Home Blog Page 23

জয়ৰ পিছত পৰাজয়ৰ ভয়ঃ নৰিয়া গাৰে যুঁজি লাচিত হ’বলৈ টঙালি বান্ধিছে গৌৰৱ গগৈয়ে

নৰিয়া গাৰে যুঁজি লাচিত হ'বলৈ টঙালি বান্ধিছে গৌৰৱ গগৈয়ে
নৰিয়া গাৰে যুঁজি লাচিত হ'বলৈ টঙালি বান্ধিছে গৌৰৱ গগৈয়ে

ৰাজ্যত বাজিছে ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ৰণভেৰী৷ এনে সময়তে শাসক-বিৰোধী উভয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ নিজা নিজা কৌশল ৰচনা কৰিছে৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছো এইক্ষেত্ৰত পিছপৰি থকা নাই৷ অসম প্ৰদেশ কংগ্ৰেছে শেহতীয়াকৈ গৌৰৱ গগৈক দলৰ সভাপতি হিচাপে লাভ কৰিছে৷ গৌৰৱ গগৈয়ে অসম কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছতে দলটোলৈ নতুন উৎসাহৰ প্ৰৱাহ ঘটা পৰিলক্ষিত হৈছিল৷ বিশেষকৈ নৱ-প্ৰজন্মৰ বহুতে গৌৰৱ গগৈৰ বাবেই কংগ্ৰেছৰ প্ৰতি নতুনকৈ আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ প্ৰমাণ গৌৰৱ গগৈৰ বিভিন্ন সভা-সমিতি আদিত দেখিবলৈ পোৱা গৈছে৷

যি কি নহওক পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে একক ভাৱে লাভ কৰিছিল ২৯ খন আসন৷ একেদৰে শাসকীয় এনডিএ মিত্ৰজোঁটৰ প্ৰধান দল বিজেপিয়ে লাভ কৰিছিল ৬০খন আসন৷ কিন্তু কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবেই যোৱা বাৰৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল৷ এইবাৰ নতুন বৰ অসমৰ শ্ল’গানেৰে কংগ্ৰেছে অসমৰ ভোটাৰৰ মাজত গৌৰৱ গগৈক সেনাপতি হিচাপে লৈ পুনৰ সোমাই পৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু এনে সময়তে ৰাজনৈতিক বিশেষজ্ঞমহলৰ মাজত চৰ্চিত এটা উল্লেখযোগ্য বিষয় এয়া হৈ পৰিছে যে কংগ্ৰেছ দলত গৌৰৱ গগৈক সোঁৱে-বাঁওৱে বহু প্ৰবীণ তথা প্ৰভাৱশালী নেতাই বেৰি আছে যদিও প্ৰকৃতাৰ্থত গৌৰৱ দলৰ ভিতৰত সম্পূৰ্ণ অকলশৰীয়া৷

কংগ্ৰেছত বৰ্তমান থকা বহু নেতাৰ ওপৰত মুঠেও বিশ্বাস নাই বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে চৰ্চা কৰিছে৷ ইয়াৰ শেহতীয়া উদাহৰণ হিচাপে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই নিশাটোৰ ভিতৰতে মূৰ পোলোকা মাৰি গেৰুৱা দলত যোগদান কৰাৰ কথাই কংগ্ৰেছৰ প্ৰভুত ক্ষতি সাধন কৰিছে৷ ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছত এতিয়া কংগ্ৰেছে দিনে-নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগোৱা বেনাৰ-পোষ্টাৰ আদি আঁতৰাবলৈ বাধ্য হৈছে৷ কাৰণ সেই বেনাৰ-পোষ্টাৰত জিলিকি আছিল হাঁহি ভৰা মুখেৰে ভূপেন বৰাৰ ছবি৷ ভূপেন বৰাৰ দৰেই কংগ্ৰেছৰ বহু নেতা-নেত্ৰীয়ে ছল পালেই গেৰুৱা দললৈ গমন কৰিব পাৰে বুলি ৰাজনৈতিক বিশেষজ্ঞমহলে মন্তব্য কৰিছে৷ তেওঁলোকে এইবুলি কৈছে যে কংগ্ৰেছত সম্পূৰ্ণ বিশুদ্ধ কংগ্ৰেছী বুলি নিজকে পৰিচয় দি থকা বহুতেই সুযোগ পালেই বিজেপিমুখী হ’ব৷

