Home Blog Page 2340

কামৰূপ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে গৰৈমাৰীৰ নৱম স্থানপ্ৰাপ্ত তাবিবুল হকে

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত নৱম স্থান দখল কৰি বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে হাঁহচৰী গাঁৱৰ তাবিবুল হকে৷ তাবিবুলে অসমীয়াত ৯৫, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰিছে৷ তাবিবুল হকৰ ঘৰ অতি দুৰ্গম হাঁহচৰী গাঁৱত৷ গাঁৱত নাই কোনো উন্নতমানৰ বাট-পথ৷ যাৰ ফলত তেওঁ স্কুললৈ অহা-যোৱা কৰোতে অতি কষ্ট কৰিবলগীয়া হৈছিল৷ শিক্ষক, পিতৃ-মাতৃৰ লগতে হোষ্টেলৰ গাইডে কষ্ট নকৰিলে তেওঁ নৱম স্থান দখল কৰিব নোৱাৰিলেহেঁতেন বুলি উল্লেখ কৰি তেওঁ সম্পূৰ্ণ কৃতিত্ব শিক্ষক, পিতৃ-মাতৃৰ লগতে হোষ্টেলৰ গাইডক প্ৰদান কৰে৷ বিজ্ঞান শাখালৈ গৈ তেওঁ এগৰাকী সুদক্ষ চিকিৎসক হ’বলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰে৷ মুঠ ৫৮৯ (৯৮.১৬) নম্বৰেৰে নৱম স্থান দখল কৰা তাবিবুল হক বৰভিঠা আঞ্চলিক হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক তোফাজ্জুল হক আৰু আয়েশা খাতুনৰ পুত্ৰ৷ উল্লেখ্য যে এইবেলি কামৰূপ জিলাৰ পৰা শীৰ্ষস্থান দখল কৰা কৃতী ছাত্ৰ তবিবুল হকে শিক্ষাগ্ৰহণ কৰা গৰৈমাৰীৰ আল-আমিন ইছলামিক মডেল স্কুল কৰ্তৃপক্ষই বেণ্ডপাৰ্টী, ফটকা, আতজবাজী ফুটাই আনন্দত আত্মহাৰা হৈছে৷ বিদ্যালয় কৰ্তৃপক্ষ-অভিভাৱক-শিক্ষাৰ্থীসকলে বেণ্ডপাৰ্টীলৈ আজি নৱম স্থানপ্ৰাপ্ত তাবিবুল হকক লৈ বিদ্যালয়ৰ পৰা এখন সমদল উলিয়াই মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়লত নি তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়৷

সভাত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া, আমছুৰ গৰৈমাৰী আঞ্চলিক সমিতিৰ হৈ সভাপতি ইমৰান হক, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোধ কুমাৰ দাস, উপদেষ্টা উপম দাস, নূৰ ইছলাম উপদেষ্টা, গুৱাহাটী মহকুমা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি দেৱজিত গোস্বামী, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সোণমইনা শালৈ, সম্পাদক দ্বীপজ্যোতি দাস, পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলামৰ লগতে বিভিন্ন দল-সংগঠনৰ উপৰি বিভিন্নজন নৱম স্থানপ্ৰাপ্ত তবিবুল হকক বিপুলভাৱে সম্বৰ্ধনা জনায়৷

২০২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰৰে উজ্বলিল হাজোৰ পূৱ চেচাঁমূখস্থিত কামৰূপ জাতীয় বিদ্যালয়

ৰাজ্যত আজি ঘোষণা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা হোৱাৰ পিছতেই এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে হাজোৰ পূৱ চেচাঁমূখস্থিত কামৰূপ জাতীয় বিদ্যালয়ত।২০০৯ চনতে স্থাপিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান কামৰূপ জাতীয় বিদ্যালয়ত ২০২১-২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰ’ৰে সাফল্যৰ হাঁহি বিৰিঙি থকা দেখিবলৈ পোৱা গৈছে ।

