Home Blog Page 231

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

Brahmaputra । চীনৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন ডলাৰৰ এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ খবৰে ভাৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশত জলবিজ্ঞানী, পৰিৱেশবিদ আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বহুতে আশংকা কৰিছে যে ভূ-ৰাজনৈতিক উত্তেজনাৰ সময়ত পানীৰ প্ৰবাহ সলনি হোৱাৰ সম্ভাৱনাই অঞ্চলটোৰ বাবে বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

তথাপিও, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক নিৰাশ্বাসজনক বক্তব্য প্ৰদান কৰি কয়, “মই তৎক্ষণাত চিন্তিত নহয়, কাৰণ ব্ৰহ্মপুত্ৰ এখন প্ৰবল নদী আৰু ই একক উৎসৰ ওপৰত নিৰ্ভৰশীল নহয়।” গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে তেওঁ কয় যে এই প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত এতিয়াও স্পষ্টতা নাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী অৰুণাচল, ভূটান আৰু স্থানীয় বৰষুণৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে।

উল্লেখযোগ্য যে, এই প্ৰকল্পত চীনে তিব্বতৰ নিয়িংচি চহৰত পাঁচটা কেছকেড জলবিদ্যুৎ কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে, যাৰ মাধ্যমে বছৰি ৩০০ বিলিয়ন কিলোৱাট/ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদনৰ লক্ষ্য ৰখা হৈছে। এই প্ৰকল্পটো ভূ-ভৌগোলিকভাৱে অতি সংবেদনশীল অঞ্চলত স্থাপন হ’ব, যিখন অঞ্চল ভূমিকম্প আৰু অধিক বৰষুণৰ বাবে জনাজাত।

চীনৰ এই প্ৰচেষ্টাক লৈ যিমানেই উদ্বেগ থাকক, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে বান্ধসমূহৰ প্ৰভাৱ সন্দৰ্ভত বিজ্ঞানীমহলতো বিভক্ত। “যদি সোঁত বিঘ্নিত হয়, তেন্তে পানী কম হ’ব পাৰে আৰু জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হ’ব পাৰে। কিন্তু আন দিশত ই বানৰ সংকট হ্ৰাস কৰাৰ সুবিধাও আনিব পাৰে,” তেওঁ মন্তব্য কৰে।

ভাৰত-চীনৰ মধ্যত এই ইস্যুটোৰ সমাধানৰ বাবে ২০০৬ চনত গঠিত ‘এক্সপাৰ্ট লেভেল মেকানিজম’ (ELM) নামৰ এক বিশেষজ্ঞ পৰ্যায়ৰ আলোচনা মঞ্চ চলি আছে। এই মঞ্চৰ জৰিয়তে দুই দেশৰ মাজত জলবিজ্ঞান সংক্রান্ত তথ্য ভাগ-বতৰা কৰা হয়। ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত হোৱা বৈঠকতো এই ইস্যুটোৰ ওপৰত আলোচনা হৈছিল।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মই নিশ্চিত যে কেন্দ্ৰ চৰকাৰে চীনৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বা শীঘ্ৰেই আলোচনা কৰিব। তেওঁলোকে উন্নত বিচাৰ আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।”

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত, মনৰ অনুভৱ কাৰো সৈতে নকৰে প্ৰকাশ!

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত
Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত

জ্যোতিষৰ মতে (Zodiac Signs) এজন ব্যক্তিৰ ৰাশিয়ে তেওঁৰ স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিভিন্ন ৰাশিৰ মানুহৰ স্বভাৱ বেলেগ হয়। জ্যোতিষৰ মতে কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ লোক অন্তৰ্মুখী প্ৰকৃতিৰ। ইচ্ছা কৰিলেও এইসকল লোকসকৰ মন কথা কোনেও জানিব নোৱাৰে। এই মানুহবোৰ লাজুকীয়া, স্বভাৱতে অন্তৰ্মুখী।

কৰ্কট ৰাশিঃ


কৰ্কট ৰাশিৰ আটাইতকৈ বিশেষ কথাটো হ’ল তেওঁলোকৰ আনৰ সৈতে মিলিবলৈ বহু সময় লাগে। এই লোকসকল প্ৰকৃত বন্ধুত্ব গঢ়ি তোলাৰ লগতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাত বিশ্বাস কৰে।

