Home Blog Page 230

২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma

২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma
২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma

১১ জুনঃ Phanindranath Sharma । ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নানান ৰাজনৈতিক সমীকৰণ। তেনে ৰাজনৈতিক সমীকৰণ বিজেপিৰ ভিতৰ চৰাতো আৰম্ভ হোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হব পাৰে দলৰ এগৰাকী নিষ্ঠাবান নেতা। তেওঁ হৈছে ফণী শৰ্মা।

ফণী শৰ্মাই ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত দলৰ অসমৰ পৰা নিৰ্বাচিত সাংসদসকল লগ ধৰি থকা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য ফণীন্দ্ৰনাথ শৰ্মাৰ বিজেপি দলত ভালেখিনি অৱদান আছে। ২০১৪, ২০১৬, ২০১৯ আৰু ২০২১ বৰ্ষৰ অসমৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন তথা ২০২৪ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তেওঁ দক্ষতাৰে দলৰ বাবে কাম কৰিছিল। সেয়ে বিজেপিৰ গুডবুকত ফণীন্দ্ৰনাথ শৰ্মাৰ নাম উজ্জ্বল আখৰেৰে লিখা ৰৈছে বুলিও সূত্ৰটোৱে কয়। ফণীন্দ্ৰনাথ শৰ্মাই শেহতীয়াকৈ হাৰিয়ানাৰ বাবে বিজেপিৰ মিছন ২০২৪ সফলতাৰে সম্পন্ন কৰিছে। হাৰিয়ানাত ঐতিহাসিক হেট্ৰিকত উপনীত হোৱাত আৰ এছ এছ-বিজেপিৰ এই অভিযানৰ সৈতে ফনীন্দ্ৰনাথ শৰ্মা ওতঃপ্ৰোতভাৱে জড়িত আছিল।

বিজেপিৰ তদানীন্তন অসম ৰাজ্যিক সংগঠন সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাক হাৰিয়ানাত দলৰ নিৰ্বাচনী কামৰ দায়িত্ব ল’বলৈ আৰু ৰাজ্যখনত দলৰ শিপা শক্তিশালী কৰিবলৈ কোৱা হৈছিল।বিজেপিৰ হাৰিয়ানাৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ফনীন্দ্ৰনাথ শৰ্মাই নিৰ্বাচনৰ কেইমাহমান পূৰ্বে কংগ্ৰেছে শক্তিশালী ৰূপত অৱতীৰ্ণ হব বিচৰা ৰাজ্যখনত দলৰ প্ৰচাৰক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা পালন কৰিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সেয়ে শৰ্মাই অসমৰ ৰাজনীতিৰ সৈতেও সক্ৰিয়ভাবে জড়িত হোৱাটো বিচাৰিছে দলৰেই একাংশই। উল্লেখ্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ নিৰ্দেশমৰ্মে হাৰিয়ানাৰ ৬ হাজাৰ গাঁৱত ১৬ হাজাৰ সভা অনুষ্ঠিত কৰি ঘৰে ঘৰে প্ৰচাৰ চলাইছিল শৰ্মাই। ফনীন্দ্ৰনাথ শৰ্মাৰ তেনে নিৰলস প্ৰচেষ্টাৰ সুফল বিজেপিয়ে লাভ কৰিছিল। সেয়ে অসমৰ ৰাজনীতিতো এতিয়া ফণীন্দ্ৰনাথ শৰ্মাক বহুতে বিচৰা বুলি বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে। যদি সূ্ত্ৰটোৱে কৰা দাবী বাস্তৱত পৰিণত হয় তেন্তে অসমৰ ৰাইজে হয়তো ২০২৬ৰ নিৰ্বাচনত গেৰুৱা শিবিৰত নতুন মুখ দেখিবলৈ পাব।