তেওঁলোকৰ ভিতৰত মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা আদিৰ দৰে নেতা-নেত্ৰী সকলো আছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে সন্দেহ প্ৰকাশ কৰিছে৷ ৰাজনৈতিক বিশেষজ্ঞ মহলৰ মতে যদি আণ্ডাৰ কাৰেণ্টৰ প্ৰভাৱত অসমত পুনৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰে তথাপি গৌৰৱ গগৈ নিঃসংগ হৈয়ে থাকিব৷ কাৰণ কংগ্ৰেছৰ বহু নেতাই হয়তো মনে-প্ৰাণে নিবিচাৰে গৌৰৱ অসমৰ মুখ্যমন্ত্ৰী হওক৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হোৱাৰ সূত্ৰেই গৌৰৱ গগৈয়ে যদি মুখ্যমন্ত্ৰীৰ পদ দাবী কৰে তেন্তে সেই একে দাবীয়েই উচ্ছাৰিত হ’ব দেৱব্ৰত শইকীয়াৰ পৰাও৷ কাৰণ তেৱোঁ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ৷ একেদৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ হোৱাৰ পথত হেঙাৰ হিচাপে থিয় দিব পাৰে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনেও৷

কাৰণ গৌৰৱ গগৈয়ে ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পূৰ্বৰে পৰাই ৰকিবুল হুছেইন আছিল কেবিনেট মন্ত্ৰী৷ সেই হিচাপত তেওঁ পূৰ্বৰ প্ৰতাপ জাহিৰ কৰি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিব পাৰে৷ ৰাজনৈতিক বিশেষজ্ঞমহলে এইবুলিও কৈছে যে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো কংগ্ৰেছ অথবা ইয়াৰ মিত্ৰ দলসমূহে অসমত হয়তো চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ব৷ কাৰণ কংগ্ৰেছত থকা বহু ডলাৰ বগৰীসদৃশ নেতাক যদি নিশাটোৰ ভিতৰতে গেৰুৱা শিবিৰে ক্ৰয় কৰি লয় তেন্তে জয়ী হোৱাৰ পিছতো হেৰুৱাৰ বেদনাত ভুগিব লাগিব গৌৰৱ গগৈয়ে৷ অসমত এনেদৰে নিশাটোৰ ভিতৰতে বিধায়ক ক্ৰয় কৰাৰ নজিৰ নথকা নহয় বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ বিশেষজ্ঞসকলৰ মতে এনে পৰিস্থিতিত জয়ৰ পিছত পৰাজয়ৰ ভয়ে এতিয়া আক্ৰান্ত কৰিছে গৌৰৱ গগৈক৷ কিন্তু এনে বিষম পৰিস্থিতি, জটিল ৰাজনৈতিক পট পৰিৱৰ্তনৰ মাজতো নিজৰ স্থিতিত অচল অটল হৈ আছে গৌৰৱ গগৈ৷ ৰাজনৈতিক বিশেষজ্ঞ মহলৰ মতে গৌৰৱ গগৈয়ে এতিয়া সুযোগৰ অপেক্ষা কৰিছে৷ বিশ্লেষকসকলে এইবুলি ধাৰণা কৰিছে যে দুটা বিশেষ কথাক লৈ এতিয়া গৌৰৱ গগৈয়ে নৰিয়া গাৰে হ’লেও যুঁজি লাচিত হ’ব বিচাৰিছে৷ দৰাচলতে কংগ্ৰেছৰ ভিতৰচ’ৰাত থকা ডলাৰ বগৰীসদৃশ নেতা, দলৰ ভিতৰতে সৃষ্টি হোৱা টিকটকেন্দ্ৰিক বিবাদ আদি কথাবোৰ গৌৰৱ গগৈৰ বাবে এতিয়া একপ্ৰকাৰৰ ৰাজনৈতিক নৰিয়া স্বৰূপ হৈ পৰিছে৷ এনে নৰিয়া গাৰেই তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ লাচিতৰ দৰে জয়ী হোৱাৰ সপোন দেখিছে বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷ বিশ্লেষকসকলৰ মতে গৌৰৱ গগৈয়ে এতিয়া বিজেপিত সৃষ্টি হ’ব পৰা টিকটকেন্দ্ৰিক সংঘাতৰ সময়ছোৱালৈ অপেক্ষা কৰিছে৷