বৃশ্চিক ৰাশিঃ

জ্যোতিষৰ মতে বৃশ্চিক ৰাশিৰ লোকসকল স্বভাৱতে অতি ৰহস্যময়। এই লোকসকলে নিজৰ মনৰ কথা ক’বলৈ বৰ লাজ কৰে। নিজৰ মতামত নিজৰ মাজতে ৰখা এই মানুহবোৰ কোনো কথা কোৱাতকৈ সন্মুখৰ মানুহজনক নিৰীক্ষণ কৰাত বেছি পাকৈত।

মীন ৰাশিঃ

মীন ৰাশি লোকে নিজৰ পৃথিৱী সৃষ্টি কৰে য’ত তেওঁলোকে কাকো আহিবলৈ নিদিয়ে। সকলো নিজৰ দৃষ্টিকোণৰ পৰা চায় আৰু মানুহৰ লগত সহজে মিলিব নোৱাৰে। নিজৰ মাজতে সুখী হৈ থাকে। তেওঁলোকে কেতিয়াও নিজৰ অনুভৱ আনৰ লগত ভাগ-বতৰা নকৰে। এইসকল লোক স্বভাৱত অতি শান্ত।

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা
Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

মেৰাপানীৰ নেঘেৰিবিলত উপস্থিত (Shrinkhal Chaliha) বীৰ লাচিত সেনা। বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত “দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱাল” বুলি মন্তব্য শৃংখল চলিহাৰ। সন্দেহজনক লোকৰ বসতি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে, বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। ভোটৰ ৰাজনীতিৰ স্বাৰ্থত চৰকাৰে হাত সাবটি বহি থাকিলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাটো খাটাং।

উজনি অসমত সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন কৰিছে শৃংখল চলিহাই। বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত আজি উপস্থিত হৈ বীৰ লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰূদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে। সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে ২ নং নেঘেৰিবিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমান লোকৰ অৱস্থিতি লক্ষ্য কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শৃংখল চলিহাই অসমত বাংলাদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমানৰ তথা পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে। ইফালে শৃংখল চলিহাই কৰা এক গুৰুত্বপূৰ্ণ মন্তব্য অনুসৰি মিঞা মুছলমানৰ বাবেই খিলঞ্জীয়া গৰীয়া, মৰিয়া লোকসকল অস্তিত্বৰ সংকটত পৰিছে। শৃংখল চলিহাই অহা সাত দিনৰ ভিতৰত নেঘেৰিবিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়।

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!
Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

শাওণ মাহত বহু লোক (Sawan 2025) উপবাসে থাকে, উপবাসে থকাসকলৰ নিশ্চয়কৈ উপবাসৰ সময়ত কিবা এটা লঘু আৰু সোৱাদযুক্ত খাদ্য খাবলৈ মন যায়। উপবাসৰ সময়ত খাব পৰা পাতলীয়া সোৱাদযুক্ত আহাৰ সমূহৰ বিষয়ে জানো আহক।

উপবাসৰ সময়ত খাব পাৰে এবিধ বিশেষ পৰঠা। এই পৰঠা বনাবলৈ কি কি লাগে জানি লওঁ আহক-

এই সুস্বাদু পৰঠা বনাবলৈ প্ৰয়োজন হ’ব চেগু, সিজোৱা আলু, নিমখ, কেঁচা জলকীয়া, ঘিউ আৰু ধনীয়া।

এই পৰঠা প্ৰস্তুত কৰিবলৈ প্ৰথমে ৫ ঘণ্টামান চেগুখিনি পানীত তিয়াই থ’ব লাগে আৰু তাৰ পিছত চালনীৰ সহায়ত পানীখিনি নিষ্কাশন কৰিব লাগে।

এতিয়া এটা ডাঙৰ বাটিত কোমল চেগু, সিজোৱা আলু আৰু নিমখ মিহলাই ল’ব। এতিয়া এই মিশ্ৰণত ৰাজগিৰাৰ আটা মিহলাই হাতৰ সহায়ত গুড়ি কৰি ল’ব।

গুড়ি কৰা আটাগুৰিখিনি কিছু সময় একাষৰীয়াকৈ ৰাখি, ভালদৰে ফুলিলে তাৰ পৰা ঘূৰণীয়া পৰঠা বনাই কেৰাহীত ঘিউৰ সৈতে ভাজিব। উপবাসৰ সময়ত দৈৰ লগত এনে পৰঠা আপুনি উপভোগ কৰিব পাৰে।

