Home Blog Page 233

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ
Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু ঘটা মাছখোৱাৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে অনুষ্ঠিত হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ। এই কাণ্ডৰে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আত্মীয় দল সংগঠনৰ।(Bikash chetry)

বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ নিৰ্মম অত্যাচাৰত আহত হৈ অকাল মৃত্যুক আকোৱালি লোৱা ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাওঁ সমষ্টিৰ মাছখোৱা চাৰিআলিৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায়।(Bikash chetry)

উল্লেখ্য যে যোৱা-১৯ মে’ৰ সন্ধিয়া নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি নিশা প্ৰায় ১১ বজালৈকে চিন্তু শইকীয়া আৰু মিন্টু ৰাজ কামান নামৰ দুজন বন্ধুৰ লগত আছিল আৰু বহুলোকে তেওঁলোকক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই অন্য এজন বন্ধু সীমান্ত শইকীয়াক ঘৰত থবলৈ গৈছিল বিকাশ।

পিছদিনা পুৱা ৪.৩০ বজাত ৰহস্যজনকভাৱে সীমান্ত শইকীয়াৰ ঘৰৰ সন্মুখৰ পথাৰত বিকাশ ছেত্ৰীক গুৰুত্বৰভাৱে আহত অৱস্থাত বোকাত লুটৰি পটুৰি হৈ পৰি থকা পোৱা যায়।

প্ৰথমে বিকাশক বেঙেনাগড়া খণ্ড অসামৰিক চিকিৎসায়ত তাৰ পিছত ধেমাজি চিভিলত বিকাশক চিকিৎসাৰ বাবে নিয়ে সীমান্ত শইকীয়াই। কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় লৈ নিয়াৰ পৰামৰ্শ দিয়ে। বিকাশৰ আত্মীয়ই এই কথা দেৰিকৈ গম পায় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত নি ভৰ্তি কৰাই গৈ বিকাশক তাতে চিকিৎসাৰত অৱস্থাতে ২৬ মে’ত বিকাশ ছেত্ৰীৰ অকাল মৃত্যু হয়।

মাছখোৱা অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক বিকাশৰ এই অকাল মৃত্যুত ক্ষুব্দ হৈ পৰা শ শ ৰাইজে মাছখোৱা আৰক্ষী থানা ঘেৰাও কৰি,প্ৰতিবাদী সভা পাতি ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত প্ৰতিবাদ জনাই।

ৰাইজৰ এই প্ৰতিবাদৰ পিছতেই বিকাশৰ বন্ধু সীমান্ত শইকীয়া,সুনীল কোঁচ,চিন্তু শইকীয়া,মিন্টুৰাজ কামান আৰু,সীমান্তৰ
মাতৃ ৰঞ্জু শইকীয়াক এই হত্যাকাণ্ডৰ সৈতে জড়িতৰ অভগযোগত মাছখোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কিন্তু পৰিয়ালে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্তোষ্ট হ’ব পৰা নাই।চিন্তিত হৈছে পৰিয়াল আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নেকি ?

সেইয়ে আজি আদ্য শ্ৰাদ্ধৰ দিনাই বিভিন্ন ব্যক্তি,তথা দল সংগঠনে বিকাশ ছেত্ৰীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধী য়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে প্ৰশাসনক দাবী জনাই।

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা
Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

আজি পৱিত্ৰ ঈদ-উল-আজহা।(Eid-ul-Adha 2025) 

প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদৰ শুভেচ্ছা।

দেশৰ লগতে ৰাজ্যজুৰি ঈদ-উল-আজহা উদযাপন।

ঠায়ে ঠায়ে একগোট হৈ সমূহীয়াকৈ নামাজ আদায় কৰিছে।

পবিত্র ঈদ-উল-আজহাৰ আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উপলক্ষে ব্যাপক উছাহ দেখা গ’ল।

ঈদ উপলক্ষে সকলো ৰাইজ ওলাই আহি ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকল।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

তেজপুৰ হিন্দুস্থানী মচজিদৰ ইমাম চাহাব হজৰত মৌলনা মুফটি আৰু আজমল খানৰ নেতৃত্বত আজি তেজপুৰ ঈদগাহ ময়দানত সমুহিয়া নামাজৰ লগতে দুৱা আৰু ১৯০ ৮চনতে স্থাপিত হোৱাৰ পৰা ২০২৫ চনলৈকে আজিৰ দিনটোত এনেদৰে কাৰ্যভাৰ গ্ৰহন কৰি আহিছে।

