৈকে সকলো আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। কংগ্ৰেছক আক্ৰমণ কৰা ট্র’লিং, মীম, অপমানসূচক মন্তব্যক লক্ষ্য কৰি বিশ্লেষকসকলে ধাৰণা কৰিছে এইয়া বিজেপি IT চেলৰ পৰিকল্পিত আক্ৰমণ। মীৰা বৰঠাকুৰে এই আক্ৰমণক “অঘোষিত ধৰ্ষণ” আখ্যা দিছে।
বিশ্লেষকসকলৰ অভিযোগ, ” ইমান পৰিকল্পিত ধৰণেৰে আৰু বৃহৎ আক্ৰমণ কৰাসকলক কেতিয়াও সাধাৰণ ব্যক্তি নহয়। এওঁলোক হয়তো বিজেপি আই টি চেলৰ কৰ্মী।”

আনহাতে, এই ঘটনাক তীব্র গৰিহণা জনাই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। লগতে ইয়াক “অঘোষিত ধৰ্ষণ” বুলিও  মন্তব্য কৰি কঠোৰ সমালোচনা কৰে। ফেচবুক লাইভযোগে তেওঁৰ অভিযোগ— “বিহাৰত পৰাজয় দেখিবলৈ পোৱাৰ পিছতেই অসমত কংগ্ৰেছ নেতাসকলৰ ওপৰত সংগঠিত আক্রমণ নামি আহে। ই গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আঘাত।” ইফালে দেৱব্ৰত শইকীয়াকো ডিজিটেল আক্রমণৰ বিৰুদ্ধে স্পষ্টভাৱে মত প্ৰকাশ কৰা দেখাবলৈ পোৱা গৈছে । তেওঁৰ অভিযোগ — “ৰাজনীতিৰ মতভেদ চলিব পাৰে, কিন্তু ব্যক্তিগত জীৱনৰ তথ্য বিকৃত কৰি উপহাস কৰা সম্পূৰ্ণভাৱে অগ্রহণযোগ্য।”
যদি এই ডিজিটেল আক্ৰমণ সঁচাই আইটি চেলৰ সংগঠিত অভিযান হয়, তেন্তে তেওঁলোক “নাৰেটিভ প্ৰস্তুত” কৰাত সফল। এতিয়া লক্ষ্যণীয় হ’ব—বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিব? কংগ্ৰেছ কি এই সংগঠিত আক্ৰমণৰ বিৰুদ্ধে নিজস্ব ডিজিটেল নাৰেটিভ গঢ়িব পাৰিবনে?

নাও বুৰিলেও টিঙৰ পৰা নানামে অসম কংগ্ৰেছে

New Delhi: Congress MP Gaurav Gogoi addresses the media after opposition members walked out of the Lok Sabha during Prime Minister's reply to the Motion of No-Confidence, near Parliament complex, in New Delhi, Thursday, Aug. 10, 2023. (PTI Photo/Ravi Choudhary) (PTI08_10_2023_000269B)

বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফলে স্বাভাৱিকতে কংগ্ৰেছকে ধৰি বিৰোধী দলক বিবুধিত পেলাইছে। ইমানৰ পিছতো অৱশ্যে নাও বুৰিলেও টিঙৰ পৰা নামিব বিচৰা নাই অসম কংগ্ৰেছে। বিহাৰৰ নিৰ্বাচত ভোট চুৰিৰ গুৰুতৰ অভিযোগ আনিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অসমৰ নিৰ্বাচনত বিহাৰৰ ফলাফলে প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰিব বুলিও আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।বিহাৰত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ বাবে অসমতো দলটোক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। ক্ৰমাগতভাৱে নিৰ্বাচনত পৰাজয়ৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে দলটোৰ নেতা ৰাহুল গান্ধী।