Saiyaara: ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল ‘Saiyaraa’, ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন
Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

মোহিত সুৰীৰ ‘ছাইয়াৰা’ ছবিখনত (Saiyaara) আহান পাণ্ডে আৰু অনিত পদ্দাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনে মুকলি দিনৰ পৰাই বক্স অফিচত জোকাৰণি তুলিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ছবি ছাইয়াৰাই মাত্ৰ তিনিদিনতে ঐতিহাসিক উপাৰ্জন কৰি এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে।

২০২৫ চনৰ আটাইতকৈ চৰ্চিত আৰু চমকপ্ৰদ হিট ছবি হিচাপে পৰিগণিত হোৱা মোহিত সুৰীৰ ‘Saiyara’ ছবিখনে মুক্তিৰ দিনৰে পৰা বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ৰোমান্টিক থ্ৰিলাৰ ছবি ‘ছাইয়াৰা’ই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আহান পাণ্ডে আৰু অনিত পদ্দাৰ ৰোমান্টিক ছবিখনে প্ৰথম চাৰিদিনতে ১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এচিনেমাখন ছুপাৰহিট হোৱাৰ কেইটামান কাৰণ জানো আহক-

ছাইয়াৰা ছবিখনৰ হিট হোৱাৰ কাৰণ হৈছে পৰিচালনা। ‘আশিকি ২’ৰ পৰিচালক মোহিত সুৰীয়ে পৰিচালনা কৰিছে এই ছবিখন। ইতিমধ্যে তেওঁৰ সংগীতৰ ৰোমান্টিক চিনেমাৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছে। ‘মাৰ্ডাৰ ২’, ‘আৱাৰাপন’, ‘ৰাজ’, ‘হামাৰী আধুৰী কাহানী’ আৰু ‘এক ভিলেইন’ আদি ছবি পৰিচালনা কৰিছিল মোহিত সুৰীয়ে। গতিকে মহোতি সুৰী কোন হয়তো আপোনালোকে ভালদৰে চিনিব পাৰিছে। সেইবাবে ‘ছাইয়াৰা’ মুক্তি পোৱাৰ আগতেই এই চিনেমাখন ছুপাৰহিট হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ বাহিৰেও ছাইয়াৰাৰ গীতবোৰ অতি ৰোমাণ্টিক। ছবিখনৰ সমান্তৰালকৈ গীতসমূহেও মুক্তিৰ পূর্বে অনুৰাগীৰ মাজত প্রভাৱ পেলাইছে৷ লগতে ছবিখনৰ গীতসমূহ ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল। আনহাতে ছবিখনৰ টাইটেল গীত ‘ছাইয়াৰা’ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ছবিখনৰ সংগীতত আছে সচেত-পৰমপাৰা, মিথুন, বিশাল মিশ্ৰ, আৰু তনিষ্ক বাগচি।

Aashiqui 2 ৰ পিছত বলীউডত দেখা গৈছে এক ৰোমান্টিক কাহিনী। এনে পৰিস্থিতিত আহন পাণ্ডে আৰু অনিত পদ্দা অভিনীত এই ছবিখনৰ কাহিনীয়ে দৰ্শকে ভাল পাইছে।

আহান পাণ্ডেৰ এই ছবিখনে মুঠ সংগ্ৰহত ৯.৪০ কোটি টকা সংগ্ৰহ কৰিছে। আনহাতে ছবিখনে আগতীয়াকৈ ২১ কোটি টকা উপাৰ্জন কৰিছিল।

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?
Jagdeep Dhankhar: উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ পিছত কেনেকৈ নিৰ্বাচিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতি?

উপ ৰাষ্ট্ৰপতি পদৰ পৰা (Jagdeep Dhankhar) পদত্যাগ জগদীপ ধনখড়ৰৰ। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনড়ৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে দেশৰ ৰাজনীতিত আৰম্ভ হৈছে জল্পনা-কল্পনা। উপ-ৰাষ্ট্ৰপতি পদৰ পদত্যাগৰ পিছত তেওঁৰ কাম কোনে চোৱাচিতা কৰিব, চৰকাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব? পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব পাৰে, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল চৰকাৰে কাৰোবাক উপ-ৰাষ্ট্ৰপতি বনাব পাৰিব নে ইয়াৰ আঁৰত কিবা নীতি-নিয়ম থাকিবনে?