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal
সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal


৬ জুন, ২০২৫: sarbananda sonowalভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডেনমাৰ্কৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী মৰ্টেন বডস্কভৰ সৈতে এখন গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত অংশ লৈ দুয়ো দেশৰ মাজত সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে। এই পদক্ষেপ ২০২৪ চনত স্বাক্ষৰিত সামুদ্ৰিক সহযোগিতা চুক্তিৰ অংশ ৰূপে ‘অমৃত কাল ভিজন ২০৪৭’ৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

বৈঠকত দুয়ো গৰাকী মন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে। ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়াম আৰু গুজৰাটৰ লোথালত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ মাজত স্বাক্ষৰিত লেটাৰ অৱ ইনটেণ্টৰ জৰিয়তে নৌ ঐতিহ্য সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নতুন দিশ উন্মোচন হয়।

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত আজি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়িছে। মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত আমি বন্দৰ পৰিকাঠামো, সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু ডিজিটেলাইজেশ্যনৰ বহু ৰূপান্তৰমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। এই ক্ষেত্ৰত ডেনমাৰ্কৰ সৈতে অংশীদাৰিত্ব আৰু বিনিয়োগৰ সুযোগ আমি উভয়ৰ বাবে লাভজনক বুলি বিশ্বাস কৰোঁ।”

এই নতুন কেন্দ্ৰই গ্ৰীণ মেৰিটাইম কৰিড’ৰৰ সম্ভাৱনা অধ্যয়ন, উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতি বিকাশ, আৰু সেৱাৰ মানোন্নয়ন আদি ক্ষেত্ৰত কাম কৰিব। ডেনমাৰ্কৰ মাৰ্স্ক মেক-কিনি ম’লাৰ শূন্য-কাৰ্বন জাহাজ পৰিবহণ কেন্দ্ৰে এই ক্ষেত্ৰত পূৰ্ব-সম্ভাৱ্যতা অধ্যয়ন চলাব।

দুয়োপক্ষই সেউজ জাহাজ, ডিকাৰ্বনাইজেচন, সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন, উদ্ভাৱনী প্ৰযুক্তি, আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ভাৰতীয় বন্দৰ সংস্থাই ডেনমাৰ্কৰ আৰ্হাছ বন্দৰৰ সৈতে সমন্বয় কৰি স্মাৰ্ট বন্দৰ সমাধান বিকাশৰ প্ৰস্তাৱ আগবঢ়ায়।

সোণোৱালে কয়, “ডিজিটেল ৰূপান্তৰ আমাৰ এক সাধাৰণ লক্ষ্য। জাহাজ পঞ্জীয়নৰ ক্ষেত্ৰত ব্লক-চেইন আৰু বন্দৰ পৰিচালনাত অটোমেচনৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখে।”

সেউজ জাহাজ পৰিবহণৰ এই যৌথ উদ্যমে বিশ্ব পৰ্য্যায়ত ভাৰত-ডেনমাৰ্ক সহযোগিতাৰ এক নতুন দিশ প্ৰদৰ্শন কৰিছে আৰু পৰিৱেশবান্ধৱ, টেকসই আৰু উদ্ভাৱনী নৌ পৰিবহণ ব্যৱস্থাৰ গঠনলৈ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

গুৱাহাটী, ৬ জুন:environment day ।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত গ্ৰীণ চেপ্টাৰ স্বেচ্ছাসেৱী সংস্থা আৰু ডনবস্ক’ বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগত এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰা হয়।

গ্ৰীণ চেপ্টাৰ—অৱসৰী বিষয়া আৰু অধ্যাপকৰ সন্মিলিত স্বেচ্ছাসেৱী সংগঠন—বিগত সময়ছোৱাত মহানগৰীৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপন আৰু ৰক্ষণাবেক্ষণৰ উদ্যোগ গ্ৰহণ কৰি আহিছে। সেই পৰম্পৰা অব্যাহত ৰাখি, আজি বিদ্যালয়খনত বিশজন ছাত্ৰ-ছাত্ৰীৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। ৰোপিত গছসমূহ গৰু-ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ আবেষ্টনীৰে ঘেৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা জগাবলৈ আয়োজন কৰা হয় আকস্মিক বক্তৃত্বা, ৰচন, আৰু ছবি অঁকা প্ৰতিযোগিতা।