কাৰণ যদি তেনে সংঘাতে বিজেপিত গা কৰি উঠে তেন্তে তাৰ পূৰ্ণ সুযোগ কংগ্ৰেছে নিঃসন্দেহে গ্ৰহণ কৰিব পাৰিব৷ সেয়ে টিকটকেন্দ্ৰিক সংঘাতৰ সময়ছোৱালৈ এতিয়া গৌৰৱ গগৈয়ে অপেক্ষা কৰা বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷ গৌৰৱ গগৈয়ে তেওঁৰ আশে-পাশে থকা কোনো নেতাকে বিশ্বাসত ল’ব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হোৱাৰ পিছতো সাহসেৰে তেওঁ দলটোক ৰাইজৰ মাজলৈ নিয়াৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি বিশ্লেষকসকলে কৈছে৷ সময়ত দেখা যাব ৰাজনৈতিক নৰিয়াত আক্ৰান্ত গৌৰৱ গগৈয়ে কিদৰে লাচিতৰ ৰূপত ৰণ জিকিব পাৰে৷

BJP: আজিৰে পৰা বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

BJP: আজিৰে পৰা বিজেপিৰ 'জন আশীৰ্বাদ যাত্ৰা'
BJP: আজিৰে পৰা বিজেপিৰ 'জন আশীৰ্বাদ যাত্ৰা'

আজিৰে পৰা ৰাজ্যিক বিজেপিৰ জন আশীর্বাদ যাত্রা।(BJP)

আজিৰে পৰা ৯ মার্চলৈ হ’ব এই যাত্রা।

ঢেকীয়াজুলী, বৰচলা, তেজপুৰ, নদুৱাৰ, ৰঙাপাৰা সমষ্টিক সামৰি প্ৰথম যাত্রা।

ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ’ব এই যাত্রা।

মুখ্যমন্ত্ৰী, ৰাজ্যিক ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত এই যাত্রা।

১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰত হ’ব যাত্ৰা।

উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ যোৱা আৰক্ষী আৰু চৰকাৰী বিষয়াৰ ওপৰত বঙৰা ইছলামপুৰ অঞ্চলত একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ

উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ যোৱা আৰক্ষী আৰু চৰকাৰী বিষয়াৰ ওপৰত বঙৰা ইছলামপুৰ অঞ্চলত একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ
উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ যোৱা আৰক্ষী আৰু চৰকাৰী বিষয়াৰ ওপৰত বঙৰা ইছলামপুৰ অঞ্চলত একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ

ৰাতি উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ যোৱা আৰক্ষী আৰু চৰকাৰী বিষয়াৰ ওপৰত বঙৰা ইছলামপুৰ অঞ্চলত একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ চলোৱাত পৰিস্থিতি উত্তপ্ত হৈ উঠে। ঘটনাটোত গাঁওপ্ৰধানসহ কেইবাজনো আৰক্ষী কৰ্মচাৰী আহত হয়। আহতসকলৰ ভিতৰত পাঁচজনক চিকিৎসাৰ বাবে Gauhati Medical College and Hospital (GMCH) লৈ প্ৰেৰণ কৰা হয়। আক্ৰমণকাৰীয়ে চৰকাৰী বাহনো ভাঙি লণ্ডভণ্ড কৰে বুলি জানিব পৰা গৈছে।

প্ৰশাসনৰ তথ্য অনুসৰি, উচ্ছেদ সম্পৰ্কীয় জাননী দিবলৈ যোৱা সময়ছোৱাত হঠাতে একাংশ লোক একত্ৰিত হৈ আৰক্ষী বাহিনীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে শাৰীৰিক আক্ৰমণ চলায়। ফলত অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হয়।

