হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই। ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মহিলা গৰাকীয়ে দিলে এক যোগাত্মক বাৰ্তাশিক্ষা গ্ৰহণৰ কোনো বয়স নাই,নাই কোনো সীমা।মনত প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।এই কথাকে যেন প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এগৰাকী ৪৫ বছৰ বয়সৰ মহিলাই। ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পুণৰ যেন যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হল বিশ্বনাথৰ এইগৰাকী মহিলাই।সুদীৰ্ঘ ২২ বছৰৰ পিছত মহিলা গৰাকী নিজৰ শিক্ষা জীৱনৰ প্ৰতি আগ্ৰহী হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল এইগৰাকী ৪৫ বছৰ বয়সীয়া মহিলা বুলবুলি খাতুনে।ঘৰ বিশ্বনাথ ঘাটৰ গড়ভিতৰত। বিশ্বনাথৰ ফখৰুদ্দিন আলি আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰি আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া উচ্চ শিক্ষাৰ বাবে আগ্ৰহী এইগৰাকী মহিলা।অৱশ্যে পেছাত বিশ্বনাথ ঘাটৰ ২ নং ভোলাকটা অংগনবাদী কেন্দ্ৰত কৰ্মী হিচাপে নিয়োজিত বুলবুলি খাতুন।
নিজৰ সন্তানক উচ্চ শিক্ষিত কৰাৰ বাবে পিতৃ মাতৃ হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰি নিজৰ শিক্ষা জীৱনত আগুৱাই যোৱাৰ বাবে আজিৰ সমাজত এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে এই গৰাকী মহিলাই।
প্ৰথম স্থান লাভ কৰিছে,৭ গৰাকী পৰীক্ষাৰ্থী আৰু দ্বিতীয় স্থান লাভ কৰিছে, ১১ গৰাকী পৰীক্ষাৰ্থীয়ে। বিদ্যালয়খনৰ ইক্রামূল আলি নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে ৯২,৭% DISTENTION লাভ কৰিবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত প্ৰশ্ন হয় যে এই গৰাকী মেধাৱী ছাত্ৰ ইক্রামূল আলিয়ে ভৱিষ্যতত যে ধুবুৰী জিলা খনত সুনাম কঢ়িয়াই আনিব,সেৱা নিশ্চিত।