বিশেষ অতিথি হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীয়ে প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। সংগঠনৰ সম্পাদিকা ড° ৰফিকা আহমেদে লগতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সামাজিক ভূমিকা আৰু দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।

গ্ৰীণ চেপ্টাৰৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ কাকতিয়ে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। অনুষ্ঠানত অধ্যাপিকা গীতি গোস্বামী, গীতাৰাণী খাটনিয়াৰ, ড° সোনতৰা কোঁৱৰ বৰুৱা, ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰি গৰাকী প্ৰৱক্তা, গ্ৰীণ চেপ্টাৰৰ বাৰ গৰাকী বিষয়ববীয়া, লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ থাকে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিযোগিতাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে গছপুলি, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানৰ সফল আয়োজন আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা জগোৱাৰ প্ৰচেষ্টাক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে। বানাৰসী শাৰী, বেগৰ মূল্য জানিলে আচৰিত হ’ব!

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।
Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।

ভাৰতীয় ৰাজনীতিৰ ফেশ্বনেবল নেতাৰ তালিকা(Mahua Moitra Wedding) এখন বনালে মহুৱা মৈত্ৰই শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিব। বাঙালী সাংসদগৰাকীয়ে ছানগ্লাছ, কান্ধলৈকে পৰা চুলি, নতুন হেণ্ডলুমৰ শাৰী, আনকি সংসদ ভৱনত প্ৰৱেশ কৰাৰ সময়ত লৈ ফুৰা হেণ্ডবেগটোও ফেশ্বনেবল।

বংগৰ সাংসদ মহুৱাই আন বঙালী যুৱতীৰ দৰে বিয়াত বেনাৰসী শাৰী পিন্ধিছিল। শুকুৰবাৰে মহুৱাৰ বিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত ‘ৰ’ মেংগো’ই তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত মহুৱাৰ বিয়াৰ তিনিখন ছবি পোষ্ট কৰে। লগতে শাৰীখনৰ সবিশেষ। দেখা গ’ল যে সাংসদ মহুৱাই বিয়াত বেনাৰসী শাৰী পিন্ধিছিল।

তেওঁ পৰিধান কৰা শাৰীখনৰ মূল্য ১ লাখ ৩৯ হাজাৰ ৮০০ টকা। ঐশ্বৰ্য ৰায় বচ্চনে এইবাৰ এনে এখন শাৰী পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছিল। নীতা আম্বানীয়েও পিন্ধিছিল।

আনহাতে ফেশ্বন জগতৰ মানুহে কয় যে যদি কোনো সাংসদে ডেৰ লাখ টকাৰ হেণ্ডবেগ কিনে, তেন্তে ক’ব লাগিব যে তেওঁৰ বিয়াৰ দিনটোৰ বাবে শাৰীখনত বেছি খৰচ কৰা নাছিল!

ক’ব লাগিব যে এবছৰৰ আগতে লুই ভিটনৰ বেগ এটা লৈছিল সাংসদগৰাকীয়ে। বেগটোৰ দাম ১ লাখ ৬০ হাজাৰ টকা।সেই সময়ত সাংসদগৰাকীৰ বেগটোক লৈ সামাজিক মাধ্যমত চৰ্চা হৈছিল।

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?
Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

নম্রতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ আহিছে।(Namrata Bora)

৫ বন্ধু-ৱান্ধৱীয়ে শ্বিলঙলৈ যোৱা দৃশ্য নম্ৰতাই ৰেকৰ্ড কৰিছিল নিজৰ মোবাইলত।

সেই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল নম্ৰতাই।

ভিডিঅ’ দেখিবলৈ পোৱা গৈছে উচ্চস্বৰত গাড়ীৰ মিউজিক, কিৰিলি পাৰি যাত্ৰা কৰিছিল মেঘালয়লৈ বন্ধু-বান্ধৱীৰ সৈতে নম্ৰতা।