ঘটনাটোক গুৰুত্বসহকাৰেই লৈ মুখ্যমন্ত্ৰী Himanta Biswa Sarma-ই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে। লগতে আইন-শৃংখলা সুদৃঢ় কৰি ৰাখিবলৈ অঞ্চলটোত স্থায়ী আৰক্ষী কেম্প স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যজুৰি প্ৰায় ১.৫০ লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱাৰ পিছতো কিছুমান অচিনাকী লোক পুনৰ সংঘাত সৃষ্টিৰ চেষ্টা কৰা উদ্বেগজনক। তেওঁ লগতে মন্তব্য কৰে যে ৰাজ্যত আইন-শৃংখলা বজাই ৰাখিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।

বৰ্তমান অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰশাসনে জনাইছে যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীৰ টহল অব্যাহত আছে। তদন্ত অব্যাহত আছে আৰু জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Zubeen Garg: প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা

জুবিন গাৰ্গলৈ ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা। (Zubeen Garg)

মৰণোত্তৰভাৱে ৩টাকৈ সন্মানেৰে সন্মানিত কৰা হৈছে জুবিন গাৰ্গক।

পিতৃ আৰু পত্নীয়ে গ্রহণ কৰে এই বঁটা।

প্ৰাণৰ শিল্পীজনলৈ শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা, জীৱনজোৰা সাধনা বঁটা প্রদান।

‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ বাবে বিশেষ সম্মান প্রদান কৰা হৈছে জুবিন গাৰ্গক।

মুকালমুৱাত মিছন বসুন্ধৰা ৩.০ৰ ভূমিপট্টা প্ৰদান অনুষ্ঠান

মুকালমুৱাত মিছন বসুন্ধৰা ৩.০ৰ ভূমিপট্টা প্ৰদান অনুষ্ঠান
মুকালমুৱাত মিছন বসুন্ধৰা ৩.০ৰ ভূমিপট্টা প্ৰদান অনুষ্ঠান

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে ভূমিপট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভূমিপট্টা বিতৰণ অনুষ্ঠানটোত নৱগঠিত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ২২৪ টা ৰাজহুৱা অনুষ্ঠানৰ লগতে ১৫ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰা হয়। বৰক্ষেত্ৰীৰ গুৰত্বপূৰ্ণ অনুষ্ঠান ভাংনামাৰী আৰক্ষী থানা, বৰক্ষেত্ৰী মহাবিদ্যালয়, শংকৰদেৱ নামঘৰ, মৰোৱা, বৰতলা গাঁও উন্নয়ন সমিতিকে ধৰি বৰক্ষেত্ৰী সমষ্টিৰ ২২৪ টা ৰাজহুৱা অনুষ্ঠানলৈ আজি ভূমি পট্টা বিতৰণ কৰে।

ভূমিপট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই। লগতে এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভমনি ৰয়, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গিতুমনি বৈশ্য আৰু বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ১৫টা ভূমিহীন পৰিয়ালৰ সদস্যসকল।

ভূমিপট্টা লাভ কৰি আনন্দত উৎফুল্লিত হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ভূমি পট্টা লাভ কৰা ৰাজহুৱা অনুষ্ঠানৰ কমিটিৰ বিষয়ববীয়া সকলৰ লগতে ভূমিহীন পৰিয়ালৰ লোকসকলে। এই অনুষ্ঠানৰ জৰিয়তে বহু পৰিয়ালৰ দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ লগতে স্থায়ী ঠিকনাৰ অধিকাৰ লাভ কৰি নতুন জীৱনৰ দিশে আগবাঢ়ি যাবলৈ সক্ষম হৈছে উপকৃত লোকসকল।

শুৱালকুছিত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ পালন

শুৱালকুছিত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ পালন
শুৱালকুছিত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ পালন

আজি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ। শুৱালকুছিত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ পালন।

সদৌ শুৱালকুছি শ্ৰী শ্ৰী দামোদৰ সংঘ(উৎসৱ সমিতি)ৰ উদ্যোগত আৰু শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ,পূব শুৱালকুছি কোচ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ ৫৩৮ তম্‌ জন্মোৎসৱ পালন কৰা হয়।