জি এছ টি ৯.৯০ কোটি টকাৰ ফাঁকিঃ গ্ৰেপ্তাৰ হ’ল ব্যৱসায়ী বৰুণ গোৱেল ।GST


১১ জুন ২০২৫ঃ GST । এক উল্লেখযোগ্য পৰিঘটনাত গুৱাহাটীৰ কাৰভৱনৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ আয়ুক্ত বিভাগে ইনপুট টেক্স ক্ৰেডিট (আই টি চি) জালিয়াতিৰে লাভ কৰি ভুৱা চালানৰ জৰিয়তে চৰকাৰৰ ব্যাপক ৰাজহ ক্ষতি কৰাৰ অভিযোগত ৩৯ বছৰীয়া বৰুণ গোৱেল নামৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ২০২৫ চনত বৰুণ গোৱালৰ মালিকানাধীন ব্যৱসায়িক মেছাৰ্ছ শিৱ ট্ৰেডাৰ্ছৰ চৌহদত কৰ বিভাগে চলোৱা তালাচী আৰু জব্দ অভিযানৰ পিছত।

২০২৫ চনৰ ৯ জুন তাৰিখে কৰা পৰিদৰ্শনত আইটিচি ব্যৱস্থাৰ অপব্যৱহাৰৰ দিশত যথেষ্ট প্ৰমাণ পোৱা গৈছে। ৯.৯০ কোটি টকা। অভিযুক্তই ভুলকৈ আইটিচিৰ সুবিধা লৈ ভুৱা আৰু ভুৱা চালান ব্যৱহাৰ কৰি অন্য সত্তালৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত চৰকাৰক প্ৰতাৰণা কৰা হৈছে।অন্বেষণৰ সময়ত গোৱালে প্ৰৱঞ্চনামূলক কাম-কাজত জড়িত থকাৰ কথা স্বীকাৰ কৰি উদ্দেশ্য অবৈধ আৰ্থিক সুবিধা লাভ কৰা বুলি উল্লেখ কৰা বুলি জানিব পৰা গৈছে। ফলত কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আগবাঢ়িল।

গ্ৰেপ্তাৰৰ পিছত গোৱেলক চিকিৎসা পৰীক্ষা কৰোৱা হয় আৰু পিছত তেওঁক গুৱাহাটীৰ কামৰূপ(এম)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয়। শুনানিৰ পিছত ন্যায়াধীশে অপৰাধৰ গুৰুত্ব আৰু উপলব্ধ প্ৰমাণ বিবেচনা কৰি অভিযুক্তক ২০২৫ চনৰ ২৩ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ আঁৰত আছে নেকি কোনো নেপথ্য কাহিনী ! bhupen bora

ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ আঁৰত আছে নেকি কোনো নেপথ্য কাহিনী ! bhupen bora

১০ জুন,২০২৫ঃ অসম প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিলৈ গমন কৰিব বুলি বিগত কিছুদিন ধৰি বেছ চৰ্চা চলি আহিছে। গৈৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাঘজৰী গ্ৰহণ কৰাৰ সময়তে চলি থকা এনে জল্পনা কল্পনাই কংগ্ৰেছ-বিজেপি উভয় দলৰেই ভিতৰ চৰাত মৃদুকৈ হলেও ক্ঁপনি নোতোলাকৈ থকা নাই। এনে সময়তে ভূপেন বৰাই স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজৰ প্ৰতি তেওঁ দায়বব্ধ। সেয়ে তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা গুজৱৰ কোনো অৰ্থ নাই বুলি ভূপেন বৰাই স্পষ্ট কৰি দিলে।