এনে সময়তে যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উদ্বেগ প্ৰকাশ কৰি এগজিট প’লৰ ভৱিষ্যদ্বাণী আৰু চূড়ান্ত ফলাফলৰ মাজত অমিলৰ কথা প্ৰকাশ কৰে। গগৈয়ে কয়, “বিহাৰৰ ৰাইজে ভোট দিছে, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁলোকেও এনে একপক্ষীয় বিধানসভাৰ বাবে ভোট দিয়া নাছিল। নিৰ্বাচন আয়োগ আৰু জ্ঞানেশ জীলৈ অভিনন্দন, শ্ৰেষ্ঠ এগজিট প’লষ্টাৰকো পৰাস্ত কৰাৰ বাবে।”তেওঁ লগতে কয় যে এগজিট প’লত কিছুমান ভোটৰ অংশীদাৰিত্ব দেখা গৈছে যদিও চূড়ান্ত ফলাফলত দলসমূহৰ মাজত সৰু সৰু পাৰ্থক্যহে প্ৰতিফলিত হৈছে। ইয়াৰ দ্বাৰা “নিৰ্বাচিত আসনত লক্ষ্য কৰি ভোট চুৰি” কৰা ঘটনাই সামগ্ৰিক ফলাফলত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে গগৈয়ে।


গগৈয়ে যে সংবাদ মাধ্যমে বিৰোধী দলসমূহক প্ৰশ্ন কৰি থাকিব পাৰে যদিও নিৰ্বাচন আয়োগক নিজেই চোকা দৃষ্টি ৰখাৰ পৰা প্ৰায়ে বিৰত থাকে। ভাৰতীয় গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ বাবে বিৰোধী দলসমূহে সত্যৰ বিচাৰি উলিওৱাত অটল থাকিব বুলি তেওঁ পুনৰ দৃঢ়তাৰে কয়।গৌৰৱ গগৈয়ে কয় ‘‘বিহাৰৰ ৰাইজে বিহাৰত ভোট দিব, আৰু অসমৰ ৰাইজে অসমত ভোট দিব। ইয়াত ডিমাছা, বড়ো, কাৰ্বি, ৰাভা, মৰাণ, মটক, গোৰ্খা আৰু বঙালী জনগোষ্ঠীয়ে হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদৰ অন্ত পেলাবলৈ ভোট দিব।’’ সামাজিক মাধ্যমতো কংগ্ৰেছক বহুতেই সমালোচনা কৰা দেখা গৈছে।