বিদ্যালয় খনত সৰ্বমুঠ ১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।১১ গৰাকীৰ ভিতৰত ২ গৰাকীয়ে ডিষ্ট্ৰিংশ্বন মাৰ্ক,২ গৰাকীয়ে ষ্টাৰ মাৰ্ক,৫ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে বিদ্যালয়খনিৰ আশানুুৰূপ ফলাফলে ছাত্ৰ ছাত্ৰী ,শিক্ষক শিক্ষয়ত্ৰী সকলক উৎসাহিত কৰি তুলিছে।আৰু অনাগত দিনটো অধ্যায়ন,সততা,একাগ্ৰতাকে শিক্ষা জীৱনৰ মূল মাপকাঠিৰ আদৰ্শ ৰূপে লৈ শিক্ষাৰ্থী সকলে ভৱিষ্যত জীৱনত আগবাঢ়ি গলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি উল্লেখ কৰে বিদ্যালয়ৰ স্বত্বধিকাৰী ও প্ৰধান শিক্ষয়ত্ৰী জাহানাৰ ইয়াছমিনে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰ ধেমাজি জিলা আৰু সৰ্বনিম্ন চিৰাং জিলাৰ ফলাফল

বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ল।এইবাৰ মুঠ ৫৫ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ ১০টা স্থান দখল কৰিবলৈ সক্ষম হৈছে। সৰ্বোচ্চ উৰ্ত্তীণ হাৰেৰে ধেমাজি জিলা জিলিকিল ।

.বৰপেটা ৭০.০৭%
বঙাইগাঁও ৪৩.০৫%
বাক্সা ৬৬.৫৯%
চিৰাং ৩৪.২৭%
কাছাৰ ৪৩.০৩%

ধুবুৰী ৪৮.১৪%
দৰং ৬৯.০৭%
ধেমাজি ৮৫.৪৬%
ডিব্ৰুগড় ৫৩.৭৯%
গোৱালপাৰা ৪১.২০%
গোলাঘাট ৬০.২৬%
হাইলাকান্দি ৪৮.৮৯%
যোৰহাট ৬২.৯০%
কামৰূপ গ্ৰাম্য ৬৪.৯০%
কাৰ্বি আংলং ৪৯.৯২%
কৰিমগঞ্জ ৪৭.২০%
কোকৰাঝাৰ ৪৭.৪০%
লখিমপুৰ ৭৫.৬২%
মৰিগাঁও ৫৯.৬৯%
নগাঁও ৪৮.৪৫%


নলবাৰী ৭৯.১৭%
ডিমাহাচাও ৮১.৩১%
শিৱসাগৰ ৮১.১৭
শোণিতপুৰ ৪৮.৬৬%
তিনিচুকীয়া ৪৬.০৯%
ওদালগুৰি ৪৬.৫০%
কামৰূপ মেট্ৰো ৬৩.১২%
বিশ্বনাথ ৫১.৫৮%
চৰাইদেউ ৪৮.১৪%
হোজাই ৩৭.২৯%
মাজুলী ৭৭.৩৩%


দক্ষিণ শালমাৰা ৫৮.২৫%
পশ্চিম কাৰ্বি আংলং ৪২.৭১%
প্ৰথম স্থানত আছে ধেমাজি জিলা ৮৫.৪৬%
উৰ্ত্তীণ হাৰ নিম্ন হোজাই জিলা মাত্ৰ ৩৭.২৯ %

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাঙ জিলাৰ ফলাফল সৰ্বনিম্ন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা, 2022 ফলাফল

চিৰাং জিলা প্ৰদৰ্শন
মুঠ অৱৰ্তীৰ্ণ=8360
প্ৰথম বিভাগ=749


দ্বিতীয় বিভাগ=1462
তৃতীয় বিভাগ=654
মুঠ পাছ=2865
উত্তীৰ্ণৰ শতাংশ=34.27

চাপৰৰ ধীৰঘাট জাতীয় বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ

চাপৰৰ ধীৰঘাট জাতীয় বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ । বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ -ছাত্ৰীসকলে ।

ৰাজ্যত আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ পিছতে উৎসৱ মুখৰ পৰিবেশ ধীৰঘাট জাতীয় বিদ্যালয়ত। বিদ্যালয় খনৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ কৰি বিদ্যালয়খনৰ নাম উজলাই তোলে।
ছাত্ৰ-ছাত্ৰীৰ এই সাফল্যই আনন্দিত কৰে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী ,ছাত্র ছাত্ৰী তথা অভিভাৱক।