কিন্তু ভূপেন বৰাৰ এনে স্পষ্টীকৰণৰ মাজতে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ভূপেন বৰাই বিজেপিলৈ গমন কৰাৰ বাবে গেৰুৱা শিবিৰৰ ওচৰত একাধিক চৰ্ত দিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে বিজেপিলৈ আহিলে ভূপেন বৰাই ৰঙানদী সমষ্টিৰ পৰা ২০২৬ৰ নিৰ্বাচনৰ টিকট প্ৰদানৰ প্ৰস্তাৱ দিছিল। সূত্ৰটোৰ মতে কেৱল সেয়াই নহয়, ৰঙানদী সমষ্টিৰ পৰা বিজয়ী হৈ অহাৰ পিছত তেওঁক কেবিনেট মন্ত্ৰীৰ পদ লাগিব বুলিও প্ৰস্তাৱ দিয়া হৈছিল। সূত্ৰটোৰ মতে ভূপেন বৰাৰ তেনে প্ৰস্তাৱৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা গেৰুৱা বাহিনীৰ কোনো শীৰ্ষ নেতাই সেউজ সংকেত নিদিয়াত ভূপেন বৰা থমকিবলগীয়া হয়। সেয়ে আপোন ঘৰেই ভাল বুলি ভাবি ভূপেন বৰাই এইবাৰ কংগ্ৰেছৰ বাবেও কেইটামান চৰ্ত দিয়া বুলি সূত্ৰটোৱে দাবী কৰিছে। বিশেষ সূত্ৰটোৱে সদৰী কৰা অনুসৰি কংগ্ৰেছৰ সন্মুখত ভূপেন বৰাই দিয়া প্ৰথম চৰ্তটো হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে তেওঁক বিৰোধী দলপতিৰ দায়িত্ব অৰ্পন কৰিব লাগিব। সূত্ৰটোৰ মতে ভূপেন বৰাই গৌৰৱ গগৈক দিয়া দ্বিতীয়টো চৰ্ত হৈছে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে তেওঁক মুখ্যমন্ত্ৰীৰ পদটো দিব লাগিব।


সূত্ৰটোৰ মতে গৌৰৱ গগৈৰ প্ৰধান লক্ষ্য ২০২৬ৰ বিধানসভা নিৰ্বাচন নহয়, তেওঁৰ লক্ষ্য হৈছে ২০৩১ ৰ বিধানসভা নিৰ্বাচনহে। গৌৰৱ গগৈয়ে ২০৩১ৰ বিধানসভা নিৰ্বাচনৰ জড়িয়তেহে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে পূৰা মাত্ৰাই সাজু হব পাৰিব বুলি ধৰি লোৱাৰ কথাও সূত্ৰটোৱে কয়। সূত্ৰটোৰ মতে সেয়ে গৌৰৱ গগৈয়ে সেয়ে ভূপেন বৰাৰ দুয়োটা চৰ্তই লগে লগে মানি লোৱা বাবেই বৰাই কংগ্ৰেছতে থাকি যোৱাৰ সিদ্ধান্ত লৈছে। যদি সূত্ৰটোৱে দাবী কৰা কথা এশ শতাংশই সঁচা হয় তেন্তে ভূপেন বৰাই বিজেপি গমন নকৰাৰ এয়াই নেপথ্য কাহিনী বুলি বহুতে এতিয়া চৰ্চা কৰা পৰিলক্ষিত হৈছে। ৰাজনীতিত চৰ্ত আৰোপ কোনো নতুন বা অন্যায় কথা নহয় বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে। ভূপেন বৰাৰ ক্ষেত্ৰতো তেনে কথাই প্ৰযোজ্য হোৱা বুলি বহুতে আলোচনা কৰা দেখা গৈছে। অৱশ্যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কিছু সময় আছে। সেয়ে এই সময়ছোৱাৰ ভিতৰতে ক’ৰ পানী ক’লৈ যায়, কাৰ পুখুৰীৰ মাছ গৈ কাৰ পুখুৰীত সোমায় সেয়া সময়তহে লক্ষ্যণীয় হ’ব বুলি ৰাজনৈতিকভাবে সচেতন মহলে প্ৰকাশ কৰিছে।

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

১১ জুন:Raja Raghuvanshi Murder Case
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত মুখ্য অভিযুক্ত হিচাপে চিনাক্ত হোৱা সোনম ৰঘুবংশীক মঙলবাৰে নিশা শ্বিলঙলৈ অনা হয়। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে তৎক্ষণাৎ গণেশ দাস হাস্পতালত চিকিৎসা পৰীক্ষা কৰা হয়। এই পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট নেগেটিভ পোৱা গৈছে।