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা সাংবিধানিক বিশেষজ্ঞ বিৰাগ গুপ্তাই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে জগদীপ ধনড়ৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে আৰু সেয়া মানি লোৱা হৈছে। এতিয়া ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব ল’ব। পদত্যাগ, মৃত্যু বা স্বাস্থ্যজনিত কাৰণতেই হওক, পদত্যাগ কৰা ব্যক্তিকে ধৰি এনে সকলো পৰিস্থিতিৰ বাবে সংবিধানত বিধান আছে বুলিও তেওঁ কয়। এতিয়া একে নিয়ম প্ৰযোজ্য হ’ব।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ যাদৱে কয় যে মই স্পষ্টকৈ কওঁ যে তেওঁৰ পদত্যাগে কোনো ডাঙৰ সাংবিধানিক সংকটৰ সৃষ্টি নকৰে, কাৰণ সাংবিধানিক কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ ওপৰত। কিন্তু মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদ কেতিয়াও খালী হৈ থাকিব নোৱাৰে। সংবিধানত ইয়াৰ ব্যৱস্থা আছে। উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগ বা তেওঁৰ কাৰ্যকালৰ আন কোনো অভাৱনীয় পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব গ্ৰহণ কৰে।

জগদীপ ধনখড়ৰ পদত্যাগৰ পাছত সাংবিধানিক নীতি-নিয়ম অনুযায়ী নির্বাচন আয়োগে শীঘ্রে নতুন উপ-সভাপতিৰ নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰিব৷ তেতিয়ালৈকে হৰিবংশ নাৰায়ণ সিঙে ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্ব ল’ব। সংবিধানৰ ৬৬ আৰু ৬৮ নং অনুচ্ছেদৰ অধীনত এই প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ হ’ব, যাতে কোনো সাংবিধানিক সংকটৰ সৃষ্টি নহয়।

উপ-ৰাষ্ট্ৰপতি পদ খালী হ’লে নিৰ্বাচনৰ সময় আৰু নতুন উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পৰ্কে নিয়ম-নীতি থাকে। য’ত যদি উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ বাবে খালী পদৰ সৃষ্টি হয়, তেন্তে কাৰ্যকাল শেষ হোৱাৰ আগতেই নতুন নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব। যদিহে পদটো হঠাৎ খালী হয় অৰ্থাৎ মৃত্যু, পদত্যাগ, অপসাৰণ বা আন কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হয়, তেতিয়া খালী হোৱাৰ পিছত যিমান পাৰি সোনকালে নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব।

সাধাৰণতে দুমাহৰ ভিতৰত নতুন উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে। এনে পৰিস্থিতিত এতিয়া নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব। ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ পিছত এতিয়া চৰকাৰে ২০ ছেপ্টেম্বৰৰ ভিতৰত (প্ৰায় ৬০ দিন) নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগিব।

National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?

National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?
National Mango Day 2025: আজি ৰাষ্ট্ৰীয় আম দিৱসঃ আম কেনেকৈ খাব লাগে জানেনে?

গৰমৰ দিনলৈ অপেক্ষা কৰা কাৰণ যেন এটাই, (National Mango Day 2025) সেয়া হৈছে আম। যাতে আমি আমৰ দৰে ৰসাল ফলৰ সোৱাদ ল’ব পাৰো, কিন্তু আম বেছিকৈ খালে মুখত পিম্পল হ’ব পাৰে বুলি মনত এটা ভয়ো থাকে বহুতৰে।

প্ৰতি বছৰে ২২ জুলাইত ৰাষ্ট্ৰীয় আম দিৱস পালন কৰা হয়। ভাৰতত আমক ‘ফলৰ ৰজা’ বুলি কোৱা হয়। আমি আম কাটি, চুহি, মিঠা ব্যঞ্জন বনাই বহু ধৰণে খাওঁ। কিন্তু আম ভাল পোৱাৰ পিছতো খাই থাকোঁতে মানুহৰ মনত এটা ভয় থাকে যে যদিহে বেছিকৈ আম খাই তেন্তে মুখত ব্ৰণৰ সমস্যা হ’বলৈ আৰম্ভ হ’ব পাৰে।