পূব শুৱালকুছিৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা আজি সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্ম পতাকা উত্তোলন কৰে সদৌ শুৱালকুছি শ্ৰী শ্ৰী দেৱ দামোদৰ সংঘৰ সভাপতি মকুন্দ বৈশ্যই।

৯ বজাত আই সকলৰ নাম প্ৰসংগ, ১০ বজাত ভকত সকলৰ নাম প্ৰসঙ্গৰে গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচীৰ সামৰণি পৰে।

আজিৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলা দেৱ দামোদৰ সংঘৰ সম্পাদক আৰু সাংগঠনিক সম্পাদক।

Arvind Kejriwal: সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়া

সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ'ডিয়া।(Arvind Kejriwal)
সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ'ডিয়া।(Arvind Kejriwal)

সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়া।(Arvind Kejriwal)

উপযুক্ত তথ্য প্ৰমাণ নথকাৰ বাবেই আদালতে দোষমুক্ত ঘোষণা কৰে।

ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰাৰ পাছতে কান্দোনত ভাঙি পৰিল অৰবিন্দ কেজৰিৱাল।

আদালতৰ ৰায়দানৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব CBI।

দিল্লী আবকাৰী কেলেংকাৰীৰ চি বি আইৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্রী মনীষ চিছ’ডিয়াসহ ২৩ গৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা।

দিল্লীৰ ৰাউজ এভিনিউৰ বিশেষ আদালতে আটাইকেইগৰাকীকে কৰিলে দোষমুক্তষ

প্রমাণ অবিহনে দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি আদালতৰ ৰায়ত উল্লেখ।

গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ তৃতীয় বৰ্গৰ চাকৰি

গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ তৃতীয় বৰ্গৰ চাকৰি
গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ তৃতীয় বৰ্গৰ চাকৰি

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলীয়ালক নিযুক্তিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।।

তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি উপাসনা বকলিয়া গগৈলৈ।

শিল্পীগৰাকীয়ে অসমীয়া সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সিদ্ধান্ত কেবিনেটৰ।

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই নিযুক্তি দিয়াৰ সম্ভাৱনা।

কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ উপাসনা বকলিয়াল গগৈৰ।

আনহাতে কেবিনেটৰ এই সিদ্ধান্তৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন বিধায়ক অখিল গগৈৰ।

কেবিনেট সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পোষ্ট

কেবিনেট সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পোষ্ট
কেবিনেট সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পোষ্ট

জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ফাষ্ট ট্রেক আদালতৰ সিদ্ধান্ত কেবিনেটত। পৰিয়ালে ফাষ্ট ট্রেক আদালতৰ দাবী কৰাৰ বাবে এই সিদ্ধান্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্রেক আদালতৰ বাবে দিব এগৰাকী ন্যায়াধীশ। কেবিনেট সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পোষ্ট।

আজি বহুদিন ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ/ বিভিন্ন লোকৰ পৰা দাবী উত্থাপন হৈ আছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গোচৰৰ ফাষ্ট ট্ৰেকিং/ক্ষীপ্ৰ বিচাৰৰ বাবে এখন dedicated court চৰকাৰে গঠন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, যʼত দৈনিক জুবিন গাৰ্গৰ কেচটোৰেই শুনানি হয়। পৰিয়ালৰ সদস্য হিচাপে আমিও একেদৰেই বিচাৰিছো যে জুবিনৰ হত্যাকাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে, সকলো আইনী পদ্ধতিৰ মাজত, অতি কম সময়ৰ ভিতৰতে বিচাৰ সম্পন্ন হওঁক আৰু অভিযুক্তক শাস্তি প্ৰদান কৰা হওঁক । এইখিনি কথা আমাৰ মত হিচাপে আমি সামাজিক ভাৱে প্ৰকাশ কৰিছিলোঁ । যিহেতু, আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে গঠিত উচ্চ পৰ্যায়ৰ এছ আই টিয়ে বিশদ আৰু নিখুঁত তদন্তৰ অন্তত উপযুক্ত সাক্ষ্য আৰু প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে, আৰু এয়া এক হত্যাকাণ্ড বুলিও নিশ্চিত হৈছে,গতিকে হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব।