আৰম্ভণিতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোনম গৰ্ভৱতী হ’ব পাৰে, কিন্তু চিকিৎসা প্ৰতিবেদনে নিশ্চিত কৰে যে সোনম অন্তঃসত্ত্বা নহয়। সম্প্ৰতি সোনমক আৰক্ষীৰ গেষ্ট হাউচত ৰাখি তদন্ত চলাই থকা হৈছে।

আনহাতে, বুধবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত কৰা হয় হত্যাকাণ্ডৰ সৈতে জড়িত আন ৪ অভিযুক্ত— ৰাজ কুছৱাহা, বিকি ওৰফে বিশাল ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতক। ইন্দোৰৰ পৰা দিল্লী, তাৰপিছত গুৱাহাটী আৰু গুৱাহাটীৰ পৰা সোধপুচৰ বাবে শ্বিলঙলৈ লৈ যোৱা হয় তেওঁলোকক।

শ্বিলঙত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছত দিনৰ ১২ বজাত আদালতত হাজিৰ কৰা হ’ব। মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি, চেৰাপুঞ্জীত হত্যাকাণ্ড সংঘটিত হোৱা স্থানত ‘ক্ৰাইম চীন ৰিক্ৰিয়েচন’ কৰা হ’ব, যাতে তদন্তৰ দিশ অধিক স্পষ্ট হয়।

উল্লেখযোগ্য যে, ৭ জুন ‘অপাৰেচন হনিমুন’ৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল মেঘালয় আৰক্ষীয়ে। তাৰ লগে লগে ৮ জুনত মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছিল ২০জনীয়া এটা বিশেষ দল।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজা ৰঘুবংশীক হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাই মিলি। মেঘালয়, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰা হৈছে অভিযুক্তক।

তদন্ত অব্যাহত — আগন্তুক দিনত বহু গুৰুত্বপূর্ণ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা।

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR

১০ জুন,২০২৫ঃ BTR (Bodoland Territorial Region) নিৰ্বাচনক বিজেপিয়ে অত্যাধিক গুৰুত্ব সহকাৰে লৈছে। যোগদান কাৰ্যসূচীসমূহৰ জড়িয়তে বিটিআৰখনত দলটো অধিক শক্তিশালী হৈ উঠিছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

BTC নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং সমষ্টিত BPF (Bodoland People’s Front) দলত দেখা গৈছে গুৰুত্বপূর্ণ খহনীয়া। আজি শুক্লাই চেৰফাং মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ যোগদান সভা, য’ত বৃহৎ সংখ্যক যুৱ নেতা BJPত যোগদান কৰে।

এই সভাত শুক্লাই চেৰফাং যুৱ BPFৰ সম্পাদক ডেৰহাচা বড়োৰ লগতে কেইবাগৰাকী যুৱ নেতাই BJP দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, উপ-সভাপতি ৰান্ধোৱা বড়ো, জিনা বড়ো, বিটিআৰৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী আদি লগতে কেইবাগৰাকী দলীয় নেতা।

সভাত দলীয় নেতৃত্বই বুথ পৰ্যায়ৰ তিনিজনীয়া সমিতিৰ সৈতে বৰ্তমান সাংগঠনিক পৰিস্থিতি সম্পৰ্কে মত-বিনিময় কৰে। দলটোৰ লক্ষ্য আগন্তুক নিৰ্বাচনত বিটিআৰখনত অধিক আসন লাভ কৰাৰ লগতে শক্তিশালী সংগঠন গঢ়ি তোলা বুলি নেতৃত্বই উল্লেখ কৰে।

বিশেষ বিধানসভা অধিৱেশন: মুখামুখি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা – “বাঘে-ছাগে একেলগে” চৰ্চা তীব্ৰ । Assambley