নম্ৰতাৰ মৃত্যুৰ পূৰ্বে শ্বিলঙলৈ যোৱা দৃশ্য পোহৰলৈ আহিছে এতিয়া।

নিশা প্রজ্ঞা-মৃগাংকই মেঘালয় যাবলৈ লগ লগ ধৰিছিল নম্রতা বৰাক।

বিধায়ক পুত্র আন্নায়াতুল আৰু গায়ত্ৰী বৰাৰে পাৰ্টি কৰিছিল প্ৰজ্ঞা-মৃগাংকই।

নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব যোৱা নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত৷

এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক হাস্পতাললৈ যাঁও বুলি কৈছিল নম্ৰতাই?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ? আপুনি জানে আম্বানী, আদানীৰ কথা; বাকী তিনিজন কোন?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?
5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?

যেতিয়া ভাৰতৰ উদ্যোগপতি বা দেশৰ ধনী মানুহৰ বিষয়ে( 5 richest people in India) আলোচনা হয়, তেতিয়া দুটা নাম আহি পৰে। এই নাম দুটা হৈছে মুকেশ আম্বানী আৰু গৌতম আদানী। আম্বানী ‘ৰিলায়েন্স গ্ৰুপ’ৰ মালিক, আনহাতে গৌতম আদানীয়ে ‘আদানি গ্ৰুপ’ পৰিচালনা কৰে। এইদুজনৰ বাহিৰে দেশৰ বাকী তিনি ধনী ব্যক্তিক মানুহে চিনি নাপায়। ভাৰতৰ ৫ জন ধনী ব্যক্তিৰ বিষয়ে আহক জানো-

মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ত তেওঁ বিশ্বৰ ১১ নং ধনী ব্যক্তি। আম্বানীৰ সম্পত্তিৰ মূল্য ১২৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত তেওঁক বিশ্বৰ ২০ নং ধনী ব্যক্তি হিচাপে স্থান দিয়া হৈছে। তেওঁৰ মুঠ সম্পত্তি ৮৩.৪ বিলিয়ন মাৰ্কিন ডলাৰ।

সাবিত্ৰী জিন্দাল এণ্ড ফেমিলি ভাৰতৰ তৃতীয় ধনী পৰিয়াল। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত জিন্দলক বিশ্বৰ ৩১ সংখ্যক ধনী ব্যক্তিত্ব হিচাপে স্থান দিয়া হৈছে। জে এছ ডব্লিউ গ্ৰুপৰ স্বত্বাধিকাৰী সাবিত্ৰী জিন্দলৰ মালিকানাধীন ৪০.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থানত আছে শিৱ নাদাৰ। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত শিৱ নাদাৰক বিশ্বৰ ৪৯ নম্বৰ স্থানত আছে। এইচ চি এল টেকন’লজিছৰ স্বত্বাধিকাৰী শিৱ নাদাৰৰ সম্পত্তিৰ পৰিমাণ ৩৫.০ বিলিয়ন মাৰ্কিন ডলাৰ।

ভাৰতৰ পঞ্চম ধনী ব্যক্তি দিলীপ সংঘবী। তেওঁ বিশ্বৰ ৭২ সংখ্যক ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ মূল্য ২৬ বিলিয়ন মাৰ্কিন ডলাৰ। তেওঁ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মালিক।

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৱে উন্মোচিত হৈছে ন ন তথ্য ! পোহৰলৈ আহিছে নতুন কাহিনী

Namrata Bora: নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুঃ দুৰ্ঘটনা নে হত্যাকাণ্ড!
Namrata Bora: নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুঃ দুৰ্ঘটনা নে হত্যাকাণ্ড!

নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ। এই ঘটনাত নাম সাঙোৰ খাইছে বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমীৰ পুত্ৰ আনায়াতুল বাডুদৰ নাম।

মেডিকেললৈ যাম বুলি হঠাৎ শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। লগত আছিল চাৰি বুন্ধ। দুজন বন্ধু আু দুগৰাকী বান্ধৱী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ।

নম্ৰতাৰ লগত শ্বিলঙলৈ যো চাৰি বন্ধু-বান্ধৱীৰ ভিতৰত এজন আচিল AIUDFৰ যুৱ নেতা আনায়াতুল বাডুদ।আনায়াতুল বাডুদ AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ। আনহাতে দুৰ্ঘটনা হোৱাৰ পিছতে আনায়াতুল বাডুদে ঘটনাস্থলীৰ পৰা পলায়ন কৰা অভিযোগ।আনায়াতুল বাডুদৰ বয়স হৈছে ৪৫ বছৰ।


ইফালে নম্ৰতাৰ পৰিয়ালৰে এয়া হত্যাকাণ্ড বুলি কৈছে, এয়া দুৰ্ঘটনা হ’বই নোৱাৰে বুলি কয়৷ আনহাতে নম্ৰতাই শ্বিলং যোৱা পূৰ্বে কোঠাৰ দুৱাৰ আৰু আইফোন এৰি গৈছিল ৰুমতে। আনহাতে নম্ৰতাই এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক কৈছিল মেডিকেলৈ যাওঁ বুলি। এই সমগ্ৰ ঘটনা ৰহস্য মেৰপাকত। কি সঁচা কি মিচা সেয়া সময়ত হ’ব লক্ষণীয়। নম্ৰতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটানাৰ ৰহস্য, এয়া দুৰ্ঘটনাত মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড। আনহাতে নম্ৰতাৰ পিতৃয়ে এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰাৰ সহায় বিচাৰিছে।

আনহাতে বন্ধু-বান্ধৱীৰ সৈতে শ্বিলং ভ্ৰমণৰ দৃশ্য ভাইৰেল নম্ৰতা বৰাৰ। সামাজিক মাধ্যমত চৰ্চিত বিশেষ ভিডিঅ’টো। হাঁহি-ধেমালিৰে প্ৰত্যক্ষ কৰা গৈছে সকলোকে।


Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।
Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব। দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব জম্মু-কাশ্মীৰৰ চেনাব দলং।

চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত এই দলংখনৰ উচ্চতা পেৰিছৰ আইফেল টাৱাৰতকৈও অধিক।

অত্যাধুনিক অভিযান্ত্ৰিকতাৰ প্ৰমাণ হিচাপে প্ৰায় ৪৩,৭৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰেল লিংক (USBRL) প্ৰকল্প।


ভাৰতৰ মজবুত নিৰাপত্তা বৈশিষ্ট্যৰ প্ৰমাণ স্বৰূপ এই সৰ্বোচ্চ দলংখন প্ৰথমবাৰৰ বাবে বিস্ফোৰণ প্ৰতিৰোধী তীখাৰে নিৰ্মাণ কৰা হৈছে।


উচ্চ বিপদজনক ভূমিকম্পীয় অঞ্চলত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত চেনাব ৰেলৱে দলঙে ঘণ্টাত ২৬৬ কিলোমিটাৰ পৰ্যন্ত উচ্চ প্ৰাবল্য আৰু বতাহৰ গতিবেগৰ কম্পন সহ্য কৰিব পাৰে।

RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ

RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ
RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক্সন কৰ্ণাটক চৰকাৰৰ।

RCBৰ শীৰ্ষ বিষয়াসহ মুঠ ৪ গৰাকীক গ্ৰেপ্তাৰ।(RCB marketing head arrested)

RCB দলৰ মার্কেটিং হেডক গ্ৰেপ্তাৰ।

নিখিল চৌচলেক গ্ৰেপ্তাৰ আৰক্ষীৰ।(Nikhil Sosale)

নিখিলক বাংগালুৰু বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ।

পদপিষ্টৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ নিখিল চৌচলেক।

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে গ্ৰেপ্তাৰ চাৰিওগৰাকীক।

বেংগালুৰু চহৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ এজন শীৰ্ষ বিষয়া আৰু ডি এন এ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ তিনিজনক গ্ৰেপ্তাৰ কৰে।

ডি এন এ এণ্টাৰটেইনমেণ্ট আছিল ইভেণ্ট মেনেজমেণ্ট কোম্পানী যিয়ে চহৰখনত আৰ চি বিৰ বিজয় পেৰেডৰ আয়োজন কৰিছিল য’ত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যু হয়, আনহাতে ৬৪ জন লোক আহত।

৪ জুন বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হৈছিল এই ঘটনা।