যদি আপুনি বেছিকৈ আম খায় তেন্তে সামগ্ৰিক খাদ্যৰ গ্লাইচেমিক লোড যথেষ্ট বৃদ্ধি পায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে যকৃতে আই জি এফ-১ হৰম’ন নিৰ্গত কৰে। যিয়ে ছালত উপস্থিত চেবাচিয়াছ গ্ৰন্থিবোৰক উদ্দীপিত কৰি চেবাম উৎপন্ন কৰে।

আনহাতে গৰমত ঘাম ওলোৱাৰ বাবে ছিদ্ৰ বন্ধ হৈ যায় আৰু যদি আপোনাৰ ব্ৰণৰ সংবেদনশীল ছাল থাকে, তেন্তে এই অতিৰিক্ত চেবামে ব্ৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে। “

আমৰ বাকলিত কিছুমান ভিন্ন যৌগ থাকে, যেনে ৰেচ’ৰচিনল আৰু উৰুছিঅ’ল, যিয়ে ছালত এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

বজাৰৰ পৰা আম অনাৰ পিছত ভালদৰে ধুই তাৰ পিছত পানীত তিয়াই থৈ দিব লাগে। তাৰ পিছত বাকলি গুচাই সীমিত পৰিমাণে খাব লাগে।

এয়া এগৰাকী বিখ্যাত ডায়েটিচিয়ান তথা পুষ্টিবিদৰ মন্তব্য।

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball
অষ্টম ছাই -জুনিয়ৰ আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপৰ সফল সামৰণি । Roll Ball

গুৱাহাটী , ২১ জুলাই । Roll Ball । ১৯ ৰ পৰা ২১ জুলাই লৈ কামৰুপ মেট্ৰো জিলা ৰোল বল সংস্হাৰ উদ্যোগত দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় অষ্টম আন্তঃজিলা চাম- জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপ । আজিৰ সামৰনিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম পুলিচৰ এ আই জি পি প্ৰনৱজ্যোতি গোস্বামী জেষ্ঠ্য সাংবাদিক প্ৰনয় বৰদলৈ , কীমৰুপ ৰোল বল সন্থাৰ সভাপতি প্ৰিয়তনু বৰুৱা , অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন ।


অসম ৰোলবল সন্থাৰ সম্পাদক জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ – লৰা শাখাৰ ফাইনেলত কামৰূপে ডিব্ৰুগড়ক ১১-৯ গলত উত্তেজনাপুৰ্ন খেলত পৰাস্ত কৰে। তৃতীয় স্হান দখল কৰে – কামৰূপ মেট্ৰো ।
ছোৱালী শাখাত গুৱাহাটী য়ে কামৰূপক ১৩-৭ গলত পৰাস্ত কৰি বিজয়ী হোৱাৰ বিপৰীতে কামৰুপ মেট্ৰো তৃতীয় হয়।
শ্ৰেষ্ঠ খেলুৱৈ হয় টাচী ৰুংটা ড্ৰষথি দেৱী, ড্ৰুবি মহন্ত, সুশাংকৰ বৰা, জৈষ্নৱ শৰ্মা, কুসাগ্ৰ গগৈয়ে।

Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল

Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল
Urfi Javed: নেটিজেনে দেখিও চিনিব পৰা নাই উৰ্ফী জাভেদৰ মুখমণ্ডল

সামাজিক মাধ্যমত নিজৰ বস্ত্ৰ, (Urfi Javed) অলংকাৰ আৰু বিতৰ্কৰ বাবে ভাইৰেল হৈ থকা অভিনেত্ৰী তথা মডেল উৰ্ফী জাভেদৰ বৰ্তমান অৱস্থা দেখিলে আচৰিত হ’ব আপুনি। সামাজিক মাধ্যমত চৰ্চা হৈছে যে উৰ্ফিৰ ধুনীয়া মুখ আৰু ওঁঠজুৰি আৰু অধিক ধুনীয়া কৰিবলৈ গৈ ভয়ংকৰ ৰূপ ল’লে। লিপ ফিলাৰ কৰাৰ পিছতে উৰ্ফী জাভেদৰ গোটেই মুখ মণ্ডল ফুলি উঠি। উৰ্ফিক বৰ্তমান দেখিবলৈ আচহুৱা লাগিছে। উৰ্ফীৰ এনে অৱস্থা দেখি আচম্বিত হৈ পৰিছে তাইৰ অনুৰাগী তথা সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল।