বিশেষ বিধানসভা অধিৱেশন: মুখামুখি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা – "বাঘে-ছাগে একেলগে" চৰ্চা তীব্ৰ । Assambley

৯ জুন ২০২৫: assambley । সোমবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিৱেশন, য’ত লোকসভাৰ কেইবাগৰাকীও সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। এই অধিৱেশনখন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰ নামকৰণৰ সিদ্ধান্তক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয়।

বিশেষকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে লোকসভাৰ বিৰোধী উপ-দলনেতা তথা সদ্য নিযুক্ত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ উপস্থিতি। গৌৰৱ গগৈক দেখা যায় বিধানসভাৰ অধ্যক্ষৰ অতিথি গেলাৰীত, য’ত তেওঁ কিছু সময় কাৰ্যাৱলী পৰ্যবেক্ষণ কৰি কংগ্ৰেছ বিধায়কৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। তেওঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো সাক্ষাৎ কৰে।

উল্লেখযোগ্যভাৱে, এই অধিৱেশনতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছিল, আৰু এই পটভূমিতেই দুয়ো নেতাৰ “মুখামুখি” উপস্থিতিৰে বিধানসভা প্ৰাঙ্গণত “বাঘে-ছাগে একেলগে” বুলি চৰ্চা তীব্ৰ হয়।

গৌৰৱ গগৈয়ে সংবাদমেলত কয়, “আজিৰ দিনটোত আমি অসমবাসীৰ গৌৰৱ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণক সমৰ্থন জনাবলৈ আহিছো। এই সিদ্ধান্তক আমি সকলোৱে উষ্ম অভিবাদন জনাইছো। আশা কৰো, চৰকাৰে এতিয়াৰে পৰা বিমান যোগাযোগো অধিক উন্নত কৰাৰ দিশত গুৰুত্ব দিব।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱ গগৈৰ উপস্থিতিৰ ওপৰত মন্তব্য কৰি কয়, “গৌৰৱ গগৈ গেলাৰীত আহিছে ঠিকেই, কিন্তু কংগ্ৰেছে যিমানেই চেষ্টা কৰক, অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে।”

ঐতিহাসিক শিৱসাগৰত উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ।Dilip Saikia

১০ জুন,২০২৫: Dilip Saikia । শিৱসাগৰ জিলাৰ বৰ্তমান জিলা সমিতিৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা শিৱসাগৰ নগৰৰ ঐতিহাসিক কে.পি.এম. হলত পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰিবলৈ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া শিৱসাগৰলৈ উপস্থিত হয়।

সভাৰ আৰম্ভণিৰ পূৰ্বে দিলীপ শইকীয়া শিৱসাগৰ জিলাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সৈতে ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পৰা কালি প্ৰসাদ মেম’ৰিয়েল হললৈ এক বিশাল পদব্ৰজে সমদল কৰে। অঞ্চলটোত উৎসাহব্যাঞ্জক পৰিৱেশৰ মাজত এই সমদল অনুষ্ঠিত হয় আৰু ইয়াত দলৰ বহু নেতা, কৰ্মী তথা সমৰ্থকে অংশগ্রহণ কৰে।

এই কাৰ্যসূচীখনৰ জৰিয়তে বিজেপিয়ে জিলাখনত দলীয় কাঠামো আৰু সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ দিশে আগবাঢ়িবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সভাত ৰাজ্যিক সভাপতিয়ে সংগঠনৰ ভৱিষ্যৎ পৰিকল্পনা আৰু দলীয় কৰ্মসূচীৰ বিষয়ে মূল্যবান দিশ-নিৰ্ব্দেশ প্ৰদান কৰে।

আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong

আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong
আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong

✍️ পশ্চিম কাৰ্বি আংলং, জুন ১০:karbi anglong
অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চল কান্দুলী-লাংহেমপিস্থিত বন বিভাগৰ পৰিদৰ্শন বাংলোত চ’ছেং আমৰেং সীমান্ত উন্নয়ন সমিতি আৰু **কাৰ্বি চাত্ৰ সংস্থা (KSA)**ৰ যৌথ উদ্যোগত এক গুৰুত্বপূৰ্ণ শান্তি সমন্বয় সভা অনুষ্ঠিত হয়।