আনফালে চাপৰ ধীৰঘাটৰ বাসিন্দা ইদ্দিছ আলীৰ পুত্ৰ ৰিজৱান আহমেদে ৯১% পাবলৈ সক্ষম হৈছে।সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা ৰিজৱান আহমেদে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা কৰিছে বুলি মত ব্যক্ত কৰে।
ইয়াৰোপৰি বিদ্যালয়খনৰ আন তিনিগৰাকী ছাত্রই ৮৯,৮১ আৰু ৭৪ শতাংশ আৰু আন ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু লগতে আনন্দতে সকলো ছাত্ৰ -ছাত্ৰী মিলি পথ যাত্ৰা আৰম্ভ কৰে।

বিহালী জাতীয় বিদ্যালয়ত চিত্রাংকন প্ৰতিযোগীতা

বিহালী জাতীয় বিদ্যালয়ত চিত্রাংকন প্ৰতিযোগীতা । বৰগাঙৰ জাতীয় বিদ্যালয় ছাত্র-ছাত্রী মাজত চিত্র অংকণ প্ৰতিযোগীতা ।

বিহালী সমষ্টিৰ বৰগাঙৰ জাতীয় বিদ্যালয়ত ছাত্র -ছাত্রী সকলৰ মাজত চিত্র অংকণ প্ৰতিযোগীতা আয়োজন কৰা হয় । এই প্ৰতিযোগীতাত বিদ্যালয়খনৰ প্ৰায় ১০০ জন ছাত্র-ছাত্রী অংশগ্ৰহণ কৰে ।

ইয়াৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীই পৰিবেশৰ ওপৰত বক্তব্য ৰাখে আৰু বৃক্ষ ৰোপন কৰে । ইফালে জাতীয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রী সকলেওঁ বিদ্যালয় প্ৰাংগনত এজোপাকৈ বৃক্ষ ৰোপন কৰা দেখা যায় ।

২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ উৎফুল্লিত মেধাৱী ছাত্ৰ ইক্রামূল আলি

২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ উৎফুল্লিত।
হালাং বজাৰ প্ৰগতি আদৰ্শ জাতীয় বিদ্যালয় খনৰ শিক্ষক -শিক্ষকত্রীৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল।
বিদ্যালয়খনৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ১৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।


প্ৰথম স্থান লাভ কৰিছে,৭ গৰাকী পৰীক্ষাৰ্থী আৰু দ্বিতীয় স্থান লাভ কৰিছে, ১১ গৰাকী পৰীক্ষাৰ্থীয়ে।
বিদ্যালয়খনৰ ইক্রামূল আলি নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে ৯২,৭% DISTENTION লাভ কৰিবলৈ সক্ষম হৈছে।
মুঠৰ ওপৰত প্ৰশ্ন হয় যে এই গৰাকী মেধাৱী ছাত্ৰ ইক্রামূল আলিয়ে ভৱিষ্যতত যে ধুবুৰী জিলা খনত সুনাম কঢ়িয়াই আনিব,সেৱা নিশ্চিত।

তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসৰ দশম স্থান লাভ

আজি ৭ মে। ঘোষণা কৰা হ’ল অতি উৎসাহেৰে ভৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা-২২ৰ ফলাফল।ৰাজ্যখনৰ মুঠ ৪,৩১,১৩২ গৰাকী পৰিক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে মুঠ ২,২৯,১৩১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসে ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মাক সম্বৰ্ধনা

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী নিশা শৰ্মাক আজি বিদ্যালয় খনে সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান লাভ কৰি ৰাজ্য তথা বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