এয়া পৰিয়ালৰ পৰা আমাৰ অভিমত –কিন্তু, জুবিন কেৱল আমাৰ পৰিয়ালৰ নহয়, সমগ্র অসমীয়া ৰাইজৰ। ৰাইজৰ তেওঁলৈ থকা মৰম আৰু আগ্ৰহ নেওচি আমি কোনো কাম কৰিব নোৱাৰো অথবা কোনো সিদ্ধান্তও গ্ৰহণ কৰিব নোৱাৰো, সেইকাৰণে ৰাইজৰ মতামত আমাৰ কাৰণে অত্যন্ত জৰুৰী ।

যিহেতু এই কেচটো চলিছে অসম ৰাজ্য( State of Assam) আৰু অভিযুক্ত কেইটাৰ মাজত আৰু prosecution ৰাজ্যৰ ( govt in power) ওপৰত নিৰ্ভৰশীল .. গতিকে অপৰাধীৰ শাস্তি প্ৰদান নিশ্চিত কৰাটো তেওঁলোকৰ কৰ্তব্য,,,দায়বদ্ধতা । প্ৰায়ে কোৱা হয় যে “Justice delayed is justice denied”.. সেয়ে আমি ইতিমধ্যে নিশ্চিত হৈ থকা কথাবোৰ আদালতত সোনকালে প্ৰতিষ্ঠা হোৱাটো বিচাৰিছোঁ ।

এতিয়া কেৱল আমিয়েই নহয় সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰতম শাস্তি পোৱা দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । যিহেতু আজি মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে বিশেষ আদালতৰ কথা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে,গতিকে আমি ভাবো যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ এই অভাৱনীয় ঘটনাটোৰ বিচাৰৰ বাবে দৈনন্দিন ভিত্তিত এই (বিশেষ) ফাষ্টট্ৰেক কোৰ্টখন স্থাপন কৰাৰ জৰুৰী পদক্ষেপ এনেদৰে গ্ৰহণ কৰক যাতে জুবিনৰ ন্যায় সম্পূৰ্ণ সঠিক দিশত যিমান সোনকালে সম্ভৱ নিশ্চিত হওঁক । আশা কৰো আমাৰ, দেশৰ কোটি কোটি জনতাৰ আস্থা আৰু বিশ্বাসৰ সন্মান ৰাখি, দেশৰ ন্যায় ব্যৱস্থাই জুবিনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু খুব সোনকালে উচিত ৰায়দানেৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব!

BJP: ২০২৬ত বিজেপিৰ ৪০ খন নতুন মুখঃ আসন্ন বিধান সভা নিৰ্বাচনত গেৰুৱা দলৰ বিজয়ৰ নতুন কৌশল

আসন্ন বিধান সভা নিৰ্বাচনত গেৰুৱা দলৰ বিজয়ৰ নতুন কৌশল
আসন্ন বিধান সভা নিৰ্বাচনত গেৰুৱা দলৰ বিজয়ৰ নতুন কৌশল