উৰ্ফীৰ এনে চেহেৰাৰ বাবে একাংশ অনুৰাগী চিন্তাত পৰিছে, বহুতে পৰামৰ্শও দিছে লগতে কিছুমানে উৰ্ফীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ছ’চিয়েল মিডিয়াত এতিয়া উৰ্ফী জাভেদৰ এনে মুখমণ্ডলৰ ফটো ভাইৰেল হৈ পৰিছে।


মুঠতে ক’বলৈ গ’লে অধিক মাত্ৰ কোনো ক্ষেত্ৰতেই ভাল নহয় সেয়া লাগিলে খোৱা, শোৱা নাইবা সৌন্দৰ্য। অৱশ্যে উৰ্ফিৰ এনে মুখমণ্ডলৰ ৰহস্যৰ প্ৰকৃত খবৰ এতিয়াও পোহৰলৈ অহা নাই।

China Water Bomb: ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল অসমকে ধৰি উত্তৰ-পূববাসী!

China Water Bomb: ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল অসমকে ধৰি উত্তৰ-পূববাসী!
China Water Bomb: ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল অসমকে ধৰি উত্তৰ-পূববাসী!

ভয়াৱহ দিনৰ বাবে সাজু হ’বৰ হ’ল (China Water Bomb) অসমকে ধৰি উত্তৰ-পূববাসী৷ এক জলবোমাই আমাক নিমিষতে শেষ কৰিব দিব পাৰে৷ অৰুণাচলৰ নিচেই সমীপতে সেই জলবোমা স্থাপন কৰিছে চীনে৷ অৰুণাচল প্ৰদেশৰ ভাৰত সীমান্তৰ সমীপত তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন ডলাৰৰ বান্ধ নিৰ্মাণৰ কাম শনিবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে চীনে৷ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীৰ তলৰ অংশত ভূমি পূজন অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই সন্দৰ্ভত চৰকাৰী সংবাদ মাধ্যমে কয়, ‘চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙে স্থানীয়ভাৱে ইয়াৰলুং জাংবো নামেৰে জনাজাত নিয়িংচি চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ তলৰ অংশত এক ভূমি পূজন অনুষ্ঠানত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷’ ৰাজ্যিক সংবাদ সংস্থা ছিনহুয়াৰ মতে, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নিংচিৰ মেনলিং জলবিদু্যৎ কেন্দ্ৰৰ বান্ধস্থলীত এই ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশ্বৰ সৰ্ববৃহৎ আন্তঃগাঁথনি প্ৰকল্প বুলি বিবেচিত এই জলবিদু্যৎ প্ৰকল্পই নিম্ন নদীপৰীয়া দেশ ভাৰত আৰু বাংলাদেশক চিন্তিত কৰিছে ৷