এআইইউডিএফ বিধায়কসকলৰ ভৱিষ্যৎ অনিশ্চয়তাত…

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমুকৈ হোৱাৰ লগে লগে ৰাজ্য ৰাজনীতিত যি বিষয়টো অধিক গুৰুত্বসহকাৰে আলোচিত হ’বলগীয়া হৈছে, সেয়া হৈছে—এআইইউডিএফৰ বিধায়কসকলৰ ভবিষ্যৎ। একসময় সংখ্যালঘু সমাজই ‘নিজৰ দল’ বুলি আঁকোৱালি ধৰা এআইইউডিএফক লৈ সেই একেটা সমাজেই আজিৰ দিনত গভীৰ সন্দেহ, অবিশ্বাস আৰু আতঙ্কৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। দলটো গঠনৰ পিছত এই প্রথম জটিল পৰিস্থিতিৰ মুখামুখি হৈছে দলটোৰ বিধায়কসকল। যি আবেগ, যি ভৰসা বহু বছৰ ধৰি দলটোক আগুৱাই লৈ গৈছিল—আজিৰ পৰিস্থিতিত সেই আবেগ যেন নীৰৱে অস্তমিত হোৱাৰ পথলৈ আগবাঢ়িছে। বিশেষকৈ বিজেপিৰ সৈতে একাংশ এআইইউডিএফ বিধায়কৰ গোপন মিতিৰালি , ভোট-সমীকৰণৰ সময়ত সন্দেহজনক ভঙ্গিমা আৰু গোপন সমৰ্থন —এই সকলো মিলি সংখ্যালঘু সমাজে কোনোবাবেই গ্ৰহণ কৰিব পৰা নাই। কেৱল গ্ৰহণ কৰিব পৰা নাই বুলি নহয়, ভোটাৰসকলৰ মনত দলটোক লৈ এক গভীৰ আশংকা সৃষ্টি হৈছে । দলটোৰ নেতৃত্ব কোন অভিমুখে আগুৱাই গৈছে আৰু সংখ্যালঘু ৰাইজৰ স্বার্থ আগত ৰাখা হৈছে নে নাই, সেই প্ৰশ্ন বাৰুকৈ উত্থাপন হৈছে। সেয়েহে
এই প্ৰশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ বিধায়কসকলৰ হাতত নাথাকাত, জনসন্মুখত তেওঁলোকে প্ৰবল সমালোচনাৰ তীব্ৰ ঢৌৰ মুখামুখি হ’ব লগা হৈছে। বিগত কেইবাবছৰত কংগ্ৰেছ–এআইইউডিএফ মিত্ৰতা বহুবাৰ হৈছিল, কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিত সম্পূৰ্ণ ভিন্ন। বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিকল্প মঞ্চ গঠনই কংগ্ৰেছৰ প্ৰধান লক্ষ্য, আৰু সেই বৃহৎ সমীকৰণত এআইইউডিএফক স্থান দিবলৈ দলটোৰ নেতৃত্ব একেবাৰে অনিচ্ছুক। বহু এআইইউডিএফ বিধায়কে গোপনে কংগ্ৰেছৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা কৰিছে বুলি সূত্রৰ পৰা জানিব পৰা গৈছে । কংগ্ৰেছ নেতৃত্বে সেই দুৱাৰসমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে। আজমল দলটোৰ দৰে ‘অসমৰ সংখ্যালঘু ভোঁট বিভাজন কৰা’ বুলি অভিযোগ থকা বিষয়টোৱেই এই দূৰত্বৰ মুখ্য কাৰণ বুলি কংগ্ৰেছৰ এক সূত্ৰই জনায়। ইপিনে,অসম গণ পৰিষদ (এজিপি)-ৰ ক্ষেত্ৰতো একেধৰণৰ অনিচ্ছা দেখা গৈছে। যদিও এজিপি–এআইইউডিএফৰ মাজত কোনো সহমত নাই, তথাপিও বাস্তৱিক দিশত এজিপিয়ে এআইইউডিএফ বিধায়কসকলক আঁকোৱালি ল’বলৈ আগ্ৰহ প্ৰদৰ্শন কৰা নাই। তথাপিও বিশেষ সূত্ৰৰ তথ্য অনুসৰি ইতিমধ্যে কেইবাজনমান এআইইউডিএফ বিধায়কে এজিপিৰ সৈতে গোপনভাৱে যোগাযোগ স্থাপন কৰিছে। এই তালিকাত আছে—বিধায়ক সুজাম উদ্দিন লস্কৰ, বিধায়ক নিজাম উদ্দিন চৌধুৰী, বিধায়ক (ধিঙ )আমিনুল ইছলামসহ আন ৩ জন বিধায়ক। যদিও এজিপিৰ ভিতৰৰ একাংশ নেতা এই যোগাযোগক গুৰুত্ব নিদিয়াৰ মূল কাৰণ হৈছে এআইইউডিএফৰ বিধায়কক আঁকোৱালি লোৱাই সংগঠন দুৰ্বল হব পাৰে অনেতিবাচক প্ৰভাৱ পৰিব পাৰে ভোটত।
উল্লেখযোগ্য তথ্য হ’ল—দলটোৰ প্রতিষ্ঠাতা তথা সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ দলটোক বিভিন্ন মহলত সমালোচনা কৰা দেখা গৈছে। বিশেষকৈ দলটোৰ ভিতৰৰ একাংশ মানুহে অভিযোগ কৰিছে—আজমলৰ দুৰ্বল নেতৃত্বৰ সুযোগ লৈ কেইবাজন বিধায়ক ইতিমধ্যে গোপনে অন্য দলে লগত যোগাযোগ আৰম্ভ কৰিছে। দলীয় শৃঙ্খলাৰ দিশবোৰই আজমল নেতৃত্বক অধিক প্রশ্নৰ মুখামুখি কৰি তুলিছে। ফলত, এআইইউডিএফ বিধায়কসকলৰ আগলৈ সময় কঠিন আৰু অনিশ্চয়তাৰ দিশে আগবাঢ়িছে।