সীমান্ত উন্নয়ন আৰু বিশ্বাস স্থাপনৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে ৪২টা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া, স্থানীয় সমাজসেৱকসকলৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰাক্তন সীমান্ত উন্নয়ন ব’ৰ্ডৰ অধক্ষ্য আগষ্টিন হানচে, যিয়ে সভাটো পৰিচালনা কৰে।

সভাত চাৰিটা মূল বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়:

  1. সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধ – স্থানীয় ৰাইজে তেওঁলোকৰ ভূমি বাহিৰৰ লোকক বিক্ৰী বা বন্ধক দিব নোৱাৰিব। যদি দিব, তেন্তে ₹৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
  2. অসম-মেঘালয় সীমা বিবাদৰ সমাধান – ১৯৫১-৫২ চনৰ Survey of India‘ৰ ডিমাৰ্কেচনৰ আধাৰত সীমা সলনি হ’ব লাগে বুলি মত প্ৰকাশ কৰা হয়।
  3. ভূমি খাজনা জমা – কাৰ্বি আংলঙত বসবাস কৰা সকলো সীমান্তবাসীয়ে নিজৰ ভূমিৰ খাজনা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৰাজহ বিভাগত দিব লাগিব বুলি সিদ্ধান্ত লোৱা হয়।
  4. ডুৱেল ভোটাৰ নামভৰ্তি বাতিল – সীমান্ত অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ ভোটাৰ নামত দ্বৈত নামভৰ্তি থকা অনুচিত। যি ৰাজ্য বা জিলাত বাস কৰে, সেই অঞ্চলৰ ভোটাৰ হিচাপে নামভৰ্তি হ’ব লাগিব বুলি সভাত পৰামৰ্শ দিয়া হয়।

উল্লেখযোগ্য যে, উপস্থিত ৪২টা গাঁওৰ সকলো গাঁওবুঢ়াই এই সিদ্ধান্তসমূহত পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে। সভাৰ জৰিয়তে সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি, সামাজিক স্থিতি আৰু ভূমি-আইনি ব্যৱস্থাত একতা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হয়।

এই সভাখন অসম-মেঘালয় সীমান্তত পুনঃ সংঘৰ্ষৰ সম্ভাৱনাক হ্ৰাস কৰি উন্নয়নমূলক সহাবস্থাৰ পথ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সকলে।

গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ’লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest

গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ'লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest
গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ'লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest

১০ জুন ২০২৫ :- protest । ২০১১ চনত তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি অন্য কেইবাটাও সংগঠনৰ নেতাৰ নেতৃত্বত লখিমপুৰৰ-ধেমাজিত চলিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গণ আন্দোলন।লখিমপুৰ জিলাৰ বগীনদীৰ ঘাগৰ তিনিআলিত সেই বছৰৰ ১৬ জুনৰ দিনা পথ অৱৰোধেৰে জংগী প্ৰতিবাদ হৈছিল নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন,এই,পি,ছি’ৰ বিৰুদ্ধে।সেইদিনাই আকৌ ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ ঘৰৰ পৰা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া দুয়ো শাহু-বোৱাৰী লগ হৈ ফুৰিবলৈ গৈছিল লখিমপুৰলৈ আত্মীয়ৰ ঘৰলৈ।তেওঁলোক যোৱা বছখনো গৈ ঘাগৰৰ প্ৰতিবাদস্থলীৰ ওচৰত পথত আবদ্ধ হৈ পৰিছিল পথ অৱৰোধেৰে কৰা বিভিন্ন সংগঠনে অব্যাহত ৰখা আন্দোলনৰ বাবে।গাঁৱৰ হুজা মানুহ দুগৰাকীয়ে পথত ধেৰ মানুহ দেখি কি হৈছেনো গম লবলৈ বুলি গাড়ীৰ পৰা নামি গৈছিল চাবলৈ।দুয়ো শাহু-বোৱাৰীয়ে কি ঘটিছে গম লোৱাৰ আগতেই ঠিক সেই সময়তেই আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্চ কৰিছিল।