প্ৰকল্পটোত পাঁচটা কেছকেড হাইড্ৰ’ পাৱাৰ ষ্টেচন প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰকল্পত পাঁচটা কেছকেড হাইড্ৰ’ পাৱাৰ ষ্টেচন অন্তৰ্ভুক্ত কৰা হ’ব, য’ত মুঠ বিনিয়োগ প্ৰায় ৰ.২ ট্ৰিলিয়ন ইউয়ান [প্ৰায় ১৬৭.৮ বিলিয়ন ডলাৰ] হ’ব বুলি অনুমান কৰা হৈছে ৷ ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি এই জল শক্তি কেন্দ্ৰটোৱে প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট ঘণ্টাৰো অধিক বিদু্যৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে – যিটো ৩০ কোটিতকৈ অধিক লোকৰ বাৰ্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে যথেষ্ট ৷ইয়াৰ জৰিয়তে মূলতঃ বাহ্যিক ব্যৱহাৰৰ বাবে বিদু্ৎ যোগান ধৰাৰ লগতে তিব্বতৰ স্থানীয় চাহিদা পূৰণ কৰা হ’ব, যাক চীনে আনুষ্ঠানিকভাৱে জিজাং বুলি কয়৷ প্ৰতিবেদনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগ আৰু চীনৰ শক্তি নিৰ্মাণ নিগমকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই প্ৰকল্পটো যোৱা বছৰৰ ডিচেম্বৰ মাহত অনুমোদিত হৈছিল৷ এই বান্ধটো হিমালয়ৰ বিশাল উপত্যকাত নিৰ্মাণ কৰা হ’ব, য’ত ব্ৰহ্মপুত্ৰ নদীখনে বিশাল বাট লৈ অৰুণাচল প্ৰদেশ আৰু তাৰ পিছত বাংলাদেশলৈ বৈ যায় ৷ পূৰ্বৰ খবৰ অনুসৰি এই প্ৰকল্পৰ আকাৰে বিশ্বৰ সৰ্ববৃহৎ বান্ধ হিচাপে গণ্য কৰা চীনৰ নিজা থ্ৰী গৰ্জ বান্ধকে ধৰি বিশ্বৰ আন যিকোনো আন্তঃগাঁথনি প্ৰকল্প বামন কৰি পেলাব৷ চীনে ২০১৫ চনত তিব্বতৰ সৰ্ববৃহৎ ৰ.প্ত বিলিয়ন মাৰ্কিন ডলাৰৰ জাম হাইড্ৰ’ পাৱাৰ ষ্টেচন চলাবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত ভাৰতত উদ্বেগ প্ৰকাশ পাইছে ৷ ভাৰতত উদ্বেগ সৃষ্টি হৈছে কাৰণ এই বান্ধটোৱে চীনক পানীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ প্ৰদান কৰাই নহয়, ইয়াৰ আকাৰ আৰু পৰিসৰে যুদ্ধৰ সময়ত সীমান্তৱৰ্তী অঞ্চল বানপানীৰ বাবে বেইজিঙক বৃহৎ পৰিমাণৰ পানী এৰি দিবলৈও সক্ষম কৰিব পাৰে ৷ একে সময়তে অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰৰ ওপৰতো ভাৰতে এটা বান্ধ নিৰ্মাণ কৰি আছে ৷

ভাৰত আৰু চীনে ২০০৬ চনত সীমা অতিক্ৰম কৰা নদীৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এ’পাৰ্ট লেভেল মেকানিজম [ELM] স্থাপন কৰিছিল, যাৰ অধীনত চীনে বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ আৰু ছতলেজ নদীৰ বিষয়ে জলবিজ্ঞানৰ তথ্য ভাৰতক প্ৰদান কৰে ৷ যোৱা বছৰৰ ১৮ ডিচেম্বৰত ভাৰত আৰু চীনৰ সীমান্ত সম্বন্ধীয় বিশেষ প্ৰতিনিধি [এছ আৰ], ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা [এন এছ এ] অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত অনুষ্ঠিত আলোচনাত সীমা অতিক্ৰম কৰা নদীৰ সৈতে জড়িত তথ্য ভাগ-বতৰা কৰাৰ বিষয়ে আলোচনা কৰা হয়৷ ব্ৰহ্মপুত্ৰ বান্ধটোৱে অভিযান্ত্ৰিক দিশত বৃহৎ প্ৰত্যাহ৩ানৰ সৃষ্টি কৰিছে কাৰণ প্ৰকল্পৰ স্থানটো টেকটনিক প্লেটৰ সীমাত অৱস্থিত য’ত সঘনাই ভূমিকম্প হয়৷ বিশ্বৰ চাল বুলি গণ্য কৰা তিব্বতৰ মালভূমি টেকটনিক প্লেটৰ ওপৰত অৱস্থিত হোৱাৰ বাবে সঘনাই ভূমিকম্পৰ সন্মুখীন হয় ৷ কিন্তু যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত ভূমিকম্প সম্বন্ধীয় উদ্বেগ দূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল, য’ত কোৱা হৈছিল যে জলবিদু্যৎ প্ৰকল্পটো নিৰাপদ আৰু পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া৷ ইয়াত কোৱা হৈছে যে বিস্তৃত ভূতাত্ত্বিক অন্বেষণ আৰু প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে প্ৰকল্পটোৰ বিজ্ঞানভিত্তিক, নিৰাপদ আৰু উচ্ছমানৰ উন্নয়নৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰা হৈছে ৷ ব্ৰহ্মপুত্ৰ তিব্বতৰ মালভূমিৰ মাজেৰে বৈ গৈ পৃথিৱীৰ আটাইতকৈ গভীৰ খাদ গঠন কৰে৷ বৰষুণৰ অন্যতম অঞ্চলত নিৰ্মাণ হ’ব এই বান্ধ৷