২০২৬ চনৰ(BJP) বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা বহুতে টিকট প্ৰত্যাশী হৈ আছে৷ তেওঁলোকৰ ভিতৰত বহু নতুন মুখৰো আবিৰ্ভাৱ ঘটা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে যোৰহাটত কৰা এক মন্তব্যই আগন্তুক নিৰ্বাচনত টিকট প্ৰত্যাশী বহু নতুন মুখক উৎসাহিত কৰি তোলা দেখা গৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাই আজি আগন্তুক নিৰ্বাচনত বিজেপিয়ে ৪০ গৰাকী নতুন নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছে৷ কিয়নো ৪০ গৰাকী নতুন নেতাৰ প্ৰাৰ্থিত্ব দিবলগীয়া হ’লে নিঃসন্দেহে সেই স্থানবোৰত টিকটৰ আশাত বন্দী হৈ থকা বহু জ্যেষ্ঠ নেতা অথবা বিধায়কৰ পাখি কটা যোৱাটো নিশ্চিত৷ আনহাতে ৪০ গৰাকী নতুন নেতাক সুযোগ দিয়াৰ ব্যৱস্থাটোৱে কোন কোন তৰুণ গেৰুৱা নেতাক ভোটযুদ্ধত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়ে সেই লৈয়ো চৰ্চাৰ বাবে মুখ্যমন্ত্ৰীৰ মন্তব্যই বাট মুকলি কৰি দিলে৷ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ কাউণ্টডাউন চলি থকাৰ সময়তে কংগ্ৰেছৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীৰ মতে অহাবাৰ বিৰোধীৰ আসনত বহাৰ পৰাও বঞ্চিত হ’ব কংগ্ৰেছ৷ মুখ্যমন্ত্ৰীয়ে কয়–‘ইলেকচনৰ দিনটোৰ বিষয়ে মইতো ক’ব নোৱাৰিম৷ কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকচন যাতে যিকোনো কৰাণতে ব’হাগ বিহুৰ আগতে হয়৷ কাৰণ ব’হাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হৈ যাব৷ তেতিয়া ইলেকচন কৰাটো অসুবিধা হ’ব৷’ যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সাংবাদিকে নিৰ্বাচনৰ দিন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়৷ আনহাতে, অসম জাতীয় পৰিষদক কেইবাটাও সংখ্যালঘু প্ৰধান সমষ্টি এৰি দিয়া বিষয়ত কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাত কংগ্ৰেছৰ ভাল সংগঠন আছে, সেইটো অস্বীকাৰ কৰি লাভ নাই৷ কাৰণ সেই সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ ১০০ শতাংশ সম্ভাৱনা আছে৷ যদি ৰাইজৰ দল, জাতীয় পৰিষদক সেইকেইটা সমষ্টি দি দিয়ে তেতিয়াহ’লে অহাবাৰ বিৰোধীৰ আসনত বহাৰ পৰাও বঞ্চিত হ’ব কংগ্ৰেছ৷ কাৰণ বিৰোধীৰ আসনত বহিবলৈ ২২ খন আসন লাগে৷’ ইপালে বিজেপিৰ আসন ভাগ-বাটোৱাৰা প্ৰসংগত তেওঁ কয়, ‘অগপৰ লগত আলাপ-আলোচনাৰ মাজেৰে আসন ভাগ-বাটোৱাৰা হ’ব৷ ইতিমধ্যে ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্ত হৈছে আৰু ২৮ ফেব্ৰুৱাৰীৰ আগতেই বিপিএফৰ লগত আলোচনা হ’ব৷’ আনহাতে, ‘২৬১ নিবাচনত নতুন মুখে কিমান প্ৰাধান্য পাব তাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘২৬১ নিৰ্বাচনত আমাৰ ভাল ছীট ১০৩টা আছে ৷ সেয়েহে ৪০ খন নতুন মুখ আহিব৷ মই ক’লেও আহিব, নক’লেও আহিব৷’ উল্লেখ্য যে বুধবাৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খেলপথাৰত আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অনুদান বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উক্ত অনুষ্ঠানত গোলাঘাট, যোৰহাট, মাজুলীৰ প্ত,৯৫৮ গৰাকী লোকক আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কৰে ৷এই আঁচনিৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে ২ লাখ টকা লাভ কৰিব ৷ ইয়াৰে ৰ লাখ টকা প্ত বছৰ পিছত ঘূৰাই দিব লাগিব ৷ তিনিটা কিস্তিত এই ধন বিতৰণ কৰা হ’ব৷ প্ৰথম কিস্তিত ৭৫ হাজাৰকৈ দিয়া হৈছে৷ এই আঁচনিয়ে ৰাজ্যৰ ৰ লাখ যুৱক-যুৱতীক সামৰি লোৱা হৈছে ৷ কোনো ধৰণৰ গেৰাণ্টী আৰু মৰ্টগেজ লোৱা নাই৷ এয়া আস্থা আৰু বিশ্বাসৰ মাধ্যমেৰে এই অনুদান তেওঁলোকক প্ৰদান কৰা হৈছে৷