লাঠি চাৰ্চ,কন্দুৱা গেছ প্ৰয়োগৰ ফলত বহু লোক ছত্ৰভংগ দি পলাল যদিও প্ৰতিবাদস্থলীৰ সমীপত পোৱা তেতিয়াৰ কৃষক নেতা অখিল গগৈকে ধৰি বহু সংখ্যক লোকক আৰক্ষীয়ে আটক কৰি নিছিল। লখিমপুৰ সদৰ থানালৈ আৰক্ষীয়ে আটক কৰি লৈ যোৱা সেই আন্দোলন কাৰী সকলৰ মাজত গাড়ীৰ পৰা নামি কি হৈছে চাবলৈ যোৱা শাহু-বোৱাৰীকো লৈ গৈছিল তেতিয়াৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আৰক্ষীয়ে আন্দোলনকাৰী সজাই। তেতিয়াই সংবাদ মাধ্যমক জনোৱা মতে-তেওঁলোক দুয়োগৰাকীয়ে নদীবান্ধ আন্দোলনৰ লগত জড়িত নহয় বুলি অনেক কাকুটি-মিনতি কৰিছিল যদিও আৰক্ষীয়ে এৰি নিদিলে।

লৈ গ’ল আটক কৰি লখিমপুৰ সদৰ থানালৈ।আৰু লখিমপুৰ সদৰ থানাৰ লকাপত এৰাতি ৰাখি পিছদিনা মহিলা দুগৰাকীৰ সৈতে অখিল গগৈসহ সকলো আন্দোলনকাৰীক প্ৰেৰণ কৰিছিল লখিমপুৰ জিলা কাৰাগাৰলৈ। এই ঘটনাৰ পিছত লখিমপুৰ জিলা আদালতত চলি থকা গোচৰত অভিযুক্ত হৈ অখিল গগৈয়ে ৭ মাহ কাৰাবাস খাতিব লগাৰ বিপৰীতে ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াই ৩ মাহ জেলৰ ভাত খাব লগা মিছাতেই পাকত পৰি।
কৃষক মুক্তি সংগ্ৰাম সমিতি কি ? এই নদীবান্ধ আন্দোলন কিয় কৰা হৈছে ? কোনে কোনে আন্দোলন কৰিছে ? একোৱে বুজি নোপোৱাহুজা গাঁৱলীয়া মহিলা দুগৰাকী সেইদিনা টালি-টোপোলা লৈ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ ঘাগৰত গাড়ীৰ পৰা নামি আন্বাদোলন চাওঁতেই হৈ পৰিল নদীবান্ধ আন্দোলনৰ নেত্ৰী !

মিছাতেই ৩ মাহ কাৰাবাস খাটি অৱশেষত জামিন পালে যদিও আজি ১৪ টা বছৰে মাহৰ পিছত মাহ, তাৰিখৰ পিছত তাৰিখ ঢকুৱাখনাৰ কাঠগাঁৱৰ ঘৰৰ পৰা ৯০ কি:মি: দূৰত্বৰ লখিমপুৰ জিলা আদালতলৈ অহা-যোৱা কৰি টকা-পইচা খৰছ কৰি একেবাৰে জুৰুলা,নিৰুপায় হৈ পৰিছে জীৱনৰ বিয়লি বেলাত উপনীত হোৱা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া আইতা।