নিশা শৰ্মাক পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাই সম্বোধন কৰা অনুষ্ঠানত সহ শিক্ষয়ত্ৰী দেৱাহুতি শইকীয়া, সৰোজ কুমাৰী কাকতি, বৰষা দাস,ৰিংকী শইকীয়া , অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী দাস,মাকণ হালৈ, পুৰ্ণিমা তালুকদাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । উল্লেখযোগ্য নিশাই এই বিদ্যালয়খনৰ পৰাই ক খ অ আৰে শিক্ষা গ্ৰহণ কৰিছিল । সেইবাবে উত্তীৰ্ণ হোৱাৰ খবৰ পোৱাৰ পিছতেই বিদ্যালয় খনত উপস্থিতহৈ শিক্ষা গুৰু সকলৰ আশীৰ্বাদ গ্ৰহণ কৰে ।

পিতৃ অশ্বিনী শৰ্মা, মাতৃ গিতান্জলী শৰ্মাৰ কন্যা নিশা শৰ্মাক লৈ বহুত আশা বুলি মন্তব্য কৰি আগন্তুক দিনবোৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছে শৰ্মাই।

নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে ছয় প্ৰতিভাধৰে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ ৬ গৰাকীকৈ মেধাই সুনাম কঢ়িয়াই আনিছে ৷ নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিস্হান খ্ৰীষ্টজ্যোতি স্কুলৰ তিনি ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত অষ্টম স্হান লাভ কৰিছে ৷ স্হান লাভ কৰা ছাত্ৰী তিনি গৰাকীৰ নাম হৈছে উদেষ্ণা বৰদলৈ, ৰাজনন্দিনী বৈদ্য আৰু তেজাল আগৰৱাল ৷ আনহাতে জিলাখনৰ ধিঙ স্হিত খ্ৰীষ্ট জ্যোতি স্কুলৰ ছাত্ৰ দৃষ্টি নন্দ কাশ্যপে নবম স্হান আৰু উদিত দাসে দশম স্হান লাভ কৰিছে ৷ চেন্ট বনিফিছ স্কুলৰ পৰা হামাদুৰ ৰহমানে দশম স্হান লাভ কৰি নগাঁৱলৈ সু নাম কঢ়িয়াই আনিছে ৷তিনিটাকৈ স্হান লাভ কৰাত উচাহেৰে ভৰি পৰিছে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুল চৌহদ ৷ স্হান লাভ কৰা উদ্দেষ্ণা বৰদলৈয়ে কলে আশা নকৰাকৈ এই ফল লাভ কৰিছো ৷ সুখী ফলাফলক লৈ ৷ নৃত্য আৰু সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা উদেষ্ণাৰ পিতৃ ৰেল বিভাগৰ বিষয়া ভাস্কৰ বৰদলৈ আৰু শিক্ষয়ত্ৰী মাতৃ গাৰ্গী বৰুৱা ৷ মেধা ছাত্ৰী গৰাকীয়ে কলে পৰীক্ষাৰ বাবে পৰিকল্পনা কৰি পঢ়িছিলো ৷ এটা বিষয় সম্পূৰ্ণ নোহোৱাকৈ পঢ়াৰ পৰা উঠা নাছিলো ৷ভবিষ্যতে ভাৰতীয় প্ৰশাসনীক সেৱাৰ বিষয়া হোৱাৰ মন নগাঁও পানীগাঁৱৰ উদেষ্ণা বৰদলৈৰ ৷

অষ্টম স্হান প্ৰাপ্ত ৰাজনন্দিনী বৈদ্যয়ে কলে – যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলো ৷ মা দেউতাৰ বাবে পঢ়াৰ বাবে কোনো দিন হেচা পোৱা নাছিলো ৷ নগাঁৱৰ কছলুখোৱাৰ ৰাজনন্দিনীয়ে ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰখাৰ কথা ব্যক্ত কৰি কয় যে আশা নকৰাকৈ এনে ফল পোৱাতসুখী ৷ ডচন স্কুলৰ অধ্যক্ষ তপন কুমাৰ বৈদ্য আৰু শিক্ষয়ত্ৰী মাতৃ দেবজানী বৰাৰ কন্যা ৰাজনন্দিনী বৈদ্য এগৰাকী সত্ৰীয়া নৃত্য শিল্পী ৷ ছবি আকিভাল পোৱা ৰাজনন্দিনীয়ে শৰীৰ চৰ্চা কৰি ভাল পায় ৷