উল্লেখ্য যে ৮৭ বছৰীয়া লাহেশ্বৰী চুতীয়া বিশেষ
ভাৱে সক্ষম হোৱাৰ লগতে বৰ্তমান স্তনৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ আছে;লাঁখুটিৰ সহায়ত কোনোমতে ঘৰৰ বাহিৰ ভিতৰ কৰিব পাৰে। চকুৰেও কম দেখে,কানেৰে নুশুনে ভালদৰে।
এনে এগৰাকী বৃদ্ধা মহিলাই এতিয়া মাহে মাহে আদলতত হাজিৰ হবলৈ যায় কি দৰে ?
পৰিয়ালৰ লোকে জনোৱমতে আদালতৰ যোৱা কেইবাটাও তাৰিখ মিছ হৈছে লাহেশ্বৰী আইতাৰ।
যাৰ বাবে ঘিলামৰা থানাৰ পুলি আহি পুনৰ কৰ্টত হাজিৰ হ’বলৈ নিৰ্দেশ দি গৈছে।এই নদীবান্ধ আন্দোলনৰ জড়িয়তেই ৰাজনৈতিক জীৱনৰ সফল আৰম্ভণি ঘটাই নদীবান্ধ আন্দোলনকাৰী
অখিল গগৈ বিধায়ক হ’ল ডাঃ ৰণোজ পেগু মন্ত্ৰী হ’ল,আৰু বহু আন্দোলনকাৰী আজি অসমৰ প্ৰভাৱশালী নেতা হ’ল।কিন্তু আজিলৈ এই দুগৰাকী আইতাৰ এটা খবৰ লবলৈ কাৰো আহৰি নহ’ল !
নদীবান্ধনো কি ? আৰু নদীবান্ধ আন্দোলনটোনো কোনে কোনে কৰিছিল ? তাৰ একো এটাও ভূ নোপোৱা ঢকুৱাখনাৰ এই দুগৰাকী আইতাই এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়।তেওঁলোকক বাটৰ পৰা ধৰি নি মিছাতেই আৰক্ষীয়ে নদীবান্ধ আন্দোলনৰ আন্দোলনকাৰী বুলি জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰি জীৱনৰ অন্তিম দিনকেইটা শান্তিৰে কতোৱাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ প্ৰতি দুইগৰাকী আইতাই কাতৰ আহ্বান জনাইছে।

চৰকাৰী বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা! শিক্ষকক বন্দুক দেখুৱাই উঠাই নিয়ে দুৰ্বৃত্তই ! Techer

চৰকাৰী বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা! শিক্ষকক বন্দুক দেখুৱাই উঠাই নিয়ে দুৰ্বৃত্তই ! Techer

৯ জুন ২০২৫: Teacher । বিহাৰৰ বেগুচৰাৰ এখন চৰকাৰী বিদ্যালয়ত আজি পুৱা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। পাঠদানৰ মাজতে এজন শিক্ষকক বিদ্যালয়ৰ পৰা বন্দুকৰ ভয় দেখুৱাই জোৰেৰে উঠাই নিয়ে এখন দুৰ্বৃত্ত দল। স্থানীয় সূত্ৰৰ মতে, শিক্ষকজনক উঠাই নিয়াৰ উদ্দেশ্য আছিল জোৰ-জবৰদস্তি বিয়া কৰোৱা।

পূৰ্বনিযোজিতভাৱে বিদ্যালয়খনত সোমায় দুৰ্বৃত্তসকল। তেখেতে বন্দুক লৈ সিধা শিক্ষকজনৰ কাষলৈ গৈ ভয় দেখুৱাই বিদ্যালয়ৰ পৰা বাহিৰলৈ লৈ যায়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষিকাসকলৰ মাজত আতংক সৃষ্টি হয়।

স্থানীয় আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সংবাদমাধ্যমে জনোৱা অনুসৰি, শিক্ষকজনৰ সৈতে কোনো যুৱতীৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু তাৰপিছতেই জোৰেৰে বিয়া কৰোৱাৰ উদ্দেশ্যৰে এই অপহৰণৰ ঘটনা ঘটে।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বিদ্যালয় আৰু শিক্ষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

অপহৃত শিক্ষকজনৰ সন্ধান লাভৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু সন্দেহজনক ব্যক্তিসকলৰ ওপৰত নজৰ ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য !